Join WhatsApp

Join Now

Join Telegram

Join Now

নৱম শ্ৰেণীৰ Class 9 Science Chapter 5 জীৱৰ মৌলিক একক 2026

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যমৰ SEBA Class 9 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত Class 9 Science Chapter 5 জীৱৰ মৌলিক একক, Notes বা সহায়ক বিচাৰি আছে? হয়। চিন্তাৰ কোনো কাৰণ নাই, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণী সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

👉 Read Also:

Class 9 Science Chapter 5 জীৱৰ মৌলিক একক

অধ্যায় – 5

জীৱৰ মৌলিক একক

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(1)

1. কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। ৰবাৰ্ট হুকে এটুকুৰা কৰ্কৰ পাতল চ্ছেদ তেওঁ নিজে উলিওৱা অণুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰি মৌকোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল। এই খোঁটালিবোৰেই হ’ল কোষ।

2. কোষক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ কোষ হ’ল জীৱদেহৰ গঠন আৰু কাৰ্যকৰী একক। সকলো জীৱৰ দেহ কোষৰ দ্বাৰা গঠিত। কোষৰ একক গঠনৰ বাবে বিভিন্ন জৈৱিক কাৰ্য সূচাৰুৰূপে পৰিচালিত হয়। এই কাৰ্যৰ সমন্বয়ৰ ফলত একোটা জীৱই নিজস্ব বৈশিষ্ট প্রকাশ কৰে। সেইবাবে কোষক জীৱৰ গঠন আৰু কাৰ্যকৰী একক বুলি অভিহিত কৰা হয়।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(2)

1. CO, আৰু পানীৰ দৰে পদার্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা।

উত্তৰঃ সকলো পদাৰ্থৰ অণুৰ গতিশক্তি আছে। পদার্থ সদায় বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰে। এই গতি যিকোনো মাধ্যমত হ’ব পাৰে। ইয়াক ব্যাপন বোলে। এই প্ৰক্ৰিয়াৰ দ্বাৰা বৰ্জিত পদার্থ যেনে- CO, কোষৰ পৰা বাহিৰ হৈ যায়। আকৌ, আসৃতি প্ৰক্ৰিয়াৰে O, কোষৰ ভিতৰত প্ৰৱেশ কৰে।

2. কোষাৱৰণখনক কিয় অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰঃ কোষাৱৰণখনে লাগতিয়াল বস্তুৰ বাহিৰে কিছুমান বস্তুক কোষৰ ভিতৰত প্ৰৱেশ কৰাত বাধা প্রদান কৰে। সেই কাৰণে কোষাৱৰণক অর্ধভেদ্য আৱৰণ বুলি কোৱা হয়।

পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ

(3)

1. প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষৰ মাজত ব্যাখ্যামূলক পার্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষৰ মাজত ব্যাখ্যামূলক

2 3

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(4)

1. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আনুবংশিক পদার্থ (Genetic Material) থাকে।

উত্তৰঃ প্লাস্টিড আৰু মাইট ‘কন্ড্রিয়া।

2. যদিহে কিছুমান ভৌতিক আৰু ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ জীৱদেহৰ বিভিন্ন জৈৱিক কার্য সূচাৰুৰূপে পৰিচালিত কৰাৰ বাবে কোষৰ একক সংগঠনৰ প্ৰয়োজন। ইয়াৰ জৰিয়তে জীৱদেহ গঠন আৰু ভিন্ন জৈৱিক কার্য যেনে- পৰিপুষ্টি, শ্বসন, প্রজনন, বৃদ্ধি আদিবোৰ সূচাৰুৰূপে পৰিচালিত হয়। এই কোষবোৰৰ সংগঠনৰ ক্ষতি হ’লে তেতিয়া এই জৈৱিক কাৰ্যবোৰ পৰিচালনাত বাধা জন্মিব।

3. লাইছ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ কোষৰ বিপাকীয় কার্যত কিবা বিসংগতি যেনে- শ্লেষ্মা পর্দা, ছাল আদিৰ কোষ মৰি গ’লে, তেতিয়া লাইছ’জ’মে পৰিপাকীয় উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি পোলয়। সেইবাবে লাইছ’জ’মক আত্মঘাতী মোনা বুলি কোৱা হয়।

4. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টিন সংশ্লেষণ সংঘটিত হয়?

উত্তৰঃ ৰাইব’জ ‘মত।

অনুশীলনীৰ প্রশ্নোত্তৰ

1. উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্রত উদ্ভিদ কোষ এটা প্রাণীকোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ

উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰা আৰু কি কি

2. কি কি ক্ষেত্রত প্রকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ

কি কি ক্ষেত্রত প্রকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা

3. কোষৰ কোষাৱৰণ ফাটি গ’লে কি হ’ব?

উত্তৰঃ গোটেই কোষাৰ কোষদ্ৰৱ‍্যক এটা সজীব, পাতল আৰু সছিদ্র আৱৰণে ঢাক খাই থাকে। এই আৱৰণ ফাটি গ’লে প্রট’প্লাজমীয় উপাদানবোৰ পাৰিপাৰ্শিকৰ মাধ্যমত বিয়পি পৰিব।

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰঃ গলজি সংঘ বিলাকে কোষীয় ক্ষৰণ কার্য যেনে- প্র’টিয়েজ, লাইপেজ আদি ক্ষৰণ কৰি বিভিন্ন জৈৱিক প্রক্রিয়াত সহায় কৰে। এই গলজি সংঘ বিলাকে কোষ বিভাজনৰ পিছত কোষবেৰ গঠন কৰাৰ লগতে লাইছ’জ’ম আৰু ৰসধানী গঠনতো সহায় কৰে। গতিকে গলজি সংঘ নাথাকিলে উক্ত কাৰ্যবোৰ আৰু পদাৰ্থৰ সংশ্লেষণ বন্ধ হ’ব।

5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰঃ মাইট ‘কন্ড্রিয়াক শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। মাইট ‘কণ্ডিয়াবোৰ জীৱদেহত থকা কোষৰ কোষপ্রৰসীয় দ্ৰব্য আৰু কোষৰ শ্বাস-প্রশ্বাসৰ কেন্দ্রস্থল। মাইট ‘কন্ড্রিয়াবোৰে এনজাইম নিঃসৰণ কৰে আৰু শ্বসনৰ জৰিয়তে শ্বেতসাৰ, স্নেহ পদার্থ আৰু প্ৰ’টিনত থকা শক্তিবোৰ মুকলি কৰে। এনে শক্তি থকা ADP অণুবোৰ ATP অণুলৈ ৰূপান্তৰিত হৈ মাইট ‘কন্ড্রিয়াত জমা হৈ থাকে আৰু এই শক্তিবোৰ প্রয়োজন অনুসৰি ব্যৱহাৰ কৰে। সেইবাবে মাইট’কণ্ডিয়াক শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া।

6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনবিলাক ক’ত সংশ্লেষিত হয়?

উত্তৰঃ ৰাইব’জমত প্ৰ’টিন আৰু অন্তঃপ্ৰৰসীয় জালিকাত লিপিড সংশ্লেষিত হয়।

7. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰঃ এমিবাই ক্ষুদ্র শেলাই জাতীয় উদ্ভিদ ভক্ষণ কৰি জীয়াই থাকে। এমিবাই কিছুমান কূটপদ গঠন কৰি খাদ্য পিয়লা গঠন কৰে আৰু খাদ্য খোৱাৰ পিছত পিয়লাত খাদ্য সম্পূর্ণ আৱদ্ধ কৰি পেলায়। তাৰ পিছত খাদ্য ৰসধানীত ৰূপান্তৰ হৈ পৰে। ৰসধানীৰ চাৰিওফালে থকা পাচকৰসে আবদ্ধ কৰা খাদ্যৰ ওপৰত বিক্রিয়া ঘটাই পাচন ক্রিয়া সম্পন্ন কৰে।

৪. আসৃতি কি?

উত্তৰঃ আসৃতি হ’ল কোষাৱৰণৰ অৰ্ধভেদ্য আৱৰণৰ মাজেৰে পানীৰ ব্যাপন হোৱা প্রক্রিয়া।

👉 Read Also:

9. আসৃতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা।

বাকলি গুচোৱা আলুগুটি চাৰিফাল লোৱা আৰু প্ৰত্যেক টুকুৰাৰ মাজৰ অংশটো একবাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা। ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা ল’বা। (ক, খ, গ, ঘ নামাংকিত কৰি ল’বা)।

(ক) “ক” পিয়লাটো খালী কৰি ৰাখিবা।

(খ) “খ” পিয়লাটোত এচামুচ শৰ্কৰা বা চেনি দিয়া।

(গ) “গ” পিয়লাটোত এচামুচ নিমখ দিয়া।

(ঘ) “ঘ” পিয়লাটো যিটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিলো সেইটোতও চেনি এচামুচ দিয়া।

আটাইকেইটা প্রায় দুই ঘণ্টামান ৰাখি পিচত নিৰীক্ষণ কৰি তলৰ প্ৰশ্নকেইটাৰ সমিধান দিয়া।

(i) “খ” আৰু “গ” পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল?

(ii) “এই” পৰীক্ষাটোৰ বাবে “ক” পিয়লাটো কিয় প্রয়োজন?

(iii) “ক” আৰু “ঘ” পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দশাই বর্ণনা কৰা।

উত্তৰঃ (i) “খ” আৰু “গ” পিয়লাটোত পানী হোৱাৰ কাৰণ হ’ল- পিয়লা দুটাত চেনি আৰু পানী আছিল আৰু আসৃতি প্রক্রিয়াৰে পিয়লা দুটাত পানী প্ৰৱেশ কৰি ভৰি পৰিছে।

(ii) এই পৰীক্ষাত “ক” পিয়লাটোৰ প্ৰয়োজন হ’ল- এই পৰীক্ষাটো এটা নিয়ন্ত্ৰিত পৰীক্ষা।

(iii) “ক” আৰু “ঘ” পিয়লাটোত পানী ভৰি পৰা নাই। কাৰণ, “ক” পিয়লাটো হ’ল নিয়ন্ত্রিত পৰীক্ষা আৰু “ঘ” পিয়লাটো সিজোৱা আলুৰে তৈয়াৰী।

সিজোৱা আলুৰ কোষাৱৰণ মৃত আৰু মৃতকোষত আসৃতি প্রক্রিয়া সংগঠিত নহয়।

অতিৰিক্ত প্রশ্নোত্তৰ

1. কোষ অংগাণু কাক বোলে? ইয়াৰ এটা কাম উল্লেখ কৰা।

উত্তৰঃ কোষ একোটাৰ ভিতৰত কিছুমান অংগ থাকে যিয়ে কিছুমান নির্দিষ্ট কাম সম্পন্ন কৰে। এইবোৰক কোষ অংগাণু বোলে।

কোষ অংগাণুৰ কাম- কোষত নতুন পদার্থ উৎপন্ন কৰা, কোষৰ বৰ্জিত পদার্থ নিষ্কাশন কৰা।

2. কোষৰ উপাদান কেইটা আৰু কি কি লিখা।

উত্তৰঃ কোষৰ উপাদান তিনিটা। যেনে-কোষাৱৰণ, কোষকেন্দ্ৰ আৰু কোষপ্রৰস।

3. কোষাৱৰণ কি?

উত্তৰঃ কোষাৱৰণ হ’ল প্ৰ’টিন আৰু লিপিটেডৰে তৈয়াৰী সজীব, পাতল আৰু ছিদ্রযুক্ত আৱৰণ। প্রাণীকোষত কোষাৱৰণখনেই কোষৰ বহিঃসীমা।

4. কোষাৱৰণ কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ কোষাৱৰণ জৈৱ অণু লিপিড আৰু প্ৰ’টিনৰ দ্বাৰা গঠিত।

5. চাইট ‘প্লাজম বা কোষ প্রৰস কাক বোলে?

উত্তৰঃ কোষকেন্দ্ৰৰ মাজত থকা জেলী সদৃশ পদাৰ্থবোৰক চাইট’প্লাজম বা কোষপ্রৰস বোলে।

6. কোষবেৰ কাক বোলে? ই কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ উদ্ভিদ কোষত কোষাৱৰণৰ উপৰিও বহিঃ আৱৰণ হিচাপে এখন ডাঠ, মোটা আৱৰণ থাকে। ইয়াক কোষবেৰ বোলে। কোষবেৰ চেলুল’জৰ দ্বাৰা গঠিত।

7. প্রট ‘প্লাজম সংকোচন কাক বোলে?

উত্তৰঃ উদ্ভিদ কোষৰ পৰা পানী আসৃতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ’লে কোষস্থ দ্রব্য কোষাৱৰণৰ সৈতে সংকুচিত হৈ আহে। এই পৰিঘটনাটোক প্রট’প্লাজম সংকোচন বোলে।

৪. কেন্দ্ৰাৱৰণ কি? ইয়াৰ এটা কাম লিখা।

উত্তৰঃ কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনেই কেন্দ্ৰাৱৰণ। ইয়াৰ বৈশিষ্ট- কোষকেন্দ্ৰৰ ভিতৰৰ পৰা পদার্থবিলাক বাহিৰলৈ উলিয়াই দিয়ে।

9. DNA ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ DNA= Deoxyribo Nuclic Acid (ডিঅক্সিৰিব’ নিউক্লিক এছিড)

10. জিন কি?

উত্তৰঃ জিন হ’ল জীৱিত প্ৰাণীৰ বংশানুক্ৰমৰ একক। জিনে পিতৃ-মাতৃৰ চৰিত্ৰবোৰ বংশানুক্ৰমে পৰৱৰ্তী জনুলৈ স্থানান্তৰ কৰে।

11. সংকোষকেন্দ্রীয় কোষ আৰু প্রকোষকেন্দ্রীয় কোষ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ জীৱৰ কোষত কোষকেন্দ্ৰ স্পষ্ট আৰু সু-সংগঠিত, তেনেবোৰ জীৱৰ কোষক সংকোষকেন্দ্রীয় কোষ বোলে। যেনে- মানুহ, ঘোঁৰা আদি।

যিবোৰ জীৱৰ কোষৰ কেন্দ্ৰাৱৰণ নাথাকে বা কোষকেন্দ্র স্পষ্ট আৰু সু-সংগঠিত নহয় তেনেবোৰ জীৱৰ কোষক প্রকোষকেন্দ্রীয় কোষ বোলে। যেনে-বেক্টেৰিয়া, নীল-সেউজ শেলাই আদি।

12. RNA ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ RNA= Ribo Nuclic Acid (ৰিব’ নিউক্লিক এছিড)।

13. চমুটোকা লিখা।

(a) অন্তঃপ্রৰসীয় জালিকা

(b) মাইট ‘কন্ড্রিয়া

(c) প্লাষ্টিড

(d) লাইছ’জ’ম।

উত্তৰঃ অন্তঃ প্রৰসীয় জালিকাঃ অন্তঃ প্রৰসীয় জালিকা আৱৰণীযুক্ত নলীকা আৰু মোনাৰ ভেচিক’ল-ৰে গঠিত এক বৃহৎ জালিকা। ইহঁতৰ আৱৰণীখন একক আৱৰণী বিশিষ্ট। এই বিলাক কোষপ্রৰসত অনিয়মিতভাৱে বিস্তৃত হৈ জালিকাৰ সৃষ্টি কৰে। এই নলিকাবোৰৰ গাত ৰাইব’জ’ম নামক অন্য এক কোষ অংগাণু সংযুক্ত হৈ থাকে। অন্তঃ প্রৰসীয় জালিকা দুটা ভাগত ভাগ কৰা হৈছে, যেনে-মসৃণ অন্তঃ প্রৰসীয় জালিকা আৰু অমসৃণ অন্তঃ প্রৰসীয় জালিকা। মসৃণ অন্তঃ প্রৰসীয় জালিকা বিলাকে কোষীয় কাৰ্যৰ বাবে লাগতীয়াল স্নেহ পদার্থ সংশ্লেষণত সহায় কৰে। ইয়াৰে প্ৰ’টিন আৰু লিপিডে কোষাৱৰণ গঠনত সহায় কৰে।

মাইট ‘কন্ড্রিয়াঃ মাইট ‘কন্ড্রিয়াক কোষৰ শক্তিক ভঁৰাল বুলি কোৱা হয়। জীৱৰ জীৱন নিৰ্বাহত সংগঠিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্রয়োজনীয় শক্তি নিহীত হৈ থকা ATPৰ অণুবিলাক মাইট ‘কন্ড্রিয়াই উৎপাদন কৰে। গঠনৰ দিশৰ পৰা মাইট ‘কণ্ডিয়াবোৰ দুই আৱৰণীযুক্ত। ইয়াৰ বহিঃ আৱৰণখন বহু ৰন্ধযুক্ত হোৱাৰ বিপৰীতে অন্তঃ আৱৰণখন যথেষ্ট ভাঁজযুক্ত। মাইট’কন্ড্রিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্টপূর্ণ চৰিত্ৰ হ’ল যে ইহঁতৰ নিজৰ DNA আৰু ৰাইব’জম থাকে। সেইবাবে ই নিজৰ প্র’টিন নিজেই প্রস্তুত কৰিব পাৰে।

প্লাস্টিডঃ প্লাষ্টিডবোৰ উদ্ভিদ কোষতহে পোৱা যায়। এইবোৰা ডিম্বাকৃতিৰ বা দণ্ডাকাৰ কোষ অংগাণু। প্লাস্টিডবোৰ দুই তৰপীয়া একক আৱৰণেৰে আবৃত দুই প্রকোষ্ঠ বিশিষ্ট কণা। প্লাষ্টিডবোৰক দুটা ভাগত ভাগ কৰা হৈছে, যেনে- বর্ণকণা আৰু অবৰ্ণকণা। যিবোৰ প্লাস্টিডত পত্ৰহৰিৎ থাকে সেইবোৰক হৰিৎকণা বোলে। হৰিৎকণাবোৰ উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণু। হৰিৎকণাত পত্ৰহৰিতৰ ওপৰিও হালধীয়া আৰু কমলা ৰঙৰ ৰঞ্জক পদার্থ থাকে। অবর্ণকণাত সাধাৰণতে শ্বেতসাৰ, তৈল পদার্থ আৰু প্ৰ’টিনৰ কণিকা সঞ্চয় হৈ থাকে। প্লাস্টিডত নিজা DNA আৰু ৰাইব’জম থাকে।

লাইছ’জ’মঃ লাইছ’জম কোষস্থল বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত এক অংগাণু। দেখিবলৈ ক্ষুদ্র মোনাকৃতিৰ। লাইছ’জ’মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্রব্যবোৰ আৰু কোষত উৎপন্ন হোৱা অলাগতিয়াল পদার্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদার্থ যেনে- বেক্টেৰিয়া, খাদ্য, মৃত কোষ অংগাণু আদিক লাইছ’জ’মে কিছুমান সৰু সৰু পদার্থত পৰিণত কৰে। কোষৰ বিপাকীয় কার্যত কিবা বিসংগতিয়ে দেখা দিলে লাইছ’জ’মে তাৰ ভিতৰত থকা উৎসেচকবোৰ নিঃসৰণ কৰি কোষটোক ধ্বংস কৰে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment