Class 9 Science Chapter 14 প্রাকৃতিক সম্পদ
অধ্যায় – 14
প্রাকৃতিক সম্পদ
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(1)
1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্র আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?
উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বেছি আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কম। পৃথিৱীৰ বায়ুমণ্ডল জীৱৰ জীয়াই থকাৰ বাবে পৰিৱেশ উপকূল।
আনহাতে, শুক্র আৰু মংগল গ্রহত কোনো ধৰণৰ অক্সিজেন নাথাকে আৰু কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি (95-97%)। যিটো বায়ুমণ্ডলৰ প্রধান উপাদান। ইয়াৰ বায়ুমণ্ডল জীৱৰ জীয়াই থকাৰ পৰিৱেশ প্রতিকূল।
2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?
উত্তৰঃ বায়ুমণ্ডলে পৃথিৱীক বিভিন্ন ধৰণে ৰক্ষণাবেক্ষণ দিয়ে। বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছৰ সংমিশ্রণ থাকে। এই সংমিশ্ৰণৰ অ’জন নামৰ গেছে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা স্থিৰে ৰখাত সহয় কৰে। সেইবাবে কোৱা হয় যে, বায়ুমণ্ডলে এখন কম্বলৰ দৰে কাম কৰে।
3. বতাহে কি সৃষ্টি কৰে?
উত্তৰঃ আমাৰ বায়ুমণ্ডলত দিনৰ ভাগত সূৰ্যৰ তাপত বায়ু গৰম হৈ জলীয় বাষ্প সৃষ্টি হয়। ইয়োৰোপৰি দিনৰ ভাগত জলভাগ গৰম হৈ ইয়াৰ পৰা জলীয় বাষ্প সৃষ্টি হয়। জলভাগ আৰু স্থলভাগৰ পৰা তাপ বিকিৰণ হোৱাৰ ফলত বায়ুমণ্ডলৰ নিম্নস্তৰ গৰম হ’বলৈ ধৰে। ফলত বায়ুত তাপ পৰিচালনাৰ সৃষ্টি হয়। উষ্ণতা বৃদ্ধি হ’লে সেই ঠাইৰ বায়ু পাতল হৈ পৰে আৰু আৰু কম চাপৰ সৃষ্টি হয়। আকৌ, কম উষ্ণতাৰ অঞ্চলত বায়ুৰ চাপৰ পৰিমাণ বেছি হোৱা বাবে বায়ু কম চাপৰ অঞ্চললৈ গতি কৰে। ফলত বতাহৰ সৃষ্টি হয়।
4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ দিনৰ ভাগত সূৰ্যৰ তাপত জলভাগ যেতিয়া গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। এই বাষ্পবোৰ লাহে লাহে ঠাণ্ডা হৈ পানীৰ টোপালৰ সৃষ্টি হয়। যাক আমি ডাৱৰ বুলি কওঁ।
5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্রস্তুত কৰা।
উত্তৰঃ আমি ব্যৱহাৰ কৰা ইন্ধন যেনে- কয়লা আৰু পেট্র’লিয়াম জাতীয় পদাৰ্থত কিছু পৰিমাণে নাইট’জেন আৰু ছালফাৰ থাকে। এই ইন্ধনবোৰ দহণ কৰিলে ছালফাৰ অক্সাইড আৰু নাইট্র’জেন অক্সাইডলৈ ৰূপান্তৰিত হয়। এই অক্সাইডসমূহে শ্বাস-প্রশ্বাসত ব্যাঘাত জন্মায়। কিছুমান অক্সাইড বৰষুণৰ পানীৰ লগত মিহলি হৈনামি আহে যাৰ ফলত এছিড বৰষুণৰ সৃষ্টি হয়।
জীৱাষ্ম ইন্ধন দহণৰ ফলত বতাহত ওপঙি থকা কণাময় পদাৰ্থৰ পৰিমাণ বৃদ্ধি হয়। এই স্থিৰ পদার্থসমূহ অদাহ্য কার্বন কণা বা হাইড্র’কার্বন জাতীয় পদার্থ হ’ব পাৰে। যিবোৰে বায়ু প্ৰদূষিত কৰে।
প্ৰদূষকৰ পৰিমাণ বাঢ়ি গ’লে সন্ধিয়া আকাশ ধোঁৱাৰে পূৰ্ণ হৈ থাকে। যাক স্ম’গ বোলে। বায়ুত এই প্ৰদূষণৰ পৰিমাণ বাঢ়ি গ’লে এই বায়ু গ্ৰহণ কৰা সকলৰ এলাৰ্জি, কৰ্কটৰোগ আৰু হাওঁফাওঁৰ ৰোগ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(2)
1. জীৱসমূহক পানীৰ কিয় প্রয়োজন?
উত্তৰঃ পানীৰ প্ৰাচুৰ্য্যতাই নির্দিষ্ট অঞ্চলত বসবাস কৰা বিভিন্ন প্ৰকাৰৰ জীৱৰ কেৱল সংখ্যাক নির্ধাৰণ নকৰে, ই সেই অঞ্চলৰ জৈৱ বৈচিত্রতাকো নির্ধাৰণ কৰে। জীয়াই থাকিবৰ বাবে পানীৰ অতি প্রয়োজনীয়তা আছে। পানী হ’ল এটা নির্দিষ্ট উপাদান যিয়ে জীৱক স্থলত বাস কৰাটো নিৰ্ধাৰণ কৰে। আমাৰ শৰীৰৰ বিপাকীয় ক্রিয়াৰ বাবে প্ৰয়োজন হোৱা সকলো পদাৰ্থ কোষৰ ভিতৰত পানীত মিহলি হৈ থাকে। এই অৱস্থাতেই প্রয়োজন সাপেক্ষে সকলো পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়।
2. নগৰ, মাহানগৰ, গাওঁ অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা?
উত্তৰঃ নগৰ, মহানগৰৰ, গাওঁ অঞ্চলৰ বাবে নিৰ্মল পানীৰ উৎস হ’ল পাইপৰ দ্বাৰা পানীৰ উৎসৰ পৰা পানী যোগান ব্যৱস্থা। তুমি ক’ত বাস কৰা- ইয়াৰ উত্তৰ তুমি নিজে নিজে লিখা।
3. কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে?
উত্তৰঃ শস্য পথাৰত ৰাসায়নিক সাৰ, কীট নাশক দৰৱ আদি ব্যৱহাৰ কৰিলে এইবোৰ পানীৰ লগত মিহলি হয়। বৰষুণৰ পানীয়ে এই পদার্থবিলাক ধুই নি নদ-নদী বা জলাশয় আদিত জমা কৰে। আকৌ, চহৰ-নগৰৰ মানুহৰ ঘৰত প্ৰতিদিন সৃষ্টি হেৱা আৱৰ্জনাবোৰ আৰু সৰু-ডাঙৰ উদ্যোগ, কল-কাৰখানা আদিৰ পৰা নিৰ্গত বৰ্জিত পদাৰ্থবোৰ নদী বা হ্ৰদৰ পানীত নিক্ষেপ কৰা হয়। কেতিয়াবা কিছুমান বিশেষ উদ্যোগত বিভিন্ন কাৰ্যৰ কাৰণে, যন্ত্রপাতি শীতল কৰিবৰ কাৰণে পানীৰ আৰু ব্যৱহাৰৰ পাছত গৰম পানীভাগ পুনৰ নদীলৈ এৰি দিয়া হয়। জলবিদ্যুৎ প্ৰকল্পৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰা হয়। ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি পায়। জলাশয় বিলাকৰ উপৰিভাগৰ পানী সূৰ্যৰ তাপত সহজে গৰম হৈ পৰে, কিন্তু দ-পানীবোৰ শীতল হৈ থাকে। এই আটাইবোৰ কাৰ্যকলাপৰ ফলত পানী প্রদূষিত হয়। ব্যৱহাৰ হয়
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(3)
1. মাটি কেনেকৈ গঠন হয়?
উত্তৰঃ বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাঙি চূর্ণ-বিচূর্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু এইবোৰ শেষত মাটিলৈ পৰিৱৰ্তন হয়।
2. মাটি ক্ষয়ীভবন (soil erosion) কি?
উত্তৰঃ কিছুমান প্রাকৃতিক কাৰকৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰৰ অপসাৰণ ঘটে। ইয়াকে মাটি ক্ষয়ীভবন বোলে।
3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’বা?
উত্তৰঃ মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া ব্যৱস্থা হাতত ল’ব লাগে।
(i) বৃক্ষ ৰোপন কৰিব লাগে।
(ii) নদীৰ পাৰসমূহত শক্তিশালী শিলৰ বান্ধ দি গৰাখহনীয়া ৰোধ কৰিব লাগে।
(iii) মাটিৰ ওপৰেৰে পানী যোৱাৰ সু-ব্যৱস্থা কৰিব লাগে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(4)
1. কি কি অৱস্থাত জলচক্রত পানী পোৱা যায়?
উত্তৰঃ জলচক্ৰত পানী জুলীয়া, গেছীয় আৰু কঠিন তিনিওটা অবস্থাতে পোৱা যায়। ভূ-পৃষ্ঠৰ পানী জলীয় বাষ্প, মেঘ, বৰষুণ আদি অৱস্থাত জলচক্রত পোৱা যায়।
2. জৈৱিক কাৰণত প্রয়োজনীয় অক্সিজেন আৰু নাইট্র ‘জেনযুক্ত দুটা যৌগৰ নাম লিখা।
উত্তৰঃ জৈৱিক কাৰণত প্রয়োজনীয় অক্সিজেন আৰু নাইট্ৰ’জেনযুক্ত দুটা যৌগ হ’ল- নাইট্রাইট (NO₂) আৰু নাইট্রেট (NO₂)।
3. বায়ুত CO₂ ৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কাৰ্যকলাপ উল্লেখ কৰা।
উত্তৰঃ (i) জীবাষ্ম ইন্ধনৰ দহণ।
(ii) বনাঞ্চল ধ্বংস কৰা।
(iii) অত্যধিক যান-বাহন চলোৱাৰ ফলত বায়ুত কাৰ্বন-অক্সাইডৰ পৰিমাণ বৃদ্ধি।
4. সেউজগৃহ প্ৰভাৱ কি?
উত্তৰঃ বায়ুমণ্ডলত থকা কিছুমান গেছে পৃথিৱীৰ তাপ ধৰি ৰাখে। এই গেছৰ পৰিমাণ দিনকদিনে বাঢ়ি যোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। এই পৰিঘটনাক সেউজগৃহ প্রভাব বোলে।
5. বায়ুমণ্ডলত কি কি দুটা অবস্থাত অক্সিজেন পোৱা যায়?
উত্তৰঃ অ’জন (O₃) আৰু অক্সিজেন (O₂) অৱস্থাত।
অনুশীলনীৰ প্রশ্নোত্তৰ
1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি?
উত্তৰঃ জীৱৰ কাৰণে বায়ুমণ্ডল অতিকৈ প্রয়োজনীয়। কাৰণ, জীৱৰ কাৰণে প্রয়োজনীয় গেছ সমূহ যেনে- অক্সিজেন, নাইট্র’জেন, কার্বন-ডাই-অক্সাইড আদি বায়ুমণ্ডলতহে উপলব্ধ। ইয়োৰোপৰি বায়ুমণ্ডলৰ গড় উষ্ণতা স্থিৰে ৰখাত সহায় কৰে।
2. পানীৰ জীৱৰ কাৰণে কিয় প্রয়োজন?
উত্তৰঃ পানীৰ জীৱৰ কাৰণে অতিকৈ প্রয়োজন। পানী নহ’লে কোনো প্রাণীৰেই জীৱন ধাৰণ সম্ভৱ নহয়। আমি পানী খোৱা-বোৱা, চাফ-চিকুনতাৰ বাবে ব্যৱহাৰ কৰো। উদ্ভিদে নিজৰ খাদ্য তৈয়াৰ কৰিবলৈ মাটিৰ পৰা শিপাৰ সহায় পানী তুলি লয়। ইয়াৰোপৰি আমাৰ শৰীৰৰ বিপাকীয় ক্রিয়া সংঘটিত হ’বলৈ পানী ব্যৱহাৰ হয়।
3. কেনেকৈ জীবই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূর্ণ আত্মনিৰ্ভৰশীলনে?
উত্তৰঃ সকলো জীৱই মাটিৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে। কাৰণ, স্থলচৰ প্ৰাণীৰ বাবে মাটি হ’ল মূল অবাসস্থল। সকলো প্রাণী প্রত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আৰু এই উদ্ভিদবোৰ মাটিতেই গজে। গতিকে, মাটিয়েই প্রাণীসমূহক খাদ্যৰ যোগান ধৰে।
পানীত বাস কৰা জীৱসমূহে প্রত্যক্ষভাবে মাটিৰ ওপৰত নিৰ্ভৰশীল নহয়। কাৰণ নদীৰ পানীয়ে মাটিৰ পৰা বিভিন্ন ধৰণৰ খনিজ পদার্থ নদীৰ আৰু নদীয়ে সাগৰলৈ যোগান ধৰে। যিবোৰ সাগৰীয়া জীৱসমূহে ব্যৱহাৰ কৰে।
4. তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা।
উত্তৰঃ বতৰ বিজ্ঞানী সকলে বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ গতি, বায়ুৰ চাপ আদিৰ ওপৰত ভিত্তি কৰি বতৰৰ আগলি বতৰা দিয়ে। এই সকলোবোৰ অৱস্থা জানিবলৈ কৃত্রিম উপগ্ৰহবোৰে সহায় কৰে। উপগ্ৰহবোৰে সকলোবোৰ অৱস্থা সংগ্রহ কৰি ভূমিস্থিত ষ্টেচনলৈ প্ৰেৰণ কৰে। ষ্টেচনৰ পৰা সকলো বার্তা ৰেডিঅ’, দূৰদৰ্শন, বাতৰিকাকত আদিত প্ৰকাশ কৰাৰ বাবে প্রতিবেদন প্ৰেৰণ কৰে।
5. মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্রদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নির্দিষ্ট অঞ্চলত এই কার্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্রা কমিব বুলি?
উত্তৰঃ হয়, মানুহৰ কাৰ্যকলাপৰ বিষয়ে চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্রা কমাব পৰা যাব। উদাহৰণস্বৰূপে, কল-কাৰখানা, উদ্যোগ আদিৰ পৰা উৎপন্ন হোৱা প্ৰদূষক পদাৰ্থৰ হ্ৰাসকৰণ কৰিলে প্ৰদূষণৰ মাত্রা কমাব পৰা যাব।
6. বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।
উত্তৰঃ বনাঞ্চলসমূহে প্ৰদূষণৰ মাত্রা কমায়। বনাঞ্চলত থকা উদ্ভিদে বতৰৰ পৰিবৰ্তন আনে আৰু এইবোৰ উদ্ভিদৰ শিপাই মাটি অৱক্ষয়ত বাধা দিয়ে। ইয়াৰোপৰি বনাঞ্চলে বৰষুণৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। উদ্ভিদে অক্সিজেন এৰি দিয়াৰ ফলত বায়ুত অক্সিজেনৰ মাত্ৰা সুস্থিৰ হৈ থাকে। এনেদৰে বনাঞ্চলে বায়ু, মাটি আৰু পানীৰ ওপৰত প্ৰভাৱ পেলায়।
অতিৰিক্ত প্রশ্নোত্তৰ
1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
জীবমণ্ডল, জৈবিক উপাদান, অজৈবিক উপাদান।
উত্তৰঃ জীৱমণ্ডলঃ স্থলমণ্ডল, বায়ুমণ্ডল আৰু জলমণ্ডলত জীৱসমূহ বাস কৰে। এই তিনিওৱা মণ্ডলকেই জাৱমণ্ডল বোলে।
জৈৱিক উপাদানঃ জীৱমণ্ডলত থকা সকলো জীৱকে একেলগে জৈৱিক উপাদান বোলে।
অজৈৱিক উপাদানঃ বায়ু, পানী, মাটি আদি প্রাণ নথকা উপাদানবোৰক অজৈৱিক উপাদান বোলে।
2. শুক্র আৰু মংগল গ্রহত জীৱ থকাটো কিয় সম্ভৱ হোৱা নাই? এই দুটা গ্রহত কার্বন-ডাই-অক্সাইডৰ শতকাৰ পৰিমাণ কিমান?
উত্তৰঃ শুক্র আৰু মংগল গ্রহত অক্সিজেন নাই আৰু কার্বন-ডাই-অক্সাইডেৰে ভৰপূৰ হোৱা বাবে জীৱ থকাটো সম্ভৱ নহয়।
এই গ্রহ দুটাত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ হ’ল-95-97%.
3. কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ দুটা কাৰণ লিখা।
উত্তৰঃ (1) গছ-গছনি কটাৰ ফলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে।
(ii) বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহণৰ ফলত যথেষ্ট পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে।
4. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণত থকাৰ দুটা পদ্ধতি লিখা।
উত্তৰঃ (i) সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কার্বন-ডাই-অক্সাইডৰ পৰা গ্লুক’জ উৎপন্ন কৰে।
(ii) কিছুমান সামুদ্রিক প্রাণীয়ে পানীত দ্রবীভূত কার্বনেট ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে।
5. চন্দ্ৰত উষ্ণতাৰ পৰিসৰ কিমান?
উত্তৰঃ -190°C ৰ পৰা 110°C লৈ।
6. জলচক্র কি?
উত্তৰঃ জলচক্ৰ হ’ল পৃথিৱীৰ বিভিন্ন উৎসৰ পৰা পানী বাষ্প হৈ আকাশলৈ যোৱা আৰু বৰষুণ হিচাপে পুনৰ পৃথিৱীলৈ ঘুৰি অহা প্রক্রিয়া।
7. নাইট্র ‘জেনচক্র চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ জীৱৰ বাবে নাইট্র’জেন আৱশ্যকীয় মৌল। প্র’টিন, নিউক্লিক এছিড, কিছুমান ভিটামিন আদি নাইট্ৰ’জেনৰ দ্বাৰা গঠিত। জীৱৰ বাবে প্রয়োজনীয় যৌগ যেনে- এলকালইড আৰু ইউৰিয়া নাইট’জেনৰ দ্বাৰা গঠিত। কিছুমান বেক্টেৰিয়াৰ বাহিৰে আন জীৱই নাইট্র’জেন অণু নাইট্রেট আৰু নাইট্রাইটলৈ পৰিবৰ্তন কৰিব নোৱাৰে। বেক্টেৰিয়াসমূহে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গ্রহণ কৰি নাইট্রেট আৰু নাইট্রাইটলৈ পৰিবৰ্তন কৰে। মাহজাতীয় শস্যৰ নডিওল নামৰ টেমুনাবোৰত এইবোৰ বেক্টেৰিয়া পোৱা যায়। যিয়ে নাইট্ৰ’জেন স্থিতিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰে। উদ্ভিদে নাইট্রেট আৰু নাইট্রাইট আহৰণ কৰি এমিন’ এছিডলৈ পৰিৱৰ্তন কৰি প্ৰ’টিন সৃষ্টি কৰে। প্ৰাণীয়ে এই উদ্ভিদবোৰ ভক্ষণ কৰিলে প্রাণীদেহত লগা প্ৰ’টিনৰ চাহিদা পূৰণ হয়। উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু হ’লে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা নাইট’জেন যৌগবোৰ বেক্টেৰিয়াৰ দ্বাৰা নাইট্রেট আৰু নাইট্রাইটলৈ ৰূপান্তৰ হয়। এনেদৰে নাইট্র ‘জেন চক্রাকাৰে বায়ুমণ্ডলৰ পৰা মাটি আৰু পানীলৈ আৰু ইয়াৰ পৰা জীৱদেহলৈ সৰবৰাহ হৈ পুনৰ বায়ুমণ্ডললৈ উভতি যায় আৰু চক্রাকাৰে চলি থাকে।
8. CFC ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ Chloroflurocarbon (ক্ল’ৰফ্ল’ৰ’কাৰ্বন)।
9. কার্বনচক্র চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ প্ৰকৃতিৰ বুকুত কার্বন বিভিন্ন অৱস্থাত পোৱা যায়। বিভিন্ন খনিজ পদার্থত কার্বনেট আৰু হাইড্ৰ’জেন কাৰ্ব’নেটৰ লৱণ হিচাপে পোৱা যায়।
জীবদেহত পোৱা প্ৰ’টিন, শৰ্কৰা, চর্বী, নিউক্লিক এছিড আৰু ভিটামিন ইত্যাদি কাৰ্বনৰ দ্বাৰা গঠিত। প্ৰাণীৰ বহিঃকংকাল আৰু অন্তঃকংকাল কেলছিয়াম কাৰ্ব নেট লৱণৰ দ্বাৰা গঠিত। হৰিৎকণাযুক্ত উদ্ভিদে কার্বন-ডাই-অক্সাইড আৰু পানীৰ সহায়ত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা দেহত গ্লুক’জ হিচাপে কার্বন আত্মীয়কৰণ কৰে। গ্লুক’জ অণু শ্বসনৰ সময়ত কাৰ্বন-ডাই-অক্সাইড উৎপন্ন কৰি বায়ুমণ্ডলত এৰি দিয়ে। বন্ধন, পৰিবহণ নাইবা শিল্প উদ্যোগত ব্যবহৃত ইন্ধন দহনৰ সময়ত নিৰ্গত হোৱা কার্বন-ডাই-অক্সাইড বায়ুমণ্ডলত থিতাপি লয়। বিভিন্ন প্ৰকাৰৰ ভৌতিক আৰু জৈৱিক কার্যকলাপৰ যোগেদি কার্বন চক্রাকাৰে ঘুৰি থাকে।
