Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education Chapter 5 (ক) স্মৃতি আৰু বিস্মৃতি

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি (ক) স্মৃতি আৰু বিস্মৃতি Class 12 Education Chapter 5 Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক Class 12 Education Chapter 5 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education Chapter 5 (ক) স্মৃতি আৰু বিস্মৃতি

Class 12 Education Chapter 5 (ক) স্মৃতি আৰু বিস্মৃতি

গোট – ৫

(ক) স্মৃতি আৰু বিস্মৃতি

ক. খালী ঠাই পূৰ্ণ কৰাঃ (প্ৰত্যেকটোৰ মূল্যাংক- ১)

১। সময়ৰ ব্যৱধান হ’ল — কাৰণ।

উত্তৰ : বিস্মৃতিৰ।

২। — অতীত উদ্দীপনাৰ উপস্থিতিতহে সম্ভব হয়।

উত্তৰ : স্মৃতি।

৩। “বিস্মৃতি হ’ল সচেতন মনক প্ৰতিৰক্ষা কৰা এক প্রক্রিয়া”- সংজ্ঞাটো আগবঢ়াইছিল —।

উত্তৰ: চিগমণ্ড ফ্রয়েডে।

৪। এগৰাকী ব্যক্তিয়ে বহুদিনৰ বিৰতিৰ পিছত বন্ধু এজনক চিনাক্ত কৰিলে। কামটো তেওঁ — ৰ সহায়ত কৰিছে। H. S. ’15

উত্তৰ: প্রত্যভিজ্ঞা।

৫। এগৰাকী শিক্ষকে কবিতা পড়ুৱাৰ সময়ত একেগৰাকী কবিৰে আন এটা কবিতা মুখস্থ মাতিলে যিটো শিক্ষকজনে শৈশৱ কালত পঢ়িছিল। এইটো হ’ল এক — স্মৃতি।

উত্তৰ: অনুসংগমূলক।

৬। উইলিয়াম জেমচে —  ৰ দ্বাৰাই স্মৃতি শক্তিৰ বঢ়াব পাৰি বুলি বিশ্বাস কৰে। 

উত্তৰ: অনুশীলন।

৭। সচেতন মনত পূর্ব অভিজ্ঞতাৰ পুনৰাভি ব্যক্তিকৰণ কৰা প্রক্রিয়াকেই — বোলে।

উত্তৰঃ স্মৃতি।

৮। অতীত অভিজ্ঞতাক তাৰ উপস্থিতিৰ বাছনি কৰি লোৱাকেই — বোলে।

উত্তৰ: প্রত্যভিজ্ঞা।

৯। প্রত্যভিজ্ঞাৰ ক্ষেত্রত বস্তু ইন্দ্রিয়গ্রাহ্য অবস্থাত থাকিব লাগে — প্রক্রিয়াত।

উত্তৰ : স্মৃতি।

১০। পৰস্পৰৰ সম্বন্ধযুক্ত বিস্মৃতিৰ তিনিটা উপাদান আছে। সেই কেইটা হ’ল: শিক্ষণ, সংৰক্ষণ আৰু —।

উত্তৰ: প্রত্যভিজ্ঞা।

১১। স্মৃতি চাপক — বুলি জনা যায়।

উত্তৰ : এনগ্রাম।

১২। যেতিয়া নতুন শিক্ষণে পুৰণি শিক্ষণৰ স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰে তাক — বোলে।

উত্তৰ: পশ্চাদমুখী প্রতিৰোধ।

১৩। কিছু শিকাৰ পিছত বিৰতি লোৱাক — পদ্ধতি বোলে।

উত্তৰ ব্যৱহৃত।

১৪। — বিশ্বাস কৰে যে স্মৃতিক অনুশীলনৰ দ্বাৰা উন্নীতকৰণ কৰিব পাৰি।

উত্তৰ: উইলিয়াম মেকডুগালে।

১৫। — স্মৃতিৰ প্ৰথম স্তৰ।

উত্তৰ : শিক্ষণ।

১৬। সংৰক্ষণ স্মৃতিৰ — স্তৰ।

উত্তৰ: দ্বিতীয়।

১৬। সাতোঁৰা — স্মৃতিৰ বাবে সম্ভব হয়।

উত্তৰ: অভ্যাস।

খ. শুদ্ধনে অশুদ্ধ কোৱা: (প্রত্যেকটোৰ মূল্যাংক- ১)

১। বিস্মৃতি স্থায়ী বা ক্ষণস্থায়ী দুয়োটাই হ’ব পাৰে।

উত্তৰ: শুদ্ধ।

২। স্মৃতিক একেধৰণৰ বিশেষ মানসিক শক্তি বুলি শক্তিতত্ত্ববিদসকলে মত পোষণ কৰিছে।

উত্তৰ: শুদ্ধ।

৩। শিক্ষণ প্ৰক্ৰিয়াৰ বাবে পুনৰাবৃত্তিৰ আৱশ্যক।

উত্তৰ: শুদ্ধ।

৪। উত্তম স্মৃতিৰ বাবে সুস্বাস্থ্যৰ প্রয়োজন।

উত্তৰ: শুদ্ধ।

৫। স্মৃতি প্রক্রিয়া হ’ল যান্ত্রিক।

উত্তৰ: শুদ্ধ।

৬। স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান। H. S. ’16

উত্তৰ: শুদ্ধ।

৭। যেতিয়া পুৰণি কোনো স্মৃতিয়ে নতুন স্মৃতি লাভ কৰাত বাধা দিয়ে তাক দমন কার্য বুলি কোৱা হয়।

উত্তৰ: অশুদ্ধ।

৮। স্মৃতিৰ বাবে বিৰত পদ্ধতিতকৈ অবিৰত পদ্ধতি অধিক সহায়কাৰী।

উত্তৰ: শুদ্ধ।

৯। স্মৃতি কার্যত অখণ্ড পদ্ধতি খণ্ড পদ্ধতিতকৈ বেছি উপযোগী।

উত্তৰ: শুদ্ধ।

১০। মনত ৰখা কাৰ্যত স্মৃতিয়ে সহায় কৰে।

উত্তৰ: শুদ্ধ।

১১। অর্থহীন শব্দ মনত ৰখা অতি সহজ।

উত্তৰ: অশুদ্ধ।

১২। বন্ধকৰণ হৈছে বিস্মৃতিৰ এটা কাৰণ।

উত্তৰ: শুদ্ধ।

১৩। দিনৰ ভাগত আমি ৰাতিতকৈ অধিক পাহৰো।

উত্তৰ: শুদ্ধ।

১৪। প্রত্যভিজ্ঞা পূর্ব অভিজ্ঞতাৰ উপস্থিতিতহে সম্ভব।

উত্তৰ: শুদ্ধ।

১৫। স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন।

উত্তৰ: শুদ্ধ।

১৬। সংৰক্ষণ ক্ষমতা হ’ল জন্মগত।

উত্তৰ: শুদ্ধ।

১৭। সংবেদনাত্মক অভিজ্ঞতাৰ অবর্তমানত প্রত্যভিজ্ঞা সম্ভৱ নহয়।

উত্তৰ: শুদ্ধ।

গ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক ২)

১। স্মৃতি চাপ কি?

উত্তৰ: আমাৰ পঞ্চ ইন্দ্রিয়সমূহে পৰিবেশৰ পৰা দৃষ্টি, শব্দ, গোন্ধ, স্বাদ, স্পর্শ আদি সংবেদন অনুভূতিৰ যি প্রতিরূপ গ্ৰহণ কৰে, তাৰ একো একোটা ছাপ অথবা সাঁচ মস্তিষ্কৰ স্নায়ুকোষত পৰে। ইয়াৰ ফলত মস্তিষ্কৰ স্নায়বিক গাঁথনিৰ এক পৰিৱৰ্তন আৰু সংস্কাৰ সাধন হয়। এনে স্নায়বিক পৰিৱৰ্তন প্রক্রিয়াক ‘স্মৃতি চাপ’ বুলি কোৱা হয়।

২। পূর্ব অভিজ্ঞতাক সহায় কৰা দুটা উপাদানৰ নাম উল্লেখ কৰা।

উত্তৰ: পূর্ব অভিজ্ঞতাক সহায় কৰা দুটা উপাদানৰ নাম হ’ল (ক) অভিজ্ঞতা আহৰণ আৰু (খ) পুনঃস্মৰণ।

৩। আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম লিখা।

উত্তৰ: আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম হ’ল (ক) ছন্দৰ প্ৰয়োগ আৰু (খ) প্ৰতিৰূপৰ ব্যৱহাৰ।

৪। অবদমন মানে কি?

উত্তৰ: অৱদমন হৈছে এনে এবিধ কার্য যাৰ দ্বাৰা আমাৰ দুখদায়ক অনুভূতিসমূহক জোৰ কৰি অচেতন মনলৈ পঠিয়াই দিয়া হয়। ইয়াক বিস্মৃতিৰ এটা কাৰণ বুলিও ক’ব পাৰি। আচলতে ই ইচ্ছাকৃতভাবে পাহৰি থকা অৱস্থা।

৫। স্মৃতি পৰিসৰ মানে কি?

উত্তৰ : ব্যক্তি এজনৰ মানসিক শক্তিৰ সীমাবদ্ধ ক্ষমতাকেই ‘স্মৃতি পৰিসৰ’ বুলি কোৱা হয়। আন কথাত ক’বলৈ হ’লে ব্যক্তি এজনে এক নির্দিষ্ট সময়ৰ ভিতৰত এবাৰকৈ দেখি বা শুনি কোনো বস্তু মনত ৰখাৰ এক ক্ষমতা আছে। এনেদৰে মনত ৰখাৰ ক্ষমতাৰ সীমাবদ্ধতাকেই ‘স্মৃতি পৰিসৰ’ বোলে।

৬। ‘পুনৰাবৃত্তি স্মৃতিৰ এক আবশ্যকীয় চৰ্ত’ ব্যাখ্যা কৰা।

উত্তৰ: শিক্ষণীয় বা অতীতত আহৰণ কৰা অভিজ্ঞতাক আমাৰ স্মৃতিপটত সজীৱ কৰি ৰাখিবলৈ পুনৰাবৃত্তিৰ প্ৰয়োজন। পুনৰাবৃত্তিয়ে শিক্ষণীয় বিষয়ক দীর্ঘদিনলৈ মনত ৰখাত সহায় কৰে। পুনৰাবৃত্তি যিমানেই বেছি হয় শিক্ষণ অভিজ্ঞতা সিমানেই বেছি সজীৱ হৈ থাকে।

৭। প্রত্যভিজ্ঞা মানে কি?

উত্তৰ: অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ’লেই স্মৰণ কাৰ্য সম্পূর্ণ হ’ল বুলি কব নোৱাৰি। সেই অভিজ্ঞতাৰ প্রতিরূপ বিলাকক আমি পূর্ব অভিজ্ঞতাৰে প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ’ল প্রত্যভিজ্ঞা। এই কাৰ্য স্মৰণ কৰাতকৈ সহজ আৰু চমু।

৮। স্মৃতিৰ প্ৰথমটো উপাদান কি?

উত্তৰ: স্মৃতিৰ প্ৰথমটো উপাদান হৈছে শিক্ষণ। কোনো কথা মনত পেলাবলৈ অথবা স্মৃতি হিচাপে পাবলৈ তাক পূর্বেই শিক্ষা অভিজ্ঞতাৰূপে লাভ কৰিব লাগে।

৯। ম্লান হোৱা বুলিলে কি বুজা?

উত্তৰ: মনোবিজ্ঞানীসকলৰ মতে বিস্মৃতি প্রধানকৈ দুটা কাৰকৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ এটা হ’ল শাৰীৰিক অক্ষমতা আৰু আনটো হ’ল মানসিক অক্ষমতা। বিস্মৃতিৰ এই শাৰীৰিক বাধাগ্ৰস্ততাৰ কাৰককেই ‘ম্লান’ বুলি কোৱা হয়।

১০। ‘প্রত্যভিজ্ঞাই পুনঃস্মৰণত সহায় কৰে’ উদাহৰণ দি বুজাই লিখা।

উত্তৰ: পুনঃস্মৰণ প্রক্রিয়া হ’ল অতীতত লাভ কৰা অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ কাৰ্য। আনহাতে প্রত্যভিজ্ঞাৰ দ্বাৰা স্মৃতি প্রক্রিয়া সহজ হয়। কাৰণ ইয়াত যি বস্তুৰ ক্ষেত্ৰত স্মৃতি পাবলৈ বিচৰা হয়, সি ব্যক্তিৰ ইন্দিয়গ্রাহ্য অবস্থাত থাকে। উদাহৰণ বস্তুনিষ্ট পৰীক্ষাত প্রদত্ত উত্তৰবোৰৰ মাজৰ পৰা শুদ্ধ উত্তৰটো নিৰ্বাচন কৰাৰ সময়ত পৰীক্ষার্থীয়ে প্রত্যভিজ্ঞাৰ সহায় ল’বলগীয়া হয়।

১১। স্মৰণতকৈ প্রত্যভিজ্ঞা কিয় সহজ? H. S. ’17

উত্তৰ: প্রত্যভিজ্ঞাৰ ক্ষেত্ৰত শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ সম্মুখত থাকে। সেইবাবে স্মৰণতকৈ প্রত্যভিজ্ঞা সহজ।

১২। স্মৃতি সদায় অতীতমুখী বুলি কেৱা কথাটো শুদ্ধনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া। H. S. ’18

উত্তৰ: ‘স্মৃতি সদায় অতীতমুখী’ বুলি কোৱা কথাষাৰ শুদ্ধ। ইয়াৰ কাৰণ ‘স্মৃতি’ বুলিলে কোনো অতীত অভিজ্ঞতা মনত পেলোৱাক বুজায়। অতীত অভিজ্ঞতা অবিহনে স্মৃতি অসম্ভব।

১৩। বিস্মৃতি এক আশীর্বাদ’- ব্যাখ্যা কৰা। H. S. ’17

উত্তৰ: অতীতত লাভ কৰা অভিজ্ঞতাক বৰ্তমানত পুনৰ স্মৰণ কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি। ই স্মৃতিৰ বিপৰীতধর্মী গুণ। আমি দৈনন্দিন জীৱনত বহুতো অভিজ্ঞতা লাভ কৰো যদিও প্রতিটো অভিজ্ঞতা মনত ৰখাৰ প্ৰয়োজন বোধ নকৰো। আমি দৰকাৰী কথাবোৰ মনত ৰাখি অদৰকাৰী কথাবোৰ পাহৰি যোৱাৰ প্ৰয়োজন আছে। অদৰকাৰী কথাবোৰ মনৰ পৰা আঁতৰাব নোৱাৰিলে দৰকাৰী কথাবোৰ মনত ৰখা কঠিন হৈ পৰে। ইয়াৰ উপৰি আমি জীৱনত এনে কিছুমান পৰিস্থিতিৰ মুখীমুখি হওঁ বা এনে কিছুমান অভিজ্ঞতা লাভ কৰো যিবোৰে মনত কষ্ট দিয়ে, তেনে অভিজ্ঞতা পাহৰিব পাৰিলে কষ্ট অনুভৱ কৰাৰ পৰা হাত সাৰি থাকিব পাৰি। সেয়ে বিস্মৃতি এক আশীর্বাদ বুলি ক’ব পাৰি।

১৪। ‘স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই। আলোচনা কৰা। H. S. ’16

উত্তৰ: অতীতত শিকা বা লাভ কৰা কোনো অভিজ্ঞতা হুবহু মনত ৰখাটোৱেই স্মৃতি। স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই। কাৰণ স্মৃতিত কোনো নতুন কথাৰ সৃষ্টি হোৱাৰ প্রশ্ন নাহে। কোনো নতুন বস্তু সৃষ্টি কৰিবলৈ সৃজনী শক্তিৰ প্রয়োজন। অতীত অভিজ্ঞতাত সৃজনী শক্তি থাকিব নোৱাৰে। সেয়ে স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই বুলি কোৱা হয়।

১৫। নীতাইতাইৰ কিতাপৰ পৰা প্ৰথম কবিতা এটা শিকিলে। কিন্তু দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্রথম কবিতাটে পাহৰি গ’ল। মনোবৈজ্ঞানিক যুক্তি প্রদর্শন কৰা। H. S. ’16

উত্তৰ : ব্যক্তি এজনে শিকা কথাবোৰ স্মৃতিত ধৰি ৰাখে। স্মৃতিৰ এটা ধর্ম হ’ল ই বহু কথা অনুশীলনৰ অভাৱত বা আন কিবা কাৰণত পাহৰি যায়। এনে পাহৰণিক ‘পশ্চাদমুখী প্রতিৰোধ’ বোলে। নিতাই দ্বিতীয় কবিতাটো শিকাৰ পিছত প্রথম কবিতাটো পাহৰি যোৱা ঘটনাটো স্মৃতিত পশ্চাদমুখী প্রতিৰোধৰ বাবেই হৈছে।

১৬। পশ্চাদমুখী প্রতিৰোধ আৰু পূর্বমুখী প্ৰতিৰোধৰ মাজত পাৰ্থক্যৰ বিষয়ে এটি টোকা লিখা। H. S. ’18

উত্তৰ: আমি কোনো এটা বিষয় শিকাৰ পিছত যেতিয়া আন এটা বিষয় শিকিবলৈ যাওঁ তেতিয়া প্রথমে শিকা কথাটো পাহৰি যাওঁ। অর্থাৎ আমি শিকা দ্বিতীয় বিষয়টোৱে প্রথম বিষয়টো পাহৰাই দিয়ে। ইয়াকে ‘পশ্চাদমুখী প্রতিৰোধ’ বোলে।

আনহাতে কোনো দুটা বিষয় একেলগে শিকিলে পূর্ব বিষয়টোৱে দ্বিতীয় বিষয়টো শিকাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। ইয়াকে পূর্বমুখী প্ৰতিৰোধ বোলে। পশ্চাদমুখী প্ৰতিৰোধ আৰু পূর্বমুখী প্রতিৰোধ বিপৰীতমুখী।

১৭। ‘স্মৃতিৰ বাবে বিস্মৃতিৰ প্রয়োজন’- কাৰণ দর্শোৱা। H. S. ’19

উত্তৰ: ‘স্মৃতিৰ বাবে বিস্মৃতিৰ প্রয়োজন।’ ইয়াৰ কাৰণ স্মৃতি এক জন্মগত প্রক্রিয়া। ই মস্তিষ্কৰ ধাৰণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। আমি প্রতিদিনেই কিবা নহয় কিবা শিকি থাকোঁ। আমি শিকা তথ্যবোৰ যেতিয়া অধিক হয় তেতিয়া মস্তিষ্কই বোজা বুলি ভাবে। সেয়ে ই আগৰ তথ্যবোৰ কিছু পৰিমাণে স্মৃতিৰ পৰা মচি পেলায়। সেয়ে স্মৃতি বাবে বিস্মৃতিৰ প্ৰয়োজন।

১৮। যুক্তিপূর্ণ স্মৃতি বা যৌক্তিক স্মৃতি কাক বোলে? H.S. ’20-5

উত্তৰ নিজৰ বিচাৰ বুদ্ধি প্রয়োগ কৰি কোনো তথ্য ভালদৰে আয়ত্ব কৰি স্মৃতিত সংৰক্ষণ কৰা কাৰ্যক যৌক্তিক স্মৃতি বোলে।

ঘ. বহলাই উত্তৰ দিয়া:

১। অভ্যাস স্মৃতি আৰু প্ৰকৃত স্মৃতিৰ মাজত পার্থক্য কি? H. S. ’17

উত্তৰ: অভ্যাসৰ দ্বাৰা বাৰে বাৰে অনুশীলন কৰি কোনো এটা বিষয় পুনঃ স্মৰণ কৰাৰ যি স্মৃতি তাকেই ‘অভ্যাস স্মৃতি’ বোলা হয়। আনহাতে দৈহিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি স্বতন্ত্রভাবে শিক্ষণীয় বিষয়ৰ স’তে অৰ্থৰ উপলব্ধি আৰু মানসিক প্রচেষ্টাৰ যি প্রতিরূপ মনৰ মাজত গঢ়ি তোলা হয় তাকেই ‘প্রকৃত স্মৃতি’ বুলি কোৱা হয়। ইয়াক ‘প্রতিরূপ স্মৃতি’ বুলিও কোৱা হয়।

প্রকৃত স্মৃতিৰ বাবে উচ্চমান বিশিষ্ট বৌদ্ধিক ক্ষমতাৰ প্রয়োজন। কিন্তু অভ্যাস স্মৃতিৰ ক্ষেত্ৰত উচ্চমান বৌদ্ধিক ক্ষমতাৰ প্রয়োজন নহয়। অভ্যাস স্মৃতিতকৈ প্রকৃত স্মৃতি বেছি স্থায়ী।

২। পুনঃস্মৰণ আৰু প্রত্যভিজ্ঞাৰ মাজত পার্থক্য কি?

উত্তৰ: পুনঃস্মৰণ আৰু প্রত্যভিজ্ঞা হৈছে স্মৃতিৰ দুটা উপাদান। পুনঃস্মৰণ হৈছে সংৰক্ষিত পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপৰ সহায়েৰে সচেতন মনত পুনৰুদ্ধাৰ পোৱা কাৰ্য। আহৰণ কৰা অভিজ্ঞতাসমূহ ভালদৰে সংৰক্ষণ কৰিলে পুনঃস্মৰণ কার্যত অধিক সুবিধা হয়।

আনহাতে স্মৃতিৰ শেষৰ উপাদানটো হ’ল প্রত্যভিজ্ঞা। অতীত অভিজ্ঞতাৰ সংৰক্ষণ অথবা পুনঃস্মৰণ হ’লে স্মৃতি প্রক্রিয়া সম্পূর্ণ হোৱা বুলি ক’ব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাক পূৰ্বৰ প্ৰতিৰূপ হয়নে নহয় সেই সম্বন্ধে নিশ্চিত হোৱাটো প্রয়োজন।

প্রত্যভিজ্ঞাও হৈছে মনৰ এক বিশেষ প্রক্রিয়া। ই ব্যক্তি বিশেষে বেলেগ বেলেগ হয়। প্রত্যভিজ্ঞাৰ দ্বাৰা স্মৃতি লাভ সহজ। কাৰণ এই ক্ষেত্ৰত সম্পূর্ণ মনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। যি বস্তুৰ স্মৃতি পাবলৈ বিচৰা হয়, সি ব্যক্তিৰ ইন্দিয়গ্রাহ্য অৱস্থাত থাকে।

৩। স্মৃতি কি? স্মৃতিৰ উৎকৰ্ষ সাধন কৰাৰ কৌশলসমূহ কি কি?

উত্তৰ: আমি আয়ত্ব কৰা সকলোবোৰ অভিজ্ঞতাকে মনত ধৰি ৰাখিব নোৱাৰো। অচেতন মনত সঞ্চিত হৈ থকা অভিজ্ঞতাখিনিহে আমি মনত ধৰি ৰাখিব পাৰো। এই অভিজ্ঞতাক প্রয়োজন সাপেক্ষে হুবহু এক যান্ত্রিক ৰূপত সচেতনতালৈ লৈ অহাটো অথবা তাৰ পুনৰুদ্দীপন কৰা কার্যটোকেই স্মৃতি। আন কথাত ক’বলৈ হ’লে আমি যি কথা মনত ৰাখো সেয়াই স্মৃতি। স্মৃতি হৈছে এনে ধৰণৰ মানসিক প্রক্রিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্রহ, তাক প্রতিরূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰ উদ্ধাৰকৰণত সহায় কৰে।

স্মৃতিৰ উৎকৰ্ষ সাধন কৰিবলৈ ব্যৱহাৰ কৰা কৌশলসমূহ হ’ল-

(ক) অভিপ্রায় জগাই তোলা।

(খ) সাদৃশ্যকৰণ।

(গ) পুনৰাবৃত্তিকৰণ।

(ঘ) ছন্দৰ প্রয়োগকৰণ।

(ঙ) প্রতিৰূপৰ প্ৰয়োগ।

৪। তৎকালীন স্মৃতি আৰু দীর্ঘকালীন স্মৃতি কি?

উত্তৰ: তৎকালীন স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান যথেষ্ট কম। কিবা এটা কথা শিকা বা অভিজ্ঞতা লাভকৰাৰ পিছত তৎক্ষণাতেই যেতিয়া স্মৃতিৰ প্ৰয়োগ কৰিবলগা হয়, তেনে স্মৃতিক ‘তৎকালীন স্মৃতি’ বুলি কোৱা হয়। তৎকালীন স্মৃতিৰ স্থায়ীত্ব কম।
অভিজ্ঞতাক বহুদিন বিৰতিৰ পাছত ‘দীর্ঘকালীন স্মৃতি’ বুলি কোৱা হয়। দীর্ঘকালীন স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান অতি বেছি। অতীতৰ প্রয়োজন মতে তাক পুনঃস্মৰণ কৰিবপৰা যি মানসিক ক্ষমতা তাকেই উদাহৰণস্বৰূপে এজন বয়স্ক লোকে যেতিয়া ল’ৰালি কালৰ কোনো ঘটনা মনত পোলয়, সেয়া দীর্ঘকললীন স্মৃতিৰ উদাহৰণ।

৫। ভাল স্মৃতি (উত্তম স্মৃতি) ব লক্ষণ (বৈশিষ্ট্য) বোৰ কি কি? H. S. ’18, ’20

উত্তৰ: ভাল (উত্তম) স্মৃতিৰ কেইবাটাও লক্ষণ আছে, যথা-

(ক) ভাল স্মৃতিৰ গৰাকীয়ে অভিজ্ঞতাৰ পৰা আহৰণ কৰা যিকোনো কথাই অতি দ্রুত গতিত আয়ত্ব কৰিব পাৰে।

(খ) ভাল স্মৃতিৰ লোকসকলে আহৰণ কৰা অভিজ্ঞতাবিলাকক দীর্ঘসময়ৰ বাবে মনৰ ভিতৰত সংৰক্ষণ কৰি ৰাখিব পাৰে।

(গ) ভাল বা উত্তম স্মৃতিৰ লোকসকলে অতি কম সময়ৰ ভিতৰত সঠিকভাবে চিনাক্ত কৰিব পাৰে।

(ঘ) উত্তম স্মৃতিৰ গৰাকীয়ে স্মৃতিৰ প্ৰতিৰূপক সঠিকভাবে উপযুক্ত সময়ত, উপযুক্ত ঠাইত ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।

৬। বিস্মৃতি কি? ইয়াৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰ: অতীতত লাভ কৰা অভিজ্ঞতাক বৰ্তমানত পুনৰ স্মৰণ কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি। ই স্মৃতিৰ বিপৰীতধর্মী গুণ। আমি দৈনন্দিন জীবনত বহুতো অভিজ্ঞতা লাভ কৰো যদিও প্রতিটো অভিজ্ঞতা মনত ৰখাৰ প্ৰয়োজন বোধ নকৰো। আমি দৰকাৰী কথাবোৰ মনত ৰাখি অদৰকাৰী কথাবোৰ পাহৰি যোৱাৰ প্ৰয়োজন আছে। অদৰকাৰী কথাবোৰ মনৰ পৰা আঁতৰাব নোৱাৰিলে দৰকাৰী কথাবোৰ মনত ৰখা কঠিন হৈ পৰে।
বিস্মৃতিৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল-

(ক) প্রতিরূপ সংৰক্ষণৰ অক্ষমতাই হ’ল বিস্মৃতি।

(খ) স্মৃতিৰ বাবেই বিস্মৃতিৰ প্রয়োজন।

(গ) বিস্মৃতি হ’ল শিক্ষাৰ এক যুক্তিযুক্তকৰণ কাৰ্যবিশেষ।

(ঘ) বিস্মৃতি হ’ল স্মৃতি প্রক্রিয়াৰ এক আনুসংিগক পর্যায়।

(ঙ) বিস্মৃতিয়ে সচেতন মনৰ প্ৰতিৰক্ষাকাৰী স্বৰূপে কাম কৰে। ই দুখদায়ক অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা মনক বচাই ৰাখে।

৭। স্মৃতিৰ ক্ষেত্ৰত তিনিটা কি কি বিশেষ বস্তুৰ প্ৰয়োজন?

উত্তৰ: স্মৃতি হ’বলৈ তিনিটা বিশেষ বস্তুৰ প্রয়োজন। সেয়া হ’ল-

(ক) শিক্ষণ: কোনো অভিজ্ঞতা বা শিক্ষণ নোহোৱাকৈ সেই বিষয়ৰ স্মৃতি লাভ কৰিব নোৱাৰি। গতিকে শিক্ষণ স্মৃতিৰ বাবে প্রয়োজনীয় চর্ত।

(খ) সংৰক্ষণ: কোনো এক অভিজ্ঞতা লাভ কৰাৰ পিছত তাক সংৰক্ষণ কৰি নাৰাখিলে তাৰ স্মৃতি লাভকৰিব নোৱাৰি। সংৰক্ষণ ক্ষমতা ব্যক্তিভেদে বেলেগ বেলেগ হয়।

(গ) পুনঃস্মৰণ: সংৰক্ষিত পূর্ব অভিজ্ঞতাক প্ৰতিৰূপৰ সহায়েৰে সচেতন মনত পুনৰুদ্ধাৰ কৰা কাৰ্যই হৈছে পুনঃস্মৰণ। ইয়াৰ অবিহনে স্মৃতি সম্ভব নহয়।

৮। যুক্তিপূর্ণ স্মৃতি আৰু মুখস্থ স্মৃতি কি?

উত্তৰ: কোনো বিষয়-বস্তু ভালদৰ শিকি, হৃদয়ঙ্গম কৰি যি স্মৃতি লাভ কৰা হয় তাকে ‘যুক্তিপূর্ণ স্মৃতি’ বোলে। উদাহৰণ স্বৰূপে বিদ্যার্থীসকলে সাধাৰণ গণিতৰ সমস্যা সমাধান কৰোতে, কম্পিউটাৰ শিকোতে বা বিজ্ঞানাগাৰত নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাওঁতে এইবিধ স্মৃতিৰ প্রয়োগ কৰে।
আনহাতে, মুখস্থ স্মৃতি যুক্তিপূর্ণ স্মৃতিৰ বিপৰীতধর্মী। ইয়াত কেবল মৌখিকভাবে পুনৰাবৃত্তি কৰি কোনো শিক্ষণ বা অভিজ্ঞতাৰ ছাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা হয়। এনেদৰে মৌখিক বা পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল বারে এই স্মৃতিক ‘মৌখিক বা মুখস্থ স্মৃতি’ বোলা হয়। আন কথাত ক’বলৈ গ’লে কোনো বিষয়বস্তু বুজি মনত ৰখাৰ বিপৰীতে কেৱল মুখস্থৰ ওপৰত নিৰ্ভৰ কৰি যি স্মৃতি লাভ কৰা হয় তাকেই মুখস্থ স্মৃতি বুলি কোৱ হয়।

৯। বিস্মৃতিৰ চাৰিটা বস্তুনিষ্ঠ (দৈহিক) কাৰণ সম্পর্কে আলোচনা কৰা। H. S. ’18, ’20

উত্তৰ: অতীতত শিকা কোনো বিষয় স্মৰণ কৰিব নোৱাৰাই বিস্মৃতি। বিস্মৃতিৰ চাৰিটা কাৰণ হ’ল-

(ক) আগ্রহ বিহীন শিক্ষণ

(খ) পশ্চাদমুখী প্রতিৰোধ

(গ) দমন কার্য

(ঘ) আবেগিক কাৰণ।

কোনো বিষয় শিকাত যদি আগ্রহৰ অভাৱ হয়, তেন্তে তেনে বিষয় মনত ৰখাটো অসম্ভৱ হয়। স্মৃতিৰ এক বৈশিষ্ট্য অনুযায়ী পিছত শিকা বিষয় এটাই তাৰ আগতে শিকা বিষয়বোৰ পাহৰাই দিয়ে যাক পশ্চাদমুখী প্রতিৰোধ বোলে। আকৌ কেতিয়াবা কিছুমান বিষয় বা ঘটনা আমি ইচ্ছা কৰিয়েই পাহৰি থাকিব বিচাৰো। ফলত সেই বিষয়বোৰ বিস্মৃতিৰ মাজত সোমাই যায়। কেতিয়াবা আবেগিক আলোড়ণ বা মানসিক চাপৰ বাবেও আমি আগতে শিকা বিষয়বোৰ পাহৰি যাওঁ।

১০। স্মৰণৰ যিকোনো দুটা সহজ পদ্ধতি চমুকৈ আলোচনা কৰা। H. S. ’15

উত্তৰ : স্মৰণৰ কেইবাটাও পদ্ধতি আছে যদিও তাৰে ভিতৰত দুটা সহজ পদ্ধতি আলোচনা কৰিবলৈ লোৱা হ’ল-

(ক) খণ্ড আৰু অখণ্ড পদ্ধতিঃ খণ্ড পদ্ধতি বুলিলে শিক্ষণীয় বিষয় এটা কেইবাটাও ভাগত খণ্ড খণ্ড কৰি শিকাটোকে বুজায়। আনহাতে অখণ্ড পদ্ধতি বুলিলে সকলো বিষয় সামুহিকভাৱে আয়ত্ব কৰাটোক বুজায়। অৱশ্যে খণ্ড পদ্ধতিৰ স্মৰণ ক্ষণস্থায়ী।

(খ) ছন্দ পদ্ধতিঃ কিছুমান গীত, কবিতা আদি ছন্দোৱদ্ধ হয়। সেইবোৰ শিকাত বা মনত ৰখাত সহজ হয়। সেয়ে কোনো কথা ছন্দ, লয় আদিৰ মাধ্যমত শিকিব পাৰিলে সেয়া স্মৰণত ৰৈ যায়। এনে পদ্ধতিত সৰু-সৰু ল’ৰা-ছোৱালীক শিকোৱা হয়। বহু সময়ত জটিল বিষয়ো ছন্দৰ মাধ্যমত সহজে মনত ৰাখিব পাৰি। উদাহৰণস্বৰূপে আমি দ্বিতীয় শ্রেণীত শিকা ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰা ‘ঈশ্বৰ’ কবিতাটো ছন্দোবদ্ধ হোৱা বাবে আজিলৈকে মনত আছে। এনে পদ্ধতিত শিকা বিষয় দীর্ঘস্থায়ী হয়।

25. স্মৃতি কি? স্মৃতিৰ উপাদান (পর্যায়) সমূহ চমুকৈ আলোচনা কৰা। H. S. ’15, ’20

উত্তৰ: অতীতত শিকা বা লাভ কৰা কোনো অভিজ্ঞতা হুবহু মনত ৰখাটোৱেই স্মৃতি। স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই।
স্মৃতিৰ কেইবাটাও উপাদান আছে, যেনেঃ

(ক) শিক্ষণ: স্মৃতিৰ প্ৰথমটো উপাদান হৈছে শিক্ষণ। কোনো কথা মনত পেলাবলৈ অথবা স্মৃতি হিচাপে পাবলৈ তাক পূর্বেই শিক্ষা অভিজ্ঞতাৰূপে লাভ কৰিব লাগে।

(খ) সংৰক্ষণ: শিক্ষণৰ দ্বিতীয় উপাদান হৈছে শিক্ষণ অভিজ্ঞতাক প্রতিরূপ আকাৰে মনত সংৰক্ষণ কৰা। অর্থাৎ শিকা বিষয়বোৰ মনত ৰখাৰ চেষ্টা কৰিব লাগে।

(গ) পুনৰাভিব্যক্তিকৰণ: স্মৃতিৰ তৃতীয় উপাদান হৈছে চেতন মনত প্রয়োজন অনুযায়ী পুনৰুৎপাদন কৰা বা পুনঃস্মৰণ কৰা।

(ঘ) প্রত্যাভিজ্ঞা: চেতন মনত পুনৰুদ্দীপিত কৰা বিষয় অতীতৰ প্রত্যক্ষ অভিজ্ঞতাৰ লগৰ সাদৃশ্য থকা বা নথকাৰ বিষয়ে মনত বিবেচনা কৰা।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment