আপুনি যদি অসমীয়া মাধ্যমৰ SEBA Class 9 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত Class 9 Science Chapter 3 অণু আৰু পৰমাণু, Notes বা সহায়ক বিচাৰি আছে? হয়। চিন্তাৰ কোনো কাৰণ নাই, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণী সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
👉 Read Also:
Class 9 Science Chapter 3 অণু আৰু পৰমাণু
অধ্যায় – 3
অণু আৰু পৰমাণু
পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
(1)
1. বিক্রিয়া এটাত 5.3g ছ’ডিয়াম কার্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্রিয়া কৰিছিল। উৎপাদিত দ্ৰৰ্যবোৰ আছিল 2.2g কার্বন-ডাই-অক্সাইড, 0.9g পানী আৰু 8.2g ছ’ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।
2. হাইড্র’জেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3g হাইড্ৰ’জেনৰ সৈতে সম্পূৰ্ণকৈ বিক্রিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ’ব?
3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকার্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?
উত্তৰঃ এটা ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ অবিভক্ত কণিকা, যিবোৰৰ সৃষ্টিও নহয় আৰু ধ্বংসও নহয়।
4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?
উত্তৰঃ এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নির্দিষ্ট ভৰৰ অনুপাতত থাকে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(2)
1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ C-12 ৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ একক।
2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভব নহয় কিয়?
উত্তৰঃ পৰমাণুবোৰৰ আকাৰ অতি ক্ষুদ্ৰ। ইয়াৰ ব্যসাৰ্দ্ধ 10-10 মিটাৰৰ পৰা আৰম্ভ হৈছে। গতিকে পৰমাণুৰ আকাৰ ইমানে সৰু যে ইয়াক খালী চকুৰে দেখিব নোৱাৰি।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(3)
1. সংকেত লিখা।
(i) ছ’ডিয়াম অক্সাইড
(ii) এলুমিনিয়াম ক্ল’ৰাইড
(iii) ছ’ডিয়াম ছালফাইড
(iv) মেগনেছিয়াম হাইড্র ‘ক্সাইড
উত্তৰঃ (1) Na₂O (ii) A1Cl₃ (iii) Na₂S (iv) Mg(OH)₂
2. তলৰ সংকেতবোৰ বুজোৱা যৌগবোৰৰ নাম লিখা।
(i) AI₂(SO₄)₃ (ii) CaCl₂ (iii) K₂SO₄ (iv) KNO₃ (v) CaCO₃
উত্তৰঃ (i) এলুমিনিয়াম ছালফেট
(ii) কেলছিয়াম ক্ল’ৰাইড
(iii) পটাছিয়াম ছালফেট
(iv) পটাছিয়াম নাইট্রেট
(v) কেলছিয়াম কার্বনেট।
3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
(4)
1. H₂, O2₂, CI₂, CO₂, CH₄ C₂H₆ C₂H₄, NH₃, আৰু CH₃OH ৰ আণবিক ভৰ গণনা কৰা।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(5)
1. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হ’লে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব?
2. 100 গ্রাম ছ’ডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব? (দিয়া আছে Na ৰ পাৰমাণবিক ভৰ = 23u, Fe = 56u)
অনুশীলনীৰ প্রশ্নোত্তৰ
1. অক্সিজেন আৰু ব’ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।
2. 3.0 g কার্বন 8.00 g অক্সিজেনৰ সৈতে দহন কৰাত 11.00 g কার্বন ডাই অক্সাইড উৎপন্ন হ’ল। 3.00 g কার্বন 50.00g অক্সিজেন দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব?
উত্তৰঃ 3.0 g কার্বন 8.00 g অক্সিজেনৰ সৈতে দহন কৰিলে 11.00 g কার্বন ডাই অক্সাইড উৎপন্ন হয়।
আকৌ,
3.00 g কার্বন 50.00 g অক্সিজেনৰ সৈতে দহন কৰাত 11.00 g কার্বন ডাই অক্সাইড উৎপন্ন হয়।
অর্থাৎ, (508) = 42 g অক্সিজেনে বিক্রিয়াত অংগ্রহণ নকৰে।
ইয়াৰ পৰা এইটো বুজিব পাৰি যে কাৰ্বন আৰু অক্সিজেনৰ বিক্ৰিয়াৰ সময়ত পৰমাণুবোৰ সৰলতম সংখ্যাৰ অনুপাতত মিলিত হয়।
3. বহু পাৰমাণবিক আয়নবোৰ কি? উদাহৰণ দিয়া।

(a) মেগনেছিয়াম ক্ল’ৰাইড
(b) কেলছিয়াম অক্সাইড
(c) কপাৰ নাইট্রেট
(d) এলুমিনিয়াম ক্ল’ৰাইড
(e) কেলছিয়াম কার্বনেট
উত্তৰঃ (a) MgCl₂, (b) CaO, (c) Cu (NO₃)₂ (d) AgCl₃, (e) CaCO₃
5. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়াঃ
(a) পোৰা চূণ (Quick Lime)
(b) হাইড্র’জেন ব্র’মাইড
(c) বেকিং পাউডাৰ
(d) পটেছিয়াম ছালফেট
উত্তৰঃ (a) পোৰা চূণঃ কেলছিয়াম আৰু অক্সিজেন।
(b) হাইড্র’জেন ব্র’মাইডঃ হাইড্র’জেন আৰু ব্র’মিন।
(c) বেকিং পাউডাৰঃ ছ’ডিয়াম, হাইড্ৰ’জেন, কার্বন আৰু অক্সিজেন।
(d) পটেছিয়াম ছালফেটঃ পটেছিয়াম, ছালফাৰ আৰু অক্সিজেন।
6. তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা।
(a) ইথাইন, C₂, H₆
(b) ছালফাৰ অণু, F,8
(c) ফছফৰাছ অণু, P₄ (ফ ছফ ৰাছৰ পৰামাণবিক ভৰ = 31)
(d) হাইড্র’ক্ল ‘ৰিক এছিড, HCI
(e) নাইট্রিক এছিড, HΝΟ₃
(a) 1 ম’ল নাইট্র’জেন পৰমাণুৰ?
(b) 4 ম’ল এলুমিনিয়াম পৰমাণু এলুমিনিয়ামৰ পাৰমাণবিক ভৰ = 27)ৰ?
(c) 10 ম’ল ছ’ডিয়াম ছালফাইট (Na₂SO₃)ৰ?
(a) 12 g অক্সিজেন গেছ।
(b) 20 g পানী।
(c) 22 g কার্বন ডাই অক্সাইড।
(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ?
(b) 0.5 ম’ল পানী অণুৰ?


উত্তৰঃ ইয়াত,
অতিৰিক্ত প্রশ্নোত্তৰ
1. ৰাসায়নিক সংযোগৰ বিধি কোনে প্রতিষ্ঠা কৰিছিল? এই বিধি দুটা কি কি? প্ৰতিটোৰে সংজ্ঞা দিয়া।
উত্তৰঃ ৰাসায়নিক সংযোগৰ বিধি যোছেফ এল প্রাউস্ট- এ প্রতিষ্ঠা কৰিছিল। এই বিধি দুটা হ’ল-
(i) ভৰৰ নিত্যতা বিধিঃ এই বিধিমতে ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে।
(ii) স্থিৰানুপাত বিধিঃ এই বিধিমতে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নির্দিষ্ট ভৰৰ অনুপাতত থাকে।
2. ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্য্যসমূহ লিখা।
উত্তৰঃ ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্য্যসমূহ হ’ল-
(i) সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্র কণিকাৰে গঠিত।
(ii) পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্রিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নির্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই।
(iii) বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ।
(iv) যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়।
(v) নির্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে।
3. পৰমাণু কাক বোলে?
উত্তৰঃ কোনো এটা মৌলৰ ক্ষুদ্রতম কণা যিয়ে ৰাসায়নিক বিক্রিয়াত অংশগ্ৰহণ কৰে, তাক পৰমাণু বোলে।
4. পাৰমাণবিক একক জোখা এককটো কি?
উত্তৰঃ নেন ‘মিটাৰ।
5. পাৰমাণৱিক ভৰ কাক বোলে?
উত্তৰঃ কোনো এটা মৌলৰ পৰমাণু এটাৰ ভৰ কার্বন-12 সমস্থানিকৰ পৰমাণু এটাৰ ভৰৰ 1/12 অংশতকৈ যিমান গধুৰ তাক মৌলটোৰ পাৰমাণৱিক ভৰ বোলে।
6. অণু কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ মৌল বা যৌগ এটাত থকা যি ক্ষুদ্রতম কণাই মৌল বা যৌগটোৰ সকলোবোৰ ধৰ্ম প্রদর্শন কৰে, তাক অণু বোলে। উদাহৰণ-H₂, N₂, Н₂О আদিবোৰ।
7. আয়ন কি? উদাহৰণ দিয়া।
উত্তৰঃ ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত থকা আধানযুক্ত কণাক আয়ন বোলে। উদাহৰণ-Na+, Cl-, K+, H+ আদি।
৪. যোজ্যতা কাক বোলে?
উত্তৰঃ মৌল এটাৰ যোজন শক্তি বা ক্ষমতাক যোজ্যতা বোলে।
9. আণবিক ভৰ কাক বোলে?
উত্তৰঃ কোনো এটা মৌল বা যৌগৰ এটা অণু কাৰ্বন-12 সমস্থানিকৰ এটা পৰমাণুৰ 1/12 ভাগতকৈ কিমান গধুৰ তাক আণৱিক ভৰ বোলে।
10. এভ ‘গৈড্ৰৰ সংখ্যা কিমান?
উত্তৰঃ এভ’গেড্ৰৰ সংখ্যা হ’ল-6.022×10²³
11. ম’লৰ সংজ্ঞা দিয়া।
উত্তৰঃ কাৰ্বন-12 ৰ সঠিক 12 গ্রামত যিমান সংখ্যক পৰমাণু থাকে, সিমান সংখ্যক কণিকা থকা পদাৰ্থৰ পৰিমাণকে ম’ল বোলে।
12. ম’লাৰ ভৰ কাক বোলে?
উত্তৰঃ এক ম’ল পদাৰ্থৰ ভৰক ম’লাৰ ভৰ বোলে।
👉 Read Also:

















