Join WhatsApp

Join Now

Join Telegram

Join Now

সামাজিক ন্যায় Class 11 Political Science Chapter 14 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘সামাজিক ন্যায়‘ পাঠটিৰ Class 11 Political Science Chapter 14 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

সামাজিক ন্যায় Class 11 Political Science Chapter 14 Solutions

সামাজিক ন্যায় Class 11 Political Science Chapter 14 Solutions

👉 Read Also:

সামাজিক ন্যায়

শাখা-খ অধ্যায়-৪

ক. অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। বিতৰণমূলক ন্যায়ৰ ধাৰণাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ এৰিষ্ট ‘টলে।

২। ‘অজ্ঞানতাৰ ধাৰণা’টো কোনে আগবঢ়াইছিল?

উত্তৰঃ জন ৰাউলচে।

৩। ‘সকলো মানুহেই মর্যদাপ্রাপ্ত’- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ইমানুবেল কান্ট।

৪। ন্যায়ৰ ধাৰণা আগবঢ়োৱা প্লেটোৰ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ‘ৰিপাব্লিক’।

৫। এখন ৰাষ্ট্ৰত ন্যায় প্রতিষ্ঠাৰ বাবে কিহৰ প্ৰয়োজন?

উত্তৰঃ স্বাধীন ন্যায়পালিকাৰ।

৬। ন্যায় এটা । (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ সামাজিক ধাৰণা।

৭। ঠাইপূৰণ কৰা) ৰাজনৈতিক ন্যায় নিশ্চিত কৰা হয়। (খালী

উত্তৰঃ সংবিধানৰ দ্বাৰা।

৮। কেনেকুৱা শাসন ব্যৱস্থাত ন্যায় পোৱাৰ সম্ভাৱনা অধিক?

উত্তৰঃ গণতান্ত্রিক শাসন ব্যৱস্থাত।

৯। জন ৰাউলচৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ A Theory of Justice |

১০। প্লেটোৰ মতে ‘ন্যায়’ কি?

উত্তৰঃ প্লেটোৰ মতে আনৰ কামৰ ওপৰত হস্তক্ষেপ নকৰাকৈ নিজৰ কাম আৰু দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰাকে ‘ন্যায়’ বোলে।

চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)

১। সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) সামাজিক ন্যায়ত জাতি, ধর্ম, বর্ণ, লিংগ, ভাষা নির্বিশেষে সকলোরে সম অধিকাৰ ভোগ কৰে।

(খ) সামাজিক ন্যায়ত উচ্চ-নীচ, ধনী-দুখীয়া আদিৰ ভেদ-ভাৱ নাথাকে।

২। বৈধিক ন্যায় কি?

উত্তৰঃ প্রচলিত বিধি-বিধানৰ জৰিয়তে জনসাধৰণৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদ মীমাংসা কৰি দোষীক উপযুক্ত শাস্তি বিধান কৰা ব্যবস্থাকে ‘বৈধিক ন্যায়’ বোলে।

৩। এৰিষ্টটলৰ মতে ন্যায় কি?

উত্তৰঃ এৰিষ্ট’টলৰ মতে, ‘ব্যক্তিৰ অৰ্হতা আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা বৰঙণি অনুসৰি পদবী আৰু স্থান বিতৰণ কৰাই হৈছে ন্যায়।’

👉 Read Also:

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। সামাজিক ন্যায় কি? সামাজিক ন্যায়ৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ সমাজত বসবাস কৰা সকলো লোককে সমান সুযোগ-সুবিধা আৰু সমানে গুৰুত্ব দিয়াটোকে ‘সামাজিক ন্যায়’ বুলি কোৱা হয়। সামাজিক ন্যায়ত জাতি-ধর্ম, বর্ণ, ভাষা, উচ্চ-নীচ আদিৰ মাজত কোনো ভেদ-ভাৱ নাৰাখি সকলোকে সমান চকুৰে চোৱা হয়। সামাজিক ন্যায়ৰ যথেষ্ট গুৰুত্ব আছে। সমাজত শান্তি, ঐক্য, সংহতি, ভাতৃত্ববোধ আদি বজাই ৰাখিবলৈ হ’লে জাতি-বর্ণ নির্বিশেষে সকলোৰে মাজত সামাজিক ন্যায় প্রদান কৰা উচিত। কাৰণ কল্যাণকামী ৰাষ্ট্ৰ সামাজিক ন্যায়ৰ ভিত্তিতহে গঢ়ি উঠে। সামাজিক ন্যায় নাথাকিলে সমাজত অশান্তি, বিশৃঙ্খলা বাঢ়ি যাব ফলত ৰাষ্ট্ৰ এখনৰ উন্নয়নত ব্যাঘাত জন্মিব। সামাজিক ন্যায় হৈছে সকলো ন্যায় পোৱাৰ প্ৰথম বাট। সামাজিক ন্যায় বর্তি থাকিলেহে ব্যক্তিয়ে সমাজত নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিকাশ কৰিব পাৰে। সেয়ে সামাজিক ন্যায়ৰ অতীব গুৰুত্ব আছে।

২। আইন আৰু নৈতিকতাৰ মাজত প্রভেদ কি কি?

উত্তৰঃ আইন আৰু নৈতিকতাৰ মাজত পার্থক্য হ’লঃ

(ক) নৈতিকতাৰ ক্ষেত্ৰ অতি ব্যাপক। ই মানুহৰ কাম-কাজ, আচৰণ, মনোভাৱ আদি সকলো দিশ সামৰি লয়। নৈতিকতা মানুহৰ পৰম্পৰাগত সম্পত্তি।
আনহাতে আইনৰ ক্ষেত্ৰ ঠেক। ই মানুহৰ বাহ্যিক কাৰ্যাৱলীক সামৰি লয়।

(খ) নৈতিকতা অনিশ্চিত, অস্পষ্ট আৰু অনির্দিষ্ট। কিন্তু আইন সার্বজনীন। ই সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে একে।

(গ) নৈতিকতা এক সামাজিক আদর্শ। নৈতিকতাৰ সৃষ্টি স্বতঃস্ফূর্ত। আনহাতে আইন সৃষ্টি আৰু বলবৎ হয় কোনো কর্তৃপক্ষৰ দ্বাৰা।

(ঘ) নৈতিকতাৰ কোনো প্ৰৱৰ্তনকাৰী আৰু ব্যাখ্যাকাৰী নাথাকে। কিন্তু আইনৰ ব্যাখ্যাকাৰী আৰু প্রয়োগকাৰী থাকে।

(ঙ) কোনো নৈতিক কার্য আইন বিৰুদ্ধ হ’ব পাৰে আকৌ কোনো আইন সংগত কার্যও নৈতিকতা বিৰোধী হ’ব পাৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)

১। ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতত গ্রহণ কৰা কেইটামান ব্যৱস্থাৰ উল্লেখ কৰা।

উত্তৰঃ সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতীয় সংবিধানে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে। সেইবোৰৰ কেইটামান ব্যৱস্থা হ’ল:

(ক) জনসাধাৰণক ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে। মৌলিক অধিকাৰসমূহ ন্যায় বিচাৰ যোগ্য। কোনো নাগৰিকৰ মৌলিক অধিকাৰ খর্ব হ’লে আদালতৰ দ্বাৰস্থ হ’ব পাৰে।

(খ) সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতত জমিদাৰী প্ৰথাৰ বিলোপ সাধন কৰা হৈছে।

(গ) সংবিধানৰ ১৭ নং অনুচ্ছেদত অস্পৃশ্যতাক নিষিদ্ধ বুলি ঘোষণা কৰা হৈছে।

(ঘ) ৰাজহুৱা স্থানত সকলো ব্যক্তিৰ প্ৰৱেশৰ অনুমতি প্রদান কৰা হৈছে।

(ঙ) সকলো নাগৰিকক নিজৰ ব্যক্তিত্ব আৰু প্রতিভা বিকাশৰ অধিকাৰ দিয়া হৈছে।

(চ) ল’ৰা-ছোৱালীৰ বাধ্যতামূলক বিনামূলীয়া শিক্ষা লাভৰ অধিকাৰ দিয়া হৈছে।

(ছ) ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে।

(জ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিছে।

৩। ন্যায়ৰ তিনিটা নীতি চমুকৈ আলোচনা কৰা।

উত্তৰঃ ন্যায়ৰ ধাৰণাটো এক নৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত যদিও ন্যায় প্রতিষ্ঠা কৰাটো উজু নহয়। ন্যায় প্রতিষ্ঠাৰ বাবে কিছুমান নীতি অনুসৰণ কৰা অতীব প্রয়োজন। তলত ন্যায় প্রতিষ্ঠাৰ বাবে অৱলম্বন কৰা তিনিটা নীতি আলোচনা কৰা হ’ল:

(ক) সকলো লোকৰ প্ৰতি সমান ব্যৱহাৰ: ন্যায় প্রতিষ্ঠাৰ এক প্রধান নীতি হ’ল সকলোৰে প্রতি সমান ব্যৱহাৰ। জাতি, বর্ণ, লিংগ, ধর্ম নির্বিশেষে সকলো লোকৰ মাজত কোনো বৈষম্যৰ সৃষ্টি নকৰি সমান সুযোগ-সুবিধা প্রদান কৰা উচিত। সমাজত সমতা প্রতিষ্ঠা কৰাৰ বাবে সংবিধানে বিশেষ ব্যবস্থাও গ্রহণ কৰিছে। যেনে – সমান কামৰ বাবে নাৰী-পুৰুষে সমান মজুৰি পোৱা, সার্বজনীন শিক্ষা লাভৰ অধিকাৰ আদি।

(খ) সমানুপাতিক ন্যায়ৰ নীতি: সকলো লোককে সিহঁতৰ যোগ্যতা, দক্ষতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি ন্যায় বিতৰণ কৰাকে সমানুপাতিক ন্যায় বোলে। সমানুপাতিক ন্যায়ে সম্পদ আৰু পুৰস্কাৰৰ সমানুপাতিক বিভাজনৰ পোষকতা কৰে। অৱশ্যে সমানুপাতিক ন্যায়ৰ নীতিটো গাণিতিক সমীকৰণৰ নিচিনা হয়। সমাজত গাণিতিক ন্যায় প্রতিষ্ঠা সম্ভৱ নহয় কাৰণ ন্যায়ৰ সুক্ষ্ম ধাৰণা সকলোৰে বোধগম্য নহ’বও পাৰে আৰু সকলোৱে ন্যায় পোৱাৰ প্ৰতি সচেতন নাথাকিবও পাৰে।

(গ) বিশেষ প্রয়োজনৰ স্বীকৃতি: বিশেষ প্রয়োজনৰ স্বীকৃতি ন্যায়ৰ আন এক নীতি। এই নীতি অনুসৰি কেতিয়াবা সকলো লোককে সমানে আগবঢ়াই নিবৰ বাবে কোনো বিশেষ শ্রেণী বা সম্প্ৰদায়ৰ প্ৰতি বিশেষ ব্যবস্থা গ্রহণ কৰিব লগা হয়। উদাহৰণ স্বৰূপে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংবিধানে কিছুমান বিশেষ সুবিধা বা অধিকাৰ প্ৰদান কৰিছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×