Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education Chapter 2 অগতানুগতিক শিক্ষা

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি অগতানুগতিক শিক্ষা Class 12 Education Chapter 2 Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক Class 12 Education Chapter 2 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education Chapter 2 অগতানুগতিক শিক্ষা

Class 12 Education Chapter 2 অগতানুগতিক শিক্ষা

গোট – ২

অগতানুগতিক শিক্ষা

ক. খালী ঠাই পূৰ্ণ কৰাঃ (প্ৰত্যেকটোৰ মূল্যাংক – ১)

(১) অগতানুগতিক শিক্ষাক — ৰ ওপৰঞ্চি আৰু পৰিপূৰক বুলি গ্ৰহণ কৰা হয়।

উত্তৰ: আনুষ্ঠানিক শিক্ষা।

(২) অগতানুগতিক শিক্ষা হ’ল — আৰু বিবেচনাপূর্বক।

উত্তৰ : স্বতঃস্ফূৰ্ত্ত।

(৩) ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।

উত্তৰ: ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে।।

(৪) — প্রথমে যোগাযোগ শিক্ষাৰ উদ্ভাৱন কৰিছিল ‘Shorthand’ পাঠ্যসূচীত।

উত্তৰ: আইজাক পিটমেন (Issac Pitman)।

(৫) কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰিছিল —।

উত্তৰ: ১৮৮২ চনত।

(৬) ভাৰতৰ প্ৰথমখন মুক্ত বিদ্যালয়ৰ নাম হ’ল —।

উত্তৰ: আন্নামালাই মুক্ত বিশ্ববিদ্যালয় বা অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয়।

(৭) অগতানুগতিক শিক্ষাত সময়সীমা — নহয়।

উত্তৰ নিৰ্দ্ধাৰিত।

(৮) আনুষ্ঠানিক শিক্ষাঃ বিদ্যালয়, অগতানুগতিক শিক্ষা: —।

উত্তৰ: যোগাযোগ পাঠ্যক্রম।

(৯) (২৩) ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় অবস্থিত —। H. S. ’17

উত্তৰ: নতুন দিল্লীত।

(১০) অগতানুগতিক শিক্ষাই গুৰুত্ব প্রদান কৰে — বিষয়ত।

উত্তৰ: ব্যক্তিগত প্রয়োজন ভিত্তিক।

(১১) শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ ভৌগোলিক দূৰত্ব — এটা গুরুত্বপূর্ণ বৈশিষ্ট্য। H. S. ’16

উত্তৰ: দূৰ শিক্ষাৰ।

(১২) আনুষ্ঠানিক শিক্ষাঃ বিদ্যালয়, অগতানুগতিক শিক্ষা: —।

উত্তৰ: যোগাযোগ পাঠ্যক্রম।

(১৩) অগতানুগতিক শিক্ষাই গুৰুত্ব প্রদান কৰে — বিষয়ত।

উত্তৰ : ব্যক্তিগত প্রয়োজনভিত্তিক।

(১৪) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন অসমত স্থাপন কৰা হয় —।

উত্তৰঃ ২০০৭ চনত।

(১৫) শিক্ষক আৰু শিক্ষার্থীৰ মাজত প্রত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি — শিক্ষাৰ এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য। H. S. ’16

উত্তৰ: দূৰ।

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ১)

(১) ভাৰতৰ প্ৰথমখন মুক্ত বিদ্যালয়ৰ নাম লিখা। H.S. ’20

উত্তৰ: অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় বা আন্নামালাই মুক্ত বিশ্ববিদ্যালয়।

(২) অসমৰ প্ৰথমখন মুক্ত বিদ্যালয়ৰ নাম লিখা।

উত্তৰ: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।

(৩) অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্রিক হয়নে?

উত্তৰ: অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্রিক বা বিদ্যালয়ৰ চাৰিসীমাত আৱদ্ধ নহয়।

(৪) IGNOU ৰ সম্পূর্ণ অর্থ কি?

উত্তৰ: IGNOU ৰ সম্পূৰ্ণ অৰ্থ হ’ল- ইন্দিৰাগান্ধী বাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় (Indira Gandhi Na- tional Open University)।

(৫) আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ এটা পার্থক্য উল্লেখ কৰা।

উত্তৰ: আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত আনহাতে অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল।

(৬) দূৰৱৰ্তী শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বদ্ধ কি পদ্ধতিৰে হয় উল্লেখ কৰা।

উত্তৰ: দূৰৱৰ্তী শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ সম্পর্ক পৰোক্ষ পদ্ধতিত হয়।

(৭) বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰ: চীন দেশৰ টেলিভিচন মুক্ত বিশ্ববিদ্যালয়।

(৮) বিশ্বৰ ভিতৰত দ্বিতীয় সর্ববৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? H. S. ’19

উত্তৰ: ইন্দিবাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, নতুন দিল্লী।

(৯) ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল।

উত্তৰ: ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে।

(১০) তুমি জনা এখন মুক্ত বিদ্যালয়ৰ নাম লিখা।

উত্তৰ দিল্লী মুক্ত বিদ্যালয়।

(১১) কোনখন দেশত প্রথমতে দূৰ শিক্ষাৰ আৰম্ভণি কৰা হয়?

উত্তৰ: ইউৰোপত।

(১২) SLM ৰ সম্পূর্ণ অর্থ কি?

উত্তৰ: SLM ৰ সম্পূর্ণ অর্থ হৈছে Self Learning Material অর্থাৎ আত্ম শিক্ষণ সঁজুলি।

(১৩) দূৰ শিক্ষাক কোনে ‘telematic teaching’ বুলি কৈছিল?

উত্তৰ দূৰ শিক্ষাক ম’ৰে (Moore) ‘telematic teaching’ বুলি কৈছিল।

(১৪) যোগাযোগ পাঠ্যসূচীত যোগাযোগৰ মাধ্যম কি?

উত্তৰ: যোগাযোগৰ মাধ্যম হ’ল- ছপা সামগ্রী, লিখিত টোকা, চিঠিপত্র ইত্যাদি।

(১৫) দিল্লী বিশ্ববিদ্যালয়ে কিমান চনত যোগাযোগ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰে?

উত্তৰ: ১৯৬২ চনত।

গ. উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক ২)

(১) অগতানুগতিক শিক্ষাত শিক্ষকৰ ভূমিকা কি?

উত্তৰ: অগতানুগতিক শিক্ষাত শিক্ষকৰ ভূমিকা তেনেই সীমিত হয়। অগতানুগতিক শিক্ষাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত প্রত্যক্ষ যোগাযোগ নাথাকে, পৰোক্ষভাৱেহে এই কার্য সম্পন্ন হয়।

(২) যোগাযোগ শিক্ষাক কিয় ‘ডাকযোগে দিয়া শিক্ষা’ বুলি কোৱা হয়?

উত্তৰ: যোগাযোগ শিক্ষা ব্যৱস্থাত শিক্ষার্থী আৰু শিক্ষকৰ মাজত প্রত্যক্ষ সম্পর্ক গঢ় লৈ নুঠে। গতিকে যোগাযোগ পাঠ্যক্ৰমৰ দ্বাৰা জ্ঞান আহৰণ কৰিব খোজা সকলক শিক্ষা সেৱা আগবঢ়োৱাৰ বাবে ছপা সামগ্রী, লিখিত টোকা, চিঠিপত্ৰ আদিৰ দ্বাৰা যোগাযোগ ৰক্ষা কৰি অৰ্থাৎ ডাকযোগে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয় বাবে যোগাযোগ শিক্ষাক ‘ডাকযোগে দিয়া শিক্ষা’ বোলে।

(৩) দূৰ শিক্ষা কি?

উত্তৰ দূৰ শিক্ষা হ’ল অগতানুগতিক শিক্ষাৰ এক পদ্ধতি য’ত শিক্ষকে দূৰে দুৰে থাকি শিক্ষার্থীক শিক্ষা প্রদান কৰে। এই শিক্ষাৰ বাবে দূৰদৰ্শন, অঁনাতাৰ, শ্রব্য কেছেট, কম্পিউটাৰ আৰু অন্যান্য মুদ্রণ সামগ্ৰীৰ সহায় লোৱা হয়।

(৪) অগতানুগতিক শিক্ষা বুলিলে কি বুজা? H. S. ’16

উত্তৰ: সামাজিক, অর্থনৈতিক, শৈক্ষিক ইত্যাদি কাৰণত আৰু উপযুক্ত সময়ত শিক্ষা গ্রহণ কৰিব নোৱাৰা ল’ৰা-ছোৱালীৰ বাবে অগতানুগতিক শিক্ষা এক বিকল্প শিক্ষা ব্যৱস্থা। অগতানুগতিক শিক্ষা সুসংগঠিত, সুপৰিকল্পিত আৰু নমনীয় বিধৰ হয়।

(৫) মুক্ত শিক্ষা কি? নাইবা মুক্ত শিক্ষাত ‘মুক্ত’ শব্দটোবে কি সুচায়? H. S. ’15

উত্তৰ দূৰৱৰ্তী শিক্ষাৰ আটাইতকৈ নমনীয় দিশটোৱেই হ’ল মুক্ত শিক্ষা। মুক্ত শিক্ষা আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মৰ বান্ধোনৰ পৰা মুক্ত। অর্থাৎ মুক্ত শিক্ষাত শিক্ষার্থীয়ে যি শিকিব খোজে, যেনেকৈ শিকিব খোজে, যেতিয়া শিকিব খোজে আৰু য’ত শিকিব খোজে তাক বাছনি কৰিবলৈ স্বাধীনতা পায়। এই শিক্ষাত ব্যক্তিয়ে জীৱিকাৰ বাবে কোনো কাম কৰি থকাৰ লগতে মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষালাভকৰিবও পাৰে।

(৬) ‘মুক্ত শিক্ষা’ মানে কি?

উত্তৰ: মুক্ত মানে হ’ল- মুকলি, বন্ধন নথকা বা নমনীয়। শিক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত ‘মুক্ত’ শব্দটোবে শিক্ষার্থীসকলক কোনো প্রাচীৰ বা বাধা নোহোৱাকৈ শিক্ষা লাভ কৰিব পৰাটোকে বুজায়। বিভিন্ন কাৰণত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিতসকলে পিছত বাধা নোহোৱাকৈ শিক্ষা লাভ কৰিব পৰাৰ যি সুযোগ বা সুবিধা তাকেই মুক্ত ভাৱে লাভ কৰা শিক্ষা বোলে।

(৭) দূৰ শিক্ষাৰ এটা সংজ্ঞা দিয়া।

উত্তৰ দূৰ শিক্ষাৰ সংজ্ঞা বিভিন্নজনে ভিন্নধৰণে দিয়া দেখা যায়। সেইসকলৰ ভিতৰত দহমনে (Dohman) য়ে আগবঢ়োৱা সংজ্ঞাটো সন্তোষজনক বুলি ক’ব পাৰি- “দূৰত্ব শিক্ষা হ’ল এক প্রণালীবদ্ধভাবে সংগঠিত আত্ম শিক্ষাৰ ব্যৱস্থা য’ত শিক্ষণীয় বিষয়বস্তু আৰু শিক্ষার্থীক পৰামৰ্শদানৰ বাবে শিক্ষকসকলে দলবদ্ধভাবে কাম কৰে। এক ভৌগোলিক দূৰত্বক সামৰি ল’ব পৰা জনসংযোগ মাধ্যমৰদ্বাৰা সম্পাদিত হয়।”

(৮) যোগাযোগ শিক্ষাক কিয় ডাকযোগে দিয়া শিক্ষা বুলি কোৱা হয়?

উত্তৰ: যোগাযোগ শিক্ষাক ডাগযোগে দিয়া শিক্ষা বুলি কোৱা হয়। কাৰণ এই শিক্ষা ব্যবস্থাত শিক্ষার্থীয়ে শিক্ষণ সমল ডাকযোগে লাভ কৰে। শিক্ষক আৰু শিক্ষার্থীয়ে মুখামুখি নোহোৱাকৈ ডাকযোগে শিক্ষা প্রক্রিয়াটো চলি থাকে।

(৯) যোগাযোগ পাঠ্যসূচীৰ (ডাকযোগে শিক্ষাৰ) উৎপত্তিৰ বিষয়ে লিখা।

উত্তৰ: ইউৰোপৰ কিছুমান দেশত উনৈশ শতিকাতে যোগাযোগ শিক্ষাৰ প্ৰৱর্তন হৈছিল। আইজাক পিটমেনে (Issac Pitman) ১৮৪০ চনত যোগাযোগ শিক্ষাৰ উদ্ভাৱন কৰে। ভাৰতবৰ্ষত যোগাযোগ শিক্ষা ব্যৱস্থাৰ প্ৰচলন হয় ১৯৬২ চনত। এনেদৰেই শ্ৰেণীত উপস্থিত থাকিব নোৱাৰা, বাধাগ্রস্ত ল’ৰা-ছোৱালীসকল যোগাযোগ শিক্ষাৰ দ্বাৰা উপকৃত হৈ আহিছে।

(১০) এটা বৈশিষ্ট্য উল্লেখ কৰা যি আনুষ্ঠানিক শিক্ষাৰ পৰা অগানুগতিক শিক্ষাক পৃথক কৰে। H. S. ’15

উত্তৰ: আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট সময় সীমা থাকে। কিন্তু অগানুগতিক শিক্ষাৰ কোনো নির্দিষ্ট সময় সীমা নাথাকে। এনে শিক্ষা জীৱনৰ যিকোনো সময়তে লাভ কৰিব পাৰি।

(১১) দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। H. S. ’16

উত্তৰ দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) শিক্ষক শিক্ষার্থীৰ মাজৰ দূৰত্ব।

(খ) দূৰ শিক্ষা মিতব্যয়ী আৰু নমনীয়।

(১২) অগাতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই শ্ৰেণীৰ ব্যক্তিৰ নাম লিখা। H. S. ’16

উত্তৰ: অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই শ্ৰেণীৰ ব্যক্তি হ’ল-

(ক) নিৰক্ষৰ লোক

(খ) শাৰীৰিকভাবে অক্ষম লোক।

(১৩) ডাক যোগে শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। H. S. ’17

উত্তৰ: ডাকযোগে শিক্ষাৰ দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হৈছে-

(ক) ডাকযোগে শিক্ষা ঘৰত বহি বহিয়েই লাভ কৰিব পাৰি।

(খ) এনে শিক্ষাত সময় আৰু অৰ্থ ৰাহি হয়।

(১৪) দূৰ শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা। H. S. ’18

উত্তৰ দূৰ শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ দিশ হৈছে

(ক) এনে শিক্ষাত প্রযুক্তিগত মাধ্যম ব্যৱহাৰ কৰা হয়।

(খ) দূৰ শিক্ষাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত কোনো প্রত্যক্ষ সম্পর্ক গঢ়ি নুঠে।

ঘ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক- ৩/৪)

(১) মুক্ত শিক্ষাৰ তিনিটা গুণ (সুবিধা) উল্লেখ কৰা?

উত্তৰ: মুক্ত শিক্ষাৰ তিনিটা গুণ (সুবিধা) হ’ল-

(ক) বিভিন্ন শৈক্ষিক, সামাজিক, আর্থিক অথবা ভৌগোলিক কাৰণত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত লোকসকলক পুনৰবাৰ শিক্ষা প্ৰদান কৰাত মুক্ত শিক্ষাই সহায় কৰে।

(খ) মুক্ত শিক্ষাই সমাজৰ দুর্বল, অনুন্নত আৰু আর্থ-সামাজিকভাবে পিছপৰা লোকসকলৰ বাবে সম শিক্ষাৰ সুবিধা দিয়ে।

(গ) মুক্ত শিক্ষা অধিক মিতব্যয়ী, কাৰ্যকৰী আৰু জীৱনৰ প্ৰয়োজনীয় বৃত্তিমূলক শিক্ষা গ্রহণৰ বাবে সহায়ক।

(২) মুক্ত বিদ্যালয়ৰ উদ্দেশ্যবোৰ কি কি লিখা?

উত্তৰ: মুক্ত বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল-

(ক) দেশ এখনৰ সকলো পৰ্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুবিধা পায় তাক কাৰ্যকৰী কৰা।

(খ) দেশৰ সৰহ সংখ্যক ব্যক্তিয়ে যাতে উচ্চ শিক্ষা ঘৰত থাকিয়ে লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা।

(গ) অবিৰত প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱাসকলক শিক্ষাৰ সুবিধা দিয়া।

(ঘ) শিক্ষাৰ সামগ্রিক মানদণ্ড উন্নত কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ হাতত লোৱা।

(৩) মুক্ত বিদ্যালয়ৰ শিক্ষার্থী কোনবোৰ?

উত্তৰ: মুক্ত বিদ্যালয় ব্যৱস্থাটো বর্তমান সমাজৰ অতি গুৰুত্বপূর্ণ অনুষ্ঠান। আমাৰ সমাজত বিশেষকৈ অর্থনৈতিকভাবে দুর্বল কিছুমান ল’ৰা-ছোৱালীয়ে সাধাৰণ শিক্ষাখিনি নোপোৱাকৈ কর্ম ক্ষেত্ৰত সোমাই পৰে। তেনেদৰে শিক্ষা আধৰুৱা কৰা, অবিৰতভাবে শিক্ষা লাভৰ প্রতি আগ্রহী ল’ৰা-ছোৱালীবোৰেই মুক্ত বিদ্যালয়ৰ শিক্ষার্থী। এই বিদ্যালয়ত সকলো বয়সৰ লোকেই শিক্ষা গ্রহণ কৰিব পৰা সুবিধা আছে।

(৪) অগতানুগতিক শিক্ষাক কি কাৰণে নমনীয় শিক্ষা ব্যৱস্থা বোলা হয়? H. S. ’15

নাইবা

অগতানুগতিক শিক্ষাক কিয় সহায়কাৰী শিক্ষা বুলি বিবেচনা কৰা হয়? H. S. ’17

উত্তৰ: অগতানুগতিক শিক্ষাক নমনীয় বা সহায়কাৰী শিক্ষা বোলাৰ প্ৰধান কাৰণ হ’ল এই শিক্ষা ব্যৱস্থাত নামভৰ্তি কৰিবলৈ কোনো নিৰ্ধাৰিত বয়সৰ সীমা বান্ধি দিয়া হোৱা নাই। যিকোনো বয়সৰ লোকে, যিকোনো সময়তে এই শিক্ষা গ্ৰহণৰ সুবিধা গ্ৰহণ কৰিব পাৰে। আকৌ এই শিক্ষাৰ কোনো অপৰিবৰ্তনীয় পাঠ্যক্রম নাই। অগতানুগতিক শিক্ষাৰ দ্বাৰা শিক্ষার্থীয়ে পাঠ্যক্ৰমৰ কোনো বিষয়ৰ সর্বাধুনিক জ্ঞান আহৰণত সহায় লাভ কৰে লগতে কৰ্মৰত লোকসকলে কর্মদক্ষতা বা বৃত্তিগত প্রশিক্ষণত উপকাৰ লাভ কৰিব পাৰে।

(৫) “সাম্প্রতিক বিশ্বই তিনি ধৰণৰ সমস্যাৰ মুখামুখি হৈছে” এই বিস্ফোৰণবোৰ কি কি?

উত্তৰ: সাম্প্রতিক বিশ্বই মুখামুখি হোৱা প্রধান বিস্ফোৰণ তিনিটা হ’ল-

(ক) জনসংখ্যা বিস্ফোৰণঃ দেশৰ দ্রুত গতিত বৃদ্ধি হোৱা জনসংখ্যাৰ যি বৰ্দ্ধিত হাৰ ই বিস্ফোৰণ সৃষ্টি কৰিছে। ইয়াৰ ফলত এক বৃহৎ সংখ্যকে বিভিন্ন সমস্যাৰ মুখামুখি হৈছে লগতে কেতবোৰ সা-সুবিধা বা শিক্ষাৰ পৰা বঞ্চিত হৈছে।

(খ) আশা-আকাংক্ষাৰ বিস্ফোৰণঃ বৰ্তমান মানুহৰ সামাজিক জীৱনৰ জটিলতা বাঢ়ি অহাৰ লগে লগে ইয়াৰ সমান্তৰালভাৱে আশা-আকাংক্ষাৰ লিপ্সাও বাঢ়ি আহিছে। ইয়াৰ ফলত ব্যক্তি আৰু সমাজৰ আশা-আকাংক্ষাবোৰ অপৰিতৃপ্ত হৈ পৰি বিস্ফোৰণৰ লেখীয়া হৈছে।

(গ) জ্ঞানৰ বিস্ফোৰণঃ বিজ্ঞান তথা প্রযুক্তি বিজ্ঞানৰ দ্রুত বিকাশৰ লগে লগে জ্ঞানৰ নতুন নতুন ক্ষেত্ৰৰ সৃষ্টি হৈছে আৰু ইয়াৰ সমান্তৰালভাবে জনগণৰ জ্ঞানৰ স্পৃহা বৃদ্ধি হৈ জ্ঞানৰ বিস্ফোৰণৰ সৃষ্টি হৈছে।

(৬) দূৰ শিক্ষাত সাধাৰণতে ব্যৱহাৰ কৰা তিনি প্ৰকাৰৰ আধুনিক সঁজুলি উল্লেখ কৰা।

উত্তৰ দূৰ শিক্ষাত সাধাৰণতে ব্যৱহাৰ কৰা তিনি প্ৰকাৰৰ আধুনিক সঁজুলি হ’ল-

(ক) দৃশ্য-শ্রবন আহিলা।

(খ) কম্পিউটাৰ।

(গ) দূৰ সংযোগ আহিলা।

(ঘ) ‘দূৰ শিক্ষা এক নমনীয় শিক্ষা ব্যবস্থা।’ ব্যাখ্যা কৰা। H. S. ’17

উত্তৰ: দূৰ শিক্ষাক এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয়, কাৰণ দূৰ শিক্ষাত নামভর্তি, বিষয় নির্বাচন, বয়স, নীতি নিয়মৰ কঠোৰতা আদি ক্ষেত্ৰত নমনীয়তা ৰক্ষা কৰা হয়। তাৰোপৰি জীৱনৰ যিকোনো সময়তে দূৰ শিক্ষা লাভ কৰিব পৰা যায়। এই শিক্ষা মিতব্যয়ীও। সেয়ে দূৰ শিক্ষাক নমনীয় শিক্ষা বুলি কোৱা হয়।

(ঙ) অগতানুগতিক শিক্ষা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য আলোচনা কৰা। H. S. ’16, ’20

উত্তৰ: সামাজিক, অর্থনৈতিক, শৈক্ষিক ইত্যাদি কাৰণত আৰু উপযুক্ত সময়ত শিক্ষা গ্রহণ কৰিব নোৱাৰা ল’ৰা-ছোৱালীৰ বাবে অগতানুগতিক শিক্ষা এক বিকল্প শিক্ষা ব্যবস্থা। অগতানুগতিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য আছে, যেনে

(ক) অগতানুগতিক শিক্ষা এক বিকল্প শিক্ষা। আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা বা সময়মতে শিক্ষা গ্রহণ কৰিব নোৱাৰা লোকসকলে জীৱনৰ যিকোনে সময়তে এনে শিক্ষা লাভ কৰিব পাৰে।

(খ) এনে শিক্ষা মিতব্যয়ী। কাৰণ বহু সময়ত অগতানুগতিক শিক্ষা ঘৰত বহি বহিয়েই লাভ কৰিব পাৰি।

(গ) এনেশিক্ষা বিদ্যার্থীকেন্দ্রিক। বিদ্যার্থীসকলে এনে শিক্ষাত স্বাধীনতা ভোগ কৰে।

(ঘ) অগতানুগতিক শিক্ষা নমনীয় হয়।

(ঙ) এনে শিক্ষাত নিয়ম কানুন, পাঠ্যক্রম আদিৰ ক্ষেত্ৰত বাধ্যবাধকতা নাই।

(চ) সকলো বিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলো বিলাক দূৰ শিক্ষাই মুক্ত নহয়।’ দুটা যুক্তি দিয়া। H. S. ’19

উত্তৰ: ‘সকলোবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলোবিলাক দূৰ শিক্ষাই মুক্ত নহয়’-ইয়াৰ সক্ষে যুক্তি দুটা হ’ল-

(ক) শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ দূৰত্ব।

(খ) মিতব্যয়ী আৰু নমীয় শিক্ষা ব্যবস্থা।

15. বর্তমান সমাজৰ বাবে দূৰবৰ্তী শিক্ষাৰ কিয় প্রয়োজন? H. S. ’19

উত্তৰ দূৰ শিক্ষা হ’ল অগতানুগতিক শিক্ষাৰ এক পদ্ধতি য’ত শিক্ষকে দুৰে দুৰে থাকি শিক্ষার্থীক শিক্ষা প্রদান কৰে। এই শিক্ষাৰ বাবে দূৰদৰ্শন, অঁনাতাৰ, শ্রব্য কেছেট, কম্পিউটাৰ আৰু অন্যান্য মুদ্রণ সামগ্ৰীৰ সহায় লোৱা হয়। বর্তমান সমাজৰ বাবে দূৰৱৰ্তী শিক্ষাৰ প্রয়োজন আছে, কিয়নো- বর্তমান সময় হৈছে অতিপাত ব্যস্ততাপূর্ণ। মানুহে জীবিকা উপাৰ্জন কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিব লগা হয়। তাৰোপৰি অৰ্থাভাব, সুযোগ-সবিধাৰ অভাৱ আদিৰ বাবে উপযুক্ত সময়ত বহুতে শিক্ষা লাভৰ পৰা বঞ্চিত হয়। দূৰ শিক্ষা ব্যৱস্থাটো যিহেতু নমনীয় আৰু যিকোনো বয়সৰ লোকৰ বাবে উন্মুক্ত সেয়ে শিক্ষাক সার্বজনীনতা প্রদানৰ ক্ষেত্ৰত দূৰ শিক্ষাৰ অতীব প্রয়োজন আছে।
দূৰ শিক্ষাৰ কিছুমান গুৰুত্বপূর্ণ বৈশিষ্ট্য হৈছে-

(ক) শিক্ষা ঘৰত বহি বহিয়েই লাভ কৰিব পাৰি।

(খ) এনে শিক্ষাত সময় আৰু অৰ্থ ৰাহি হয়।

(গ) এনে শিক্ষা নমনীয়।

(ঘ) এনে শিক্ষা ব্যৱস্থাত শিক্ষার্থীৰ স্বাধীনতা আছে।

ঙ. দীঘলীয়া প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক – ৫)

(১) মুক্ত বিশ্ববিদ্যালয়ৰ তিনিটা উদ্দেশ্য লিখা।

উত্তৰ: মুক্ত বিশ্ববিদ্যালয়ৰ প্রধান উদ্দেশ্য তিনিটা হ’ল-

(ক) দেশৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশক উচ্চ শিক্ষাৰ সুবিধা প্রধান কৰা।

(খ) বৃত্তিমূলক আৰু জীবিকামুখী শৈক্ষিক কাৰ্যসূচীৰ ব্যৱস্থা কৰা।

(গ) যোগাযোগ আৰু প্ৰযুক্তিৰ সহায়ত শিক্ষাক জনগণৰ দুৱাৰ দলিলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা।

(২) মুক্ত বিদ্যালয় কি? মুক্ত বিদ্যালয়ৰ প্রয়োজনীয়তা চমুকৈ লিখা।

উত্তৰ বৰ্তমান সময়ত মুক্ত বিদ্যালয়ৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ ধাৰণা। সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ ল’ৰা-ছোৱালীয়ে উপযুক্ত সময়ত শিক্ষা লাভ কৰিব নোৱাৰে। আর্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে সাধাৰণ আনুষ্ঠানিক শিক্ষা নোপোৱাকৈয়ে কর্মক্ষেত্ৰত সোমাই পৰিবলগীয়া হয়। এনে ধৰণৰ ল’ৰা-ছোৱালীক পলমকৈ হ’লেও শিক্ষা প্রদান কৰাৰ কাৰণে এবিধ বিদ্যালয় গঢ় লৈ উঠিছে আৰু এনে ধৰণৰ বিদ্যালয়বোৰক ‘মুক্ত বিদ্যালয়’ বুলি কোৱা হয়।

মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাঃ সাম্প্রতিক সময়ত মুক্ত শিক্ষাৰ ধাৰণাক সমগ্র পৃথিৱীয়ে গ্ৰহণ কৰিছে। জ্ঞানৰ বিস্ফোৰণৰ ফলতেই মুক্ত বিদ্যালয়ৰ প্রয়োজনীয়তা আহি পৰিছে। সমাজত থকা দৰিদ্ৰতা, অক্ষমতা, পিতৃ-মাতৃৰ নিৰক্ষৰতা, যাতায়তৰ অসুবিধা, পিছপৰা অঞ্চলত বসতি, ৰক্ষণশীলতা, বাল্যবিবাহ, শিক্ষানুষ্ঠানৰ অভাৱ আদিৰ কাৰণে সমাজৰ যিসকলে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে পলমকৈ হ’লেও তেওঁলোকক মুক্ত বিদ্যালয়ে শিক্ষাৰ সুবিধা প্রদান কৰিছে। মুক্ত বিদ্যালয়ে অধিক বয়সত আৰু কম খৰচত পঢ়া-শুনা কৰাৰ ক্ষেত্রত এক সুবিধা আগবঢ়াই আছে। গতিকে মুক্ত বিদ্যালয়ৰ প্রয়োজনীয়তা যথেষ্ট আছে বুলি ক’ব পাৰি।

(৩) যোগাযোগ শিক্ষা সম্বন্ধে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ কি কি বহলাই লিখা?

উত্তৰ: যোগাযোগ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোঠাৰী আয়োগে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াইছিল-

১। পূর্ণ বা অংশকালীন শিক্ষা ল’বলৈ অক্ষম লোকৰ বাবে ব্যাপকভাবে ডাকযোগে শিক্ষা বা যোগাযোগ শিক্ষাৰ ব্যৱস্থা কৰা।

২। ছাত্র-ছাত্রীসকলক মাজে মাজে শিক্ষকসকলক লগ পোৱাৰ সুযোগ দিয়া।

৩। শিক্ষাৰ সহায় হোৱাকৈ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ কাৰ্যসূচী যুগুত কৰা।

৪। শিক্ষক প্ৰশিক্ষণৰ বাবেও এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

৫। কৃষি উদ্যোগসমূহৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ উপৰিও এই ক্ষেত্ৰসমূহৰো যোগাযোগ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(৪) বর্তমান সমাজত মুক্ত শিক্ষা কিয় প্রয়োজনীয়? ব্যাখ্যা কৰা।

উত্তৰ : সাম্প্ৰতিক আমাৰ যি সমাজ ব্যবস্থা তাত মুক্ত শিক্ষাৰ প্রয়োজনীয়তাৰ প্ৰধান কাৰণবোৰ হ’ল-(১) বর্তমান সমাজত বিজ্ঞান তথা প্রযুক্তি বিজ্ঞানৰ দ্রুত বিকাশ বা উন্নতিৰ ফলত সমাজত এক ধৰণৰ জ্ঞানৰ বিস্ফোৰণৰ সৃষ্টি হৈছে। এই চাহিদা বা প্রয়োজন পূৰণ কৰিবলৈ মুক্ত শিক্ষাৰ প্রয়োজনীয়তা আহি পৰিছে।

(২) আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত দেখা পোৱা বৃহৎ সংখ্যক অপচয় ৰোধ কৰাৰ বাবে মুক্ত শিক্ষাৰ প্ৰয়োজন আছে।

(৩) কেতবোৰ আর্থ-সামাজিক, ভৌগোলিক বা অন্য কাৰণত শিক্ষা লাভৰ পৰা বঞ্চিত লোক সকলক শিক্ষা প্রদান কৰাৰ সুবিধার্থে মুক্ত শিক্ষাৰ প্ৰয়োজন আছে।

(৪) দেশ এখনৰ জাতীয় বিকাশ, আর্থ-সামাজিক উন্নয়ন, চিন্তা আদর্শ আদিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মুক্ত শিক্ষাৰ প্ৰয়োজন আছে।

(৫) “অগতানুগতিক শিক্ষা গণতান্ত্রিক আদৰ্শৰ ওপৰত প্রতিষ্ঠিত” চমুকৈ কথাষাৰ ব্যাখ্যা কৰা। H. S. ’17

নাইবা

অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা। H. S. ’15

উত্তৰ: অগতানুগতিক শিক্ষাৰ এটা মনকৰিবলগীয়া দিশ হ’ল- এই শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত। এই শিক্ষাই সকলোকে সমভাবে শিক্ষা গ্রহণৰ সুবিধা প্রদান কৰি আহিছে। তাৰোপৰি অগতানুগতিক শিক্ষা হ’ল প্রয়োজনভিত্তিক, উৎপাদনমুখী আৰু বৃত্তিমুখী। গণতান্ত্রিক দেশৰ শিক্ষাৰ মূল উদ্দেশ্যই হৈছে শিক্ষা প্রয়োজন ভিত্তিক হ’ব লাগে, উৎপাদনমুখী হ’ব লাগে আৰু বৃত্তিমুখী হ’ব লাগে। গণতান্ত্রিক দেশ এখনৰ শিক্ষাৰ ক্ষেত্ৰত থকা নীতি, আদর্শক অগতানুগতিক শিক্ষাই সামৰি লব পাৰিছে বাবেই এই শিক্ষাক ‘গণতান্ত্রিক আদৰ্শৰ ওপৰত প্রতিষ্ঠিত’ বুলি কোৱা হয় আৰু সাম্প্রতিক সময়ত অগানুগতিক শিক্ষাৰ গুৰুত্ব অপৰিসীম।

(৬) দূৰ শিক্ষাৰ উদ্দেশ্যসমূহ বর্ণনা কৰা। H. S. ’20

উত্তৰ দূৰ শিক্ষাৰ উদ্দেশ্যসমূহ হ’ল-

ক) শিক্ষাৰ সাৰ্বজনীনকৰণ: দূৰ শিক্ষাই সকলোৰে বাবে শিক্ষা আগবঢ়ায়। ফলত সর্বজনীন শিক্ষা বাস্তৱত ৰূপায়িত হ’বলৈ ধৰিছে।

খ) কার্যকৰী, নমনীয় আৰু মিতব্যয়ী শিক্ষা: দূৰ শিক্ষাই কম খৰচী, শিথিল আৰু জীৱনৰ বাবে প্রয়োজনীয় কাৰ্যকৰী শিক্ষা প্রদান কৰে।

গ) জ্ঞানৰ বিস্তাৰকৰণ: সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ সহজে জ্ঞান বিস্তাৰ সু-নিশ্চিত কৰাটো হৈছে দূৰ শিক্ষাৰ এক অন্য উদ্দেশ্য।

ঘ) আনুষ্ঠানিক শিক্ষাৰ সমস্যা হ্রাস: প্রচলিত আনুষ্ঠানিক শিক্ষা নানান সমস্যাৰে পৰিপূৰ্ণ। দূৰ শিক্ষাই এই সমস্যাৰ বহুখিনি সমাধান কৰিব পাৰে।

ঙ) বৃত্তিগত দক্ষতা বৃদ্ধি: কোনো বৃত্তিধাৰী লোকে দূৰ শিক্ষাৰ যোগেদি জ্ঞান আৰু দক্ষতা অর্জন কৰি নিজৰ বৃত্তিত কার্যদক্ষতা বৃদ্ধি কৰিব পাবে।

(৭) অগতানুগতিক শিক্ষাৰ দুৰ্বলতা সমূহ কি কি?

উত্তৰ : বৰ্তমান সমাজত অগতানুগতিক শিক্ষা জনপ্রিয় আৰু অপৰিহাৰ্থ হৈ উঠিলেও ইয়াৰ ত্রুটি নথকা নহয়। তলত অগতানুগতিক শিক্ষাৰ দুৰ্বলতা সম্পর্কে আলোচনা কৰা হ’ল-

(১) অগতানুগতিক শিক্ষাৰ যোগেদি শিক্ষাই বিস্তৃতি লাভ কৰিলেও শিক্ষাৰ গুণগত দিশৰ উন্নতিত সন্দেহৰ অৱকাশ আছে।

(২) অগতানুগতিক শিক্ষা অধিক পৰিমাণে শিক্ষার্থীকেন্দ্রিক হোৱা বাবে শিক্ষাপ্রদান কার্যত শিক্ষকসকল কম আগ্রহী হোৱা দেখা যায়।

(৩) অগতানুগতিক শিক্ষাই শিক্ষার্থীক প্রয়োজনতকৈ অধিক স্বাধীন কৰি তোলে। ফলত শিক্ষার্থীৰ জ্ঞান আহৰণৰ প্ৰতি গুৰুত্ব কমি আহে।

(৪) অগতানুগতিক শিক্ষাই শিক্ষার্থীৰ জ্ঞানৰ পৰিধি সীমিত কৰাৰ অৱকাশ থাকে।

(৫) অগতানুগতিক শিক্ষাত শিক্ষক আৰু শিক্ষার্থী মুখামুখি নোহোৱাৰ বাবে শিক্ষাদান আৰু শিক্ষাগ্রহণ প্ৰক্ৰিয়াটোৰ সাৰ্থকতা কমে।

(৮) অগতানুগতিক শিক্ষাৰ পৰিসৰৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰ: অগতানুগতিক শিক্ষাৰ পৰিসৰ অতি ব্যাপক। এই শিক্ষাক জীৱন কেন্দ্রিক শিক্ষা বুলি কোৱা হয়। ইয়াৰ পৰিসৰ নিম্ন উল্লেখিত ধৰণে ব্যাখ্যা কৰিব পাৰি-

(১) আনুষ্ঠানিক শিক্ষাৰ কেতবোৰ আঁচনি তথা কার্যপন্থা অগতানুগতিক শিক্ষাই সামৰি লয়। যেনে-

(ক) প্রাক্ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আঁচনি।

(খ) ৬-১৪ বছৰৰ ল’ৰা-ছোৱালীৰ বাবে প্রাথমিক শিক্ষা সার্বজনীনকৰণ।

(গ) মাধ্যমিক শিক্ষাৰ বাবে পূৰ্ণ আৰু অংশকালীন শিক্ষাৰ বিকাশ।

(ঘ) বিশ্ববিদ্যালয় পর্যায়ত অগতানুগতিক শিক্ষাৰ প্ৰচলন।

(২) অগতানুগতিক শিক্ষাৰ আঁচনিসমূহ হ’ল-

(ক) কাৰ্যকৰী স্বাক্ষৰতা।

(খ) বৃত্তিমূলক দক্ষতাৰ প্রশিক্ষণ।

(গ) স্বাস্থ্য শিক্ষা।

(ঘ) পুষ্টি শিক্ষা।

(ঙ) পৰিবেশ শিক্ষা

(চ) উপভোক্তা শিক্ষা।

(৯) মুক্ত শিক্ষাৰ পাঁচটা বৈশিষ্ট্য (সুবিধা) লিখা?

উত্তৰ: মুক্ত শিক্ষাৰ পাঁচটা বৈশিষ্ট্য হ’ল-

(১) পূর্ব অভিজ্ঞতা নথকা বা অর্হতা নথকা শিক্ষার্থীয়ে মুক্ত শিক্ষা লাভ কৰিব পাৰে। H. S. ’20

(২) মুক্ত শিক্ষা শ্রেণী কোঠাত আবদ্ধ নাথাকে, যিকোনো স্থানৰ পৰা মুক্ত শিক্ষা লাভ কৰিব পাৰি।

(৩) শিক্ষার্থীয়ে নিজৰ প্ৰয়োজন আৰু সুবিধা অনুযায়ী মুক্ত শিক্ষা লাভ কৰিব পাৰে।

(৪) ইয়াত শিক্ষকৰ বক্তৃতা প্ৰদানৰ সলনি প্রযুক্তিৰ সহায় লোৱা হয়।

(৫) মুক্ত শিক্ষাত বিদ্যার্থীয়ে যি শিকিব খোজে, য’ত শিকিব খোজে, যেতিয়া শিকিব খোজে আৰু যেনেকৈ শিকিব খোজে তাৰ বাছনি কৰিবলৈ সুবিধা পায়।

(১০) ‘মুক্ত শিক্ষা ব্যবস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰেই অভাৱ পূৰণ কৰিব পাৰে’ তোমাৰ মতামত দাঙি ধ’ৰা।

উত্তৰ: আমাৰ সমাজত দৰিদ্ৰতাৰ কৱলত পৰা, নিৰক্ষৰতা, পিছপৰা অঞ্চলত বাস কৰা, যাতায়ত ব্যৱস্থাৰ দূৰবস্থা আদিৰ বাবে বহু সংখ্যক লোক আনুষ্ঠানকি শিক্ষা লাভৰ পৰা বঞ্চিত হয়। ইয়াৰ উপৰিও বিভিন্ন কর্মক্ষেত্রত সোমাই পৰিব লগা হোৱাৰ বাবে বহুতে আগ্রহ থকা সত্বেও শিক্ষা লাভৰ পৰা বঞ্চিত হয়।

মুক্ত শিক্ষাই এই লোকসকলক শিক্ষা লাভৰ বাবে দ্বিতীয় সুযোগ গ্রহণ প্রদান কৰে। এই শিক্ষা ব্যৱস্থা নির্ধাৰিত বয়স, স্থান, পাঠ্যক্রম, আদিৰ মাজত আবদ্ধ নহয়। সেয়ে সমাজৰ সকলো লোকেই এই শিক্ষা লাভকৰাৰ সুযোগ পায়। তদুপৰি এই শিক্ষাই বর্দ্ধিত জনসংখ্যাক প্রয়োজন ভিত্তিক শিক্ষা প্রদান কৰিব পাৰে। সেয়ে মুক্ত শিক্ষা ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰেই অভাৱ পূৰণ কৰিব পাৰে বুলি ক’ব পাৰি।

(১১) ‘অগতানুগতিক শিক্ষা পলমকৈ শিক্ষা ল’ব খোজা সকল, বাদ পৰা সকল আৰু বঞ্চিতসকলৰ বাবে আশীর্বাদ স্বৰূপ। ব্যাখ্যা কৰা।

উত্তৰ: বৰ্তমান সময়ত অগতানুগতিক শিক্ষা এক বহুলভাবে জনপ্রিয় আৰু প্রয়োজন ভিত্তিক শিক্ষা হিচাপে পৰিগণিত হৈছে। আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপে পৰিগণিত হোৱা এই শিক্ষা ব্যবস্থা এতিয়া অপৰিহাৰ্য সেয়ে যিসকলে নিজৰ ইচ্ছা থকা সত্বেও সময়মতে শিক্ষা লাভ কৰিব নোৱাৰে অগতানুগতিক শিক্ষা ব্যৱস্থাই তেওঁলোকক জীৱনৰ যিকোনো বয়সত শিক্ষা লাভৰ সুযোগ আনি দিছে।

আকৌ আর্থিক দেন্যতা, যাতায়তৰ দুৰৱস্থা, বাল্য বিবাহ আদিৰ বাবে বিদ্যালয় ত্যাগ কৰা এক বৃহৎ সংখ্যক লোকে এই শিক্ষা ব্যৱস্থাৰ অধীনত শিক্ষা লাভ কৰিব পাৰে।

আনহাতে যিসকল লোকক আনুষ্ঠানিক বা সাধাৰণ শিক্ষাই এতিয়াও সামৰিব পৰা নাই, সেই সকলকো অগতানুগতিক শিক্ষাই শিক্ষা গ্রহণৰ সুযোগ দিছে।

সেয়ে ‘অগতানুগতিক শিক্ষা পলমকৈ শিক্ষা ল’ব খোজা সকল, বাদ পৰা সকল আৰু বঞ্চিতসকলৰ বাবে আর্শীবাদস্বরূপ’ বুলি ক’ব পাৰি।

(১২) দূৰ শিক্ষা কি? দূৰ শিক্ষাৰ প্ৰকৃতি সম্পর্কে তোমাৰ পৰিচিতি দেখুওৱা। H. S. ’16

উত্তৰ: দূৰ শিক্ষা বুলিলে ঘৰৰ পৰা দূৰৱৰ্তী কোনো শিক্ষানুষ্ঠানত ডাকযোগে বা অন্যান্য যোগাযোগৰ মাধ্যমত শিক্ষা লাভ কৰাক বুজোৱা হয়।
দূৰ শিক্ষাৰ কিছুমান বৈশিষ্ট্য আছে, যেনে-

(ক) শিক্ষক শিক্ষার্থীৰ মাজৰ দূৰত্ব।

(খ) দূৰ শিক্ষা মিতব্যয়ী আৰু নমনীয়।

(গ) এনে শিক্ষাত প্রযুক্তিগত মাধ্যম ব্যৱহাৰ কৰা হয়।

(ঘ) দূৰ শিক্ষাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত কোনো প্রত্যক্ষ সম্পর্ক গঢ়ি নুঠে।

(ঙ) দূৰ শিক্ষা বিদ্যার্থীকেন্দ্রিক।

(চ) দূৰ শিক্ষাত বিদ্যায়তনিক নীতি-নিয়মৰ বাধ্যবাধকতা কম।

(ছ) দুৰ শিক্ষাত শিক্ষার্থীসকলে স্বাধীনতা ভোগ কৰে।

(জ) দূৰ শিক্ষা ঘৰুৱা পৰিৱেশত থাকি লাভ কৰিব পাৰি।

দূৰ শিক্ষাৰ কিছুমান উদ্দেশ্য আছে, যেনে-

ক) দূৰ শিক্ষাই সকলোৰে বাবে শিক্ষা আগবঢ়ায়। ফলত সর্বজনীন শিক্ষা বাস্তৱত ৰূপায়িত হ’বলৈ ধৰিছে।

খ) দূৰ শিক্ষাই কম খৰচী, শিথিল আৰু জীৱনৰ বাবে প্রয়োজনীয় কার্যকৰী শিক্ষা প্রদান কৰে।

গ) সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ সহজে জ্ঞান বিস্তাৰ সু-নিশ্চিত কৰাটো হৈছে দূৰ শিক্ষাৰ এক অন্য উদ্দেশ্য।

ঘ) প্রচলিত আনুষ্ঠানিক শিক্ষা নানান সমস্যাৰে পৰিপূৰ্ণ। দূৰ শিক্ষাই এই সমস্যাৰ বহুখিনি সমাধান কৰিব পাৰে।

ঙ) কোনো বৃত্তিধাৰী লোকে দূৰ শিক্ষাৰ যোগেদি জ্ঞান আৰু দক্ষতা অর্জন কৰি নিজৰ বৃত্তিত কার্যদক্ষতা বৃদ্ধি কৰিব পাৰে।

(১২) অগতানুগতিক শিক্ষা কি? বর্তমান সমাজত ইয়াৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা। H. S. ’18

উত্তৰ: অগতানুগতিক শিক্ষাৰ এটা মনকৰিবলগীয়া দিশ হ’ল- এই শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত। এই শিক্ষাই সকলোকে সমভাৱে শিক্ষা গ্রহণৰ সুবিধা প্রদান কৰি আহিছে। তাৰোপৰি অগতানুগতিক শিক্ষা হ’ল প্রয়োজনভিত্তিক, উৎপাদনমুখী আৰু বৃত্তিমুখী। গণতান্ত্রিক দেশৰ শিক্ষাৰ মূল উদ্দেশ্যই হৈছে শিক্ষা প্রয়োজন ভিত্তিক হ’ব লাগে, উৎপাদনমুখী হ’ব লাগে আৰু বৃত্তিমুখী হ’ব লাগে। গণতান্ত্রিক দেশ এখনৰ শিক্ষাৰ ক্ষেত্ৰত থকা নীতি, আদর্শক অগতানুগতিক শিক্ষাই সামৰি লব পাৰিছে বাবেই এই শিক্ষাক ‘গণতান্ত্রিক আদৰ্শৰ ওপৰত প্রতিষ্ঠিত’ বুলি কোৱা হয় আৰু সাম্প্রতিক সময়ত অগানুগতিক শিক্ষাৰ গুৰুত্ব অপৰিসীম।

বর্তমান সময়ত অগতানুগতিক শিক্ষা এক বহুলভাবে জনপ্রিয় আৰু প্রয়োজন ভিত্তিক শিক্ষা হিচাপে পৰিগণিত হৈছে। আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপে পৰিগণিত হোৱা এই শিক্ষা ব্যৱস্থা এতিয়া অপৰিহাৰ্য সেয়ে যিসকলে নিজৰ ইচ্ছা থকা সত্বেও সময়মতে শিক্ষা লাভ কৰিব নোৱাৰে অগতানুগতিক শিক্ষা ব্যবস্থাই তেওঁলোকক জীৱনৰ যিকোনো বয়সত শিক্ষা লাভৰ সুযোগ আনি দিছে।

আকৌ আর্থিক দৈন্যতা, যাতায়তৰ দুৰৱস্থা, বালা বিবাহ আদিৰ বাবে বিদ্যালয় ত্যাগ কৰা এক বৃহৎ সংখ্যক লোকে এই শিক্ষা ব্যৱস্থাৰ অধীনত শিক্ষা লাভ কৰিব পাৰে।

আনহাতে যিসকল লোকক আনুষ্ঠানিক বা সাধাৰণ শিক্ষাই এতিয়াও সামৰিব পৰা নাই, সেই সকলকো অগতানুগতিক শিক্ষাই শিক্ষা গ্রহণৰ সুযোগ দিছে। সেয়ে ‘অগতানুগতিক শিক্ষা পলমকৈ শিক্ষা ল’ব খোজা সকল, বাদ পৰা সকল আৰু বঞ্চিতসকলৰ বাবে আর্শীবাদস্বৰূপ’ বুলি ক’ব পাৰি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment