Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Science Chapter 8 গতি প্ৰশ্ন উত্তৰ

By Rabbi Masrur

Published On:

Class 9 Science Chapter 8 অধ্যায় 8 গতি প্ৰশ্ন উত্তৰ

অধ্যায়-৪

গতি প্ৰশ্ন উত্তৰ

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(1)

1. বস্তু এটাই এক নির্দিষ্ট দূৰত্ব অতিক্রম কৰিলে। ইয়াৰ সৰণ ‘শূণ্য’ হ’ব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।

উত্তৰঃ কোনো এটা বস্তুৱে এক নির্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ সৰণ শূণ্য হ’ব পাৰে। উদাহৰণস্বৰূপে, এখন বৃত্তাকাৰ খেলপথাৰৰ এটা নির্দিষ্ট বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি খেলপথাৰৰ চাৰিওফালেৰে এপাক ঘূৰি আহি আগৰ বিন্দু (য’ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল) ত উপস্থিত হ’লে ইয়াৰ সৰণ শূণ্য হ’ব। কাৰণ, প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেটাই হ’ব। সৰণ হ’ল প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব।

2. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্রমণ সম্পূর্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতি বাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অবস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?

খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্রমণ সম্পূর্ণ কৰে

2 মিনিট 20 ছেকেণ্ড সময় অতি বাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অবস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ'ব

3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?

(a) ই শূণ্য হ’ব নোৱাৰে।

(b) ইয়াৰ মান বস্তুটোৱে অতিক্রম কৰা দূৰত্বতকৈ বেছি।

উত্তৰঃ (a) অসত্য। কাৰণ, বৃত্তাকাৰ পথত ঘূৰি থকা বস্তুৰ সৰণ শূণ্য হ’ব পাৰে।

(b) অসত্য। কাৰণ, কোনো এটা বস্তুৰ সৰণ, বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমান নাইবা কম হয়।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(2)

1. দ্রুতি আৰু বেগৰ পাৰ্থক্য লিখা।

উত্তৰঃ

দ্রুতি আৰু বেগৰ পাৰ্থক্য লিখা

2. কি চর্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ দ্রুতিৰ সমান হয়?

উত্তৰঃ যদি বস্তু এটাই সৰল ৰৈখিকভাৱে গতি কৰে তেতিয়া বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্রুতিৰ সমান হয়।

3. মটৰ গাড়ীৰ অড ‘মিটাবে (odometer) কি জোখে?

উত্তৰঃ মটৰ গাড়ীৰ অড’মিটাৰে গাড়ীটোরে অতিক্ৰম কৰা দূৰত্ব জোখে।

4. সুষমভাবে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?

উত্তৰঃ সৰলৰৈখিক।

5. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্রীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ’ব? সংকেতটোৱে পোহৰৰ দ্রুতিৰে অর্থাৎ 3×10 ms দ্রুতিৰে গতি কৰে।

পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(3)

1. তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হোৱা বুলি ক’বা?

উত্তৰঃ (i) যেতিয়া বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত পৰিৱৰ্তন হোৱা বেগৰ জোখ সমান সমান হয়, তেতিয়া তাৰ ত্বৰণক সুষম বুলি কোৱা হয়।

(ii) যেতিয়া বস্তুটোৱে সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে বেগৰ পৰিৱৰ্তন হয়, তেতিয়া তাৰ ত্বৰণক বিষম বুলি কোৱা হয়।

2. বাছ এখনৰ দ্রুতি 5 ছেকেণ্ডত 80 km h-¹ৰ পৰা 60 km h-¹ লৈ হ্রাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা।

বাছ এখনৰ দ্রুতি 5 ছেকেণ্ডত 80 km h-¹ৰ পৰা 60 km h-¹ লৈ হ্রাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা

3. ৰে’লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্রা আৰম্ভ কৰি সুষম ত্বৰেণেৰে 10 মিনিটত তাৰ দ্রুতি 40 km h-¹ লৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ নির্ণয় কৰা।

ৰে'লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্রা আৰম্ভ কৰি সুষম ত্বৰেণেৰে 10 মিনিটত তাৰ দ্রুতি

40 km h-¹ লৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ নির্ণয় কৰা

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(4)

1. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়।

বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়

2. বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ বিষষয়ে তুমি কি মন্তব্য কৰিবা?

উত্তৰঃ বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল সৰল ৰেখা হ’লে ইয়াৰ গতি সুষম হ’ব।

বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল সৰল ৰেখা হ'লে ইয়াৰ গতি সুষম হ'ব

3. বস্তু এটাৰ দ্রুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা?

উত্তৰঃ বস্তু এটাৰ দ্রুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল সৰলৰেখা হ’লে ইয়াৰ গতি সুষম হ’ব।

বস্তু এটাৰ দ্রুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল সৰলৰেখা হ'লে ইয়াৰ গতি সুষম হ'ব

4. বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নির্দেশ কৰা ৰাশিটো কি?

উত্তৰঃ বেগ-সময় লেখৰ তলৰ অংশই আৱৰি ৰখা কালিৰ জোখে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব নির্দেশ কৰে।

পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ

(5)

1. এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 m s-² ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে।

(a) গাড়ীখনে লাভ কৰা দ্রুতি আৰু

(b) অতিক্ৰম কৰা দূৰত্ব উলিওৱা।

এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 m s-² ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে

গাড়ীখনে লাভ কৰা দ্রুতি আৰু

2. ৰে’লগাড়ী এখন 90 km h-¹ দ্রুতিৰে গতিশীল অৱস্থাত আছে। 0.5 ms-² সুষম ত্বৰণৰ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্রেক প্রয়োগ কৰা হ’ল। ৰে’লগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ’ল?

ৰে'লগাড়ী এখন 90 km h-¹ দ্রুতিৰে গতিশীল অৱস্থাত আছে

 

3. হেলনীয়া সমতল এখনেদি গতি কৰা ট্রলী এখনৰ ত্বৰণ 2 cms-²। আৰম্ভনিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান হ’ব?

উত্তৰঃ ইয়াত,

হেলনীয়া সমতল এখনেদি গতি কৰা ট্রলী এখনৰ ত্বৰণ

4. বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 ms-²। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব?

উত্তৰঃ ইয়াত,

বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান

5. শিল এটা 5 ms-¹ বেগেৰে উলম্বভারে ওপৰলৈ দলিওৱা হৈছে। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 ms-² হয়, তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল’ব?

উত্তৰঃ ইয়াত,

শিল এটা 5 ms-¹ বেগেৰে উলম্বভারে ওপৰলৈ দলিওৱা হৈছে

যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 ms-² হয়, তেন্তে

অনুশীলনীৰ প্রশ্নোত্তৰ

1. এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে। 2 মিনিট 20 ছেকেণ্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ’ব?

উত্তৰঃ ইয়াত,

এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে

2 মিনিট 20 ছেকেণ্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ'ব

2. 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটাৰ এটা মূৰ A ৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত যোচেফ আনটো মূৰ B ত উপনীত হ’ল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত C বিন্দুলৈ 100m উভতি আহিল।

(a) Aৰ পৰা B লৈ আৰু (b) A ৰ পৰা C লৈ যোচেফৰ দৌৰৰ গড় দ্রুতি আৰু বেগ নির্ণয় কৰা।

উত্তৰঃ ইয়াত,

Aৰ পৰা B লৈ আৰু (b) A ৰ পৰা C লৈ যোচেফৰ দৌৰৰ গড় দ্রুতি আৰু বেগ নির্ণয় কৰা

2 4

3. আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্রুতি 20 kmh-¹ বুলি গণনা কৰিলে আৰু একে পথেৰে উভতি আহোতে ভিৰ কম হোৱা বাবে তাৰ গড় দ্রুতি 30 kmh-¹ হ’ল। সম্পূর্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্রুতি কিমান?

আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্রুতি

সম্পূর্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্রুতি কিমান


4. হ্রদ এটাত ইঞ্জিনচালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 ms স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8.0 ছে.ৰ বাবে ত্বৰিত হ’ল। এই সময়ত নাওখনে কিমান দূৰ অতিক্ৰম কৰিলে?

উত্তৰঃ ইয়াত,

হ্রদ এটাত ইঞ্জিনচালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা

5. 52 kmh-¹ গৈ থকা গাড়ী এখনৰ চালকে ব্রেক প্রয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাবে ত্বৰিত হ’ল। গাড়ীখন 5 ছেকেণ্ডত বৈ গ’ল। আন এখন গাড়ী চালকে 3 kmh-¹ ত গৈ থকা অৱস্থাত লাহে লাহে ব্রেক প্রয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গ’ল। একেখন লেখ কাগজত দুয়োখন গাড়ীৰ দ্রুতি বনাম সময় লেখ অংকণ কৰা। ব্রেক প্রয়োগ কৰাত কোনখন গাড়ী অধিক দূৰলৈ গ’ল?

উত্তৰঃ

52 kmh-¹ গৈ থকা গাড়ী এখনৰ চালকে ব্রেক প্রয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাবে ত্বৰিত হ'ল

গাড়ীখন 5 ছেকেণ্ডত বৈ গ'ল। আন এখন গাড়ী চালকে

6. চিত্রত A, B আৰু C তিনিটা বস্তুৰ দূৰত্ব-সময় লেখ দেখুওৱা হৈছে। লেখ কেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

চিত্রত A, B আৰু C তিনিটা বস্তুৰ দূৰত্ব-সময় লেখ দেখুওৱা হৈছে। লেখ

(a) তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন?

(b) কেতিয়াবা তিনিওটা পথৰ কোনো বিন্দুত একেলগে হৈছিলনে?

(c) Aক B এ পিছ পেলোৱাৰ মূহুৰ্তত C কিমান দূৰলৈ গৈছিল?

(d) Cক পিছ পেলোৱাৰ মূহুৰ্তত B কিমান দূৰলৈ গৈছিল?

উত্তৰঃ (a) তিনিটাৰ ভিতৰত আটাইতকৈ বেগী হ’ল B।

(b) তিনিওটাই কেতিয়াও একেলগ হোৱা নাছিল।

(c) C য়ে 5.714 কি.মি. দূৰলৈ গৈছিল।

(d) B য়ে 5.143 কি.মি. দূৰলৈ গৈছিল।

7. 20 মি. উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ’ল। ইয়াৰ বেগ 10 ms সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব?কিমান সময়ৰ পিছত ই ভূমিত পৰিব?

উত্তৰঃ ইয়াত,

20 মি. উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ'ল

৪. চিত্রত গাড়ী এখনৰ দ্রুতি-সময় লেখ দেখুওৱা হৈছে।

চিত্রত গাড়ী এখনৰ দ্রুতি-সময় লেখ দেখুওৱা হৈছে

(a) প্রথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰলৈ যাব নির্ণয় কৰা। এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলটো ৰং দিয়া।

(b) লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নির্দেশ কৰিছে?

উত্তৰঃ (a)

প্রথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰলৈ যাব নির্ণয় কৰা

9. তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

(a) স্থিৰ ত্বৰণ কিন্তু শূণ্য বেগৰ বস্তু।

(b) কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত।

উত্তৰঃ (a) সম্ভৱ।

উদাহৰণস্বৰূপে, যেতিয়া এটা বল সর্ব্বোচ্চ উচ্চতাত দলিওৱা হয় তেতিয়া ইয়াৰ বেগ শূণ্য হয়। কিন্তু এইটো সময়ত বলটোৰ ত্বৰণ মাধ্যাকর্ষণিক ত্বৰণৰ (9.8 ms-²) সমান হ’ব।

(b) সম্ভব।

উদাহৰণস্বৰূপে, যেতিয়া এখন গাড়ী বৃত্তীয় পথেৰে ঘূৰি থাকে তেতিয়া গাড়ীখনৰ ত্বৰণ গতিৰ লম্ব দিশত হয়।

10. 42250 km ব্যাসার্ধৰ বৃত্তীয় কক্ষ পথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে। যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্রদক্ষিণ কৰে তেন্তে তাৰ দ্রুতি নিৰ্ণয় কৰা।

42250 km ব্যাসার্ধৰ বৃত্তীয় কক্ষ পথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে

অতিৰিক্ত প্রশ্নোত্তৰ

1. সুষম গতি কাক বোলে?

উত্তৰঃ কোনো এটা বস্তুৱে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তাৰ গতিক সুষম গতি বোলে।

2. বিষম গতি কি?

উত্তৰঃ বিষম গতি হ’ল কোনো এটা বস্তুবে বেলেগ বেলেগ সময়ৰ অন্তৰালত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা।

3. দ্রুতিৰ সংজ্ঞা দিয়া। ইয়াৰ SI একক লিখা।

উত্তৰঃ বস্তু এটাই একক সময়ত অতিক্রম কৰা দূৰত্বৰ জোখক দ্রুতি বোলে। ইয়াৰ SI একক হ’ল m/s বা ms¹।

4. বেগ কাক বোলে? বেগ এটা কি ৰাশি?

উত্তৰঃ গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দ্রুতিকে বেগ বোলে। বেগৰ মান আৰু দিশ দুয়োটা আছে, গতিকে ই এটা স্কেলাৰ ৰাশি।

5. গড়বেগৰ গাণিতিক প্রকাশ ৰাশিটো লিখা।

উত্তৰঃ গড়বেগৰ গাণিতিক প্রকাশ ৰাশিটো হ’ল-

গড়বেগৰ গাণিতিক প্রকাশ ৰাশিটো লিখা

6. ত্বৰণ কাক বোলে? ইয়াৰ গাণিতিক প্রকাশ ৰাশি আৰু SI একক লিখা।

উত্তৰঃ বস্তু এটাৰ প্ৰতি একক সময়ত পৰিবৰ্তন হোৱা বেগৰ জোখক ত্বৰণ বোলে।

ত্বৰণ কাক বোলে ইয়াৰ গাণিতিক প্রকাশ ৰাশি আৰু SI একক লিখা

7. সুষম আৰু বিষম ত্বৰণৰ সংজ্ঞা দিয়া। উদাহৰণ দিয়া।

উত্তৰঃ সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়িলে বা কমিলে তাৰ ত্বৰণক সুষম ত্বৰণ বোলে।

উদাহৰণস্বৰূপে, ওপৰৰ পৰা শিলগুটি এটা মুক্তভাবে আধোগমন কৰিব দিলে তাৰ বেগ সুষমভাৱে ত্বৰিত হ’ব।

কোনো এটা বস্তু পোন পথত সমান সমান সময়ৰ অন্তৰালত বেগবেলেগ বেলেগ পৰিমাণে পৰিবৰ্তন হ’লে তাৰ ত্বৰণক সুষম ত্বৰণ বোলে।

উদাহৰণস্বৰূপে, গাড়ী এখন সমান সমান সময়ৰ অন্তৰালত বেগ বেলেগ বেলেগ পৰিমাণে পৰিবৰ্তন হ’লে তাৰ দ্রুতি বিষমভাৱে ত্বৰিত হ’ব।

৪. সুষম বৃত্তীয় গতি কাক বোলে?

উত্তৰঃ বস্তু এটাই সুষম দ্রুতিৰে বৃত্তাকাৰ পথেদি গতি কৰিলে তাৰ গতিক সুষম বৃত্তীয় গতি বোলে।

9. তলত দিয়া গতি বিষয়ক সমীকৰণবোৰ উপস্থাপন কৰা।

(a) v = u + at

(b) s = ut + 1/2at²

(c) 2as = v² – u²

উত্তৰঃ সুষমভাৱে গতিশীল বস্তু এটাৰ বেগ-সময় লেখ এডাল বিবেচনা কৰা হ’ল।

তলত দিয়া গতি বিষয়ক সমীকৰণবোৰ উপস্থাপন কৰা

লেখডালৰ পৰা। সময়ত বস্তুটোৰ প্ৰাৰম্ভিক বেগ, u (A বিন্দুত) আৰু অন্তিম বেগ, v (Β বিন্দুত)। বেগ সুষমভাৱে এ হাৰত ত্বৰিত হয়। B বিন্দুৰ পৰা BC আৰু BE দুডাল লম্ব ক্রমে সময় আৰু বেগ অক্ষলৈ টনা হ’ল। OA য়ে প্ৰাৰম্ভিক বেগ আৰু BC য়ে অন্তিম বেগ সূচায় আৰু OC য়ে সময়ৰ অন্তৰাল। নির্দেশ কৰিছে। BD = BC -CD য়ে। সময়ত হোৱা বেগৰ পৰিৱৰ্তন বুজাইছে। OC ৰ সমান্তৰালভাৱে AD অংকণ কৰা হ’ল।

সুষমভাৱে গতিশীল বস্তু এটাৰ বেগ-সময় লেখ এডাল বিবেচনা কৰা হ'ল

লেখডালৰ পৰা। সময়ত বস্তুটোৰ প্ৰাৰম্ভিক বেগ, u (A বিন্দুত) আৰু অন্তিম বেগ

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment