Join WhatsApp

Join Now

Join Telegram

Join Now

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Chapter 8 Solutions ২০২৫

By নাজমিনা বেগম

Updated On:

হ্যালো বন্ধু বান্ধবী সকল আপোনালোক কেনে আছে? আশা কৰো ভালেই আছে। Amaraxom.com website ত আপোনালৈ স্বাগত। আপুনি যদি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Chapter 8 Solutions প্রশ্নোত্তৰ ইন্টারনেটত বিচাৰি আছে তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Chapter 8 Solutions ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Chapter 8 Solutions

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Chapter 8 Solutions

ইয়াতে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠ্যপুথিৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ আদি আলোচনা কৰিলো। আশা কৰো ইয়াৰ পৰা সমাধান পাব।

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

গদ্যাংশ

অসমৰ জন-গোষ্টীৰ গাঁথনি আৰু সংস্কৃতি

আব্দুছ ছাত্তাৰ

চমু

প্রশ্নোত্তৰ

👉 Read Also:

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া হল:

(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? HSLC ’15
-আব্দুছ ছাত্তাৰ

উত্তৰঃ ত্রয়োদশ শতিকাত অসমলৈ হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় গোষ্ঠী।

(খ) প্রাচীন কালৰ পৰা অসমদেশ কিহৰ বাবে প্রসিদ্ধ আছিল? HSLC ’18

উত্তৰঃ প্রাচীন কালৰ পৰা অসম যাদু বিদ্যা আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

(গ) কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিল? HSLC ’15

উত্তৰঃ ইংৰাজ ৰাজত্বৰ সময়ত অসমলৈ ৰেলগাড়ী আহিছিল।

(ঘ) বৌদ্ধধৰ্মৰ মূলমন্ত্র কি? HSLC ’16

উত্তৰঃ ‘অহিংসা পৰম ধর্ম’-বৌদ্ধধৰ্মৰ মূলমন্ত্র।

(ঙ) আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল ?HSLC ’20

উত্তৰঃ আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ সম্পাদক পদত অধিষ্ঠিত হৈছিল।

(চ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰঃ বিভিন্ন ভাষা-ভাষী আৰু জাতি-জনজাতিৰ মাজত ঘটা ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটূকটীয়া কৰিলে।

(ছ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ অসমীয়া ভাষা হৈছে সকলোকে বান্ধি থোৱা এনাজৰী।

(জ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰঃ অসমৰ মংগোলীয় গোষ্ঠীৰ লোকবিলাক হৈছে ডিমাছা, দেউৰী, মিচিং, তিৱা, কাৰ্বি, কছাৰী, চুটিয়া, কোচ, মেচ, আদি।

(ঝ) অসমীয়া জনগোষ্ঠীৰ ধাৰা বুলিলে কোনসকলক বুজায়? HSLC ’19

উত্তৰঃ অসমীয়া জনগোষ্ঠীৰ ধাৰা বুলিলে অসমৰ প্ৰাচীন জনজাতি গোষ্ঠী যেনে- ডিমাছা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, কছাৰী, কোচ, মেছ, আদিক বুজায়।

(ঞ) কিমান চনৰ পৰা কিমান চনলৈ অসমত বালী ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমত বঙালী ভাষা চলিছিল।

(ট) চাহ-উদ্দ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ পৰা অসমলৈ আহিছিল? HSLC ’15

উত্তৰঃ অসমৰ চাহ-উদ্দ্যোগৰ কৰ্মীসকল হ’ল-মুণ্ডা, তেলো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ, চাওঁতাল, কুর্মি, মোঁছহৰ, আদি বিভিন্ন জাতিৰ লোক। সিহঁত ভাৰতৰ বিভিন্ন অঞ্চল যেনে- বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

(ঠ) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? HSLC ’14, 16

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে- আই নাম, বিয়া নাম, বন গীত, বিহু গীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য, নিচুকনি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, ডাকৰ বচন আদি।

(ড) ‘সংমিশ্রণত অসমীয়া সংস্কৃতি’ নামৰ পুথিখনৰ লিখক কোন? HSLC ’23

উত্তৰঃ ‘সংমিশ্রণত অসমীয়া সংস্কৃতি’ নামৰ পুথিকনৰ লিখক হ’ল আব্দুছ ছাত্তাৰ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ‘অসমৰ বৈচিত্রপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে-কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ বৰ্ণনা কৰা। HSLC ’17

উত্তৰঃ অসম হৈছে এক মিলন ভূমি, য’ত সময়ৰ পৰ্যায়ত বিভিন্ন জাতি-গোষ্ঠীৰ মানুহ আহি থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ, কিছুমানে যুদ্ধবন্ধী হিচাপে, আন কিছুমানে ব্যৱসায়িক কাৰ্যসাধনৰ বাবে আহিছিল। এই সময়ত কছাৰী, চুটিয়া, কোচ, বড়ো আদি সহজ-সৰল জনজাতিয়ে সকলোকে আদৰি লৈছিল। একে ভৌগোলিক পৰিসৰত থকা বাবে এক সম্প্রদায়ে আনটো সম্প্ৰদায়ৰ প্ৰভাৱ গ্ৰহণ কৰি েসকলোৱে অসমক নিজৰ দেশ বুলি গ্রহণ কৰিলে আৰু অসমীয়া ভাষাকে নিজৰ ভাষা ৰূপে ব্যৱহাৰ কৰিলে। এনেদৰে এক বৃহত্বৰ অসমীয়া জাতি গঠিত হ’ল।

২। ‘বিশেষ এটা উদ্দ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল’-ইয়াত কি উদ্দ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহ’ৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠটিৰ আলমত বিচাৰ কৰা।

নাইবা

অসমৰ চাহ বনুৱাসকল ভাৰতৰ কোন কোন প্ৰদেশৰ পৰা অহা বুলি ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ পাঠটিত উল্লেখ কৰা হৈছে? HSLC ’15, ’24

নাইবা

“বৃটিছ আহিল- চাহ উদ্যোগ প্রতিষ্ঠা হ’ল” লেখকে চাহ উদ্যোগ প্ৰতিষ্ঠাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য কৰিল? HSLC ’15

উত্তৰঃ ইংৰাজৰ আগমনৰ লগে লগে অসমত চাহ উদ্যোগ আৰম্ভ হয়। এই উদ্যোগৰ বাবে চৰকাৰে বিহাৰ, উৰিষ্যা, মধ্য প্রদেশ আদি স্থানৰ পৰা বনুৱা আমদানি কৰিছিল। এই বনুৱাসকল আছিল সাঁওতাল, কুর্মি, মুণ্ডা, ভূমিজ আদি। এইসকল লোকে অসমীয়া ভাষা, থলুৱা আচাৰ, সাজ-পাৰ ইত্যাদি গ্রহণ কৰি অসমীয়া সমাজৰ অংশ হৈছিল। কিন্তু, বিশেষ উদ্যোগিক আৱাসৰ মাজত বাস কৰাৰ ফলত তেওঁলোকে থলুৱা সংস্কৃতিৰ পৰা আংশিকভাৱে আঁতৰি পৰিল। সেইসকলৰ বাবে শিক্ষাৰ সুব্যৱস্থা নথকাৰ ফলত তেওঁলোকে অনগ্ৰসৰ হৈ থাকিল।

৩। ‘এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।’-ইয়াত লিখকে কাৰ কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই’- বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা। HSLC ’19, 20

উত্তৰঃ লেখকে ‘এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি’ বুলি অসমীয়া জাতিক বুজাইছে।
অসমীয়া জাতি বিভিন্ন সময়ত অহা বিভিন্ন জনগোষ্ঠীৰ সংমিশ্রণে গঠিত। ত্রয়োদশ শতিকাৰ পৰা অসমলৈ আহোম, মুছলমান, কোচ, বড়ো আদি বিভিন্ন সম্প্রদায় আহি থিতাপি ল’লে। একে পৰিৱেশত বাস কৰি এক সম্প্রদায়ে আনৰ ধাৰণা গ্রহণ কৰিলে। আনকি বাহিৰৰ পৰা অহা লোকেও অসমীয়া ভাষা, ৰীতি-নীতি গ্রহণ কৰিলে। সকলো মিলি বৃহৎ অসমীয়া জাতি গঠন হ’ল। ভাষা, ৰন্ধন প্ৰকৰণ, সাজ-পাৰ আদিৰ ক্ষেত্ৰত আদান-প্রদানৰ ফলত অসমীয়া সংস্কৃতি এক সমৃদ্ধ ৰূপ লাভ কৰিলে।
সেয়ে অসমীয়া জাতি যে এটা সংমিশ্রিত জাতি সেই কথা নুই কৰাৰ কোনো যুক্তি-তর্কৰ কোনো অৱকাশ নাই।

৪ । ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল? HSLC ’15

উত্তৰঃ অসমৰ বিভিন্ন জাতি, উপজাতি আৰু জনজাতিয়ে সময়ৰ প্ৰবাহত নিজৰ সংস্কৃতি থলুৱা সংস্কৃতিৰ লগত মিহলি কৰিলে। কছাৰী, কোচ, মিৰি, মেচ আদি বিভিন্ন জাতি আহি অসমীয়া সংস্কৃতিত একত্রিত হ’ল। মংগোলীয়সকলে নিজৰ ভাষা আৰু আচাৰ-ব্যৱহাৰ ত্যাগ কৰি স্থানীয় প্রভাৱ গ্ৰহণ কৰিলে। ইয়াৰ ফলত খোৱা- বস্তু, পৰিধান, সাজ-পাৰ ইত্যাদিত পৰিবৰ্তন দেখা দিলে। ভাষা আৰু ৰীতিত আদান-প্রদানৰ মাজেৰে সংস্কৃতিৰ ৰূপান্তৰ ঘটা আৰম্ভ হ’ল।

৫। তাৎপর্য ব্যাখ্যা কৰা:

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। HSLC ’14

নাইবা

ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।” ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰা। HSLC ’12

উত্তৰঃ অসম এক সংমিশ্রিত জাতি, য’ত বিভিন্ন জনগোষ্ঠী অহাৰ পাছত অসমীয়া ভাষা সকলোৰে সংযোগৰ মাধ্যম হৈছিল। মংগোলীয়সকলৰ লগতে আন জাতিয়ে স্থানীয় ভাষা-ধৰ্মক গ্রহণ কৰি অসমীয়াৰ অংশ হ’ল। অসমীয়াই মেঘালয়, অৰুণাচল আদি অঞ্চলৰ ভাষাও প্ৰভাৱিত কৰিছিল। ইয়াৰ ফলত অসমীয়া ভাষা বিভিন্ন জাতিৰ মাজত সংযোগ স্থাপন কৰাৰ এক অমূল্য সম্পদ হিচাপে পৰিগণিত হ’ল।

(খ) এই গোটেইবোৰ হ’ল স্বপ্রণোদিতভাবে হোৱা প্রক্রিয়া। HSLC.’20

উত্তৰঃ স্বপ্রণোদিত প্রক্রিয়া বুলিলে অসমত ইংৰাজৰ আগমনৰ পাছত হোৱা কিছুমান পৰিৱৰ্তনক বুজোৱা হৈছে। ইংৰাজৰ আগমনৰ লগে লগে ৰেলগাড়ী, চাহ উদ্যোগ, যোগাযোগ ব্যৱস্থা আদিৰ উন্নতি হৈছিল। মানুহৰ সাজ- সজ্জা, খাদ্যাভ্যাস আৰু চহাৰ সমাজে আধুনিক ৰূপ লাভ কৰিছিল। বঙালীৰ ৰসগোল্লা, কেক-বিস্কুটৰ প্ৰচলন হয় আৰু লগে লগে মানুহৰ জীৱনধাৰা সলনি হ’ল। এই সকলো পৰিৱৰ্তন নিজে নিজে হোৱা এক প্রক্রিয়া আছিল।

(গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰঃ ‘এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা’ এই বাক্যখিনি লেখকে বৃহৎ অসমীয়া জাতিৰ সমন্বয়ৰ বিষয়ে আলোচনা কৰোঁতে উল্লেখ কৰিছে।
অসমলৈ বিভিন্ন সময়ত বিভিন্ন জাতি আৰু গোত্ৰৰ মানুহৰ আগমন ঘটিছিল। সিহঁতে অসমখনক নিজৰ দেশ হিচাপে গ্রহণ কৰিলে আৰু নিজৰ মূল দেশৰ লগত সম্পৰ্ক ত্যাগ কৰিলে। সময়ৰ লগে লগে, সিহঁতে অসমৰ ভাষা আৰু সংস্কৃতিৰো গ্ৰহণ কৰিলে। ই এক ব্যৱস্থা আছিল য’ত এটা জাতিয়ে আন এটা জাতিৰ সংস্কৃতিৰ ভাল দিশবোৰ গ্রহণ কৰিছিল। আচাৰ-ব্যৱহাৰ, খোৱা-পিন্ধা আৰু জীৱনৰ আন দিশবোৰতো এই মিলনধাৰা স্পষ্ট দেখা গৈছিল। এই সমন্বয় স্বাভাবিকভাবে হৈছিল। কোনোৱে কাকো জোৰ কৰি গ্ৰহণ কৰিবলৈ বাধ্য কৰা নাছিল। দৰাচলতে ই আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ এক স্বতঃস্ফূর্ত প্রক্রিয়া।

৬। ডাকৰ বিষয়ে এটি টোকা লিখা। HSLC ’17

উত্তৰঃ ডাক কিংবদন্তীৰ ব্যক্তিত্ব হিচাপে পৰিচিত। তেওঁৰ পিতৃ আছিল বৰাহমিহিৰ ব্ৰাহ্মণ আৰু মাতৃ আছিল কুমাৰ কুলৰ এজনী নাৰী। তেওঁ বৰপেটাৰ ওচৰৰ লেহিডৰাৰ গাঁওত জন্ম গ্রহণ কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ আধাৰত তেওঁ বহু পটন্তৰ বা ফকৰাৰ সৃষ্টি কৰিছিল, যাক ‘ডাকৰ বচন’ নামেৰে জনা যায়।
অসমৰ সামাজিক জীৱনত এই বচনবোৰৰ এক গভীৰ গুৰুত্ব আছে। এই বচনবোৰ ব্যৱহাৰিক জীৱনৰ উপদেশমূলক বাণীৰে ভৰা। সিহঁতৰ অধিকাংশই কৃষি বিষয়ক, য’ত কৃষি প্রধান দেশৰ মানুহে নিজৰ অভিজ্ঞতা যুগ যুগ ধৰি সংৰক্ষণ কৰিছে। মুখে মুখে পৰম্পৰাগতভাৱে পৰিবাহিত হোৱা এই বচনবোৰ পিছত লিখিত ৰূপত সংৰক্ষিত হয়।

👉 Read Also:

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

×