Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 5 অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 5 অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি

প্রথম খণ্ড ইতিহাস

অধ্যায় – ৫

অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি

পাঠভিত্তিক প্রশ্নোত্তৰ:

শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

১। ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ / গোবিন্দ চন্দ্ৰ / তিৰৎ সিঙক চিলেটলৈ নির্বাসন দিছিল।

উঃ ৰাজেন্দ্ৰ সিঙ।

২। অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ/কমলেশ্বৰ সিংহ / পুৰন্দৰ সিংহ/ যোগেশ্বৰ সিংহ।

উঃ চন্দ্রকান্ত সিংহ।

৩। তিৰৎ সিং খাচী / মণিপুৰী / জয়ন্তীয়া দেশপ্রেমিক আছিল।

উঃ খাচী।

চমু উত্তৰ দিয়া:

১। গোবিন্দচন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল?

উঃ গোবিন্দচন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল।

২। ডেভিদ স্কট কোন আছিল?

উঃ এজন ইংৰাজ বিষয়া আছিল। পিছত তেওঁ কমিছনাৰ হয়।

৩। ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?

উঃ ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ আছিল ৰবাৰ্টচন।

৪। তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?

উঃ তিৰৎ সিং খাচীয়া ৰাজ্যৰ চিয়েম আছিল।

৫। মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?

উ: মকট ৰজাৰ উপাধিটো আছিল বৰ সেনাপতি।

৬। জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?

উঃ জেনকিন্সৰ পৰামৰ্শ অনুযায়ী পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল।

৭। জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?

উঃ জেনকিন্সে নামনি অসমক গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত ভাগ কৰিছিল।

৮। ব্রিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?

উঃ ব্ৰিটিছে গম্ভীৰ সিঙক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল।

ৰচনাধৰ্মী প্রশ্ন:

১। ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল?

উঃ ডেভিদ স্কটে নামনি অসম আৰু উজনি অসমৰ বাবে পৃথক পৃথক ৰাজহৰ ব্যৱস্থা কৰিছিল। নামনি অসমত তেওঁ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ বিশেষ কোনো সাল-সলনি কৰা নাছিল। এই অঞ্চলত আগৰ দৰেই চৌধুৰীৰ পৰিচালনাত পৰগণা বা ৰাজহ অঞ্চল ৰখা হয়। কৰ বা খাজনা সংগ্ৰহ কৰাৰ বাবে চিৰস্তাদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি বিষয়া নিয়োগ কৰা হয়। কিন্তু নগাঁও আৰু ৰহা অঞ্চলৰ ৰাজহ আদায়ৰ বাবে এটা বেলেগ গোট তৈয়াৰ কৰা হয়।

এই গোটটো গুৱাহাটীৰ অধীনত ৰখা হৈছিল। ৰাজহ সংগ্ৰহৰ বাবে মাটিসমূহ বস্তী অঞ্চল, শালি খেতি অঞ্চল, আহু ধান, সৰিয়হ খেতি আদি ভাগত ভাগ কৰা হৈছিল। আফিং খেতি কৰা মাটিত অধিক কৰ ধাৰ্য কৰা হৈছিল। উজনি অসমত পাইক প্রথা উঠাই দি তাৰ বিনিময়ত প্রত্যেকজন লোকৰ পৰা তিনি টকা হাৰত খাজনা আদায় কৰিছিল। পুৰণি খেলসমূহৰ বিষয়াসকলক ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল। খেলৰ বিষয়াসকলক সহায় কৰিবৰ কাৰণে হাজৰিকা, শইকীয়া, বৰুৱা আদি পদবীধাৰী বিষয়াসকল আছিল। পিছলৈ ৰাজহ অঞ্চলসমূহক কেতবোৰ জিলা আৰু মৌজাত বিভক্ত কৰি একোজন বিষয়াক কৰ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল।

২। ডেভিদ স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্রত কেনে ব্যবস্থা গ্রহণ কৰা হৈছিল?

উঃ ডেভিদ স্কটৰ প্ৰশাসন কালত দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে কমিছনাৰৰ সহকাৰী বিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ডেভিদ স্কটে উজনি অসমত দেৱানী বিচাৰৰ ভাৰ লম্বোদৰ বৰফুকনক দিছিল। ফৌজদাৰী বিচাৰৰ দায়িত্ব ব্রিটিছ বিষয়াৰ হাতত ৰখা হৈছিল। নামনি অসমত দেৱানী বিচাৰৰ বাবে দুখন আৰু ফৌজদাৰী বিচাৰৰ বাবে এখন আদালত স্থাপন কৰা হৈছিল।

৩। ৰবাৰ্টচনৰ দিনৰ ৰাজহ ব্যবস্থা কেনে ধৰণৰ আছিল?

উঃ ৰবাৰ্টচনৰ দিনত অসমৰ ৰাজহ ব্যৱস্থাৰ কিছু সংস্কাৰ সাধন কৰা হৈছিল। মাটিৰ গুনাগুণৰ ওপৰত ভিত্তি কৰি খাজনাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল। খাজনা সংগ্রহত যাতে কোনো অনিয়ম নহয় তাৰ বাবে কৃষকৰ অধীনত থকা মাটিৰ গুণাগুণ, মাটিৰ পৰিমাণ আৰু মাটিৰ মালিকৰ সম্পূৰ্ণ ঠিকনা আদি তথ্য লিপিবদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছিল। ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ আদিৰ পৰিমাণ একেই ৰখা হৈছিল।
ৰাজহ কৰ্মচাৰীসকলৰ দুর্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টচনে ভূমি, ঘৰ-বাৰী, বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি সেইমতে কৰ নিৰ্ধাৰণ কৰা হৈছিল। ৰায়তক মাটিৰ পট্টা আৰু ৰাজহৰ ৰচিদ দিয়া হৈছিল। ৰবাৰ্টচনৰ এনে সংস্কাৰৰ ফলত ৰায়তৰ উপকাৰ সাধন হৈছিল আৰু ৰাজহৰ পৰিমাণো বৃদ্ধি পাইছিল।

৪। মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্রহণ কৰিছিল?

উঃ মেজৰ জেনকিন্সে অসমৰ বাবে ভালেমান জনকল্যাণমূলক আঁচনি গ্রহণ কৰিছিল। তেওঁ অসমৰ সৈতে বংগৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত চকীসমূহে প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি কান্দাহাৰ আৰু অন্যান্য চকীসমূহ উঠাই দিছিল। যোগাযোগৰ সুবিধাৰ বাবে জেনকিন্সে ব্রহ্মপুত্র নদীত প্রথম ভাপ জাহাজ চলাচলৰ কৰাৰ ব্যৱস্থা কৰিছিল। জেনকিন্সনে শিক্ষাৰ প্ৰতিও কিছু আধুনিক পদ্ধতি গ্রহণ কৰি গুৱাহাটীত আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল। তেওঁ অসমত বংগদেশৰ আমোলা নিযুক্তিৰ বিৰোধিতা কৰি স্থানীয় লোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল। জেনকিন্সে অসমৰ বাট-পথৰ উন্নতিৰ প্ৰতিও মনোযোগ দিছিল।

এনেদৰে মেজৰ জেনকিন্সে অসমৰ বাবে জনকল্যাণমূলক আঁচনি গ্রহণ কৰিছিল।

৫। জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল?

উত্তৰঃ মেজৰ জেনকিন্সে ব্রহ্মপুত্র উপত্যাকাক চাৰিটা জিলাত ভাগ কৰিছিল। যেনেঃ গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাওঁ।
পুৱে বৰনদী আৰু পশ্চিমে মানাহ নদীক সীমা নির্ধাৰণ কৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা অঞ্চলক লৈ কামৰূপ জিলা গঠন কৰা হৈছিল।
আগতে দৰঙৰ ৰজাৰ অধীনত থকা অঞ্চলক লৈ দৰং জিলাখন গঠন কৰা হৈছিল। ইয়াৰ ৰাজধানী আছিল মঙ্গলদৈ। পিছলৈ ৰাজধানী তেজপুৰলৈ স্থানান্তৰিত কৰা হয়।

গোৱালপাৰাক ৰংপুৰৰ পৰা আতৰাই আনি নতুন জিলা হিচাপে গঠন কৰে। কাছাৰ দখল কৰাৰ পিছত ইংৰাজে ইয়াক এখন জিলা কৰে আৰু ইয়াৰ ৰাজধানী হয় শিলচৰ। পিছত শিৱসাগৰ আৰু লক্ষীমপুৰকো জিলা কৰা হয়। প্রতিখন জিলাৰ বিষয়াক ডেপুটি কমিছনাৰ আখ্যা দিয়া হয়।
এনেদৰে জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল।

৬। তিৰৎ সিং কোন আছিল? তেওঁ কিয় ব্রিটিছৰ বিৰোধী হৈছিল?

উঃ তিৰৎ সিং আছিল খাচী পাহাৰৰ চিয়েম। ইংৰাজসকলে য়াণ্ডাবু সন্ধিৰ চৰ্তমতে অসমখন লাভ কৰাৰ পিচত সিহঁতে খাচী পাহাৰৰ মাজেৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাক সুৰমা উপত্যকাৰ সৈতে সংযোগ কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে ৰাণী ৰাজ্যৰ পৰা ইংৰাজে এই পথ নিৰ্মাণৰ অনুমতি পাইছিল। পথটোৰ কিছু অংশ নির্মাণ হোৱাৰ পিছত খাচী মুখীয়ালসকলে সিহঁতৰ স্বাধীনতা খর্ব হোৱা বুলি আশংকা কৰি ইয়াৰ বিৰোধিতা কৰে। ইতিমধ্যে তিৰৎ সিং আৰু ৰাণীৰ মাজত হোৱা যুদ্ধত ইংৰাজসকলে তিৰৎ সিঙক সহায় নকৰাত ১৮২৮ চনত তিৰৎ সিঙে এক বাহিনী লৈ ইংৰাজৰ ওপৰত আক্রমণ চলায়। ১৮৩৩ চনলৈ এই যুঁজ-বাগৰ চলি থকাৰ পিছত খাচীসকল পৰাজিত হৈ আত্মসমর্পন কৰিবলৈ বাধ্য হয় আৰু খাচী পাহাৰ ব্ৰিটিছৰ অধীনলৈ যায়।

১০। চমু টোকা লিখাঃ

(১) তুলাৰাম সেনাপতি (২) পুৰন্দৰ সিংহ

(৩) তিৰৎ সিং (৪) গোমধৰ কোঁৱৰ

(৫) ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল

(৬) ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল

উঃ

(১) তুলাৰাম সেনাপতি: তুলাৰাম সেনাপতি আছিল কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰৰ সেনাপতি। গোবিন্দচন্দ্র নিঃসন্তান আছিল। সেয়ে গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পিছত তুলাৰাম সেনাপতি কাছাৰৰ ৰজা হয়। কিন্তু ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপে স্বীকৃতি দিয়ে।

(২) পুৰন্দৰ সিংহ: পুৰন্দৰ সিংহ আছিল ব্রজনাথ গোহাঁইৰ পুত্ৰ। তেওঁ পিতৃ ব্রজনাথৰ সৈতে ১৮০৯ চনৰ পৰা ইংৰাজ শাসিত চিমলাত আশ্রয় লৈ আছিল। ১৮১৮ চনত মানসকলে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি অসম দখল কৰি পুৰন্দৰ সিংহক অসমৰ ৰজা পাতে।

(৩) তিৰৎ সিং: তিৰৎ সিং আছিল খাচী পাহাৰৰ চিয়েম। ইংৰাজসকলে য়াণ্ডাবু সন্ধিৰ চর্তমতে অসমখন লাভ কৰাৰ পিচত সিহঁতে খাচী পাহাৰৰ মাজেৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাক সুৰমা উপত্যকাৰ সৈতে যোগসূত্র স্থাপন কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে ৰাণী ৰাজ্যৰ পৰা ইংৰাজে এই পথ নিৰ্মাণৰ অনুমতি পাইছিল। পথটোৰ কিছু অংশ নিৰ্মাণ হোৱাৰ পিছত খাচী মুখীয়ালসকলে পথটো নিৰ্মাণ হ’লে সিহঁতৰ স্বাধীনতা খর্ব হ’ব বুলি ভয় খাই ইয়াৰ বিৰোধিতা কৰে। ইতিমধ্যে তিৰৎ সিং আৰু ৰাণীৰ মাজত হোৱা যুদ্ধত ইংৰাজসকলে তিৰৎ সিঙক সহায় নকৰাত ১৮২৮ চনত তিৰৎ সিঙে এক বাহিনী লৈ ইংৰাজৰ ওপৰত আক্ৰমণ চলায়। ১৮৩৩ চনলৈ এই যুঁজ-বাগৰ চলি থকাৰ পিছত খাচীসকল পৰাজিত হৈ আত্মসমর্পন কৰিবলৈ বাধ্য হয় আৰু খাচী পাহাৰ ব্ৰিটিছৰ অধীনলৈ যায়।

(৪) (ঘ) গোমধৰ কোঁৱৰ: গোমধৰ কোঁৱৰ আছিল স্বৰ্গদেউ চুহুংমুঙৰ বংশধৰ ফেনা কোঁৱৰৰ পুত্র। তেওঁ অসমৰ স্বতন্ত্রতা উদ্ধাৰ কৰাৰ বাবে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰি বিদ্ৰোহ আৰম্ভকৰে। এই বিদ্রোহত তেওঁৰ সহযোগী আছিল-ধনঞ্জয় বৰগোঁহাই, হৰনাথ, পিয়লি ফুকন, দহা ফুকন আৰু বহুতো। ১৮২৮ চনত গোমধৰে ইংৰাজসকলক অসম ত্যাগ কৰিবলৈ আবেদন জনায়। কিন্তু ইংৰাজ চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াত তেওঁৰ সহযোগীসকলক লৈ গোমধৰে মৰিয়ণিৰ ফালে অগ্ৰসৰ হয়। কিন্তু ইংৰাজ সেনা বিষয়া লেফটেনেন্ট ৰাডাফৰ্ডৰ হাতত পৰাভূত হৈ বহুকেইজন বিদ্রোহীয়ে আত্মসমর্পণ কৰে। গোমধৰে কেইজনমান সতীর্থক লৈ নগা পাহাৰলৈ পলাই যায়। পিছত মাকৰ প্ৰচেষ্টাত ইংৰাজ চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰে। বিচাৰত তেওঁক সাত বছৰৰ কাৰাদণ্ড বিহা হয়। ইমানতে গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰ অন্ত পৰে।

(৫) ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখলঃ মটক ৰাজ্যৰ পূৱত থকা নদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চল চিংফৌসকলৰ ৰাজ্য আছিল। চিংফৌসকলৰ মুখীয়ালজনক ‘গাম’ বোলা হৈছিল। সিহঁতে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি লৈছিল যদিও আহোম ডা-ডাঙৰীয়াসকলৰ উচটনিত মাজে মাজে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহত লিপ্ত হৈছিল। কিন্তু ইংৰাজসকলে সিহঁতৰ বিদ্ৰোহ দমন কৰে।

(৬) ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল: ইংৰাজসকলে মানসকলৰ পৰা অসমখন লাভ কৰাৰ পিছত জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিঙে ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সু-সম্পর্ক স্থাপন কৰিছিল। কিন্তু পিছত জয়ন্তীয়াসকলে পৰগণা সীমান্তইদি ইংৰাজ শাসিত অঞ্চলত উপদ্ৰৱ কৰাত ১৮৩৫ চনত ইংৰাজে জয়ন্তীয়া ৰাজ্য দখল কৰে আৰু জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিঙক চিলেটলৈ নির্বাসন দিয়ে।

অতিৰিক্ত প্রশ্নোত্তৰ :

১। য়াণ্ডাবু সন্ধিয়ে গম্ভীৰ সিঙ্ক কোন ৰাজ্যৰ ৰজা হিচাপে স্বীকৃতি দিছিল?

উঃ মণিপুৰ ৰাজ্যৰ।

২। প্রশাসনিক সুবিধাৰ বাবে ইংৰাজসকলে অসমক কি দুটা প্রধান ভাগত ভাগ কৰিছিল?

উঃ উজনি অসম আৰু নামনি অসম।

৩। কিমান চনত ‘অসম লাইট ইনফ্রোন্ট’ নামৰ বাহিনী গঠন কৰা হৈছিল?

উঃ ১৮২৬ চনত।

৪। কাৰ তত্বাৱধানত নামনি অসমৰ মাটি জৰীপ কৰা হৈছিল?

উঃ কেপ্তেইন মেথিউজৰ তত্বাৱধানত।

৫। ‘পাইক কৰ’ মানে কি?

উঃ অসমত ডেভিদ স্কটৰ সময়ত মানুহে জনমূৰি কৰ দিব লাগিছিল। সেই কৰক ‘পাইক কৰ’ বুলি কোৱা হৈছিল।

৬। কোনজন ব্রিটিছ বিষয়াই কান্দাহাৰৰ পৰা পহৰা চকী উঠাই দিছিল।

উঃ ডেভিদ স্কটে।

৭। কৰ আদায় দিব নোৱাৰা বাবে জেনকিন্সে বৃটিছ সাম্ৰাজ্যৰ লগত চামিল কৰা তিনিখন ৰাজ্যৰ নাম লিখা।

উঃ মটক ৰাজ্য, কছাৰী ৰাজ্য আৰু পুৰন্দৰ ৰাজ্য।

৮। পুৰণি নথিপত্ৰত নগাওঁ জিলাক কি বুলি উল্লেখ আছে?

উঃ খাগৰিজান।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment