Class 9 Science Chapter 6 Answer অধ্যায় – 6 কলা
অধ্যায়-6
কলা
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(1)
1. কলা কি?
উত্তৰঃ নির্দিষ্ট একোটা কাম কৰা একে উৎপত্তি, গঠন আকৃতিযুক্ত কোষৰ সমষ্টিক কলা বোলে।
2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?
উত্তৰঃ বহুকোষী জীৱৰ শৰীৰত বিভিন্ন কার্য সমাধা কৰিবলৈ জীৱকোষবিলাকে নানা ধৰণৰ বৈশিষ্ট লাভ কৰে। ফলত জীৱদেহৰ ভিন ভিন অংশ বা অংগ প্রত্যংগৰ কোষৰ গঠন আৰু আকৃতি ভিন্ ভিন্ হয়। কোনো বিশেষ কার্য যেনে- পাচন কার্য, ৰেচন কার্য, শ্বাসকার্য ইত্যাদিবোৰৰ কাৰণে একেলগ হৈ একে গুণবিশিষ্ট কোষৰ সমষ্টি গঠন কৰে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(2)
1. বিভিন্ন ধৰণৰ সৰল কলাসমূহৰ নাম লিখা।
উত্তৰঃ বিভিন্ন ধৰণৰ সৰল কলাসমূহ হ’ল-
(a) পেৰেনকাইমা,
(b) কলেনকাইমা আৰু
(c) ক্ল’ৰেনকাইমা
2. অগ্রস্থ ভাজক কলা ক’ত পোৱা যায়?
উত্তৰঃ উদ্ভিদৰ মূল বা শিপা আৰু কাণ্ডৰ একেবাৰে অগ্র অংশত অগ্রস্থ ভাজক কলা পোৱা যায়।
3. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?
উত্তৰঃ ক্ল’ৰেনকাইমা।
4. ফ্লোরেম কলা কিহেৰে গঠিত?
উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত।
যেনে-
(a) চালনী জাতীয় কোষ,
(b) সংগীকোষ,
(c) ফ্লোরেম পেৰেনকাইমা আৰু
(d) বাষ্ট তত্ত্ব।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(3)
1. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?
উত্তৰঃ প্রাণীদেহৰ চলনৰ লগত জড়িত কলা হ’ল- পেশীকলা।
2. নিউৰণ (Neuron) দেখাত কেনেকুৱা হয়?
উত্তৰঃ নিউৰণ বা স্নায়ুকোষ দেহকোষ আৰু স্নায়ু প্ৰৱৰ্ধৰে গঠিত। দেহকোষত নিউৰণৰ কোষকেন্দ্র থাকে। কোষকেন্দ্ৰৰ চাৰিওফালে ঘন কোষপ্রৰস থাকে প্রত্যেক নিউৰণৰ স্নায়ু প্ৰৱৰ্ধৰ পৰা দুডাল বা তাতোধিক সূতাৰ নিচিনা প্রৱর্ধ ওলাই থাকে।
2. হৃদপেশীৰ তিনিটা বৈশিষ্ট লিখা।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট হ’ল-
(i) হৃস্পেশী ৰেখিত পেশী আৰু অৰেখিত পেশী এই দুয়োটাৰ বৈশিষ্ট বহণ কৰে।
(ii) এই কলাৰ তত্ত্বকোষত মাত্র এটাহে কোষকেন্দ্র থাকে।
(iii) ই প্রাণীৰ গোটেই কালছোৱাত নিৰৱছিন্নভাৱে প্ৰসাৰণ আৰু সংকোচন কার্য চলাই যাব পাৰে।
4. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-
এই কলাই দুটা অংগ বা পেশীৰ মাজত সংযোজক হিচাপে কাম কৰে। এইবিধ কলা হৈছে প্রকৃত সংযোজক কলা জালিকা সদৃশ আৰু ই ভৌমদ্রব্যত সিঁচৰিত হৈ থকা ভিন্ন প্ৰকাৰৰ কোষ আৰু তন্তুৰে গঠিত।
অনুশীলনীৰ প্রশ্নোত্তৰ
1. “কলা” ৰ সংজ্ঞা দিয়া।
উত্তৰঃ নির্দিষ্ট একোটা কাম কৰা একে উৎপত্তি, গঠন আকৃতিযুক্ত কোষৰ সমষ্টিক কলা বোলে।
2. কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ জাইলেম কলা গঠন কৰা উপাদানবোৰ হ’ল-
(i) ট্রেকাইড, (ii) ট্রেকীয়া, (iii) কাষ্ট তন্তু বা জাইলেম তত্ত্ব আৰু (iv) কাষ্ট পেৰেনকাইমা বা জাইলেম পেৰেনকাইমা।
3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্রত জটিল স্থায়ী কলাতকৈ পৃথক?
উত্তৰঃ একে ধৰণৰ গঠন, আকৃতি আৰু কাম সমাধা কৰা স্থায়ীকোষৰ সমষ্টিক সৰল স্থায়ী কলা বোলে। যেনে- পেৰেনকাইমা, ক’লেন কাইমা আৰু শ্লেবেনকাইমা।
আনহাতে, গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু ভিন্ ভিন্ কার্য সমাধা কৰা কোষৰ সমষ্টিক জটিল স্থায়ী কলা বোলে। যেনে- জাইলেম বা কাষ্ট, ফ্লোরেম বা বাষ্ট।
4. কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা, ক’লেনকাইমা, শ্লেৰেনকাইমাৰ মাজত থকা পার্থক্য দাঙি ধৰা।
উত্তৰঃ
5. পত্ৰৰন্ধৰ কাৰ্যবিলাক কি কি?
উত্তৰঃ পত্ৰৰন্ধৰ কাম হ’ল- বায়ুমণ্ডলীয় গেছৰ আদান-প্রদান আৰু বাষ্পমোচন কৰা।
6. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?
উত্তৰঃ প্রশ্নাৱলী (3) ৰ 1 নং প্রশ্নোত্তৰ চোৱা।
7. নিউৰণ (Neuron) দেখাত কেনেকুৱা?
উত্তৰঃ প্রশ্নাৱলী (3) ৰ 2 নং প্রশ্নোত্তৰ চোৱা।
৪. হৃদপেশীৰ তিনিটা বৈশিষ্ট উল্লেখ কৰা।
উত্তৰঃ প্রশ্নাৱলী (3) ৰ 3 নং প্রশ্নোত্তৰ চোৱা।
9. এবিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ প্রশ্নাৱলী (3) ৰ 4 নং প্রশ্নোত্তৰ চোৱা।
10. চিত্ৰৰ সহায়ত বিভিন্ন প্রকাৰৰ পেশীতন্তুসমূহৰ মাজৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ ঐচ্ছিক বা ৰেখিত পেশীঃ পেশীবোৰ দীঘল, গোলাকাৰ নলীৰ দৰে তত্ত্বৰে গঠিত। প্রাণীবোৰে ইচ্ছামতে পেশীবোৰ সংকুচিত কৰিব পাৰে। পেশীৰ গাত অনুপ্রস্থ ৰেখা থাকে।
হৃদপেশীঃ পেশীবোৰ দীঘল, গোলাকাৰ, শাখাযুক্ত। কাৰ্যৰ ফালৰ পৰা অনৈচ্ছিক পেশীৰ দৰে। পেশীৰ তন্তুবোৰত অনুপ্রস্থীয় ৰেখা নাথাকে।
11. হৃদপেশীসমূহৰ বিশেষ কাম কি?
উত্তৰঃ হৃদপেশীৰ বিশেষ কাম হ’ল- প্ৰাণীৰ জীৱনৰ গোটেই কালছোৱাত নিৰৱছিন্নভাৱে প্ৰসাৰণ আৰু সংকোচন কার্য চলাই যোৱা।
12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি বেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পার্থক্য নির্ণয় কৰা।
উত্তৰঃ
13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্র আঁকা।
উত্তৰঃ
14. তলত দিয়া কলাসমূহৰ নাম লিখা।
(a) আমাৰ মুখৰ বেৰখন কি কলাৰে গঠিত?
(b) পেশী আৰু অস্থিক কি কলাই সংযোগ কবে?
(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?
(d) আমাৰ দেহৰ চৰী থকা সংযোজক কলাবিধৰ নাম কি?
(e) জুলীয়া আধাৰ দ্রব্য থকা সংযোজক কলাবিধৰ নাম কি?
(f) মস্তিষ্কত কি কলা থাকে?
উত্তৰঃ (a) চটীয়া আৱৰণী কলা বা অবিচ্ছন্দীয় কলা।
(b) টেগুন কলা।
(c) ফ্লোরেম কলা।
(d) মেদ কলা।
(c) তৰল সংযোজক কলা।
(f) স্নায়ু কলা।
15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰঃ চটীয়া আৱৰণী কলা বা অবিচ্ছন্দীয় কলা।
16. তলত দিয়া প্রাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা। ছাল, অস্থি, বৃক্কৰ আৱৰণ।
উত্তৰঃ ছাল- চটীয়া আৱৰণী কলা। অস্থি- কংকাল কলা। বৃক্কৰ আৱৰণী- চিলিয়াযুক্ত আৱৰণী কলা।
17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা।
অতিৰিক্ত প্রশ্নোত্তৰ
1. উদ্ভিদ কলা কেই প্ৰকাৰৰ আৰু কি কি? প্রতিটোৰে সংজ্ঞা লিখা।
উত্তৰঃ উদ্ভিদ কলা দুই প্ৰকাৰৰ। যেনে-
(i) ভাজক কলাঃ উদ্ভিদ দেহৰ যিবোৰ কোষ বিভাজনশীল কলাৰে গঠিত, সেইবোৰ কোষৰ সমষ্টিৰে গঠিত কলাক ভাজক কলা বোলে।
(ii) স্থায়ী কলাঃ ভাজক কলাবিলাকে যেতিয়া বিভাজন ক্ষমতা হেৰুৱাই এক বিশেষ ভূমিকা গ্রহণ কৰে, তেতিয়া এইবোৰক স্থায়ী কলা বোলে।
2. স্থান অনুসৰি ভাজক কলাক কি কি ভাগত ভাগ কৰা হৈছে আৰু কি কি? এইবোৰৰ কাৰ্য উল্লেখ কৰা।
উত্তৰঃ স্থান অনুসৰি ভাজক কলাক- (i) অগ্রস্থ ভাজক কলা, (ii) পার্শ্বীয় ভাজক কলা আৰু (iii) নিৱেশিত ভাজক কলা হিচাপে ভাগ কৰা হৈছে।
এই ভাগবোৰৰ কাৰ্য তলত উল্লেখ কৰা হ’ল-
(i) অগ্রস্থ ভাজক কলাঃ এই ভাজক কলাবিলাকে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্র অংশত থাকি কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে।
(ii) পার্শ্বীয় ভাজক কলাঃ এই কলাই কাণ্ডৰ কলেবৰ বৃদ্ধি ঘটায়।
(iii) নিবেশিত ভাজক কলাঃ এই কলাই উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঁঠিৰ কাষত থাকে।
3. আকৃতি, প্রকৃতি, গঠন আৰু কাৰ্য সম্পাদনৰ ওপৰত ভিত্তি কৰি স্থায়ী কলাক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ আকৃতি, প্রকৃতি, গঠন আৰু কাৰ্য সম্পাদনৰ ওপৰত ভিত্তি কৰি স্থায়ী কলাক তলত দিয়া ধৰণে ভাগ কৰা হৈছে। যেনে- সৰল কলা, জটিল কলা আৰু বিশেষ কলা।
4. সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাৰ কামবোৰ উল্লেখ কৰা।
উত্তৰঃ সৰল স্থায়ী কলাৰ কাম হ’লঃ- সৰল স্থায়ী কলাত থকা ক্ল’ৰেনকাইমাই সালোক সংশ্লেষন সংগঠিত কৰাত সহায় কৰে। পেৰেনকাইমাই জলজ উদ্ভিদক পানীত ওপঙি থকাত সহায় কৰে। কলেনকাইমাই উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো ৰক্ষা কৰে।
জটিল স্থায়ী কলাৰ কাম হ’লঃ- এইবিধ কলাৰ অন্তৰ্গত জাইলেম আৰু ফ্লোৱেমৰ দ্বাৰা উদ্ভিদৰ গঠন তত্ত্ব গঠিত হয়। এইবোৰৰ সহায়ত উদ্ভিদ দেহৰ ভিতৰত বিভিন্ন পদাৰ্থৰ পৰিবহণ ঘটে।
5. প্রাণী কলাবোৰক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ প্রাণী কলাবোৰক প্ৰধান চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনে- (i) আৱৰণী কলা, (ii) সংযোজক কলা, (iii) পেশী কলা আৰু (iv) স্নায়ু কলা।
6. তেজৰ উপাদানসমূহ কি কি? এইবোৰৰ কাৰ্য উল্লেখ কৰা।
উত্তৰঃ তেজৰ প্ৰধান উপাদান সমূহ হ’ল- প্লাজমাঃ প্লাজমাই অৱলোহিত আহাৰ, শ্বসন গেছ আৰু আন লাগতিয়াল দ্রব্য শৰীৰৰ ভিতৰত সৰবৰাহ কৰে। প্লাজমাই তেজ গোট মৰাত আৰু পানীভাগৰ পৰিমাণ নিয়ন্ত্রণত সহায় কৰে।
লোহিত ৰক্ত কণিকাঃ হিম’গ্লবিনৰ সহায়ত বায়ুৰ পৰা অক্সিজেন আহৰণ কৰি কলাকোষবোৰক যোগানত প্রধানভাবে সহায় কৰে।
শ্বেত ৰক্ত কণিকাঃ শ্বেত ৰক্ত কণিকাই আমাৰ দেহৰ প্ৰতিৰক্ষা কাৰ্যত জড়িত। শৰীৰৰ আভ্যন্তৰীণ বিক্রিয়াত উৎপন্ন হোৱা অলাগতিয়াল দ্রব্যবোৰ
শ্বেত ৰক্ত কণিকাই ভক্ষণ কৰে। দেহত প্রবেশ কৰা জীৱাণু ধ্বংস কৰে।
অনুচক্রিকাঃ অনুচক্রিকাই তেজ চেকুৰা মৰাত সহায় কৰে।
7. সংযোজক কলা কাক বোলে? ইয়াৰ গঠন বর্ণনা কৰা।
উত্তৰঃ প্রাণীদেহৰ অংগ আৰু কলাসমূহক যিটো কলাই ইটোৰ লগত সিটোক বান্ধ খুৱাই ৰাখে তাক সংযোজক কলা বোলে।
সংযোজক কলাৰ কোষবোৰ এবিধ আঠাযুক্ত আধাৰ দ্রব্যৰে পৰিপূৰ্ণ। ইয়াৰ কোষবোৰ ভৌমদ্ৰৱত দুটা বা ততোধিক কোষৰ থুপ হিচাপে সিঁচৰিত হৈ থাকে।
৪. পেশী কলা কি? বিভিন্ন প্ৰকাৰৰ পেশী কলাৰ নাম লিখা।
উত্তৰঃ পেশীকলাবোৰ প্ৰাণীদেহৰ অংগ সঞ্চালনৰ লগত জড়িত প্ৰসাৰণ আৰু সংকোচনশীল মাংসপেশীৰ সমষ্টি।
পেশীকলাবোৰ তিনি প্ৰকাৰৰ। যেনে- (i) ৰেখিত বা ঐচ্ছিক পেশী, (ii) অৰেখিত বা অনৈচ্ছিক পেশী আৰু (iii) হৃদপেশী।
9. স্নায়ুতন্ত্ৰ কেইপ্ৰকাৰৰ আৰু কি কি? সিহঁতৰ কাৰ্যবোৰ উল্লেখ কৰা।
উত্তৰঃ স্নায়ুতন্ত্র দুই প্ৰকাৰৰ। যেনে- সংবেদী বা সংজ্ঞাবাহী আৰু অপবাহী বা অজ্ঞাবাহী।
সংবেদী বা সংজ্ঞাবাহী স্নায়ুতন্ত্রই গ্রাহক অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্রলৈ উদ্দীপনা প্ৰেৰণ কৰে।
অপবাহী বা অজ্ঞাবহী স্নায়ুতন্ত্রই কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ পৰা বিভিন্ন অংগলৈ উদ্দীপনা প্ৰেৰণ কৰে।