Class 9 Social Science Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ
দ্বিতীয় খণ্ড: ভূগোল
অধ্যায়-২
বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। বায়ুমণ্ডল কাক বোলে? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।
উঃ ভূপৃষ্ঠৰ পৰা কিছু ওপৰলৈ বিস্তৃত পৃথিৱীৰ চাৰিওফালে বায়ুৰ যি গেছীয় আৱৰণ আছে তাকে ‘বায়ুমণ্ডল’ বোলে। বায়ুমণ্ডল বিভিন্ন গেছৰ দ্বাৰা গঠিত। যেনেঃ নাইট্রজেন ৭৮.০৮% আৰু অক্সিজেন ২০.৯৪%। ইয়াৰ বাহিৰেও সামান্য পৰিমাণে আর্গন ০.৯৩%, কার্বন-ডাই-অক্সাইড ০.০৩৬% আৰু নিয়ন, হিলিয়াম, মিথেন ক্রিপটন, হাইড্র’জেন, অ’জন, জেনন আদি ০.০১৪%।
২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।
উঃ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ দুটা ভাগত ভগোৱা হৈছে। যেনেঃ হম’স্ফিয়েৰ আৰু হেটেৰ ‘স্ফিয়েৰ।
হ’লঃ এই স্তৰ দুটাৰ বিষয়ে চমুকৈ আলোচনা কৰা
(ক) হম’স্ফিয়েৰঃ ভূ-পৃষ্ঠৰ পৰা ৮০ কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ গঠন প্রায় একে বাবে এই স্তৰটোক হম’স্ফিয়েৰ বুলি কোৱা হয়। এই স্তৰটোক উত্তাপৰ ভিত্তিত তিনিটা ভাগত ভাগ কৰা হৈছে, যেনেঃ ট্রপ’স্ফিয়েৰ, স্ট্রেট ‘স্ফিয়েৰ আৰু মেছ’স্পিয়েৰ। হম’স্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰৰ মাজৰ সীমাটোক মেছ’পজ বোলে।
(খ) হেটেৰ’স্ফিয়েৰ: মেছ’পজৰ ওপৰৰ স্তৰলৈ থকা বায়ুৰ আভৰণটোক হেটেৰ ‘স্ফিয়েৰ বুলি কোৱা হয়। মেছ’পজৰ পৰা যিমানে ওপৰলৈ যোৱা যায় সিমানে উত্তাপৰ মাত্ৰা দ্রুত হাৰত বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত গেছবোৰৰ ৰাসায়নিক গঠন সলনি হয়। এই স্তৰত গেছবোৰে সিহঁতৰ আনবিক ভৰ অনুসৰি অৱস্থান গ্রহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে। এই তৰপবোৰ হৈছে নাইট্ৰ’জেনৰ তৰপ, অক্সিজেনৰ তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্ৰ’জেনৰ তৰপ। নাইট্ৰ’জেনৰ তৰপটো ৮০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰ উচ্চতালৈ আছে। অক্সিজেনৰ তৰপটো ১১২৫ কি. মি. আৰু হিলিয়ামৰ তৰপটো ৩৫৪০ কি. মি. উচ্চতালৈকে আছে। হাইড্ৰ’জেনৰ তৰপটো ১০০০০ কি.মি. পর্যন্ত বিয়পি আছে।
৩। উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।
উঃ উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক পাঁচটা ভাগত ভাগ কৰা হৈছে। যেনেঃ ট্রপ’স্ফিয়েৰ, স্ট্রেট ‘স্ফিয়েৰ, মেছ’স্ফিয়েৰ, থার্মস্ফিয়েৰ আৰু এক্স’স্ফিয়েৰ। তলত এইবোৰ স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ আলোচনা কৰা হ’ল:
(ক) ট্রপ’ম্ফিয়েৰঃ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ ঔৰটো হৈছে ট্রপ’স্ফিয়েৰ। এই স্তৰটোৰ উচ্চতা সকলো ঠাইতে সমান নহয়। এই স্তৰটোৰ গড় উচ্চতা ১২ কি. মি.। এই স্তৰটো ভূ-পৃষ্ঠৰ লগত লাগি থকাৰ বাবে ইয়াৰ বায়ুত অধিক পৰিমাণে জলীয় বাষ্প থাকে। এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা বতাহৰ লগতে বতৰৰ ক্ৰিয়া-কলাপ সংঘটিত হয়।
(খ) স্ট্রেট ‘স্ফিয়েৰঃ বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোক স্টেট’ স্ফিয়েৰ বুলি কোৱা হয়। এই দুয়োটা স্তৰৰ মাজৰ সীমাটোক ট্রপ’পজ বুলি কোৱা হয়। স্ট্রেট’স্ফিয়েৰত বায়ুৰ উষ্ণতা ক্রমে বাঢ়ি যায়। এই স্তৰৰ নিম্নভাগত উত্তাপ প্রায় ৬০০ ছেন্টিগ্রেড। এই উত্তাপ ক্রমে বাঢ়ি গৈ উচ্চ ভাগত প্রায় ০° ছেন্টিগ্রেড হয়গৈ। এই স্তৰটোত অ’জন গেছৰ এটা স্তৰ আছে। এই গেছৰ অণুয়ে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত স্ট্রেট ‘স্ফিয়েৰত উত্তাপ পৰিমাণ বাঢ়ি যায়। এই স্তৰৰ ঊর্ধ্বসীমাটোক স্টেটপ’জ বোলে।
(গ) মেছ’ম্ফিয়েৰঃ বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়েৰৰ ঊর্ধ্বসীমা ষ্টেটপ’জৰ ওপৰৰ স্তৰটো হৈছে মেছ’স্ফিয়েৰ। স্টেটপ’জৰ পৰা ৩০কি. মি. উচ্চতালৈ ইয়াৰ বিস্তৃতি। এই স্তৰটোৰ প্রায় ৮০ কি. মি. উচ্চতাৰ শেষ সীমা মেছ’পজত নিম্নতম উষ্ণতা ১০০° ছেন্টিগ্রেড।
(ঘ) থার্ম’ম্ফিয়েৰ: মেছ’স্ফিয়েৰৰ উৰ্ধসীমা মেছ’পজৰ ওপৰৰ ঔৰটো থার্ম’স্ফিয়েৰ বা তাপমণ্ডল। এই স্তৰটো ৮০ কি.মি. উচ্চতাত থকা মেছ’পজৰ পৰা প্ৰায় ৪০০ কি. মি. উচ্চতালৈ বিস্তৃত। এই স্তৰত বায়ুৰ উষ্ণতা প্রায় ১৬৫০° ছেন্টিগ্রেড। ইয়াত বায়ুৰ ঘনত্ব প্রায় শূন্যলৈ হ্রাস পায়। ৰেডিঅ’ তৰংগ এই স্তৰৰ পৰা প্ৰতিফলিত হয়।
(ঙ) এক্সস্ফিয়েৰ: থার্ম’স্ফিয়েৰ মণ্ডলত বায়ুমণ্ডলৰ প্ৰায় ৪০০ কি. মি. ৰ পৰা ১০০০ কি. মি. উচ্চতালৈ এক্স’স্ফিয়েৰ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন। ইয়াত হাইড্র’জেন আৰু হিলিয়াম গেছৰ প্রাধান্য আছে। ইয়াৰ উষ্ণতা প্রায় ৫৫৫০° চেন্টিগ্রেডলৈ বৃদ্ধি পায়।
৪। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা।
উঃ বায়ু এবিধ গেছীয় পদার্থ যদিও ইয়াৰ ওজন আৰু চাপ আছে। ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপ হ্রাস পায়।
বায়ুমণ্ডলত বায়ুৰ চাপৰ তাৰতম্য হোৱাৰ কাৰণ দুটা, যেনেঃ (ক) বায়ুৰ উষ্ণতা আৰু (খ) পৃথিৱী পৃষ্ঠৰ উচ্চতা।
(ক) বায়ুৰ উষ্ণতা: পৃথিবীপৃষ্ঠত তাপৰ বিতৰণ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। উষ্ণতা বেছি হ’লে বায়ুৰ চাপ হ্রাস পায়। শীতল বায়ুৰ জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক ব্যুয়ৰ চাপ বেছি। অর্থাৎ উষ্ণতা বৃদ্ধি পালে বায়ুৰ চাপ হ্রাস পায়। সেই কাৰণে বিষুব অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বেছি হয়।
(খ) পৃথিবীপৃষ্ঠৰ উচ্চতা: সমুদ্রপৃষ্ঠৰ পৰা যিমানে উচ্চতালৈ যোৱা যায় সিমানে বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্রাস পায়। বায়ুমণ্ডলত গভীৰতা হ্রাস পালে ইয়াৰ ভৰ কম হয়। ফলত চাপ কমে। প্রতি ৯০০ ফুট উচ্চতা বৃদ্ধিত বায়ুৰ চাপ ১ ইঞ্চি হাৰত হ্রাস পায়।
৫। চিত্ৰৰ সহায়ত পৃথিবীৰ প্রধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।
উঃ বায়ুমণ্ডলৰ চাপ পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বায়ু প্রবাহৰ গতি-বিধিও ভিন ভিন হয়। পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইত বায়ুৰ চাপৰ তাৰতম্য অনুসৰি প্ৰধানকৈ চাৰিটা বলয়ত ভাগ কৰা হৈছে। যেনেঃ নিৰক্ষীয় নিম্ন চাপ বলয়, উপক্রান্তীয় উচ্চচাপ বলয়, উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়। তলত এই চাপবলয়বোৰৰ বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা হ’ল:
(ক) নিৰক্ষীয় নিম্নচাপ বলয়ঃ বিষুব ৰেখাৰ উত্তৰে ১০০ অক্ষাংশ আৰু দক্ষিণে ১০০ অক্ষাংশৰ মাজৰ অঞ্চলখিনি নিৰক্ষীয় নিম্নচাপ বলয়ৰ অন্তৰ্গত। এই বলয়ত প্রায় গোটেই বছৰ সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে বাবে বায়ু পাতল হৈ ঘনত্ব হ্রাস পায়। ফলত নিম্ন চাপৰ সৃষ্টি হয়। এই অঞ্চলত জলভাগ বেছি কাৰণে জলীয় বাষ্প উত্তপ্ত হৈ উর্ধ্বগামী হয়। এই বলয়ত বতাহ প্রায় শান্ত অৱস্থাত থাকে।
(খ) উপক্রান্তীয় উচ্চচাপ বলয়ঃ বিষুৱ ৰেখাৰ উত্তৰে ২৫০- ৩৫০ অক্ষাংশ আৰু দক্ষিণে ২৫০-৩৫০ অক্ষাংশৰ মাজৰ অঞ্চলখিনি উপক্রান্তীয় উচ্চচাপ বলয়ৰ অন্তৰ্গত। নিৰক্ষীয় অঞ্চলত উর্ধ্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণফালে অগ্ৰসৰ হয় আৰু লাহে লাহে চেচাঁ আৰু গধুৰ হ’বলৈ ধৰে। উত্তৰ কৰ্কট ক্রান্তি আৰু দক্ষিণ মকৰক্ৰান্তিৰ ওচৰত গধুৰ আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। উপক্রান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ বুলিও কোৱা হয়। এই মণ্ডলটো ঋতুভেদে উত্তৰ আৰু দক্ষিণলৈ প্ৰসাৰিত হয়।
(গ) উপমেৰুদেশীয় নিম্নচাপ বলয়ঃ এই বলয়টো উত্তৰ গোলার্ধৰ ৬০০- ৭০০ অক্ষাংশ আৰু দক্ষিণে ৬০০-৭০০ অক্ষাংশৰ মাজত অৱস্থিত। উত্তৰ আৰু দক্ষিণ গোলার্ধত আৱৰ্তনৰ গতি দুই মেৰুতকৈ বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্রান্তীয় অঞ্চললৈ বিক্ষিপ্ত হৈ বয় আৰু তেতিয়াই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ হ্রাস পাই নিম্নচাপৰ সৃষ্টি হয়। ঋতুভেদে এই মণ্ডলটো উত্তৰ আৰু দক্ষিণলৈ গতি কৰে।
(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়ঃ দুই মেৰু অঞ্চলত সূৰ্যৰ তাপ নপৰা বাবে অতিপাত ঠাণ্ডা আৰু গোটেই অঞ্চল বৰফেৰে আবৃত। এই অঞ্চলত জলীয়বাষ্প প্রায় নাইয়েই। সেয়ে দুই মেৰু অঞ্চলত স্থায়ীভাবে বায়ুৰ উচ্চচাপ থাকে।
৬। পৃথিবীত অনুকূল প্রাকৃতিক পৰিবেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা।
উঃ পৃথিৱীৰ অনুকূল প্রাকৃতিক পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। বায়ুমণ্ডলে পৃথিৱীত জীৱজগত বৰ্তি থাকিবৰ বাবে নানান ধৰণৰ উদ্ভিদ, ফলমূল, শস্য, বায়ু, পানী আদি সৃষ্টি কৰি এক অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে। ই জীৱজগতৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ গেছসমূহ যোগান ধৰে। বায়ুমণ্ডলে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা দি জীৱগজতক বর্তি থকাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু বতৰৰ পৰিৱৰ্তন হয়। এইদৰেই বায়ুমণ্ডলে পৃথিৱীত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে।
৭। বায়ুপ্রবাহ কাক বোলে? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা।
উঃ গতিশীল বায়ুক ‘বায়ুপ্রবাহ’ বোলে। বায়ুৰ গতি দুই প্ৰকাৰৰ: অনুভূমিক প্রবাহ আৰু উলম্বিক প্রবাহ।
বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু স্থানভেদে বায়ুৰ চাপৰ তাৰতম্য বায়ুপ্রবাহৰ মূল কাৰণ। বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চলৰ ফালে প্রবাহিত হয়। কোনো ঠাইৰ বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হয় আৰু ওপৰলৈ উঠি যায়। জলীয় বাষ্পপূর্ণ বায়ুও পাতল হয় আৰু ওপৰলৈ উঠি যায়। ভূপৃষ্ঠত বায়ুৰ চাপৰ সমতা ৰক্ষাৰ বাবে চাৰিওফালৰ পৰা উচ্চচাপ অঞ্চলৰ পৰা বায়ু ধাবিত হৈ বায়ু প্রবাহৰ সৃষ্টি কৰে।
৮। বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিক নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।
উঃ বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো হ’ল বায়ুমণ্ডলত উত্তাপৰ তাৰতম্য আৰু স্থানভেদে বায়ুৰ চাপৰ তাৰতম্য।
বায়ুৰ গতি আৰু দিক নিৰ্ধাৰণৰ কাৰকসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল:
(ক) চাপনতি শক্তি: ভূ-পৃষ্ঠৰ বায়ুমণ্ডলত চাপৰ তাৰতম্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে বায়ুপ্রবাহৰ সৃষ্টি কৰে। এই শক্তিকে ‘চাপনতি শক্তি’ বোলে। অর্থাৎ দুখন ঠাইৰ বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ হাৰকে ‘চাপনতি’ বোলে। এই হাৰ নিৰ্ভৰ কৰে ঠাই দুখনৰ চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত।
(খ) মধ্যাকর্ষণ শক্তিঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে বায়ুপ্রবাহত এক চালিকা শক্তি হিচাপে কাম কৰে। পৃথিৱীৰ চাৰিওফালে আবৰি থকা সমগ্র বায়ুমণ্ডলখন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখে। এই মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণ ভূ-পৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্রাস পাই থাকে ফলত বায়ুৰ চাপ বা ওজনো ক্রমে হ্রাস পায়।
(গ) অপকেন্দ্রিক শক্তিঃ পৃথিৱীৰ আহ্নিক গতিৰ কাৰণে ই নিজ মেৰুদণ্ডৰ ওপৰত আৱৰ্তন কৰে। ফলত ইয়াৰ কেন্দ্ৰৰ পৰা এক বহির্মুখী শক্তিৰ সৃষ্টি হয়। এই বহির্মুখী শক্তিকে ‘অপকেন্দ্রিক শক্তি’ বোলে। এই অপকেন্দ্রিক শক্তিৰ বাবে বতাহৰ গতি আৰু দিশৰ কিছু বিক্ষেপণ হয়। এই শক্তিকে ‘কোৰিওলিছ বল’ বুলি কোৱা হয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই শক্তিৰ বাবে উত্তৰ গোলার্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলার্ধত বায়ু বাওঁফালে সলনি হৈ প্রবাহিত হয়। ইয়াকে ‘ফেৰলৰ সূত্র’ বোলে।
(ঘ) ঘর্ষণ শক্তি: বায়ু প্রবাহত ঘর্ষণ শক্তিয়েও এক বিশেষ ভূমিকা পালন কৰে। পৃথিৱীৰ উপৰিভাগ খলা-বমা হোৱা বাবে অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত থকা পাহাৰ-পৰ্বত, গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰ বাবে বতাহৰ গতিবেগ হ্রাস পায়। আনহাতে মৰুভূমি, জলপৃষ্ঠ আদিৰ ওপৰেদি বতাহ বৈ যাওঁতে কোনো বাধা নাপায় ফলত বতাহৰ গতিবেগ বৃদ্ধি পায়।
৯। ‘কোৰিওলিচ বল’ বুলিলে কি বুজায়?
বতাহৰ গতি নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ বর্ণনা কৰা।
উঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে বায়ুপ্রবাহত এক চালিকা শক্তি হিচাপে কাম কৰে। পৃথিৱীৰ চাৰিওফালে আবৰি থকা বায়ুমণ্ডলখন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখে। এই মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণ ভূ-পৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্রাস পায় ফলত বায়ুৰ চাপ বা ওজন ক্রমে হ্রাস পায়।
১০। ‘চাপনতি শক্তি’ বুলিলে কি বুজায়? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি?
উঃ বায়ুমণ্ডলত চাপৰ তাৰতম্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে বায়ুপ্রবাহৰ সৃষ্টি কৰে। এই শক্তিকে ‘চাপনতি শক্তি’ বোলে। অর্থাৎ দুখন ঠাইৰ বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ হাৰকে ‘চাপনতি’ বোলে। এই হাৰ নিৰ্ভৰ কৰে ঠাই দুখনৰ চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। এই চাপনতিৰ ফলত বায়ুমণ্ডলত প্রবাহিত বতাহৰ গতিবেগ আৰু দিশৰ পৰিৱৰ্তন ঘটে।
১১। বায়ুপ্রবাহত পৃথিবীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা চমুকৈ লিখা।
উঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে বায়ুপ্রবাহত এক চালিকা শক্তি হিচাপে কাম কৰে। পৃথিৱীৰ চাৰিওফালে আবৰি থকা সমগ্র বায়ুমণ্ডলখন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখে। এই মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণ ভূ-পৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্রাস পায় ফলত বায়ুৰ চাপ বা ওজন ক্রমে হ্রাস পায়।
১২। বতাহৰ নামকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়?
উঃ ভূ-পৃষ্ঠৰ বছৰৰ বিভিন্ন সময়ত, বিভিন্ন দিশৰ পৰা আৰু বিভিন্ন গতিবেগেৰে প্ৰবাহিত হোরা বতাহক নামকৰণ কৰা হৈছে। সাধাৰণতে যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুযায়ী বতাহৰ নামকৰণ কৰা হয়। যেনে দক্ষিণ দিশৰ পৰা বলা বতাহক দক্ষিণা বতাহ, পশ্চিম দিশৰ পৰা প্ৰৱাহিত হোৱা বতাহক পশ্চিমা বতাহ বোলা হয়। আনহাতে যি ঠাই বা অঞ্চলৰ পৰা বতাহ প্রবাহিত হয় সেই ঠাইৰ নামেৰেওে বতাহক কেতিয়াৱা নামকৰণ কৰা হয়। যেনে: সমুদ্ৰৰ ওপৰেদি প্রবাহিত বা সমুদ্ৰৰ পৰা অহা বতাহক ‘সামুদ্রিক বতাহ’ বোলে। সেইদৰে মৰুভূমিৰ মাজেদি বৈ যোৱা বতাহক ‘মৰু বতাহ’ বোলে।
১৩। বতাহৰ গতিবেগ কেনেকৈ নির্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি কি?
উ: এনিম’মিটাৰ নামৰ যন্ত্ৰৰ দ্বাৰা বতাহৰ গতিবেগ জোখা হয়। আকৌ এনিম’গ্রাফ নামৰ যন্ত্ৰৰ দ্বাৰা স্বয়ংক্রিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰিব পৰা যায়।
বতাহৰ গতিবেগ প্রকাশৰ একক হ’ল: ‘নট’। ১ নট মানে প্রতি ঘন্টাত ১ নটিকেল মাইল। ১ নটিকেল মাইল = ১.৮৫৪ কিলোমিটাৰ।
১৪। বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উঃ বিস্তৃতিৰ ওপৰত ভিত্তি কৰি বতাহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনেঃ মুখ্য বা প্রাথমিক বায়ু প্রবাহ, গৌণ বায়ুপ্রবাহ আৰু স্থানীয় বায়ুপ্রবাহ।
১৫। প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায়?
এখন চিত্রত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উঃ ভূপষ্ঠত স্থায়ীভারে থকা চাপবলয়সমূহত সমগ্র পৃথিবীজুৰি নিয়মিতভাৱে যি বায়ুৰ চলাচল হৈ আছে তাকে ‘প্রাথমিক বা মুখ্য বায়ু প্রবাহ’ বোলে। এই প্রাথমিক বায়ু প্রবাহক নিয়মিত বতাহ বা নিয়ত বতাহবুলিও কোৱা হয়। এই স্থায়ী বতাহসমূহ অহৰহ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধৰ উপক্রান্তীয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ প্রবাহিত হৈ আছে। প্রাথমিক বায়ু প্রবাহত অন্তর্ভুক্ত তিনিবিধ বায়ু প্রবাহ হ’ল: বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ।
১৬। গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা।
উঃ ভূ-অবয়বৰ প্ৰকৃতি, বিস্তৃতিৰ বিভিন্নতা, আঞ্চলিক আৰু ঋতুভিত্তিক চাপৰ তাৰতম্য আদিৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্রবাহসমূহক ‘গৌণ বায়ুপ্রবাহ’ বোলে। ইয়াৰ অন্তর্গত বতাহবোৰ হ’ল: ঘূর্ণী বতাহ, প্রদীপ ঘূর্ণী বতাহ, বায়ুৰাশি, বাতাগ্র, মৌচুমী বতাহ আদি।
এখন ঠাইৰ জলবায়ু নির্ধাৰণত গৌণ বতাহৰ তাৎপর্য আছে। এই গৌণ বতাহৰ বাবে বতৰৰ পৰিৱৰ্তন হয়।
১৭। স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়? উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উঃ ভূ-অবয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্রবাহৰ সৃষ্টি হয় তাকে ‘স্থানীয় বতাহ’ বোলে। ইয়াক অস্থায়ী বা অনিয়মিত বায়ু প্রবাহ বুলিও কোৱা হয়। কিছুমান স্থানীয় বতাহ হ’ল জলবতাহ, স্থল বতাহ, ভৈয়াম বতাহ, লু, চিনুক, ফ’ন আদি। পৃথিৱীৰ উপৰিভাগত স্থানীয় পর্যায়ত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে স্থানীয় বতাহ প্রবাহিত হয়। স্থানীয় বতাহে একোটা নিদ্দিষ্ট অঞ্চলৰ বতৰৰ পৰিৱৰ্তন ঘটায়।
১৮। ‘ঘূর্ণী বতাহ’ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা।
উঃ বায়ুমণ্ডলৰ ক্ৰান্তীয় অঞ্চলত উৎপত্তি হোৱা কোনো নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা তীব্ৰ বেগত অহা গধুৰ বতাহে মুখামুখি সংগৰ্ষত লিপ্ত হৈ যি চক্রাকাৰ গতি লয় তাকে ‘ঘূর্ণী বতাহ’ বোলে। ঘূর্ণী বতাহ দুই প্ৰকাৰৰ, যেনেঃ ক্রান্তীয় ঘূর্ণী বতাহ আৰু বহিঃক্রান্তীয় বা মধ্য অক্ষাংশীয় ঘূর্ণী বতাহ। এখন ঠাইৰ বতৰ বা জলবায়ুত ঘূর্ণী বতাহে প্রভাৱ পেলায়। যেনেঃ ঘূর্ণী বতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাষাৰ বৰষুণ হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ’লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনীসহ ধুমুহা বৰষুণ হয়। পিছত বৰষুণ নোহোৱাকৈয়ে আকাশখন মুকলি হয় আৰু ৰিব ৰিক্ বতাহ চলি থাকে আৰু বতৰ ঠাণ্ডা হয়।
১৯। ‘বায়ুৰাশি’ কাক বোলে? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি?
উঃ উত্তাপ, আর্দ্রতা আদি গুণসম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জকে ‘বায়ুৰাশি’ বোলে। বায়ু দীর্ঘকাল স্থিৰ অৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ভূমিৰ গুণ অনুসৰি বায়ুয়ে নির্দিষ্ট তাপ আৰু আর্দ্রতা আহৰণ কৰে। বায়ুৰাশিৰ উৎস স্থান আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনেঃ
(ক) ক্রান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি
(খ) ক্রান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি
(গ) মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি আৰু
(ঘ) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।
এখন ঠাইৰ জলবায়ু নির্ধাৰণত বায়ুৰাশিয়ে যথেষ্ট প্রভাৱ পেলায়। যেনে যি অঞ্চলৰ মাজেদি বায়ুৰাশি গতি কৰে ই সেই অঞ্চলৰ ধৰ্মবোৰ গ্ৰহণ কৰে। সমুদ্র অঞ্চলৰ পৰা প্ৰবাহিত হোৱা বায়ুৰাশিয়ে প্ৰচুৰ পৰিমাণে জলীয় বাষ্প কঢ়িয়ায়। ফলত ই বৈ যোৱা অঞ্চলৰ বতৰ সেমেকা হয়। আনহাতে ক্রান্তীয় মৰুভূমিৰ ওপৰেদি বৈ যোৱা বায়ুৰাশি শুকান আৰু উষ্ণ হয়।
২০। ‘বাতাগ্র’ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা।
উঃ যেতিয়া উষ্ণতা, আর্দ্রতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰ সন্মুখীন হয় আৰু দুয়োটাৰ মাজত লগে লগে মিশ্রণ নঘটি এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা ৰেখাৰ সৃষ্টি হয়, তাকে ‘বাতাগ্র’ বোলা হয়।
দুটা চৰ্তত বাতাগ্ৰৰ সৃষ্টি হয়। যেনেঃ
(ক) বায়ুৰাশি এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ’ব লাগিব।
(খ) বায়ুপ্রবাহ অভিসাৰী হ’ব লাগিব যাতে দুয়োটা বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্রবাহিত হয় আৰু উষ্ণ পাতল বায়ু, শীতল গধুৰ বায়ুৰ ওপৰত অৱস্থান কৰি সাম্য বা সুস্থিৰ অৱস্থাত থাকে। বাতাগ্ৰৰ গুণাগুণ আৰু প্ৰকৃতিৰ ভিত্তিত ইয়াক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনেঃ শীতল বাতাগ্র, উষ্ণ বাতাগ্র, অচল বাতাগ্র আৰু অন্তধৃত বাতাগ্র।
বাতাগ্ৰ আৰু জলবায়ুৰ মাজত সম্পর্ক আছে। কাৰণ বাতাগ্ৰ অঞ্চলত চাপনতি বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপসৰণ হয় আৰু বাতাগ্র অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আর্দ্রতাৰ পৰিৱৰ্তন হৈ ডাৱৰৰ সৃষ্টি হয় ফলত সেই অঞ্চলৰ জলবায়ু সেমেকা হয়।
২১। ‘মৌচুমী বতাহ’ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত স্পষ্ট?
উঃ ঋতুৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ু প্রবাহকে ‘মৌচুমী বতাহ’ বোলে। মৌচুমী বতাহ হৈছে ক্রান্তীয় আৰু উপক্রান্তীয় অঞ্চলৰ এক আঞ্চলিক বায়ু প্রবাহ।
গ্রীষ্মকালত আৰব সাগৰ আৰু বঙ্গোপ সাগৰৰ পৰা প্রবাহিত দক্ষিণ-পশ্চিম আৰু দক্ষিণ-পূর মৌচুমী বতাহ বয়। শীতকালত শুকান উত্তৰ-পূৱ মৌচুমী বতাহে বঙ্গোপ সাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ পিনে অগ্ৰসৰ হয়।
গ্রীষ্মকালত মৌচুমী বতাহৰ ফলত মেঘালয়ৰ দক্ষিণ অংশ, অসমৰ পাৰ্বত্য অঞ্চলৰ পাদভূমিত আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ হয়।
২২। কাৰণ দর্শাই উত্তৰ লিখা:
(ক) ট্রপ’ম্ফিয়েৰ স্তৰটোতে প্রধানকৈ বতৰৰ ক্ৰিয়া-কলাপ কিয় সংঘটিত হয়?
উঃ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্রপ’স্ফিয়েৰ। এই স্তৰটোৰ উচ্চতা সকলো ঠাইতে সমান নহয়। এই স্তৰটোৰ গড় উচ্চতা ১২ কি. মি.। এই স্তৰটো ভূপৃষ্ঠৰ লগত লাগি থকাৰ বাবে ইয়াৰ বায়ুত অধিক পৰিমাণে জলীয় বাষ্প থাকে। এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা বতাহৰ লগতে বতৰৰ ক্ৰিয়া-কলাপ সংঘটিত হয়।
(খ) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ’ব?
উঃ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি হ’লে জীৱ-জন্তুৰ বাবে শ্বাস-প্রশ্বাসত অসুবিধা আৰু জটিলতাই দেখা দিব। ফলত জীৱ-জগত ধ্বংসৰ গৰাহত পৰিব। পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হ’ব আৰু ভূপৃষ্ঠৰ উষ্ণতা বাঢ়ি যাব।
(গ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি?
উঃ জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰিলে বায়ু আদ হয়। আদ বায়ুৰ চাপ কম। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম। সেয়ে শুষ্ক বায়ুৰ চাপ বেছি হয়। মুঠতে উষ্ণতা বৃদ্ধিপালে বায়ুৰ চাপ হ্রাস পায়।
(ঘ) অ’জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাথে?
উঃ অ’জন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। এনেদৰে অ’জন গেছে অতি বেঙুনীয়া ৰশ্মিক বাধা দি পৃথিবীৰ জীৱকুলক সুৰক্ষা দি আছে।
(ঙ) সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি?
উঃ বায়ু স্বাভাৱিকতে সংকোচনশীল বাবে তলৰ স্তৰৰ বায়ু সংকোচনশীল হৈ পৰে। বায়ু সংকোচন হ’লে ঘনত্ব বাড়ে। ঘনত্ব বাঢ়িলে বায়ুৰ চাপ বাড়ে। সাগৰ পৃষ্ঠ বায়ুমণ্ডলৰ নিম্নস্তৰ হোৱা বাবে সাগৰত বায়ুৰ চাপৰ মাত্রা অতি বেছি।
(চ) ট্ৰ’পম্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি আৰু মেৰু অঞ্চল আৰু বিষুবীয় অঞ্চলত কিয় বেলেগ বেলেগ?
উঃ বিষুব অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে। ফলত তাত উষ্ণতা সর্বাধিক হয়। আনহাতে মেৰু অঞ্চলৰ পিনে সূৰ্যৰ ৰশ্মি ক্রমান্বয়ে হেলনীয়াহৈ পৰে বাবে তাপ কম হয়।
(ছ) নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয়?
উ: নিৰক্ষীয় অঞ্চলত স্থায়ীভাবে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে। কাৰণ ইয়াত জলীয় বাষ্প বেছি থাকে। নিৰক্ষীয় নিম্নচাপ অঞ্চলৰ বায়ু উত্তপ্ত হৈ উর্ধ্বগামী হয়। সেয়ে তাত সমান্তৰালভাবে বতাহ বলা অনুভূত নহয়।
২৩। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়াঃ
(ক) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?
উঃ বায়ুমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা ১০,০০০ কি.মি. উচ্চতালৈ বিস্তৃত।
(খ) ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে?
উঃ ভূপষ্ঠৰ পৰা ৮০ কি.মি. উচ্চতালৈ বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে।
(গ) হ’মম্ফিয়েৰ আৰু হেটেৰ ‘স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?
উঃ হ’মম্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰৰ মাজৰ সীমাৰেখাটোৰ নাম ‘মেছ’পজ’।
(ঘ) ফেৰেলৰ সূত্ৰটো কি?
উঃ পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা শক্তিৰ বাবে উত্তৰ গোলার্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলার্ধত বায়ু বাওঁফালে সলনি হৈ প্রবাহিত হয়। ইয়াকে ‘ফেৰলৰ সূত্র’ বোলে।
(ঙ) বিউফট স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পর্কে চমুকৈ লিখা।
উঃ ব্রিটিছ বিজ্ঞানী ফ্রেন্ডিজ বিউফর্টে প্রস্তুত কৰা ০-১২ নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে ‘বিউফর্ট স্কেল’ বোলে।
(চ) লেচ হাৰ কি চমুকৈ লিখা।
উঃ সাগৰ পৃষ্ঠৰ পৰা প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত ৬.৫ চেন্টিগ্রেডকৈ বায়ুৰ উষ্ণতা হ্রাস পায়। ইয়াকে ‘লেপচ হাৰ’ বোলে।
২৪। চমুটোকা লিখাঃ
(ক) হ’ম’স্ফিয়েৰ
উঃ ভূপৃষ্ঠৰ পৰা ৮০ কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ গঠন প্রায় একে বাবে এই স্তৰটোক হ’ম’স্ফিয়েৰ বুলি কোৱা হয়। এই স্তৰটোক উত্তাপৰ ভিত্তিত তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে: ট্রপ’স্ফিয়েৰ, স্ট্রেট’স্ফিয়েৰ আৰু মেছ’স্পিয়েৰ। হ’ম’স্ফিয়েৰ আৰু হেটেৰ ‘স্ফিয়েৰৰ মাজৰ সীমাটোক ‘মেছ’পজ’ বোলে।
(খ) হেটেৰ’স্ফিয়েৰ
উঃ মেছ’পজৰ ওপৰৰ ঔৰলৈ থকা বায়ুৰ আবৰণটোক হেটেৰ’স্ফিয়েৰ বুলি কোৱা হয়। মেছ’পজৰ পৰা যিমানে ওপৰলৈ যোৱা যায় সিমানে উত্তাপৰ মাত্ৰা দ্রুত হাৰত বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত গেছবোৰৰ ৰাসায়নিক গঠন সলনি হয়। এই স্তৰত গেছবোৰে সিহঁতৰ আনবিক ভৰ অনুসৰি অৱস্থান গ্ৰহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে। এই তৰপবোৰ হৈছে নাইট্ৰ’জেনৰ তৰপ, অক্সিজেনৰ তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্ৰ’জেনৰ তৰপ। নাইট্ৰ’জেনৰ তৰপটো ৮০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰ উচ্চতালৈ আছে। অক্সিজেনৰ তৰপটো ১১২৫ কি. মি. আৰু হিলিয়ামৰ তৰপটো ৩৫৪০ কি. মি. উচ্চতালৈকে আছে। হাইড্ৰ’জেনৰ তৰপটো ১০০০০ কি.মি. পর্যন্ত বিয়পি আছে।
(গ) বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক
উঃ বায়ুৰ তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় ফলত ইয়াৰ ঘনত্ব হ্রাস পায়। ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধি পালে বায়ুমণ্ডলৰ চাপ হ্রাস পায়।
(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়
উঃ মেৰু অঞ্চল বৰফেৰে আবৃত। এই অঞ্চল অতিপাত ঠাণ্ডা। ইয়াত জলীয় বাষ্প প্রায় নাই বুলিবই পাৰি। সেয়ে মেৰু অঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে আৰু ইয়াৰ বায়ুৰ চাপক ‘মেৰুদেশীয় উচ্চচাপ বলয়’ বোলে।
(ঙ) বায়ুপ্রবাহ তন্ত্র।
উঃ বায়ুপ্রবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্রিয়া-কলাপৰ মাধ্যম যিয়ে অহৰহ উত্তাপ, আর্দ্রতা আৰু বায়ুমণ্ডলৰ ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। ইয়াক ‘বায়ুপ্রবাহ তন্ত্র’ বোলে।
(চ) চাপনতি
উঃ ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে ‘চাপনতি’ বোলে।
(ছ) বাণিজ্য বতাহ
উঃ পৃথিৱীৰ ৩০০ উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ উপক্রান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্রবাহিত বায়ুক ‘বাণিজ্য বতাহ’ বোলে।
(জ) অশ্ব অক্ষাংশ
উঃ পৃথিৱীৰ দুয়ো গোলাৰ্ধৰ ৩০০ অক্ষাংশৰ পৰা ৩৫০ অক্ষাংশৰ মাজত অৱস্থিত অঞ্চলক ‘অশ্ব অক্ষাংশ’ বোলে।
(ঝ) গর্জনমুখৰ চল্লিশ
উঃ দক্ষিণ গোলার্ধৰ বিশেষকৈ ৪০° ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আগুৰি আছে বাবে এই অঞ্চলত পছোৱা বতাহৰ তীব্রতা অধিক হয়। সেয়ে এই অঞ্চলক ‘গর্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।
(ঞ) প্রতীপ ঘূর্ণিবতাহ
উঃ উচ্চচাপ কেন্দ্ৰ আৰু বহিঃ অংশৰ মাজত থকা চাপৰ তাৰতম্য বৰ বেছি নোহোৱা বাবে বতাহৰ গতিবেগ বেছি নহয় আনকি বৰষুণৰ পৰিমাণো কম হয়, ইয়াকে ‘প্রদীপ ঘূর্ণীবতাহ’ বোলে।
(ট) জেট প্রবাহ
উঃ ক্রান্তীয় অঞ্চলৰ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্রবেগী পূৱাল বতাহ প্রবাহিত হয়। ইয়াকে ‘জেট প্রবাহ’ বোলে।
(ঠ) সমচাপ ৰেখা
উঃ চাপনতি একেবাৰে কম হ’লে তাত বায়ু প্রবাহ প্রায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অবস্থাও শান্ত হয়। বহু ঠাই জুৰি এনে অৱস্থা হ’লে তাকে ‘সমচাপ ৰেখা’ বোলে।
(ড) ক্রান্তীয় ঘূর্ণিবতাহ
উঃ ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওফালৰ উচ্চচাপ অঞ্চলৰ পৰা তীব্ৰবেগী বতাহে যেতিয়া চক্রাকাৰে গতি কৰে তাকে ‘ক্রান্তীয় ঘূর্ণী বতাহ’ বোলে।
২৫। পার্থক্য লিখাঃ
(ক) আনুভূমিক প্রবাহ আৰু উল্লম্বিত প্রবাহ
উঃ বায়ুয়ে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তাকে ‘আনুভূমিক প্রবাহ’ বোলে। আনহাতে বায়ু যেতিয়া উর্ধমুখী গতি কৰি প্রবাহিত হয় তেতিয়া তাক ‘উল্লম্বিত প্রবাহ’ বোলে।
(খ) বায়ুপ্রবাহ আৰু বায়ুৰাশি
উঃ বায়ু যেতিয়া গতি কৰে তাকে ‘বায়ু প্রবাহ’ বোলে। আনহাতে বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক ‘বায়ুৰাশি’ বোলে।
(গ) ক্রান্তীয় ঘূর্ণীবতাহ আৰু বহিঃক্রান্তীয় ঘূর্ণী বতাহ
উঃ ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি উচ্চচাপ অঞ্চলৰ পৰা তীব্ৰবেগী বতাহ চক্রাকাৰে ভয়ঙ্কৰ ৰূপ ধৰি প্ৰবাহিত হয় তাকে ‘ক্রান্তীয় ঘূর্ণী বতাহ’ বোলে। আনহাতে নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূর্ণী বতাহক ‘বহিঃক্রান্তীয় ঘূর্ণী বতাহ’ বোলে।
(ঘ) জলবতাহ আৰু স্থলবতাহ
উঃ দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ প্রবাহিত হোৱা বতাহক ‘জলবতাহ’ বোলে। আনহাতে ৰাতি স্থলভাগৰ পৰা জলভাগলৈ প্রবাহিত হোৱা বতাহক ‘স্থলবতাহ’ বোলে।
(ঙ) পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ
উঃ ৰাতিৰ ভাগত উচ্চ পৰ্বতৰ পৰা পৰ্বতৰ ঢালেদি যি চেঁচা বতাহ বয় তাকে ‘পার্বত্য বতাহ’ বোলে। আনহাতে দিনৰ ভাগত ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি প্রবাহিত হোৱা উর্ধমুখী বতাহক ‘ভৈয়াম বতাহ’ বোলে।
(চ) ঘূণীবতাহ আৰু প্রতীপ ঘূণীবতাহ
উঃ বায়ুমণ্ডলীয় প্ৰৱাহৰ যি অৱস্থাত কোনো নিম্নচাপক কেন্দ্ৰ কৰি তীব্রবেগী বতাহ চক্রাকাৰ গতিত প্রবাহিত হয় তাকে ‘ঘূর্ণীবতাহ’ বোলে।
কোনো এক ব্যাপক অঞ্চল জুৰি উচ্চচাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্রাকাৰে যি বায়ু প্রবাহিত হয় তাকে ‘প্রতীপ ঘূর্ণী বতাহ’ বোলে।
(ছ) শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্র
উঃ যি বাতাগ্রত শীতল ৰাশিয়ে উষ্ণ বায়ু ৰাশিৰ স্থানান্তৰ কৰে, তাকে ‘শীতল বাতাগ্র’ বোলে।
আনহাতে, যি বতাগ্রত অগ্রগামী উষ্ণও বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্রবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে ‘উষ্ণ বাতাগ্র’ বোলে।
(জ) ট্রপ’ম্ফিয়েৰ আৰু স্ট্রেট ‘স্ফিয়েৰ
উঃ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্রপ’স্ফিয়েৰ। এই স্তৰটোৰ উচ্চতা সকলো ঠাইতে সমান নহয়। এই স্তৰটোৰ গড় উচ্চতা ১২ কি. মি.। এই স্তৰটো ভূপৃষ্ঠৰ লগত লাগি থকাৰ বাবে ইয়াৰ বায়ুত অধিক পৰিমাণে জলীয় বাষ্প থাকে। এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা বতাহৰ লগতে বতৰৰ ক্রিয়া-কলাপ সংঘটিত হয়।
আনহাতে, বায়ুমণ্ডলৰ ট্ৰপ’ম্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোক স্ট্রেট স্ফিয়েৰ বুলি কোৱা হয়। এই দুয়োটা স্তৰৰ মাজৰ সীমাটোক ‘ট্রপ’পজ’ বুলি কোৱা হয়। স্ট্রেট ‘স্ফিয়েৰত বায়ুৰ উচ্চতা ক্রমে বাঢ়ি যায়। এই স্তৰৰ নিম্নভাগত উত্তাপ প্রায় ৬০° ছেন্টিগ্রেড। এই উত্তাপ ক্রমে বাঢ়ি গৈ উচ্চ ভাগত প্রায় ০° ছেন্টিগ্রেড হয়গৈ। এই স্তৰটোত অ’জন গেছৰ এটা স্তৰ আছে। এই গেছৰ অণুয়ে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত স্ট্রেট ‘স্ফিয়েৰত উত্তাপৰ পৰিমাণ বাঢ়ি যায়। এই স্তৰৰ উর্ধসীমাটোক ‘স্ট্রেটপ’জ’ বোলে।
২৬। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(ক) অ’জন গেছৰ স্তৰটো ক’ত অৱস্থিত?
(১) ট্রপ’ম্ফিয়েৰ
(২) স্ট্রেট ‘স্ফিয়েৰ
(৩) মেছ’স্ফিয়েৰ
(৪) থার্মস্ফিয়েৰ
উঃ স্ট্রেট’স্ফিয়েৰত।
(খ) বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?
(১) ২০.৯৪%
(২) ২৯.০১%
(৩) ৩২.৪৭%
(৪) ৭৮.০৮%
উঃ ২০.৯৪%
(গ) বায়ুপ্রবাহৰ মূল কাৰণটো হ’ল-
(১) আর্দ্রতাৰ তাৰতম্য
(২) চাপৰ তাৰতম্য
(৩) মাধ্যাকর্ষণ শক্তি
(৪) অপকেন্দ্রিক বল
উঃ চাপৰ তৰতম্য।
(ঘ) বতাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ’ল-
(১) নট
(২) এনিম ‘মিটাৰ
(৩) বিউফ ‘ট স্কেল
(৪) হাইড্র ‘মিটাৰ
উঃ এনিম ‘মিটাৰ
(ঙ) বতাহৰ গতিবেগৰ এককটো হ’ল
(১) নট
(২) মিলিবাৰ
(৩) শতাংশ
(৪) ডিগ্রী
উঃ নট
(চ) মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তর্গত? –
(১) স্থানীয় বতাহ
(২) প্রাথমিক বতাহ
(৩) গৌণ বতাহ
(৪) নিয়মিত বতাহ
উঃ গৌণ বতাহ
(ছ) প্রাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূণীবতাহৰ নামটো হ’ল-
(১) চাইক’ন
(২) হাৰিকেন
(৩) উইলী উইলী
(৪) টাইফুন
উঃ টাইফুন।
অতিৰিক্ত প্রশ্নোত্তৰ :
১। আর্গন গেছ আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰো?
উঃ বৈদ্যুতিক বাল্ব প্রস্তুত, জ্বালাই কার্য আদি কামত ব্যৱহাৰ কৰা হয়।
২। সাম্প্ৰতিক পৃথিৱীৰ উষ্ণতা বৃদ্ধি পোৱাৰ কাৰণ কি?
উঃ সম্প্রতি সমগ্র বিশ্বত যান-বাহনৰ পৰিমাণ বৃদ্ধি পাইছে, কয়লা, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পাই বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱা বাবে সাম্প্ৰতিক পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে।
৩। চাপ কক্ষ কাক বোলে?
উঃ স্থলভাগ আৰু জলভাগৰ মাজত থকা উত্তাপৰ তাৰতম্যৰ বাবে বায়ুৰ চাপৰো তাৰতম্য ঘটে। এনে ক্ষেত্রত চাপমণ্ডলৰ ভিতৰতে সৰু সৰু চাপ কক্ষৰ সৃষ্টি হয়।
৪। ৰেডিঅ’ তৰংগ স্তৰ কাক বোলে?
উঃ বৈদ্যুতিক আধাৰ সম্পন্ন আয়নস্ফিয়েৰ হ’ল ৰেডিঅ’ তৰংগৰ স্তৰ। কিয়নো এই স্তৰতে বৈদ্যুতিক আধাৰ আয়ন কণা আছে।
৫। উইণ্ড ভেন কি?
উঃ উইন্ড ভেন হ’ল এটি যন্ত্ৰ যাৰ দ্বাৰা বতৰৰ দিশ সঠিকভাবে নিৰ্ণয় কৰিব পাৰি।
৬। উপত্যকা বতাহ কাক বোলে?
উঃ উচ্চভূমিৰ বায়ু সেৰেঙা বাবে তাপ শোষণ ক্ষমতা কম। আনহাতে ভৈয়ামৰ ঘন বায়ু সোনকালে উত্তপ্ত হয়। ফলত পৰ্বতৰ ঢালেদি উর্ধমুখী হোৱা বায়ু প্রবাহক ‘উপত্যকা বতাহ’ বোলে।
৭। ক’ত ‘ব-দ্বীৰ সৃষ্টি হয়?
উঃ নদীৰ মোহনাত।