Join WhatsApp

Join Now

Join Telegram

Join Now

নৱম শ্ৰেণীৰ Class 9 Science Chapter 12 শব্দ প্রশ্নোত্তৰ 2026

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যমৰ SEBA Class 9 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত Class 9 Science Chapter 12 শব্দ, Notes বা সহায়ক বিচাৰি আছে? হয়। চিন্তাৰ কোনো কাৰণ নাই, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণী সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

👉 Read Also:

Class 9 Science Chapter 12 শব্দ প্রশ্ন উত্তৰ

অধ্যায় – 12

শব্দ প্রশ্ন উত্তৰ

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(1)

1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ?

উত্তৰঃ স্পন্দনশীল বস্তু এটাই মাধ্যমত শব্দ উৎপন্ন কৰিলে মাধ্যমটোৰ সৰু সৰু কণিকাবোৰ নিজ স্থানতে দুলি থাকে। শব্দ সঞ্চালিত হওঁতে মাধ্যমৰ কণাবোৰ সংকোচিত হয় আৰু শব্দ পাৰ হৈ যোৱাৰ পিছত প্ৰসাৰিত হয়। এনেদৰে মাধ্যমৰ মাজেৰে শব্দ আমাৰ কাণত আহি পৰে।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(2)

1. তোমাৰ স্কুলৰ ঘণ্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা কৰা।

উত্তৰঃ স্কুলৰ ঘণ্টাত লাঠিৰে আঘাত কৰিলে কম্পনৰ সৃষ্টি হয়। যিটো কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়।

2. শব্দ তৰংগক কিয় যান্ত্ৰি তৰংগ বুলি কোৱা হয়?

উত্তৰঃ শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাবোৰ জড়িত হৈ থাকে আৰু ই অগ্রগামী হয়। যাৰবাবে শব্দ তৰংগক যান্ত্রিক তৰংগ বোলে।

3. ধৰা হওঁক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা। তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমর্থ হ’বানে?

উত্তৰঃ বন্ধুজনে উৎপন্ন কৰা শব্দ আমি শুনিবলৈ নাপাম। কাৰণ, শব্দ সঞ্চালিত হোৱাৰ বাবে মাধ্যমৰ প্ৰয়োজন। যিহেতু চন্দ্ৰত বায়ু আৰু আন শব্দ সঞ্চালিত হোৱা মাধ্যম নাই।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(3)

1. তৰংগৰ কি ধর্মই (a) তীব্রতা আৰু (b) তীক্ষ্ণতা নির্ণয় কৰে?

উত্তৰঃ (a) তৰংগৰ তীব্রতা বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে।

(b) উৎসই উৎপন্ন কৰা কম্পনে তৰংগৰ তীক্ষ্ণতা নির্ণয় কৰে।

2. গাড়ীৰ হর্ন আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি?

উত্তৰঃ গাড়ীৰ হৰ্নৰ শব্দৰ তীক্ষ্ণতা বেছি।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(4)

1. শব্দ তৰংগৰ তৰংগ দৈর্ঘ্য, কম্পনাংক, পর্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ তৰংগ দৈর্ঘ্যঃ দুটা অনুক্রমিক সংকোচন বা তনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈর্ঘ্য বোলে।

কম্পনাংকঃ প্রতি একক সময়ত সম্পূর্ণ হোৱা দোলনৰ সংখ্যাকেই কম্পনাংক বোলে।

পর্যায়কালঃ দুটা অনুক্রমিক সংকোচন বা তনুভৱনে নির্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে।

বিস্তাৰঃ গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে।

2. শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈর্ঘ্য কি দৰে তাৰ দ্রুতিৰ সৈতে জড়িত হৈ আছে?

উত্তৰঃ শব্দৰ দ্রুতি হ’ল সংকোচন বা তনুভৱনৰ বিন্দু এটাই প্রতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব। তৰংগ দৈর্ঘ্য হ’ল এটা পর্যায়কালত শব্দই অতিক্রম কৰা দূৰত্ব। গতিকে, তৰংগৰ কম্পানংক (n), তৰংগ দৈর্ঘ্য (λ) আৰু দ্রুতি (v) ৰ মাজৰ সম্পৰ্ক হ’ল-

দ্রুতি = তৰংগ দৈর্ঘ্য × কম্পনাংক বা v = ηλ

3. প্রদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্রুতি 440 ms-¹ আৰু কম্পনাংক 220 Hz। ইয়াৰ তৰংগ দৈর্ঘ্য নিৰ্ণয় কৰা।

উত্তৰঃ ইয়াত,

প্রদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্রুতি 440 ms-¹ আৰু কম্পনাংক 220 Hz। ইয়াৰ তৰংগ দৈর্ঘ্য নিৰ্ণয় কৰা

4. উৎসৰ পৰা 450 m দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 Hz। উৎসৰ পৰা নিৰ্গত অনুক্রমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান?

উত্তৰঃ ইয়াত,

উৎসৰ পৰা 450 m দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 Hz

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(5)

1. শব্দৰ তীব্রতা আৰু প্রাবল্যতাৰ মাজৰ পার্থক্য কি?

উত্তৰঃ শব্দৰ তীব্রতা হ’ল শব্দৰ কম্পনাংকই অতিক্ৰম কৰা বিস্তাৰ।

আনহাতে, প্রাবল্য হ’ল শব্দ এটাৰ তীব্ৰতাৰ জোখ।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(6)

1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নির্দিষ্ট উষ্ণতাত শব্দৰ দ্রুতি আটাইতকৈ বেছি?

উত্তৰঃ লো মাধ্যমত।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(7)

1. শব্দ এটাৰ প্ৰতিধ্বনি 3 পিছত শুনা গ’ল। প্রতিফলক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান? দিয়া আছে, শব্দৰ দ্রুতি 342 ms-¹।

উত্তৰঃ ইয়াত,

শব্দ এটাৰ প্ৰতিধ্বনি 3 পিছত শুনা গ'ল

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(8)

1. সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয়?

উত্তৰঃ সংগীত সমলয়ৰ মূধচখন বক্রাকৃতিৰ হয়। কাৰণ, যাতে সমলয়ত পৰিবেশন কৰা সংগীত সমলয়ৰ চোকে-কোণে যাব পাৰে আৰু প্রেক্ষাগৃহত বহি থকা সকলো শ্রোতৰ কাণত গৈ পৰে।

পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ

(9)

1. সাধাৰণতে মানুহৰ শ্রাব্যৰ পৰিসৰ কি?

উত্তৰঃ সধাৰণতে মানুহৰ শ্ৰাৱৰ্যৰ পৰিসৰ হ’ল 20 Hz ৰ পৰা 20 kHz লৈ।

2. (a) অৱশব্দ আৰু (b) অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ কি?

উত্তৰঃ (a) অৱশব্দৰ পৰিসৰ 20 Hz তকৈ কম।

(b) অতিশব্দৰ পৰিসৰ 20 kHz তকৈ বেছি।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(10)

1. শিশু জাহাজ এখনে নিৰ্গত কৰা চনাৰ স্পন্দন (sonar pulse) এটা সমুদ্র তলিৰ টিলা এটাত খুন্দা খাই 1.02 s ত উভতি আহিল। যদি লুনীয়া পানীত শব্দৰ দ্রুতি 1531 m/s হয়, তেন্তে টিলাটোৰ দূৰত্ব কিমান?

উত্তৰঃ ইয়াত,

শিশু জাহাজ এখনে নিৰ্গত কৰা চনাৰ স্পন্দন (sonar pulse) এটা সমুদ্র তলিৰ টিলা এটাত খুন্দা খাই

অনুশীলনীৰ প্রশ্নোত্তৰ

1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয়?

উত্তৰঃ শব্দ হৈছে এবিধ যান্ত্রিক তৰংগ যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়।

বিভিন্ন বস্তুৰ কম্পনৰ সৃষ্টি কৰি শব্দ উৎপন্ন কৰা হয়।

2. শব্দৰ উৎসৰ ওচৰত ঘনীভৱন আৰু তনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ

শব্দৰ উৎসৰ ওচৰত ঘনীভৱন আৰু তনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা

উৎস এটাৰ পৰা শব্দ সঞ্চালিত হওঁতে মাধ্যমৰ কণাবোৰ হেঁচা খাই সংকুচিত হয় যাৰ ফলত ঘনীভৱনৰ সৃষ্টি হয়। আকৌ, শব্দখিনি পাৰ হৈ যোৱাৰ পিছত কণাবোৰ আগৰ অৱস্থালৈ (তনুভবন) ঘূৰি আহে। এইদৰে শব্দ তৰংগ আমাৰ কাণত আহি পৰে।

3. শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা।

উত্তৰঃ বায়ুৰুদ্ধ বেলজাৰ এটা লৈ ভিতৰত এটা বৈদ্যুতিক ঘণ্টা ওলোমোৱা হয়। বেলজাৰটোত এটা বায়ু নিষ্কাশন নলী সংযোগ কৰা হয়। বেলজাৰৰ মুখখন এটা কৰ্কৰ দ্বাৰা বন্ধ কৰি লোৱা হয় যাতে

শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা

বেলজাৰটোৰ ভিতৰলৈ বায়ু অহো-যোৱা কৰিব নোৱাৰে। এতিয়া চুইচটো টিপি দিলে ঘণ্টাটোৰ পৰা শব্দ শুনিবলৈ পোৱা যাব। বেলজাৰটোৰ পৰা বায়ু নিষ্কাশন নলীৰে বায়ু ওলাই আনিলে ঘণ্টাটোৰ শব্দ লাহে লাহে কমি আহিব আৰু সম্পূৰ্ণৰূপে বায়ু নিষ্কাশিত হ’লে শব্দ শুনিবলৈ পোৱা নাযাব।
ইয়াৰ পৰা প্ৰমাণ হয় যে শব্দ সঞ্চালিত হোৱাৰ বাবে মাধ্যমৰ প্রয়োজন।

4. শব্দ তৰংগক অনুদৈর্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?

উত্তৰঃ অনুদৈর্ঘ্য তৰংগৰ দৰে শব্দৰ প্ৰভাৱত মাধ্যমৰ কণাবোৰে নিজৰ সাম্য অবস্থানৰ সাপেক্ষে অগা-পিছা কৰি থাকে। সেইবাবে শব্দ তৰংগকো অনুদৈর্ঘ্য তৰংগ বোলে।

5. অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা?

উত্তৰঃ শব্দৰ তীব্ৰতাৰ পৰা।

6. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায়, কিয়?

উত্তৰঃ আমি জানো যে, বায়ুমণ্ডলত শব্দৰ দ্রুতিতকৈ পোহৰৰ দ্রুতি বছি। সেইবাবে বিজুলী আৰু ঢেৰেকণি একেলগে উৎপন্ন হ’লেও বিজুলিৰ পোহৰ আগতে দৃশ্যমান হয়।

7. ব্যক্তি এজনৰ শ্রাব্য সীমাৰ পৰিসৰ 20 Hz – 20kHz ৰ ভিতৰত। এই দুটা তৰংগ কম্পনাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্রাৰূপিক তৰংগ দৈর্ঘ্য কিমান? বায়ুত শব্দৰ দ্রুতি 344 m/s বুলি ধৰা।

উত্তৰঃ ইয়াত,

ব্যক্তি এজনৰ শ্রাব্য সীমাৰ পৰিসৰ 20 Hz - 20kHz ৰ ভিতৰত

৪. এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মুৰত দুজান ছাত্র আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকুৰাই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা।

উত্তৰঃ তালিকাৰ পৰা-

এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মুৰত দুজান ছাত্র আছে

9. শব্দৰ উৎস এটাৰ কম্পনাংক 100 Hz ই এক মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব?

উত্তৰঃ ইয়াত,

শব্দৰ উৎস এটাৰ কম্পনাংক 100 Hz ই এক মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব

10. পোহৰে মানি চলা প্রতিফলনৰ সূত্রকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।

উত্তৰঃ পোহৰে মানি চলা সূত্ৰবোৰ শব্দয়ো মানি চলে। পোহৰে যেনেকৈ প্ৰতিফলক পৃষ্ঠৰ পৰা উভতি আহে, সেইদৰে শব্দয়ো প্রতিফলক পৃষ্ঠৰ পৰা উভতি আহে। পোহৰে প্ৰতিফলনৰ পিছত প্রতিবিম্বৰ সৃষ্টি কৰে, সেইদৰে শব্দই প্রতিফলনৰ পিছত প্রতিধ্বনিৰ সৃষ্টি কৰে।

11. দূৰৰ বস্তু এটাই শব্দ প্রতিফলিত কৰিলে প্রতিধ্বনিৰ সৃষ্টি হয়। ধৰা হওঁক, শব্দৰ উৎস আৰু প্রতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। তাতোকৈ গৰম দিন এটাত প্রতিধ্বনিৰ শব্দ শুনিবানে?

উত্তৰঃ শব্দৰ উৎস আৰু প্ৰতিফলকৰ দূৰত্ব একে থাকিলেও তাতোকৈ গৰম দিনতো প্রতিধ্বনি শুনা যাব।

👉 Read Also:

12. শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্রয়োগ লিখা।

উত্তৰঃ শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰ হ’ল-

(i) শব্দৰ পুনঃ পুনঃ প্রতিফলনৰ দ্বাৰা হৃদপিণ্ড আৰু হওঁফাওঁত উৎপন্ন হোৱা শব্দ ষ্টেথ’স্কপৰ সহায়ত চিকিৎসকে শুনিবলৈ পায়।

(ii) প্রেক্ষাগৃহত শব্দৰ পুনঃ পুনঃ প্রতিফলনৰ ফলত শ্ৰোতাৰ শুনিবলৈ সহজ হয়।

13. 500 m ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হ’ল। পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব? দিয়া আছে g = 10 ms-² আৰু শব্দৰ দ্রুতি = 340 ms-¹

উত্তৰঃ ইয়াত,

500 m ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হ'ল

14. শব্দ তৰংগ এটা 339 ms-¹ দ্রুতিবে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈর্ঘ্য 1.5 cm, তেন্তে তৰংগটোৰ কম্পনাংক কিমান? ই শ্রাব্য হ’বনে?

উত্তৰঃ ইয়াত,

শব্দ তৰংগ এটা 339 ms-¹ দ্রুতিবে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈর্ঘ্য

15. অনুৰণন কাক বোলে? ইয়াক কেনেকৈ কমাব পাৰি?

উত্তৰঃ শব্দৰ পুনঃ পুনঃ প্রতিফলনকে অনুৰণন বোলে। অনুৰণন কমাবৰ বাবে প্রেক্ষাগৃহৰ বেৰ, মূধচ আৰু বহা আসনবোৰ শব্দ শোষণকাৰী পদাৰ্থৰে সজ্জিত কৰিব লাগে।

16. শব্দৰ তীব্রতা কাক বোলে? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল?

উত্তৰঃ শব্দৰ কম্পনাংকই অতিক্ৰম কৰা বিস্তাৰক শব্দৰ তীব্রতা বোল। ই বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে।

17. চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যৱহাৰ কিদৰে কৰে?

উত্তৰঃ বাদুলিয়ে অতিশাব্দিক তৰংগ প্ৰেৰণ কৰি তাৰ প্ৰতিফলন গ্ৰহণ কৰি চিকাৰ কৰিব পাৰে। বাদুলিৰ অতি তীক্ষ্ণ চেঁ-চেঁয়ানিবোৰ চিকাৰৰ পৰা প্ৰতিফলিত হৈ বাদুলিৰ কাণলৈ উভতি আহে। ফলত বাদুলিয়ে চিকাৰৰ অৱস্থানৰ উমান পায়।

18. পৰিষ্কাৰ (cleaning) কৰিবলৈ অতিশব্দৰ ব্যৱহাৰ কিদৰে হয়?

উত্তৰঃ বিভিন্ন আকৃতিৰ যন্ত্ৰৰ অংশবোৰ, ইলেক্ট্রনীয় উপাদান আদিৰ সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। পৰিষ্কাৰ কৰিবলগীয়া সঁজুলি এটা পৰিষ্কাৰক দ্ৰৱৰ মাজত ৰাখি তাৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়। অতিশব্দৰ খুন্দাত ধূলি-মাকতি, তেলেতীয়া পদার্থ আদিবোৰ বাহিৰলৈ ওলাই আহে আৰু পৰিষ্কাৰক দ্ৰৱৰ তলিত জমা হয়।

19. চনাৰৰ কাৰ্যনীতি আৰু প্রয়োগ ব্যাখ্যা কৰা।

উত্তৰঃ চনাৰৰ সহায়ত পানীৰ তলৰ বস্তুৰ দূৰত্ব, দিশ আৰু দ্রুতি নির্ণয় কৰা হয়। চনাৰত এটা প্ৰেৰক যন্ত্ৰ আৰু এটা গ্রাহক যন্ত্র থাকে। প্রেৰক যন্ত্ৰই অতিশাব্দিক তৰংগ সৃষ্টি কৰি প্ৰেৰণ কৰে। এই প্ৰেৰণ কৰা অতিশব্দ পানীৰ তলত থকা বস্তুবোৰৰ পৰা প্রতিফলিত হয়। এই প্রতিফলিত অতিশাব্দিক তৰংগবোৰ গ্ৰাহক যন্ত্রই গ্রহণ কৰে। ফলত পানীত শব্দৰ দ্রুতি আৰু অতিশব্দৰ প্ৰেৰণ আৰু সংগ্ৰহণৰ মাজৰ সময়ৰ সহায়ত পানীৰ তলৰ বস্তুবোৰৰ দূৰত্ব নিৰ্ণয় কৰা হয়।

সমুদ্রতলিৰ গভীৰতা আৰু সমুদ্ৰতলিৰ পাহাৰ, শিহু জাহাজ, হিমশিলাখণ্ড, ডুব যোৱা জাহাজ আদিৰ অৱস্থান নির্ণয় কৰিবলৈ চনাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।

20. শিহু জাহাজত সংযুক্ত চনাৰ সঁজুলি এটাই সংকেত প্ৰেৰণ কৰাৰ 5s পিছত প্রতিধ্বনি ধৰা পেলালে। শিহু জাহাজৰ পৰা বস্তুটোৰ দূৰত্ব 3625 m হ’লে পানীত শব্দৰ দ্রুতি নিৰ্ণয় কৰা।

উত্তৰঃ ইয়াত,

1 3

2 9

21. অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা।

উত্তৰঃ ধাতুৰ কুণ্ডা এটাৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰিলে ধাতুৰ কুণ্ডাৰ অন্তৰ্ভাগত অতি ক্ষুদ্র বিসংগতি থাকিলেও তাৰ পৰা অতিশাব্দিক তৰংগবোৰ প্ৰতিফলিত হৈ উভতি আহে। এনেদৰে অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি ধৰা পেলাব পাৰি।

22. মানুহৰ কাণৰ কাৰ্যপদ্ধতি বর্ণনা কৰা।

উত্তৰঃ আমাৰ চৰিওফালৰ শব্দবোৰ কাণৰ বাহ্যিক অংশ কর্ণপালিয়ে সংগ্ৰহ কৰে। এই সংগ্রহীত শব্দবোৰ শ্ৰৱণ নলীৰে কাণমাদলত উপনীত হয়। ফলত কাণমাদলৰ বৰ্হিভাগত চাপৰ সৃষ্টি হয় আৰু কাণমাদলক ভিতৰলৈ ঠেলি পঠিয়াই দিয়ে। আকৌ তনুভৱনৰ সৃষ্টিৰ ফলত কাণমাদল বাহিৰলৈ ওলাই আহে। যাৰ ফলত কাণমাদলত কম্পনৰ সৃষ্টি হয়। এই কম্পন মধ্যকর্ণই অন্তঃকর্ণলৈ প্ৰেৰণ কৰে আৰু অন্তঃকৰ্ণৰ বায়ুচাপৰ পৰিবৰ্তনক কৰ্ণাবর্তই বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। এই বৈদ্যুতিক সংকেতবোৰ শ্ৰৱণ স্নায়ুৰ জৰিয়তে মাগজু পায়গৈ আৰু শব্দ শুনিবলৈ পোৱা যায়।

অতিৰিক্ত প্রশ্নোত্তৰ

1. শব্দ কাক বোলে?

উত্তৰঃ যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়, তাকে শব্দ বোলে।

2. কম্পন কি? মানুহৰ মাতৰ শব্দ কিহৰ কম্পনৰ ফলত সৃষ্টি হয়?

উত্তৰঃ কম্পন হ’ল কোনো বস্তুৰ দ্রুতভাবে অগা-পিছা হৈ থকা এবিধ গতি।

মানুহৰ মাতৰ শব্দ সুৰতন্ত্ৰীৰ কম্পনৰ ফলত সৃষ্টি হয়।

3. তৰংগ কাক বোলে?

উত্তৰঃ শব্দ সঞ্চালিত হওঁতে মাধ্যমৰ মাজত এটা গতিশীল আন্দোলনৰ সৃষ্টি হয়। এনে গতিশীল আন্দোলনক তৰংগ বোলে।

4. শব্দ তৰংগৰ চাৰিত্রিক বৈশিষ্ট্য কেইটা লিখা।

উত্তৰঃ শব্দ তৰংগৰ চৰিত্ৰিক বৈশিষ্ট্য কেইটা হ’ল- কম্পনাংক, বিস্তাৰ আৰু দ্রুতি।

5. তনুভৱন কাক বোলে?

উত্তৰঃ যেতিয়া স্পন্দনশীল বস্তু এটা পিছফাললৈ উভতি আহে তেতিয়া ই নিম্নচাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে। যাক তনূভবন বুলি কোৱা হয়।

6. শীর্ষ আৰু খাদ কি?

উত্তৰঃ তৰংগৰ সর্ব্বোচ্চ উচ্চতাক শীর্ষ আৰু সর্বনিম্ন ভৈয়ামক খাদ বোলে।

7. তৰংগদৈর্ঘ্য কাক বোলে? ইয়াক কি আখৰেৰে বুজোৱা হয়? ইয়াৰ একক কি?

উত্তৰঃ দুটা অনুক্রমিক তনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈর্ঘ্য বোলে। ইয়াক (লামডা) আখৰেৰে বুজোৱা হয়। ইয়াৰ একক হ’ল মিটাৰ।

৪. কম্পনাংকৰ একক কি?

উত্তৰঃ হার্টজ (Hz)|

9. পর্যায়কাল কাক বোলে? ইয়াৰ একক কি?

উত্তৰঃ দুটা অনুক্রমিক সংকোচন বা তনুভবনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে। ইয়াৰ একক হ’ল ছেকেণ্ড (s)।

10. তীক্ষ্ণতা কাক বোলে?

উত্তৰঃ আমাৰ মগজুৱে কোনো শব্দৰ কম্পনাংক যিদৰে বিশ্লেষণ কৰে তাকেই তীক্ষ্ণতা বোলে।

11. তৰংগৰ বিস্তাৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলনৰ সৰ্ব্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে।

12. শব্দ এটাৰ তীব্রতা বা কোমলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ বিস্তাৰৰ ওপৰত।

13. শব্দ তৰংগৰ বিস্তাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ কি মানৰ বল প্রয়োক কৰি বস্তু এটা কম্পিত কৰা হৈছে তাৰ ওপৰত।

14. শব্দৰ গুণ বা ধ্বনিবৈশিষ্ট্য কি?

উত্তৰঃ শব্দৰ গুণ বা ধ্বনিবৈশিষ্ট্য হ’ল যিয়ে একে তীক্ষ্ণতা আৰু তীব্ৰতাৰ দুটা শব্দৰ মাজৰ পার্থক্য অনুভূত কৰোৱায়।

15. অনুদৈর্ঘ্য আৰু অনুপ্রস্থ তৰংগ কি?

উত্তৰঃ অনুদৈর্ঘ্য তৰংগঃ মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলনৰ সময়ত অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয়। এই কণাবোৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত নহয়। ইহঁতে নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে অগা-পিছা কৰি ঘুৰি থাকে।

অনুপ্রস্থ তৰংগঃ অনুপ্রস্থ তৰংগত মাধ্যমৰ কণাবোৰে তৰংগৰ সঞ্চালনৰ দিশত দোলন নকৰে। বৰঞ্চ, কণাবোৰে নিজ নিজ সাম্য অৱস্থানৰ সাপেক্ষে গতিৰ লম্বভাবে দুলি থাকে।

16. শব্দ তৰংগৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ (i) শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্রয়োজন।

(ii) শব্দই শ্ৰৱণৰ অনুভূতি জগায়।

(iii) শব্দ সঞ্চালিত হওঁতে মাধ্যমৰ কণাবোৰে কম্পনপ্রাপ্ত হয়।

(iv) শব্দই মাধ্যমত কণাবোৰৰ মাজত সংকোচন আৰু তনুভৱনৰ সৃষ্টি কৰে।

17. কম্পনাংক কাক বোলে? ইয়াৰ একক কি?

উত্তৰঃ প্রতি একক সময়ত সম্পূর্ণ হোৱা দোলনৰ সংখ্যাক তৰংগৰ কম্পনাংক বোলে। ইয়াৰ একক হ’ল- হার্টজ (Hz)।

18. শব্দৰ দ্রুতি কি? শব্দৰ দ্রুতি (v), তৰংগ দৈর্ঘ্য (λ) আৰু পর্যায়কালৰ (T) মাজৰ সম্পৰ্ক কি?

শব্দৰ দ্রুতি কি শব্দৰ দ্রুতি (v), তৰংগ দৈর্ঘ্য (λ) আৰু পর্যায়কালৰ (T) মাজৰ সম্পৰ্ক কি

19. প্রতিধ্বনি কাক বোল?

উত্তৰঃ উৎস এটাৰ পৰা শব্দ তৰংগ মাধ্যমৰ মাজেৰে কোনো এটা প্রতিফলকত পৰি উভতি আহিলে উৎসই সৃষ্টি কৰা শব্দৰ সু-স্পষ্ট আৰু পৃথক আন এটা শব্দ শুনিবলৈ পোৱা যায়। এই পৃথক শব্দটোক প্রতিধ্বনি বোলে।

20. আমাৰ মগজুত শব্দ কিমান সময়লৈ স্থায়ী হয়?

উত্তৰঃ 0.1 s সময়।

21. প্রতিধ্বনি সৃষ্টি কৰিবলৈ উৎস আৰু প্রতিবন্ধকৰ মাজৰ ন্যূনতম দূৰত্ব কিমান?

উত্তৰঃ 17.2 মিটাৰ।

22. শব্দৰ পুনঃ পুনঃ প্রতিফলনৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ শব্দৰ পুনঃ পুনঃ প্রতিফলনৰ দুটা ব্যৱহাৰ হ’ল-

(i) ধ্বনিবর্ধক বা মেগাফ’ন, হর্ন, চেহনাই আদিয়ে শব্দৰ পুনঃ পুনঃ প্রতিফলন ঘটায়, যাতে শব্দ তৰংগবোৰ শ্ৰোতাৰ দিশত সঞ্চালিত হয়।

(ii) শব্দৰ পুনঃ পুনঃ প্রতিফলনৰ দ্বাৰা হৃদপিণ্ড আৰু হাওঁফাওঁত উৎপন্ন হোৱা শব্দ ষ্টেথ’স্কপৰ সহায় চিকিৎসকে শুনিবলৈ পায়।

23. অতিশব্দ আৰু অৱশব্দ কি?

উত্তৰঃ 20,000Hz বা 20 kHz তকৈ বেছি কম্পনাংকৰ শব্দক অতিশব্দ বোলে।

20 Hz তকৈ কম কম্পনাংকৰ শব্দক অরশব্দ বোলে।

24. মানুহৰ শ্রাব্য সীমাৰ পৰিসৰ কিমান?

উত্তৰঃ 20 Hz ৰ পৰা 20,000Hz বা 20 kHz লৈ।

25. অতিশব্দৰ কেইটামান ব্যৱহাৰ লিখা।

উত্তৰঃ অতিশব্দৰ কেইটামান ব্যৱহাৰ হ’ল-

(i) ধাতুৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়।

(ii) হৃদপিণ্ডৰ বিভিন্ন অংশৰ প্ৰতিবিম্ব সৃষ্টি কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়।

(iii) সাগৰৰ গভীৰতা জুখিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়।

(iv) বৃক্কত গঠন হোৱা সৰু সৰু পাঁথৰ ভাঙি গুৰি কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment