Join WhatsApp

Join Now

Join Telegram

Join Now

নৱম শ্ৰেণীৰ Class 9 Science Chapter 11 কাৰ্য আৰু শক্তি 2026

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যমৰ SEBA Class 9 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত Class 9 Science Chapter 11 কাৰ্য আৰু শক্তি, Notes বা সহায়ক বিচাৰি আছে? হয়। চিন্তাৰ কোনো কাৰণ নাই, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণী সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

👉 Read Also:

নৱম শ্ৰেণীৰ Class 9 Science Chapter 11 কাৰ্য আৰু শক্তি

অধ্যায় – 11

কাৰ্য আৰু শক্তি

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(1)

1. বস্তু এটাৰ ওপৰত 7N বল প্রয়োগ হৈছে। ধৰা, বলৰ দিশত বস্তুটোৰ সৰণ 8 m। (চিত্র 11.3) সৰণৰ সমুদায় কালছোৱাত বলটো বস্তুৰ ওপৰত ক্রিয়াশীল হৈ আছিল বুলি ধৰি লওঁ। ইয়াত সম্পন্ন হোৱা কাৰ্য কিমান?

উত্তৰঃ ইয়াত,

বস্তু এটাৰ ওপৰত 7N বল প্রয়োগ হৈছে। ধৰা, বলৰ দিশত বস্তুটোৰ সৰণ 8 m।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(2)

1. কেতিয়া আমি কার্য হোৱা বুলি কওঁ?

উত্তৰঃ বল প্রয়োগ কৰি কোনো এটা বস্তুৰ সৰণ ঘটালে আমি কাৰ্য হোৱা বুলি কওঁ।

2. বস্তু এটাৰ সৰণৰ দিশত প্রয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাশি লিখা।

উত্তৰঃ বস্তু এটাৰ সৰণৰ দিশত বল প্রয়োগ কৰিলে সম্পাদিত হোৱা কাৰ্যৰ প্ৰকাশ ৰাশিটো হ’ল-কাৰ্য = বল × সৰণ

3. 1 J কাৰ্যৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো এটা বস্তুক IN বল প্রয়োগ কৰি বস্তুটোক 1 m সৰণ ঘটালে বস্তুটোৰ ওপৰত সম্পন্ন কৰা কাৰ্যৰ পৰিমাণক 1J বোলে।

4. এহাল বলদে নাঙলত IN বল প্রয়োগ কৰে। হালবোৱা পথাৰখন 15 mদীঘল। পথাৰত হাল বাওঁতে কিমান কাৰ্য কৰা হ’ল উলিওৱা।

উত্তৰঃ ইয়াত,

1এহাল বলদে নাঙলত IN বল প্রয়োগ কৰে। হালবোৱা পথাৰখন 15 mদীঘল।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(3)

1. বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা?

উত্তৰঃ গতিশক্তি হ’ল কোনো বস্তুৱে গতিৰ বাবে লাভ কৰা শক্তি।

2. বস্তু এটাৰ গতিশক্তিৰ প্ৰকাশ বাশি লিখা।

উত্তৰঃ কোনো এটা গতিশীল বস্তুৰ ভৰ আৰু বেগ হ’লে, গতিশক্তিৰ প্ৰকাশ ৰাশি হ’ল-1 Em

3. 5 ms-¹ বেগেৰে গতিশীল ভৰৰ বস্তু এটাৰ গতিশক্তি 25J। ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হ’ব? বেগ তিনি গুণলৈ বৃদ্ধি কৰিলে গতিশক্তি কিমান হ’ব?

উত্তৰঃ ইয়াত,

5 ms-¹ বেগেৰে গতিশীল ভৰৰ বস্তু এটাৰ গতিশক্তি 25J

ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হ'ব বেগ তিনি গুণলৈ বৃদ্ধি কৰিলে গতিশক্তি কিমান হ'ব

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(4)

1. ক্ষমতা কাক বোলে?

উত্তৰঃ কাৰ্য কৰাৰ হাৰ বা শক্তি ৰূপান্তৰৰ হাৰকে ক্ষমতা বোলে।

2. 1 বাট ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ প্রতি ছেকেণ্ডত IJ হাৰত কাৰ্য কৰিলে যিমান ক্ষমতা প্রয়োগ হয়, তাক বাট ক্ষমতা বোলে।

 

3. বাল্ব এটাই 10 sত 100 J বৈদ্যুতিক শক্তি ব্যয় কৰে। ইয়াৰ ক্ষমতা কিমান?

উত্তৰঃ ইয়াত,

বাল্ব এটাই 10 sত 100 J বৈদ্যুতিক শক্তি ব্যয় কৰে। ইয়াৰ ক্ষমতা কিমান

4. গড় ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ সঁজুলি এটাৰ ব্যয় হোৱা মুঠ শক্তি আৰু অতিবাহিত মুঠ সময়ৰ হৰণফলক গড় ক্ষমতা বোলে।

অনুশীলনীৰ প্রশ্নোত্তৰ

1. তলত দিয়া তালিকাৰ কাৰ্যকলাপ বোৰলৈ মন কৰা। কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ ব্যুৎপত্তিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্রদর্শন কৰা।

(ক) সোমাই পুখুৰীত সাঁতুৰি আছে।

(খ) গাধ এটাই বোজা কঢ়িয়াই আছে।

(গ) বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে।

(ঘ) সেউজীয়া গছ এডালে সালোকসংশ্লেষণ প্রক্রিয়া চলাই আছে।

(ঙ) ইঞ্জিন এটাই ট্রেইনখন টানি আছে।

(চ) সূৰ্যৰ তাপত শস্য শুকাই আছে।

(ছ) বায়ু শক্তিৰে পালনাও এখন গৈ আছে।

উত্তৰঃ (ক) পুখুৰীত সঁতোৰোতে স্থানৰ সলনি হয়। অর্থাৎ, সৰণ হয়। গতিকে, এই ক্ষেত্রত কার্য সম্পন্ন হৈছে।

(খ) গাধ এটাই বোজা কঢ়িয়াওতে শাৰীৰীক শক্তি ব্যৱহাৰ কৰিছে আৰু সৰণ ঘটিছে। গতিকে, এই ক্ষেত্রত কার্য সম্পন্ন হৈছে।

(গ) বায়ুকলে পানী তুলাৰ বাবে শক্তি ব্যৱহাৰ কৰিছে। কিন্তু বায়ুকলটোৰ সৰণ হোৱা নাই। গতিকে, এই ক্ষেত্রত কার্য সম্পন্ন হোৱা নাই।

(ঘ) সেউজীয়া গছ এডালে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰে। কিন্তু গছটোৰ কোনো ধৰণৰ সৰণ নহয়। গতিকে, এই ক্ষেত্রত কার্য সম্পন্ন হোৱা নাই।

(ঙ) ইঞ্জিন এটাই ট্রেইনখন টানি নিওঁতে শক্তিৰ লগতে গাড়ীখনৰ স্থানৰ সলনি কৰে। গতিকে, এই ক্ষেত্রত কার্য সম্পাদন হৈছে।

(চ) সূৰ্যৰ তাপত শস্য শুকোৱা প্ৰক্ৰিয়া সূৰ্যৰ তাপ শক্তি ব্যৱহাৰ হৈছে কিন্তু সৰণ ঘটা নাই। গতিকে, এই ক্ষেত্রত কার্য সম্পাদন হোৱা নাই।

(ছ) বায়ু শক্তিৰে পালনাও চলা কার্যত বায়ু শক্তি ব্যৱহাৰ কৰি নাওখন গতি কৰিছে আৰু সৰণ ঘটিছে।
গতিকে, এই ক্ষেত্রত কার্য সম্পাদন হৈছে।

2. ভূমিৰ লগত কোনো কোণত প্রক্ষেপ কৰা বস্তু এটাই বক্র পথেৰে গতি কৰি পুনৰায় ভূমিলৈ উভতি আহিল। বস্তুটোৰ যাত্ৰা পথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমিক ৰেখাত অবস্থিত। মাধ্যাকর্ষণ বলে বস্তুটোৰ ওপৰত কিমান কার্য কৰিলে?

উত্তৰঃ যিহেতু বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একেডাল অনুভূমিক ৰেখাত অৱস্থিত। গতিকে, মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কার্য শূণ্য হ’ব।

3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বৰ্ণনা দিয়া।

উত্তৰঃ বেটেৰী এটাত বৈদ্যুতিক শক্তি সঞ্চিত হৈ থাকে। বাল্ব এটা জ্বলোৱাৰ সময়ত বৈদ্যুতিক শক্তি বৈদ্যুতিক গতিশক্তিলৈ ৰূপান্তৰ হয় আৰু বাল্বটো জ্বলোৱাত সহায় কৰে। বাল্বটোত বৈদ্যুতিক শক্তি ব্যৱহৃত হৈ পোহৰ আৰু তাপ শক্তিলৈ ৰূপান্তৰ হয়।

4. 20 kg ভৰৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5 ms-¹ 4 2 ms-¹ পৰা লৈ পৰিবৰ্তন কৰিলে। বলটোৱে সম্পাদন কৰা কাৰ্য নিৰ্ণয় কৰা।

উত্তৰঃ ইয়াত,

20 kg ভৰৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5 ms-¹ 4 2 ms-¹ পৰা লৈ পৰিবৰ্তন কৰিলে

বলটোৱে সম্পাদন কৰা কাৰ্য নিৰ্ণয় কৰা।

5. 10 kg ভৰৰ বস্তু এটা টেবুল এখনৰ A বিন্দুত অবস্থিত আছিল। ইয়াক B বিন্দুলৈ স্থানান্তৰিত কৰা হ’ল। যদি A আৰু B ক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ’ব? তোমাৰ উত্তৰ ব্যাখ্যা কৰা।

উত্তৰঃ 10 kg ভৰৰ বস্তু এটা A বিন্দুৰ পৰা B বিন্দুলৈ স্থানান্তৰ কৰিলে আৰু A আৰু B একেটা সমতলত থাকিলে মাধ্যকর্ষণিক বলে কৰা কাৰ্য শূণ্য হ’ব।

6. মুক্তভবে অধোগামী বস্তুৰ স্থিতিশক্তি ক্রমান্বয়ে হ্রাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভঙ্গ কৰেনে? কিয়?

উত্তৰঃ বস্তুটোৱে শক্তিৰ সংৰক্ষণ সূত্ৰৰ নীতি ভংগ নকৰে। কাৰণ, স্থিতিশীল অৱস্থাত থকা বস্তু এটাই মুক্তভারে অধোগামী হ’লে স্থিতিশক্তি হ্রাস পায় আৰু একে পৰিমাণৰ গতিশক্তি বৃদ্ধি পায়। ফলত স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰিত হয়।

7. তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি?

উত্তৰঃ চাইকেল চলোৱা সময়ত প্রথমে আমাৰ শাৰিৰীক শক্তি গতিশক্তিলৈ ৰূপান্তৰিত হয় আৰু পিছত চাইকেলৰ টায়াৰ আৰু ৰাস্তাৰ মাজত ঘৰ্ষণৰ ফলত কিছু পৰিমাণৰ তাপ শক্তিও উৎপন্ন হয়।

৪. তুমি প্রকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্রচেষ্টা চলাই বিফল হ’লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে। তুমি ব্যয় কৰা শক্তি ক’লৈ গ’ল?

উত্তৰঃ প্রকাণ্ড শিল এটা আমি সর্বশক্তিৰে ঠেলিলে শিলটো লৰচৰ নকৰিলেও শক্তিৰ পৰিবৰ্তন হয়। এই ক্ষেত্রত প্রয়োগ কৰা শক্তি শিল টুকুৰালৈ স্থিতিশক্তিৰূপে পৰিবৰ্তিত হয়।

9. কোনো এটা ঘৰত এমাহত মুঠ 250 ‘ইউনিট’ শক্তি ব্যয় হয়। এই শক্তি জুল এককত কিমান হ’ব?

উত্তৰঃ ইয়াত,

কোনো এটা ঘৰত এমাহত মুঠ 250 'ইউনিট' শক্তি ব্যয় হয়। এই শক্তি জুল এককত কিমান হ'ব

10. 40 kg ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 m ওপৰলৈ উঠোৱা হ’ল। ইয়াৰ স্থিতিশক্তি কিমান হ’ব? যদি বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্ব অতিক্ৰম কৰাৰ মূহুৰ্তত তাৰ গতিশক্তি উলিওৱা।

উত্তৰঃ ইয়াত,

40 kg ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 m ওপৰলৈ উঠোৱা হ'ল

11. পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাত মাধ্যাকর্ষণিক বলে কিমান কার্য সম্পন্ন কৰে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।

উত্তৰঃ পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাৰ মাধ্যাকর্ষণিক বলে কৰা কাৰ্য শূণ্য হ’ব। কাৰণ, পৃথিৱীৰ কেন্দ্ৰৰ পৰা এটা নির্দিষ্ট উচ্চতালৈ মাধ্যাকর্ষণিক বলে ক্রিয়া কৰে। উপগ্ৰহবোৰ মাধ্যাকর্ষণিক বলৰ ক্ষেত্ৰৰ বাহিৰত অৱস্থান কৰে। য’ত মাথো মহাকর্ষণিক বলেহে ক্ৰিয়া কৰিব পাৰে।

12. বস্তুৰ ওপৰত বল প্রয়োগ নোহোৱাকৈ তাৰ সৰণ হ’ব পাৰনে? চিন্তা কৰা। তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধৱ আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।

উত্তৰঃ কোনো বস্তুৰ ওপৰত বল প্রয়োগ নকৰালৈকে বস্তুটোৰ সৰণ নঘটে। কাৰণ, বস্তু এটাৰ সৰণ হ’বলৈ হ’লে তাৰ স্থানৰ সলনি হ’ব লাগে যিটো বল প্রয়োগৰ অবিহনে সম্ভৱ নহয়। কিন্তু মাধ্যাকর্ষণিক বলৰ পৰিসৰৰ বাহিৰত থকা বস্তুৰ সৰণ হ’ব পাৰে। এই ক্ষেত্রত মহাকর্ষণিক বলে ক্রিয়া কৰে।

13. মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধাঘণ্টা ৰৈ থাকি ভাগৰ অনুভৱ কৰিলে। তেওঁ কিবা কাৰ্য কৰিলেনে? তোমাৰ উত্তৰ যুক্তিৰে প্রতিপন্ন কৰা।

উত্তৰঃ মানুহজনে কোনো ধৰণৰ কাৰ্য কৰা নাই। কাৰণ, কাৰ্য সম্পাদন হ’বলৈ হ’লে সৰণ হোৱাটো একান্ত প্রয়োজন। কিন্তু এই ক্ষেত্রত মানুহজনৰ শক্তি খৰচ হৈছে কিন্তু সৰণ হোৱা নাই। গতিকে, তেওঁ কোনো ধৰণৰ কাৰ্য কৰা নাই।

14. এটা বৈদ্যুতিক ইস্ত্ৰিৰ ক্ষমতা 1500 বাট। 10 ঘণ্টাত ই কিমান শক্তি ব্যয় কৰিব?

উত্তৰঃ ইয়াত,

এটা বৈদ্যুতিক ইস্ত্ৰিৰ ক্ষমতা 1500 বাট। 10 ঘণ্টাত ই কিমান শক্তি ব্যয় কৰিব

15. দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনাৰ যোগেদি শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ ব্যাখ্যা কৰা। পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থাপ্রাপ্ত কিয় হয়? অৱশেষত ইয়াৰ শক্তিখিনিৰ কি হয়? ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভঙ্গ কৰে নেকি?

উত্তৰঃ দোলক এটা এফালে টানি নি এৰি দি দুলিবলৈ দিলে শক্তিৰ ৰূপান্তৰ হয়। দোলক পিগুটো প্রথম অৱস্থাত স্থিতিশক্তি আৰু এৰি দিয়াৰ পিছত গতিশক্তিলৈ ৰূপান্তৰিত হয়। এই ঘটনাটো কেইবাবাৰো হোৱাৰ পিছত বায়ুৰ লগত হোৱা ঘৰ্ষণৰ ফলত দোলক পিণ্ডটো স্থিতিশীল অৱস্থাপ্রপ্ত হ’ব। গতিকে, এই ক্ষেত্রত স্থিতিশক্তি গতিশক্তিলৈ আৰু গতিশক্তি স্থিতিশক্তিলৈ ৰূপান্তৰিত হয়। যিয়ে শক্তিৰ সংৰক্ষণ সূত্ৰটো মানি চলে।

16. m ভৰৰ বস্তু এটাই স্থিৰ বেগ বে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিমান কাৰ্য কৰিব লাগিব?

উত্তৰঃ m ভৰৰ বস্তু এটাই স্থিৰ বেগ ৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কৰিব লগা কার্য হ’ল-

m ভৰৰ বস্তু এটাই স্থিৰ বেগ বে গতি কৰি আছে।

17. 60 kmh-¹ বেগেৰে গৈ থকা 1500 kg ভৰৰ গাড়ী এখন ৰখাবলৈ কিমান কাৰ্য কৰিব লাগিব উলিওৱা।

উত্তৰঃ ইয়াত,

60 kmh-¹ বেগেৰে গৈ থকা 1500 kg ভৰৰ গাড়ী এখন ৰখাবলৈ কিমান কাৰ্য কৰিব লাগিব উলিওৱা

18. তলৰ প্ৰতিটোতেm ভৰৰ বস্তু এটাত F বল প্রয়োগ কৰা হৈছে। দীঘল কাঁড়েৰে ইয়াৰ সৰণৰ দিশ পশ্চিমৰ পৰা পূৱলৈ বুলি দেখুওৱা হৈছে। চিত্ৰবোৰ ভালদৰে মন কৰা আৰু বলে সম্পাদন কৰা কাৰ্য ঋণাত্মক, ধনাত্মক নে শূণ্য ঠাৱৰ কৰা।

তলৰ প্ৰতিটোতেm ভৰৰ বস্তু এটাত F বল প্রয়োগ কৰা হৈছে

উত্তৰঃ (i) প্রথম ক্ষেত্রত কার্য শূণ্য হ’ব।

(ii) দ্বিতীয় ক্ষেত্রত কার্য ধণাত্মক হ’ব।

(iii) তৃতীয় ক্ষেত্রত কার্য ঋনাত্মক হ’ব।

19. চনীয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্রিয়াশীল হৈ থকা অৱস্থাতো তাৰ ত্বৰণ শূণ্য হ’ব পাৰে। তাইৰ সৈতে তুমি সহমতনে? কিয়?

উত্তৰঃ চনীৰ উক্তিটো সত্য। কাৰণ, এটা বস্তুৰ ওপৰত সকলোফালৰ পৰা একে পৰিমাণৰ বল প্রয়োগ কৰিলে তাৰ ত্বৰণ শূণ্য হ’ব। এই ক্ষেত্ৰত বস্তুটোৰ কোনো ধৰণৰ সৰণ নহয়।

20. চাৰিটা সঁজুলিৰ প্রতিটোৰ ক্ষমতা 500 W হ’লে আৰু সঁজুলি কেইটা 10 ঘণ্টা সময়ৰ বাবে চলি থাকিলে ব্যয় হোৱা শক্তি এককত প্রকাশ উলিওৱা।

উত্তৰঃ ইয়াত,

চাৰিটা সঁজুলিৰ প্রতিটোৰ ক্ষমতা 500 W হ'লে আৰু সঁজুলি কেইটা 10 ঘণ্টা

21. মুক্তভাবে অধোগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়। ইহঁতৰ গতিশক্তিৰ কি দশা হ’ব?

উত্তৰঃ এই ক্ষেত্ৰত গতিশক্তি স্থিতিশক্তিলৈ ৰূপান্তৰিত হ’ব।

অতিৰিক্ত প্রশ্নোত্তৰ

1. কাৰ্য সম্পাদন কৰিবলৈ পূৰণ হ’বলগীয়া চর্ত দুটা কি কি?

উত্তৰঃ কার্য সম্পাদন হ’বলৈ পূৰণ হ’বলগীয়া চর্ত দুটা হ’ল-

(i) বস্তু এটাত বল প্রয়োগ কৰিব লাগিব,

(ii) বস্তুটোৰ সৰণ হ’ব লাগিব।

2. কাৰ্য স্কেলাৰ নে ভেক্টৰ ৰাশি? ইয়াৰ একক কি?

উত্তৰঃ কাৰ্য এবিধ স্কেলাৰ ৰাশি। কাৰ্যৰ একক হ’ল-জুল (J)

3. স্থিতিশক্তি কাক বোলে?

উত্তৰঃ কোনো বস্তুৱে তাৰ অৱস্থান বিন্যাসৰ বাবে আহৰণ কৰা শক্তিক স্থিতিশক্তি বোলে।

4. মাধ্যাকর্ষণিক বলে কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ মাধ্যাকর্ষণিক বল বস্তুটোৰ উলম্ব উচ্চতাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।

5. m ভৰৰ বস্তু এটাই ভূমিৰ পৰা h উচ্চতালৈ মাধ্যাকৰ্ষণিকৰ বিপৰীতে কৰা কাৰ্যৰ প্রকাশ ৰাশি কি হ’ব?

উত্তৰঃ m ভৰৰ বস্তু এটাই ভূমিৰ পৰা h উচ্চতালৈ মাধ্যাকৰ্ষণিকৰ বিপৰীতে কৰা কাৰ্যৰ প্রকাশ ৰাশি হ’ব-

m ভৰৰ বস্তু এটাই ভূমিৰ পৰা h উচ্চতালৈ মাধ্যাকৰ্ষণিকৰ বিপৰীতে কৰা কাৰ্যৰ প্রকাশ ৰাশি কি হ'ব

6. শক্তিৰ সংৰক্ষণ সূত্রটো লিখা।

উত্তৰঃ শক্তিৰ এটা প্ৰকাৰৰ পৰা আন এটা প্ৰকাৰলৈ ৰূপান্তৰহে কৰিব পাৰি; ইয়াৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে।

7. 20 kg ভৰৰ বস্তু এটাই 5 ms সুষম বেগেৰে গতি কৰিছে। বস্তুটোবে লাভ কৰা গতিশক্তি কিমান?

উত্তৰঃ ইয়াত,

20 kg ভৰৰ বস্তু এটাই 5 ms সুষম বেগেৰে গতি কৰিছে। বস্তুটোবে লাভ কৰা গতিশক্তি কিমান

8. 1 kW ক্ষমতাক জুল এককত প্রকাশ কৰা।

উত্তৰঃ 1 কিলোৱাট = 1000 বাট

kW ক্ষমতাক জুল এককত প্রকাশ কৰা

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment