Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Class 12 Education Chapter 6 Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক Class 12 Education Chapter 6 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Class 12 Education Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

গোট – ৬

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

ক. খালী ঠাই পূৰ্ণ কৰাঃ (প্ৰত্যেকটোৰ মূল্যাংক- ১)

১। মানসিক স্বাস্থ্যবিজ্ঞান হৈছে — আৰু মানসিক স্বাস্থ্য হৈছে —।

উত্তৰ: উপায়, সমাপ্তি।

২। মানসিক স্বাস্থ্যবিজ্ঞান সর্বোচ্চভাবে — ৰ লগত আৰু সর্বনিম্নভাবে — ৰ লগত সমাযোজিত

উত্তৰ: সুস্বাস্থ্য, অসুস্থতা।

৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য হ’ল —।

উত্তৰ: মানসিক সুস্থতা বজাই ৰখা।

৪। মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ: প্রতিৰোধমূলক, প্রতিকাৰমূলক আৰু —।

উত্তৰ : সংৰক্ষণমূলক।

৫। এজন লোকৰ মানসিক স্বস্থ্য — সমাযোজনা কৰিব পৰাৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰ: সামাজিক পৰিবেশৰ লগত।

৬। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে — মানসিক স্বাস্থ্য ৰক্ষা প্রক্রিয়া।

উত্তৰ: ব্যক্তিৰ।

৭। মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে — ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত।

উত্তৰ: শক্তিশালী।

৮। মানসিক ৰোগ আৰোগ্য কৰাটো হৈছে — মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য। H. S. ’16

উত্তৰ : প্ৰতিকাৰমূলক।

৯। সমাজত সমাযোজনাৰ দ্বাৰা এজন ব্যক্তিৰ — স্বাস্থ্য নির্ধাৰণ কৰা হয়।

উত্তৰ: মানসিক।

১০। মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এক —।

উত্তৰ: প্রক্রিয়া।

১১। মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ —।

উত্তৰ কাৰ্য।

১২। পৰামৰ্শদান মানসিক স্বাস্থ্য বিজ্ঞানৰ — কাৰ্য।

উত্তৰ : সংৰক্ষণমূলক।

খ. শুদ্ধনে অশুদ্ধ কোৱা: (প্রত্যেকটোৰ মূল্যাংক- ১)

১। মানসিক অসুস্থতাত বংশগতিৰ কোনো প্রভাব নাই।

উত্তৰ: শুদ্ধ।

২। মানসিকভাবে স্বাস্থ্যবান লোক আবেগিকভাবে সুস্থিৰ হয়।

উত্তৰ: শুদ্ধ।

৩। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে সমাপ্তি আৰু মানসিক স্বাস্থ্য হৈছে উপায়। H. S. ’17

উত্তৰ: অশুদ্ধ।

৪। শাৰীৰিকভাবে স্বাস্থ্যবানজন মানসিকভাবে সুস্থ নহ’বও পাৰে। H. S. ’18

উত্তৰ: শুদ্ধ।

৫। এজন মানসিকভাবে স্বাস্থ্যবান লোকে সমাজত ভালদৰে সমাযোজন কৰিব নোৱাৰিব পাৰে।

উত্তৰ: অশুদ্ধ।

৬। মানসিক স্বাস্থ্যবিজ্ঞান মানসিক ৰোগসমূহ আৰোগ্যৰ লগত সম্পর্কযুক্ত।

উত্তৰ শুদ্ধ।

৭। সুসামঞ্জস্য মানসিক আৰু শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্যৰ বাবে এটা দৰকাৰী চৰ্ত।

উত্তৰ: শুদ্ধ।

৮। মানসিক স্বাস্থ্য ৰক্ষা কৰাই মানসিক স্বাস্থ্যৰ কাৰ্য।

উত্তৰ: শুদ্ধ।

৯। মানসিক স্বাস্থ্য হৈছে এটা আদর্শমূলক ধাৰণা।

উত্তৰ শুদ্ধ।

১০। মানসিকভাবে স্বাস্থ্যবান লোক এজনৰ এটা সুস্থিৰ ব্যক্তিত্ব থাকে।

উত্তৰ: শুদ্ধ।

১১। মানসিক ৰোগবোৰ প্ৰতিকাৰমূলক।

উত্তৰ: শুদ্ধ।

গ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)

১। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰ: “মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্য ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান”- হেডফিল্ড।

২। মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য লিখা।

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ’ল-

(ক) মানসিক স্বাস্থ্যৰ সমস্যাসমূহ বুজাত সহায় কৰা।

(খ) মানসিক অসুস্থতাৰ কাৰণবোৰ জানি তাৰ চিকিৎসাৰ বাবে বিধান দিয়া।

৩। মানসিক স্বাস্থ্যৰ সংৰক্ষণমূলক কাৰ্য কি? H. S. ’18

নাইবা

মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূল কার্যাবলী বুলিলে কি বুজা। H. S. ’15

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে লগা উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধভাবে জ্ঞান প্রদান কৰে। মানর জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।

৪। মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা কাৰ্য উল্লেখ কৰা।

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা কার্য হ’ল-

(ক) প্রতিৰোধমূলক কার্য: মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্য হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ দূৰ কৰা।

(খ) প্ৰতিকাৰমূলক কার্য: মানসিক স্বাস্থ্য বিজ্ঞানে স্বাস্থ্য ৰক্ষাৰ চিকিৎসা সম্পর্কীয় কৌশলসমূহ জনাত সহায় কৰে।

(গ) সংৰক্ষণমূলক কার্য: মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰি ইয়াৰ সংৰক্ষণৰ বাবে লব লগা উপায়সমূহ জনাত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে।

৫। মানসিকভাবে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ উল্লেখ কৰা। H. S. ’16

উত্তৰঃ মানসিকভাবে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ হ’ল সুস্থ সামাজিক সমাযোজন।

৬। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কার্যাবলী সম্পর্কে আলোচনা কৰা। H. S. ’17

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কার্য হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ দূৰ কৰা। ইয়াৰ বাবে উপযুক্ত পুষ্টি সাধন, পূর্ববর্তী শিক্ষা প্রদান, আবেগিক আৰু সামাজিক প্রয়োজনীয়তাৰ বিকাশ সাধন, কর্ম শিক্ষাৰ প্রশিক্ষণ আদি প্ৰতিৰোধমূলক কার্যসূচী গ্ৰহণ কৰিব লাগে।

৫। ‘মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা’। যুক্তি দর্শোরা। H. S. ’16

উত্তৰঃ মানসিক স্বাস্থ্য বুলিলে মানসিকভাবে সুস্থ হৈ থকা অৱস্থাক বুজোৱা হয়। মানসিক স্বাস্থ্য ব্যক্তি এজনৰ সম্পূৰ্ণ ব্যক্তিত্বৰ সুসামঞ্জস্য কাৰ্যাৱলীৰ প্ৰকাশ। ই ব্যক্তি এজনৰ অভ্যাস, সামাজিক সমাযোজনা, পৰিবেশ আদিৰ লগত জড়িত। পৰিৱেশ বা জ্ঞানৰ পৰিবৰ্দ্ধনৰ লগে লগে মানসিক স্বাস্থ্যৰো পৰিৱৰ্তন হয়। সেয়ে মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা।

৬। পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি লিখা।

উত্তৰ: পৰিৱেশ শিক্ষাৰ দুটা নীতি হ’ল-

(ক) মূল্যবোধ বিকাশৰ নীতি।

(খ) অবিৰত শিক্ষাৰ নীতি

ঘ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক – ৪। ৫)

১। মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ বৰ্ণনা কৰা। H.S. ’19

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ বৰ্তমান অকল মনঃ চিকিৎসাতেই সীমাবদ্ধ হৈ নাথাকি ইয়াৰ প্রয়োগিকতা আন আন দিশলৈয়ো প্ৰসাৰ লাভ কৰিছে, মানসিক স্বাস্থ্য বিজ্ঞানে বিশেষকৈ ব্যক্তিৰ শিক্ষা-দীক্ষা, মানসিক স্বাস্থ্য ৰক্ষাৰ নিয়ম প্রণালী যুগুত কৰা, মানসিক ৰোগ সৃষ্টিত বাধা প্রদান কৰা, মানসিক বিভ্রান্তিসমূহ ধৰা পেলাই তাক প্ৰতিৰোধ কৰা আদি দিশবোৰ সামৰি লয়। মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ পৰিসৰো বিশাল হৈছে।

২। মানসিক স্বাস্থ্য বিজ্ঞান কিয় প্রয়োজনীয়?

নাইবা

মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য লিখা। H. S. ’18

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ এক বিশেষ গুরুত্ব আছে। সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো মানুহেই শান্তিপূর্ণ আৰু সুখী জীবন-যাপন কৰিব নোৱাৰে। গতিকে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান আমাৰ সকলোৰে বাবে জৰুৰী। সাধাৰণতে তলত দিয়া কাৰণসমূহৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞান অতি প্রয়োজনীয়

(ক) মানসিক বিজ্ঞানে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।

(খ) নিজকে মানসিকভারে স্বাস্থ্যবান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে।

(গ) মানসিকভাবে স্বাস্থ্যবান লোকসকলৰ বৈশিষ্ট্যৰ বিষয়ে জনাত সহায় কৰে।

(ঘ) মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ উপায় মানসিক স্বাস্থ্য বিজ্ঞানে দাঙি ধৰে।

৩। শিশুৰ মানসকি স্বাস্থ্য ৰক্ষাত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা। H. S. ’15, ’20

উত্তৰ: বিদ্যালয়ত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষা সম্পৰ্কত বর্তমান শিক্ষা দার্শনিক, শিক্ষা মনোবিদ আৰু মনোৰোগ বিশেষজ্ঞসকলে গুৰুত্ব আৰোপ কৰিছে। শিশুৰ উপযুক্ত স্বাস্থ্য গঠনত বিদ্যালয়ে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্রহণ কৰিব লাগে।

(ক) সজ অভ্যাস গঠন: মানসিক স্বাস্থ্য সদায় সজ আচৰণ আৰু অভ্যাসৰ ওপৰত নিৰ্ভৰশীল। গতিকে বিদ্যালয়ত শিশুৰ সজ আচৰণ গঠনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লব লাগে।

(খ) অনুশাসন: বিদ্যালয়ত মানসিক স্বাস্থ্য ৰক্ষাত অনুশাসনে বিশেষ ভূমিকা পালন কৰে। অনুশাসনে শিশুৰ বাহ্যিক আচৰণ আৰু আভ্যন্তৰীণ অনুশাসন নিয়ন্ত্রণ কৰি শিশুক ব্যক্তিত্বশীল কৰি গঢ়ি তোলাত সহায় কৰে।

(গ) মৰমিয়াল আচৰণ: শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাৰ্জিত তথা মৰমিয়াল আচৰণে শিশুসকলৰ মানসিক স্বাস্থ্য গঠনত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। শিক্ষক নিৰপেক্ষ আৰু আদর্শবান হ’লেও তাৰ প্রভাব শিশুসকলৰ ওপৰত পৰে।

(ঘ) শিক্ষা নির্দেশনা: মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত শিশুসকলক প্রদান কৰা শিক্ষা নিদের্শনাই বিশেষভাবে সহায় কৰে।

(ঙ) বৃত্তিগত নির্দেশনা: সাম্প্রতিক সময়ত শিক্ষার্থীৰ মানসিক স্বাস্থ্য গঠনৰ বাবে বিদ্যালয় পর্যায়ৰ পৰাই বৃত্তিমূলক দক্ষতা বৃদ্ধিৰ ওপৰত বিদ্যালয়ে গুরুত্বপূর্ণ ভূমিকা পালন কৰিব লাগে।

৪। এজন মানসিকভাবে স্বাস্থ্যবান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’20

নাইবা

মানসিক স্বাস্থ্য বুলিলেকি বুজা? মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’15, ’17

উত্তৰ : যিসকল ব্যক্তিয়ে মানসিক ৰোগসমূহৰ পৰা মুক্ত হৈ পৰিবেশৰ লগত সুস্থ সমাযোজনৰ সৈতে সুন্দৰ জীৱন যাপন কৰে তেওঁলোকক মানসিকভাবে স্বাস্থ্যবান ব্যক্তি বুলি কোৱা হয়। মানসিকভাবে স্বাস্থ্যবান ব্যক্তিৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) মানসিকভবে স্বাস্থ্যবান ব্যক্তিয়ে সমাযোজন প্রক্রিয়াত কোনো সমস্যাৰ সম্মুখীন নহয়।

(খ) এনে ব্যক্তি মানসিক ৰোগ, অশান্তি আদিৰ পৰা দূৰত থাকে।

(গ) এনে ব্যক্তি মানসিকভারে সবল হয়।

(ঘ) এনে ব্যক্তি আবেগিকভাবে সুস্থিৰ হয়।

(ঙ) মানসিকভাবে স্বাস্থ্যবান ব্যক্তি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয়।

৫। মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজত থকা সম্পর্ক ব্যখ্যা কৰা। H. S. ’16

উত্তৰ: স্বাস্থ্য বুলিলে শাৰীৰিক আৰু মানসিকভাবে সুস্থ হৈ থকা অৱস্থাক বুজোৱা হয়। মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজত এক সুসম্পর্ক আছে। এটাই আনটোৰ ওপৰত ক্রিয়া কৰে। ইয়াৰ কাৰণ এজন ব্যক্তি শাৰীৰিকভাবে অসুস্থ হ’লে তেওঁৰ চিন্তা, চেতনা, ধ্যান ধাৰণা আদি দুর্বল হ’ব পাৰে। আকৌ ব্যক্তি এজন মানসিকভারে অসুস্থ হ’লে ই শৰীৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। কিয়নো মানসিকভারে দুর্বল ব্যক্তি এজনে নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্রতি সততে অসচেতন হোৱা দেখা যায়। ফলত শাৰীৰিক দুর্বলতাই দেখা দিয়ে।

৬। শিক্ষা আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক দেখুৱাই দুটা দিশৰ উল্লেখ কৰা। H. S. ’18, ’20

উত্তৰ : শিক্ষা আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ মাজত সম্পর্ক আছে। এই সম্পৰ্কৰ দুটা দিশ হৈছে

(ক) ছাত্র-ছাত্রীক মানসিকভাবে স্বাস্থ্যবান কৰি গঢ়ি তুলিবলৈ হ’লে সিহঁতক মানিসক স্বাস্থ্য সম্পর্কে সচেতন কৰিব লাগে। ইয়াৰ বাবে প্রয়োজনীয় সুস্থ বাতাবৰণ, সামাজিক সমযোজন, পুষ্টিকৰ খাদ্য গ্রহণ আদিৰ বিষয়ে শিক্ষা দিব লাগে।

(খ) ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকভাবে স্বাস্থ্যবান কৰিবলৈ হ’লে সিহঁতৰ আচাৰ-আচৰণ, সুঅভ্যাস গঠন, শৃঙ্খলাবদ্ধতা, মৰম-স্নেহ, ডাঙৰৰ প্রতি শ্রদ্ধাভার পোষণ আদিৰ শিক্ষা প্রদান কৰা উচিত।

৭। মানসিক স্বাস্থ্য আমাৰ প্রয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে। ব্যাখ্যা কৰা। H. S. ’18

উত্তৰ: মানসিক স্বাস্থ্য ব্যক্তি এজনৰ শৰীৰ আৰু মন উভয়ৰে বিষয়। শৰীৰ ভালে থাকিলে এজন ব্যক্তি সহজে মানসিকভাবে স্বাস্থ্যবান হ’ব পাৰে। মানসিকক স্বাস্থ্য আমাৰ অভাৱ, প্রাচুর্য, আৱেগিক দিশ, আদি বিভিন্ন কাৰকৰ দ্বাৰা প্রভাবিত হয়। উদাৰহণস্বৰূপে ব্যক্তি এজন যদি আর্থিক দৈন্যতাত ভুগে তেন্তে তাৰ মন অস্থিৰ হৈ থাকে আৰু বহু সময়ত সি সুস্থিৰ সিদ্ধান্ত গ্রহণত ব্যর্থ হয়। এনেদৰে আমাৰ দৈনন্দিন জীৱনৰ প্রয়োজনীয়তাৰ পৰা বঞ্চিত হ’লে আমাৰ মন আৰু শৰীৰে পৰিতৃপ্তি লাভ কৰিব নোৱাৰি উদ্বিগ্নতাত ভুগে। উদ্বিগন্তত ভূগা কার্যটো মানসিক দুর্বলতাৰ লক্ষণ। সেয়ে মানসিক স্বাস্থ্য আমাৰ প্রয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে।

৮। এজন মানসিকভাবে সুস্থ ব্যক্তিৰো স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন। কাৰণ দর্শোৱা। H. S. ’16, ’20

উত্তৰ: মানসিকভাবে সুস্থ্য ব্যক্তিৰো স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন। কিয়নো সুস্থতা এক স্থিৰ নহয়, এক ধাৰাবাহিক প্রক্রিয়াহে। ইয়াৰ লগত আমাৰ অভ্যাস, খাদ্য, পৰিৱেশ, সুশিক্ষা আদি বিভিন্ন বিষয় জড়িত।

এজন মানিসকভাবে সুস্থ ব্যক্তিৰো স্বাস্থ বিজ্ঞানৰ প্রয়োজন এই কাৰণে যে দৈনন্দিন জীৱনৰ প্রয়োজন পূৰণৰ পৰা বঞ্চিত ব্যক্তি এজনৰ মন অস্থিৰ হৈ থাকে। ফলত তাৰ চিন্তা-চৰ্চা, আচাৰ আচৰণৰ পৰিবৰ্তন হ’ব পাৰে। সেয়ে কোনো বিৰূপ পৰিস্থিতিয়ে যাতে আমাৰ মানসিকতাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে আমাৰ শিক্ষাৰ প্রয়োজন। এনে শিক্ষাৰ ভিতৰত খাদ্যাভাসৰ শিক্ষা, উপযুক্ত পৰিৱেশ ৰচনাৰ শিক্ষা, সামাজিক সমাযোজনৰ শিক্ষা আদিৰ প্রয়োজন হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment