Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education Chapter 4 Solutions Note শিক্ষণ

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি শিক্ষণ Class 12 Education Chapter 4 Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক Class 12 Education Chapter 4 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education Chapter 4 Solutions Note শিক্ষণ

Class 12 Education Chapter 4 Solutions Note শিক্ষণ

গোট – ৪

শিক্ষণ

ক. খালী ঠাই পূৰ্ণ কৰাঃ (প্ৰত্যেকটোৰ মূল্যাংক – ১)

১। উদ্দীপকৰ সলনিকৰণ হ’ল শিক্ষণৰ — তত্ত্বৰ মূল বিষয়বস্তু।

উত্তৰ: অনুবন্ধনবাদ।

২। টেনিৰিফ দ্বীপত ক’হলাৰে সৰ্বাধিক পৰীক্ষা-নিৰীক্ষা চলোৱা জন্তুবিধ আছিল —।

উত্তৰ: চিম্পাঞ্জী।

৩। স্কীনাৰ মতে, ‘অভ্যাস, জ্ঞান আৰু — ৰ আয়ত্বকৰণ আৰু সংৰক্ষণেই হ’ল শিক্ষণ।

উত্তৰ। মনোভংগী।

৪। গেষ্টাল্ট স্কুল অব চাইক’লজীৰ প্ৰতিষ্ঠাপক আছিল —।

উত্তৰ ক’হলাৰ।

৫। শিক্ষণ হ’ল — আয়ত্মকৰণ।

উত্তৰ: অভিজ্ঞতাৰ।

৬। থৰ্ণডাইকৰ মতে শিক্ষণ হ’ল — আৰু — মাজত সংযোগ স্থাপন।

উত্তৰ উদ্দীপক, প্রতিক্রিয়া।

৭। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সমৰ্থক আছিল —।

উত্তৰ: থর্ণডাইক।

৮। গেষ্টাল্ট এটা — শব্দ।

উত্তৰ: জার্মান।

৯। শিক্ষণৰ অনুশীলন নীতিয়ে গুৰুত্ব প্রদান কৰে — ৰ ওপৰত।

উত্তৰ: পুনৰাবৃত্তি।

১০। শিক্ষণ হ’ল অভিজ্ঞতাৰ যোগেদি — সংশোধন হোরা কার্য।

উত্তৰ: আচৰণ।

১১। —  তত্ত্বটো পেভলভে উদ্ভাবন কৰিছিল।

উত্তৰ: অনুবন্ধনবাদ।

১২। যদি স্বাভাবিক প্রতিক্রিয়া, কৃত্রিম উদ্দীপকৰ দ্বাৰা সৃষ্টি কৰা হয়, তাক বুলি কোৱা হয়।

উত্তৰ: অনুবন্ধনবাদ।

শুদ্ধনে অশুদ্ধ কোৱা:

১। শিক্ষণ কাৰ্যৰ বাবে শিক্ষার্থীৰ কোনো প্রস্তুতিৰ প্রয়োজন নাই।

উত্তৰ: অশুদ্ধ।

২। অসুস্থ অবস্থাই শিক্ষণত বাধা প্রদান কৰে।

উত্তৰ: শুদ্ধ।

৩। ছন্দবদ্ধ আবৃতিকৰণ শিক্ষণৰ উত্তম অৱস্থা।

উত্তৰ: শুদ্ধ।

৪। অভিৰোচন শিক্ষণৰ ক্ষেত্ৰত অত্যাবশ্যকীয়।

উত্তৰ: শুদ্ধ।

৫। শিক্ষণ হ’ল এক জীৱনজোৰা প্রক্রিয়া।

উত্তৰ শুদ্ধ।

৬। শিক্ষণে আচৰণ সংশোধন কৰে ভাল ক্ষেত্রতহে, বেয়াৰ ক্ষেত্ৰত নহয়।

উত্তৰ: অশুদ্ধ।

৭। শিক্ষণ কার্য সচেতন আৰু অসচেতন দুই ধৰণে হ’ব পাৰে।

উত্তৰ: শুদ্ধ।

৮। খুব অস্থায়ীভাবে আচৰণ পৰিবৰ্তন হোৱাকে শিক্ষণ বোলে।

উত্তৰ: অশুদ্ধ।

৯। অন্তদর্শন শিক্ষণ এক যান্ত্রিক প্ৰকাৰৰ শিক্ষণ।

উত্তৰ: অশুদ্ধ।

১০। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ফলদায়ক নহয়।

উত্তৰ: শুদ্ধ।

১১। অন্তদর্শন শিক্ষণৰ উচ্চ স্তৰৰ পদ্ধতি।

উত্তৰ শুদ্ধ।

১২। শিক্ষণে পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে।

উত্তৰ: অশুদ্ধ।

১৩। অন্তদর্শন পদ্ধতি হ’ল শিক্ষণৰ এক যান্ত্রিক পদ্ধতি।

উত্তৰ: অশুদ্ধ।

১৪। শিক্ষণৰ প্ৰতি থকা ইচ্ছাই আধা শিক্ষণ সম্ভৱ কৰে।

উত্তৰ শুদ্ধ।

১৫। প্রচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণৰ এক সমস্যা সমাধান প্রক্রিয়া।

উত্তৰ: অশুদ্ধ।

১৬। পৰিপক্কতা হ’ল এক গতানুগতিক প্রক্রিয়া।

উত্তৰ: শুদ্ধ।

১৭। প্রচেষ্টা আৰু ভুল শিক্ষণত ভুলৰ শৈক্ষিক মূল্য আছে।

উত্তৰ শুদ্ধ।

১৮। প্রকৃতিগতভাবে পৰিপক্কতা হ’ল জৈবিক।

উত্তৰ শুদ্ধ।

১৯। অন্তদর্শনে শিক্ষণক দৈহিক দৃষ্টিৰে ব্যাখ্যা কৰে।

উত্তৰ শুদ্ধ।

২০। সকলো জীবৰেই শিক্ষণ ক্ষমতা সমান।

উত্তৰ: অশুদ্ধ।

২১। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি হ’ল ‘নির্বাচন আৰু সংযোগৰ দ্বাৰা শিক্ষণ’।

উত্তৰ শুদ্ধ।

২২। অনুবন্ধন হৈছে এক অনুসংযোগমূলক শিক্ষণ।

উত্তৰ: শুদ্ধ।

২৩। অনুবন্ধনে এটা উদ্দীপকক আন এটা উদ্দীপকলৈ সলনি কৰে।

উত্তৰ: শুদ্ধ।

২৪। শিক্ষণ কাৰ্যৰ বাবে শিক্ষার্থীৰ কোনো প্রস্তুতিৰ প্ৰয়োজন নাই।

উত্তৰ: অশুদ্ধ।

২৫। অসুস্থ অবস্থাই শিক্ষণত বাধা প্রদান কৰে।

উত্তৰ শুদ্ধ।

২৬। খালী ঠাই পূৰণ কৰাঃ

(ক) শিক্ষাত শাস্তি আৰু পুৰস্কাৰৰ ভিত্তি হৈছে শিক্ষণৰ — নীতি। H. S. ’15

উত্তৰ: ফলাফল।

(খ) সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ — পদ্ধতিৰ মূল উপাদান। H. S. ’17

উত্তৰ: প্রচেষ্টা আৰু ভুল।

(গ) বহুবাৰ চেষ্টা কৰি এজন ছাত্রই অংক এটা নিজে কৰিবলৈ সক্ষম হ’ল। এনে শিক্ষণ প্রক্রিয়া শিক্ষণৰ …………. পদ্ধতিৰ দ্বাৰা সমর্থিত। H. S. ’18

উত্তৰ: প্রচেষ্টা আৰু ভুল।

(ঘ) শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ — য়ে পৃষ্ঠপোষকতা কৰিছিল। H. S. ’17

উত্তৰ: থর্ণডাইক।

(ঙ) লৰ প্ৰবাদকেইটা কোন কেইটা শিকন নীতিৰ লগত জড়িত, উল্লেখ কৰা। H.S. ’19

(i) অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।

উত্তৰ: অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ – অনুশীলনৰ নীতি।

(ii) কৃতকার্যতাই কৃতকার্যতাক আগুৱাই নিয়ে।

উত্তৰ: কৃতকার্যতাই কৃতকার্যতাক আগুৱাই নিয়ে ফলাফলৰ নীতি।

২৭। অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম — । H.S. ’20

উত্তৰ গুৱাহাটী চেমিনাৰী স্কুল

২৮। কোনো এজন ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাবে পৰিবেশৰ কোনো বস্তু বা বিষয়লৈ প্রদান কৰা মনোযোগক — মনোযোগ বোলা হয়। H.S. ’20

উত্তৰ: ঐচ্ছিক

২৯। উচ্চ শব্দ আৰু স্থল স্থল আৰু জিকমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকৰ্ষণ কৰে -কাৰণ দর্শোরা। H.S. ’19

উত্তৰঃ উদ্দীপক অতি তীব্র হ’লে ই স্বতঃস্ফূর্তভাবে আমাৰ মানোযোগ আকর্ষণ কৰে। সেয়ে উচ্চ শব্দ শব্দ আৰু জিকমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকর্ষণ কৰে।

খ. চমু প্রশ্নোত্তৰ

১। অনুবন্ধনৰ ফলাফল হিচাপে এটা আচৰণৰ উদাহৰণ দিয়া।

উত্তৰ: অনুবন্ধনৰ ফলাফল হিচাপে এটা আচৰণৰ উদাহৰণ হ’ল- ভাল অভ্যাস গঠন কৰা।

২। শিক্ষণ সম্বন্ধে গেটছে দিয়া সংজ্ঞাটো লিখা।

উত্তৰ: শিক্ষণ সম্বন্ধে গেটছে দিয়া সংজ্ঞাটো হ’ল ” অভিজ্ঞতা আৰু প্রশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা কাৰ্যই হ’ল শিক্ষণ।”

৩। পেভলভৰ অনুবন্ধন পৰীক্ষাত অনুবন্ধিত প্রতিক্রিয়া কোনটো?

উত্তৰ: বেল বা ঘণ্টাৰ শব্দটো অনুবন্ধনবাদ পৰীক্ষাত অনুবন্ধিত প্রতিক্রিয়া।

৪। অনুবন্ধিত প্রতিক্রিয়া কি?

উত্তৰ: কৃত্রিম উদ্দীপক আৰু স্বাভাৱিক প্রতিক্রিয়াৰ মাজত এক নতুন সংযোগ সৃষ্টি কৰি অনুবন্ধিত প্রতিক্রিয়াৰ সৃষ্টি হয়।

৫। কৃত্রিম উদ্দীপক মানে কি?

উত্তৰ: অনুবন্ধনবাদৰ মতে, স্বাভাবিক উদ্দীপকক কৃত্রিম উদ্দীপকলৈ সলনি কৰা হয়, কিন্তু প্রতিক্রিয়া সকলো সময়তে একে থাকে।

৬। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পৰা শিকা এটা আচৰণৰ উদাহৰণ দিয়া।

উত্তৰ: প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পৰা শিকা এটা আচৰণৰ উদাহৰণ হ’ল কুঅভ্যাস ত্যাগ কৰা আৰু ভাল অভ্যাস গঠন কৰা।

৭। অনুশীলন নীতিৰ দুটা ভাগ কি কি।

উত্তৰ: অনুশীলন নীতিৰ দুটা ভাগ হ’ল ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি।

৮। অতিৰিক্ত শিক্ষণ কি?

উত্তৰ: কোনো এটা বিষয়ৰ শিক্ষা লাভ কৰোতে যদিহে প্রয়োজনীয় চেষ্টাতকৈ বেছি চেষ্টা কৰিবলগীয়া হয়, তাকে ‘অতিৰিক্ত শিক্ষণ’ বোলে। কিন্তু অতিৰিক্ত শিক্ষণ কাৰো বাবে বোজাস্বরূপ হোৱা উচিত নহয়।

৯। বিৰত শিক্ষণ কি?

উত্তৰ : বিৰত বা ব্যৱহৃত হৈছে শিক্ষণৰ এটা পদ্ধতি। এই পদ্ধতিত শিকাৰুৱে নিজৰ প্রয়োজন অনুযায়ী নিজৰ শিক্ষা কিছু সময়ৰ বাবে স্থগিত ৰাখিব পাৰে। ইয়াৰ সহায়ত তেওঁৰ দেহ-মনত নতুন শক্তিৰ সঞ্চয় হয় আৰু পুনৰাই নতুন উদ্যমেৰে শিক্ষা আহৰণ কৰিব পাৰে।

১০। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত?

উত্তৰ : শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি সংযোগবাদ তত্ত্বৰ লগত জড়িত।

১১। শিক্ষণৰ অন্তদর্শন পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত? H. S. ’17

উত্তৰ: শিক্ষনৰ অন্তঃদর্শন পদ্ধতি সামগ্রিকতাবাদ তত্ত্বৰ লগত জড়িত।

১২। পৰিপক্কতা আৰু শিক্ষণৰ এটা সাধাৰণ (উমৈহতীয়া) বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: পৰিপক্কতা আৰু শিক্ষণৰ এটা সাধাৰণ (উমৈহতীয়া) বৈশিষ্ট্য হ’ল পৰিপক্কতাই ব্যক্তিৰ বিকাশত সহায় কৰে।

১৩। এটা উপযুক্ত উদাহৰণৰ সহায়ত শিক্ষণৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰ: শিশু এটাই জন্ম গ্রহণৰ পিছতেই স্বাভাৱিক জীৱনৰ লগত খাপ খুৱাবলৈ অসুবিধা পায়। খোৱাৰ বাবে, গা ধোৱাৰ বাবে, কাপোৰ পিন্ধোতে পৰনিৰ্ভশীল হয়। এটা নির্দিষ্ট সময়ৰ পিছৰ পৰা শিশুৱে এইবোৰ কৰিব পৰা হয়। এয়াই হ’ল শিক্ষণ। এনেদৰে শিক্ষণ জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যুলৈকে চলি থাকে।

১৪। ব্যৱহাৰ আৰু অব্যৱহাৰ নীতি কেইটা ব্যাখ্যা কৰা।

উত্তৰ: থৰ্ণডাইকৰ মতে, পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশোধিত সম্বন্ধ স্থাপন হোৱাৰ সময়ত আনবোৰ অবস্থা একে থাকিলে এই সংযোগৰ শক্তি বৃদ্ধি হয়। আনহাতে যদিয়ে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংশোধিত সম্বন্ধ দীর্ঘ সময় ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযোগৰ শক্তি কমি যায়। অর্থাৎ অনুশীলন চলি থাকিলে (ব্যৱহাৰ হৈ থাকিলে) শিক্ষণো সজীৱ হৈ থাকে আৰু যদি অনুশীলন বা ব্যৱহাৰ এৰি দিয়া হয় তেন্তে শিক্ষণো দুর্বল হৈ পৰে।

১৫। শিক্ষণৰ গেষ্টাল্ট (সমগ্রতাবাদ) তত্ত্বৰ দুজন সমর্থনকাৰীৰ নাম লিখা।

উত্তৰ: কহলাৰ আৰু কঙ্কা।

১৬। এজন গাড়ীৰ ড্রাইভাৰে ট্রেফিক পইন্টত ৰঙা লাইটটো দেখাৰ লগে লগে গাড়ীখন ৰখাই দিয়ে। এই ক্ষেত্ৰত শিক্ষণৰ কোনটো পদ্ধতিয়ে ক্রিয়া কৰা যেন লাগে। H. S. ’16

উত্তৰ: অনুবন্ধন পদ্ধতি।

১৭। ‘সমগ্রতা নিৰীক্ষণৰ ওপৰত শিক্ষণ নির্ভৰশীল।’ এই উক্তিটোৰ লগত শিক্ষণৰ কোনটোপদ্ধতি জডিত হৈ আছে? H. S. ’15

উত্তৰ: অন্তদর্শন পদ্ধতি।

১৮। শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। -উদাহৰণসহ ব্যাখ্যা কৰা। H. S. ’18

উত্তৰ: শিক্ষণ হৈছে জীৱনজোৰা এক প্রক্রিয়া। বয়স বৃদ্ধিৰ লগে লগে ব্যক্তিৰ শাৰীৰিক, মানিসক, স্নায়বিক আদি সকলো দিশত পৰিপক্কতাৰ লাভ কৰে। ইয়াৰ লগে লগে ব্যক্তিজনে জীৱনৰ জটিল সমস্যাসমূহৰ মুখামুখি হৈ বহুতো বাস্তৱ শিক্ষা লাভ কৰে। উদাহৰণস্বৰূপে প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ এজনৰ বয়স কম থাকে বাবে সি গণিতৰ কঠিন সূত্ৰবোৰ বুজিব নোৱাৰে। ইয়াৰ বিপৰীতে দশম শ্রেণীৰ ছাত্ৰ এজনে সেই সূত্ৰবোৰ সহজে বুজিব পাৰে। ইয়াৰ ঘাই কাৰণ বয়স আৰু সেই অনুপাতে শাৰীৰিক আৰু মানসিক পৰিপক্কতা।

১৯। অনুবন্ধিত প্রতিক্রিয়া কি? পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অনুবন্ধিত প্রতিক্রিয়া কোনটো? H. S. ’17

উত্তৰ : স্বাভাবিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্রিম উদ্দীপক প্রদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্রতিক্রিয়াকে প্রদর্শন কৰাই হৈছে অনুবন্ধিত প্রতিক্রিয়া। ইয়াৰ প্রথম প্রতিক্রিয়া দ্বিতীয় প্রতিক্রিয়াৰ লগত অনুবন্ধিত হয়। শক্তিশালী উদ্দীপকৰ প্ৰভাৱত আপেক্ষিকভাবে কম শক্তিশালী উদ্দীপকৰো প্রতিক্রিয়াস্বরূপ হৈ উঠে। এয়াই অনুবন্ধন।

পেভলভৰ অনুবন্ধনৰ প্ৰতিক্ৰিয়াটো হৈছে ঘন্টাৰ লগত লালটি ওলোৱা ক্ৰিয়াটো।

২০। শিক্ষণৰ অনুশীলন নীতিৰ দুটা ভাগ উল্লেখ কৰা। H. S. ’17, ’20

উত্তৰ : শিক্ষণৰ অনুশীলন নীতিৰ দুটা ভাগ হৈছে-

(ক) ব্যৱহাৰৰ নীতি আৰু

(খ) অব্যৱহাৰৰ নীতি।

২১। শিক্ষণৰ অনুবন্ধন নীতিৰ দুটা শিক্ষামূলক প্রায়োগিকতা উল্লেখ কৰা। H. S. ’18

উত্তৰ : শিক্ষণৰ অনুবন্ধন নীতিৰ দুটা শিক্ষামূলক প্রায়োগিকতা হ’ল-

(ক) আচৰণ সংশোধন আৰু

(খ) ভাষাজ্ঞান প্রদানত সহায় কৰা।

২২। শিক্ষণৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি দুটা উল্লেখ কৰা। H. S. ’16

উত্তৰ : শিক্ষণৰ দুটা ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি হ’ল-

(ক) পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশোধিত সম্বন্ধ স্থাপন হোৱাৰ সময়ত আনবোৰ অৱস্থা একে থাকিলে শিক্ষণ সংযোগৰ শক্তি বৃদ্ধি হয়।

(খ) যদি পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজৰ সংশোধিত সম্বন্ধ দীর্ঘ সময়ৰ ধৰি স্থাপন নহয়, তেতিয়া সেই সংযোগৰ শক্তি কমি যায়। অর্থাৎ অনুশীলন চলাই থাকিলে (ব্যৱহাৰ হৈ থাকিলে) শিক্ষণো সজীর হৈ থাকে আৰু যদি অনুশীলন এবি দিয়া হয়, তেতিয়া শিক্ষণো দুর্বল হয়।

গ. উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক ৩।৪)

১। অন্তদর্শন কি? H. S. ’19

উত্তৰ লক্ষ্যৰ দ্বাৰা শিকা কার্যই হ’ল অন্তদর্শনৰ দ্বাৰা আহৰণ কৰা শিক্ষণ। এই পদ্ধতিত আমি প্রথমে সমগ্ৰ পৰিস্থিতি সম্বন্ধে আমাৰ বুদ্ধি আৰু অন্তদর্শনৰ সহায়ত বুজ লোৱাৰ চেষ্টা কৰো আৰু তাৰ পাছত সেই পৰিস্থিতিতেই সন্তোষজনকভাবে কার্য কৰিবলৈ সক্ষম হওঁ। প্রায় সকলোবোৰ আৱিস্কাৰ আৰু উদ্ভাৱন অন্তদৰ্শনৰ ফলতেই সংঘটিত হয়।

২। শিক্ষণ আৰু ফলাফলৰ সম্বন্ধ আলোচনা কৰা।

উত্তৰ: শিক্ষণ আৰু ফলাফলৰ মাজত সম্বন্ধ আছে। শিক্ষার্থীয়ে শিক্ষা লাভ কৰি তাৰ ফলাফল যদি সন্তোষজনক হয় তেন্তে সেই কাম পুনৰ কৰিবলৈ উৎসাহ পায়। আৰু যদিহে সেই ফলাফল সন্তোষজনক নহয়, তেন্তে সেই কামৰ প্ৰতি নিৰুৎসাহিত হয়। গতিকে শিক্ষণ আৰু ফলাফলৰ মাজত পাৰস্পৰিক সম্বন্ধ আছে।

৩। শিক্ষণ আৰু অভিৰোচনৰ মাজৰ সম্বন্ধ আলোচনা কৰা।

উত্তৰ: শিক্ষণ আৰু অভিৰোচনৰ মাজত ওচৰ সম্বন্ধ আছে। অভিৰোচন নোহোৱাকৈ শিক্ষণ কার্য অসম্ভব। কাৰণ অভিৰোচনে শিক্ষণৰ বাবে শিক্ষার্থীৰ মনত মানসিক প্রস্তুতিৰ সৃষ্টি কৰে যিটো শিক্ষার্থীৰ বাবে অতিকৈ প্রয়োজনীয়।

৪। শিক্ষণৰ প্ৰধান নীতি কেইটা?

উত্তৰ : শিক্ষণৰ প্ৰধান নীতি তিনিটা। যেনে-

(ক) ফলাফলৰ নীতি

(খ) অনুশীলনৰ নীতি আৰু

(গ) প্রস্তুতিৰ নীতি।

৫। শিক্ষণৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’18

উত্তৰ : শিক্ষণৰ তিনিটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল-

(ক) শিক্ষণ হ’ল আচৰণ সংশোধন কৰা এক কাৰ্য বিশেষ। H. S. ’17, ’20

(খ) শিক্ষণ সদায় এক নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয়।

(গ) শিক্ষণৰ ওপৰত জৈৱিক, বংশগতি আৰু পৰিৱেশৰ যথেষ্ট প্রভাৱ থাকে।

(ঘ) শিক্ষণ এক সার্বজনীন প্রক্রিয়া।

৬। প্রচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তদৰ্শন পদ্ধতিৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰ: প্রচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তদর্শন পদ্ধতিৰ মাজৰ পাৰ্থক্য হ’ল-

(ক) প্রচেষ্টা আৰু ভুল পদ্ধতি হৈছে এক যান্ত্রিক পদ্ধতি।

আনহাতে অন্তদর্শন পদ্ধতিত যান্ত্রিকতা সম্পূর্ণ বর্জনীয়।

(খ) প্রচেষ্টা আৰু ভুলপদ্ধতি নিম্ন শ্ৰেণীৰ জীৱৰ বাবে উপযোগী।

আনহাতে অন্তদর্শন পদ্ধতি উচ্চ শ্ৰেণীৰ জীৱৰ বাবে উপযোগী।

(গ) প্রচেষ্টা আৰু ভুল পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ চেষ্টা আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে।

আনহাতে অন্তদর্শন পদ্ধতি ছাত্র-ছাত্রীৰ প্রকৃতি, প্রয়োজন আৰু বৌদ্ধিক স্তৰৰ ওপৰত নিৰ্ভৰশীল।

৭। “শিক্ষণ হ’ল এক বিকাশশীল প্রক্রিয়া”- ব্যাখ্যা কৰা। H. S. ’15, ’18

নাইবা

শিক্ষণ এটা সমস্যা সমাধান প্রক্রিয়াৰ বাহিৰে আন একো নহয়।’ তোমাৰ মতামত দিয়া। H. S. ’18

উত্তৰ: অৱস্থাৰ পৰিৱৰ্তন আৰু ক্রমোন্নতিৰ যোগেদি লাভ কৰা জীৱনৰ অভিজ্ঞতাই হ’ল শিক্ষণ। মানুহ সদায় নতুন নতুন পৰিৱেশ, পৰিস্থিতি আৰু সমস্যাৰ সন্মুখীন হয়। এইবোৰত নিজৰ প্ৰবৃতি পৰিচালিত ক্রিয়া আচৰণ আদিৰ ক্ৰমে পৰিবৰ্তন আৰু উন্নতি সাধন কৰি পৰিৱেশৰ লগত সুস্থ সমাযোজনৰ সৃষ্টি কৰে। তাৰ দ্বাৰা উন্নত ক্রিয়া আচৰণ আৰু কৌশল আদি জানি উঠাৰ এক ক্রমাগত অভিজ্ঞতা লাভ কৰে আৰু তাৰ জৰিয়তে দৈনন্দিন জীবনত মুখামুখি হোৱা সমস্যাসমূহ সমাধান কৰে। সেইবাবে ই হৈছে পৰিবৰ্তনৰ যোগেদি ক্রমাগতভাৱে লাভ কৰা এক বিকাশশীল অভিজ্ঞতা মাথোন। ইয়াৰ যোগেদি মানুহৰ ক্রমোন্নতি সম্ভৱ হৈছে। সেয়ে কোৱা হয় ‘শিক্ষণ হ’ল সমস্যা সমাধা প্ৰক্ৰিয়াৰ বাহিৰে আন একোন নহয়।’

৮। সামগ্রিক আৰু আংশিক শিক্ষণৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰ: সামগ্রিক আৰু আংশিক শিক্ষণৰ মাজৰ পাৰ্থক্য হ’ল-

(ক) সামগ্রিক শিক্ষণত শিক্ষণীয় বিষয়-বস্তু সমগ্রিকভাবে বুজ লোৱা হয়।

আনহাতে আংশিক শিক্ষণত শিক্ষণীয় বিষয়-বস্তু অংশ অংশ হিচাপে বুজ লোৱা হয়।

(খ) সামগ্রিক শিক্ষণতকৈ আংশিক শিক্ষণ বেছি স্পষ্ট আৰু নিখুঁত হয়।

(গ) সৰু ল’ৰা-ছোৱালী আৰু কম বুদ্ধিৰ ছাত্র-ছাত্রীসকলে সামগ্রিক শিক্ষণতকৈ আংশিক শিক্ষণৰ জৰিয়তে
ভালদৰে শিকিব পাৰে।

(ঘ) উচ্চ শিক্ষা আৰু গৱেষণা কার্যত সামগ্রিক শিক্ষা বেছি ফলপ্রসূ।

আনহাতে স্কুলীয়া শিক্ষাত সৰু সৰু ছাত্র-ছাত্রীসকলৰ বাবে আংশিক শিক্ষণ বেছি উপযোগী।

(ঙ) সামগ্রিক শিক্ষণত শিক্ষার্থীয়ে নিজৰ চিন্তা, বুদ্ধি ভালদৰে খটুৱাব পাৰে।

আনহাতে আংশিক শিক্ষণত ইয়াৰ অধিক প্রয়োজনীয়তা নাই।

৯। ফলাফল নীতিৰ শৈক্ষিক তাৎপর্য কি? H. S. ’18

উত্তৰ: ফলাফল নীতিৰ শৈক্ষিক তাৎপর্য হ’ল-

(ক) ছাত্র-ছাত্রীৰ ভাল কামৰ বাবে শিক্ষকে প্রেৰণা প্রদান কৰাৰ ফলত ছাত্র-ছাত্রীয়ে ইয়াৰ পুনৰাবৃত্তি কৰে আৰু পুনৰাবৃত্তিয়ে শিক্ষণ অভিজ্ঞতাক স্থায়ী ৰূপ দিয়ে।

(খ) উচিত কামৰ বাবে যদিহে ছাত্র-ছাত্রীক উৎসাহ প্রদান কৰা হয় তেতিয়া সিহঁতে আগলৈকো ভাল
কাম কৰিবলৈ উৎসাহ পায়। আনহাতে বেয়া কাম কৰিলে যদিহে শাস্তি প্রদান কৰা হয় তেতিয়াহ’লে আগলৈ তেনে কামৰ পুনৰাবৃত্তি কৰিবলৈ নিবিচাৰিব।

(গ) শিক্ষকে ছাত্র-ছাত্ৰীক পুৰস্কাৰ আৰু শাস্তি প্রদান কৰাৰ ব্যৱস্থা ফলাফল নীতিৰ ওপৰত প্রতিষ্ঠিত।

(ঘ) ফলাফল নীতিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সংশোধন ঘটোৱা হয়।

১০। শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পার্থক্যসমূহ আলোচনা কৰা। H. S. ’16, ’19

উত্তৰ : শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-

(ক) শিক্ষণ হৈছে পৰিকল্পিত প্রক্রিয়া।

আনহাতে পৰিপক্কতা হৈছে স্বয়ংক্রিয় প্রক্রিয়া।

(খ) শিক্ষণত অভিৰোচনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

কিন্তু পৰিপক্কতাত অভিৰোচনৰ প্ৰয়োজন নাই।

(গ) শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্রয়োজন।

কিন্তু পৰিপক্কতাত পুনৰাবৃত্তিৰ প্ৰয়োজন নাই।

(ঘ) শিক্ষণত বয়সৰ কোনো সময়সীমা নাই। ই জীবন ব্যাপি চলি থাকে।

আনহাতে পৰিপক্কতাত বয়সো উল্লেখনীয় দিশ।

১১। অন্তদর্শন কি? অন্তদর্শনমূলক শিক্ষণৰ তিনিটা বৈশিষ্ট্য (শৈক্ষিক তাৎপর্য) উল্লেখ কৰা। H. S. ’16, 20

উত্তৰ লক্ষ্যৰ দ্বাৰা শিকা কার্যই হ’ল অন্তদর্শনৰ দ্বাৰা আহৰণ কৰা শিক্ষণ। এই পদ্ধতিত আমি প্রথমে সমগ্ৰ পৰিস্থিতি সম্বন্ধে আমাৰ বুদ্ধি আৰু অন্তদৰ্শনৰ সহায়ত বুজ লোৱাৰ চেষ্টা কৰো আৰু তাৰ পাছত সেই পৰিস্থিতিতেই সন্তোষজনকভাবে কার্য কৰিবলৈ সক্ষম হওঁ। প্রায় সকলোবোৰ আবিষ্কাৰ আৰু উদ্ভাবন অন্তদৰ্শনৰ ফলতেই সংঘটিত হয়।

অন্তদর্শনমূলক শিক্ষণৰ তিনিটা বৈশিষ্ট্য হ’ল-

(ক) এই পদ্ধতিয়ে অংশতকৈ সামগ্রিকতাৰ ওপৰত গুৰুত্ব প্রদান কৰে।

(খ) এই পদ্ধতিয়ে শিক্ষণৰ প্রচেষ্টা আৰু ভুল নীতিক পৰিহাৰ কৰি চলে।

(গ) অন্তদর্শন পদ্ধতিয়ে পর্যবেক্ষণ আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে।

ঘ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক – ৫)

(১) শ্রেণীকোঠাত শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ স্থিতি কি?

নাইবা

অনুবন্ধন তত্ত্বৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা। H. S. ’19

উত্তৰ: শ্ৰেণীকোঠাত শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ স্থিতি সম্পর্কে তলত উল্লেখ কৰা হ’ল-

(ক) এই তত্ত্বৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনুশাসন আদি ভাল অভ্যাস গঢ় লৈ উঠে।

(খ) ভয়, ভালপোৱা আদি আবেগ গঢ় লৈ উঠাত সহায় কৰে।

(গ) অনুবন্ধনবাদৰ দ্বাৰা ছাত্র-ছাত্রীসকলৰ ভাষাৰ বিকাশ হয়।

(ঘ) এই তত্ত্বৰ জৰিয়তে ছাত্র-ছাত্রীসকলৰ বেয়া অভ্যাসবোৰ ত্যাগ কৰাব পাৰি।

(ঙ) এই তত্ত্বৰ জৰিয়তে ছাত্র-ছাত্রীসকলে বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰিব পাৰে।

২। শিক্ষণৰ প্রকৃতি (বৈশিষ্ট্য) সম্বন্ধে আলোচনা কৰা।

উত্তৰ : শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল-

(খ) শিক্ষণৰ সদায় এক নির্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে।

(ক) পুৰণি অভিজ্ঞতা কামত লগাই নতুন অভিজ্ঞতা লাভ কৰা।

(গ) শিক্ষণ ক্ষমতা সকলো জীৱৰ সমান নহয়।

(ঘ) শিক্ষণত উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়।

(ঙ) শিক্ষণৰ জৰিয়তে নতুন অভিজ্ঞতা আৰু উন্নত আচৰণৰ যোগ্যতা লাভ কৰিব পাৰি।

(চ) শিক্ষণ প্রক্রিয়া ব্যক্তিগত আৰু সামাজিক দুয়ো ক্ষেত্রতে সম্পাদিত হয়।

৩। শিক্ষার্থীৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ আলোচনা কৰা। H. S. ’20

উত্তৰ : শিক্ষার্থীৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ হ’ল-

(ক) দৈহিক উপযুক্ততা: দৈহিক অংগ-প্রতংগৰ স্বাভাৱিকতা, মস্তিষ্কৰ চলন ক্ষমতা, স্নায়ুবিক সবলতা আদি অবস্থাই শিক্ষণ কার্যত প্রভাৱ পেলয়।

(খ) বয়স আৰু লিংগ বয়স অনুযায়ী শিক্ষণ ক্ষমতা বেলেগ বেলেগ হয়। সেইদৰে ল’ৰা-ছোৱালীৰ শিক্ষণ ক্ষমতাৰ মাজত পাৰ্থক্য আছে।

(গ) ক্লান্তি আৰু অবসাদমুক্ততা: শিক্ষণৰ আন এক চৰ্ত হৈছে ক্লান্তিহীনতা। শিক্ষণৰ কাৰণে দৈহিক আৰু মানসিক সুস্থতাৰ প্ৰয়োজন।

(ঘ) মনোভাব: শিক্ষণক ফলপ্রসূ কৰি তুলিবলৈ ব্যক্তিৰ গঠনাত্মক আৰু ইতিবাচক মনোভাৱৰ প্ৰয়োজন।

(ঙ) আগ্রহ আৰু অভিৰোচন: আগ্ৰহ আৰু অভিৰোচনেও শিক্ষণৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। আগ্রহ আৰু অভিৰোচনে ব্যক্তিক শিক্ষণৰ বাবে মানসিকভাবে প্রস্তুত কৰি তোলে।

৪। শিক্ষণৰ অনুবন্ধিত প্রতিক্রিয়া তত্ত্বটো বুজাই লিখা। অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ উদাহৰণ দিয়া।

উত্তৰ: স্বাভাবিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্রিম উদ্দীপক প্রদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্রতিক্রিয়াকে প্রদর্শন কৰাই হৈছে অনুবন্ধিত প্রতিক্রিয়া। ইয়াৰ প্রথম প্রতিক্রিয়া দ্বিতীয় প্রতিক্ৰিয়াৰ লগত অনুবন্ধিত হয়। শক্তিশালী উদ্দীপকৰ প্ৰভাৱত আপেক্ষিকভাবে কম শক্তিশালী উদ্দীপকৰো প্রতিক্রিয়াস্বরূপ হৈ উঠে। এয়াই অনুবন্ধন।

অনুবন্ধনৰ দ্বাৰা শিকনৰ এটা উদাহৰণ স্বৰূপে পেভলভে কৰা পৰীক্ষাটোকে ল’ব পাৰি। এটা ভোকাতুৰ কুকুৰৰ সন্মুখত মাংসৰ টুকুৰা ৰখা হ’ল। মাংসৰ টুকুৰাটো দেখি কুকুৰৰ লালটি ওলোৱাটো স্বাভাবিক প্রতিক্রিয়া। মাংস টুকুৰা দেখাৰ লাগে লগে এটা ঘন্টা বজোৱা হ’ব। কুকুৰটোৱে ঘণ্টাৰ প্রতিক্রিয়া হিচাপে কাণ-মুৰ খজুৱাব। ইয়াৰ পিছত কুকুৰটোক ঘন্টাৰ শব্দ আৰু মাংস টুকুৰা একেলগে দিয়া হ’ল। তেতিয়া তাৰ স্বাভাবিক প্রতিক্রিয়া গৌণ হোৱা দেখা যাব। এনেদৰে কেইবাবাৰো পুনৰাবৃত্তিৰ পিছত কুকুৰটোক উদ্দীপক হিচাপে কেৱল মাত্র ঘণ্টাৰ শব্দটো প্ৰদান কৰাত দেখা গ’ল যে ঘণ্টাৰ শব্দৰ প্রতিক্রিয়া হিচাপে কুকুৰটোৰ মুখৰ পৰা লালটি ওলাইছে। ঘন্টাৰ শব্দত লালটি ওলোৱাটো স্বাভাবিক প্রতিক্রিয়া নহয়। ইয়েই অনুবন্ধনবাদ। কুকুৰটোৱে উদ্দীপকৰ প্ৰতি কৰা এনে অস্বাভাৱিক প্রতিক্রিয়াকেই অনুবন্ধিত প্রতিক্রিয়া বুলি কোৱা হয়।

(৬) শিকনৰ অন্তদর্শন পদ্ধতিৰ ওপৰত ক’হলাৰে কৰা পৰীক্ষাটো বৰ্ণনা কৰা।

উত্তৰ : শিকনৰ অন্তদর্শন পদ্ধতিটো সামগ্রীকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। সামগ্রীকতাবাদীসকলৰ মতে, শিক্ষণ সংঘটিত হয় সামগ্রীকভাৱে। শিক্ষার্থীয়ে শিক্ষণীয় বিষয়-বস্তু আংশিকভাবে শিকাতকৈ সামগ্রীকভাবে চেষ্টাকৰে। অংশবোৰৰ পাৰস্পৰিক সংযোগ জানি লোৱাৰ পিছত সামগ্রীক প্রতিচ্ছবি ছাত্র-ছাত্ৰীৰ মনত প্রতিফলিত হ’ব। এই সম্পর্কে ক’ইলাৰ নামৰ এজন মনোবিজ্ঞানীয়ে চুলতান নামৰ চিম্পাঞ্জীৰ ওপৰত এটি পৰীক্ষা চলাইছিল। তেওঁ চিম্পাঞ্জীক এটা পিঞ্জৰাত আবদ্ধ কৰি বাহিৰত কিছুমান কল ৰাখিছিল। পিঞ্জৰাটোত দুডাল লাঠিও ৰখা হৈছিল। চিম্পাঞ্জীটোৱে কলবোৰ দেখাৰলগে লগে খাবলৈ ইচ্ছা কৰিছিল। সেয়েহে দুয়োখন হাত বাহিৰলৈ মেলি কলখিনি অনাৰ চেষ্টা কৰিছিল। কিন্তু সি কলবোৰ ঢুকি পোৱা নাছিল। কিছুসময় পিছত সি লাঠি দুডাল দেখা পাই লাঠি দুডালেৰে কলখিনি অনাৰ চেষ্টা কৰিছিল। তথাপি সি কলবোৰ ঢুকি নোপোৱাত সি লাঠি দুডাল জোৰা লগাই কলবোৰ ঢুকি পাইছিল আৰু খাবলৈ সক্ষম হৈছিল। অর্থাৎ চিম্পাঞ্জীয়ে অন্তদর্শনৰ যোগেদি সমস্যা সামধান কৰিছিল।

৭। শিক্ষণৰ প্ৰস্তুতিৰ নীতিটোৰ শৈক্ষিখ তাৎপর্য চমুকৈ আলোচনা কৰা। H. S. ’15

উত্তৰ : শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ সফলতা নিৰ্ভৰ কৰে শিক্ষার্থীৰ একাগ্রতা, ইচ্ছা, অভিপ্রায় আৰু শিক্ষা গ্রহণৰ বাবে মানসিক প্রস্তুতিৰ ওপৰত। প্রস্তুতি বুলিলে সাধাৰণতে শিক্ষা প্রদান আৰু গ্ৰহণৰ তাৎপর্য, লাভালাভ, প্রয়োজনীয়তা আদিৰ বিষয়ে অবগত হোৱাকে বুজায়। কিয়নো ব্যক্তিৰ মনোযোগ সেইদশিটোত নিবন্ধ হয় য’ত তেওঁৰ শাৰীৰিক বা মানসিক খোৰাক পায়। উদাহৰণস্বৰূপে শিক্ষক এজনে কোনো অঞ্চলৰ প্রাকৃতিক অবয়ৱৰ বিষয়ে শিক্ষা প্রদান কৰোতে সেই অঞ্চলৰ মানচিত্ৰ ব্যৱহাৰ কৰে। ইয়াৰ ফলত বিদ্যার্থীসকলৰ সেই স্থানটোৰ বিষয়ে অধিক জানিবলৈ আগ্রহ প্রকাশ কৰে আৰু মানসিকভাবে প্রস্তুত হয়। ইয়াৰ উপৰিও শিক্ষকে বিদ্যার্থীসকলক বিভিন্ন উপমা, কাহিনী, উদাহৰণ আদিৰ দ্বাৰা অভিৰোচিত কৰিব পাৰে। কিয়নো অভিৰোচন হৈছে কোনো কাৰ্য কৰাৰ বাবে এক শক্তিশালী মানসিক প্রস্তুতি।
সেয়ে শিক্ষণ প্রক্রিয়াত প্রস্তুতিৰ নীতিটোৰ শৈক্ষিক তাৎপর্য আছে।

৮। প্রচেষ্টা আৰু ভুল পদ্ধতিৰে শিক্ষণ কিদৰে সম্ভব হয়। উদাহৰণসহ ব্যাখ্যা কৰা। H. S. ’16

উত্তৰ : শিক্ষণৰ বিভিন্ন পদ্ধতিৰ মাজত এক পদ্ধতি হৈছে প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি। এই পদ্ধতিয়ে বিশ্বাস কৰে যে প্রচেষ্টা আৰু ভুলৰ মাজেদি শিক্ষণ সম্ভর। এই পদ্ধতিটো প্ৰমাণ কৰিবৰ বাবে থর্ণডাইকে গ্রহণ কৰা এক উদাহৰণ উল্লেখ কৰিব পাৰি। থর্ণডাইকে এটি ভোকাতুৰ মেকুৰীক এটা বাকচত আবদ্ধ কৰি ৰাখি বাকচৰ বাহিৰত মেকুৰীয়ে দেখাকৈ এটা পাত্ৰত এটুকুৰা মাংস ৰাখি থৈছিল। বাকচটোৰ দুৱাৰখন এনেভাবে বন্ধ কৰি ৰখা হৈছিল যাতে দুৱাৰখনত বান্ধি থোৱা এডাল ৰচী টানিব পাৰিলে বাকচটোৰ দৰজাখন খোল খাব। মাংস টুকুৰা খাবলৈ মেকুৰীয়ে বাকচটোৰ দুৱাৰখন খুলিবলৈ নানান চেষ্টা কৰিলে। কিছুসময় চেষ্টা কৰাৰ অন্তত মেকুৰীটোৱে আকস্মিক ৰচী টুকুৰাত কামুৰি টানি ধৰিলে। লগে লগে বাকচৰখনৰ দুৱাৰটো খোল খালে আৰু মেকুৰীটোৱে মাংসৰ টুকুৰাটো খাবলৈ সক্ষম হ’ল। এই ঘটনাটোৰ পিছদিন আকৌ একে পদ্ধতিৰে মেকুৰীজনক খাবলৈ দিয়াত সি অলপ চেষ্টা কৰাৰ পিছত মাংস টুকুৰাটো পাবলৈ সমর্থ হয়। এই উদাহৰণটোৰ দ্বাৰা প্রমাণ হ’ল যে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভব।

৯। শ্রেণীকোঠা শিক্ষণত অনুবন্ধনৰ প্ৰভাৱসমূহ কি কি? আলোচনা কৰা। H. S. ’16, ’15, ’20

উত্তৰ : স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্রিম উদ্দীপক প্রদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্রতিক্রিয়াকে প্রদর্শন কৰাই হৈছে অনুবন্ধিত প্রতিক্রিয়া। ইয়াৰ প্রথম প্রতিক্রিয়া দ্বিতীয় প্রতিক্ৰিয়াৰ লগত অনুবন্ধিত হয়। শক্তিশালী উদ্দীপকৰ প্ৰভাৱত আপেক্ষিকভাবে কম শক্তিশালী উদ্দীপকৰো প্রতিক্রিয়াস্বরূপ হৈ উঠে। এয়াই অনুবন্ধন।
শ্ৰেণীকোঠাত অনুবন্ধনৰ প্রভাৱসমূহ তলত দিয়া ধৰণৰ হ’ব পাৰে-

(ক) অনুবন্ধনৰ জৰিয়তে বিদ্যার্থীসকলক পৰিস্কাৰ-পৰিচ্ছন্নতা, অনুশাসন আদিৰ বিষয়ে সহজে শিক্ষা দিব পাৰি

(খ) শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ জৰিয়তে বিদ্যার্থীসকলৰ মনত ভয়ভাৱ আঁতৰ কৰা, ভালপোৱা, মৰম, ডাঙৰৰ প্রতি শ্রদ্ধা প্রদর্শন আদি শিক্ষা অনাসায়ে প্রদান কৰিব পাৰি।

(গ) ইয়াৰ দ্বাৰা শিক্ষার্থীসকলৰ ভাষাৰ বিকাশ সাধন কৰিব পাৰি।

(ঘ) অনুবন্ধন তত্ত্বৰ জৰিয়তে ছাত্র-ছাত্রীসকলক ব্যক্তিগত মানসিক বিকাশ সাধন কৰাৰ লগতে সামাজিক জ্ঞানো প্রদান কৰিব পাৰি।

১০। অন্তদৰ্শনৰ যোগদি শিক্ষণ কি? শিক্ষণৰ এই পদ্ধতিৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। H. S. ’17

উত্তৰ: লক্ষ্যৰ দ্বাৰা শিকা কার্যই হ’ল অন্তদৰ্শনৰ দ্বাৰা আহৰণ কৰা শিক্ষণ। এই পদ্ধতিত আমি প্রথমে সমগ্ৰ পৰিস্থিতি সম্বন্ধে আমাৰ বুদ্ধি আৰু অন্তদৰ্শনৰ সহায়ত বুজ লোৱাৰ চেষ্টা কৰো আৰু তাৰ পাছত সেই পৰিস্থিতিতেই সন্তোষজনকভাবে কার্য কৰিবলৈ সক্ষম হওঁ। প্রায় সকলোবোৰ আৱিস্কাৰ আৰু উদ্ভাবন অন্তদৰ্শনৰ ফলতেই সংঘটিত হয়।

অন্তদর্শন পদ্ধতিৰ দুটা সীমাবদ্ধতা হ’ল-

(ক) অন্তদর্শন পদ্ধতি উচ্চ শ্ৰেণীৰ জীৱৰ ক্ষেত্ৰতহে উপযোগী।

(খ) দুর্বল মানসিক শক্তিৰ ছাত্র-ছাত্রীক ইয়াৰ যোগেদি শিক্ষা প্রদান কৰিব নোৱাৰি।

১১। শিক্ষাত অন্তদর্শন পদ্ধতিৰ চাৰিটা শৈক্ষিক মূল্য উল্লেখ কৰা। H. S. ’18

উত্তৰ লক্ষ্যৰ দ্বাৰা শিকা কার্যই হ’ল অন্তদৰ্শনৰ দ্বাৰা আহৰণ কৰা শিক্ষণ। এই পদ্ধতিত আমি প্রথমে সমগ্ৰ পৰিস্থিতি সম্বন্ধে আমাৰ বুদ্ধি আৰু অন্তদৰ্শনৰ সহায়ত বুজ লোৱাৰ চেষ্টা কৰো আৰু তাৰ পাছত সেই পৰিস্থিতিতেই সন্তোষজনকভাবে কার্য কৰিবলৈ সক্ষম হওঁ। প্রায় সকলোবোৰ আৱিস্কাৰ আৰু উদ্ভাবন অন্তদৰ্শনৰ ফলতেই সংঘটিত হয়।

শিক্ষাত অন্তদর্শন পদ্ধতিৰ চাৰিটা শৈক্ষিক মূল্য হ’ল-

(ক) শিক্ষাত অন্তদর্শন পদ্ধতি সৃষ্টিশীল আৰু গঠনমূলক শিক্ষাৰ বাবে কার্যকৰী।

(খ) এই পদ্ধতি প্রয়োগৰ দ্বাৰা শিক্ষাৰ্থীৰ সুপ্ত প্রতিভাৰ বিকাশ সাধন কৰিব পাৰি।

(গ) জটিল বিষয়সমূহ বুজাত এই পদ্ধতি বিশেষ কার্যকৰী।

(ঘ) এই পদ্ধতিয়ে বিদ্যার্থীক সাহসী, আত্মজ্ঞানী কৰাৰ লগতে চিন্তাশক্তিৰ বিকাশ সাধন কৰে।

১২। শিক্ষাণৰ প্ৰাথমিক নীতিসমূহ কি কি? H. S. ’17

উত্তৰ : শিক্ষণৰ প্ৰধান নীতি তিনিটা। যেনে-

(ক) ফলাফলৰ নীতি

(খ) অনুশীলনৰ নীতি আৰু

(গ) প্রস্তুতিৰ নীতি।

শিক্ষণত অনুশীলন নীতিৰ শৈক্ষিক তাৎপর্যসমূহ হ’ল

(ক) অনুশীলন নীতি প্রয়োগ কৰি শিকা বিষয় এটি স্থায়ী কৰিব পাৰি।

(খ) ইয়াৰ দ্বাৰা বিদ্যার্থীৰ মানবীয় গুণসমূহৰ বিকাশ সাধন কৰিব পাৰি।

(গ) অনুশীলন নীতি প্রয়োগ কৰি বেয়া অভ্যাসবোৰ আঁতৰ কৰিব পাৰি।

১৩। শিক্ষণৰ কি? শিক্ষণৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’17

উত্তৰ: অৱস্থাৰ পৰিৱৰ্তন আৰু ক্রমোন্নতিৰ যোগেদি লাভ কৰা জীৱনৰ অভিজ্ঞতাই হ’ল শিক্ষণ। বহল অর্থত শিক্ষণ হৈছে ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক আদি গুণৰ বিকাশ সাধন কৰা। এই শিক্ষা জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যুলৈকে চলি থাকে। শিক্ষণ উপযুক্ত আৰু সঠিক হ’লে ই ব্যক্তিক ক্রমে উন্নতৰ পৰা উন্নতলৈ আগবঢ়াই লৈ যায়।

শিক্ষণৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল-

(ক) পুৰণি অভিজ্ঞতা কামত লগাই নতুন অভিজ্ঞতা লাভ কৰা।

(খ) শিক্ষণৰ সদায় এক নির্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে।

(গ) শিক্ষণ ক্ষমতা সকলো জীৱৰ সমান নহয়।

(ঘ) শিক্ষণত উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়।

(ঙ) শিক্ষণৰ জৰিয়তে নতুন অভিজ্ঞতা আৰু উন্নত আচৰণৰ যোগ্যতা লাভ কৰিব পাৰি।

(চ) শিক্ষণ প্রক্রিয়া ব্যক্তিগত আৰু সামাজিক দুয়ো ক্ষেত্রতে সম্পাদিত হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment