আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি (খ) মনোযোগ আৰু আগ্ৰহ Class 12 Education Chapter 5 Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক Class 12 Education Chapter 5 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Education Chapter 5 (খ) মনোযোগ আৰু আগ্ৰহ
(খ) মনোযোগ আৰু আগ্রহ
ক. খালী ঠাই পূৰ্ণ কৰাঃ (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। — হ’ল মানসিক প্রস্তুতি।
উত্তৰ: মনোযোগ।
২। পৰীক্ষাৰ সময়ত দিয়া মনোযোগ হৈছে — মনোযাগৰ কাৰণ। H. S. ’17
উত্তৰ: আভ্যন্তৰীণ।
৩। ডাঙৰ শব্দ এটাৰ প্রতি দিয়া মনোযোগ হ’ল — আৰোপিত।
উত্তৰ: মনোযোগ।
৪। ‘আগ্রহ’ শব্দটো লেটিন শব্দ এটাৰ পৰা উৎপত্তি হৈছিল যাৰ অৰ্থ হ’ল —।
উত্তৰ: কোনো এক বিষয়ৰ লগত ব্যক্তি জড়িত থকা বা সম্বন্ধ থকা অবস্থা।
৫। — ব মতে আগ্রহ হ’ল এক গতিশীল মনোভাব।
উত্তৰ: ড্ৰেভাৰ।
৬। যি মনোযোগ উদ্দীপকৰ আকৰ্ষণীয়তাৰ বাবে দিয়া হয় তাক — মনোযোগ বোলে।
উত্তৰ: ইচ্ছা বিৰোধী।
৭। এজন কিশোৰৰ বিপৰীত লিংগৰ প্ৰতি থকা আগ্রহক — আগ্রহ বোলে।
উত্তৰ: সুপ্ত।
৮। শিশুৰ প্ৰতি থকা মাকৰ আগ্রহ হৈছে — আগ্রহ।
উত্তৰ : সুপ্ত।
৯। ৰাতিপুৱাৰ দৈনিক বাতৰি কাকতৰ প্ৰতি থকা আমাৰ আগ্রহ হৈছে — আগ্রহ।
উত্তৰ: ক্ষণস্থায়ী।
১০। উদ্দীপকৰ তীব্রতা মনোযোগৰ — কাৰণ।
উত্তৰ : বস্তুনিষ্ঠ।
১১। মনোযোগ হ’ল জ্ঞানমূলক দিশৰ এক — প্রক্রিয়া।
উত্তৰ: আনুভূতিক।
১২। নতুনত্ব হৈছে মনোযোগৰ — কাৰণ।
উত্তৰ: বাহ্যিক।
১৩। পুৰস্কাৰ হৈছে মনোযোগৰ — কাৰণ।
উত্তৰ: আভ্যন্তৰীণ।
১৪। তীব্রতা, দীর্ঘস্থায়িত্ব, গতিশীলতা ইত্যাদি হ’ল — মনোযোগৰ কাৰণ।
উত্তৰ : বাহ্যিক।
১৫। ‘আগ্রহ মনোযোগৰ সুপ্ত অবস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অবস্থা’- কথাষাৰ কৈছিল —।
উত্তৰ: মেকভুগল।
১৬। — মনোযোগত উদ্বীপকৰ কোনো প্রভার নাথাকে।
উত্তৰ: ঐচ্ছিক।
খ. শুদ্ধনে অশুদ্ধ কোৱা: (প্রত্যেকটোৰ মূল্যাংক- ১)
১। মনোযোগ হ’ল মানসিক প্রক্রিয়া।
উত্তৰ: শুদ্ধ।
২। আগ্রহ হ’ল এক মানসিক প্রক্রিয়া।
উত্তৰ: শুদ্ধ।
৩। মনোযোগ দিবৰ বাবে মানসিক স্বাস্থ্যৰ প্রয়োজন।
উত্তৰ: শুদ্ধ।
৪। বৈসাদৃশ্য হ’ল মনোযোগৰ এটা বাহ্যিক কাৰণ।
উত্তৰ: শুদ্ধ।
৫। মনোযোগৰ ওপৰত আবেগৰ কোনো প্রভাব নাথাকে।
উত্তৰ: অশুদ্ধ।
৬। আগ্রহ হ’ল এবিধ গতিশীল মানসিক প্রক্রিয়া।
উত্তৰ: শুদ্ধ।
৭। মনোযোগ হৈছে উদ্দেশ্যধর্মী কার্য।
উত্তৰ: শুদ্ধ।
৮। আগ্রহ সামাজিক প্ৰভাৱৰ পৰা মুক্ত।
উত্তৰ: শুদ্ধ।
৯। আগ্রহ হ’ল স্থিৰ মানসিক প্রক্রিয়া।
উত্তৰ: অশুদ্ধ।
১০। আগ্রহ সদায় জন্মগত।
উত্তৰ: অশুদ্ধ।
১১। আগ্রহে মনোযোগৰ সৃষ্টি কৰে কিন্তু মনোযোগে আগ্ৰহৰ সৃষ্টি নকৰে।
উত্তৰ: অশুদ্ধ।
১২। খোজকঢ়াৰ সময়ত আমি সম্পূর্ণরূপে অমনোযোগী হোৱাটো সম্ভব নহয়।
উত্তৰ: শুদ্ধ।
১৩। মানসিক স্বাস্থ্য মনোযোগৰ এটি চৰ্ত।
উত্তৰ: শুদ্ধ।
গ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)
১। আর্জিত আগ্রহ কি? H. S. ’18
উত্তৰ: জীবন কালত মানুহে শিক্ষা, অভিজ্ঞতা, প্রশিক্ষণ আদিৰ ফলস্বৰূপে আহৰণ কৰা আগ্রহক আর্জিত আগ্রহ বুলি ক’বপাৰি। যেনে লুডু খেলৰ প্রতি আগ্রহ।
২। মনোযোগ কি?
উত্তৰ: “মনোযোগ এক প্রক্রিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়।”-জেমচ
৩। স্বতঃস্ফূর্ত বা ইচ্ছাকৃত মনোযোগ কি?
উত্তৰ: আনৰ হস্তক্ষেপ নোহোৱাকৈ কোনো ব্যক্তিয়ে পৰিবেশৰ কোনো বস্তু বা বিষয়লৈ ইচ্ছাকৃতভাবে মনোযোগ প্রদান কৰাকে “স্বতঃস্ফূর্ত বা ইচ্ছাকৃত মনোযোগ” বোলে।
৪। আগ্রহ কাক বোলে?
উত্তৰ: যেতিয়া পৰিবেশৰ কোনো বস্তু বা বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু তাৰ লগত এক মানসিক সম্বন্ধ স্থাপন হয়, তেনে অৱস্থাকেই ‘আগ্রহ’ বুলি কোৱা হয়।
৫। আগ্রহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: আগ্ৰহৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) আগ্রহ জন্মগত হোৱাৰ লগতে আর্জিতও।
(খ) ব্যক্তিভেদে আগ্রহ বেলেগ বেলেগ হয়।
৬। অস্থায়ী আগ্রহ বুলিলে কি বুজা?
উত্তৰ : সাধাৰণতে ক্ষণস্থায়ী আগ্রহকে অস্থায়ী আগ্রহ বোলে। অস্থায়ী আগ্রহ হঠাৎে উদয় হয় বা বৃদ্ধি হয় আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে সলনিও হয়। উদাহৰণ স্বৰূপে ৰাতিপুৱাৰ বাতৰি কাকতখন পঢ়াৰ প্রতি ৰাতিপুৱা যিমান আগ্রহ থাকে দুপৰীয়া সেই আগ্রহ নাথাকে বা কাকতখন পঢ়াৰ পিছত সেই আগ্রহ নাথাকে।
৭। মনোযোগক মনৰ নিৰ্বাচনী কার্য বুলি কোৱা হয় কিয়? H. S. ’15
উত্তৰ: মনোযোগক মনৰ ‘নির্বাচনী কার্য’ বুলি কোৱা হয় কাৰণ পৰিবেশৰ বিভিন্ন বিষয়ৰ প্ৰতি মন সচেতন হ’লেও তাৰ ভিতৰত এটা অধিক আকর্ষণীয় উদ্দীপক বাছি লৈ তাৰ প্ৰতিহে মনোযোগ দিয়া উচিত।
৮। মনোযোগৰ পৰিসৰ কি?
উত্তৰ: মানুহে এটা মূহুর্তত একেলগে সীমিত সংখ্যক বস্তু বা বিষয়ৰ প্ৰতিহে মনোযোগ দিবপাৰে। এজন প্রাপ্তবয়স্ক লোকে ছটা বিন্দুলৈকে নিজৰ দৃষ্টি তৎকালীনভাৱে নিক্ষেপ কৰিব পাৰে। সেয়ে মনোযোগৰ পৰিসৰ ছয় বুলি কোৱা হয়।
৯। মনোযোগক আকৰ্ষণ কৰা দুটা কাৰণ লিখা।
উত্তৰ: মনোযোগক আকৰ্ষণ কৰা দুটা কাৰণ হ’ল-
(ক) বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু (খ) আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ।
১০। মনেযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ কি?
উত্তৰ: মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ হ’ল-
(ক) আকাৰ বা আকৃতি (খ) তীব্রতা, (গ) নতুনত্ব (ঘ) গতিশীলতা আৰু (৬) উজ্জ্বলতা।
১১। আগ্ৰহৰ দুটা পাৰিপাৰ্শ্বিক কাৰণ লিখা।
উত্তৰ: আগ্ৰহৰ দুটা পাৰিপাৰ্শ্বিক কাৰণ হ’ল-
(ক) শিক্ষা গ্রহণৰ বাহ্যিক পৰিবেশৰ আকর্ষণীয়তাই ছাত্ৰৰ মনত আগ্ৰহৰ সৃষ্টি কৰে।
(খ) শান্ত আৰু নিৰিবিলি পৰিবেশে ছাত্ৰৰ মনত শিক্ষা গ্ৰহণৰ বাবে আগ্রহ সৃষ্টি কৰে। H. S. ’19
১২। ‘এখন বগা বেৰত থকা সৰু দাগ এটাত আমি মনোযোগ দিওঁ।’ ইয়াৰ কাৰণ কি?
উত্তৰ: মনোযোগৰ বস্তুনিষ্ঠ চৰ্ত বৈসাদৃশ্যৰ বাবেই আমি বগা বেৰত থকা সৰু দাগ এটাত মনোযোগ দিওঁ।
১৩। আগ্রহৰ যিকোনো এটা পৰিৱেশীয় কাৰক উল্লেখ কৰা।
উত্তৰ: পৰিবেশৰ আকর্ষণীয় উদ্দীপক।
ঘ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক – ৪)
১। বিশ্লেষণাত্মক মনোযোগৰ প্রকৃতি উদাহৰণৰ দ্বাৰা বুজাই লিখা। H. S. ’15
উত্তৰ: মনোযোগ এক প্রক্রিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়। যেতিয়া বিষয়-বস্তুৰ সকলো দিশ বিচাৰ কৰি মনোযোগ নিবদ্ধ কৰা হয় তাক ‘বিশ্লেষণাত্মক মনোযোগ’ বোলা হয়। অর্থাৎ মনোযোগ প্রদানৰ সময়ত যিকোনো বিষয় বা বস্তু গোট বা একক হিচাপে লক্ষ্য নকৰি যদি পংখানুপুংখভাবে বিবেচনা কৰা হয় তেনে মনোযোগক ‘বিশ্লেষণাত্মক মনোযোগ’ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰোতে কাপোখনৰ দাম, গুণাগুণ, ৰং আদি সকলো দিশলৈ মনোযোগ প্রদান কৰাটো বিশ্লেষণাত্মক মনোযোগ।
২। সংবেদনাত্মক মনোযোগ বুলিলে কি বুজা?
উত্তৰ: আমাৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে সংবেদন সৃষ্টি কৰা যিকোনো বস্তুগত উদ্দীপকৰ প্ৰতি দিয়া মনোযোগকে ‘সংবেদনাত্মক মনোযোগ’ বোলে। কোনো এজন ব্যক্তি বিশেষৰ ওপৰত বা তেওঁৰ ছবি এখনৰ ওপৰত দিয়া মনোযোগ সংবেদনাত্মক মনোযোগৰ উদাহৰণ।
৩। ভাবাত্মক বা ধাৰণামূলক মনোযোগৰ দুটা উদাহৰণ দিয়া। H. S. ’17
উত্তৰ: কোনো এজন মানুহৰ অবর্তমানত বা তেওঁৰ ছবিও নথকা অৱস্থাত কেৱল মনেৰে কল্পনা কৰিয়েই তেওঁৰ ওপৰত দিয়া মনোযোগ ভাবাত্মক মনোযোগ।
চকু মুদি ভগৱানক ধ্যান কৰাটোও ভাবাত্মক মনোযোগ।
৪। আগ্রহ মনোযোগৰ সুপ্ত অবস্থা বুলি কিয় কোৱা হয়? ব্যাখ্যা কৰা।
উত্তৰ: মনোযোগ আৰু আগ্ৰহৰ ঘনিষ্ঠ সম্বন্ধ আছে। মনোযোগে সদায় আগ্রহৰ বাহনৰূপে কাম কৰে। আগ্রহে মনোযোগৰ সৃষ্টি কৰে আৰু মনোযোগে আগ্রহক প্রকাশ কৰে। মনোযোগ নহ’লে কোনো কথা শিকিব নোৱাৰি আৰু আগ্রহ নহ’লে মনোযোগ দিব নোৱাৰি। আগ্ৰহ আৰু মনোযোগ পৰস্পৰ নিৰ্ভৰশীল। সেয়ে আগ্রহক মনোযোগৰ সুপ্ত অৱস্থা বুলি কোৱা হয়।
৫। ঐচ্ছিক মনোযোগ কাক বোলে? উদাহৰণ দিয়া।
নাইবা
ঐচ্ছিক মনোযোগে আগ্ৰহৰ সৃষ্টি কৰে।’ ব্যাখ্যা কৰা। H. S. ’16
উত্তৰ যি মনোযোগত মনৰ ইচ্ছা-শক্তি প্রয়োগ কৰা হয় তাকে ‘ঐচ্ছিক মনোযোগ’ বোলে। অর্থাৎ ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে পৰিবেশৰ কোনো বস্তু বা বিষয়লৈ মনোযোগ দিয়াটোৱেই হ’ল ঐচ্ছিক মনোযোগ। ব্যক্তিৰ মনত তীব্র আগ্রহ বা ইচ্ছাৰ ফলশ্রুতি হিচাপে এইবিধ মনোযোগৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে যিসকল বিদ্যার্থীৰ অধ্যয়নৰ প্রতি স্পৃহা আছে তেওঁলোকৰ বাধা-বিঘিনি থাকিলেও মনোযোগ দিব পাৰে। সেয়ে দেখা যায় ঐচ্ছিক মনোযোগে আগ্রহৰ সৃষ্টি কৰে।
৬। স্পষ্ট বা নিশ্চিত মনোযোগ আৰু অনুমতি মনোযোগ কাক বোলে? বুজাই লিখা।
উত্তৰ যি ঐচ্ছিক মনোযোগ পৰিবেশৰ কোনো কাৰকৰ প্ৰভাৱৰ ফলত নিশ্চিতভাবে প্রদান কৰা হয় তাকে স্পষ্ট বা নিশ্চিত মনোযোগ বোলে। এইবিধ মনোযোগত বাস্তৱ পৰিস্থিতিয়ে এজন লোকক ইচ্ছাকৃতভাবে মনোযোগ দিবলৈ বাধ্য কৰে। পৰীক্ষা আহি পালে ছাত্রই কিতাপৰ প্রতি মনোযোগ দিবলৈ বাধ্য হয়। সেয়েহে এনে মনোযোগ পৰিস্থিতি সাপেক্ষ।
এজন লোকৰ মনৰ ইচ্ছা, আগ্রহ, জ্ঞান গভীৰতা আৰু বিষয়বস্তুৰ লগত গভীৰভাৱে জড়িত হোৱাৰ ফলত যি মনোযোগ প্রদান কৰা হয় তাক ‘অনুমতি মনোযোগ’ বোলে। এইবিধ মনোযোগৰ সহজে পৰিৱৰ্তন নহয়। যেনে অভিনয় ভালপোৱা মানুহৰ নাটকৰ প্রতি মনোযোগ।
৭। আগ্রহ আৰু মনোযোগ এটা মুদ্রাৰে দুটা পিঠি’- ব্যাখ্যা কৰা। H. S. ’17
নাইবা
‘মনোযোগৰ অনুপস্থিতিয়ে আগ্রহৰ অনুপস্থিতিক বুজায়।’ আলোচনা কৰা। H. S. ’16
উত্তৰ: ‘আগ্রহ আৰু মনোযোগ এটা মুদ্রাৰে দুটা পিঠি।’ এটাৰ লগত আনটো অতি নিবিড়ভাবে জড়িত। এটা বিষয়ত মনোযোগ দিবলৈ হ’লে বিষয়টোৰ প্রতি আগ্রহ থাকিব লাগিব। আকৌ আগ্রহী বিষয়টোৰ প্রতি স্বাভাবিকতে মনোযোগ দিয়া হয়। সেইবাবেই আগ্রহক মনোযোগৰ প্ৰধান অন্তর্নিহিত কাৰণ বুলি ক’ব পাৰি। মনোযোগৰ নিষ্ক্রিয় মানসিক অৱস্থাই হৈছে আগ্রহ। সেয়েহে এনে পাৰস্পৰিক সম্বন্ধৰ প্রতি লক্ষ্য ৰাখি মনোবিজ্ঞানী মেকডুগলে মত প্রকাশ কৰিছিল যে ‘আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্রহৰ সক্রিয় অবস্থা মাথোন’। আন কথাত মনোযোগৰ অনুপস্থিতিয়ে আগ্রহৰ অনুপস্থিতিক বুজায়।
৮। ‘এগৰাকী শুই থকা মাতৃয়ে বাহিৰত হোৱা ডাঙৰ শব্দত বিৰক্ত নহয়, কিন্তু তাইৰ দুৰ্বল ৰুগীয়া কেঁচুবাই কান্দিলে সহজেই মনোযোগ আকর্ষণ হয়’ ইয়াৰ কাৰণ কি?
উত্তৰ সন্তানৰ প্রতি মাকৰ মৰম-চেনেহৰ ভাবটো সহজাত। ইয়াত মনোযোগৰ এক আভ্যন্তৰীণ কাৰণৰ কথা জড়িত হৈ আছে। গতিকে এই ধৰণৰ জৈৱিক প্ৰৱণতাৰ বাবেই এগৰাকী মাকে বাহিৰৰ শব্দত কাণ নিদিলেও তাইৰ ৰুগীয়া সন্তানৰ কান্দোনৰ প্ৰতি অধিক মনোযোগী হয়।
৯। মনোযোগৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰ: মনোযোগৰ কেইবাটাও উল্লেখযোগ্য বৈশিষ্ট্য আছে, যথা
(ক) মনোযোগ হ’ল মনৰ নিৰ্বাচনী প্রক্রিয়া। মনে বিচৰা বস্তুৰ প্ৰতিহে ব্যক্তি এজনৰ মনোযোগ স্থিৰ হয়।
(খ) মনোযোগ জ্ঞানমূলক, অনুভুতিমূলক আৰু ক্রিয়াত্মক।
(গ) মনোযোগ গতিশীল। ই গতিশীল হোৱা বাবে এটা বস্তুৰ ওপৰত অধিক সময় মন নিবন্ধ কৰি ৰাখিব পৰা নাযায়।
(ঘ) এটা সময়ত মাত্র এটা বস্তুৰ ওপৰতহে মনোযোগ দিব পৰা যায়।
(ঙ) নতুন বস্তুয়ে সহজে মনোযোগ আকর্ষণ কৰে।
(চ) মনোযোগে কোনো বস্তু ভালকৈ বুজাত সহায় কৰে।
১০। মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক গুৰুত্ব (তাৎপর্য) আলোচনা কৰা। H. S. ’19
উত্তৰ : শিক্ষা আহৰণৰ ক্ষেত্ৰত আমাৰ আগ্ৰহ আৰু মনোযোগৰ প্রয়োজন অনস্বীকাৰ্য্য। আগ্রহৰ অভাৱত কোনো কথাত মনোযোগ দিব নোৱাৰি। মনোযোগৰ অভাৱত কোনো কথা ভালদৰে শিকাও সম্ভব নহয়। শিক্ষার্থীৰ মনত শিক্ষা বিষয়ৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ সৃষ্টি কৰাই হৈছে শিক্ষকৰ প্ৰধান দায়িত্ব। আগ্রহে মনোযোগৰ সৃষ্টি কৰে আৰু কামত উদ্দীপনা যোগায়।
শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্রহৰ গুৰুত্ব অতি বেছি। শিক্ষাবিদসকলে মনোযোগ আৰু আগ্রহক শিক্ষাৰ মূল উপাদান বুলি স্বীকাৰ কৰিছে। ইয়ে শিক্ষার্থীক জ্ঞান আহৰণৰ লক্ষ্যত বা উদ্দেশ্যত উপনীত হ’বৰ বাবে পথৰ সন্ধান দিয়ে। সেয়ে মনোযোগ আৰু আগ্রহ যে শিক্ষা গ্রহণৰ উপায় সেই বিষয়ে কোনো সন্দেহ নাই।
১১। আগ্ৰহৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা।
উত্তৰ: আগ্ৰহৰ বিভিন্ন প্রকাৰবোৰ হ’ল-
(ক) সুপ্ত বা প্রকৃত আগ্রহ: এই ধৰণৰ আগ্রহ প্রবৃত্তিমূলক অর্থাৎ এনে আগ্রহ জন্মগত। প্রশিক্ষণ বা শিক্ষণৰ দ্বাৰা এনে আগ্রহ গঢ়ি তুলিব নোৱাৰি। শিশুরে খেলা-ধূলাৰ প্ৰতি প্ৰদৰ্শন কৰা আগ্রহ এনে ধৰণৰ।
(খ) আর্জিত আগ্রহ: আমাৰ মনোভাব, চৰিত্ৰ, অভ্যাস, আদর্শ আদিৰ লগত সৃষ্টি হোৱা আগ্রহক আর্জিত আগ্রহ বুলি কোৱা হয়। পৰিবেশৰ পৰা আহৰণ কৰা শিক্ষা আৰু প্রশিক্ষণে এনে ধৰণৰ আগ্ৰহৰ জন্ম দিয়ে। এগৰাকী ডাক্টৰৰ ৰোগীৰ প্রতি আগ্রহ, ব্যৱসায়ী এজনৰ গ্ৰাহকৰ প্ৰতি আগ্ৰহ এনে ধৰণৰ আগ্ৰহৰ উদাহৰণ।
(গ) স্থায়ী আগ্রহ: কেতিয়াবা কেতিয়াবা আমাৰ আৰ্জিত আগ্রহে স্থায়িত্ব লাভ কৰে। এনে আগ্রহ ব্যক্তি এজনৰ সমগ্র জীবন ব্যাপি থাকিব পাৰে। এজন কবিৰ কবিতাৰ প্ৰতি থকা আগ্রহ জীবন ব্যাপি থাকিব পাৰে।
(ঘ) অস্থায়ী আগ্রহঃ প্রকৃতিগতভাবে যিবোৰ আগ্রহ ক্ষণস্থায়ী তেনে আগ্রহকে অস্থায়ী আগ্রহ বোলে। এই ধৰণৰ আগ্ৰহ সাময়িকভাবে বৃদ্ধি হয় আৰু সময়ৰ লগে লগে সলনিও হয়। উদাহৰণ স্বৰূপে পূজাৰ সময়ত নতুন কাপোৰ লোৱাৰ বা মিঠাই খোৱাৰ যি আগ্রহ ওপজে, পূজা পাৰ হৈ যোৱাৰ পিছত সেই আগ্রহ নাথাকে।
১২। ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ আৰু মনোযাগৰ উন্নতি সাধনত শিক্ষকৰ ভূমিকা সম্বন্ধে আলোচনা কৰা।
নাইবা
শ্ৰেণীকোঠাৰ পৰিৱেশত শিক্ষকে ছাত্ৰৰ মনোযোগ কিদৰে বৃদ্ধি কৰিব পাৰে আলোচনা কৰা। H. S. ’15
উত্তৰ: ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ আৰু মনোযোগৰ উন্নতি সাধনত শিক্ষকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লগা হয়। তলত এই বিষয়ে আলোচনা কৰা হ’ল-
(ক) দৃশ্য-শ্রাব্য সঁজুলিৰ ব্যৱহাৰ শ্ৰেণীকোঠাত শিক্ষকে কোনো বিষয়ত ছাত্র-ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ হ’লে আকর্ষণীয় দৃশ্য-শ্রাব্য সঁজুলি ব্যবহাৰ কৰিব পাৰে।
(খ) কৌতুক বা ৰগৰ: কেতিয়াবা কেতিয়াবা হাঁহি-ধেমালীৰ মাজেৰে কোনো বিষয় এটাৰ প্রতি মনোযোগ বৃদ্ধি কৰিব পাৰি। এনে ক্ষেত্রত শিক্ষকে মাজে মাজে কৌতুকৰ আশ্রয় লব পাৰে।
(গ) দৃষ্টান্তৰ ব্যৱহাৰ ছাত্র-ছাত্রীসকলক পাঠদান কৰা সময়ত বিষয়-বস্তুৰ লগত ৰজিতা খুৱাই উপমা বা দৃষ্টান্ত ব্যৱহাৰ কৰিব পাবে। ফলত শিক্ষার্থীয়ে সহজে নতুন বিষয় এটাৰ গভীৰলৈ প্ৰৱেশ কৰিব পাৰে।
(ঘ) শিক্ষকৰ ব্যক্তিত্ব: শিক্ষকৰ ব্যক্তিত্ব, আচাৰ-ব্যৱহাৰ, পিন্ধন- উৰণ, চাল-চলন আদিয়েও ছাত্র-ছাত্রীসকলক প্রভাৱিত কৰিব পাৰে।
(ঙ) পুনৰাবৃত্তিৰ বর্জন শিক্ষকে ছাত্র-ছাত্রীৰ মনোযোগ অটুট ৰাখিবলৈ বাৰে বাৰে একেটা বিষযর বা বক্তব্যৰ পুনৰাবৃত্তি এৰাই চলিব লাগে।
১৩। মনোযোগৰ ব্যক্তিনিষ্ঠ কাৰণবোৰ কি? মনোযোগৰ কেইটামান ব্যক্তিনিষ্ঠ কাৰণ বৰ্ণনা কৰা। উত্তৰ: মনোযোগৰ কেইবাটাও ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ কাৰণ আছে। তলত সেইবোৰ বৰ্ণনা কৰা হ’ল-
(ক) আগ্রহ: মনোযোগৰ প্রধান ব্যক্তিনিষ্ঠ কাৰণ হ’ল আগ্রহ। আগ্রহ থাকিলেহে যিকোনো বিষয়ত সহজে মনোযোগ দিব পৰা যায়। আগ্ৰহৰ অবিহনে প্রয়োজনীয় মনোযোগ দিয়া অসম্ভব।
(খ) প্রবৃত্তি: আমি আমাৰ প্রবৃত্তিসমূহ চৰিতাৰ্থ কৰিবলৈ বিভিন্ন বিষয় বা বস্তুৰ ওপৰত মনোযোগ দিব লগা হয়। কৌতুহল প্রবৃত্তিৰ বাবেই আমি নানান কথা শিকিবলৈ ইচ্ছা কৰো।
(গ) আবেগ আবেগৰ বশৱৰ্তী হৈ আমি কিছুমান বিশেষ বস্তুৰ প্রতি মনোযোগ দিওঁ। আমাৰ দুখ বা শোকৰ অৱস্থাত আমি তেনে কাৰকবোৰৰ প্রতি অধিক মনোযোগী হওঁ।
(ঘ) মনোভাব: কোনো বিষয় বা বস্তুৰ প্রতি আমি আমাৰ আগৰে পৰা থকা মনোভাবৰ বাবেও তেনে বস্তুৰ প্রতি আমি মনোযোগী হওঁ। সেই বাবে কিতাপ পঢ়ি ভাল পোৱা মানুহ এজনে কোনো নতুন প্রকাশিত হোৱা কিতাপৰ প্ৰতি মনোযোগী হ’ব পাৰে।
(ঙ) অভ্যাস: কোনো কোনো বিষয়ত মানুহে অভ্যাসবশতঃ মনোযোগ দিয়ে। অভ্যাস গঢ়ি তুলি এনে ধৰণে মনোযোগ প্রদান কৰা কাৰ্যক অভ্যাসজনিত মনোযোগ বোলে। ৰাতিপুৱা শুই উঠিয়েই বাতৰি কাকতৰ প্রতি প্রদান কৰা মনোযোগ এনে ধৰণৰ।
১৪। মনোযোগক কিয় অনুসন্ধানমূলক প্রক্রিয়া বুলি বিবেচনা কৰা হয়? H. S. ’17
উত্তৰ: মনোযোগৰ জৰিয়তে ব্যক্তিৰ কোনো এক বিষয়ৰ ওপৰত থকা কৌতুহল পুৰণ হয়। ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে। আমাৰ মনোযোগ যিমানে গভীৰ হয়, অনুসন্ধান কার্যও সিমানে সক্ষ্ম হয় আৰু ই কোনো তথ্য উদ্ধাটন কার্যত উৎসাহিত কৰে। সেয়ে মনোযোগক এক অনুসন্ধানমূলক প্রক্রিয়া বুলি কোৱা হয়।
১৫। ‘প্রবৃতি মনোযোগৰ এক গুৰুত্বপূৰ্ণ চর্ত’ ব্যাখ্যা কৰা। H. S. ’18
উত্তৰ: প্রবৃত্তিক মনোযোগৰ এক গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ বা বস্তুনিষ্ঠ কাৰণ বুলি বিবেচনা কৰা হয়। কিয়নো স্বতঃস্ফূর্ত প্ৰৱণতাই হৈছে প্রবৃত্তি। প্রবৃত্তিৰ তাড়ণাত বিভিন্ন বস্তু, কার্য বা ঘটনাৰ প্ৰতি আমাৰ মনোযোগ আকর্ষণ হয়। উদাহৰণস্বৰূপে সন্তানৰ প্ৰতি মাকৰ স্নেহ এনে এক প্রবৃত্তি। সেয়ে প্রবৃত্তিক মনোযোগৰ এক গুৰুত্বপূৰ্ণ চর্ত বুলি কোৱা হয়।
১৬। ‘আগ্রহ মনোযোগৰ পূৰ্ব চৰ্ত’ ব্যাখ্যা কৰা। H. S. ’15
উত্তৰ: মনোযোগ আৰু আগ্রহৰ ঘনিষ্ঠ সম্বন্ধ আছে। মনোযোগে সদায় আগ্রহৰ বাহনৰূপে কাম কৰে। আগ্রহে মনোযোগৰ সৃষ্টি কৰে আৰু মনোযোগে আগ্রহক প্রকাশ কৰে। মনোযোগ নহ’লে কোনো কথা শিকিব নোৱাৰি আৰু আগ্রহ নহ’লে মনোযোগ দিব নোৱাৰি। আগ্রহ আৰু মনোযোগ পৰস্পৰ নিৰ্ভৰশীল। সেয়ে আগ্রহক মনোযোগৰ পূৰ্বচৰ্ত বুলি কোৱা হয়।
১৬। মনোযোগৰ চৰিটা বস্তুনিষ্ঠ কাৰক বৰ্ণনা কৰা। H. S. ’17
উত্তৰ: মনোযোগৰ কিছুমান বস্তুনিষ্ঠ কাৰক আছে, যেনে-
(ক) আকাৰ বস্তুৰ আকাৰ বা আকৃতি স্বাভাবিকতকৈ অধিক ডাঙৰ হ’লে সহজতে আমাৰ মনোযোগ আকর্ষণ কৰে। দেৱালত লগোৱা বিজ্ঞাপন, পোষ্টাৰ, জাননী আদিৰ প্ৰতি আমাৰ মনোযোগ আকর্ষণ হয়। ইয়াৰ কাৰণ এইবোৰ ডাঙৰ ডাঙৰ হৰফত লিখা হয়।
(খ) তীব্রতা: তীব্র উদ্বীপকৰ প্ৰতি মানুহ সাধাৰণতে আকর্ষিত হয়। সেয়ে উজ্জ্বল পোহৰ, তীব্র শব্দই সহজতে আমাৰ মনোযোগক আকর্ষিত কৰে।
(গ) নতুনত্বঃ মানুহ স্বাভাৱিকতে নতুন বস্তুৰ প্ৰতি আকর্ষিত হয়। এই আকৰ্ষণৰ বাবেই মানুহে ঠাই ভ্রমণ কৰে।
(ঘ) বৈসাদৃশ: আমাৰ পৰিৱেশত যদি কোনো সাদৃশ্যহীন বা অমিল কোনো বস্তু দেখিবলৈ পাওঁ তেন্তে ই আমাৰ মনোযোগ আকর্ষণ কৰে। উদাহৰণস্বৰূপে ছাগলীৰ সাধাৰণতে চাৰিটা ঠেং থাকে। কিন্তু আমি যদি হঠাৎ পাঁচ ঠেঙীয়া ছাগলী দেখিবলৈ পাওঁ তেন্তে ই তৎক্ষণাত আমাৰ মনোযোগ আকৰ্ষণ কৰিব।
১৭। বিশ্লেষণাত্মক মনোযোগ আৰু সংশ্লেষণাত্মক মনোযোগৰ ধাৰণা উদাহৰণসহ ব্যাখ্যা কৰা। H. S. ’18
উত্তৰ: মনোযোগ এক প্রক্রিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়। যেতিয়া বিষয়-বস্তুৰ সকলো দিশ বিচাৰ কৰি মনোযোগ নিবদ্ধ কৰা হয় তাক ‘বিশ্লেষণাত্মক মনোযোগ’ বোলা হয়। অর্থাৎ মনোযোগ প্রদানৰ সময়ত যিকোনো বিষয় বা বস্তু গোট বা একক হিচাপে লক্ষ্য নকৰি যদি পংখানুপুংখভাবে বিবেচনা কৰা হয় তেনে মনোযোগক ‘বিশ্লেষণাত্মক মনোযোগ’ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰোতে কাপোখনৰ দাম, গুণাগুণ, বং আদি সকলো দিশলৈ মনোযোগ প্রদান কৰাটো বিশ্লেষণাত্মক মনোযোগ।
আনহাতে সংশ্লেষণাত্মক মনোযোগ বিশ্লেষণাত্মক মনোযোগৰ বিপৰীতধর্মী। ইয়াত কোনো এটা বস্তুক এককভাবে নিৰীক্ষণ কৰি মনোযোগ প্রদান কৰা হয়। উদাৰহণস্বৰূপে ছবি এখন নিৰীক্ষণ কৰোতে বিভিন্ন দিশ পৃথক পৃথক হিচাপে বিবেচনা নকৰি যেতিয়া একক হিচাপে মনোযোগ দিয়া হয়, তেতিয়া তাক বিশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয়।
১৮। আগ্রহ কি? আগ্রহৰ বৈশিষ্ট্যসমূহ লিখা। H. S. ’18
উত্তৰ: যেতিয়া পৰিবেশৰ কোনো বস্তু বা বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু তাৰ লগত এক মানসিক সম্বন্ধ স্থাপন হয়, তেনে অবস্থাকেই ‘আগ্রহ’ বুলি কোৱা হয়।
আগ্ৰহৰ বৈশিষ্ট্যসমূহ হ’ল-
(ক) আগ্রহ জন্মগত হোৱাৰ লগতে আর্জিতও।
(খ) ব্যক্তিভেদে আগ্রহ বেলেগ বেলেগ হয়।
(গ) আগ্রহ পৰিৱৰ্তনশীল।
(ঘ) আগ্ৰহৰ পৰিধি ব্যাপক আৰু সংকীর্ণ দুয়ো ধৰণৰ হ’ব পাৰে।
(ঙ) আগ্রহ হৈছে ব্যক্তিৰ অভিজ্ঞতা আৰু জ্ঞানমূলক দিশৰ প্রকাশ।