Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থেবাৰ বিশুদ্ধনে?
অধ্যায় -2
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
(1)
1. পদার্থ বুলিলে কি বুজা?
উত্তৰঃ দ্ৰৱ বা বস্তুৰ বিশুদ্ধ ৰূপক পদার্থ বোলে। যেনে- চেনি, নিমখ আদি।
2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্রভেদবোৰ লিখা।
উত্তৰঃ (i) সমসত্ব মিশ্ৰণৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয়। যেনে- নিমখ আৰু পানীৰ মিশ্রণ। আনহাতে, অসমসত্ব মিশ্ৰণৰ সংযুতি সকলো অংশতে সমানে নহয়। যেনে- চক পেঞ্চিল আৰু পটাছিয়াম পার্মাংগানেটৰ মিশ্রণ।
(ii) সমসত্ব মিশ্রণ সাধাৰণতে স্বচ্ছ। আনহাতে, অসমসত্ব মিশ্রণ সম্পূর্ণভাবে অস্বচ্ছ।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(2)
1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পার্থক্য লিখা।
উত্তৰঃ
2. কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্রভেদবোৰ কি কি?
উত্তৰঃ
3. 293K উষ্ণতাত 100mL পানীত 36 g ছ’ডিয়াম ক্ল’ৰাইড দ্রবীভূত কৰি এটা সংপৃক্ত দ্রব পোৱা গ’লে দ্ৰৱটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(3)
1. কেৰাচিন আৰু পেট্ৰ’লৰ (ইহঁত ৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ বেছি) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা।
উত্তৰঃ কেৰাচিন আৰু পেট্র’লৰ মিশ্রণ এটা পাতন প্রক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
মিশ্রণটো পাতন ফ্লাক্সত ভৰাই লৈ গৰম কৰা হয়। গৰম কৰাৰ ফলত পেট্র’লখিনি বাষ্পীভূত হৈ ফ্লাক্সৰ বাহিৰলৈ গৈ শীতকৰ মাজেৰে পাৰ হওঁতে ঠাণ্ডা হয়। পিছত গ্রাহক পাত্রত বাষ্পখিনি গোটা অৱস্থাত পোৱা যায়। কেৰাছিন আৰু পেট্ৰ’লৰ মিশ্ৰণৰ পৰা প্ৰথমে অংশ হিচাপে কেৰাছিন পোৱা যায় আৰু কেৰাচিন আঁতৰ হোৱাৰ পিছত পেট্ৰ’ল সংগ্ৰহ কৰা হয়।
2. তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।
(a) দৈৰ পৰা মাখন।
(b) সাগৰৰ পানীৰ পৰা নিমখ।
(c) নিমখৰ পৰা কপূৰ।
স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্রণ পৃথক কৰা যায়?
উত্তৰঃ (a) অপকেন্দ্রিক পদ্ধতি।
(b) বাষ্পায়ন পদ্ধতি।
(c) উর্ধ্বপাতন পদ্ধতি।
স্ফটিকীকৰণ পদ্ধতিৰে সমসত্ব মিশ্ৰণবোৰ পৃথক কৰিব পাৰি। যেনে- সাধাৰণ নিমখৰ দ্ৰৱ আৰু কপাৰ ছালফেটৰ দ্ৰৱৰ পৃথকীকৰণ।
পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
(4)
1. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰবিৰ্তন?
- গছ কটা।
- কেৰাহি এখনত মাখন গলি যোৱা।
- আলমাৰিত মামৰ ধৰা।
- পানী উতলাই জলীয় ভাপ কৰা।
- পানীৰ মাজেদি বিদ্যুৎ প্রৱাহ কৰিলে হাইড্র’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা।
- পানীত নিমখ দ্রবীভূত কৰা।
- কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা।
- কাগজ আৰু কাঠ পুৰিলে।
উত্তৰঃ ৰাসায়নিক পৰৱিৰ্তনঃ আলমাৰিত মামৰে ধৰা, পানীৰ মাজেৰে বিদ্যুৎ পৰিবহণ কৰিলে হাইড্র’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা, কাগজ আৰু কাঠ পুৰিলে।
ভৌতিক পৰিৱৰ্তনঃ গছ-কটা, কেৰাহী এখনত মাখন গলি যোৱা, পানী উতলাই জলীয় ভাপ কৰা, পানীত নিমখ দ্রবীভূত কৰা, কেঁচা ফলৰ চালাড প্ৰস্তুত কৰা।
2. তোমাৰা চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্রণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।
উত্তৰঃ বিশুদ্ধ পদার্থঃ সোণ, ৰূপ, পানী, চেনি, নিমখ ইত্যাদিবোৰ।
মিশ্রণ পদার্থঃ বায়ু, মৃদু পানী, পিতল, মাটি, চেনি মিশ্রিত পানী ইত্যাদিবোৰ।
অনুশীলনীৰ প্রশ্নোত্তৰ
1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্রয়োগ কৰিবা?
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছ’ডিয়াম ক্ল’ৰাইড।
(b) ছ’ডিয়াম ক্ল’ৰাইড আৰু এম’নিয়াম ক্ল’ৰাইড মিশ্ৰণৰ পৰা এম’নিয়াম ক্ল’ৰাইড।
(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।
(d) ফুলৰ পাহিৰ আকৰৰ পৰা বিভিন্ন ৰঞ্জক পদার্থ।
(e) দৈৰ পৰা মাখন।
(f) পানীৰ পৰা তেল।
(g) চাহৰ পৰা চাহপাত।
(h) বালিৰ পৰা লোৰ পিন।
(i) চোকোৰাৰ পৰা গমৰ গুৰি।
(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ।
উত্তৰঃ (a) বাষ্পায়ান পদ্ধতি।
(b) উর্ধ্বপাতন পদ্ধতি।
(c) পৰিশ্ৰাৱন পদ্ধতি।
(d) বর্ণলেখন পদ্ধতি।
(e) অপকেন্দ্রিক পদ্ধতি।
(f) পৃথকীকৰণ চুপি পদ্ধতি।
(g) পৰিশ্ৰাৱন পদ্ধতি।
(h) চুম্বকীয় পদ্ধতি।
(i) তুষ ঝাৰা পদ্ধতি।
(j) পৃথকীকৰণ পদ্ধতি।
2. একাপ চাহ বনাবলৈ প্রয়োজনীয় পদক্ষে পবোৰ লিখা। দ্রবণ, দ্রাবক, দ্রাব্য, দ্রবীভূত, দ্রবণীয়, অদ্রবণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।
উত্তৰঃ চাহ বনাবলৈ প্রয়োজনীয় পদক্ষেপবোৰ হ’ল-
(i) দুই-তিনি কাপ পানী লৈ এটা ছাপেনত গৰম কৰিব লাগে।
(ii) পানীখিনি যেতিয়া উতলিব তেতিয়া পৰিমাণমতে দ্রাবক হিচাপে গাখীৰ আৰু দ্রাব্য হিচাপে চেনি দিব লাগে আৰু দ্রবীভূত কৰিবৰ বাবে চামুচেৰে লাৰি দিব লাগে। ফলত দ্রর প্রস্তুত হ’ব।
(iii) তাৰ পিছত পৰিমাণ মতে চাহপাত দি আকৌ উতলাব লাগে।।
(iv) এতিয়া দ্রৱখিনি ছেকিলে চাহপাত অৱশেষ হিচাপে পোৱা যাব।
3. প্রজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্রবণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। (ফলাফলবোৰ তালিকাখনত পানীত সংপৃক্ত দ্রবণ প্রস্তুতিৰ বাবে প্রয়োজনীয় দ্রাব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে।)
(a) পটেছিয়াম নাইট্রেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313K উষ্ণতাত 50 গ্রাম পানীত কিমান গ্রাম পটেছিয়াম নাইট্রেট দ্রবীভূত কৰিব লাগিব?
(b) 353K উষ্ণতাত প্রজ্ঞাই পটে ছিয়াম ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হ’লে তেওঁ কি দেখিব? ব্যাখ্যা কৰা।
(c) প্রতিটো লৱণৰে দ্রবণীয়তা 293K ত নিৰ্দ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্রবণীয়তা আটাইতকৈ বেছি?
(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা।
(a) সংপৃক্ত দ্রর।
(b) বিশুদ্ধ পদার্থ।
(c) কলয়ড।
(d) প্রলম্বন।
উত্তৰঃ (a) দ্ৰৱ এটাৰ আয়তন একে থকা অৱস্থাত দ্রাব্য পদাৰ্থৰ গাঢ়তা বঢ়াই দিলে ইয়াক দ্রবীভূত কৰাটো কঠিন হৈ পৰে। অৱশেষত এনে এটা অৱস্থাপ্রাপ্ত হয় যে তাৰ পিছত দ্রাব্য পদার্থক আৰু বেছি দ্রবীভূত কৰিব নোৱাৰি। এই দ্ৰৱটোক সংপৃক্ত দ্রব বোলে।
(b) যি পদার্থ মাত্র একেবিধ অণুৰ দ্বাৰা গঠিত, তাক বিশুদ্ধ পদার্থ বোলে। বিশুদ্ধ পদার্থবোৰ সদায় এটা নির্দিষ্ট উষ্ণতাত গলে বা গোটা অৱস্থাপ্রাপত হয় আৰু নির্দিষ্ট উষ্ণতাত উতলে বা তৰলীকৃত হয়। উদাহৰণস্বৰূপে-বিশুদ্ধ বৰফ সদায় 0 °C উষ্ণতাত গলে আৰু পানী সদায় 0 °C উষ্ণতাত ঘনীভূত হয়। আনহাতে বিশুদ্ধ পানী সদায় 100 °C উষ্ণতাত উতলে আৰু 100 °C উষ্ণতাত পানী ভাপ আৰু তৰল অৱস্থাপ্রাপ্ত হয়।
(c) যি দ্ৰৱৰ কণিকাবোৰ খালী চকুৰে দেখা নাযায় আৰু দ্রৱটোক সহজে পৃথক কৰিব নোৱাৰি তাক কলয়ড দ্ৰৱ বোলে। যেনে- গাখীৰ, চিয়াহী, তেজ আদি।
(d) যিবোৰ অসমত্ব মিশ্রণত কণিকাবোৰ খালী চকুৰে দেখা যায়, সেইবোৰ মিশ্রণক প্ৰলম্বণ বোলে। কোনো এটা মিশ্রণ নোজোকাৰাকৈ থৈ দিলে প্রলম্বণ এটাৰ কণিকাবোৰ তলত গোট খায়। তৰলটো সাৱধানে বাকি প্ৰলম্বণ এটাৰ কণিকাবোৰক পৃথক কৰিব পাৰি। যেনে- চক আৰু পানীৰ মিশ্রণ, বোকা আৰু পানীৰ মিশ্ৰণ আদি।
5. তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমত্ব শ্রেণীভূক্ত কৰা।
চ’ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকি লোৱা চাহ।
উত্তৰঃ সমসত্ব মিশ্ৰণবোৰ চ’ডা পানী, বায়ু, ভিনেগাৰ, চেকিলোৱা চাহ।
অসমসত্ব মিশ্রণবোৰ- কাঠ, মাটি। এ
6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা?
উত্তৰঃ এটা তৰল পদার্থ বিশুদ্ধ বুলি প্রমাণ কৰিবলৈ তলত দিয়া কাৰ্যকলাপ সম্পূৰ্ণ কৰিব লাগিব।
(i) মিহি ফিল্টাৰ কাগজৰ দ্বাৰা বৰণহীন তৰল পদার্থ চেকা হয়। যদি ফিল্টাৰ কাগজৰ ওপৰত কোনো অৱশেষ জমা নহয় তেন্তে তৰলখিনিক বিশুদ্ধ পানী বুলি কোৱা হয়।
(ii) এটা ছপেনত বৰনহীন পদার্থ উতলালে যদি কোনো অৱশেষ নাথাকে তেন্তে তাক বিশুদ্ধ পানী বুলি ক’ব পাৰি।
7. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদার্থ” ৰ শাৰীত পৰিব?
(a) বৰফ
(b) গাখীৰ
(c) লো
(d) হাইড্র ‘ক্লবিক এছিড
(e) কেলচিয়াম অক্সাইড
(f) পাৰা
(g) ইটা
(h) কাঠ
(i) বায়ু
উত্তৰঃ বিশুদ্ধ পদাৰ্থবোৰ হ’ল- (a) বৰফ, (c) লো, (d) হাইড্ৰ’ক্লৰিক এছিড, (c) কেলছিয়াম অক্সাইড, (f) পাৰা।
৪. তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা-
(a) মাটি
(b) সাগৰৰ পানী
(c) বায়ু
(d) কয়লা
(e) চ’ড়া পানী
উত্তৰঃ দ্ৰৱণবোৰ হ’ল- (b) সাগৰৰ পানী, (c) বায়ু, (c) ছ’ডা পানী।
9. তলৰ কোনটোৱে “টিণ্ডল প্রভাৱ” দেখুৱায়?
(a) লৱণৰ দ্ৰৱ
(b) গাখীৰ
(c) কপাৰ ছালফেটৰ দ্ৰৱ
(d) ষ্টাৰ্চৰ দ্রবণ (Starch Solution)
উত্তৰঃ (b) গাখীৰ আৰু (d) ষ্টাৰ্চৰ দ্ৰৱ।
10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্রণ হিচাপে শ্রেণীভূক্ত কৰা।
(a) ছ’ডিয়াম
(b) মাটি
(c) চেনিৰ দ্ৰৱণ
(d) ছিলভাৰ
(e) কেলছিয়াম কার্বনেট
(f) টিন
(g) ছিলিকন
(h) কয়লা
(i) বায়ু
(j) চাবোন
(k) মিথেন
(1) কার্বন-ডাই-অক্সাইড
(m) তেজ
উত্তৰঃ মৌলঃ (a) ছ’ডিয়াম, (d) ছিলভাৰ, (f) টিন, (g) ছিলিকন, (1) কার্বন-ডাই-অক্সাইড। মিশ্রণঃ (b) মাটি, (c) চেনিৰ দ্ৰৱণ, (h) কয়লা, (i) বায়ু, (j) চাবোন, (m) তেজ। যৌগঃ (e) কেলছিয়াম কার্বনেট, (k) মিথেন।
11. তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন?
(a) উদ্ভিদৰ বৃদ্ধি।
(b) লোত মামৰে ধৰা।
(c) লোৰ গুড়ি আৰু বালি মিহলিকৰণ।
(d) খাদ্য বন্ধন।
(e) খাদ্য হজম হোৱা।
(f) পানী গোটমৰা।
(g) মমবতি জ্বলোৱা।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তনবোৰ হ’ল-
(b) লোত মামৰে ধৰা।
(d) খাদ্য ৰন্ধন।
(c) খাদ্য হজম হোৱা।
(g) মমবাতি জ্বলোৱা।
অতিৰিক্ত প্রশ্নোত্তৰ
1. মিশ্রণ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ দুটা বা ততোধিক পদার্থ মহিলি হৈ যি পদার্থ গঠন হয় তাক মিশ্রণ বোলে। যেনে- চেনি আৰু বালিৰ মিশ্রণ, গাখীৰ আদি।
2. বিশুদ্ধ পদার্থ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদার্থত মাত্র এটা উপাদান থাকে, তাক বিশুদ্ধ পদার্থ বোলে। যেনে-তাম, ৰূপ, সোণ আদি।
3. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ সংজ্ঞা দিয়া।
উত্তৰঃ এটা মিশ্ৰণৰ সংযুতি সকলো অংশতে একে সমান হ’লে তাক সমসত্ব মিশ্রণ বোলে।
এটা মিশ্ৰণৰ সংযুতি সকলো অংশতে একে সমান নহ’লে তাক অসমসত্ব মিশ্রণ বোলে।
4. দ্ৰৱণ কি? উদাহৰণ দিয়া।
উত্তৰঃ দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্রণক দ্রবণ বোলে। যেনে- নেমুপানী, ছ’ডাপানী আদি।
5. সংকৰ ধাতু কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ দুটা বা ততোধিক ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ মিশ্রণক সংকৰ ধাতু বোলে। যেনে-পিতল আৰু যিংকৰ মিশ্রণ, লো আৰু তীখাৰ মিশ্রণ আদি।
6. দ্ৰৱণত কি কি উপাদান থাকে?
উত্তৰঃ দ্ৰৱণত মুঠ দুটা উপাদান থাকে। যেনে-দ্রাৱক আৰু দ্রাব্য।
7. দ্ৰৱণৰ ধৰ্মবোৰ লিখা।
উত্তৰঃ দ্ৰৱণৰ ধৰ্মবোৰ হ’ল-
(i) দ্রবণ এটা সমসত্ব মিশ্রণ।
(ii) দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্র। ইহঁতক খালী চকুৰে দেখা নাযায়।
(iii) পৰিশ্ৰাৱণ প্রণালীৰে দ্ৰৱণ এটাৰ দ্রাব্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি।
(iv) দ্রাব্যৰ কণিকাবোৰৰ আকাৰ ক্ষুদ্ৰ হোৱা বাবে ইহঁতে পোহৰৰ ৰশ্মি বিচ্চুৰিত কৰিব নোৱাৰে।
৪. কলয়ডীয় দ্ৰৱৰ ধৰ্ম লিখা।
উত্তৰঃ কলয়ডীয় দ্ৰৱৰ ধৰ্মবোৰ হ’ল-
(i) কলয়ডীয় দ্ৰৱ এটা অসমসত্ব মিশ্রণ।
(ii) কলয়ডীয় মিশ্ৰণৰ কণিকাবোৰ বৰ সৰু হোৱা বাবে খালী চকুৰে দেখা নাযায়।
(iii) কলয়ডীয় কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে।
(iv) কলয়ডীয় দ্ৰৱ সুস্থিৰ।
9. চিয়াঁহী কি কি পদাৰ্থৰ মিশ্রণ?
উত্তৰঃ চিয়াহী পানী আৰু ৰঞ্জক পদাৰ্থৰ মিশ্রণ।
10. অপকেন্দ্রিক পদ্ধতিৰ ব্যৱহাৰ লিখা।
উত্তৰঃ অপকেন্দ্রিক পদ্ধতিৰ ব্যৱহাৰ হ’ল-
(i) ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত ব্যৱহাৰ কৰা হয়।
(ii) দুগ্ধ পাম আৰু ঘৰত ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(iii) কাপোৰ ধোঁৱা সঁজুলিত তিতা কাপোৰৰ পৰা পানী আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।
11. বৰ্ণলেখন পদ্ধতিৰ ব্যৱহাৰবোৰ লিখা।
উত্তৰঃ বৰ্ণলেখন পদ্ধতিৰ ব্যৱহাৰবোৰ হ’ল-
(i) ৰঙৰ ৰঞ্জক পদাৰ্থ পৃথকীকৰণত।
(ii) তেজত থকা ঔষধ পৃথকীকৰণত।
(iii) প্রাকৃতিক পদাৰ্থৰ পৰা পোৱা ৰঞ্জক পদাৰ্থ বিলাক পৃথকীকৰণত।
12. ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিবৰ্তন কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ যি পৰিৱৰ্তনত কোনো পদাৰ্থৰ ধৰ্মৰ পৰিৱৰ্তন নহয় কেৱল অৱস্থাৰহে পৰিৱৰ্তন হয় তাক ভৌতিক পৰিৱৰ্তন বোলে। যেনে- পানী চেচা কৰিলে গোট মাৰি বৰফ হয়। যি পৰিৱৰ্তনত কোনো এটা পদাৰ্থৰ ধৰ্মৰ পৰিৱৰ্তন ঘটে তাক ৰাসায়নিক পৰিৱৰ্তন বোলে। যেনে- লোত মামৰে ধৰা।
13. মৌল কি? ইয়াক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ মৌল হ’ল একে জাতীয় পৰমাণুৰে গঠিত এবিধ অণু।
ইয়াক তিনিটা ভাগত ভগাব পাৰি।
(i) ধাতু, (ii) অধাতু আৰু (iii) ধাতুকল্প।
14. উদাহৰণেৰে সৈতে ধাতু আৰু অধাতুৰ ধৰ্মবোৰ লিখা।
উত্তৰঃ ধাতুৰ ধৰ্মবোৰ হ’ল-
(i) ধাতুবোৰৰ দ্যুতি আছে।
(ii) ধাতুবোৰৰ ৰং ৰূপালী, বগা, ধূসৰ বা সোণালী-হালধীয়া।
(iii) ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।
(iv) ধাতুবোৰৰ নমনীয়তা গুণ আছে।
(v) ধাতুবোৰ ঘাতসহনশীল।
(vi) ধাতুৰ উদাহৰণ হ’ল- সোণ, ৰূপ, তাম, ছ’ডিয়াম, পটেছিয়াম আদি।
অধাতুৰ ধৰ্মবোৰ হ’ল-
(i) অধাতুবোৰে বিভিন্ন ৰং দেখুৱায়।
(ii) অধাতুবোৰ তাপ আৰু বিদ্যুতৰ অপৰিবাহী।
(iii) অধাতুবোৰৰ দ্যুতি, ঘতসহনশীল গুণ নাই।
(iv) অধাতুৰ উদাহৰণ হ’ল- হাইড্র’জেন, অক্সিজেন, আয়’ডিন, কার্বন, ক্ল’ৰিণ, ব্র’মিন আদি।
15. যৌগ কি?
উত্তৰঃ দুটা বা ততোধিক মৌলই ৰাসায়নিকভাবে এক নির্দিষ্ট অনুপাতত মিলিত হৈ এটা যৌগ গঠন কবে। ০০০