Class 9 Social Science Chapter 8 ভাৰতবৰ্ষৰ ভূগোল
দ্বিতীয় খণ্ড: ভূগোল
অধ্যায় – ৩
ভাৰতবৰ্ষৰ ভূগোল
পাঠভিত্তিক প্রশ্নোত্তৰ :
১। ভাৰত বৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।
উঃ ভাৰতবৰ্ষ পৃথিৱীৰ এখন বিশাল দেশ। ই পৃথিৱীৰ উত্তৰ গোলার্ধত আৰু এছিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত। ইয়াৰ উত্তৰে সুউচ্চ হিমালয় পর্বতমালা আৰু চীন দেশ। দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলংকা। পূরে বঙ্গোপ সাগৰ আৰু ম্যানমাৰ। পশ্চিমে আৰব সাগৰ আৰু পাকিস্থান। ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূৱা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষ প্রায় ৩,২১৪ কিলোমিটাৰ আৰু পূৱা-পশ্চিমাকৈ প্রায় ২,৯৩৯ কিলোমিটাৰ। ভাৰতবৰ্ষ ৮০৪ ২৮′ উত্তৰ অক্ষাংশৰ পৰা ৩৭০১৭ ৫৩ উত্তৰ অক্ষৰেখা আৰু ৬৮০৭ ৩৩ পূৱৰ পৰা ৯৭°২৪′৪৭′ পূৱ দ্রাঘিমা ৰেখাৰ মাজত অৱস্থিত। ভাৰতবৰ্ষৰ সোঁমাজেদি ২৩১/০ কর্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে।
২। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?
উঃ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য ৬,১০০ কিলোমিটাৰ।
৩। ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য কিমান?
উঃ ভাৰতৰ মুঠ স্থলসীমাৰ দেৰ্ঘ্য ১৫,২০০ কিলোমিটাৰ।
৪। ভাৰতৰ ভূখণ্ড সম্পর্কে এটি চমুটোকা লিখা।
উঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। মাটিকালিৰ দিশৰ পৰা ই পৃথিৱীৰ সপ্তম স্থানত আছে। পৃথিৱীৰ মাটিকালিৰ মুঠ ২.৪ শতাংশ ভাৰতবৰ্ষই আগুৰি আছে। ইয়াৰ উত্তৰত সুউচ্চ হিমালয় পর্বতমালা। দক্ষিণে আৰাবলী, বিন্ধ্য, পূর্বঘাট, পশ্চিমঘাট মহাকাল আদি পর্বতশ্রেণী আছে। দক্ষিণ ভাৰতত বিৰাট মালভূমি আছে। ইয়াৰ ভূভাগৰ মাজেদি বৈ যোৱা কেইবাটাও ডাঙৰ ডাঙৰ নদী যেনেঃ ব্ৰহ্মপুত্র, গংগা, সিন্ধু, আদিয়ে সমভূমিৰ সৃষ্টি কৰিছে। ভাৰতৰ পশ্চিম অংশৰ ৰাজস্থানত থৰ মৰুভূমি আছে।
৫। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য লিখা।
উঃ উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীৰ মাজত বৈশিষ্ট্যগত কিছুমান পার্থক্য আছে। যেনেঃ
(ক) উত্তৰ ভাৰতৰ নদী বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহা বাবে গোটেই বছৰ পানী থাকে।
কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা ওলাই অহা বাবে খৰালি কালত পানী প্রায় নাথাকেই।
(খ) উত্তৰ ভাৰতৰ নদীবোৰে সঘনাই সুঁতি সলাই থাকে। ইয়াৰ প্লাবন ভূমি বহল।
আনহাতে দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হোৱা বাবে মালভূমিৰ কঠিন শিলাময় ঠাইৰ মাজেদি নির্দিষ্ট গতিপথেৰে বৈ আছে।
এইবোৰে সুঁতি নসলায়। ইয়াৰ প্লাবন ভূমি ঠেক।
(গ) উত্তৰ ভাৰতৰ নদীবোৰৰ উচ্চ গতি, মধ্য গতি আৰু নিম্নগতি আছে।
কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ এনে গতি দেখা নাযায়।
(ঘ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু বহুদূৰ সমতলৰ মাজেদি বৈ যোৱা বাবে ধীৰ আৰু নাব্য।
কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা ঠেক আৰু নাব্য নহয়।
৬। ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?
উঃ ভাৰতৰ ভূ-প্রাকৃতিক ভাগ প্রধানকৈ চাৰিটা, যেনেঃ (ক) উত্তৰ হিমালয় পার্বত্য অঞ্চল (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল (গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু (ঘ) উপকূল অঞ্চল।
৭। উত্তৰ ভাৰতৰ হিমালয় পার্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতৰ উত্তৰে বিশাল হিমালয় পার্বত্য অঞ্চল। ই পৃথিৱীৰ ভিতৰতে সর্বোচ্চ পর্বতশ্রেণী। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূৱ সীমা পর্যন্ত পূৱা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। ইপ্রায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু ২৪০ কিলোমিটাৰৰ পৰা ৫০০ কিলোমিটাৰ বহল। ইয়াৰ মাটিকালি প্রায় ৫০০,০০০ বর্গ কিলোমিটাৰ। ইয়াৰ উচ্চতা সাগৰৰ পৃষ্ঠৰ পৰা ৮০০০ মিটাৰৰো অধিক। হিমালয় পার্বত্য অঞ্চল প্রায় বৰফময়। ইয়াৰ উচ্চ শিখৰবোৰ গোটেই বছৰ বৰফেৰে আবৃত হৈ থাকে। সমান্তৰালভাবে পূৱা-পশ্চিমাকৈ হিমালয় পর্বতশ্রেণীক তিনি শাৰীত বিভক্ত কৰা হৈছে। যেনে : উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয়।
৮। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উঃ উত্তৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। পূৱে অসমৰ পৰা পশ্চিমে পাকিস্থানৰ সীমালৈকে ই প্রায় ২,৪০০ কিলোমিটাৰ বিস্তৃত। ইয়াক প্রধানকৈ সিন্ধু-গঙ্গা-ব্রহ্মপুত্র উপত্যকা বুলি কোৱা হয়। সিন্ধু-গঙ্গা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। ব্ৰহ্মপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে ৮০ কিলোমিটাৰ। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে মুঠতে ৭,০০,০০০ কিলোমিটাৰ আগুৰি আছে।
৯। দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে দাক্ষিণাত্য মালভূমি অঞ্চল অৱস্থিত। ইয়াৰ আকৃতি ত্রিভুজৰ দৰে। ই কঠিন শিলাৰে গঠিত। দাক্ষিণাত্য মালভূমিটো উত্তৰৰ মালৱা মালভূমি, উত্তৰ-পূৱৰ ছোটনাগপুৰ মালভূমিক লৈ গঠিত হৈছে। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে এই সমগ্র মালভূমিটোক উত্তৰ আৰু দক্ষিণ-এই দুটা ভাগত ভাগ কৰিছে। এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বত আৰু পূর্ব সীমাত আছে পূর্বঘাট পর্বতশ্রেণী।
১০। উপকূল অঞ্চলৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূৱ-আৰু পশ্চিম সীমাত বংগোপ সাগৰ আৰু আৰব সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। এই উপকূল অঞ্চলক পূৱ আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি। পূৱ উপকূলটো বঙ্গোপ সাগৰ আৰু পূর্বঘাট পর্বতশ্ৰেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত।
পশ্চিম উপকূল অঞ্চলটো আৰব সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত। ইকাম্বে সাগৰৰ পৰা দক্ষিণে কুমাৰীকালৈকে বিস্তৃত।
১১। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত এখন বিশাল দেশ। ইয়াৰ জলবায়ুও অঞ্চলভেদে ভিন ভিন। ভাৰতৰ সোঁমাজেদি কৰ্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে। ইয়াৰ উত্তৰ অংশ সমমণ্ডল আৰু দক্ষিণ অংশ গ্রীষ্মমণ্ডলত পৰিছে। সেয়ে উত্তৰ ভাৰত শীতপ্রধান আৰু দক্ষিণ ভাৰত গ্ৰীষ্মপ্রধান বুলি ক’ব পাৰি।
ভাৰতবৰ্ষৰ ভূখণ্ড সৰু-ডাঙৰ পাহাৰ-পৰ্বত, মালভূমি, সমভূমি, মৰুভূমি আদিৰে গঠিত। উচ্চতাৰ পাৰ্থক্যৰ বাবে ইয়াৰ জলবায়ু, উত্তাপ, বৰষুণ, আর্দ্রতা, বায়ুৰ চাপ আদি কম-বেছি হয়। হিমালয় পর্বতমালাই চেঁচা বতাহক বাধা দি শীতৰ পৰা ৰক্ষা কৰে। দক্ষিণ ভাৰত গ্ৰীষ্মমণ্ডলত পৰিছে যদিও ইয়াৰ ভূ-প্রকৃতি দাক্ষিণাত্য মালভূমিয়ে নির্ধাৰণ কৰে। ইয়াৰ জলবায়ু প্রায় মৃদু।
১২। ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে এটি টোকা লিখা।
উঃ ভাৰতবৰ্ষ এখন মৌচুমী প্রধান দেশ। ভাৰতৰ জলবায়ু, বতৰ আৰু কৃষিৰ ক্ষেত্ৰত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। গ্রীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি প্রথমে পশ্চিমঘাট পর্বতত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে। ই কংকন আৰু মালাৱৰ উপকূলত বছৰি ৩০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ দিয়ে। এই মৌচুমী বতাহৰ এটা অংশ পশ্চিমঘাট পাৰ হৈ বংগোপ সাগৰৰ ওপৰেদি আহি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় পর্বতমালাত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে। মৌচুমী বতাহৰ প্ৰভাৱত মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি ১,২৫০ ছেন্টিমিটাৰ বৰষুণ হয়। আকৌ শীতকালত উত্তৰ-পূৱ মৌচুমী বতাহ হিমালয় অঞ্চল পাৰ হৈ ভাৰতবৰ্ষত সোমায়। এই বতাহ বংগোপ সাগৰৰ মাজেদি অগ্ৰসৰ হৈ জলীয় ভাপ আহৰণ কৰি পূর্বঘাট পর্বতত ঠেকা খাই কৰমণ্ডল উপকূলত বৰষুণ দিয়ে।
১৩। ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।
উঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ ভূ-প্রকৃতিও নানান বৈশিষ্ট্যৰে ভৰপুৰ। সেয়ে ভাৰতবৰ্ষৰ ভিন ভিন অঞ্চলত বৰষুণৰ পৰিমাণো ভিন ভিন।
ভাৰতৰ উত্তৰ-পূৱ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিমত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃ হিমালয় অঞ্চলতো প্ৰচুৰ বৰষুণ হয়। ইয়াৰ বিপৰীতে ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা আদি অঞ্চলত কম বৰষুণ হয়। ভাৰতৰ ৰাজস্থানত অৱস্থিত থৰ মৰুভূমিত বৰষুণ অতি কম হয়। সেইদৰে দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম অংশ আৰু গুজৰাটতো বৰষুণৰ পৰিমাণ কম। আনহাতে ব্রহ্মপুত্র সমভূমি আৰু উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া ধৰণৰ হয়।
১৪। ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।
উঃ বিশাল ভাৰতবৰ্ষৰ জলবায়ু আৰু মাটিৰ গুণাগুণ ভিন ভিন হোৱা বাবে ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ জন্মে। দেশখনৰ উদ্ভিদসমূহক মুঠতে ছয় ভাগত ভাগ কৰিব পাৰি। যেনেঃ
(ক) চিৰসেউজীয়া উদ্ভিদ
(খ) মৌচুমীয় উদ্ভিদ
(গ) কাঁইটীয়া মৰু উদ্ভিদ
(ঘ) তৃণজাতীয় উদ্ভিদ
(ঙ) ব-দ্বীপীয় উদ্ভিদ আৰু
(চ) পার্বত্য উদ্ভিদ।
১৫। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?
উঃ সাধাৰণতে যি অঞ্চলত বৰষুণৰ পৰিমাণ বছৰি ২০০ ছেন্টিমিটাৰতকৈ অধিক আৰু বার্ষিক গড় উত্তাপ ২৫০ ৰ পৰা ২৭০ চেন্টিগ্ৰেডৰ ভিতৰত তেনে অঞ্চলত চিৰ সেউজীয়া উদ্ভিদ প্ৰচুৰ পৰিমাণে জন্মে। ভাৰত মৌচুমী বতাহৰ দেশ হোৱা বাবে ভাৰতৰ বহু অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ফলত ভাৰতত প্ৰচুৰ পৰিমাণে চিৰসেউজীয়া উদ্ভিদ জন্মে। চিৰসেউজীয়া উদ্ভিদৰ পাত নসৰে। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ ভিতৰত বহু মূল্যৱান বৃক্ষ জাতীয় গছ যেনে: শিশু, শাল, ৰবৰ, চন্দন আদি প্ৰচুৰ পৰিমাণে দেখা যায়। অসম, মণিপুৰ, মিজোৰাম, মেঘালয়, হিমালয়ৰ নামনি অঞ্চল, পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদিত প্ৰচুৰ পৰিমাণে চিৰসেউজীয়া উদ্ভিদ উৎপন্ন হয়।
১৬। ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতত যথেষ্ট পৰিমাণে পার্বত্য অঞ্চল আছে আৰু সেই অঞ্চলবোৰত নানান ধৰণৰ উদ্ভিদ দেখা পোৱা যায়। অৱশ্যে পাহাৰৰ উচ্চতা, পৰ্বতৰ ঢাল, বৰষুণৰ পৰিমাণ, উত্তাপ আদিৰ ওপৰত উদ্ভিদৰ ভিন্নতা নিৰ্ভৰ কৰে। ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল:
(ক) ভাৰতৰ যি অঞ্চল গড়ে ১০০০ মিটাৰ উচ্চতাৰ আৰু মৌচুমী বায়ুৰ দ্বাৰা প্ৰভাৱিত তেনে অঞ্চলত মূল্যৱান শাল গছকে ধৰি নানান ধৰণৰ বাঁহজাতীয় উদ্ভিদ জন্মা দেখা যায়। বিশেষকৈ অসম, অৰুণাচল প্রদেশ, হিমালয়ৰ পাদদেশত এনেবোৰ গছ-গছনি প্ৰচুৰ পৰিমাণে জন্মে।
(খ) যিবোৰ অঞ্চল ১০০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতা সম্পন্ন তেনে অঞ্চলসমূহত বহল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া গছ দেখিবলৈ পোৱা যায়। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত তেনে সৰল গছ প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।
(গ) ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত দেৱদাৰু জাতীয় সৰল গছৰ অৰণ্য দেখিবলৈ পোৱা যায়। ভাৰতৰ কাশ্মীৰ, হিমাচল প্রদেশ, দার্জিলিং, ছিকিম আদি অঞ্চলত এনে গছ উভৈনদীকে উৎপন্ন হয়।
১৭। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?
উঃ জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ স্থান পৃথিৱীত দ্বিতীয়। চীনদেশৰ পিছতেই ভাৰতৰ স্থান। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১,২১,০১,৯৩,৪২২ জন।
২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গকিলোমিটাৰত ৩৮২ জন।
১৮। জনপ্রব্রজন কেইপ্ৰকাৰৰ আৰু কি কি?
উঃ মানুহে স্থায়ীভাবে বা অস্থায়ীভাবে এঠাইৰ পৰা আন ঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলে। জনপ্রব্রজন প্রধানকৈ দুই ভাগত ভাগ কৰা হৈছে। যেনে: আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন আৰু আভ্যন্তৰীণ প্রব্রজন। এখন দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় জনপ্ৰব্ৰজন বুলি কোৱা হয়। আনহাতে এখন দেশৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ হোৱা জনপ্রব্রজনক আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুলি কোৱা হয়।
১৯। জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্রভাব পৰিছে?
উঃ ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ এখন সুন্দৰ আৰু বৈচিত্রময় দেশ। এই দেশৰ প্রতি প্রাচীন কালৰ পৰাই বিদেশী লোকৰ কৌতূহল আছে। গতিকে ইতিহাসৰ ভিন ভিন সময়ত ভাৰতলৈ পৃথিৱীৰ ভিন ভিন দেশ বা অঞ্চলৰ পৰা ভিন ভিন জাতিৰ মানুহৰ প্ৰব্ৰজন ঘটিছে। এই প্রব্রজন বর্তমানেও ঘটি আছে। সাধাৰণতে বাংলাদেশ, নেপাল, ভূটান, পাকিস্থান, আফগানিস্থান আদি দেশৰ পৰা কম-বেছি পৰিমাণে ভাৰতলৈ প্ৰব্ৰজন ঘটি ভাৰতৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাই দেশখনত জনবিস্ফোৰণ ঘটাইছে। অৱশ্যে জনপ্রব্রজনৰ ফলত ভাৰতৰ সমাজ আৰু সাংস্কৃতিক দিশত বৈচিত্রতাও বৃদ্ধি পাই ভাৰতবৰ্ষ বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় লাভকৰিছে।
২০। ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।
উঃ ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য হ’ল:
(ক) ভাৰতৰ অৰ্থনীতি কৃষিপ্রধান
(খ) জনমুৰি আয় নিম্ন
(গ) দাৰিদ্ৰতা
(ঘ) জনমুৰি আয়ৰ বৃদ্ধি মন্থৰ
(ঙ) বর্ধিত নিবনুৱা সমস্যা।
(চ) পৰিকল্পনা ভিত্তিক উন্নয়ন।
২১। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আৰু কি কি?
উঃ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা ৭ খন। যেনেঃ (ক) দিল্লী (খ) চণ্ডীগড় (গ) আন্দামান নিকো বৰ দ্বীপপুঞ্জ (ঘ) দদ্ৰা আৰু নগৰ হাভেলী
(ঙ) দমন আৰু দিউ (চ) পণ্ডিচেৰী আৰু (ছ) লাক্ষাদ্বীপ।
২২। ভাৰতৰ বৰ্তমান ৰাজ্য কেহখন?
উঃ বৰ্তমান ভাৰতৰ ৰাজ্যৰ সংখ্যা ২৯ খন।
২৩। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান?
উ: ভাৰতবৰ্ষৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম তেলেঙ্গেনা। ইয়াৰ মাটিকালি ১,১৪,৮৪০ বর্গকি.মি.।
অতিৰিক্ত প্রশ্নোত্তৰ :
১। ভাৰতৰ মণিপুৰত থকা হ্রদটোৰ নাম কি?
উঃ লক।
২। ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন?
উঃ উত্তৰ প্ৰদেশ।
৩। হিমালয় পর্বতশ্রেণী কোন যুগত সৃষ্টি হৈছিল?
উঃ টাৰচিয়েৰী যুগত। আদিতে ইয়াত সাগৰ আছিল।
৪। বর্তমান হিমালয় পর্বতে আগুৰি থকা ঠাইখিনিত বহু আগতে এখন সাগৰ আছিল। সাগৰখনৰ নাম কি?
উঃ টেথিছ সাগৰ।
৫। গংগা নদীৰ উৎপত্তিস্থল ক’ত?
উঃ হিমালয়ৰ গংঙ্গোত্রী নামৰ হিমবাহ।
৬। উপমহাদেশ বুলিলে কোনখন দেশক বুজায়?
উঃ ভাৰতবৰ্ষক।
৭। দাক্ষিণাত্য মালভূমিৰ আকৃতি কেনেকুৱা?
উঃ ত্রিভুজাকাৰ।
৮। ভাৰতৰ মুঠ প্রাকৃতিক ভাগ কেইটা?
উঃ ৫ টা।
৯। পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ভাৰতত বাস কৰে?
উঃ ১৭.৫%। ০০০