Join WhatsApp

Join Now

Join Telegram

Join Now

নাগৰিকত্ব Class 11 Political Science Chapter 16 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘নাগৰিকত্ব‘ পাঠটিৰ Class 11 Political Science Chapter 16 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

নাগৰিকত্ব Class 11 Political Science Chapter 16 Solutions

নাগৰিকত্ব Class 11 Political Science Chapter 16 Solutions

👉 Read Also:

নাগৰিকত্ব

শাখা-খ অধ্যায়- ৬

অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক-১)

১। কোনখন নাগৰিক আইনেৰে বৰ্তমান ভাৰতীয় নাগৰিকত্ব নিয়ন্ত্ৰণ কৰা হয়?

উত্তৰঃ ১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইন।

২। ভাৰতৰ জনসাধাৰণে কেতিয়াৰ পৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰে।

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা।

৩। এজন বিদেশীয়ে ভাৰতত কি অধিকাৰ ভোগ কৰিব নোৱাৰে?

উত্তৰঃ ৰাজনৈতিক অধিকাৰ।

৪। বিশ্বৰ কোনখন বিপ্লবে নাগৰিকত্বৰ ধাৰণাক বহলৰূপ প্রদান কৰিছিল?

উত্তৰঃ ফৰাচী বিপ্লবে।

৫। তেজৰ সম্পৰ্ক অনুসৰি কোনো ব্যক্তিয়ে পিতৃ-মাতৃৰ গ্রহণ কৰে। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ নাগৰিকত্ব।

৬। নাগৰিকত্বৰ ধাৰণা এটি পূৰণ কৰা) ধাৰণা। (খালী ঠাই

উত্তৰঃ গতিশীল।

৭। সাধাৰণতে নাগৰিকত্ব অৰ্জনৰ পদ্ধতি আছে। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ দুটা।

৮। নাগৰিক ৰাষ্ট্ৰ এখনৰ স্থায়ী বাসিন্দা হয়নে?

উত্তৰঃ হয়।

৯। এজন নাগৰিকে দেশ এখনত সকলো ধৰণৰ অধিকাৰ ভোগ কৰে নে?

উত্তৰঃ কৰে।

১০। নির্ভীকতা সুনাগৰিকৰ এটা গুণ হয় নে?

উত্তৰঃ হয়।

১১। ৰাষ্ট্ৰত থকা সকলো ব্যক্তিয়েই নাগৰিক হয় নে?

উত্তৰঃ নহয়।

১২। এজন বিদেশীক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰি নে?

উত্তৰঃ পাৰি।

১৩। বহু দিন স্বদেশত নাথাকিলে নাগৰিকত্ব লোপ পায়। – সঁচা নে? –

উত্তৰঃ সঁচা।

১৪। কেনেকুৱা চৰকাৰ ব্যৱস্থাত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা আছে?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত।

১৫। সুনাগৰিকৰ এটা অন্তৰায় উল্লেখ কৰা।

উত্তৰঃ অজ্ঞতা।

১৬। নাগৰিকত্ব হেৰুৱাৰ এটা উপায় উল্লেখ কৰা।

উত্তৰঃ সৈন্য বাহিনীৰ পৰা পলায়ন কৰা।

১৭। দেশীয়কৰণৰ যোগেদি নাগৰিকত্ব লাভৰ এটা উপায় লিখা।

উত্তৰঃ দীর্ঘকাল বসবাস।

১৮। নাগৰিকে উপভোগ কৰা আৰু এজন বিদেশীয়ে উপভোগ কৰিব নোৱাৰা এটা অধিকাৰৰ নাম লিখা।

উত্তৰঃ ভোটদানৰ অধিকাৰ।

১৯। নাগৰিক আৰু বিদেশী উভয়ে উপভোগ কৰা এটা অধিকাৰ উল্লেখ কৰা।

উত্তৰঃ ধর্মীয় অধিকাৰ।

২০। ‘যিসকল লোকৰ দেশৰ প্ৰশাসনীয় আৰু ন্যায়িক কামত অংশ গ্ৰহণৰ ক্ষমতা আছে সেইসকল লোকক ৰাষ্ট্ৰৰ নাগৰিক বুলি ক’ব পাৰি।’ উক্তিটো কাৰ?

উত্তৰঃ এৰিষ্ট টলৰ।

👉 Read Also:

চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)

১। মার্টিন লুথাৰ কিং (কনিষ্ট) কোন আছিল? তেওঁ কিয় বিশ্ব বিখ্যাত?

উত্তৰঃ মার্টিন লুথাৰ কিং আছিল বিংশ শতাব্দীৰ মার্কিন যুক্তৰাষ্ট্ৰৰ পৌৰ আন্দোলনৰ এজন কৃষ্ণাঙ্গ নেতা। তেওঁ সেই সময়লৈকে চলি থকা কৃষ্ণাঙ্গ আৰু শ্বেতাঙ্গসকলৰ মাজত বর্ণ বৈষম্যবাদৰ বিৰুদ্ধে আন্দোলন কৰি সফল হৈছিল। তেওঁৰ আন্দোলন শান্তিপূর্ণ আৰু অহিংস আছিল। তেওঁ পৌৰ আন্দোলনৰ নেতা হিচাপে বিশ্ব বিখ্যাত।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। নাগৰিকত্ব বিলোপ সাধনৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ নাগৰিকত্ব বিলাপ সাধনৰ কেইবাটাও কাৰণ আছে। যেনে-

(ক) সেন্য বাহিনীৰ পৰা পলাই গ’লে নাগৰিকত্ব হানি হ’ব পাৰে।

(খ) এজন ব্যক্তিয়ে বেলেগ দেশৰ নাগৰিকত্ব গ্রহণ কৰিলে নিজ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱায়।

(গ) ৰাষ্ট্ৰবিৰোধী কোনো গুৰুতৰ অপৰাধ কৰিলে কোনো ব্যক্তিৰ নাগৰিকত্ব হানি হ’ব পাৰে।
হয়। (ঘ) দীর্ঘ দিন স্বদেশত উপস্থিত নাথাকিলেও নাগৰিকত্ব হানি

(ঙ) বিদেশত স্থায়ীভাৱে চাকৰি কৰিলেও নাগৰিকত্ব হানি হ’ব পাৰে।

(চ) শত্রু ৰাষ্ট্ৰৰ পৰা কোনো উপাধি গ্রহণ কৰিলেও নাগৰিকত্ব হানি হ’ব পাৰে।

(ছ) কোনো মহিলাই বিদেশৰ কোনো পুৰুষৰ লগত বিয়া হ’লে নিজ দেশৰ নাগৰিকত্ব হেৰুৱায়।

২। নাগৰিক আৰু বিদেশীৰ মাজত থকা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ নাগৰিক আৰু বিদেশীৰ মাজত থকা পার্থক্যসমূহ হ’ল-

(ক) নাগৰিক এখন দেশৰ স্থায়ী বাসিন্দা। আনহাতে বিদেশী এজন অস্থায়ী বাসিন্দা।

(খ) এজন নাগৰিকে নিজ দেশৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত মুক্তভাবে ঘূৰা-ফুৰা কৰিব পাৰে। কিন্তু বিদেশী এজনৰ ক্ষেত্রত সীমাবদ্ধতা থাকে।

(গ) নাগৰিক এজন নিজ দেশৰ প্ৰতি থকা কর্তব্য পালন কৰিবলৈ বাধ্য। কিন্তু বিদেশী এজনে সেইখন দেশৰ প্ৰতি কর্তব্য পালন কৰিবলৈ বাধ্য নহয়।

(ঘ) এজন নাগৰিকে নিজ দেশত ৰাজনৈতিক আৰু অন্যান্য অধিকাৰ ভোগ কৰে। কিন্তু বিদেশী এজনে আন দেশত ৰাজনৈতিক বা অন্যান্য সকলো অধিকাৰ ভোগ কৰিব নোৱৰে।

(ঙ) নাগৰিক এজনে নিজ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱায়। কিন্তু বিদেশী এজনে তেওঁৰ নিজ ৰাষ্ট্ৰৰ প্ৰতিহে আনুগত্য দেখুৱায়।

৩। সুনাগৰিকৰ পাঁচটা প্রতিবন্ধকতা উল্লেখ কৰা।

উত্তৰঃ সুনাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত কিছুমান অন্তৰায় থকা দেখা যায়। যেনে-

(ক) দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি উদাসীনতা সু নাগিৰিকত্বৰ প্ৰধান অন্তৰায়।

(খ) অজ্ঞতা বা নিৰক্ষৰতা সুনাগৰিকত্বৰ আন এক প্রতিবন্ধক। কাৰণ অজ্ঞ নাগৰিকৰ পৰা ৰাষ্ট্ৰই সুফল আশা কৰিব নোৱাৰে।

(গ) স্বাৰ্থপৰতা সুনাগৰিকত্বৰ এক অন্তৰায়। কাৰণ স্বাৰ্থপৰ নাগৰিকে নিজ স্বার্থ পূৰণ কৰিবলৈ গৈ ৰাষ্ট্ৰৰ স্বাৰ্থত আঘাত কৰিব পাৰে।

(ঘ) দৰিদ্ৰতাও সুনাগৰিকত্বৰ এক অন্তৰায়। কাৰণ দৰিদ্ৰতাৰ কৱলত পৰি এজন নাগৰিকে অসামাজিক বা ৰাষ্ট্ৰ বিৰোধী কামত লিপ্ত হ’ব পাৰে।

(ঙ) সংকীর্ণ দলীয় মনোভাৱ সুনাগৰিকত্বৰ আন এক প্রতিবন্ধকতা। কাৰণ সংকীর্ণ দলীয় মনোভাবে ৰাষ্ট্ৰীয় স্বার্থ বা জনস্বার্থ হানি কৰিব পাৰে।

৪। সুনাগৰিকৰ চাৰিটা গুণ উল্লেখ কৰা।

উত্তৰঃ এজন ব্যক্তি এখন দেশৰ সুনাগৰিক হ’বলৈ হ’লে কেইবাটাও গুণ থাকিব লাগিব। যেনে-

(ক) সুনাগৰিক হ’বলৈ এজন ব্যক্তি শিক্ষিত হ’ব লাগিব-যাতে তেওঁ ভাল-বেয়া বিচাৰ কৰিব পাৰে।

(খ) সুনাগৰিক হ’বলৈ হ’লে ৰাষ্ট্ৰৰ আইন-কানুন, নীতি-নিয়ম মানি চলিব লাগিব।

(গ) সুনাগৰিক হ’বলৈ হ’লে ব্যক্তি এজন ব্যক্তিগত স্বার্থতকৈ সামূহিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব।

(ঘ) সুনাগৰিক হ’বলৈ এজন লোকৰ বুদ্ধি, বিবেক শক্তি আৰু আত্ম সংযম গুণ থাকিব লাগিব।

৫। বিশ্ব নগৰিকত্বৰ ধাৰণাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বিংশ শতাব্দীৰ দ্বিতীয়াৰ্ধৰ পৰা বিশ্বত প্রযুক্তি বিদ্যাৰ ইমানেই সম্প্ৰসাৰণ আৰু উন্নয়ন হৈছে যে আজিকালি বিশ্বৰ এটা প্রান্তৰ লগত আন এক প্রান্তৰ যোগাযোগ অতি সহজ হৈ পৰিছে। কম্পিউটাৰ আৰু ইন্টাৰনেটৰ আৱিষ্কাৰে বিশ্বখনক ইমানেই সংকুচিত কৰিছে যে বিশ্বখন এক গোলকীয় গাওঁত পৰিণত হৈছে। ফলত সাম্প্রতিক কালত বিশ্ব নাগৰিকত্ব ধাৰণাৰ জন্ম হৈছে। ইয়াৰ উপৰিও আজিকালি বিশ্বত জনসংখ্যা অত্যধিক বৃদ্ধি পোৱাৰ বাবেও বিশ্বৰ লোকসকলৰ এখন দেশৰ পৰা আন এখন দেশলৈ প্রব্রজনৰ সংখ্যাও বৃদ্ধি পাইছে। গতিকে বিশ্ব নাগৰিকত্বই গা কৰি উঠিছে। বিশ্ব নাগৰিকত্ব ধাৰণাৰ পৰিণতি শুভ যেন দেখা গৈছে। কাৰণ এই ধাৰণাই বিশ্বৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ আৰু সহযোগিতা বৃদ্ধি কৰিছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)

১। নাগৰিকত্বৰ সংজ্ঞা দিয়া। নাগৰিকত্ব লাভৰ উপায়বোৰ আলোচনা কৰা।

উত্তৰঃ এখন ৰাষ্ট্ৰৰ সাংবিধানিক অধিকাৰ ভোগ কৰিব পৰাকৈ স্থায়ীভাবে বসবাস কৰা আৰু ৰাষ্ট্ৰখনৰ প্রতি দায়বদ্ধ থকা লোকসকলক নাগৰিক বুলি কোৱা হয়। এৰিষ্ট’টলৰ মতে, “যিসকল লোকৰ নিজ দেশৰ প্ৰশাসনীয় আৰু ন্যায়িক কামত অংশ গ্ৰহণৰ ক্ষমতা আছে সেইসকল লোকক ৰাষ্ট্ৰৰ নাগৰিক বুলি ক’ব পাৰি।’ এখন দেশৰ নাগৰিকত্ব লাভ কৰাৰ প্ৰধান উপায় দুটা। যেনে – জন্মৰ দ্বাৰা আৰু দেশীয়কৰণৰ দ্বাৰা। তলত উপায়বোৰ চমুকৈ আলোচনা কৰা হ’ল-

(১) জন্মৰ দ্বাৰা: জন্ম সূত্রে এখন দেশৰ নাগৰিকত্ব লাভৰ দুটা পদ্ধতি আছে। যেনে-

(ক) তেজৰ সম্পৰ্কৰ দ্বাৰা: তেজৰ সম্পৰ্ক অনুসৰি কোনো ব্যক্তিয়ে তেওঁৰ পিতৃ-মাতৃৰ দেশৰ নাগৰিকত্ব লাভ কৰে।

(খ) জন্মস্থান অনুসৰিঃ এই নীতি অনুসৰি এজন ব্যক্তি যি দেশত জন্ম গ্রহণ কৰে সি সেই দেশৰ নাগৰিক। উদাহৰণ স্বৰপে এহাল ভাৰতীয় দম্পত্তিৰ সন্তান এজন আমেৰিকাত জন্ম গ্রহণ কৰিলে সি জন্মস্থানৰ নীতি অনুসৰি আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিব। আনহাতে তেজৰ সম্পৰ্কৰ নীতি অনুসৰি তেওঁ পিতৃ-মাতৃৰ দেশৰ নাগৰিকত্ব লাভ কৰিব।

(চ) দেশীয়কৰণ পদ্ধতি: দেশীয়কৰণ পদ্ধতিৰ কেইবাটাও উপায় আছে। যেনে

(ক) বিয়া: যদি কোনো মহিলাই অন্য দেশৰ পুৰুষক বিয়া কৰায, তেন্তে তেওঁ স্বামীৰ দেশৰ নাগৰিকত্ব লাভ কৰিব। উদাৰহণ স্বৰূপে ইটালি দেশৰ মহিলা এগৰাকীয়ে ভাৰতীয় পুৰুষ এজনৰ লগত বিয়াত সোমালে তাই ভাৰতীয় নাগৰিকত্ব লাভকৰিব।

(খ) চৰকাৰী চাকৰি যদি কোনো এজন লোক আন কোনো দেশৰ চৰকাৰৰ অধীনত চাকৰি কৰে, তেন্তে তেওঁ ইচ্ছা কৰিলে চাকৰি কৰি থকা দেশৰ আইন অনুসৰি সেই দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে।

(গ) সম্পত্তিৰ ক্ৰয়: আন দেশত স্থায়ী সম্পত্তি ক্রয় কৰি ব্যক্তি এজনে সেই দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে।

(ঘ) সৈনিক বৃত্তি গ্রহণ: এজন ব্যক্তিয়ে যদি আন দেশৰ সেনাবাহিনীত যোগদান কৰে, তেন্তে তেওঁ নিজ দেশৰ নাগৰিকত্ব হেৰুৱায় আৰু চাকৰি কৰি থকা দেশৰ নাগৰিকত্ব লাভকৰে।

(ঙ) পঞ্জীয়ন: কোনো ব্যক্তি অন্য এখন দেশৰ নাগৰিকত্ব লাভ কৰিবলৈ ইচ্ছা কৰিলে সি সেই দেশত আবেদন কৰি পঞ্জীয়নৰ মাধ্যমেদি নাগৰিকত্ব লাভ কৰিব পাৰে।

(চ) বিদেশী ৰাষ্ট্ৰৰ ভূমি চামিলকৰণৰ যোগেদি: কোনো ৰাষ্ট্ৰই আন কোনো ৰাষ্ট্ৰৰ ভূমি অধিগ্রহণ কৰিলে বা নিজ দেশৰ লগত চামিল কৰিলে, সেই ভূমি ভাগত বসবাস কৰি থকা সকলো লোক অধিগ্রহণ কৰা দেশৰ নাগৰিকত্ব লাভ কৰে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×