Class 9 Social Science Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
দ্বিতীয় খণ্ড: ভূগোল
অধ্যায় -১
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। ভূ-পৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উঃ ভূ-পৃষ্ঠ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰ ৭১ শতাংশ জল আৰু ২৯ শতাংশ স্থলভাগে আগুৰি আছে।
স্থলভাগত সমভূমি, পাহাৰ-পৰ্বত, নদ-নদী, উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি আছে।
আনহাতে মহাসাগৰকেইখন পানীত বুৰ গৈ আছে। ইয়াৰ তলিত মালভূমি, সমতল, গভীৰ খাদ, পাহাৰৰ লানি, সৰু-ডাঙৰ দ্বীপ আদি আছে।
২। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।
উঃ কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে।
বাহ্যিক কাৰক হ’ল: বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ-নদী, সাগৰৰ ঢৌ, হিমবাহ আদি।
আনহাতে আভ্যন্তৰীণ কাৰকবোৰ হ’ল: ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্দ্গীৰণ।
৩। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।
উ: যিবোৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সংঘটিত হয়, তাকে বাহ্যিক কাৰক বোলে।
কেইটামান বাহ্যিক কাৰক হ’ল: বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ-নদী, সাগৰৰ ঢৌ, হিমবাহ আদি।
৪। ভূমিকম্প আৰু আগ্নেয়গিৰিক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?
উঃ ভূমিকম্প আৰু আগ্নেয়গিৰি ভূ-পৃষ্ঠৰ ভিতৰ ভাগৰ পৰা সংঘটিত হয় বাবে এইবোৰক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। এই কাৰকবোৰে ভূ-পৃষ্ঠৰ উপৰিভাগ আনকি অন্তর্ভাগতো পৰিৱর্তন সাধন কৰে।
৫। নদী অববাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্র আঁকা।
উঃ এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যোগেদি বৰষুণৰ পানী, পৰ্বতৰ ওপৰত জমা হৈ থকা পানী, বৰফৰ পানী আদি কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক ‘নদী অৱবাহিকা’ বোলে।
৬। উপনদী কি? ব্রহ্ম পুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা।
উঃ যিবোৰ নদী কোনো উৎসৰ পৰা সমভূমিৰ মাজেদি বৈ আহি অইন কোনো ডাঙৰ নদীত পৰে তাকে উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনদী হ’ল – মানাহ আৰু ধনশিৰি।
৭। নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।
উঃ নদীৰ সোঁতে ইয়াৰ নামনি অঞ্চলত পাৰ ভাঙি নিয়া কাৰ্যক নদীৰ খনন কাৰ্য বোলে। যেতিয়া নদীয়ে অধিক পানী বহন কৰিব লগা হয় তেতিয়া ইয়াৰ পানীৰ গতিয়ে দুয়োপাৰে হেঁচা দিয়ে। ফলত খনন কার্য সংঘটিত হয়। সাধাৰণতে বাৰিষাকালত খনন কাৰ্য বৃদ্ধি পায়। নদীৰ খনন কাৰ্যই উচ্চ অঞ্চলৰ পৰা শিল, বালি, মাটি আদি কঢ়িয়াই নিম্ন অঞ্চলত জমা কৰে।
৮। নদীৰ পার্শ্বখনন বুলিলে কি বুজায়?
উঃ নদী এখন উচ্চ ভূমিৰ পৰা বৈ আহোতে ইয়াৰ গতিৰ পৰিৱৰ্তন ঘটে। ভৈয়াম অঞ্চলত ইয়াৰ গভীৰতা কম হয় বাবে ই ধাৰণ কৰা পানী বৈ নিবলৈ দুয়োপাৰে হেঁচা প্রয়োগ কৰে। ফলত নদীৰ দুয়োপাৰ খহিবলৈ ধৰে। এনেদৰে নদীৰ দুয়োপাৰ খহি যোৱাকে নদীৰ পার্শ্বখনন বোলে।
৯। অশ্বখুৰা হ্রদ কি। চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কৈনেকৈ হয় বুজোৱা।
উঃ নদী এখন সমতল ভূমিৰে বৈ যাওঁতে ইয়াৰ গতিপথ-একা-বেঁকা হয়। একা-বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্রগতি বা সর্পিল গতি বোলে। কোনো কোনো অঞ্চলত নদীৰ গতিপথ অধিক ভাঁজযুক্ত হয়। বাৰিষা কালত এনে গতিত নদীয়ে অধিক পানী কঢ়িয়াব নোৱাৰি নিজৰ গতিপথৰ ভাজ থকা অংশ এৰি পোনভাবে গতি কৰে। এনেদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰাৰ আকৃতি হয় আৰু পিছত তাত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হয়। ইয়াকে অশ্বখুৰা হ্রদ বোলে।
১০। প্লাবন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উঃ বানপানীৰ সময়ত নদীৰ সোঁতে কঢ়িয়াই অনা বোকা, পলস আদি নদীৰ দুয়োপাৰে বিয়পি পৰি প্লাৱন ভূমিৰ সৃষ্টি কৰে। প্লাবনভূমি সাৰুৱা হয় বাবে এনে ভূমি খেতিৰ বাবে অতি উপযোগী।
১১। নদীৰ গতি পথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।
উঃ নদীৰ বুকুত বালি, বোকা আদি কেতিয়াবা নদীৰ দাঁতিত আৰু কেতিয়াবা নদীৰ মাজ ভাগত জমা হৈ বালিচৰৰ সৃষ্টি কৰে। বালিচৰবোৰ অস্থায়ী আৰু বিভিন্ন আকৃতিৰ হয়।
১২। ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।
উঃ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত কোনো নৈ গৈ পৰে, তাত নৈয়ে কঢ়িয়াই নিয়া গেদ জমা হৈদ্বীপৰ সৃষ্টি হয়। এনে দ্বীপৰ আকৃতি ইংৰাজী △ (Delta) দৰে অৰ্থাৎ অসমীয়াত ‘ব’ আকৃতিৰ হয় বাবে এনে দ্বীপক ‘ব-দ্বীপ’ বোলে।
১৩। মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰৱল হয় লিখা।
উঃ মৰুভূমিত গছ-গছনি নথকা বাবে বতাহে এনে অঞ্চলত অধিক ক্ৰিয়া কৰিব পাৰে। সেয়ে মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰৱল হয়।
১৪। অবনমন বুলিলে কি বুজায়?
উ: মৰুভূমিত গছ-গছনি নথকা বাবে বতাহ প্রবল হয়। প্রবল বতাহে মৰুভূমিৰ বালি এঠাইৰ পৰা কঢ়িয়াই আন ঠাইত তৰপে তৰপে জমা কৰে। এনেদৰে বালি উৰুৱাই নিয়া কার্যক ‘অরনমন’ বোলে।
১৫। বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?
উঃ অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ এঠাইত জমা হৈ মৰুপৃষ্ঠ ক্রমে ওখ হৈ পাহাৰৰ ৰূপ লয়। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বোলে।
১৬। ইন্লেবার্গ কি?
উঃ ইন্লেবার্গ হৈছে মৰুভূমিত অৱস্থিত একো-একোটা ক্ষয়প্রাপ্ত চাপৰ পাহাৰ। অর্থাৎ ই একোখন পৰ্বতৰ ক্ষয় হৈ ৰৈ যোৱা কঠিন অংশ মাথোন। ‘ইন্লেবার্গ’ শব্দটি জাপানী শব্দ। ইয়াৰ অৰ্থ হ’ল দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ।
১৭। হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।
উঃ পৃথিৱীৰ অতি শীতল দুই মেৰু অঞ্চলৰ পাহাৰবোৰত তৰপে তৰপে বৰফ জমা হৈ আছে। এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফক ‘হিমবাহ’ বোলে।
নদী আৰু হিমবাহৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল-
(ক) নদীৰ সোঁতৰ গতি প্রবল হয়।
কিন্তু হিমবাহৰ গতি লেহেম হয়।
(খ) নদী হ’ল বোৱতী পানীয়ে সৃষ্টি কৰা জলবাশি।
কিন্তু হিমবাহ হ’ল জমা হৈ থকা হিম খণ্ড।
(গ) সাধাৰণতে নদী গ্রীষ্ম প্রধান অঞ্চলত সৃষ্টি হয়।
কিন্তু হিমবাহ শীতপ্রধান অঞ্চলত সৃষ্টি হয়।
১৮। গ্রাব কি? চিত্র আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।
উঃ হিমবাহে কঢ়িয়াই অনা বৰফৰ উপৰি অন্য বহুতো পদার্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা অন্য পদাৰ্থবোৰক সামগ্রিকভাবে ‘গ্রাব’ বোলে গ্রাব চাৰি প্ৰকাৰৰঃ (ক) পার্শ্বগ্রাব (খ) ভূমিগ্রাব (গ) মধ্যগ্রাব আৰু (ঘ) প্রান্ত গ্রাব।
১৯। হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃঙ্গৰ সৃষ্টি কেনেকৈ হয় লিখা।
উঃ হিমবাহে বৰফখণ্ডৰ লগত শিল, বালি, আৰু অন্যান্য জৈৱিক পদার্থ কঢ়িয়াই আনি গতিপথত খনন কার্য চলায়। প্রবল ঘৰ্ষনৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয়। সকলো ফালৰ খনন কাৰ্যৰ ফলত পৰ্বতৰ শীৰ্ষাংশ জোঙা হৈ জোঙা শৃঙ্গৰ সৃষ্টি কৰে।
২০। উপকূল কাক বোলে?
উঃ সাগৰ-মহাসাগৰৰ তীৰ বা পাৰক উপকূল বোলে।
২১। বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উঃ উপকূলত সদায় ঢৌয়ে ক্ৰিয়া কৰি থকাৰ ফলত ওখোৰা-মোখোৰা হয়। উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ’লে এক প্ৰকাৰৰ সমতল অবয়বৰ সৃষ্টি কৰে। এনে বালি জমা হৈ সৃষ্টি হোৱা ঢালযুক্ত অবয়বক ‘বালিয়াতট’ বোলে।
বালিয়াতটৰ বালি অতি মিহিৰ পৰা শিলৰ আকাৰৰ হ’ব পাৰে। উপকূলৰ বালিয়াতটবোৰ মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে।
২২। সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনেদৰে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।
উঃ উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্ৰিয়া কৰে। বৰষুণ, বতাহ আৰু সাগৰৰ ঢৌ আদিয়ে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলত ব্যাপক পৰিৱৰ্তন সাধন কৰে। সাগৰৰ ঢৌৱে উপকূলৰ ভূ-তাত্বিক গঠন, কাষৰীয়া সাগৰৰ গভীৰতা, নৈৰ উপস্থিতি, বতাহৰ ক্ৰিয়া, উপকূলীয় উদ্ভিদৰ আভৰণ আদিৰ বহুতো পৰিবৰ্তন সাধন কৰে।
২৩। তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাঁড় চিনেৰে দেখুওৱা।
কাৰক অৱয়ব
নদী প্লাবনভূমি
বালিয়াতট
ইনছেলবার্গ
ব-দ্বীপ
বালিৰ পাহাৰ
পার্শ্বগ্রাব
হিমবাহ জোঙা শৃঙ্গ
বালিচৰ
V-উপত্যকা
সাগৰৰ ঢৌ অশ্বখুৰা হ্রদ
উপকূল
U-উপত্যকা
উঃ
কাৰক অবয়ব
নদী প্লাবন ভূমি
বতাহ বালিৰ পাহাৰ
হিমবাহ U-উপত্যকা
সাগৰৰ ঢৌ উপকূল
২৪। ভূ-পৃষ্ঠত ভবিষ্যতে কেনেধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা।
উঃ পৃথিৱীৰ উপৰিভাগ আৰু আভ্যন্তৰীণ ভাগৰ বিভিন্ন কাৰকে ভূ-পৃষ্ঠত পৰিবৰ্তন সাধন কৰি আছে। এই পৰিবৰ্তন পৃথিৱী সৃষ্টিৰ পাতনিৰে পৰা ঘটি আছে আৰু ঘটি থাকিব। কিন্তু ভৱিষ্যতে এই পৰিবৰ্তন কেনে হ’ব সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি যদিও পৃথিৱীৰ মানৱ-সৃষ্ট পৰিবেশৰ ওপৰতো ভূ-পৃষ্ঠৰ পৰিবৰ্তন নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে পৃথিৱীত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি হ’লে ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি পাব। উত্তাপ বৃদ্ধি পালে মেৰু অঞ্চলত জমা হৈ থকা বৰফবোৰ গলি সাগৰত পানীৰ পৰিমাণ বৃদ্ধি পাব আৰু সাগৰত জলৰ পৰিমাণ বৃদ্ধি পালে জলপৃষ্ঠ ওপৰলৈ উঠি আহিব। ফলত পৃথিৱীৰ বহুতো দেশ সাগৰৰ বুকুত ডুব যাব। ভূ-পষ্ঠৰ ওপৰত বতাহৰ গতি বৃদ্ধি পাব। ফলত সঘনে ঘূর্ণি বতাহ হ’ব, সমভূমি অঞ্চল মৰুভূমিত পৰিণত হ’ব, নদীৰ গতিপথ সলনি হ’ব, শস্য উৎপাদনৰ পৰিমাণ কমি যাব। পৃথিৱীখন মানুহৰ বাবে বসবাসৰ অনুপযোগী হ’ব।
২৫। তোমাৰ নিজৰ গাওঁ বা নগৰখনৰ ভূ-পৃষ্ঠৰ বৈশিষ্ট্য সম্বন্ধে এটা টোকা লিখা। এলেকাটিৰ এখন চিত্র আঁকি প্রধান অবয়ববোৰ (নদী, পাহাৰ, বিল, সমভূমি আদি) দেখুৱাবলৈ চেষ্টা কৰা।
উঃ নিজে নিজে চেষ্টা কৰা।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। ভূমিকম্প কাক বোলে?
উঃ ভূ-পৃষ্ঠৰ আভ্যন্তৰীণ কোনো কাৰকৰ বাবে যেনে: আগ্নেয়গিৰিৰ উদ্গীৰণ, খনন কাৰ্যৰ বাবে কোনো বিশাল ভূ-ভাগ তললৈ বহি যোৱা আদি কাৰণৰ বাবে ভূমিৰ যি কম্পন হয় তাকে ‘ভূমিকম্প’ বোলে।
২। ব্ৰহ্মপুত্ৰ নৈৰ বুকুত থকা ‘ব-দ্বীপ’খনৰ নাম কি?
উঃ মাজুলী।
৩। উপকূল ৰেখা কাক বোলে?
উঃ মহাদেশ আৰু মহাসাগৰৰ সংযোগস্থল একা-বেঁকা দীঘল ৰেখাৰ দৰে হয়। এই ৰেখাক উপকূল বেখা বোলে।
৪। ইয়াৰদাং কি?
উঃ ইয়াৰদাং হৈছে এক প্ৰকাৰৰ ভূ-অৱয়ব য’ত দীঘল শিৰী আৰু অগভীৰ দীঘলীয়া গাঁতৰ সমন্বয় ঘটে। এইবোৰ গেদীয় শিলত বতাহে কৰা ক্ৰিয়াৰ ফল।
৫। সমুদ্ৰ গৰা কাক বোলে?
উঃ সাগৰৰ উপকূলভাগ গ্রেনাইট, বেছল্ট আদিৰ দৰে কঠিন হ’লে সাগৰৰ ঢৌয়ে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। এনে থিয় গৰাক সমুদ্ৰ গৰা বোলে।
৬। ছুনামি কি?।
উঃ সমুদ্র তলিত ডাঙৰ ভূমিকম্পৰ সৃষ্টি হ’লে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌয়ে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি বিস্তৰ ক্ষতি কৰে। এনে ধ্বংসাত্মক ঢৌক ছুনামি বোলে।
৭। জাপানত হোৱা প্রলয়ঙ্কৰী ছুনামিটো কিমান চনত হৈছিল?
উঃ ২০১১ চনত।