Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 9 অসমৰ ভূগোল

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 9 অসমৰ ভূগোল

দ্বিতীয় খণ্ড: ভূগোল

অধ্যায় – ৪

অসমৰ ভূগোল

পাঠভিত্তিক প্রশ্নোত্তৰ:

১। অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা কি কি?

উঃ অসমৰ ভূ-প্রাকৃতিক ভাগ চাৰিটা, যেনেঃ (ক) ব্রহ্মপুত্র উপত্যকা (খ) বৰাক উপত্যকা (গ) কার্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।

২। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল কেইটা কি কি?

উঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল চাৰিটা যেনেঃ (ক) উত্তৰৰ পাদদেশ অঞ্চল (খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল

(গ) ব্ৰহ্মপুত্ৰৰ প্লাবনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু (ঘ) দক্ষিণৰ পাদদেশ অঞ্চল।

৩। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্রত্যেকৰে চাৰিটাকৈ উপনৈৰ নাম লিখা।

উঃ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ চাৰিটা হ’ল: বেঁকী, কালদিয়া, বৰনদী আৰু পাগলাদিয়া। আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ চাৰিটা হ’ল: কপিলী, বুঢ়ীদিহিং, ধনশ্রী আৰু দিখৌ।

৪। ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।

উঃ ব্রহ্মপুত্র সমভূমি বুলিলে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলকে বুজায়। ব্রহ্মপুত্র সমভূমিৰ মাটি অতিকৈ সাৰুৱা। এই সমভূমি অঞ্চলত প্ৰচুৰ পৰিমাণে খাদ্য শস্য, শাক-পাচলি, মাহজাতীয় শস্য আদি উৎপাদন হয়। বাৰিষা কালত ব্রহ্মপুত্র নদীৰ লগতে ইয়াৰ উপনৈসমূহে ব্রহ্মপুত্র উপত্যকাটো বুৰাই পেলায়। ফলত নদীৰ পলস পৰি ইয়াৰ মাটি অতিপাত সাৰুৱা হৈ নানান ধৰণৰ শস্য উৎপাদনৰ বাবে উপযোগী হয়।

৫। ব্ৰহ্মপুত্ৰৰ প্লাবনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া।

উঃ অসম হৈছে নদী মাতৃকা দেশ। ইয়াৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা সমভূমি অঞ্চল প্রতিবছৰ বাৰিষা কালত বানপানীয়ে বুৰাই পেলায় বাবে উক্ত অঞ্চলক প্লাবনভূমি বুলি কোৱা হয়। এই প্লাবনভূমি শস্য উৎপাদনৰ বাবে উপযোগী। ইয়াত প্রধানকৈ ধান, মৰাপাট, গম, মাহজাতীয় শস্য আদি উভৈনদীকৈ উৎপন্ন হয়।

৬। মাজুলীৰ ভৌগোলিক অবস্থান সম্পর্কে লিখা।

উঃ মাজুলী হৈছে ব্রহ্মপুত্র নদীৰ মাজত থকা পৃথিৱীৰ ভিতৰত এটা অন্যতম বৃহৎ নদী দ্বীপ। ই অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত। ইয়াৰ মাটিকালি ৪২২ বর্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ’ল ১.৬৮ লাখ। বানপানী আৰু গঢ়াখহনীয়াই এই নদী দ্বীপখনৰ যথেষ্ট ক্ষতি সাধন কৰি আছে। এই দ্বীপখন সত্রীয়া সংস্কৃতিৰ বাবে বিখ্যাত।

৭। বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।

উঃ অসমৰ দক্ষিণাংশত বৰাক উপত্যকা অঞ্চল অৱস্থিত। ইয়াৰ উত্তৰে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে। ইয়াৰ পূৱে মণিপুৰৰ পাহাৰীয়া অঞ্চল, দক্ষিণে মিজো পর্বত আৰু পশ্চিমে বাংলাদেশ। বৰাক উপত্যকাৰ মাটি সাৰুৱা। ইয়াত প্ৰচুৰ পৰিমাণে ধান খেতি, চিৰসেউজ গছ-গছনি, তামোল-পান, মাহ জাতীয় শস্য আদি উৎপন্ন হয়। এই উপত্যকাৰ দৈৰ্ঘ্য ২২৫ কিলোমিটাৰ।

৮। কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।

উঃ অসমৰ কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। পূর খণ্ডটো ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমালৈ বিস্তৃত হৈ আছে। আনহাতে পশ্চিম খণ্ডটো কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাটো সামৰি লৈছে। এই মালভূমিটো দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৱলৈ ঢালখোৱা। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৯০০ মিটাৰ।

৯। বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।

উঃ বৰাইল পর্বতে প্রকৃততে পূৱৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু ই উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰ উত্তৰ ফালে ঢালখোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত। এই অঞ্চলত ধান খেতি ভাল হয়। কিছু অংশত ঝুম খেতিও কৰা হয়।

১০। অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।

উঃ ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্য অসমখন উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ইয়াত গ্রীষ্মকালত অতিপাত বৰষুণ হয় আৰু শীতকাল অতি শুষ্ক। অসমৰ জলবায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে আৰু তুলনামূলকভাবে নিম্ন উষ্ণতা বিৰাজ কৰে। অসমত হাবি-বননি, পাহাৰ-পৰ্বত, নদ-নদী অসংখ্য আছে। ইয়াৰ জলবায়ু আৰু বতৰো ঠাই বিশেষে ভিন ভিন হয়।

১১। গীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?

উঃ গ্রীষ্মকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ইয়াৰ প্ৰধান কাৰণ অসম মৌচুমী বায়ুৰ দেশ। গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি হিমালয় পর্বত আৰু মেঘালয়ত থকা পৰ্বতৰ লগত ঠেকা খাই প্ৰচুৰ পৰিমাণে বুৰষুণ দিয়ে। ইয়াৰ জলবায়ুত আর্দ্রতাৰ পৰিমাণ বেছি।

১২। অসমৰ জলবায়ুত প্রভাব পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা।

উঃ ভৌগোলিকভাবে অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। ভূ-প্রকৃতিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ু অঞ্চলভেদে ভিন ভিন হয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূ-খণ্ডৰ পৰিৱৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱ অসমৰ জলবায়ুতো পৰে। গ্রীষ্মকালত অসমৰ সমভূমি অঞ্চলত স্থানীয়ভাবে এক প্ৰকাৰৰ নিম্নচাপৰ সৃষ্টি হয়।

১৩। অসমৰ প্ৰধান ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।

উঃ অসমত ছয়টা ঋতুৰ অস্তিত্ব দেখা যায়। যেনেঃ গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। ঋতুভেদে অসমৰ উষ্ণতা আৰু বৰষুণৰ বিতৰণ বেলেগ বেলেগ হয়। অসমত গ্রীষ্ম আৰু বর্ষা ঋতুত মৌচুমী বতাহৰ প্ৰভাৱত যথেষ্ট পৰিমাণে বৰষুণ হয়। শৰৎকালত বৰষুণ প্রায় নহয়। আকাশখন ফৰকাল হৈ থাকে। হেমন্ত আৰু শীতকালত দক্ষিণ-পূর মৌচুমী বতাহৰ প্ৰভাৱত সামান্য বৰষুণ হয়। বসন্ত ঋতু শুকান হয় যদিও এই ঋতুত কিছু পৰিমাণে বৰষুণো হয়। অসমত শীতকালৰ দৈর্ঘ্য কম। কিন্তু গ্রীষ্মকালত গৰমৰ প্ৰকোপ বৃদ্ধি পায়।

১৪। অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা।

উঃ অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ’ল লখিমপুৰ। ইয়াত বছৰি গড়ে ৩৩৬ চেন্টিমিটাৰ বৰষুণ হয়। আনহাতে অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখন হ’ল লামডিং। ইয়াত বছৰি গড় বৰষুণৰ পৰিমাণ হ’ল ১২৯ চেন্টিমিটাৰ।

১৫। অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?

উঃ অসম হৈছে নদ-নদী, পাহাৰ-পৰ্বত, খলা-বমা, হাবি-বননি আদিৰে ভৰপুৰ ৰাজ্য। পাহাৰ-পর্বত, হাবি-বননিয়ে অঞ্চল এখনৰ বতৰ আৰু জলবায়ুত প্রভাৱ পেলায়। উদাহৰণ স্বৰূপে গ্রীষ্মকালত বংগোপ সাগৰৰ ওপৰেদি অহা মৌচুমী বতাহৰ প্ৰভাৱত অসমৰ হিমালয়ৰ পাদদেশ আৰু মেঘালয়ত প্ৰচুৰ বৰষুণ হয়। কিন্তু শীতকালত মেঘালয়ত কিছু বৰষুণ হয় যদিও অসমত বৰষুণ প্রায় নহয় বুলি ক’ব পাৰি। এইদৰে প্ৰাকৃতিক পৰিবেশৰ ভিন্নতাৰ বাবে অসমত সকলো ঠাইতে সমানে বৰষুণ নহয়।

১৬। অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উঃ ওপৰৰ ১৫ নং প্রশ্নোত্তৰ চোৱা।

১৭। অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বর্ণনা কৰা।

উঃ অসমৰ মৃত্তিকা (মাটি) বোৰক চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনেঃ পলসুৱা মৃত্তিকা, গিৰিপদ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাবে পলসুৱা মাটি পোৱা যায়। পলসুৱা মাটি অতি সাৰুৱা। ই দুই প্ৰকাৰৰ যেনেঃ নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি। গিৰিপদ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰৰ হিমালয়ৰ পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱা যায়। এই মৃত্তিকা অমিশ্রিত শিল, বালি আৰু বোকাৰে গঠিত।

পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃত্তিকাৰ উৰ্বৰতা ঠাই ভেদে বেলেগ বেলেগ হয়।
এনে মৃত্তিকাত নাইট্র’জেন আৰু জৈৱিক পদার্থ বহু পৰিমাণে থাকে। পাহাৰীয় মৃত্তিকা দুই প্ৰকাৰৰ, যেনেঃ ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা। এনে মৃত্তিকা প্রধানকৈ শিল ক্ষয় হৈ গঠন হয়। পাহাৰীয়া মৃত্তিকা অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া দক্ষিণৰ ঠেক অঞ্চল, কার্বি মালভূমি আৰু বৰাইল পৰ্বতৰ দক্ষিণাংশত পোৱা যায়।

কংকৰ মৃত্তিকা ডিমা হাছাও জিলা আৰু কার্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। এনে মৃত্তিকা সাধাৰণতে কলা বৰণৰ হয় আৰু ইয়াৰ গঠন বালিচহীয়া হয়।

১৮। অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?

উঃ অসমত মৃত্তিকাবোৰ কিছুমান প্রাকৃতিক কাৰণ আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা অৱক্ষয় হৈ আছে। প্রাকৃতিক কাৰকবোৰৰ ভিতৰত পাহাৰৰ ঢালত প্রাকৃতিক কাৰণত হোৱা ভূমিক্ষয় আৰু বানপানী, নদীৰ স্রোঁত, গঢ়াখহনীয়া আদিয়েই প্রধান। আনহাতে মানবসৃষ্ট কাৰকবোৰৰ ভিতৰত তলত উল্লেখ কৰা কাৰণবোৰ প্ৰধান:

(ক) অবাধে গছ-গছনি কটাৰ ফলত জলপ্ৰবাহৰ হেঁচাত মাটি ক্ষয়প্রাপ্ত হৈ আছে।

(খ) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতিও ভূমি ক্ষয়ৰ এক প্রধান কাৰণ।

(গ) খেতি-পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য আদিও মৃত্তিকাৰ অৱক্ষয়ত অৱদান আগবঢ়ায়।

(ঘ) মানুহৰ দ্বাৰা কৃত্রিম জলবন্ধনৰ ফলতো মাটি কোমল হৈ ক্ষয়প্রাপ্ত হয়।

১৯। বৰ্তমান অসমৰ জনসংখ্যা কিমান?

উঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ’ল ৩১.১৬ নিযুত।

২০। অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?

উঃ অসমৰ অৰণ্যসমূহক পাঁচটা ভাগত ভাগ কৰিব পাৰি, যথাঃ

(ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য

(খ) ক্রান্তীয় অর্ধ চিৰসেউজীয়া অৰণ্য

(গ) নৈপৰীয়া অৰণ্য

(ঘ) ক্রান্তীয় আর্দ্র পর্ণপাতী অৰণ্য

(ঙ) ক্রান্তীয় শুষ্ক পর্ণপাতী অৰণ্য। এই অৰণ্যবোৰৰ কিছুমান সংৰক্ষিত বনাঞ্চল হিচাপে আৰু কিছুমান ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰক্ষণাবেক্ষণ দিয়া হৈছে।

২১। বর্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।

উঃ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেন্টিমিটাৰ বা তাতোকৈ বেছি হোৱা অঞ্চলত যিবোৰ অৰণ্য পোৱা যায় তাকেই বৰ্ষাৰণ্য বোলে। অসমৰ বৰ্ষাৰণ্য তিনিতৰপীয়া, যেনেঃ (ক) ওখ গছৰ বর্ষাৰণ্য (খ) কম ওখ গছ বা মধ্যমীয়া ওখ গছৰ বৰ্ষাৰণ্য আৰু (গ) চাপৰ গছ-বনৰ বৰ্ষাৰণ্য।
সাধাৰণতে হিমালয়ৰ পাদদেশত থকা অৰণ্য, অৰুণাচল প্ৰদেশৰ সমীপৱৰ্তী অৰণ্য, মেঘালয়ৰ সীমান্তবর্তী অঞ্চলত থকা অৰণ্যসমূহ অসমৰ বৰ্ষাৰণ্যৰ অন্তৰ্ভূক্ত।

২২। নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পর্কে চমুকৈ লিখা।

উঃ অসমৰ নৈ, বিল, আদিৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ-ভাগত কিছুমান অৰণ্য আছে সেইবোৰক নৈপৰীয়া অৰণ্য বোলে। নৈপৰীয়া অৰণ্যৰ যথেষ্ট গুৰুত্ব আছে। নৈ পৰীয়া অৰণ্যত ওখ গছ থকাৰ উপৰিও ঘাঁহ আৰু বন জাতীয় উদ্ভিদ যথেষ্ট পৰিমাণে জন্মে। ওখ গছবোৰৰ ভিতৰত চোম, উৰিয়াম, মজ, আজাৰ, ঔ, সোঁৱালু আদি প্রধান। কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি অসমৰ নৈপৰীয়া অৰণ্য। নৈপৰীয়া অৰণ্যৰ পৰা মূল্যৱান কাঠ, ঔষধি গছ, গৰু-ম’হৰ বাবে ঘাঁহ-বন পোৱাৰ উপৰিও এই অৰণ্যবোৰে নদীৰ গঢ়াখহনীয়া ৰোধ কৰাত অৱদান যোগায়। পৰিবেশ প্রদূষণমুক্ত কৰাতো নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আছে। ইয়াৰ উপৰিও নৈপৰীয়া অৰণ্যই পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে আৰু বৰষুণ নিয়মীয়া কৰে।

২৩। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।

: অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট, নগাওঁ আৰু শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি ৮৫৮.৯৮ বর্গ কিলোমিটাৰ।

২৪। অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম আৰু অৱস্থান লিখা।

উঃ অসমত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে। তলত এইবোৰৰ নাম আৰু অৱস্থান উল্লেখ কৰা হ’ল:

ৰাষ্ট্ৰীয় উদ্যানৰ নাম          অবস্থান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান – গোলাঘাট, নগাওঁ আৰু শোণিতপুৰ জিলা

মানস ৰাষ্ট্ৰীয় উদ্যান- চিৰাং আৰু বাক্সা জিলা

ওৰাং ৰাষ্ট্ৰীয় উদ্যান- ওদালগুৰি আৰু শোণিতপুৰ

নামেৰী ৰাষ্ট্ৰীয় উদ্যান – শোণিতপুৰ জিলা

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান- ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা।

২৫। অভয়াৰণ্যসমূহে কেনেকৈ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা।

উঃ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ যথেষ্ট ভূমিকা আছে। এই সুৰক্ষিত অৰণ্যসমূহ নানান ধৰণৰ জীৱ-জন্তু, যেনেঃ হাতী, বাঘ, গঁড়, হৰিণ, বান্দৰ, ম’হ, বিভিন্ন প্রজাতিৰ চৰাই-চিৰিকতি আদিৰ বাসস্থান। অভয়াৰণ্যসমূহে এইবোৰ জীৱ-জন্তু বিলুপ্ত হোৱাৰ পৰা সুৰক্ষা দি আছে। অভয়াৰণ্যসমূহ হৈছে বহুত ধৰণৰ মূল্যবান গছ গছনিৰ ভাণ্ডাৰ স্বৰূপ। এই গছ-গছনিবোৰৰ ভিতৰত শাল, শিমলু, চেগুন, গমাৰি, শিশু, সৰল, সোণাৰু আদি প্রধান। এই গছ-গছনিবোৰে ভূমিক্ষয় ৰোধ কৰি আছে। অৰণ্যসমূহত বহুতো গছ-গছনি থকা বাবে ই প্রাকৃতিক পৰিবেশত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখি জীৱ-জগতৰ বাবে প্রয়োজনীয় অক্সিজেনৰ যোগান ধৰি জীৱকুলক জীয়াই ৰখাত এক বিশেষ ভূমিকা গ্রহণ কৰি আছে। এনেদৰে অৰণ্যসমূহে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত ভূমিকা গ্রহণ কৰি আছে।

২৬। স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্রশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পর্কে লিখা।

: স্বাধীনতাৰ পিছত অসমৰ প্ৰশাসনিক বিভাগৰ বহুত পৰিৱৰ্তন হৈছে। ইংৰাজ শাসনৰ আমোলত অসমখন মেঘালয়, নাগালেণ্ডৰ লগতে বাংলাদেশৰ ছিলেটৰ লগত আছিল। সেই সময়ত অসমত ১১ খন জিলা আছিল। তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং। কিন্তু স্বাধীনতাৰ পিছত ১৯৬৩ চনত নাগালেণ্ড, ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসমৰ পৰা পৃথক কৰা হয়। অসমৰ ৰাজধানীও শ্বিলঙৰ পৰা স্থানান্তৰ কৰি গুৱাহাটীৰ দিছপুৰত স্থাপন কৰা হয়। স্বাধীনতাৰ পিছত অসমৰ জিলা বৃদ্ধি পাই ৩৩ খন হৈছে।

২৭। অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।

উঃ বর্তমান অসমত জিলা ৩৩ খন। তলত অসমৰ জিলা কেইখনৰ নাম আৰু সদৰ ঠাইৰ নাম উল্লেখ কৰা হ’ল:

জিলাৰ নাম              সদৰ ঠাই

বৰপেটা                   বৰপেটা

ধুবুৰী                        ধুবুৰী

চিৰাং                        কাজলগাওঁ

বঙাইগাওঁ                  বঙাইগাওঁ

কোকৰাঝাৰ              কোকৰাঝাৰ

গোৱালপাৰা              গোৱালপাৰা

নলবাৰী                     নলবাৰী

বাক্সা                         বাক্সা

কামৰূপ                   আমিনগাওঁ

কামৰূপ মহানগৰ     গুৱাহাটী

দৰং                         মঙ্গলদৈ

ওদালগুৰি                 ওদালগুৰি

শোণিতপুৰ              তেজপুৰ

লখিমপুৰ                 লখিমপুৰ

ধেমাজী                   ধেমাজী

নগাওঁ                      নগাও

মৰিগাওঁ                  মৰিগাওঁ

গোলাঘাট                গোলাঘাট

যোৰহাট                  যোৰহাট

শিৱসাগৰ                 শিৱসাগৰ

ডিব্ৰুগড়                  ডিব্ৰুগড়

তিনিচুকীয়া              তিনিচুকীয়া

কার্বি আংলং            ডিফু

ডিমা-হাছাও             হাফলং

কৰিমগঞ্জ               কৰিমগঞ্জ

কাছাৰ                     শিলচৰ

হাইলাকান্দি             হাইলাকান্দি

চৰাইদেউ                ছোনাৰী

মাজুলি                   গড়মূৰ

বিশ্বনাথ                  বিশ্বনাথ চাৰিআলি

দক্ষিণ শালমাৰা-মানকাচৰ – হাটছিঙিমাৰি

হোজাই                   হোজাই

পশ্চিম কাৰ্বি আংলং…………..।

২৮। অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক’ত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম কি?

উঃ বৰ্তমান অসমৰ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অবস্থিত।
মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ’ল কাৰ্বি আংলং জিলা আৰু সবাতোকৈ সৰু জিলাখন হ’ল কামৰূপ মহানগৰ জিলা।

২৯। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ’ল ৩১.১৬ নিযুত। অসমৰ জনসংখ্যা হিচাপে নগাওঁ জিলাৰ জনসংখ্যা সর্বোচ্চ। ইয়াৰ জনসংখ্যা ২.৮ নিযুত আৰু আটাইতকৈ সৰু জিলাখনৰ নাম ডিমা হাছাও। ইয়াৰ জনসংখ্যা ২.১ লাখ।

৩০। চমুটোকা লিখা।

(ক) অসম আৰু মৌচুমী জলবায়ু

উঃ অসমখন উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তর্গত। অসমতগ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূৱ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয়। ইয়াত গ্রীষ্মকালত অতিপাত বৃষ্টিপাত হয় আৰু শীতকালত শুষ্ক অৱস্থা বিৰাজ কৰে।

(খ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ

: গ্রীষ্মকালত অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহ বয়। এই বতাহৰ প্ৰভাৱত অসমত প্রতিবছৰ গ্ৰীষ্মকালত অর্থাৎ জুন, জুলাই আৰু আগষ্ট মাহত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

(গ) উত্তৰ-পূৱ মৌচুমী বতাহ

উঃ শীতকালত বিশেষকৈ অক্টোবৰ আৰু নবেম্বৰ মাহত অসমখন উত্তৰ-পূৱ মৌচুমী বতাহৰ প্রভাৱত পৰে। এই বতাহৰ ফলত অসমত শীত আহে। ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে।

(ঘ) অসমৰ বর্ষাকাল

উঃ সাধাৰণতে জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে অসমত বর্ষা কাল চলি থাকে। এই সময়ছোৱা সাধাৰণতে বৰ উষ্ণ হয়। এই বর্ষাকাল ছোৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্রভাৱত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

(ঙ) অসমৰ প্ৰাক-মৌচুমীকাল

উঃ অসমৰ প্ৰাক-মৌচুমীকাল বুলিলে মার্চ মাহৰ পৰা মে মাহলৈকে থকা সময়ছোৱাক বুজায়। এনে সময়ত পুৱাৰ ভাগ আৰামদায়ক উষ্ণ, দুপৰীয়া গৰম আৰু ৰাতিও গৰম অনুভূত হয়। ৰাতিৰ ভাগত কেতিয়াবা বৰষুণ হয়।

(চ) অসমৰ বৰষুণৰ স্থানিক বিতৰণ

উ: অসমত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। পাহাৰীয়া আৰু ইয়াৰ পাদদেশত বৰষুণৰ পৰিমাণ বেছি হয়। উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ লগতে নামনি অসমৰ কোকৰাঝাৰ, ধুবুৰী, কৰিমগঞ্জ হাইলাকান্দি আদিত বছৰি ২৫০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।

(ছ) অসমৰ প্ৰশাসনিক বিভাগ

: অসমৰ প্ৰশাসনিক সুবিধাৰ বাবে কেইবাটাও জিলাত ভাগ কৰা হৈছে। প্রতিখন জিলাক আকৌ কেইবাটাও মহকুমাত ভগোৱা হৈছে। বর্তমান অসমত ৩৩ টা জিলা আছে। জিলাৰ মুৰব্বীজনক জিলাধিপতি বোলে। সেইদৰে মহকুমাৰ মুৰব্বীজনক মহকুমাধিপতি বোলে।

(ঝ) বিটিএডি

উঃ বিটিএডিৰ সম্পূৰ্ণ ৰূপ হ’ল ‘বড়োলেও টেৰিটৰিয়েল এৰিয়া ডিচট্রিক’ (Bodoland Territorial Area District)। অসমৰ মুঠ ৩২খন জিলাৰ ভিতৰত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি এই চাৰিখন জিলাক লৈ ২০০৩ চনত বি টি এ ডি গঠিত হৈছে। এই অঞ্চলটোত অসমৰ জনজাতি বড়োসকলক স্বায়ত্ব শাসন প্রদান কৰা হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ :

১। ঝুম খেতি কাক কয়?

উঃ পাহাৰৰ দাঁতিকাষৰীয়া এঢলীয়া ঠাইত গছ-বন চাফা কৰি কোৰেৰে মাটি চহাই অস্থায়ীভারে যি খেতি কৰা হয় তাকে ঝুম খেতি বোলে।

২। অসমৰ উত্তৰত থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

উঃ ভূটান।

৩। কেতিয়া মেঘালয় অসমৰ পৰা পৃথক হয়?

উঃ ১৯৭০ চনত।

৪। অসমত অভয়াৰণ্যৰ সংখ্যা কেইটা?

উঃ ১৮ টা।

৫। উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি?

উঃ গুৱাহাটী।

৬। পর্ণপাতী উদ্ভিদ কাক বোলে?

উঃ শীতকালত পাত সৰা উদ্ভিদক পর্ণপাতী উদ্ভিদ বোলে।

৭। অসমত বছৰি গড় হিচাপে কিমান পৰিমাণৰ বৰষুণ হয়?

উঃ ২০০ চেন্টিমিটাৰ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment