Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্রেণীবিভাগ

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্রেণীবিভাগ

তৃতীয় খণ্ড (ক) ৰাজনীতি বিজ্ঞান

অধ্যায় – ২

চৰকাৰৰ প্ৰকাৰ বা শ্রেণীবিভাগ

পাঠভিত্তিক প্রশ্নোত্তৰ:

অতি চমু উত্তৰৰ প্ৰশ্ন:

১। চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন?

উঃ চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক আছিল প্লেটো।

২। বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চকাৰ কোনবিধ?

উঃ বর্তমান বিশ্বত আটাইতকৈ জনপ্ৰিয় চৰকাৰ হৈছে সংসদীয় গণতান্ত্ৰিক চৰকাৰ।

৩। সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।

উঃ সংসদীয় পদ্ধতিৰ চৰকাৰ থকা এখন ৰাষ্ট্ৰ হ’ল ভাৰতবৰ্ষ।

৪। সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন?

উঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধানজন হ’ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধানজন হ’ল ৰাষ্ট্ৰপতি।

৫। ক্ষমতাৰ পৃথকীকৰণ নীতি কোন প্ৰকাৰৰ চৰকাৰৰ থাকে?

উঃ ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰৰ থাকে।

৬। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।

উঃ ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম আমেৰিকা যুক্তৰাষ্ট্ৰ।

৭। এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।

উঃ এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখন হ’ল ইটালী।

৮। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?

উঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ’ল – কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ।

৯। চুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?

উঃ চুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় চৰকাৰ আছে।

১০। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?

উঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।

চমু উত্তৰৰ প্ৰশ্ন:

১। বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি?

উঃ বর্তমান সময়ত প্রচলিত বিশ্বত বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ’ল:

(ক) সংসদীয় চৰকাৰ।

(খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ

(গ) ৰাষ্ট্ৰপতীয় চৰকাৰ

(ঘ) এককেন্দ্ৰীক চৰকাৰ।

২। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) সংসদীয় পদ্ধতিৰ চৰকাৰত দুজন মুৰব্বীৰ ব্যবস্থা আছে। এজন প্রকৃত কার্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা। এনে চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদখন হ’ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপতিজন হ’ল নামমাত্র কার্যপালিকা।

(খ) সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়।

৩। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।

উঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ’ল।

(ক) সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো দলে বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেন্তে মৰ্চা চৰকাৰ গঠন হ’ব পাৰে। মৰ্চা চৰকাৰ অস্থায়ী আৰু এনে চৰকাৰত যিকোনো সময়ত ৰাজনৈতিক সংকটে দেখা দিব পাৰে।

(খ) সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম-কাজত অনভিজ্ঞ হয়। ফলত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আমোলাতান্ত্রিক ব্যৱস্থাত স্বেচ্ছাচাৰীতাই গা কৰি উঠিব পাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ:

(ক) সংসদীয় পদ্ধতিৰ চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনস্বাৰ্থৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে। ফলত এনে চৰকাৰৰ জৰিয়তে জনকল্যাণ অধিক হয়।

(খ) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত এক সু-সম্পর্ক থাকে ফলত যিকোনো সমস্যা সহজে সমাধান কৰিব পাৰে।

৪। ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি?

উঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত চৰকাৰৰ তিনিটা অংগ থাকে, যেনে কার্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডল। এই অংগ তিনিটাৰ প্ৰতিটো নিজৰ নিজৰ কৰ্ম ক্ষেত্রত স্বাধীন। প্রতিটো অংগৰে নিজস্ব ক্ষমতা থাকে। এটা আনটোৰ পৰিপূৰক নহয়। ইয়াকে ক্ষমতাৰ পৃথকীকৰণ বোলে।

৫। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধান হোৱাৰ লগতে চৰকাৰৰো প্ৰধান।

(খ) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূর্ণ সুকীয়া। বিধানমণ্ডলৰ সদস্য এজন কাৰ্যপালিকাৰ সদস্য হ’ব নোৱাৰে।

৬। এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।

উঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ’ল:

(ক) এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্রয়োগ কৰি কাৰ্যকৰী কৰিব পাৰে। ইয়াত জটিলতা নাথাকে।

(খ) জৰুৰীকালীন অৱস্থাত এককেন্দ্ৰীয় চৰকাৰে ক্ষিপ্ৰতাৰে কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে।
এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ:

(ক) বৃহৎ আকাৰৰ ৰাষ্ট্ৰত এককেন্দ্ৰীয় চৰকাৰে সুশাসন দিয়াত ব্যর্থ হ’ব পাৰে। কাৰণ পিছপৰা বা অনুন্নত অঞ্চলৰ বাবে সিহঁতে বিশেষ ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে।

(খ) এককেন্দ্ৰীয় চৰকাৰত আমোলাসকলৰ প্রভাৱ অধিক, ফলত দেশত শোষণ কার্য চলিব পাৰে।

দীঘল উত্তৰৰ প্ৰশ্ন:

১। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা।

উঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ হ’ল:

(ক) ৰাষ্ট্ৰপতীয় চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থা থকা বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাবে কাম কৰাৰ সুবিধা পায়।

(খ) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এক নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হোৱা বাবে তেওঁক সহজে পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰি। ফলত চৰকাৰ এখন স্থায়ী হয়।

(গ) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন দেশ আৰু চৰকাৰৰ মুৰব্বী হোৱা বাবে জৰুৰীকালীন অৱস্থাত অতি ক্ষীপ্ৰতাৰে কোনো সিদ্ধান্ত ল’ব পাৰে।

(ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি ৰক্ষা কৰিব পাৰে।
ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ হ’ল:

(ক) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্রণ কৰিব নোৱাৰে বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে।

(খ) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে এনে চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। ফলত সদায় সুশাসন আশা কৰিব নোৱাৰি।

(গ) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক থাকে।

(ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন বহুসময়ত একনায়কৰ দৰে শাসন কার্য চলায়। ফলত স্বেচ্ছাচাৰীতাই দেখা দিয়ে।

২। সংসদীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।

উঃ সংসদীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’ল:

(ক) সংসদীয় চৰকাৰত দুজন মুৰব্বী থাকে: প্ৰধানমন্ত্ৰীজন হ’ল চৰকাৰৰ প্ৰধান আৰু ৰাষ্ট্ৰপতিজন হ’ল ৰাষ্ট্ৰৰ প্ৰধান।

(খ) সংসদীয় চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

(গ) সংসদীয় পদ্ধতিৰ চৰকাৰত বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত ওচৰ সম্পর্ক থাকে। ফলত সুশাসন আশা কৰা যায়।

(ঘ) এনে চৰকাৰত মন্ত্রীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। বিধানমণ্ডলে অনাস্থা প্রস্তাব গ্রহণ কৰিলে মন্ত্রীপৰিষদ ভংগ হ’বলৈ বাধ্য।

(ঙ) সংসদীয় চৰকাৰ পদ্ধতিত মন্ত্ৰী পৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়ী হয়।

৩। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে, উদাহৰণসহ আলোচনা কৰা।

উঃ বর্তমান সময়ত বিশ্বত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ জনপ্ৰিয় হোৱা দেখা যায়। ইয়াৰ কাৰণ:

(ক) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত প্রতিখন অংগৰাজ্যই স্বায়ত্ব শাসন লাভ কৰে। ফলত স্থানীয় বা আঞ্চলিক সমস্যা সমাধান কৰাত সহজ হয়।

(খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন থকা বাবে কেন্দ্রীয় চৰকাৰ সমগ্ৰ দেশখনৰ বাবে উমৈহতীয়া কল্যাণমূলক কামত মনোযোগ দিব পাৰে।

(গ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণে সকলোকে গণতন্ত্রত অংশ গ্ৰহণৰ সুবিধা দিয়ে।

(ঘ) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা থাকে। ফলত দেশত আন্তবিপ্লৱ হোৱাৰ আশংকা কম থাকে। যুক্তৰাষ্ট্ৰীয় চৰকাৰত ওপৰোক্ত সুবিধা বা গুণবোৰ থকাৰ বাবে এনে চৰকাৰৰ জনপ্রিয়তা বর্তমান বিশ্বত অধিক হৈছে।

৪। এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।

উঃ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’ল:

(ক) এককেন্দ্ৰীয় চৰকাৰত সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকে। ফলত কেন্দ্রীয় চৰকাৰৰ স্থিতি শক্তিশালী হয়।

(খ) এককেন্দ্ৰীয় চৰকাৰ থকা দেশত নাগৰিকসকলৰ একক নাগৰিকত্ব থাকে। যুক্তৰাষ্ট্ৰত থকাৰ দৰে নাগৰিকসলকৰ দ্বি-নাগৰিকত্ব নাই।

(গ) এককেন্দ্ৰেীয় চৰকাৰৰ সংবিধান সাধাৰণত নমনীয় হয়। কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন অনুসাৰে যিকোনো সময়ত সংবিধান সংশোধন কৰিব পাৰে।

(ঘ) এককেন্দ্ৰীয় চৰকাৰত ন্যায়পালিকা দুৰ্বল হোৱা দেখা যায়। আইনসভাই প্ৰস্তুত কৰা আইন সমগ্র দেশৰ বাবে প্রয়োজ্য হয়। আইন সভাই প্রণয়ন কৰা আইন ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।

(ঙ) এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান লিখিত অথবা অলিখিত হ’ব পাৰে।

৫। এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে? সমালোচনা কৰা।

উঃ এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিক হ’ব নোৱাৰে। কাৰণ:

(খ) এককেন্দ্ৰীয় চৰকাৰত ন্যায়পালিকাৰ প্রাধান্য কম। আইন সভাই প্রণয়ন কৰা আইন সমগ্র দেশতে কাৰ্যকৰী কৰা হয়। ন্যায়পালিকাই আইন সভাই প্রণয়ন কৰা আইন অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে। ফলত আইন একপক্ষীয় হ’ব পাৰে। অর্থাৎ তেনে আইন সংখ্যালঘুসকলৰ স্বাৰ্থৰ বিৰুদ্ধেও যাব পাৰে।

(খ) এককেন্দ্ৰীয় চৰকাৰত কোনো ৰাজ্যিক চৰকাৰ বা স্থানীয় চৰকাৰ নাথাকে। ফলত দেশৰ চুকে-কোনে কেন্দ্ৰীয় চৰকাৰে সুশাসন প্ৰৱৰ্তন কৰাত ব্যর্থ হ’ব পাৰে।

(গ) এককেন্দ্ৰীয় চৰকাৰত চৰকাৰৰ মুৰব্বীজন সহজে একনায়কৰ দৰে স্বেচ্চাচাৰী হ’ব পাৰে। স্বেচ্ছাচাৰী শাসকৰ অধীনত জনসাসধাৰণে সুশাসন আশা কৰিব নোৱাৰে।

(ঘ) এককেন্দ্ৰীয় চৰকাৰত চৰকাৰে জনমতক গুৰুত্ব দিয়া দেখা নাযায়। ফলত চৰকাৰ সহজে জনসাধাৰণৰ অপ্রিয় হ’ব পাৰে।

অতিৰিক্ত প্রশ্নোত্তৰ :

১। প্লেটোৰ মতে জনসাধাৰণৰ কল্যাণৰ বাবে এজনৰ শাসনক কি বুলি কৈছিল?

উঃ ৰাজতন্ত্র।

২। শাসকৰ স্বাৰ্থৰ বাবে চলা এজনৰ শাসনক প্লেটোৱে কি চৰকাৰ বুলি কৈছিল?

উঃ স্বৈৰতন্ত্র।

৩। বহুজনৰ শাসনক প্লেটোরে কি বুলি নামাকৰণ কৰিছিল?

উঃ গণতন্ত্র।

৪। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতে কেইটা ভাগত ভাগ কৰিছে?

উঃ দুটা।

৫। আধুনিক গণতন্ত্রক কোনে সীমিত ৰাজতন্ত্র বুলি কৈছে?

উঃ লীককে।

৬। কোন চৰকাৰক ‘বেষ্ট মিনিষ্টাৰ মডেল’ বুলি কোৱা হয়?

উঃ সংসদীয় পদ্ধতিৰ চৰকাৰক।

৭। এককেন্দ্ৰীক চৰাকৰৰ সংবিধান অলিখিত হ’ব পাৰেনে?

উঃ হয়, হ’ব পাৰে।

৮। ভাৰতবৰ্ষত কোন ধৰণৰ শাসন ব্যবস্থা প্রচলিত হৈ আছে?

উঃ সংসদীয় পদ্ধতিৰ চৰকাৰ।

৯। ‘অৱৰোধন আৰু সণ্ডলন’ কোনবিধ চৰকাৰৰ এটা বিশেষ গুণ?

উঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment