Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ 2026

By Rabbi Masrur

Published On:

Class 12 Education Chapter 3 শিক্ষাত সাম্প্ৰতিক ধাৰাসমূহ

Class 12 Education Chapter 3 শিক্ষাত সাম্প্ৰতিক ধাৰাসমূহ

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Class 12 Education Chapter 3 Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক Class 12 Education Chapter 3 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

গোট – ৩

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

ক. খালী ঠাই পূৰ্ণ কৰাঃ (প্ৰত্যেকটোৰ মূল্যাংক – ১)

👉 Read Also:

১। পৰিবেশ শব্দৰ অৰ্থ হ’ল —।

উত্তৰ চৌপাশ বা চাৰিওফাল।

২। ‘Environment’ শব্দটো ফৰাচী ভাষাৰ — ৰ পৰা উৎপত্তি হৈছে।

উত্তৰ: ‘Environer’

৩। পৰিৱেশ হ’ল মূলতঃ — যিয়ে প্রাণীজগতৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

উত্তৰ : বাহ্যিক শক্তি।

৪। বিশ্ব শীর্ষ সম্মিলনখন — এত অনুষ্ঠিত হৈছিল।

উত্তৰ: ব্রাজিলৰ ৰিঅ’ দ্যা জেনেৰিঅ’।

৫। পৰিবেশ শিক্ষাৰ উদ্দেশ্যসমূহ — সম্মিলনত নির্ধাৰণ কৰা হৈছিল।

উত্তৰ : ৰাছিয়াৰ বিলিচি।

৬। প্রথম পৰিবেশ শিক্ষা সম্বন্ধীয় সম্মিলনখন — চনত — ত অনুষ্ঠিত কৰা হৈছিল।

উত্তৰঃ ১৯৭৭, বাছিয়াৰ বিলিচি।

৭। আন্তঃৰাষ্ট্ৰীয় নাৰী দিবস — তাৰিখে উদ্যাপন কৰা হয়।

উত্তৰঃ ৮ মার্চ।

৮। ভাৰতৰ বৰ্তমান স্বাক্ষতাৰ হাৰ —।

উত্তৰ: ৭৪.৪ শতাংশ।

৯। বিশেষকৈ দৈহিক বিকাশ সাধনৰ বাবে — এক প্রণালীবদ্ধ ব্যবস্থা যিয়ে শৰীৰৰ অংগী ভংগী, দৈহিক সঞ্চলনত গুৰুত্ব দিয়ে।

উত্তৰঃ শাৰীৰিক শিক্ষা।

১০। জনসংখ্যা শিক্ষাই জনসংখ্যাৰ গুণগত দিশ আৰু — দিশ সাঙুৰি লয়।

উত্তৰ: পৰিমাণগত।

১১। ‘মহিলা সংৰক্ষণ বিল’ অনুযায়ী ৰাজ্যসভা আৰু লোকসভাত — শতাংশ আসন সংৰক্ষিত।

উত্তৰঃ ৩৩।

১২। পৰিৱেশ শিক্ষাই — ৰ প্ৰতি সচেতন কৰে।

উত্তৰ: পৰিৱেশ।

১৩। আন্তর্জাতিক মহিলা দিবস — তাৰিখে পালন কৰা হয়। H. S. ’17

উত্তৰঃ ৮ মার্চ।

১৪। বিশ্ব জনসংখ্যা দিবস — তাৰিখে পালন কৰা হয়। H. S. ’15

উত্তৰ: ১১ মার্চ।

১৫। বিশ্ব পৰিবেশ দিবস — তাৰিখে পালন কৰা হয়। H. S. ’16

উত্তৰ: ৫ জুন।

১৭। পৰিবেশ শিক্ষাৰ উদ্দেশ্যসমূহ — সম্মিলনত নির্ধাৰণ কৰা হৈছিল। H. S. ’17

উত্তৰ: ধৰিত্ৰী।

১৮। শিক্ষাত শাস্তি আৰু পুৰস্কাৰৰ ভিত্তি হৈছে শিকনৰ — নীতি। H. S. ’19

উত্তৰঃ ফলাফলৰ

১৯। — শিকনৰ পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু কৃত্রিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে। H. S. ’19

উত্তৰঃ অনুবন্ধন

২০। অনানুষ্ঠানিক / অগাতানুগতিক শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা। H. S. ’19

উত্তৰঃ অনানুষ্ঠানিক বা অগতানুগতিক শিক্ষা ব্যক্তিয়ে দৈনন্দিন জীৱনৰ বিভিন্ন দিশৰ পৰা লাভ কৰে।

২১। শাৰীৰিক শিক্ষা মানে কি? H. S. ’19

উত্তৰঃ অযি শিক্ষাৰ জৰিয়তে শিশুৰ শাৰীৰিক বিকাশ হয়, তেনেশিক্ষাক শাৰীৰিক শিক্ষা বোলে। যেনে খেলা-ধুলা।

২২। জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ — য়ে দাঙি ধৰিছিল। H.S. ’20

উত্তৰ: আলভা মিৰদাল

২৩। গ্রস্টাল এটা — শব্দ যাৰ অৰ্থ হৈছে ‘সমগ্র’ বা ‘সম্পূর্ণ আকাৰ’। H.S. ’20

উত্তৰ: জার্মান

২৪। বহুভূজ অংকন কৰোঁতে বাৰংবাৰতাৰ মানসমূহ শ্ৰেণী অন্তৰালৰ — ওপৰত সংস্থাপন কৰা হয়।

২৬। ‘আগ্রহ মনোযোগৰ সুপ্ত অবস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অবস্থা মাথোন।’ এই উক্তিযাৰ কাৰ?

উত্তৰ: মধ্যবিন্দু

২৫। এটা বাক্যত চমু উত্তৰ দিয়া: H.S. ’20

পত্র বা ডাকযোগে শিক্ষাৰ ধাৰণাটো কোনে প্রথমতে প্রচলন কৰিছিল? H.S. ’20

উত্তৰ: আইজাক পিটমেনে

উত্তৰ: মেগডুগালে।

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ২)

১। জনবিস্ফোৰণ কি? H.S. ’20

উত্তৰ: জনসংখ্যাৰ বৰ্দ্ধিত হাৰে যেতিয়া অনিয়ন্ত্রিত পৰিস্থিতিৰ সৃষ্টি কৰে তেতিয়া তাক ‘জনবিস্ফোৰণ’ বুলি কোৱা হয়। জনবিস্ফোৰণৰ ফলত খাদ্য সমস্যা, বাসস্থান সমস্যা, আর্থিক সমস্যা আদি নানা ধৰণৰ সমস্যাই দেখা দিয়ে।

২। প্রমূল্য শিক্ষা মানে কি?

উত্তৰ : প্ৰমূল্য শিক্ষা বুলি ক’লে এনে ধৰণৰ শৈক্ষিক কাৰ্যসূচীৰ অন্তৰ্ভূক্তিৰ কথা সূচায় -যাৰ ফলত বিভিন্ন মানৱীয় প্রমূল্যৰ প্রভাৱত ব্যক্তিয়ে এক সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰি সমাজখন সুপথে পৰিচালিত কৰিব পাৰে। প্ৰমূল্যবোধৰ শিক্ষাই সমন্বিতভাবে এজন ব্যক্তিৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঢ়ি তোলে।

৩। পৰিবেশ বুলিলে কি বুজা?

উত্তৰ: আমাৰ চৌপাশৰ জৈৱিক আৰু অজৈৱিক উপাদানেৰে আৱৰি ৰখা অৱস্থাটোৱেই হৈছে পৰিৱেশ। এজন ব্যক্তিৰ শিক্ষা, জ্ঞান, চৰিত্ৰ, ব্যক্তিত্ব, মনোভাৱ আদিৰ ওপৰত পৰিবেশে গভীৰ প্ৰভাৱ পেলায়।

৪। শাৰীৰিক শিক্ষা কি?

উত্তৰঃ শাৰীৰিক শিক্ষা হৈছে এক শৈক্ষিক প্রক্রিয়া যাৰ যোগেদি ব্যক্তিৰ সৰ্বাংগীণ বিকাশ সম্ভব হয়। শাৰীৰিক শিক্ষাই ব্যক্তিৰ বাবে স্বাস্থ্যময়, সন্তোষজনক, উপযোগী আৰু বহু পৰিমাণে উৎপাদনমুখী জীৱনৰ গঢ় দিয়ে। শাৰীৰিক শিক্ষাই বিভিন্ন ধৰণৰ খেল-ধেমালী, ব্যায়াম, নৃত্য আদিৰ অনুশীলনক সাঙুৰি লয়।

৫। মূল্যবোধ শিক্ষা দিয়াৰ দুটা উপায় কি কি?

উত্তৰ: মূল্যবোধ শিক্ষা প্রত্যক্ষ আৰু পৰোক্ষ এই দুই ধৰণে দিব পৰা যায়। বিদ্যালয়ত দৈনন্দিন পাঠদানত শ্রেণী কোঠাত ছাত্র-ছাত্রীক বিভিন্ন পাঠৰ জৰিয়তে প্রত্যক্ষভাৱে মূল্যবোধৰ শিক্ষা প্রদান কৰিব পাৰি। আনহাতে বিদ্যালয়ৰ সহপাঠ্যক্ৰমৰ দ্বাৰা পৰোক্ষভাবে মূল্যবোধৰ শিক্ষা প্রদান কৰিব পাৰি।

৬। পৰিৱেশৰ এটি সংজ্ঞা আগবঢ়োৱা।

উত্তৰ বৰিঙৰ মতে, “এজন লোকৰ পৰিৱেশ হৈছে তেওঁক উদ্বীপিত কৰা সমূদায় পৰিস্থিতি, যাক তেওঁ গৰ্ভধাৰণ কৰা মূহুৰ্তৰ পৰা মৃত্যুলৈকে পাব পাৰে।”

৭। সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিবেশ শিক্ষাক বর্ণনা কৰা।

উত্তৰ: আধুনিক বিশ্বত মানুহে নিজ স্বার্থ পূৰণৰ বাবে পৰিবেশৰ স্বাভাৱিক অৱস্থাৰ ক্ষতি সাধন কৰি আছে। বনাঞ্চল ধ্বংস, দ্রুত উদ্যোগিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি, জৈৱ বৈচিত্ৰৰ ধ্বংসলীলা, অপৰিকল্পিত নদী বান্ধ, অপৰিকল্পিত নগৰীকৰণ আদি প্ৰতিৰোধ কৰাৰ প্ৰধান উপায়সমূহ পৰিৱেশ শিক্ষাই উদ্‌ঘাটন কৰিছে। সেয়ে আমাৰ পৰিৱেশত দেখা দিয়া সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিৱেশ শিক্ষাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে।

৮। জনশিক্ষাৰ ধাৰণাটো কোনে প্রবর্তন কৰিছিল?

উত্তৰ: আলভি মিৰদল নামৰ এজন আমেৰিকান সমাজতত্ত্ববিদে।

৯। কোন চনত মহিলাৰ ঘৰুৱা হিংসা সুৰক্ষা’ বিলখন গ্ৰহণ কৰা হৈছিল? H. S. ’16, ’18

উত্তৰ: ২০০৫ চনৰ ২৩ জুন তাৰিখে।

গ. উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক – ৩।৪)

১। মূল্যবোধ মানে কি? H. S. ’15

উত্তৰ : প্ৰমূল্য বা মূল্যবোধ মানে হ’ল- সামাজিক সমর্থন লাভ কৰা ব্যক্তি এজনৰ আচৰণ। মূল্যবোধে এজন ব্যক্তিৰ গুণগত মান প্রতিষ্ঠা কৰে। শিক্ষা নায়ক আলপট’ৰ মতে, “মূল্যবোধ হৈছে এটা বিশ্বাস যাব ওপৰত নিৰ্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কার্য সম্পাদন কৰে।

২। সামাজিক মূল্যবোধ মানে কি?

উত্তৰ: সমাজৰ লোকসকলৰ মাজত ঐক্য, সামাজিক ন্যায়, জাতীয়তাবোধ, মানবতাবোধ, ভাতৃত্ববোধ আদি মনোভাব জগাই তোলাই হৈছে সামাজিক মূল্যবোধ। মানর সমাজত শান্তি, শৃঙ্খলা, মানবতাবোধ আদিৰ বিকাশৰ ক্ষেত্ৰত সামাজিক মূল্যবোধ সৃষ্টিৰ গুৰুত্ব অপৰিসীম।

৩। মহিলা সবলীকৰণ মানে কি? H. S. ’18

উত্তৰ: মহিলা সবলীকৰণ হ’ল এনে এক প্রক্রিয়া যাৰ দ্বাৰা মহিলা আৰু পুৰুষৰ সম অধিকাৰ, সম স্বাধীনতা আৰু সম মৰ্যাদাৰ ভিত্তিত সম বিকাশৰ ব্যৱস্থা নিশ্চিত কৰিব পাৰি। মহিলা সবলী কৰণে নাৰীক সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী আৰু সমাযোজন প্রক্রিয়াতো সহায় কৰে। ১৯৮৫ চনত আন্তঃৰাষ্ট্ৰীয় মহিলা সম্মিলনে মহিলা সবলীকৰণ সম্পর্কে কৈছিল, “মহিলা সবলীকৰণ হ’ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া।’

৪। শিক্ষানুষ্ঠানত পৰিবেশ শিক্ষা কিদৰে দিব পাৰি চমুকৈ লিখা।

উত্তৰ: পৰিবেশৰ প্ৰতি মানুহৰ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিবলৈ বৰ্তমান শিক্ষানুষ্ঠানসমূহত পৰিবেশ শিক্ষাৰ পাঠ্যক্রম প্রচলন কৰা হৈছে। শিক্ষানুষ্ঠানত বিভিন্ন পর্যায়ত তলত দিয়া ধৰণে পৰিবেশ শিক্ষা দিব পাৰি-প্রাথমকি পর্যায়ত পৰিবেশ শিক্ষা: এই পর্যায়ত শিশুসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা, স্বাস্থ্যৰ অনুশীলন, ৰ’দ বৰষুণ দিয়া, শীত-তাপ অৱস্থা নিয়ন্ত্ৰণ কৰা আদি পৰিবেশ সম্পর্কীয় পাঠ অন্তৰ্ভূক্ত কৰা হৈছে। আনহাতে এই পর্যায়ত প্রাকৃতিক সৌন্দর্য অনুভৱ কৰাৰ বাবে প্রকৃতি পাঠ প্রদান কৰাৰ যুক্তিযুক্ততা আছে।

মাধ্যমিক পর্যায়ত পৰিবেশ শিক্ষা: এই পর্যায়ত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, বতৰ বিজ্ঞান আদি পাঠ পাঠ্যসূচীত অন্তর্ভুক্ত কৰিব লাগে।

৫। জনসংখ্যা শিক্ষা মানে কি? H. S. ’17

উত্তৰ: জনসংখ্যা শিক্ষা হৈছে এক শিক্ষা আঁচনি যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ পৰা সৃষ্টি হ’ব পৰা সমস্যাসমূহৰ সমাধানৰ উপায়ৰ বিষয়ে অধ্যয়ন কৰা হয়। জনসংখ্যা শিক্ষাই সামাজিক পৰিৱেশৰ ওপৰতো শিক্ষাদানৰ পোষকতা কৰে।

৬। মূল্যবোধ শিক্ষা বুলিলে কি বুজা? H. S. ’15, ’18, ’19

উত্তৰ: মূল্যবোধ শিক্ষা বুলিলে এনে শিক্ষা ব্যবস্থাক বুজোৱা হয় যাৰ জৰিয়তে সমাজৰ লোকসকলৰ মাজত ঐক্য, সামাজিক ন্যায়, জাতীয়তাবোধ, মানবতাবোধ, ভাতৃত্ববোধ আদি মনোভাৱ গুণৰ বিকাশ সাধন হয়। মানব সমাজত শান্তি, শৃঙ্খলা, মানৱতাবোধ আদিৰ বিকাশৰ ক্ষেত্ৰত সামাজিক মূল্যবোধ সৃষ্টিৰ গুৰুত্ব অপৰিসীম।

৭। মূল্যবোধ শিক্ষা প্ৰদানৰ দুটা উপায় লিখা।

উত্তৰ: মূল্যবোধ শিক্ষা প্রদানৰ দুটা উপায় হৈছে-

(ক) প্রত্যক্ষ শিক্ষা প্রদান আৰু

(খ) পৰোক্ষ শিক্ষা প্রদান।

৮। পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। H. S. ’16

উত্তৰ: পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য হৈছে-

(ক) মূল্যবোধৰ বিকাশ সাধন আৰু

(খ) ব্যক্তিক জীর জগত আৰু প্রাণীজগতৰ প্রতি দায়িত্বশীল মনোভাব গঠন কৰা।

৯। শাৰীৰিক শিক্ষা প্ৰদানৰ দুটা উপকাৰিতা লিখা। H. S. ’18

উত্তৰ: বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ দুটা উপকাৰিতা হ’ল

(ক) শাৰীৰিক বিকাশ সাধন কৰা।

(খ) ব্যক্তিত্বৰ বিকাশ সাধন কৰা।

১০। শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ আলোচনা কৰা। H. S. ’15

উত্তৰঃ শাৰীৰিক শিক্ষা হৈছে এক শৈক্ষিক প্রক্রিয়া যাৰ যোগেদি ব্যক্তিৰ সর্বাংগীণ বিকাশ সম্ভব হয়।

শাৰীৰিক শিক্ষাই ব্যক্তিৰ বাবে স্বাস্থ্যময়, সন্তোষজনক, উপযোগী আৰু বহু পৰিমাণে উৎপাদনমুখী জীৱনৰ গঢ় দিয়ে। শাৰীৰিক শিক্ষাই বিভিন্ন ধৰণৰ খেল-ধেমালী, ব্যায়াম, নৃত্য আদিৰ অনুশীলনক সাঙুৰি লয়।
শাৰীৰিক শিক্ষাৰ মূল উদ্দেশ্যসমূহ হ’ল-

(ক) শাৰীৰিক বিকাশ সাধন কৰা।

(খ) মূল্যবোধৰ বিকাশ সাধন কৰা।

(গ) শাৰীৰিক দক্ষতা বৃদ্ধি কৰা।

(ঘ) সামাজিক দাতিয়য়ত্ববোধৰ বিকাশ সাধন কৰা।

(ঙ) সামাজকি বুজাপৰাৰ ভাৱধাৰা গঠন কৰা।

ঘ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক- ৫)

(১) ৯। শিক্ষা আৰু মহিলা সৱলীকৰণৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰা। H. S. ’15

নাইবা

মহিলা সৱলীকৰণত শিক্ষাৰ ভূমিকা আলোচনা কৰা। H. S. ’18, ’19 

উত্তৰ: মহিলা সবলীকৰণ হ’ল এনে এক প্রক্রিয়া যাৰ দ্বাৰা মহিলা আৰু পুৰুষৰ সম অধিকাৰ, সম স্বাধীনতা আৰু সম মৰ্যাদাৰ ভিত্তিত সম বিকাশৰ ব্যৱস্থা নিশ্চিত কৰিব পাৰি। মহিলা সবলী কৰণে নাৰীক সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী আৰু সমাযোজন প্রক্রিয়াতো সহায় কৰে। ১৯৮৫ চনত আন্তঃৰাষ্ট্ৰীয় মহিলা সম্মিলনে মহিলা সবলীকৰণ সম্পর্কে কৈছিল, “মহিলা সবলীকৰণ হ’ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্রণ ব্যৱস্থা মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্রক্রিয়া।’ শিক্ষাৰ লগত মহিলা সৱলীকৰণ ওতঃপ্রোতভাবে জড়িত। কিয়নো শিক্ষাই কুসংস্কাৰ, অন্ধবিশ্বাস আঁতৰ কৰি দৃষ্টিভংগী বিজ্ঞানসন্মত কৰে। মহিলাসকলৰ সুপ্ত প্রতিভাৰ উন্মুচন হৈ ব্যক্তিত্বৰ বিকাশ ঘটে আৰু সামাজিক দায়িত্ববোধ বৃদ্ধি পায়।

২। বর্তমান সমাজত প্ৰমূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা (গুৰুত্ব) সম্পর্কে আলোচনা কৰা। H. S. ’17, ’19

উত্তৰ : বৰ্তমান সমাজত মূল্যবোধৰ শিক্ষাৰ প্রয়োজনীয়তা বৃদ্ধি পাইছে। কিয়নো মূল্যবোধে দেশ বা সমাজ এখন সুপৰিচালিত হ’বলৈ আইন সম্পর্কীয়, আদর্শ বিষয়ক আৰু সামাজিক ৰীতি নীতি সম্পর্কে নাগৰিকসকলৰ মাজত সচেতনতা বৃদ্ধি কৰে। মূল্যবোধৰ শিক্ষাই মানুহৰ নৈতিক আৰু সামাজিক আচৰণ সংশোধন কৰিব পাৰে।

দেখা যায় সমাজত যিমানেই বৈজ্ঞানিক চিন্তার্চ্চাৰ প্রকোপ বৃদ্ধি পাইছে সিমানেই মানুহে আবেগ-অনুভূতিবোৰ হেৰুৱাই যন্ত্রবৎ হৈ আছে। বিজ্ঞান-প্রযুক্তিৰ বশৱৰ্তী হৈ আত্মা-পৰামাত্মাৰ কথা পাহৰি গৈছে। সমাজত বিশৃঙ্খলতা, ভণ্ডামি, বিশ্বাসহীনতা আদি বৃদ্ধি পাইছে। এনে পৰিস্থিতিত মূল্যবোধৰ শিক্ষা এক প্রত্যাহ্বান স্বৰূপ যদিও একমাত্র মূল্যবোধৰ শিক্ষাৰ দ্বাৰাহে সমাজৰ পৰা আমি কলুষ-কালিমাসমূহ আঁতৰ কৰি সামাজিক ন্যায়, জাতীয়তাবোধ, ভাতৃত্ববোধ, সৌন্দর্যবোধ আদি স্থাপন কৰিব পাৰি।

৩। বিদ্যালয়ত মূল্যবোধ শিক্ষা প্রদানৰ বাবে আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত আলোচনা কৰা। H. S. ’18

উত্তৰ: বিদ্যালয়ত মূল্যবোধ শিক্ষা প্রদানৰ বাবে আমি তলত দিয়া ব্যৱস্থাসমূহ গ্রহণ কৰিব পাৰো-

(১) মূল্যবোধ শিক্ষা দিয়াৰ বাবে অনাতাঁৰ, দূৰদৰ্শন, বাতৰি কাকত আদিৰ ব্যৱস্থা কৰা উচিত।

(২) ছাত্ৰ-ছাত্ৰীসকলৰ আধ্যাত্মিক আৰু নৈতিক মূল্যবোধ জাগ্রত কৰিবলৈ বিদ্যালয়ত প্রার্থনা সভাৰ আয়োজন কৰা উচিত। ইয়াৰ উপৰিও ভক্তিমূলক গীত মাত, মহৎ লোকৰ বাণী আদি পাঠৰ জৰিয়তে মূল্যবোধৰ শিক্ষা দিব পাৰি।

(৩) সংগীত, নৃত্য নাটিকা, খেল-ধেমালী আদি মাধ্যমৰ জৰিয়তেও মূল্যবোধৰ শিক্ষা দিব পাৰি।

(৪) বিদ্যালয়সমূহত মাজে মাজে বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা বক্তৃতা অনুষ্ঠান, আলোচনা চক্র আদিৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক প্রমূল্যবোধৰ শিক্ষাৰ প্ৰতি উদ্বুদ্ধ কৰিব পাৰি।

(৫) ধর্মীয় শিক্ষাৰ জৰিয়তেও প্রমূল্যবোধ শিক্ষা প্রদান কৰিব পাৰি।

৪। NCERT মতে জনসংখ্যা শিক্ষাৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা।

নাইবা

শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্রদানৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োবা। H. S. ’18

উত্তৰ: ১৯৭১ চনত দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিক্ষা সম্মিলনত কোৱা হয় যে স্কুলীয়া শিক্ষাৰ সৰ্বস্তৰতে অর্থাৎ প্রাথমিক আৰু মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষা প্রদান কৰা উচিত।

প্রাথমিক স্তৰত ল’ৰা-ছোৱালীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ড আৰু ইয়াৰ প্রভাৱৰ বিষয়ে অৱগত কৰিব লাগে।
মাধ্যমিক পর্যায়ত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যা বৃদ্ধিৰ গতি-ধাৰা সম্পর্কে ছাত্র-ছাত্রীসকলক শিক্ষা দিব লাগে।
মহাবিদ্যালয় পর্যায়ত শিক্ষার্থীসকলক শৰীৰৰ অঙ্গ-প্রত্যংগৰ লগত ভালদৰে চিনাকী কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে।
সামগ্রীকভাবে জনসংখ্যা শিক্ষা প্রদানৰ বাবে আমি তলত দিয়া চাৰিটা পৰামৰ্শ আগবঢ়াব পাৰো-

(ক) ছাত্র-ছাত্রীসকলক সৰু পৰিয়াল সুখী পৰিয়াল বুলি ধাৰণা দিয়া।

(খ) পৰিয়াল কেন্দ্ৰিক জীৱন-যাপনৰ শিক্ষা প্ৰদান কৰা।

(গ) জনসংখ্যাৰ ইতিহাস জনাৰ সুবিধা দিয়া।

(ঘ) পৰিৱেশ শিক্ষাক বাধ্যতামুকলক কৰা।

৫। বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় গুৰুত্বপূৰ্ণ তিনিটা কাৰণ দেখুওৱা। H. S. ’15

উত্তৰ: বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্বৰ কাৰণ

(ক) শাৰীৰিক বিকাশ সাধন কৰাঃ শাৰীৰিক শিক্ষাৰ যোগেদি ছাত্র-ছাত্রীসকলক শৰীৰৰ প্রতি সচেতন কৰি তুলিব পাৰি। এনে শিক্ষাৰ দ্বাৰা ছাত্র-ছাত্রীসকলে শাৰীৰিক দুর্বলতা ৰোগ-ব্যাধি আদিৰ পৰা নিজকে বচাই ৰাখিব পাৰে।

(খ) অংগ সঞ্চালনৰ বিকাশঃ শাৰীৰিক শিক্ষাৰ জৰিয়তে শিশুরে শাৰীৰিক অংগ প্রতংগ উপযুক্তভাবে সঞ্চালন কৰাৰ সুযোগ পায়। ফলত সিহঁতৰ কর্ম ক্ষমতা বৃদ্ধি পায়।

(গ) মানসিক সুস্থতাঃ শাৰীৰিক শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক অবসাদ দূৰ করে। ফলত সিহঁতৰ শৰীৰ মন ভালে থকাৰ উপৰিও কর্ম দক্ষতা বৃদ্ধিপায়।

(ঘ) সামাজিক গুণৰ অধিকাৰী: শাৰীৰিক শিক্ষাৰ জৰিয়তে ছাত্র-ছাত্রীৰ মাজত ভ্রাতৃত্ববোধ, সহনশীলতা, সহযোগিতা, শ্রদ্ধা বন্ধুত্বভার আদি সামাজিক গুণৰ বিকাশ হয়।

৬। পৰিৱেশ শিক্ষাৰ উদ্দেশ্য বা গুৰুত্ব (প্রয়োজনীয়তা) সম্পর্কে আলোচনা কৰা। H. S. ’15, ’18

উত্তৰ বৰ্তমান বিশ্বৰ প্ৰেক্ষাপটত পৰিবেশ শিক্ষাৰ অতীব গুৰুত্ব আছে, যেনে-

(ক) প্রদূষণ: বর্তমান বিশ্বত প্রদূষণৰ মাত্রা অতিকৈ বৃদ্ধি পাইছে। প্রতিদিনে বায়ু, পানী, মাটি, আদিৰ প্ৰদূষণ বাঢ়ি গৈ আছে। পৰিবেশ শিক্ষাই ছাত্র-ছাত্রীক পৰিবেশৰ এই প্ৰদূষণসমূহৰ বিষয়ে সজাগ কৰি তুলিব পাৰে।

(খ) গোলকীয় উষ্ণতা বৃদ্ধি: আধুনিকীকৰণ আৰু নগৰীকৰণ কৰাৰ বাবে গছ-গছনি কটা আৰু বনাঞ্চল ধ্বংস হোৱাৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা ক্রমাৎ বৃদ্ধি পাই আছে। পৰিবেশ বিজ্ঞান স্কুলীয়া পাঠ্যক্রমত অন্তর্ভুক্ত কৰিলে ছাত্র-ছাত্রীয়ে নিশ্চয় এই গোলকীয় উষ্ণতাৰ বিষয়ে সচেতন হৈ ভৱিষ্যত প্রজন্ম পৰিবেশ সংৰক্ষণৰ বাবে আগুৱাই আহিব।

(গ) উদ্দ্যোগীকৰণ: বিশ্বত জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে উদ্দ্যোগীকৰণো বৃদ্ধি পাইছে। ফলত বায়ু মণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। পেিৰবশৰ বিষয়ে অধ্যয়নে ইয়াৰ ভয়াবহতাৰ বিষয়ে ছাত্র-ছাত্রীসকলক অৱগত কৰিব পাৰিব।

৭। বিদ্যালয়ত পৰিবেশ শিক্ষা প্ৰদানৰ চাৰিটা ব্যৱস্থা আলোচনা কৰা। H. S. ’16

উত্তৰ: পৰিৱেশৰ প্ৰতি মানুহৰ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিবলৈ বৰ্তমান শিক্ষানুষ্ঠানসমূহত পৰিৱেশ শিক্ষাৰ পাঠ্যক্রম প্রচলন কৰা হৈছে। শিক্ষানুষ্ঠানত বিভিন্ন পর্যায়ত তলত দিয়া ধৰণে পৰিৱেশ শিক্ষা দিব পাৰি-

(ক) বিদ্যালয়ত শাৰীৰিক শিক্ষা বাধ্যতামূলক কৰা।

(খ) পাঠ্যক্রমত খেল-ধেমালী অন্তৰ্ভূক্ত কৰা।

(গ) নৃত্য, গীত, হস্ত কলা, যোগ ব্যয়াম আদিৰ প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা।

(ঘ) বিদ্যালয় কর্তৃপক্ষই ছাত্র-ছাত্রীসকলক স্কাউট-গাইড, এনচিচি আদি সমাজসেৱা মূলক কার্যকলপাৰ সুবিধা প্রদান কৰা।

১০। শাৰীৰিক শিক্ষাৰ কি? বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ তিনিটা ব্যৱস্থা সম্পর্কে আলোচনা কৰা। H. S. ’17, ’20

উত্তৰঃ শাৰীৰিক শিক্ষা হৈছে এক শৈক্ষিক প্রক্রিয়া যাৰ যোগেদি ব্যক্তিৰ সর্বাংগীণ বিকাশ সম্ভব হয়। শাৰীৰিক শিক্ষাই ব্যক্তিৰ বাবে স্বাস্থ্যময়, সন্তোষজনক, উপযোগী আৰু বহু পৰিমাণে উৎপাদনমুখী জীৱনৰ গঢ় দিয়ে। শাৰীৰিক শিক্ষাই বিভিন্ন ধৰণৰ খেল-ধেমালী, ব্যায়াম, নৃত্য আদিৰ অনুশীলনক সাঙুৰি লয়।
বিদ্যালয়ত শাৰীৰিক শিক্ষাপ্ৰদানৰ তিনিটা ব্যৱস্থা হ’ল-

(ক) বিদ্যালয়ত শাৰীৰিক শিক্ষা বাধ্যতামূলক কৰা।

(খ) পাঠ্যক্রমত খেল-ধেমালী অন্তর্ভুক্ত কৰা।

(গ) নৃত্য, গীত, হস্ত কলা, যোগ ব্যয়াম আদিৰ প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা।

১১। মহিলা সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা? H. S. ’16, 17, ’20

উত্তৰ: মহিলা সবলীকৰণ হ’ল এনে এক প্রক্রিয়া যাৰ দ্বাৰা মহিলা আৰু পুৰুষৰ সম অধিকাৰ, সম স্বাধীনতা আৰু সম মর্যাদাৰ ভিত্তিত সম বিকাশৰ ব্যৱস্থা নিশ্চিত কৰিব পাৰি। মহিলা সবলী কৰণে নাৰীক সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী আৰু সমাযোজন প্রক্রিয়াতো সহায় কৰে। ১৯৮৫ চনত আন্তঃৰাষ্ট্ৰীয় মহিলা সম্মিলনে মহিলা সবলীকৰণ সম্পৰ্কে কৈছিল, “মহিলা সবলীকৰণ হ’ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া।’

মানব সামজৰ সৰ্বংাগীন উন্নয়ন আৰু কল্যাণৰ অৰ্থে নাৰী সৱলীকৰণৰ গুৰুত্ব অপৰিসীম, কাৰণ-

(ক) নাৰী শিক্ষাই সমাজৰ পৰা অন্ধ বিশ্বাস, কুসংস্কাৰ আদি আঁতৰ কৰাত সহায়ক হয়।

(খ) নাৰীয়ে শাৰীৰিক বিকাশৰ লগে লগে মানসিকভাবেও বিকাশিত হ’ব পাৰে।

(গ) শিক্ষাই নাৰীসকলকৰ মানৱীয় গুণৰ বিকাশ সাধন কৰি ধৈৰ্য, পৰোপকাৰীতা, দয়া, প্রেম, ভাতৃত্ববোধ, সামাজিক বুজাপৰা আদি গুণৰ বিকাশ সাধন কৰে।

(ঘ) নাৰী শিক্ষাই নাৰীসকলক নিজৰ অধিকাৰ সাব্যস্ত কৰাত দক্ষ আৰু সাহসী কৰি তোলে।

১২। পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তৰ্গত চাৰিটা ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা। H. S. ’15, ’17

নাইবা

পৰিবেশ শিক্ষাৰ পৰিসৰ সম্পৰ্কেৰ আলোচনা কৰা। H. S. ’18

উত্তৰ: আমাৰ চৌপাশৰ জৈৱিক আৰু অজৈৱিক উপাদানেৰে আৱৰি ৰখা অৱস্থাটোৱেই হৈছে পৰিবেশ। এজন ব্যক্তিৰ শিক্ষা, জ্ঞান, চৰিত্ৰ, ব্যক্তিত্ব, মনোভাৱ আদিৰ ওপৰত পৰিৱেশে গভীৰ প্ৰভাৱ পেলায়। পৰিবেশৰ প্ৰতি মানুহৰ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিবলৈ বর্তমান শিক্ষানুষ্ঠানসমূহত পৰিবেশ শিক্ষাৰ পাঠ্যক্রম প্রচলন কৰা হৈছে। শিক্ষানুষ্ঠানত বিভিন্ন পর্যায়ত তলত দিয়া ধৰণে পৰিবেশ শিক্ষা দিব পাৰি-প্রাথমকি পর্যায়ত পৰিবেশ শিক্ষা: এই পর্যায়ত শিশুসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা, স্বাস্থ্যৰ অনুশীলন, ৰ’দ বৰষুণ দিয়া, শীত-তাপ অবস্থা নিয়ন্ত্রণ কৰা আদি পৰিবেশ সম্পর্কীয় পাঠ অন্তর্ভুক্ত কৰা হৈছে। আনহাতে এই পর্যায়ত প্রাকৃতিক সৌন্দর্য অনুভব কৰাৰ বাবে প্ৰকৃতি পাঠ প্ৰদান কৰাৰ যুক্তিযুক্ততা আছে। মাধ্যমিক পর্যায়ত পৰিবেশ শিক্ষা: এই পর্যায়ত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, বতৰ বিজ্ঞান আদি পাঠ পাঠ্যসূচীত অন্তর্ভূক্ত কৰিব লাগে।

পৰিৱেশ শিক্ষাৰ ক্ষেত্র বুলিলে সেইবোৰ কাৰক, বিষয় বা কার্যকলাপক বুজোৱা হয় যিবোৰৰ জৰিয়তে ছাত্র-ছাত্রীসকলে পৰিৱেশৰ সম্পৰ্কে আৰু মানৱ সমাজৰ বাবে পৰিৱেশৰ গুৰুত্বৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে। পৰিৱেশ শিক্ষাৰ ক্ষেত্ৰই মুকলি পথাৰত খেলা-ধূলা কৰা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশ গ্রহণ কৰা, ৰাস্তা-ঘাট আদি চাফচিকুন কৰি ৰখা আদি কার্যকলাপক বুজোৱা হয়। পৰিৱেশৰ শিক্ষাৰ পৰিসৰৰ অন্তর্গত বিষয়সমূহ হ’ল- জনসচেতনাৰ বিকাশ সাধন, প্ৰদূষণ ৰোধকৰণ, জনসংখ্যা বিস্ফোৰণ আদি।

৫ । জনসংখ্যা শিক্ষা মানে কি? জনসংখ্যা শিক্ষাৰ চাৰিটা লক্ষ্য উল্লেখ কৰা। H. S. ’16

উত্তৰ: জনসংখ্যা শিক্ষা হৈছে এক শিক্ষা আঁচনি যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ পৰা সৃষ্টি হ’ব পৰা সমস্যাসমুহৰ সমাধানৰ উপায়ৰ বিষয়ে অধ্যয়ন কৰা হয়। জনসংখ্যা শিক্ষাই সামাজিক পৰিবেশৰ ওপৰতো শিক্ষাদানৰ পোষকতা কৰে।
জনসংখ্যা শিক্ষাৰ চাৰিটা লক্ষ্য হৈছে-

(ক) জনবিস্ফোৰণৰ ভয়াবহতা অৱগত কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰাত উদ্বুদ্ধ কৰা।

(খ) সামাজিক আৰু মানবীয় জ্ঞানৰ বিকাশ সাধন কৰা।

(গ) মানৱ সম্পদৰ বিকাশ সাধন কৰা।

(ঘ) পৰিৱেশৰ লগত মানৱৰ সম্পৰ্কৰ বিষয়ে জ্ঞান দিয়া।

16. আত্মবিশ্বাস আৰু দলীয় মনোভাব জগাই তোলাত শাৰীৰিক শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰা। H. S. ’19

উত্তৰঃ শাৰীৰিক শিক্ষা হৈছে এক শৈক্ষিক প্রক্রিয়া যাৰ যোগেদি ব্যক্তিৰ সৰ্বাংগীণ বিকাশ সম্ভব হয়। শাৰীৰিক শিক্ষাই ব্যক্তিৰ বাবে স্বাস্থ্যময়, সন্তোষজনক, উপযোগী আৰু বহু পৰিমাণে উৎপাদনমুখী জীৱনৰ গঢ় দিয়ে। শাৰীৰিক শিক্ষাই বিভিন্ন ধৰণৰ খেল-ধেমালী, ব্যায়াম, নৃত্য আদিৰ অনুশীলনক সাঙুৰি লয়।

শাৰীৰিক শিক্ষাৰ মূল উদ্দেশ্যসমূহ হ’ল-

(ক) শাৰীৰিক বিকাশ সাধন কৰা।

(খ) মূল্যবোধৰ বিকাশ সাধন কৰা।

(গ) শাৰীৰিক দক্ষতা বৃদ্ধি কৰা।

(ঘ) সামাজিক দাতিয়য়ত্ববোধৰ বিকাশ সাধন কৰা।

(ঙ) সামাজকি বুজাপৰাৰ ভাৱধাৰা গঠন কৰা।

এনেদৰে আত্ম বিশ্বাস আৰু দলীয় মনোভাৱ জগাই তোলাত শাৰীৰিক শিক্ষাৰ ভূমিকা আছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment