Class 9 Science Chapter 10 মহাকৰ্ষণ প্রশ্ন উত্তৰ
অধ্যায় – 10
মহাকর্ষণ
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(1)
1. মহাকৰ্ষণৰ বিশ্বজনীন সূত্রটো লিখা।
উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্রতিটো বস্তুক আকৰ্ষণ কৰে, এই আকর্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ বৰ্গৰ ব্যস্তানুপাতিক। এই বল, বস্তু দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাৰ দিশত ক্রিয়াশীল হয়। অর্থাৎ,
![]()
উত্তৰঃ ধৰাহ’ল, -F বলে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰিছে। গতিকে, পৃথিৱীৰ ভৰ হ’ব M আৰু বস্তুটোৰ ভৰ হ’ব m। এতেকে পৃথিৱী আৰু বস্তুটোৰ মাজৰ দূৰত্ব উলিওৱা সূত্রটো হ’ব-
পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
(2)
1. মুক্ত অধোগমন মানে কি বুজা?
উত্তৰঃ পৃথিৱীয়ে যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ পিনে আষৰ্ষণ কৰে। ইয়াৰ কাৰণ হ’ল মাধ্যাকর্ষণিক বল। বস্তু এটাই এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে সেই গতিক মুক্ত অধোগমন বোলে।
2. মাধ্যাকর্ষণিক ত্বৰণ মানে কি বুজা?
উত্তৰঃ বস্তু এটা মাধ্যাৰ্ষণিক বলৰ বাবে তললৈ পৰিলে তাৰ লগত জড়িত ত্বৰণক মাধ্যাকর্ষণিক ত্বৰণ বোলে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(3)
1. বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পার্থক্যসমূহ কি কি?
উত্তৰঃ

উত্তৰঃ বস্তু এটাৰ ভৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ লগত সম্পর্কিত। বস্তু এটাৰ ভৰ যিমানে বৃদ্ধি হয় মাধ্যাকর্ষণিক বলে সিমান বেছি আকৰ্ষণ কৰে।
গতিকে, পৃথিৱীৰ তুলনাত চন্দ্ৰটোৰ আকাৰ সৰু। মাধ্যাকর্ষণিক ত্বৰণে সদায় বস্তুটোৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয়। কাৰণ, চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰৰ 1/6 অংশ।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(4)
1. মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়?
উত্তৰঃ মিহি মজবুত ৰছিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয়, কাৰণ ৰচিয়ে বাহুৰ ওপৰত প্ৰয়োগ কৰা চাপ। বস্তু এটাই আন এটা বস্তু ওপৰত প্ৰতি একক ক্ষেত্ৰফলৰ ওপৰত চাপ প্রয়োগ কৰে। একেদৰে, ৰচিৰ ফিটা এডালে বাহুৰ ওপৰত কম ক্ষেত্ৰফলৰ ওপৰত চাপ প্রয়োগ কৰে, যিটো চাপ বাহুটোৰ সাপেক্ষে বহুত বেছি। ফলত ইয়াক কান্ধত লৈ ফুৰাত অসুবিধা হয়।
2. প্লাবিতা মানে কি বুজা?
উত্তৰঃ বস্তু এটাক পানীত ডুবালে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা উর্ধমূখী বলটোক প্লাবিতা বোলে।
3. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই ওপঙা বা ডুবাৰ কাৰণ কি?
উত্তৰঃ বস্তু এটা ডুবা বা উপঙা বস্তুটোৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। বস্তু এটাৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছিহ’ল ইয়াৰ ওপৰত পানীয়ে প্ৰয়োগ কৰা উর্ধ্বমূখী হেঁচা বস্তুটোৰ ওজনতকৈ কম হয়। ফলত বস্তুটো পানীত ডুবি যায়। আনহাতে, বস্তু এটাৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হ’লে বস্তুটোৰ ওপৰত পানীয়ে প্ৰয়োগ কৰা উর্ধমুখী হেঁচা বস্তুটোৰ ঘনত্বতকৈ বেছি হয়। ফলত বস্তুটো পানীত ওপঙি থাকে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(5)
1. ওজন জোখা যন্ত্ৰৰ পাঠ অনুসৰি তোমাৰ ভৰ 42kg। তোমাৰ ভৰ 42kg তকৈ কম নে বেছি?
উত্তৰঃ যেতিয়া আমাৰ শৰীৰটো জোখা হয় তেতিয়া আমি থিয় হোৱা যন্ত্রটোরে উর্ধমুখী হেঁচা প্রয়োগ কৰে। যাৰ মান আমাৰ আচল ওজনতকৈ কম হয়। গতিকে, যন্ত্ৰটোৰ পাঠতকৈ মোৰ ভৰ কম হ’ব।
2. তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্রত প্রত্যেকৰে ভৰ 100kg পোৱা গ’ল। বাস্তব ক্ষেত্রত এটা আনটোতকৈ গধূৰ। কোনটো বেছি গধূৰ আৰু সি কিয় বেছি গধূৰ ক’ব পাৰিবানে?
উত্তৰঃ কোনো এটা বস্তুৰ আচল ওজন বস্তুটোৰ জোখা ওজন আৰু প্লাৱিতা বলৰ যোগফলৰ সমান। কপাহৰ মোনাটোৰ ক্ষেত্ৰফল লোৰ দণ্ডডালতকৈ বেছি। গতিকে, কপাহৰ মোনাৰ ওপৰত প্ৰয়োগ কৰা প্লাৱিতা বল বেছি আৰু যাৰবাবে ইয়াৰ গধূৰতাও বেছি।
অনুশীলনীৰ প্রশ্নোত্তৰ
1. দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ’ব?
উত্তৰঃ দুটা বস্তুৰ মাজৰ দূৰত্ব পূৰ্বৰ তুলনাত আধা কৰিলে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকর্ষণ পূৰ্বৰ তুলনাত চাৰিগুণ বৃদ্ধি হ’ব।
2. মহাকর্ষণিক বলে বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিক ভাবে ক্রিয়া কৰে। তেন্তে গধূৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয়?
উত্তৰঃ কোনো বস্তু এটা তললৈ অধোগমন হওঁতে এটা ত্বৰণ অনুভৱ কৰে যিয়ে বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে। সেইবাবে গধূৰ বা পাতল বস্তু একে হাৰতে অধোগমন হ’ব। বস্তুৰ ওপৰত মহাকর্ষণিক বলে তাৰ সমানুপাতিক হিচাপে ক্রিয়া কৰিলেও পাতল বস্তুৰ সাপেক্ষে গধূৰ বস্তু খৰকৈ নপৰে।
3. পৃথিবী আৰু ইয়াৰ পৃষ্ঠত থকা 1kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান কিমান? (পৃথিবীৰ ভৰ 6×10²⁴24 kg আৰু পৃথিবীৰ ব্যাসার্ধ 6.4 ×10⁶m)
উত্তৰঃ ইয়াত,
4. মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত হয়। চন্দ্রই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্রয়োগ কৰা আকর্ষণি বল সমান নে কম নে বেছি? কিয়?
উত্তৰঃ আমি জানো যে, এটা নির্দিষ্ট বলে সৃষ্টি কৰা ত্বৰণ বস্তুৰ ভৰৰ ব্যস্তানুপাতিক। পৃথিৱীৰ তুলনাত চন্দ্ৰৰ ভৰ কম হোৱা বাবে পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকর্ষণী বল বেছি হ’ব।
5. চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাবমান নহয় কিয়?
উত্তৰঃ চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰৰ তুলনাত কম। গতিকে, পৃথিৱীৰ আকৰ্ষণী বলৰ তুলনাত চন্দ্ৰৰ আকর্ষণী বলো কম হ’ব। সেইবাবে চন্দ্রই পৃথিবীক আকৰ্ষণ কৰা স্বত্তেও ই চন্দ্ৰৰ পিনে ধাৱমান হোৱা পৰিলক্ষিত নহয়।
6. দুটা বস্তুৰ মাজৰ বলৰ কি পৰিবৰ্তন হ’ব,যদি-
(i) এটা বস্তুৰ ভৰ দুগুণ কৰা হয়?
(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয়?
(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয়?
উত্তৰঃ (i) এটা বস্তুৰ ভৰ দুগুণ কৰিলে আকর্ষণী বল আগৰ তুলনাত দুগুণ হ্রাস হ’ব।
(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰিলে আকর্ষণী বল 1/4 গুণ হ’ব আৰু তিনিগুণ বৃদ্ধি কৰিলে আকর্ষণী বল 1/9 গুণ হ’ব।
(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰিলে আগৰ তুলনাত আকর্ষণী বল 4 গুণ হ’ব।
7. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান?
উত্তৰঃ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ’ল-
(i) আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বলৰ অধ্যয়ন।
(ii) পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ বিষয়ে অধ্যয়ন।
(iii) সূৰ্যৰ চাৰিওফালে গ্রহবোৰৰ গতি আৰু
(iv) চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্রপৃষ্ঠত উঠা জোৱাৰ আদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ মহাকৰ্ষনৰ বিশ্বজনীন সূত্ৰ ব্যৱহাৰ কৰা হয়।
৪. মুক্ত আধোগমনৰ ত্বৰণ কিমান?
উত্তৰঃ মুক্ত আধোগমনৰ ত্বৰণ হ’ল-9.8 ms-²
9. পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ?
উত্তৰঃ পৃথিৱী আৰু বস্তু এটাৰ মাজৰ আকৰ্ষণী বলক বস্তুটোৰ ওজন বুলি কোৱা হয়।
10. অমিতে তেওঁৰ বন্ধু এজনৰ পৰা মেৰু অঞ্চলত কেই গ্রামমান সোণ কিনিলে। বিষুব অঞ্চলত তেওঁৰ ভেটাভেটি হ’লত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণৰ ওজনটো মানি ল’বনে? যদি নলয়, তেন্তে কিয়? (ইংগিতঃ বিষুব অঞ্চলতকৈ মেৰু অঞ্চলত ৰ মান বেছি।)
উত্তৰঃ মানি নলয়। কাৰণ, বস্তু এটাৰ ওজন হ’ল বস্তুটোৰ ভৰ আৰু মাধ্যাকর্ষণিক বলৰ গুণফল। যিহেতু মেৰু অঞ্চলত ৪ ৰ মান বিষুব অঞ্চলতকৈ বেছি। গতিকে, মেৰু অঞ্চলতকৈ বিষুর অঞ্চলত সোণখিনিৰ ওজন হ্রাস হ’ব।
11. কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি?
উত্তৰঃ বস্তু এটাৰ অধোগমন বস্তুটোৰ ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে। বস্তু এটাৰ ক্ষেত্ৰফল বেছি হ’লে ই লাহে লাহে পৰে আৰু ক্ষেত্রফল কম হ’লে খৰতকীয়াভাৱে পৰে। কাগজ এখিলাৰ ক্ষেত্রফল, কাগজেৰে মোহাৰি বনোৱা বলৰ ক্ষেত্রফলতকৈ বেছি। সেইবাবে, কাগজখিলা লাহে লাহে পৰিব।
12. চন্দ্রপৃষ্ঠত মহাকৰ্ষণ বল ভূ-পৃষ্ঠৰ মহাকৰ্ষণিক বলৰ অংশ। 10kg ভৰৰ বস্তু এটাৰ চন্দ্ৰ পৃষ্ঠত নিউটন এককত ওজন কিমান হ’ব?
উত্তৰঃ ইয়াত,
13. বল এটা উলম্বভাবে ওপৰলৈ 49 m/s বেগেৰে দলিওৱা হ’ল।
(i) ই আৰোহন কৰা সর্বোচ্চ উচ্চতা আৰু
(ii) ভূ-পৃষ্ঠলৈ উভতি বলৈ প্রয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা।
উত্তৰঃ ইয়াত,

14. 19.6 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এৰি দিয়া হ’ল। মাটি স্পর্শ কৰাৰ আগমূহুৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ’ব উলিওৱা।
উত্তৰঃ ইয়াত,

উত্তৰঃ ইয়াত,


উত্তৰঃ ধৰাহ’ল,
18. উলম্বভাবে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ডৰ পিছত প্রক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল।
(ক) ইয়াৰ উর্ধমূখী প্রক্ষেপ বেগ
(খ) ই আৰোহণ কৰা সর্বোচ্চ উচ্চতা
(গ) 4 ছেকেণ্ড পিছত ইয়াৰ অৱস্থান নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল,
19. তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্রিয়া কৰে?
উত্তৰঃ তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে লম্বভাবে মাধ্যাকৰ্ষণৰ বিপৰীত দিশত ক্রিয়া কৰে।
20. পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে?
উত্তৰঃ প্লাষ্টিকৰ ওজনতকৈ পানীৰ প্লাৱিতাবলৰ মান বেছি হোৱা বাবে প্লাষ্টিকৰ টুকুৰা পানীৰ পৃষ্ঠলৈ ঘুৰি আহে।
21. 50 gm ভৰৰ বস্তু এটাৰ আয়তন 20 cm-³। যদি পানীৰ ঘনত্ব 1 gm cm-³ হয় তেন্তে বস্তুটো পানীত উপঙিব নে ডুবিব?
উত্তৰঃ ইয়াত,

উত্তৰঃ ইয়াত,
1. তলত দিয়াবোৰৰ সংজ্ঞা দিয়া।
ভব, ওজন, মহাকর্ষণ বল, অভিকেন্দ্রিক বল, হেঁচা, চাপ, প্লাবিতা।
উত্তৰঃ ভৰঃ কোনো বস্তুত থকা পদাৰ্থৰ পৰিমাণকে বস্তুটোৰ ভৰ বোলে।
ওজনঃ কোনো বস্তু যি বলেৰে পৃথিৱীৰ ফালে আকর্ষিত হয়, তাকে সেই বস্তুটোৰ ওজন বোলে।
মহাকর্ষণ বলঃ বিশ্বহ্মাণ্ডৰ সকলো বস্তুৱে ইটোক সিটোৱে আকর্ষণ কৰে। এই আকর্ষণ বলকে মহাকর্ষণ বল বোলে।
অভিকেন্দ্রিক বলঃ বৃত্তাকাৰ পথত ঘূৰি থকা বস্তুৰ প্ৰতিটো সময়ত বেগৰ পৰিবৰ্তন ঘটোৱা বলটোরে বস্তুটোক বৃত্তাকাৰ পথত ঘূৰাই ৰাখে আৰু ই কেন্দ্ৰৰ দিশত ক্রিয়াশীল। এই বলকে অভিকেন্দ্রিক বল বোলে।
হেঁচাঃ বস্তু এটাৰ পৃষ্ঠত লম্বভাবে ক্রিয়া কৰা বলকেই হেঁচা বোলে।
চাপঃ একক ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা হেঁচাকে চাপ বোলে।
প্লাবিতাঃ তৰলত ডুবাব বিচৰা সকলো বস্তুৰ ওপৰত তৰলে এটা উর্ধমুখী বল প্রয়োগ কৰে। এই উর্ধমুখী বলকে প্লারিতা বল বোলে।
2. তলত দিয়াবোৰৰ SI একক লিখা।
ভব, ওজন, চাপ, ঘনত্ব।
উত্তৰঃ ভৰৰ SI একক হ’ল- কিলোগ্রাম (kg) ওজনৰ SI একক হ’ল- নিউটন (N) চাপৰ SI একক হ’ল- পাস্কেল (Pa) বা Nm-² ঘনত্বৰ SI একক হ’ল- কিলোগ্রাম প্রতি ঘন মিটাৰ (kg m-³)
3. আর্কিমিডিছৰ সূত্ৰটো লিখা।
উত্তৰঃ বস্তু এটা তৰলত সম্পূর্ণ বা আংশিকভাবে ডুবালে ই ঊর্ধ্বমুখী বল এটা অনুভর কৰে। যাৰ মান বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।
4. আপেক্ষিক ঘনত্ব কাক বোলে?
উত্তৰঃ বস্তু এটাৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাতক বস্তুটোৰ আপেক্ষিক ঘনত্ব বোলে।
5. পানীৰ পৃষ্ঠত সংস্থাপিত লোৰ গজাল এটা ডুবে আৰু মুখ বন্ধ বটল এটা ওপঙে। কিয়?
উত্তৰঃ লোৰ গজাল এটা পানীত ডুবে।
পৃথিৱীৰ মহাকৰ্ষণ বলে ইয়াক তললৈ টানি থাকে। গজালৰ ওপৰত আকৌ পানীৰ ঊর্ধ্বমূখী বল এটাইও ক্রিয়া কৰে। কিন্তু গজালটোৰ ওপৰত ক্রিয়াশীল নিম্নমুখী বল, গজালটোৰ ওপৰত পানীৰ ঊর্ধ্বমুখী হেঁচাতকৈ বেছি। সেইবাবে গজালটো ডুবে।
আনহাতে, মুখ বন্ধ বটল এটা যেতিয়া পানীত ডুবাবলৈ চেষ্টা কৰা হয় তেতিয়া পানীয়েও বটলটোৰ ওপৰত ঊর্ধ্বমুখী বল এটা প্রয়োগ কৰে। বায়ুৰুদ্ধ বটলটোত প্রয়োগ হোৱা উর্ধমুখী বলটো বটলৰ ওজনতকৈ বেছি হয়। ফলত বটলটো ওপঙি উঠে।
6. আর্কিমিডিছৰ সূত্ৰৰ কেইটামান ব্যৱহাৰ লিখা।
উত্তৰঃ আর্কিমিডিছৰ সূত্ৰৰ কেইটামান ব্যৱহাৰ হ’ল-
(i) জাহাজ তথা শিহু জাহাজৰ নক্সা তৈয়াৰ কৰোতে,
(ii) গাখীৰৰ শুদ্ধতা নিৰ্ণয় কৰাৰ বাবে দুগ্ধমেতা আৰু জুলীয়া বস্তুৰ ঘনত্ব জোখা জলমেতা নির্মাণ কৰোতে আর্কিমিডিছৰ সূত্ৰ ব্যৱহাৰ কৰা হয়।
7. পানীৰ ঘনত্ব কিমান?
উত্তৰঃ 1000 kg m-³









