Class 10 Social Geography Part 2 Chapter 4 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত অসমৰ ভূগোল Class 10 Social Geography Part 2 Chapter 4 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Geography Part 2 Chapter 4 Solutions

অসমৰ ভূগোল Class 10 Social Geography Part 2 Chapter 4 Solutions

অসমৰ ভূগোল

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। অসমত গঢ়ি উঠা এটি কৃষি ভিত্তিক উদ্যোগৰ নাম লিখা।

উত্তৰঃ ৰেচম উদ্যোগ।

২। সেৱা খণ্ডৰ এটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ পর্যটন উদ্যোগ।

৩। অসমৰ কোন ঠাইত ছফ্টৱেৰ পাৰ্ক নিৰ্মাণ কৰা হৈছে?

উত্তৰঃ বৰঝাৰত।

৪। অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰ কোনখন?

উত্তৰঃ ধুবুৰী।

৫। জনসংখ্যাৰ ফালৰ পৰা কোনটো অসমৰ দ্বিতীয় জনজাতি হিচাপে পৰিগণিত হৈছে?

উত্তৰঃ মিচিং জনজাতি।

৬। চাহ জনজাতিৰ লোকসকল কোন গোষ্ঠীৰ লোক?

উত্তৰঃ অষ্ট্ৰিক গোষ্ঠীৰ।

৭। ৰেলৰ কোনটো মণ্ডল অসমৰ ৰেল পৰিবহণৰ দায়িত্বত আছে?

উত্তৰঃ উত্তৰ-পূৱ সীমান্ত বেল মণ্ডল।

৮। অসমলৈ আগমন ঘটা প্রথম জনগোষ্ঠীটোৰ নাম কি?

উত্তৰঃ অস্ট্রিক গোষ্ঠী।

৯। অসমৰ জল পৰিবহণ নিয়ন্ত্ৰণ কৰা সংস্থাটোৰ নাম কি?

উত্তৰঃ আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালকালয়।

১০। অসমৰ আন্তর্জাতিক বিমান বন্দৰখনৰ নাম কি?

উত্তৰঃ অসমৰ আন্তর্জাতিক বিমান বন্দৰখনৰ নাম “লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ”।

১১। ভাৰতৰ প্ৰথম তৈলক্ষেত্ৰখনৰ নাম কি?

উত্তৰঃ ডিগবৈ।

১২। জনসংখ্যাৰ ফালৰ পৰা কোনটো অসমৰ প্রথম বৃহৎ জনজাতি হিচাপে পৰিগণিত হৈছে?

উত্তৰঃবড়ো জনজাতি।

১৩। গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই পথটো কি? HSLC ’17

উত্তৰঃ ৪০ নং ৰাষ্ট্ৰীয় ঘাই পথ।

১৪। বৰ্তমান অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইটা? HSLC ’18

উত্তৰঃ ১০ টা।

১৫। অসম কিমানখন প্রশাসনিক জিলা আছে? HSLC ’14

উত্তৰঃ ৩৩ খন।

চমু প্রশ্নোত্তৰঃ

১। সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্রাকৃতিক সম্পদবোৰ কি কি?

উত্তৰঃ যিবোৰ বস্তু বা সামগ্ৰীৰ উপযোগিতা আছে অৰ্থাৎ মানুহৰ অভাৱ পূৰণ কৰিব পাৰে তাকে সম্পদ বোলে।
অসমৰ প্ৰধান সম্পদবোৰ চাৰি ভাগত ভাগ কৰিব পাৰি। যেনেঃ (ক) ভূমি সম্পদ (খ) খনিজ সম্পদ (গ) বনজ সম্পদ আৰু (ঘ) জল সম্পদ।

২। অসমৰ প্ৰধান তৈলক্ষেত্ৰবোৰ উল্লেখ কৰা।

উত্তৰঃ অসমৰ প্ৰধান তৈলক্ষেত্ৰবোৰ হ’ল: ডিগবৈ, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্রসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি।

৩। অসমৰ চাৰিটা খনিজ সম্পদৰ নাম লিখা। HSLC ’20

উত্তৰঃ অসমৰ চাৰিটা খনিজ সম্পদৰ নাম কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আৰু চুণ শিল।

৪। অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পার্বত্য জনজাতিৰ নাম উল্লেখ কৰা। HSLC ’20

উত্তৰঃ অসমৰ দুটা ভৈয়াম জনজাতি হ’ল বড়োসকল আৰু মৰাণসকল। আনহাতে অসমৰ দুটা পার্বত্য জনজাতি হ’ল কাৰ্বিসকল আৰু ডিমাচাসকল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখা। HSLC ’20

উত্তৰঃ অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণৰ তাৰতম্য আছে। যিবোৰ অঞ্চলৰ প্ৰাকৃতিক পৰিবেশ অনুকূল নহয় তেনে অঞ্চলবোৰত জনসংখ্যা সেৰেঙা। আনহাতে যিবোৰ অঞ্চলৰ প্রাকৃতিক পৰিবেশ অনুকূল আৰু যাতায়ত ব্যৱস্থা সুচল সেইবোৰ অঞ্চলত জনবসতি ঘন। অসমৰ মুঠ জনসংখ্যাৰ প্রায় ৮৫ শতাংশ লোক ব্রহ্মপুত্র উপত্যকাত বসবাস কৰে। ২০০১ চনৰ লোকপিয়ল মতে, ব্রহ্মপুত্র উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব আছিল প্রতিবৰ্গকিলোমিটাৰত ১২২০ জন আৰু ২০১১ চনত হয়গৈ ১৫০২ জন। বৰাক উপত্যকাতো সৰু-বৰ মালভূমি অঞ্চল, যাতায়তৰ সুবিধা, অর্থনৈতিক অৱস্থা আদিৰ বাবে জনবসতি ঘন। ২০১১ চনৰ তথ্যমতে, ইয়াৰ জনসংখ্যাৰ ঘনত্ব আছিল প্রতিবর্গকিলোমিটাৰত ৫৪৫ জন। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা-হাছাওজিলা দুখনৰ ভূ- প্রাকৃতিক অৱস্থা প্রতিকূল হোৱা বাবে ইয়াৰ জনসংখ্যা কম। এইদৰে ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণত তাৰতম্য দেখা যায়।

২। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণসমূহ উদাহৰণসহ চমুকৈ আলোচনা কৰা। HSLC ’18

উত্তৰঃ অসমৰ জনসংখ্যাৰ ভিন্নতাৰ কাৰণ কেইবাটাও, যেনেঃ

(ক) প্রাকৃতিক পৰিৱেশৰ ভিন্নতা: অসমৰ কোনো কোনো অঞ্চলৰ ভূমি সাৰুৱা, কোনো অঞ্চলৰ ভূমি কম সাৰুৱা। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্র আৰু বৰাক উপত্যকাৰ মাটি সাৰুৱা হোৱা বাবে উপত্যকা দুটাত জনসংখ্যাৰ ঘনত্ব অধিক। ইয়াৰ বিপৰীতে কাৰ্বি আংলং আৰু ডিমা-হাছাও পার্বত্য জিলা দুখনত যাতায়তৰ সুবিধাৰ অভাৱৰ লগতে সাৰুৱা মাটিৰ অভাৱৰ বাবে জনসংখ্যাৰ ঘনত্ব সেৰেঙা।

(খ) যাতায়ত ব্যৱস্থাৰ ভিন্নতা: অসমৰ যিবোৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা সুচল সেইবোৰ অঞ্চলত জনসখ্যাৰ ঘনত্ব অধিক। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্র উপত্যকাৰ নগাওঁ, বৰপেটা, গোৱালপাৰা আদি জিলাসমূহত জনবসতিৰ ঘনত্ব অধিক। কিন্তু পার্বত্য জিলা দুখনত যাতায়তৰ সুচল ব্যৱস্থা নথকাৰ কাৰণে জনবসতিৰ ঘনত্ব কম।

(গ) কৃষি: অসমৰ অঞ্চলত কৃষিভূমিৰ বাবে সাৰুৱা ভূমিৰ পৰিমাণ বেছি সেইবোৰ অঞ্চলৰ জনবসতিৰ ঘনত্ব অধিক। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্র উপত্যকা অঞ্চল। ২০১১ চনৰ লোক গণনা মতে, ব্রহ্মপুত্র উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব প্রতিবৰ্গকিলোমিটাৰত ১৫০২ জন।

(ঘ) নগৰৰ ওপৰত ভিত্তি কৰি নগৰবোৰত সাধাৰণতে গাওঁ অঞ্চলতকৈ যাতায়ত, শিক্ষা, বেপাৰ-বাণিজ্য আদিৰ ক্ষেত্ৰত অধিক সুবিধা থকা বাবে গাওঁ অঞ্চলতকৈ নগৰ অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব অধিক।

৩। অসমলৈ প্রাচীন কালৰ ৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা। HSLC ’18

উত্তৰঃ অসমলৈ প্রাচীন কালৰ পৰা বর্তমানলৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাধিক্রমে এনে ধৰণৰ অষ্টিক জনগোষ্ঠী, মংগোলীয় জনগোষ্ঠী, ককেছীয় জনগোষ্ঠী, আৰ্যমূলৰ ইছলাম ধর্মীয় লোক, আহোমসকল, চাহ জনজাতিৰ লোক আৰু বাংলাদেশৰ পৰা অহা লোক।

৪। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা। HSLC ’19

উত্তৰঃ অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ হ’ল:

(ক) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূ- খণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে বাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।

(খ) বাৰিষা কালত প্ৰচুৰ বৰষুণ হোৱা বাবে বাট-পথ সহজে নষ্ট হয়। ফলস্বৰূপে অসমৰ পৰিবহণ ব্যবস্থাই দুৰ্যোগৰ সন্মুখীন হৈ আছে।

(ক) পাহাৰ, মালভূমি, সমভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়ত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্রত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

(ঘ) ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত অসম এতিয়াও পিছপৰি আছে। ইয়াৰ প্ৰধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণ ব্যৱস্থা। ঔদ্যোগিক বিকাশ ত্বৰান্বিত হ’লে সমান্তৰালভাৱে অসমৰ পৰিবহণ ব্যৱস্থাও উন্নত হ’লহেঁতেন।

(ঙ) অসমত পর্যটন উদ্যোগৰ বিকাশৰ বাবে এতিয়াও যথোপযুক্ত ব্যবস্থা গ্রহণ কৰা হোৱা নাই। পর্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চিতভাৱে ৰাজ্যখনৰ পৰিবহণ ব্যবস্থাও উন্নত হ’ব।

৫। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা। HSLC ’20

উত্তৰঃ কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। অসমৰ অৰ্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে ইয়াৰ ৭৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। জৰীপৰ মতে, ২০১০-২০১১ বর্ষত ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। অর্থাৎ অসমৰ মুঠ ৮৮ শতাংশ মাটিত খেতি কৰা হৈছিল। অসমত প্ৰধানকৈ তিনিপ্ৰকাৰৰ খেতি কৰা হয়। সেইবোৰ হ’ল: শালিধান, আহুধান আৰু বড়ো ধান।। ধানৰ উপৰিও ঘেঁহু, গোমধানৰ লগতে নানা ধৰণৰ মাহ জাতীয় শস্যৰ খেতি কৰা হয়। অসমৰ ৰাজহৰ এক বৃহৎ পৰিমাণ কৃষি খণ্ডৰ পৰাই আহে।

৬। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা। HSLC ’18, ’22

নাইবা

অসমৰ ঔদ্যোকিৰণৰ সমস্যসমূহ আলোচনা কৰা। HSLC ’17

উত্তৰঃ অসম ঔদ্যোগিক ক্ষেত্রত পিছ পৰি থকাৰ কাৰণ কেইবাটাও, যেনে-

(ক) অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যবস্থা।

(খ) উদ্যোগিক বিকাশৰ বাবে পর্যাপ্ত মূলধনৰ অভাব।

(গ) উদ্যোগ স্থাপনৰ বাবে সৱল উদ্যোগ নীতিৰ অভাব।

(ঘ) সুসংহত পৰিকল্পনাৰ অভাৱ।

(ঙ) প্ৰচুৰ সম্ভাৱনা থকা সত্বেও কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ।

(চ) ঔদ্যোগিকৰণৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ।

৭। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা। HSLC ’18

উত্তৰঃ অসমৰ পৰ্যটন উদ্যোগৰ কেইবাটাও সমস্যা আছে, যেনে-

(ক) অসমৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে চৰকাৰে যথোপযুক্ত ব্যবস্থা গ্রহণ কৰা নাই।

(খ) বিদেশী পর্যটকসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ অসমত সর্বাধুনিক সুব্যৱস্থাৰ অভাব।

(গ) অসমত সন্ত্রাসবাদীয়ে মাজে মাজে আতংকৰ সৃষ্টি কৰাত বিদেশী পর্যটকসকল অসমলৈ আহিবলৈ ভয় পায়।

(ঘ) অসমৰ পৰিবহন ব্যৱস্থাও সিমান উন্নত নহয়। যাতায়ত ব্যৱস্থা উন্নত নোহোৱা বাবে পর্যটন উদ্যোগো অনুন্নত হৈয়ে আছে।

(ঙ) পর্যটন উদ্যোগ সম্বন্ধে অসমৰ জনসাধাৰণৰ বিস্তৃত জ্ঞানৰ অভাৱ।

৮। অসমত জল পৰিবহন ব্যৱস্থাৰ সুবিধাসমূহ উল্লেখ কৰা। HSLC ’19, ’23

উত্তৰঃঅসমত জল পৰিবহন ব্যৱস্থাৰ সুবিধাসমূহ হৈছে:

(ক) জল পৰিবহনত বায়ু প্ৰদূষণৰ সমস্যা নাই।

(খ) জলপথ নিৰ্মাণ খৰচ আৰু মেৰামতি খৰচ নাই।

(গ) বানপানীৰ সময়ত জলপৰিবহন ব্যৱস্থা অধিক সুবিধাজনক।

(ঘ) জল পৰিবহণ ব্যৱস্থাত ইন্ধনৰ খৰচ কম।

(ঙ) গধুৰ মাল-বস্তু পৰিবহনৰ বাবে জল পৰিবহন ব্যৱস্থা সহজ আৰু উপযোগী।

৯। অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকার্য সম্পর্কে চমুকৈ আলোচনা কৰা। HSLC ’16

উত্তৰঃ অসমৰ পাহাৰীয়া অঞ্চলত সাধাৰণতে ঝুম খেতি কৰা হয়। অসমৰ কাৰ্বি আংলং জিলা, ডিমা হাচাও জিলা, খাচী আৰু জয়ন্তীয়া পাহাৰৰ নামনি অঞ্চলত ঝুম খেতি কৰা হয়। সমীক্ষা মতে অসমৰ পাৰ্বত্য এলেকাসমূহত বছৰি প্রায় ৭০,০০০ হেক্টৰ অৰণ্য ভূমি ঝুম খেতিৰ কাৰণে মুকলি কৰা হয়। এনেদৰে মুকলি কৰা ভূমিত একেৰাহে কেইবা বছৰ খেতি কৰাৰ পিছত ভূমিৰ উৰ্বৰতা হ্রাস পালে সেই ভূমি এৰি আকৌ নতুনকৈ ভূমি মুকলি কৰি খেতি কৰিবলৈ লোৱা হয়। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি অসমৰ জনজাতীয় লোকসকলৰ এক পৰম্পৰা।
কাৰ্বি আংলং জিলাৰ মুঠ মাটিকালিৰ ৬৬ শতাংশ অঞ্চল পাহাৰে আবৃত হৈ থকাৰ লগতে ডিমা হাচাও জিলাৰ ৮৫ শতাংশ অঞ্চল পাহাৰে আবৃত হৈ আছে। এই অঞ্চলবোৰত ঝুম পদ্ধতিত ধান, বিভিন্ন শাক-পাচলি, কুঁহিয়াৰ, অনাৰাস আদিৰ খেতি কৰা হয়।
অৱশ্যে ঝুম খেতিৰ বাবে বন ধ্বংস, ভূমি ক্ষয় আদি পাৰিৱেশিক সমস্যাই দেখা দিছে।

১০। অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাৰ বিষয়ে চমুকৈ লিখা। HSLC ’16

উত্তৰঃ অসমখন হৈছে প্রাকৃতিক সৌন্দর্যত এক বিনন্দীয়া ৰাজ্য। ইয়াত পর্যটকসকলক আকর্ষণ কৰিব পৰাকৈ বহুতো প্রাকৃতিক বিনন্দীয়া স্থান থকাৰ উপৰিও কেইবাটাও ঐতিহাসিক স্থান, পবিত্র ধাম, আপুৰুগীয়া প্রাণী, গছ-গছনি, সেউজ বনভূমি আদি আছে। সেয়ে অসমত পর্যটন উদ্যোগৰ সম্ভাৱনা প্ৰচুৰ আৰু ইয়াক বাণিজ্যিকীকৰণৰ থল আছে। অসমৰ চৰাইদেউ মৈদাম, শিৱসাগৰ জিলাৰ ৰংপৰত আহোম ৰজাসকলৰ কীৰ্তি চিহ্ন আছে। দেশী-বিদেশী পর্যটকসকলে এইবোৰ দৰ্শন কৰি নয়ন মন সার্থক কৰিব পাৰে। ইয়াৰ উপৰিও অসমৰ হাজো, কামাখ্যা, চৰাগুৰি চাপৰি, বৰপেটা সত্র, মাজুলী, বৈশিষ্টধাম, তাৰেকেশ্বৰ মন্দিৰ, নৱগ্রহ আদি দর্শনীয় ধর্মীয় স্থান আছে। অসমত পর্যটক উদ্যোগক প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ইয়াক বাণিজ্যিকীকৰণ কৰিব পৰা নাই। ইয়াৰ কাৰণ-

(ক) অসমৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰা নাই।

(খ) বিদেশী পর্যটকসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ অসমত সর্বাধুনিক সুব্যৱস্থাৰ অভাৱ।

(গ) অসমত সন্ত্রাসবাদীয়ে মাজে মাজে আতংকৰ সৃষ্টি কৰাত বিদেশী পর্যটকসকল অসমলৈ আহিবলৈ ভয় পায়।

(ঘ) অসমৰ পৰিবহন ব্যবস্থাও সিমান উন্নত নহয়। যাতায়ত ব্যবস্থা উন্নত নোহোৱা বাবে পর্যটন উদ্যোগো অনুন্নত হৈয়ে আছে।

(ঙ) পর্যটন উদ্যোগ সম্বন্ধে অসমৰ জনসাধাৰণৰ বিস্তৃত জ্ঞানৰ অভাৱ।

১১। অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ লিখা। HSLC ’17

উত্তৰঃ অসম তেল সম্পদত চহকী। অসমৰ প্রধান খনিজ সম্পদবোৰ হৈছে: খনিজ তেল, কয়লা, প্রাকৃতিক গেছ আৰু চুণ শিল।
অসমৰ ডিগবৈ, নুমলীগড়, বঙাইগাওঁ আৰু বিহাৰৰ বাৰাউনিত আদিত তেলশোধনাগাৰ আছে। অসমৰ পাহাৰবোৰত বিশেষকৈ আর্বি-আংলং জিলাত থকা পাহাৰবোৰৰ পৰা চুণ শিল সংগ্ৰহ কৰা হয়। সেইদৰে উজনি অসমৰ লগতে মেঘালয়ৰ পাহাৰবোৰত কয়লা আৰু প্রাকৃতিক গেছ পোৱা যায়। অসমত তেল উৎপাদনৰ আৰম্ভ হয১৮৮৯ চনত ডিগবৈত। ই ভাৰতৰ প্ৰথম তৈল ক্ষেত্র। ডিগবৈৰ পিছত অসমৰ নুনমাটিত তেল উৎপাদন কৰিবলৈ লোৱা হয়। ইয়াৰ উপৰিও অসমৰ ৰুদ্ৰ সাগৰ, লাকুৱা, গেলেকী, বৰহোলা আৰু আমগুৰিত তৈল ক্ষেত্র আছে।

১২। অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। HSLC ’17

উত্তৰঃ কৃষি ক্ষেত্ৰত অসম চহকী ৰাজ্য। ইয়াৰ প্রধান কৃষি ভিত্তিক উদ্যোগসমূহ হ’ল- মীন উদ্যোগ, কাগজ উদ্যোগ, পশুপালন উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, চাহ উদ্যোগ আদি। অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উদ্যোগটো হৈছে চাহ উদ্যোগ। ইংৰাজসকলে অসমত চাহ উদ্যোগৰ পাতনি মেলে। বর্তমান অসমত মুঠ ৭৬৫ খন ডাঙৰ চাহ বাগিছা আৰু ৭৮, ০৯১ খন ক্ষুদ্র চাহ বাগিছা আছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈ অধিক লোক নিয়োজিত হৈ আছে। ভাৰতত উৎপাদন হোৱা চাহৰ ৫১ শতাংশ অসমত উৎপাদন হয়। চাহ উদ্যোগৰ পৰা চৰকাৰে বছৰি যথেষ্ট ৰাজহ লাভ কৰে।

১৩। অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ মূল কাৰণবোৰ বৰ্ণনা কৰা। HSLC ’19

উত্তৰঃ অসম প্রাকৃতিক সম্পদত চহকী ৰাজ্য। কিন্তু যথাযথ সংৰক্ষণ আৰু ব্যৱহাৰৰ অভাৱত ই দ্রুগ গতিত অৱক্ষয় হৈ আছে। ইয়াৰ প্ৰধান কাৰণবোৰ হ’ল-

(ক) ভূমি ক্ষয়ঃ অসমত প্রতি বছৰ বিধ্বংসী বানপানী হয়। বানপানীত হাবি-বননিৰ বহু ক্ষতি হোৱাৰ লগতে ভূমি ক্ষয় হয়।

(খ) গৃহ নির্মাণ: অসমৰ পাহাৰ-পৰ্বত কাটি বাস গৃহ স্থাপন কৰাৰ লগতে কিছুমানে যধেমধে পাহাৰৰ মাটি কাটি নিয়াৰ ফলত পাহাৰৰ পৰিমাণ হ্রাস পাই প্রাকৃতিক সম্পদ বিনষ্ট হৈ আছে।

(গ) খনিজ সম্পদ খনন: অসমৰ পাহাৰবোৰত থকা কয়লা, চুণশিল, প্রাকৃতিক গেছ আদি খনন কৰি থকাৰ ফলত ইয়াৰ ভাণ্ডাৰ ক্ষয় হৈ আছে।

(ঘ) জনসংখ্যা বৃদ্ধি: অশিক্ষা, কুসংস্কাৰ, প্ৰব্ৰজন আদিৰ বাবে অসমৰ জনসংখ্যা দিনে দিনে বৃদ্ধি পাই আছে। বর্ধিত জনসংখ্যাৰ প্রয়োজনীয় চাহিদা পূৰণ কৰাৰ বাবে প্রতি বছৰ বহু বৰ্গ হেক্টৰ হাবি-বননি ধ্বংস কৰি খেতি কৰিবলৈ লোৱা হৈছে। ফলত হাবি-বননিৰ পৰিমাণ ক্রমান্বয়ে হ্রাস পাই আছে।

(ঙ) ভূমিৰ সাৰুৱা গুণ হ্রাস: অসমৰ জনসংখ্যা অনুপাতে খাদ্য উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। ফলত ভূমিৰ স্বাভাৱিক সাৰুৱা গুণ হ্রাস পাই আছে। এনেদৰে অসমৰ প্ৰাকৃতিক সম্পদ অৱক্ষয় হৈ আছে।

১৪। অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগসমূহৰ চমু বর্ণনা দিয়া। HSLC ’19, 20

উত্তৰঃ অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগসমূহ হ’ল- মীন উদ্যোগ, কাগজ উদ্যোগ, পশুপালন উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্রস্তুতকৰণ উদ্যোগ, চাহ উদ্যোগ আদি।

(ক) চাহ উদ্যোগ: বর্তমান অসমত মুঠ ৭৬৫ খন ডাঙৰ চাহ বাগিছা আৰু ৭৮, ০৯১ খন ক্ষুদ্র চাহ বাগিছা আছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈ অধিক লোক নিয়োজিত হৈ আছে। ভাৰতত উৎপাদন হোৱা চাহৰ ৫১ শতাংশ অসমত উৎপাদন হয়। চাহ উদ্যোগৰ পৰা চৰকাৰে বছৰি বিশাল পৰিমাণৰ ৰাজহ লাভ কৰে।

(খ) ৰেচম উদ্যোগঃ অসমত পৰম্পৰাগতভাবে তিনি প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয়, যেনেঃ এৰি, মুগা আৰু নুনী পাট। ভাৰতত উৎপাদন হোৱা এৰি সূতাৰ ৬৫ শতাংশ অসমত উৎপাদন হয়। বৰ্তমান অসমৰ ১৩ লাখতকৈ অধিক লোক প্রত্যক্ষ আৰু পৰোক্ষভাৱে ৰেচম উদ্যোগৰ লগত জড়িত।

(গ) ৰবৰ উদ্যোগঃ অসমৰ প্ৰায় ২ লাখ হেক্টৰ ভূমিত ৰবৰ খেতি কৰা হয়। অসমৰ বুঢ়া পাহাৰ, বৰগাওঁ, ৰঙাগৰা, দলামৰা, বৈথালাংছু, হেনেংঘেৰি, কহৰা আদি ঠাইত ৰবৰ বাগিছা গঢ়ি উঠিছে।

(ঘ) কাগজ উদ্যোগ: অসমত কাগজ উদ্যোগৰ বাবে কেঁচা মাল থকা সত্বেও ই কাগজ উদ্যোগত পিছপৰা। অসমৰ নগাওঁ জিলাত কাগজ উদ্যোগ আছে। ঘোগীঘোপাত কাগজ কল এটি আছিল যদিও বর্তমান ই বন্ধ হৈ আছে।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্ন: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ পুৰুষৰ সংখ্যা কিমান?

(ক) ১৫০.৩৯ লাখ
(খ) ১৫৮.৩৯ লাখ
(গ) ১৫৯.৩৯ লাখ (ঘ) ১৫৯.৪০ লাখ
উত্তৰঃ (গ)

প্রশ্নঃ জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো কি?

(ক) কছাৰী
(খ) দেউৰী
(গ) বড়ো
(ঘ) সোণোৱাল কছাৰী
উত্তৰঃ (গ)

প্রশ্নঃ অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা?

(ক) ৫ টা
(গ) ২টা
উত্তৰঃ (গ)
(খ) ৩ টা
(ঘ) ৪ টা

প্রশ্ন: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাৱৰ জনসংখ্যা কিমান শতাংশ।

(ক) ৮৫.৯০%
(খ) ৮৭.১০%
(গ) ৭২.১৯%
(ঘ) ৯০.৯০%
উত্তৰঃ (ক)

প্রশ্নঃ অসমত (২০১১) অনুসূচিত জনজাতিৰ জনসংখ্যা কিমান?

(ক) ১২.৪১
(খ) ৭.৪০
(গ) ১২.৪২
(ঘ) ১২.৪৫
উত্তৰঃ (ঘ)

প্রশ্নঃ ২০১১ চনৰ তথ্য মতে কামৰূপ (মেট্রো) জনসংখ্যাৰ ঘনত্ব কিমান?

(ক) ২০২০ জন
(খ) ২০১০ জন
(গ) ২০১১ জন
(ঘ) ২০২১ জন
উত্তৰঃ (খ)

প্রশ্ন: অসমৰ আটাইতকৈ সেৰেঙা জনবসতিৰ জিলাখন কি?

(ক) দৰং জিলা
(খ) বৰপেটা
(গ) ডিমা হাছাও
(ঘ) নগাঁও
উত্তৰঃ (গ)

প্রশ্নঃ অসমৰ এবিধ খনিজ সম্পদৰ নাম উল্লেখ কৰা?

(ক) কয়লা
(খ) শিল
(ঘ) এটাও নহয়
(গ) বালি
উত্তৰঃ (ক)

প্রশ্ন: অসমৰ জলবায়ু কোন প্ৰকাৰৰ জলবায়ুৰ অন্তর্গত?

(ক) মৌচুমী জলবায়ুৰ অন্তৰ্গত
(খ) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত
(গ) নাতি-শীতোষ্ণ জলবায়ুৰ অন্তৰ্গত
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)

প্রশ্ন: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?

(ক) ৩ কোটি ১০ লাখ
(খ) ৩ কোটি ১২ লাখ
(গ) ৩ কোটি ১১ লাখ
(ঘ) ২ কোটি ১৩ লাখ
উত্তৰঃ (খ)

প্রশ্ন: অসমৰ জনজাতিসকল মূলতঃ তলৰ কোণ প্রজাতিৰ লোক?

(ক) মংগোলীয়
(খ) অষ্টিক
(গ) আহোম
(ঘ) ওপৰৰ নহয়
উত্তৰঃ (ক)

প্রশ্ন: কোন ধর্মালম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি?

(ক) খ্রীষ্টান
(খ) হিন্দু
(গ) ইছলাম
(ঘ) বৌদ্ধ
উত্তৰঃ (খ)

প্রশ্ন: নাথ-যোগী জাতিৰ লোকসকল কোণ জন-গোষ্ঠীৰ অন্তৰ্গত?

(ক) মংগোলীয়
(খ) অস্ট্রিক
(গ) ককেছীয়
(ঘ) তিবতীয় বর্মন
উত্তৰঃ (গ)

প্রশ্ন: ২০১১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ কিমান?

(ক) ৭২.১৬
(খ) ৭২.১৭
(গ) ৭২.১৯
(ঘ) ৭২.২১
উত্তৰঃ (গ)

প্রশ্ন: অসমৰ বৰ্ত্তমান জিলা কেইখন?

(ক) ২৬
(খ) ২৭
(গ) ৩০
(ঘ) ৩৫
উত্তৰঃ (ঘ)

প্রশ্ন: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?

(ক) ৩ কোটি ১০ লাখ
(খ) ৩ কোটি ১২ লাখ
(গ) ৩ কোটি ১১ লাখ
(ঘ) ২ কোটি ১৩ লাখ
উত্তৰঃ (খ)

প্রশ্ন: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ পুৰুষৰ সংখ্যা কিমান?

(ক) ১৫০.৩৯ লাখ
(খ) ১৫৮.৩৯ লাখ
(গ) ১৫৯.৩৯ লাখ
(ঘ) ১৫৯.৪০ লাখ
উত্তৰঃ (গ)

প্রশ্ন: বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল-

(ক) ১০ খন
(খ) ৭ খন
(গ) ২০ খন
(ঘ) ৬ খন
উত্তৰঃ (খ)

প্রশ্ন: ভাৰতবৰ্ষৰ কিমান শতাংশ লোক অসমত আছে?

(ক) ২.৫ শতাংশ
(খ) ২.৭ শতাংশ
(গ) ২.৬ শতাংশ
(ঘ) ২.২ শতাংশ
উত্তৰঃ (খ)

Leave a Comment

" target="_blank" rel="nofollow">