Class 12 Economics Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Economics বিষয়ৰ পাঠভিত্তিক ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ Class 12 Economics Chapter 7 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ Class 12 Economics Chapter 7 Solutions
দ্বিতীয় অধ্যায়
১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ
ক. অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ১)
১। বিশ্বায়ন বুলিলে কি বুজা?
উত্তৰ: ‘বিশ্বায়ন’ বুলিলে দেশীয় অর্থনীতি আৰু ঘৰুৱা অর্থনীতিক বিশ্ব অর্থনীতিৰ লগত একত্ৰীকৰণ কৰাক বুজায়।
২। কোন চনত ভাৰত বৰ্ষই বাহ্যিক ঋণৰ ক্ষেত্ৰত এক জটিল সমস্যাৰ সন্মুখীন হৈছিল?
উত্তৰঃ ১৯৯১ চনত।
৩। উদাৰ নীতি বুলিলে কি বুজা?
উত্তৰ: উদাৰ নীতি বুলিলে ব্যৱসায় বাণিজ্য আৰু শিল্প উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰী নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্র আদি উঠাই দি প্রতিযোগিতামূলক পৰিবেশ সৃষ্টি কৰাক বুজায়।
৪। আশীৰ দহকত ভাৰতবৰ্ষত অর্থনৈতিক সংকট দেখা দিয়াৰ মূল কাৰণ কি আছিল?
উত্তৰ: অদক্ষ পৰিচালনা।
৫। বেচৰকাৰীকৰণ বুলিলে কি বুজা?
উত্তৰ: ৰাজহুৱা প্রতিষ্ঠান বা চৰকাৰী প্রতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত কৰা প্রক্রিয়াকে ‘বেচৰকাৰীকৰণ’ বুলি কোৱা হয়।
৬। ১৯৯৬ চনত চৰকাৰে কিমানটা ৰাজহুৱা খণ্ডৰ অধীনৰ প্ৰতিষ্ঠানক বাছি লৈ ‘নৱৰত্ন’ হিচাপে ঘোষণা কৰিছিল?
উত্তৰ: ৯ টা।
৭। বিশ্ব বাণিজ্য সংগঠন কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৯৫ চনত।
৮। দশম পাঁচ বছৰীয়া পৰিকল্পনাত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ কিমান আছিল?
উত্তৰঃ ৮ শতাংশ।
৯। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰথম সদস্য ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ: টংগা।
১০। বিশ্ব বাণিজ্য সংস্থাৰ সদস্য দেশ কেইখন?
উত্তৰঃ ১৫১ খন।
১১। বিদেশী বিনিময়ৰ ভাণ্ডাৰ সঞ্চয়ৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি?
উত্তৰ: ষষ্ঠ।
১২। পুনর্গঠনৰ সময়ছোৱাত কৃষি আৰু উদ্যোগৰ বিকাশ বৃদ্ধি হৈছিল নে?
উত্তৰ: নহয়, ই হ্রাস পাইছিল।
১৩। বিশ্ব বাণিজ্য সংস্থাৰ উদ্দেশ্য কি?
উত্তৰ বিশ্বৰ সম্পদসমূহৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰি নীতিগত বাণিজ্যিক ভিত্তি গঢ়ি তোলা।
১৪। ভাৰতীয় ৰিাজৰ্ভ বেংকৰ গুৰুত্বপূর্ণ কার্য কি?
উত্তৰ ভাৰতৰ বিত্তীয় খণ্ড নিয়ন্ত্রণ কৰা।
১৫। শুল্ক কিয় আৰোপ কৰা হয়?
উত্তৰ ঘৰুৱা উদ্যোগসমূহক ৰক্ষণাবেক্ষণ দিবলৈ শুল্ক আৰোপ কৰা হয়।
১৬। কোন চনত ভাৰত বৰ্ষই অর্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল?
উত্তৰঃ ১৯৯১ চনত।
১৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্রীয় বেংকটোৰ নাম কি?
উত্তৰ: Federal Reserve System
১৮। নব্বৈ দহকত ভাৰত বৰ্ষত অর্থনৈতিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্রা নিধিয়ে ভাৰতবর্ষৰ্ষক কিমান পৰিমাণৰ ঋণ প্রদান কৰিছিল?
উত্তৰঃ ৭ বিলিয়ন ডলাৰ।
১৯। Gulf Crisis (গালফ ক্রাইছিছ) কেতিয়া উদ্ভব হৈছিল।
উত্তৰঃ ১৯৯০-৯১ চনত।
২০। ক্ষুদ্র উদ্যোগৰ বিনিয়োগ সীমা কিমান?
উত্তৰ: ১ কোটি।
২১। WTO-ৰ সদৰ ঠাই ক’ত?
উত্তৰ: জেনেভাত।
২২। ভাৰতৰ এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ নাম লিখা।
উত্তৰ: স্টেট বেংক অৱ ইণ্ডিয়া।
২৩। ভাৰতৰ বেংক আৰু বিত্তীয় অনুষ্ঠানসমূহ কাৰ দ্বাৰা নিয়ন্ত্রিত কৰা হয়?
উত্তৰ ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা।
২৪। কৰ পুনর্গঠন বুলিলে কি বুজা?
উত্তৰ: কৰ পুনর্গঠন হৈছে চৰকাৰৰ কৰ আৰু ৰাজহুৱা ব্যয়ৰ পুনর্গঠন। ইয়াক সামগ্রীকভাৱে ৰাজহ কৌশল হিচাপে জনা যায়।
২৫। ১৯৯১ চনত ভাৰতত লেন-দেনৰ ভাৰসাম্যতাৰ সংকট দূৰ কৰাৰ কাৰণে কি ব্যৱস্থা গ্রহণ কৰা হৈছিল?
উত্তৰ: বিদেশী মুদ্রাৰ তুলনাত ভাৰতীয় মুদ্রাৰ তৎকালীনভাবে অৱমূল্যায়ন ঘটোৱা হৈছিল।
২৬। কৰ ফাকি দিয়াৰ এটি গুৰুত্বপূৰ্ণ কাৰণ উল্লেখ কৰা।
উত্তৰ: উচ্চ হাৰৰ আয় কৰ।
২৭। প্রত্যক্ষ কৰ কাক বোলে?
উত্তৰ যি কৰৰ বোজা যি গৰাকী ব্যক্তিৰ ওপৰত পৰে, মাত্র তেৱেঁই বহন কৰিব লাগে তাকে প্রত্যক্ষ কৰ বোলে।
২৮। ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ কেনেদৰে ব্যক্তিগতকৰণ কৰিব পৰা যায়?
উত্তৰ: ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ দুই ধৰণে ব্যক্তিগতকৰণ কৰিব পৰা যায়। প্রথম, ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ কোনো ব্যক্তি বা প্রতিষ্ঠানলৈ বিক্ৰী কৰি দিয়া। দ্বিতীয়, ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ মালিকীস্বত্ব আৰু পৰিচালনাৰ পৰা চৰকাৰক আঁতৰাই ৰখা।
২৯। বহিঃউৎস গ্রহণ মানে কি?
উত্তৰ: সাধাৰণতে অন্যদেশৰ পৰা বহিঃ উৎস গ্রহণৰ ক্ষেত্রত এটা কোম্পানীয়ে নিয়মিতভাবে বহিঃউৎসৰ পৰা আৰু বিদেশৰ পৰা সেৱা ভাড়ালৈ লোৱাক বুজায়।
খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ২)
১। টকাৰ অবমূল্যায়ন বুলিলে কি বুজা?
উত্তৰ: বৈদেশিক মুদ্রাৰ সাপেক্ষে টকাৰ মূল্য হ্রাস কৰাকে ‘টকাৰ অৱমূল্যায়ন’ বুলি কোৱা হয়। টকাৰ অবমূল্যায়নে ৰপ্তানি বৃদ্ধিত সহায় কৰে। টকাৰ অৱমূল্যায়নৰ ফলত বপ্তানিজাত দ্রব্যসমূহৰ বাবে তুলনামূলকভাবে কম বৈদেশিক মুদ্রা দিব লগা হয়।
২। কৌশল সম্বন্ধীয় বিক্রী আৰু লঘু বিক্রী পার্থক্য নির্ণয় কৰা।
উত্তৰ: কৌশল সম্বন্ধীয় বিক্ৰী দীর্ঘকালৰ লগত সম্পর্কিত। আনহাতে, লঘু বিক্রী হ্রস্বকালৰ লগত জড়িত। লঘু বিক্রী কৌশল সম্পর্কীয় বিক্রীতকৈ বেছি পৰিৱৰ্তনশীল।
৩। শুল্ক কিয় আৰোপ কৰা হয়?
উত্তৰ: শুল্ক সাধাৰণতে বৈদেশিক বাণিজ্যৰ প্রতিবন্ধকৰূপে আৰোপ কৰা হয়। শুল্কৰ জৰিয়তে আমদানিকৃত সামগ্ৰীৰ পৰা চৰকাৰৰ আয় হয়। শুল্ক আৰোপ কৰিলে বৈদেশিক সামগ্ৰীৰ দাম দেশীয় সামগ্ৰীৰ দামতকৈ তুলনামূলকভাৱে বৃদ্ধি পায়। ফলত দেশীয় সামগ্ৰীৰ বজাৰ অক্ষুন্ন থাকে। এক কথাত ক’বলৈ গ’লে, শুল্কই ঘৰুৱা বাণিজ্যক ৰক্ষণাবেক্ষণ দিয়ে।
৪। দ্বিপাক্ষিক বাণিজ্য আৰু বহুপাক্ষিক বাণিজ্য পার্থক্য নির্ণয় কৰা।
উত্তৰ: দুখন দেশৰ মাজত সংঘটিত হোৱা বাণিজ্যক দ্বিপাক্ষিক বাণিজ্য আৰু দুখন দেশতকৈ অধিক দেশৰ মাজত হোৱা বাণিজ্যক বহুপাক্ষিক বাণিজ্য বোলে।
৫। ৰাজহুৱা খণ্ডৰ অধীনৰ যিবোৰ উদ্যোগে লাভ অর্জন কৰি আছে সেইবোৰক ব্যক্তিগতকৰণ কৰিব লাগে বুলি তুমি ভাবানে?
উত্তৰ: হয়, ৰাজহুৱা খণ্ডৰ যিবোৰ উদ্যোগে লাভ অৰ্জন কৰি আছে সেইবোৰক ব্যক্তিগতকৰণ কৰিব লাগে। কাৰণ ব্যক্তিগতকৰণ কৰিলে উদ্যোগসমূহে আত্মনিৰ্ভৰশীলতা অর্জন কৰিব, উদ্যোগসমূহৰ উৎপাদন বৃদ্ধি পাব আৰু প্রতিযোগিতামূলক হৈ উঠিব।
৬। পৰিমাণগত প্রতিবন্ধকতাৰ অৰ্থ কি?
উত্তৰ: পৰিমাণগত প্রতিবন্ধকৰ ক্ষেত্ৰত চৰকাৰে এটা আমদানি আৰু ৰপ্তানিৰ সর্বোচ্চ সীমা ধার্য কৰি দিয়ে। ফলত বাণিজ্যৰ আকাৰ স্থিৰে থাকে। পৰিমাণগত প্রতিবন্ধকতা সামগ্ৰীৰ মূল্যৰ ওপৰত ধাৰ্য কৰা হয়।
৭। শুল্ক আৰু অনা-শুল্ক প্রতিবন্ধকতাৰ মাজত পাৰ্থক্য নির্ণয় কৰা।
উত্তৰ: আমদানিৰ ওপৰত ধাৰ্য কৰা আবকাৰী কৰক শুল্ক বোলে। আনহাতে, বাণিজ্যত আমদানি-ৰপ্তানি কৰা পণ্যসমূহৰ ওপৰত থকা বাধাসমূহক অনা-শুল্ক প্রতিবন্ধকতা বুলি কোৱা হয়।
গ. মজলীয়া উত্তৰৰ প্রশ্ন: (প্রত্যেকটোৰ মূল্যাংক -৪)
১। নতুন অর্থনৈতিক নীতিৰ সপক্ষে যুক্তি আগবঢ়োবা।
উত্তৰ: ভাৰত চৰকাৰে ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰে। এই অর্থনৈতিক নীতিৰ সপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব
পাৰি।
(ক) ই অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰে।
(খ) ঔদ্যোগিক খণ্ডত প্রতিযোগিতাৰ সৃষ্টি হয়।
(গ) ই দৰ নিয়ন্ত্ৰণ কৰে।
(ঘ) ই ৰাজকোষৰ ঘাটি হ্রাস কৰে।
(ঙ) ই বিনিয়োগ বৃদ্ধি কৰে।
২। নতুন অর্থনৈতিক নীতিৰ বিপক্ষে যুক্তি আগবঢ়োরা।
উত্তৰ: ভাৰত চৰকাৰে ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰে। এই অর্থনৈতিক নীতিৰ বিপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰিঃ
(ক) নতুন অর্থনৈতিক নীতিয়ে কৃষিৰ ক্ষেত্রত কম গুৰুত্ব প্রদান কৰিছে।
(খ) বৈদেশিক কলা-কৌশল আৰু বিনিয়োগ বৃদ্ধি পাইছে।
(গ) ঔদ্যোগিক খণ্ডই যথাযথ গুৰুত্ব পোৱা নাই।
(ঘ) বৈদেশিক ঋণৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছে।
(ঙ) আন্তর্জাতিক মুদ্রা নিধি আৰু বিশ্ব বেংকৰ হেঁচা বৃদ্ধি পাইছে।
৩। শুল্ক কিয় আৰোপ কৰা হয়?
উত্তৰ: শুল্ক হ’ল আমদানিকৃত সামগ্ৰীৰ ওপৰত চৰকাৰে লগোৱা কৰ। সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ প্ৰধান কাৰণ হ’ল
(ক) ই চৰকাৰী ৰাজহ বৃদ্ধি কৰে।
(খ) ই দেশীয় নিয়োগ বৃদ্ধি কৰে।
(গ) ঘৰুৱা সামগ্রীক প্রতিযোগিতাৰ পৰা ৰক্ষা কৰি ইয়াৰ বিকাশক ৰক্ষণাবেক্ষণ দিয়ে।
৪। বাণিজ্যিক কৌশলৰ পুনর্গঠনৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰ: বাণিজ্যিক কৌশলৰ পনর্গঠনৰ উদ্দেশ্যসমূহ হ’ল
(ক) আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত প্রতিবন্ধকতা আঁতৰ কৰা।
(খ) বাণিজ্য শুল্কৰ হাৰ কম কৰা।
(গ) আমদানিৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ম বাতিল কৰা।
৫। ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা নতুন অর্থনৈতিক নীতিত কোন কোন উদ্যোগৰ নিয়ন্ত্রণ বাতিল কৰা হোৱা নাছিল?
উত্তৰ: ১৯৯১ চনত নতুন অর্থনৈতিক নীতিত তলত উল্লেখ কৰা উদ্যোগৰ ওপৰত নিয়ন্ত্রণ বাতিল কৰা হোৱা নাছিল
(ক) ধঁপাত
(খ) মদ
(গ) ইলেকট্রনিকছ
(ঘ) স্বাস্থ্যৰ ক্ষতিকাৰক ৰাসায়নিক দ্রব্য
(৬) ঔষধ জাতীয় সামগ্রী উৎপাদন কৰা উদ্যোগসমূহ।
৬। নৱৰত্ন কোম্পানীসমূহ কি কি?
উত্তৰ: নৱৰত্ন কোম্পানীসমূহ হ’ল
(ক) ভাৰত পেট্ৰ’লিয়াম কৰ্পৰেশ্বন লিমিটেড।
(খ) ইণ্ডিয়ান অইল কর্পৰেশ্বন লিমিটেড।
(গ) হিন্দুস্থান পেট্র’লিয়াম কৰ্পৰেশ্বন লিমিটেড।
(ঘ) অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্বন লিমিটেড।
(ঙ) বিদেশ সঞ্চাৰ নিগম লিমিটেড।
(চ) নেচনেল থার্মেৰ্মল পাৱাৰ কৰ্পৰেশ্বন।
(ছ) ভাৰত হেভি ইলেকট্রিকেল লিমিটেড।
(জ) ইন্ডিয়ান পেট্র’কেমিলেক কর্পৰেশ্বন লিমিটেড।
(বা) স্টীল অর্থ’ৰিটি অৱ ইণ্ডিয়া লিমিটেড।
ঘ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্ৰত্যেকটোৰ মূল্যাংক- ৫। ৬)
১। গোলকীকৰণৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।
উত্তৰ: গোলকীকৰণৰ সুবিধাসমূহ নিম্নরূপ-
(ক) গোলকীকৰণৰ বাবে বহুজাতিক সন্থাসমূহৰ প্ৰৱেশ ঘটে ফলত উন্নয়নশীল দেশত কাৰিকৰী কৌশলৰ বিকাশ সাধন হয়।
(খ) বিদেশী পুঁজিৰ প্রত্যক্ষ বিনিয়োগ হয়।
(গ) প্রতিযোগিতাৰ ফলত উৎপাদিত দ্ৰব্যৰ মান উন্নত হয়।
(ঘ) উৎপাদন বৃদ্ধি পায় ফলত জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত হয়।
(ঙ) গোলকীকৰণৰ ফলত সংশ্লিষ্ট দেশসমূহলৈ বিদেশী পুঁজিৰ আগমন ঘটে। ফলত আন্তর্জাতিক তাৰল্য বৃদ্ধিপায়। গোলকীকৰণৰ সুবিধাৰ লগতে কিছু অসুবিধাও আছে। যেনে:
(ক) গোলকীকৰণৰ ফলত আন্তর্জাতিক প্রেক্ষাপটতত প্রতিযোগিতাৰ সৃষ্টি হয়। ফলত দুর্বল ব্যাবসায়িক সন্থাবোৰে দুর্যোগ ভুগিব লগা হয়।
(খ) গোলকীকৰণৰ ফলত উন্নত প্রযুক্তিৰ প্রয়োগ হয়। ফলত নিৱনুৱা সমস্যাৰ সৃষ্টি হয়।
(গ) গোলকীকৰণৰ ফলত উন্নতদেশবোৰে বেছি বিনিয়োগ কৰিব পাৰে বাবে দুখীয়া দেশবোৰৰ স্বাৰ্থ নষ্ট হয়।
২। ব্যক্তিগতকৰণ কৰাৰ বাবে ভাৰতীয় অর্থনীতিত কি কি পদক্ষেপ গ্রহণ কৰা হৈছে আলোচনা কৰা।
উত্তৰ: ব্যক্তিগতকৰণ বুলিলে ৰাজহুৱা খণ্ডৰ উদ্যোগিক গোটবোৰ বেচৰকাৰী মালিকীস্বত্বৰ অধীনলৈ অনাক বুজায়। ভাৰতৰ অর্থনীতি ব্যক্তিগতকৰণ কৰাৰ বাবে তলত দিয়া পদক্ষেপসমূহ গ্রহণ কৰা হৈছে। যেনে-
(ক) ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত উদ্যোগৰ সংখ্যা ১৭ খনৰ পৰা ৮ খনলৈ হ্রাস কৰা হৈছে।
(খ) বেচৰকাৰী খণ্ডত মুঠ বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।
(গ) ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত উৎপাদন বৃদ্ধিৰ বাবে বেচৰকাৰী খণ্ডলৈ আনুষ্ঠানিক বিত্তীয় সাহার্য আগবঢ়োৱা হৈছে।
৩। গোলকীকৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় অর্থনীতিত লোৱা পদক্ষেপসমূহ উল্লেখ কৰা।
উত্তৰ: গোলকীকৰণ কৰাৰ বাবে ভাৰতীয় অর্থনীতিত তলত দিয়া পদক্ষেপসমূহ গ্রহণ কৰা হৈছে-
(ক) উচ্চ প্রযুক্তিযুক্ত উদ্যোগবোৰত এক কোটি টকা মূল্যৰ বৈদেশিক প্রযুক্তিবিদ্যাৰ লগত জড়িত চুক্তিৰ ক্ষেত্রত আপোনা-আপুনি অনুমতি প্রদান।
(খ) প্রত্যক্ষ বৈদেশিক বিনিয়োগ ৫১ শতাংশ সমাংশলৈ অনুমতি প্রদান।
(গ) ভাৰতীয় মুদ্রাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিষ্পত্তি কৰিবলৈ মুদ্রাৰ অৱমূল্যায়ন।
(ঘ) টকাৰ আংশিক ৰূপান্তৰ যোগ্যতা অর্জন।
(ঙ) বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত সকলো নিয়ন্ত্রণ আৰু বাধা নিষেধৰ অবলুপ্তি ঘটাই বজাৰ শক্তিক ক্ষমতা প্রদান।
(চ) বৈদেশিক বাণিজ্য নীতিৰ জৰিয়তে বৈদেশিক বাণিজ্যক নিয়ন্ত্রণ মুক্ত কৰা।
৪। ভাৰতীয় অর্থনীতিত প্ৰৱৰ্তন কৰা নতুন অর্থনৈতিক সংস্কাৰৰ নীতিবোৰ আলোচনা কৰা।
উত্তৰ: ১৯৯১ চনত ভাৰতত নতুন অর্থনৈতিক সংস্কাৰ নীতি প্ৰৱৰ্তন কৰা হয়। এই নীতিৰ প্রধান দিশবোৰ হ’ল-
(ক) উদাৰীকৰণ: ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ প্ৰধান দিশটো হৈছে উদাৰীকৰণ। উদাৰীকৰণৰ জৰিয়তে দেশৰ বাণিজ্য আৰু উদ্যোগক নিয়ন্ত্রণ মুক্ত কৰা হৈছে।
(খ) ব্যক্তিগতকৰণ: এই নীতি অনুসৰি ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগিক গোটসমূহক বেচৰকাৰী মালিকানাৰ অধীনস্থ কৰা হৈছে।
(গ) বিশ্বায়ন: এই নীতি মতে আন্তর্জাতিক প্রতিদ্বন্দ্বিতামূলক ক্ষমতা অর্জন কৰিবলৈ দেশৰ অর্থনীতিক বিশ্বৰ বজাৰৰ বাবে মুকলি কৰি দিয়া হৈছে।
(ঘ) নতুন ৰাজহুৱা খণ্ডৰ নীতি: নতুন আর্থিক নীতিয়ে ৰাজহুৱা খণ্ডৰ নীতিৰ পৰিৱৰ্তন কৰি ৰাজহুৱা খণ্ডৰ পৰা বেচৰকাৰী খণ্ডলৈ বেছি গুৰুত্ব প্রদান কৰা হৈছে। ৰাজহুৱা খণ্ডৰ সংৰক্ষণ ১৭ খনৰ পৰা ৮ খনলৈ হ্রাস কৰা হৈছে।
(ঙ) আধুনিকীকৰণ: আধুনিক উৎপাদন পদ্ধতি প্রয়োগৰ ওপৰত জোৰ দিয়া হৈছে।
(চ) বিত্তীয় সংস্কাৰঃ এই নীতি অনুসৰি সুদৰ হাৰৰ মুক্ত নির্ধাৰণ, তাৰল্য অনুপাত কমোৱা, বেংকবোৰক অধিক স্বাধীনতা প্রদান আদি সংস্কাৰমূলক কার্য হাতত লোৱা হৈছে।
৫। নির্বিনিয়োজনৰ অৰ্থ কি? নির্বিনিয়োজনৰ উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ: নির্বিনিয়োজনৰ অৰ্থ হ’ল ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অংশ পত্ৰৰ এটা নিৰ্ধাৰিত অংশ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ ক্ষুদ্র বিনিয়োগকাৰী, পাৰস্পৰিক নিধি আৰু অন্যান্য ব্যক্তি বিশেষৰ মাজত বিক্ৰীৰ ব্যৱস্থা কৰা। নির্বিনিয়োজনৰ প্রধান উদ্দেশ্যসমূহ হ’ল-
(ক) ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহৰ পৰা স্বেচ্ছাই অৱসৰ লোৱা কৰ্মচাৰীসকলৰ দৰমহা আৰু বকেয়া ধন আদায় দিয়া।
(খ) প্রতিষ্ঠানবোৰৰ পৰা স্থানান্তৰিত হোৱা কৰ্মচাৰীসকলৰ পুনৰ সংস্থাপনৰ বাবে প্রয়োজনীয় প্রশিক্ষণৰ ব্যৱস্থা কৰা।
(গ) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰক পুনৰ উজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰা।
(ঘ) ৰাজহুৱা প্রতিষ্ঠানবোৰৰ অংশপত্ৰৰ গৰাকীসকলৰ দায়বদ্ধতা বৃদ্ধি কৰা, প্রতিষ্ঠানটোৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰা আৰু আর্থিক অৱস্থা উন্নত কৰা।
৬। ১৯৯১ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা ঔদ্যোগিক নীতি আলোচনা কৰা।
উত্তৰ: ১৯৯১ চনত নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰে এক নতুন ঔদ্যোগিক নীতি ঘোষণা কৰে। ই আছিল এক উদানৈতিক উদ্যোগ নীতি। এই উদ্যোগ নীতিৰ প্রধান উদ্দেশ্য আছিল ভাৰতীয় ঔদ্যোগিক অর্থনীতিক আমোলতান্ত্রিক নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ লগতে মুক্ত উদাৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা। এই উদ্যাগ নীতিৰ প্রধান ব্যৱস্থাসমূহ আছিল নিম্নরূপ-
(ক) ১৯৯১ চনৰ ঔদ্যোগিক নীতিত কেইটামান নির্দিষ্ট উদ্যোগৰ বাহিৰে সকলোবোৰ ঔদ্যোগিক অনুজ্ঞাপত্র লোৱাৰ ব্যৱস্থা বাতিল কৰা।
(খ) নতুন ঔদ্যোগিক নীতিত ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত ১৭ খনৰ বিপৰীতে ৮ খনলৈ হ্রাস কৰা।
(গ) একচেটিয়া আৰু অন্তৰায়মূলক ব্যবসায় আইন অনুসৰি নিৰ্ধাৰিত পৰিমাণৰ সম্পদ থকা যি কোনো প্রতিষ্ঠানক MRTP প্রতিষ্ঠান বুলি ঘোষণা কৰা।
৭। ভাৰতৰ অৰ্থনৈতিক উন্নয়নত কুটিৰ আৰু ক্ষুদ্র উদ্যোগৰ ভূমিকা আলোচনা কৰা।
উত্তৰ: ভাৰতৰ অৰ্থনৈতিক উন্নয়নত কুটিৰ আৰু ক্ষুদ্র উদ্যোগৰ ভূমিকা অতি গুৰুত্বপূর্ণ। ১৯৬৫ চনলৈ ভাৰতৰ ক্ষুদ্র উদ্যোগসমূহত ভাৰতৰ মুঠ শ্রমিকৰ ৩২.৫ শতাংশ শ্রমিক নিয়োজিত হৈ আছিল। ভাৰতৰ অর্থনীতিলৈ ক্ষুদ্র উদ্যোগ আৰু কুটিৰ শিল্পৰ ভূমিকা তলত আলোচনা কৰা হ’ল
(ক) কর্ম সংস্থানৰ সুবিধা: বৃহৎ উদ্যোগসমূহৰ তুলনাত কুটিৰ আৰু ক্ষুদ্র উদ্যোগসমূহৰ কৰ্ম সংস্থানৰ সুবিধা অধিক। ১৯৫১ চনত ক্ষুদ্র উদ্যোগত
২০ নিযুত লোকে কর্ম সংস্থাপন পাইছিল। ১৯৮০ চনত ভাৰতত থকা প্রায় আঠ লাখ ক্ষুদ্র উদ্যোগত ৭০ লাখ লোকে কর্মসংস্থাপন পাইছিল।
(খ) ঔদ্যোগিক বিকেন্দ্রীকৰণ আৰু আঞ্চলিক বৈষম্য দূৰীকৰণ: ভাৰতত আঞ্চলিক বৈষম্য দূৰীকৰণত আৰু অর্থনৈতিক উন্নয়নৰ বাবে শিল্পৰ বিকেন্দ্রীকৰণৰ প্রয়োজন অনুভৱ কৰি ক্ষুদ্র উদ্যোগসমূহক অধিক সুবিধা প্রদান কৰি সামাজিক বৈষম্য আতৰ কৰাত ক্ষুদ্র উদ্যোগে ভাল ভূমিকা গ্রহণ কৰিছে।
(গ) নিষ্ক্রিয় সম্পদৰাজিৰ সদ্ব্যৱহাৰ: ক্ষুদ্র উদ্যোগসমূহৰ জৰিয়তে নিষ্ক্রিয় আৰু অবহেলিত সম্পদৰাজিৰ
সদ্ব্যবহাৰ হৈছে। মানুহে গোপনে সাঁচি ৰখা ধন, অৱহেলিত সঞ্চিত পুঁজি, স্থানীয় কেঁচামাল আদি ক্ষুদ্র উদ্যোগসমূহত ব্যৱহাৰ হৈছে।
(ঘ) জাতীয় আয়লৈ বৰঙণি: কুটিৰ আৰু ক্ষুদ্র উদ্যোগসমূহে জাতীয় আয়লৈ বিশেষ বৰঙণি আগবঢ়াই আছে। ১৯৭১ চনত এই উদ্যোগসমূহৰ উৎপাদনৰ পৰিমাণ ৪০৫০ কোটিৰ পৰা ১৯৮০ চনত ইয়াৰ পৰিমাণ ১১,০০০ কোটিলৈ বৃদ্ধি পায়।
(ঙ) ৰপ্তানি বৃদ্ধিঃ কুটিৰ আৰু ক্ষুদ্র উদ্যোগত উৎপাদিত দ্রব্য-সামগ্রী বৈদেশলৈ ৰপ্তানি কৰি ভাৰতে যথেষ্ট বৈদেশিক মুদ্রা অর্জন কৰি আহিছে। ১৯৮১ চনত ইয়াৰ মূল্য আছিল ১,০০০ কোটি টকা।
৩। ভাৰতৰ ঔদ্যোগিক নীতিৰ প্রতিবন্ধকতাসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতৰ ঔদ্যোগিক উন্নয়নৰ প্রতিবন্ধকতাসমূহ তলত উল্লেখ কৰা হ’ল-
(ক) মূলধনৰ অভাৱঃ ভাৰতবৰ্ষত অতি নিম্ন হাৰত হোৱা উদ্যোগিক উন্নয়নৰ অন্যতম কাৰণ হ’ল প্রয়োজনীয় মূলধনৰ অভাৱ।
(খ) ৰাজনৈতিক কাৰণ: ঔপনিবেশিক শাসন কালত ভাৰতক কেঁচামালৰ সৰবৰাহকাৰী দেশরূপে প্রস্তুত কৰা হৈছিল। ফলত উদ্যোগিক উন্নয়নৰ ভেটি দুৰ্বল হৈছিল।
(গ) সুদক্ষ শ্রমিকৰ অভাৱ ভাৰতত কাৰিকৰী শিক্ষাৰ অভাৱৰ বাবে সুদক্ষ শ্রমিকৰ অভাৱ। ফলত উদ্যোগৰ আশানুৰূপ উন্নয়ন হোৱা নাই।
(ঘ) কৃষিৰ উৎপাদনৰ তাৰতম্য: কৃষি খণ্ডত উন্নয়নৰ স্থিৰতাৰ অভাৱৰ কাৰণেও উদ্যোগ খণ্ডত উৎপাদন ব্যয় বৃদ্ধি পাইছে। গতিকে কৃষিৰ অৱস্থা বেয়া হোৱাৰ ফলত দেশৰ ঔদ্যোগিক খণ্ডৰ প্ৰগতি ব্যহত হৈছে।
(ঙ) পৰিবহন আৰু যোগাযোগৰ ব্যৱস্থাৰ অভাৱ: ভাৰতত যথোপযুক্ত পৰিবহন আৰু যোগাযোগৰ অসুবিধাৰ বাবেও কেঁচামাল সৰবৰাহ, শ্ৰমৰ চলাচল, উৎপাদিত দ্রব্যৰ বজাৰ পোৱাত অসুবিধা হয়। ফলত উদ্যোগৰ উন্নয়ন আশানুরূপ হোৱা নাই।
৮। ভাৰতৰ কৃষি ব্যৱস্থাই সম্মুখীন হোৱা সমস্যাসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতৰ কৃষি ব্যবস্থাই সম্মুখীন হোবা সমস্যাসমূহ তলত উল্লেখ কৰা হ’ল:
(ক) কৃষি ভূমিৰ ওপৰত অত্যধিক হেঁচা: ভাৰতৰ কৃষিৰ নিম্ন উৎপাদিকা শক্তিৰ এক অন্যতম কাৰণ হৈছে জনসংখ্যাৰ তুলনাত সীমিত কৃষি ভূমি। ভাৰতৰ জনসংখ্যাৰ ৬০ শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও সেই অনুপাতে কৃষি ভূমিৰ অনুপাত কম।
(খ) আওপুৰণিকৃষি পদ্ধতি: ভাৰতৰ কৃষিখণ্ডত বিজ্ঞানৰ এই চৰম উন্নতিৰ যুগতো আধুনিক প্রযুক্তিৰ ব্যৱহাৰ সৰ্বাত্মক হোৱা নাই। বহু কৃষকে এতিয়াও নাঙলেৰেই কৃষি কার্য চলাই আছে। ফলত উৎপাদন বৃদ্ধি হোৱা নাই।
(গ) মূলধনৰ অভাব: ভাৰতৰ অধিকাংশ কৃষকে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰে। সিহঁতে কৃষিৰ আধুনিক প্রযুক্তি ব্যৱহাৰ কৰাৰ বাবে মূলধনৰ অভাৱৰ সন্মুখীন হয়।
(ঘ) উপযুক্ত জলসিঞ্চনৰ অভাৱ ভাৰতৰ কৃষি ব্যৱস্থা এতিয়াও মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল। দেশৰ মুঠ শস্য ক্ষেত্ৰৰ মাত্র ৩৩ শতাংশতহে পানী যোগানৰ ব্যৱস্থা আছে।
(ঙ) কৃষি গবেষণাৰ অভাব: কৃষিৰ উন্নয়নৰ বাবে কৃষি গৱেষণাৰ অতীব প্রয়োজন। কিন্তু ভাৰতত প্রয়োজনীয় কৃষি গৱেষণাৰ অভাৱ পৰিলক্ষিত হয়।
(চ) বজাৰ আৰু মজুতকৰণৰ অসুবিধা: ভাৰতবৰ্ষত কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ বাবে উপযুক্ত সংগঠিত বজাৰৰ অভাৱ। ইয়াৰ উপৰিও গ্ৰাম্যাঞ্চলত উপযুক্ত মজুতকৰণৰ বাবে ভঁৰাল, শীতপণ্যাগাৰ আদিৰ অভাৱ।
(ছ) কৃষিভূমিৰ বিভাজন: ভাৰতবৰ্ষৰ সামাজিক প্রথা অনুযায়ী পুৰুষানুক্রমে ভূমি বিভাজন হোৱাৰ ফলত খেতিয়কৰ কৃষিভূমিৰ পৰিমাণ কমি আহিছে। ফলত কৃষকে তেওঁলোকৰ ক্ষুদ্র ক্ষুদ্র কৃষি ভূমিত আধুনিক প্রযুক্তি প্রবর্তন কৰিব পৰা নাই।
৯। ভাৰতৰ কৃষিখণ্ডই সম্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ কাৰণে কিছুমান পৰামৰ্শ আগবঢ়োৱা।
উত্তৰ: ভাৰতৰ কৃষিখণ্ডই সম্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াব পাৰিঃ
(ক) কৃষি ভূমিৰ ওপৰত হেঁচা হ্রাস: কৃষিৰ উন্নয়নৰ বাবে কৃষি ভূমিৰ ওপৰত অত্যধিক জনসংখ্যাৰ হেঁচা হ্রাস কৰিব লাগিব। উদ্বৃত্ত কৃষকৰ বাবে বিকল্প ব্যৱস্থা গ্রহণ কৰিব লাগিব।
(খ) গবেষণা আৰু প্ৰশিক্ষণ: কৃষিৰ উন্নয়নৰ বাবে চৰকাৰে কৃষি গৱেষণাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিব লাগিব। কৃষকসকলক উপযুক্ত প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
(গ) কৃষি ভূমিৰ একত্রীকৰণ: ভাৰতবৰ্ষত পুৰুষানুক্রমে বিভাজিত হোৱা কৃষি ভূমি একত্ৰীকৰণ কৰি সমবায় ভিত্তিত কৃষি কৰাৰ পৰম্পৰাৰ সৃষ্টি কৰিও কৃষিভূমিৰ উৎপাদন বৃদ্ধি কৰিব পাৰি।
(ঘ) উপযুক্ত বজাৰৰ সৃষ্টি: ভাৰতত যোগাযোগ আৰু পৰিবহন ব্যৱস্থাৰ অসুবিধাৰ বাবে কৃষিজাত সামগ্রী বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱ। এই অভাৱ পূৰণ কৰিবলৈ যোগাযোগ আৰু পৰিকল্পিত বজাৰ, মজুতকৰণৰ বাবে উপযুক্ত ভঁৰাল, শীতপন্যাগাৰ আদিৰ ব্যৱস্থা কৰিব লাগে।
(ঙ) আধুনিক প্রযুক্তিৰ ব্যৱহাৰ: ভাৰতৰ কৃষিৰ উন্নয়নৰ বাবে পুৰণিকলীয়া কৃষি পদ্ধতিৰ পৰিৱৰ্তে আধুনিক প্রযুক্তি ব্যৱহাৰ কৰা অতীৱ প্রয়োজন। ইয়াৰ বাবে চৰকাৰে কৃষককলক ৰেহাই মূল্যত পাৱাৰ টিলাৰ, ৰাসায়নিক আৰু জৈৱিক সাৰ, কৃষি ঋণ আৰু আধুনিক প্রযুক্তিগত সামগ্রী যোগান ধৰিব লাগিব।
১০। কৃষি ক্ষেত্রত প্রবর্তন কৰা সেউজ বিপ্লৱৰ ত্রুটিসমূহ উল্লেখ কৰা।
উত্তৰ: কৃষি ক্ষেত্ৰত সেউজ বিপ্লরে উৎপাদনৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগাইছিল যদিও ইয়াৰ কিছু ত্রুটিও আছে। যেনে-
(ক) সেউজ বিপ্লব সাধাৰণতে খাদ্য শস্য বিশেষকৈ ধান আৰু ঘেঁহু উৎপাদনতে সীমাবদ্ধ আছিল ফলত বাণিজ্যিক শস্য উৎপাদনত কোনো উন্নয়ন দেখা নগৈছিল।
(খ) বিংশ শতাব্দীৰ ষাঠিৰ দহকত আৰম্ভ হোৱা সেউজ বিপ্লৱ ভাৰতৰ কেইখনমান ৰাজ্য যেনে-পঞ্জাৱ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্রদেশ আদিত সীমাবদ্ধ আছিল। সেয়ে সেউজ বিপ্লৱৰ সুফলৰ পৰা বাকী ৰাজ্যবোৰ বঞ্চিত হয়।
(গ) সেউজ বিল্পবৰ সুবিধা অকল বৃহৎ পৰিমাণৰ কৃষি ভূমি থকা কৃষকসকলেহে গ্রহণ কৰিব পাৰিছিল। ক্ষুদ্র খেতিয়কে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈছিল।
(ঘ) সেউজ বিপ্পরে কৃষি ভূমিত আধুনিক কৌশল প্রয়োগ কৰাত নিবনুৱা সমস্যাই দেখা দিয়ে। বৃহৎ ভূমি থকা কৃষকে ভূমি নথকা শ্রমিক সকলক শোষণ কৰিছিল।