Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Science Chapter 13 আমি অসুস্থ হওঁ কিয়

By Rabbi Masrur

Updated On:

Class 9 Science Chapter 13 আমি অসুস্থ হওঁ কিয়

অধ্যায় – 13

আমি অসুস্থ হওঁ কিয়

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(1)

1. সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় যিকোনো দুটা ব্যবস্থা উল্লেখ কৰা।

উত্তৰঃ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় দুটা ব্যবস্থা হ’ল-

(i) আমাৰ চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ পৰিছন্ন কৰি ৰাখিব লাগে। লগতে নিজৰ ঘৰ আৰু নিজে চাফ-চিকুণতা বজাই ৰাখিব লাগে।

(ii) শৰীৰৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ সুষম আহাৰ গ্রহণ কৰিব লাগে।

2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্রয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ (1) নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম, বিশ্রাম আৰু নিৰ্মল বায়ু সেৱন কৰিলে ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

(ii) আমাৰ ঘৰৰ চৌপাশ চাফা কৰি ৰাখিব লাগে। য’তে-ত’তে জাৱৰ-জোথৰ, প্ৰাণীৰ মল-মূত্র আদি পেলাব নালাগে। আমি সদায় সুষম আহাৰ গ্ৰহণ কৰিব লাগে।

3. ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? কিয়?

উত্তৰঃ ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ সকলো সময়তে একে নহয়। কাৰণ, স্বাস্থ্য ব্যক্তি বিশেষে বেলেগ বেলেগ হ’ব পাৰে। উদাহৰণস্বৰূপে, এজন নৃত্যশিল্পী সু-স্বাস্থ্য মানে শৰীৰৰ বিভিন্ন অংগৰ ভংগিমা সুন্দৰকৈ উপস্থাপন কৰিব পাৰে। আনহাতে, এজন কণ্ঠশিল্পীৰ সু-স্বাস্থ্য মানে তেখেতে হাওঁফাওঁৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণে বায়ু সেৱন কৰিব পাৰে যাৰ ফলত সুমধুৰ কণ্ঠ উচ্চাৰিত কৰিব পাৰে।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(2)

1. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্র এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা?

উত্তৰঃ যদি তিনিটা ৰোগ যেনে কাহ, পেটৰ কামূৰণি নাইবা মূৰৰ কামূৰণি হৈছে তেন্তে আমি অনুমান কৰি ক’ব নোৱাৰিম যে আমাৰ কি ৰোগ হৈছে। গতিকে আমি ডাক্তৰৰ ওচৰত যোৱাটো আমাৰ কাৰণে প্রয়োজনীয়।

আনহাতে, যদি ইয়াৰ যিকোনো এটা হয় তেন্তে ডাঙৰৰ ওচৰত যাব লাগে আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পৰীক্ষা কৰি আৰু পৰীক্ষাৰ ফলাফল চাই যি ৰোগৰ উমান পোৱা যায় তাৰ ওপৰত ভিত্তি কৰি দৰৱ দিয়ে।

2. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে? যদি পৰে কিয়?

যদি তুমি জন্দিত ভোগা, যদি তোমাৰ ওকণি হয়, যদি তোমাৰ শালমইনা হয়।

উত্তৰঃ যদি আমি জন্দিভূত ভোগোঁ তেন্তে আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন হ’ব। যেনে- উচ্চ ৰক্তচাপ, গাঁঠিৰ বিষ, যকৃতত প্রভাৱ আদি।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(3)

1. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়?

উত্তৰঃ আমি অসুস্থ হ’লে আমাৰ শৰীৰৰ অসংক্রাম্য তন্ত্র দুর্বল হৈ পৰে। যিয়ে আমাৰ শৰীৰৰক বিভিন্ন বেমাৰৰ বীজাণুৰ পৰা ৰক্ষা কৰে। এই তন্ত্র দুৰ্বল হৈ পৰিলে শৰীৰত বিভিন্ন ধৰণৰ ৰোগে আক্রমণ কৰে। যাৰ বাবে আমাৰ বিশেষ ক্ষতি সাধন হ’ব পাৰে।

এনেধৰৰ অনুজীৱৰ পৰা ৰক্ষা পাবলৈ আমাৰ শৰীৰৰ অসংক্ৰাম্য তন্ত্রটো শক্তিশালী কৰি তোলাটো অতি প্রয়োজনীয়। সেইবাবে অসুস্থ হ’ল পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিয়া হয়।

2. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়?

উত্তৰঃ সংক্ৰামক ৰোগসমূহ তলত দিয়া প্ৰক্ৰিয়াৰ দ্বাৰা সঞ্চাৰিত হয়-

(i) বতাহৰ দ্বাৰা,

(ii) প্রত্যক্ষ সংস্পৰ্শৰ দ্বাৰা, (iii) অপ্রত্যক্ষ সংস্পৰ্শৰ দ্বাৰা,

(iv) খাদ্যৰ দ্বাৰা,

(v) বলিয়া প্ৰাণীৰ দ্বাৰা,

(vi) মহ, কীট আদিৰ দ্বাৰা।

3. তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্রহণ কৰিছা?

উত্তৰঃ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে তলত দিয়া ব্যৱস্থাবোৰ কৰিব লাগে-

(i) স্কুলৰ চাৰিওফালে পৰিষ্কাৰ-পৰিছন্ন কৰি ৰাখিব লাগে।

(ii) বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে।

(iii) শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে।

(iv) স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক প্রতিষেধক ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

4. অসংক্ৰাম্যকৰণ কি?

উত্তৰঃ যিকোনো এটা ৰোগৰ পৰা হাত সাৰিবলৈ সেই ৰোগৰ নিষ্ক্রিয় বীজাণু আনি সুস্থ ব্যক্তিৰ দেহত সুমোৱাই দি সেই ৰোগৰ অসংক্রাম্যতা কৰা ব্যৱস্থাটোক অসংক্রাম্যকৰণ বোলে।

5. তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে? তোমালোকৰ অঞ্চলত কি কি ৰোগ মূল স্বাস্থ্য সংমস্যা?

উত্তৰঃ আমাৰ অঞ্চলত থকা স্বাস্থ্য কেন্দ্রত তলত দিয়া ব্যৱস্থাবোৰ আছে-

(i) প্রতিৰোধক হিচাপে- টিটেনাছ, ডিপথেৰিয়া, হোপিংকাহ, সৰু আই, পলিঅ’ আদিৰ প্রতিষেধক।

(ii) গৰ্ভৱতী মহিলাৰ কাৰণে- টিটেনাছ, হেপাটাইটিছ-বি প্রতিষেধক।

(iii) শিশুৰ বাবে- টিটেনাছ, হেপাটাইটিছ-এ, ডিপথেৰিয়া আদি।

অনুশীলনীৰ প্রশ্নোত্তৰ

1. যোৱা বছৰ ধৰি তুমি কিমানবাৰ অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?

(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?

(b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচৰা?

উত্তৰঃ ওপৰৰ প্ৰতিটো প্রশ্নৰ বাবে নিজে নিজে চেষ্টা কৰা।

2. এজন চিকিৎসক/নার্চ/স্বাস্থ্যকর্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে?

উত্তৰঃ এজন চিকিৎসক/নার্চ/ স্বাস্থ্যকর্মীয়ে নিজকে তলত দিয়া কামৰ দ্বাৰা ৰোগৰ পৰা পৰিহাৰ পাইছে-

(i) সংক্ৰামক ৰোগীৰ চিকিৎসাৰ সময়ত মুখত মাস্ক পিন্ধি লয় যাতে তেওঁলৈ সংক্রমিত হ’ব নোৱাৰে।

(ii) কটা-ছিঙা আদিৰ চিকিৎসাৰ সময়ত হাতমোজা পিন্ধি লয় আৰু পিছত হাত ভালদৰে চাফা কৰি লয়।

(iii) কোনো সংক্রমণে দেখা দিলে অসংক্ৰাম্যতাৰ বাবে প্রতিষেধক গ্রহণ কৰে।

(iv) শৌচ-প্রস্রাব, তেজ আদি পৰীক্ষা কৰাৰ সময়ত বিশেষভাৱে সাৱধানতা অবলম্বন কৰে।

4. এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-

(a) শিশুটো অসুস্থ হৈছে?

(b) কি কাৰণে অসুস্থ হৈছে?

উত্তৰঃ (a) তলত দিয়া ক্রিয়াবিধিৰ ওপৰত ভিত্তি কৰি শিশুটো অসুস্থ হৈছে বুলি ক’ব পাৰি-

(i) চকুৰ ৰং,

(ii) চকুৰ পৰা পানী ওলায় থকা,

(iii) সদায় কান্দি থকা,

(iv) শৰীৰৰ উষ্ণতা আদি।

(b) অসুস্থতাৰ কাৰণ তলত দিয়া মতে বুজিব পাৰি-

অতিকৈ জ্বৰ, মাংসপেশীৰ বিষ, মেলেৰিয়া হোৱা বুলি অনুমান কৰা। চলা-ফুৰা কম কৰিলে পেটৰ বিষ, চকু ৰঙা হ’লে আইফু, ছাল শেঁতা পৰিলে আৰু প্ৰস্ৰাৱ আৰু চকুৰ ৰং হালধীয়া হ’লে জন্দিচ্ হোৱা বুলি ক’ব পাৰি।

5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-

(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।

(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই ত ভোগা ৰোগীক পৰিচৰ্য্যা কৰে।

(c) মেলেৰিয়া ৰোগত আক্রান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰোগীক পৰিচৰ্য্যা কৰে।

উত্তৰঃ (c) মেলেৰিয়া ৰোগত আক্রান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰোগীক পৰিচৰ্য্যা কৰে।

6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-

(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা।

(b) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা।

(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্রান্ত হয়। কিয়?

উত্তৰঃ (c) তেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্রান্ত হয়। কাৰণ, সৰু আই হ’ল সংক্ৰামক ৰোগ। স্পর্শ নাইবা ৰোগীৰ ওচৰত অৱস্থান কৰিলে ই সংক্রমণ হ’ব পাৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

1. ‘স্বাস্থ্য’ বুলিলে কি বুজা?

উত্তৰঃ স্বাস্থ্য মানে সদায় সুস্থ সবল হোৱাটো বুজায়, ভালদৰে কাম-বন কৰা বুজায়। স্বাস্থ্যৰ লগত দেহ, মন আৰু পৰিৱেশৰ কথাও নিহিত হৈ থাকে।

2. একিউট আৰু ক্রনিক ৰোগ কাক বোলে? একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ ৰোগ কম সময়ত দেখা দিয়ে আৰু কিছুদিনৰ বাবে ইয়াৰ প্রভাৱ দেখা দিয়ে। সেইবোৰক একিউট ৰোগ বোলে। যেনে- চর্দী বা পানী লগা।

যিবোৰ ৰোগ দীর্ঘদিন ধৰি বা আজীৱন ধৰি থাকে, সেইবোৰক ক্রনিক ৰোগ বোলে। যেনে-এলিফেনটিয়াছিছ।

3. ক্রনিক ৰোগৰ ফলত আমাৰ কি কি ক্ষতি হ’ব পাৰে?

উত্তৰঃ ক্রনিক ৰোগৰ ফলত আমাৰ শৰীৰৰ ওজন হ্রাস হ’ব পাৰে, সকলো সময়তে ভাগৰোৱা অনুভৱ হ’ব পাৰে, সু-স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

4. সংক্রামক ৰোগ কাক বোলে?

উত্তৰঃ যিবিলাক ৰোগ অনুজীৱৰ দ্বাৰা সংক্ৰমণ হয় তাক সংক্রামক ৰোগ বোলে।

5. ভাইৰাছ, বেক্টেৰিয়া আৰু ভেঁকুৰৰ দ্বাৰা হোৱা দুটাকৈ ৰোগৰ নাম লিখা।

উত্তৰঃ ভাইৰাছৰ দ্বাৰা হোৱা দুটা ৰোগ হ’ল-পানীলগা, ইনফ্লুয়েঞ্জা, ডেংগো, জ্বৰ আদি।

বেক্টেৰিয়াৰ দ্বাৰা হোৱা দুটা ৰোগ হ’ল-কলেৰা, যক্ষ্মা, এনথ্রাক্স আদিবোৰ।

ভেঁকুৰৰ দ্বাৰা হোৱা দুটা ৰোগ হ’ল- মেলেৰিয়া, ক’লাজ্বৰ আদি।

6. ৰোগসমূহৰ সংচাৰণ কেনেকৈ হয়?

উত্তৰঃ অসংখ্য বীজাণু বিভিন্ন প্রক্রিয়াৰে আক্রান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ সংচাৰণ হ’ব পাৰে। কেতিয়াবা কোনো মধ্যবর্তী পোষকৰ সহায় নোলোৱাকৈ আক্রান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ বিয়পে। বিভিন্ন অনুজীৱীয় অভিকৰ্তাবোৰে সাধাৰণভাৱে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংচাৰণ হয়। পানীলগা, নিউম’নিয়া আদি ৰোগৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ সান্নিধ্যত থাকিলে কাহৰ লগত নাইবা থুৰ লগত অহা বীজাণুযুক্ত বিন্দু কণিকা এটাই সুস্থ মানুহক সংক্রমিত কৰিব পাৰে। কলেৰা ৰোগাক্রান্ত ব্যক্তিৰ মল-মূত্র পানীত মিহলি হ’লে পানী দুষিত হয়। এই দুষিত পানী সুস্থ মানুহে ব্যৱহাৰ কৰিলে তেওঁ কলেৰা ৰোগৰ দ্বাৰা আক্রান্ত হয়। চিফিলিচ, এইড্‌ছ আদিৰ দৰে ৰোগ আক্রান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিৰ দেহলৈ যৌন ক্ৰিয়াৰ দ্বাৰা বিয়পে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment