Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা

By Rabbi Masrur

Published On:

Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতাঅধ্যায় – 7

জীৱৰ বিচিত্ৰতা

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(1)

1. আমি জীৱবিলাকৰ কিয় শ্রেণীবিভাজন কৰো?

উত্তৰঃ পৃথিৱীত অসংখ্য প্রাণী আৰু উদ্ভিদ আছে আৰু এইবোৰৰ থকা স্থানো ভিন্ ভিন্। এই জীববোৰৰ বিষয়ে সহজে জ্ঞান আহৰণ কৰিবলৈ আমি জীৱবোৰৰ শ্রেণীবিভাজন কৰো।

2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পার্থক্যবিলাকৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ আমাৰ চাৰিও পাশে থকা জীৱবোৰৰ পাৰ্থক্যবোৰ হ’ল-

(i) ইহঁতৰ আকাৰ মাইক্ৰনৰ পৰা আৰম্ভকৰি মিটাৰলৈ হ’ব পাৰে। উদাহৰণস্বৰূপে, অণুজীৱৰ আকাৰ 0.001 মাইক্ৰণৰ পৰা আৰম্ভ কৰি নীলা তিমি মাছৰ দৈর্ঘ্য 30 মিটাৰলৈ হ’ব পাৰে।

(ii) পাইন গছ এহেজাৰ বছৰলৈ আৰু মহ কেইদিনলৈ জীৱিত থাকে।

(iii) বিভিন্ন জীৱ আৰু পক্ষীবোৰৰ ৰং ভিন্ ভিন্ হ’ব পাৰে নাইবা ৰং বিহীন হ’ব পাৰে।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(2)

1. জীবজগতৰ শ্ৰেণীবিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্টক বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা? আৰু কিয়?

(ক) সিহঁতে বসবাস কৰা স্থানক?

(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? আৰু কিয়?

উত্তৰঃ (ক) জীৱৰ বাসস্থানৰ ওপৰত ভিত্তি কৰি জীৱৰ শ্ৰেণীবিভাজন কৰা নহয়। কাৰণ, যেনে-জলচৰ প্ৰাণী প্ৰৱাল, তিমি, অক্টোপাছ আদিবোৰৰ বৈশিষ্ট ভিন্ ভিন্ হোৱাত শ্ৰেণীবিভাজন কৰাত সমস্যা দেখা যায়।

(খ) কোষৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি জীৱৰ শ্রেণীবিভাজন কৰা হয়। তেতিয়া আমি জীৱক দুটা ভাগত ভাগ কৰো। যেনে- আদিম কোষযুক্ত প্রাণী আৰু সুকোষযুক্ত প্রাণী। কোষৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱজগতক শ্ৰেণীবিভাজন কৰিলে জীৱজগত সম্বন্ধে অধ্যয়নৰ বাবে সুবিধা হয়।

2. জীবজগতৰ শ্ৰেণীবিভাজনত প্রথম পর্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্টটো কি?

উত্তৰঃ কোষৰ প্ৰকৃতি।

3. কি চৰিত্ৰগত বৈশিষ্টক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?

উত্তৰঃ পৰিপুষ্টিৰ প্ৰকাৰ, কোষৰ সংগঠন, ভিন্ ভিন্ অংগসমূহ আৰু সিহঁতৰ জটিলতাৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্রাণীসমূহক বিভিন্ন শ্রেণীত অন্তৰ্ভূক্ত কৰা হৈছে।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(3)

1. কোনবোৰ জীৱক নিম্নস্তৰীয় জীব বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

উত্তৰঃ যিবোৰ জীৱৰ দেহৰ পুৰণি গঠনৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, সেই জীৱসমূহক আদিম জীৱ বা নিম্নস্তৰীয় জীৱ বোলে। নিম্নস্তৰীয় জীৱ আৰু উচ্চস্তৰীয় জীৱৰ মাজত থকা পাৰ্থক্যবোৰ সঠিককৈ দিব নোৱাৰি।

2. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয়। কিয়?

উত্তৰঃ নহয়, যিহেতু ক্ৰমবিকাশৰ গতি ধাৰাত জীৱবিলাকৰ দেহৰ অৱয়ৱ সৰল পৰ্যায়ৰ পৰা জটিল পর্যায়লৈ ধারিত হয়। সেয়েহে আমি ক’ব পাৰো যে অতীতৰ জীৱবিলাক সৰল পৰ্যায়ৰ আৰু বৰ্তমানৰ জীৱবিলাক জটিল পৰ্যায়ৰ।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(4)

1. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তর্গত জীববিলাকক কি নির্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তিকৰি বিভক্ত কৰা হৈছে?

উত্তৰঃ তলত দিয়া চৰিত্ৰৰ ওপৰত ভিত্তি কৰি মনেৰা ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হৈছে-

(i) এই ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক অতি সৰল।

(ii) এই ৰাজ্যৰ জীৱবোৰৰ কোষত প্রকৃত কোষকেন্দ্র নাথাকে।

(iii) এই ৰাজ্যৰ জীৱবোৰ স্ব-পুষ্ট বা পৰপুষ্ট হয়।

তলত দিয়া চৰিত্ৰৰ ওপৰত ভিত্তি কৰি জীৱবোৰক প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হৈছে-

(i) এই ৰাজ্যৰ জীৱবিলাক সৰল যদিও মনেৰা ৰাজ্যৰ জীৱতকৈ উন্নত।

(ii) এই ৰাজ্যৰ জীৱবোৰ সংকোষকেন্দ্ৰীয়।

(iii) এই ৰাজ্যৰ জীৱবোৰ স্ব-ভোজী বা ভিন্নভোজী।

2. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্রীয় কোষৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যৰ অন্তৰ্ভূক্ত কৰিবা?

উত্তৰঃ প্ৰটিষ্টা ৰাজ্যৰ।

3. শ্রেণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্টসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বর্গানুক্রমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বর্গানুক্রমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হয়?

উত্তৰঃ বৰ্গীকৰণ জীৱবিজ্ঞানৰ অতি লাগতিয়াল শাখা। কাৰণ, বৰ্গীকৰণ অবিহণে জীৱৰ চিনাক্তকৰণ সম্ভৱ নহয়। ইয়াৰ বাবেই এক নির্দিষ্ট নিয়ম অনুসৰি জীৱক বর্গানুক্রম বা বিন্যাস কৰা হয়। বৰ্গীকৰণৰ একেবাৰে ক্ষুদ্র এককটো হ’ল প্রজাতি আৰু বৃহত্তম গোটটো হ’ল ৰাজ্য।
ৰাজ্য নামৰ বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীর থাকিব।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(5)

1. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

উত্তৰঃ সমাংগদেহী উদ্ভিদ।

2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পার্থক্য?

উত্তৰঃ ঢেঁকীয়া জাতীয় উদ্ভিদৰ বীজ নগ্ন অৱস্থাত থাকে।

আনহাতে, সপুষ্পক উদ্ভিদৰ বীজ ফলত আবৃত হৈ থাকে।

3. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি?

উত্তৰঃ

নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(6)

1. ৰন্ধী প্রাণীসমূহক একনলদেহী প্রাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?

ৰন্ধী প্রাণীসমূহক একনলদেহী প্রাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি

2. কেনেকৈ বলয়ীদেহী প্রাণীসমূহক সন্ধী পদী প্রাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি?

উত্তৰঃ

কেনেকৈ বলয়ীদেহী প্রাণীসমূহক সন্ধী পদী প্রাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি

কেনেকৈ বলয়ীদেহী প্রাণীসমূহক সন্ধী পদী

3. উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পার্থক্য কি?

উত্তৰঃ

উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পার্থক্য কি

4. পক্ষী শ্ৰেণীৰ অন্তৰ্ভূক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত পাৰ্থক্য কি কি?

উত্তৰঃ পক্ষী শ্ৰেণীৰ অন্তৰ্ভূক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত পাৰ্থক্য হ’ল-

পক্ষী শ্ৰেণীৰ অন্তৰ্ভূক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত পাৰ্থক্য কি কি

অনুশীলনীৰ প্রশ্নোত্তৰ

1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ হ’ল-

(i) জীৱক চিনাক্ত কৰিবলৈ সহজ।

(ii) জীৱৰ চাৰিত্ৰিক বৈশিষ্ট, ধর্ম, প্রজনন প্রক্রিয়া ইত্যাদিবোৰৰ বিষয়ে অধ্যয়ন কৰিব পৰা যায়।

(iii) জীৱবৈচিত্র অধ্যয়নত শ্রেণীবিভাজন সুবিধা হয়।

(iv) অধ্যয়নৰ সুবিধাৰ বাবে আদ্যপ্ৰাণীৰ বাহিৰে সকলোবোৰ বহুকোষী প্রাণী ৰাজ্য আৰু সকলোবোৰ উদ্ভিদেই উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত কৰা হৈছে।

2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?

উত্তৰঃ জীৱবিলাকক কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰথমে বৃহৎ বিভাগত ভাগ কৰিব পাৰি তাক বিবেচনা কৰিব লাগিব। ইয়াৰ পিছত পৰৱৰ্তী বিভাজন কি কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পুনৰ বিভিন্ন শ্রেণী, উপশ্রেণী বা উপবিভাগত বিভক্ত কৰিব পাৰি তাক বিবেচনা কৰিব লাগিব।

3. জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বর্ণনা কৰা।

উত্তৰঃ জীবজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ’ল-

(i) কোষৰ প্ৰকৃতিঃ জীৱবোৰ প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষ হয়নে নহয় তাক লক্ষ্য কৰিব লাগে।

(ii) কোষৰ সংখ্যাঃ জীৱবোৰ এককোষী নে বহুকোষী তাক লক্ষ্য কৰিব লাগে।

(iii) কোষবেৰৰ অৱস্থিতিঃ জীৱৰ কোষবোৰৰ কোষবেৰ আছে নে নাই সেইটো লক্ষ্য কৰিব লাগে।

(iv) পুষ্টিৰ ধৰণঃ জীৱবোৰ স্ব-ভোজী নে ভিন্নভোজী তাক নিৰ্ণয় কৰিব লাগে।

4. উদ্ভিদ ৰাজ্যৰ মূখ্য উপ-বিভাগ সমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে?

উত্তৰঃ উদ্ভিদ জগতক মূখ্য পাঁচটা ভাগত ভাগ কৰা হৈছে। যেনে- (i) সমাংগদেহী উদ্ভিদঃ সমাংগদেহী উদ্ভিদৰ অন্তৰ্গত উদ্ভিদখিনিৰ কলাৰ গঠন নহয়। সেয়েহে দেহৰ গঠন সৰল পৰ্যায়ৰ।

(ii) মচ জাতীয় উদ্ভিদঃ এইবোৰ উদ্ভিদৰ দেহৰ গঠন বহুকোষীয়। কলা গঠন কৰি বিভিন্ন জৈবিক ক্রিয়া সম্পন্ন কৰে। দেহটো সমকায় বা কিছুমানৰ ক্ষেত্রত পাত, কাণ্ড, মূল আদিৰ নিচিনা অংগৰে গঠিত।

(iii) ঢেঁকীয়া জাতীয়ঃ এই শ্ৰেণীৰ উদ্ভিদৰ দেহ সু-সংগঠিত, সম্পূর্ণ স্বাৱলম্বী আৰু স্ব-পুষ্ট, উদ্ভিদৰ দেহটো পাত, কাণ্ড আৰু শিপা আদি অংগৰে গঠিত।

(iv) নগ্নবীজী উদ্ভিদঃ এই শ্ৰেণীৰ অন্তৰ্গত উদ্ভিদৰ ফুলৰ পৰা বীজ উৎপন্ন হ’লেও বীজটো ফলেৰে আবৃত নাথাকে। এই উদ্ভিদৰ প্ৰায়বোৰেই বৃক্ষজাতীয়, কাণ্ড কঠিন আৰু শকত, বহুবর্ষজীৱী।

(v) গুপ্তবীজী উদ্ভিদঃ এই উদ্ভিদৰ বীজ ফলেৰে আবৃত হৈ থাকে। উদ্ভিদবোৰ শাক-পাচলিৰ পৰা জোপোহা, বৃক্ষ আৰু কিছুমান লতাজাতীয় হয়। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা পুষ্টি সাধন কৰে।

5. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণীজগতৰ শ্ৰেণীবিভজান কৰা ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি?

উত্তৰঃ উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহ হ’ল-

(i) উদ্ভিদ দেহৰ প্রভেদ নির্ণয়।

(ii) স্পষ্ট সংবহন কলা থাকিব লাগে।

(iii) বীজ সৃষ্টিৰ ক্ষমতা।

(iv) বীজসমূহ ফলেৰে আবৃত হৈ থাকে নে নাথাকে। প্রাণীজগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহ হ’ল-

(i) দেহৰ সংগঠন।

(ii) দেহৰ চৰ্ম আৰু কংকালৰ প্ৰকৃতি।

(iii) প্ৰাণীবোৰৰ কোষৰ হৰিৎকণা নাথাকে।

(iv) প্রাণীবোৰ অমেৰুদণ্ডী আৰু পৃষ্ঠদণ্ডী হয় নে নহয় তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।

6. মেৰুদণ্ডী প্রাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে?

উত্তৰঃ মেৰুদণ্ডী প্রাণীসমূহৰ উপবিভাজনৰ ভিত্তিসমূহ হ’ল-

(i) হৃদযন্ত্ৰৰ প্রকৃতি, অর্থাৎ কোঠালীৰ সংখ্যা।

(ii) বাকলি থকা, নথকাৰ ওপৰত ভিত্তি কৰি।

(iii) শীতল ৰক্তী নে উষ্ণৰক্তী।

(iv) প্রাণীবোৰে পোৱালী জন্ম দিয়ে নে কণীৰ পৰা পোৱালী হয়।

(v) প্রাণীবোৰে হাওঁফাওঁ নে ফুলৰ সহায়ত শ্বসন কার্য চলায়।

(vi) বাকলিৰ উপস্থিতি।

(vii) বাকলী থকা কণী নে বাকলী নথকা কণী দিয়ে।

(viii) প্ৰাণীৰ গোটেই দেহ নে দেহৰ কিছু অংশ নোমেৰে আবৃত।

অতিৰিক্ত প্রশ্নোত্তৰ

1. গ্রীক দার্শনিক এৰিষ্টট ‘লে জীৱসমূহক কি কি শ্ৰেণীত ভাগ কৰিছিল?

উত্তৰঃ স্থলজ, জলজ আৰু বায়ব।

2. জীৱজগতখনক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ জীৱজগতখনক প্ৰধানকৈ পাঁচটা ভাগত ভাগ কৰা হৈছে। যেনে-

(i) মনেৰা (Monera) ৰাজ্য।

(ii) প্রটিষ্টা (Protista) ৰাজ্য।

(iii) ভেঁকুৰ (Fungi) ৰাজ্য।

(iv) উদ্ভিদ (Plantae) ৰাজ্য।

(v) প্রাণী (Animalia) ৰাজ্য।

3. জীবজগৰ পাঁচ ৰাজ্য কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ৰবাৰ্ট হুৱাইটেকাৰ- এ।

4. তলত দিয়াবোৰৰ বিষয়ে চমুকৈ লিখা।

মনেৰা ৰাজ্য, প্রটিষ্টা ৰাজ্য, ভেঁকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য।

উত্তৰঃ মনেৰা ৰাজ্যঃ এই ৰাজ্যত অন্তর্গত জীৱবিলাকৰ কোষত প্রকৃত কোষকেন্দ্ৰ আৰু কোষ অংগাণু নাথাকে। ইহঁতৰ দেহ বহুকোষী নহয়। এই জীৱবোৰৰ কিছুমানৰ কোষৰ কোষবেৰ থাকে আৰু কিছুমানৰ নাথাকে। এই ৰাজ্যৰ জীৱবিলাকৰ দেহৰ গঠনত কোষবেৰে প্ৰভাৱ পেলায়। এই ৰাজ্যৰ জীৱবিলাকৰ পৰিপুষ্টি প্রক্রিয়া কিছুমানৰ ক্ষেত্ৰত্রত স্বপুষ্ট আৰু কিছুমানৰ ক্ষেত্ৰত পৰপুষ্ট। উদাহৰণ-বেক্টেৰিয়া, নীল সেউজ শেলাই, মাইক’প্লাজমা আদি।

প্রটিষ্টা ৰাজ্যঃ সংকোষকেন্দ্রীয় এককোষী জীৱবিলাক এই ৰাজ্যৰ অন্তৰ্ভূক্ত। এই জীৱবিলাকৰ কিছুমানে চুলিৰ দৰে বা চাবোকৰ দৰে কিছুমান উপাংগ কেশৰৰ সহায়ত চলাচল কৰি থাকিব পাৰে। ইহঁতৰ পৰিপুষ্টি প্রণালী স্বপুষ্ট বা পৰপুষ্ট। উদাহৰণ-এককোষী শেলাই, ড’য়েটাম, আদ্যপ্রাণী আদি। ভেঁকুৰ ৰাজ্যঃ সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত পৰিপুষ্ট জীৱবিলাক এই ৰাজ্যৰ অন্তৰ্গত। ইহঁতে গেলা-পচা জৈৱ আৱৰ্জনাৰ পৰা আহাৰ আহৰণ কৰে। এই জীৱবিলাকৰ কোষৰ কোষবেৰখন চিটিন নামৰ এক জটিল শৰ্কৰাৰে গঠিত। উদাহৰণ-ইষ্ট, কাঠফুলা আদি।
উদ্ভিদ ৰাজ্যঃ এই ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকৰ দেহ সংকোষকেন্দ্রীয় কোষেৰে গঠিত বহুকোষী জীর। এই জীৱবিলাক স্বপুষ্ট। ইহঁতে পত্ৰহৰিতৰ সহায়েৰ সালোক সংশ্লেষণ কৰিব পাৰে। সকলোবোৰ উদ্ভিদেই এই ৰাজ্যৰ অন্তর্ভুক্ত।

প্রাণী ৰাজ্যঃ কোষবেৰহীন সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত বহুকোষী জীৱবিলাকেই এই ৰাজ্যৰ অন্তৰ্গত। এই ৰাজ্যৰ গোটেইবোৰ জীৱই পৰপুষ্ট।

5. উদ্ভিদ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ উদ্ভিদ ৰাজ্যক পাঁচটা ভাগত ভাগ কৰা হৈছে। যেনে-

(i) সমাংগদেহী (Thallophyta) উদ্ভিদ।

(ii) মচ জাতীয় (Bryophyta) উদ্ভিদ।

(iii) ঢেঁকীয়া জাতীয় (Pteridophyta) উদ্ভিদ।

(iv) নগ্নবীজী (Gymnosperms) উদ্ভিদ।

(v) গুপ্তবীজী (Angiosperms) উদ্ভিদ।

6. প্রাণীজগতক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ প্রাণীজগতক দহটা ভাগত ভাগ কৰা হৈছে। যেনে-

(i) বন্ধী প্রাণী

(ii) একনলদেহী প্রাণী

(iii) চেপেটা কৃমি

(iv) ঘূৰণীয়া কৃমি

(v) বলয়ী প্রাণী

(vi) সন্ধিপদী প্রাণী

(vii) কোমলদেহী প্রাণী

(viii) কণ্টকচর্মী প্রাণী

(ix) প্রক’ৰডেটা

(x) মেৰুদণ্ডী প্রাণী।

7. মেৰুদণ্ডী প্রাণীৰ বৈশিষ্টসমূহ লিখা।

উত্তৰঃ মেৰুদণ্ডী প্রাণীৰ বৈশিষ্টসমূহ হ’ল-

(i) এডাল পৃষ্ঠৰজ্জু থাকে।

(ii) এডাল পৃষ্ঠীয় স্নায়ুৰজ্জু থাকে।

(iii) ইহঁত ত্রিস্তকীয়।

(iv) ইহঁতৰ যুগ্ম ক্লোমৰন্ধ থাকে।

(v) ইহঁতৰ দেহ গুহাযুক্ত।

৪. মেৰুদণ্ডী প্রাণীসমূহক কেইটা শ্রেণীত ভাগ কৰা হৈছে আৰু কি কি? প্ৰত্যেকৰে উদাহৰণ দিয়া।

উত্তৰঃ মেৰুদণ্ডী প্রাণীসমূহক পাঁচটা শ্রেণীত ভাগ কৰা হৈছে। যেনে-

(i) মৎসঃ- ৰৌ মাছ, কাৱৈ মাছ, ডগ ফিছু, সিংহ মাছ আদি।

(ii) উভচৰঃ- চুক ভেকুলী, গছ ভেকুলী, চালামান্দাৰ আদি।

(iii) সৰীসৃপঃ-সাপ, কাছ, জেঠী, কেমেলিয়ন আদি।

(iv) পক্ষীঃ কাউৰী, ঘৰচিৰিকা, পাৰ চৰাই, উটপক্ষী আদি।

(v) স্তন্যপায়ীঃ মানুহ, মেকুৰী, বাদুলী, এন্দুৰ আদি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment