Join WhatsApp

Join Now

Join Telegram

Join Now

পৰিশোধৰ ক্ষমতা Class 12 Economics Chapter 5 Solutions

By Rabbi Masrur

Published On:

Class 12 Economics Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Economics বিষয়ৰ পাঠভিত্তিক পৰিশোধৰ ক্ষমতা Class 12 Economics Chapter 5 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

পৰিশোধৰ ক্ষমতা Class 12 Economics Chapter 5 Solutions

পৰিশোধৰ ক্ষমতা Class 12 Economics Chapter 5 Solutions

পঞ্চম অধ্যায়

পৰিশোধৰ ক্ষমতা

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)

১। মুক্ত অর্থনীতিৰ সংজ্ঞা দিয়া।

উত্তৰ যি আর্থিক ব্যবস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ সৈতে দুখন বা ততোধিক দেশৰ অৰ্থনৈতিক সংযোগ স্থাপন হয় তাকে মুক্ত অর্থনীতি বোলে।

২। যেতিয়া প্রদত্ত আমদানি কার্য:
M= 50 + 0.4Y হয়, তেতিয়া আমদানিৰ প্রতি প্রান্তিক আসক্তি কি হ’ব?

উত্তৰ: প্রান্তিক আমদানিৰ আসক্তি (প্ৰৱণতা) হ’ব 0.4

৩। দেশ এখনত একে সময়তে বাণিজ্য ঘাটি আৰু চলিত হিচাপ একেলগে হোৱাটো সম্ভবনে?

উত্তৰ: হয়।

৪। বৈদেশিক লেনদেনৰ বিবৃতিত দেখা দিয়া মূল হিচাপ দুটা কি কি?

উত্তৰ: বৈদেশিক লেনদেনৰ বিবৃতিত দেখা দিয়া মূল হিচাপ দুটা হ’ল: চলিত হিচাপ আৰু মূলধনী
হিচাপ।

৫। বৈদেশিক লেনদেনৰ হিচাপ বুলিলে কি বুজা?

উত্তৰ: যেতিয়া এখন ৰাষ্ট্ৰই একোটা নির্দিষ্ট সময়ৰ ভিতৰত বিভিন্ন ৰাষ্ট্ৰৰ লগত অর্থনৈতিক লেনদেনৰ প্রণালীবদ্ধ সম্পাদন কৰিব বিচাৰে, তেনে লেনদেনক ‘বৈদেশিক লেনদেনৰ হিচাপ’ বুলি কোৱা হয়।

৬। বিভিন্ন দেশত একে ধৰণৰ দ্ৰব্যৰ দাম একেই হয় বোলা আন্তঃৰাষ্ট্ৰীয় বিনিয়ম সূত্রটো কি?

উত্তৰ: ক্রয় ক্ষমতাৰ চৰ্ত তত্ত্ব।

۹। Y=C+I+G+ Nx- এই সমীকৰণটোত Nx এ কি সূচাইছে?

উত্তৰ: Nx এ বৈদেশিক বাণিজ্যত প্রকৃত তথা নিগুটি ৰপ্তানিক নির্দেশ কৰিছে।

৮। প্রকৃত বিনিময় হাব কি?

উত্তৰ: মুদ্রাৰ দ্বাৰা যেতিয়া বৈদেশিক মুদ্রা আৰু ঘৰুৱা মূল্যবোৰৰ অনুপাত জোখা হয় তেতিয়া তাক প্রকৃত বিনিময় হাৰ বুলি আখ্যা দিয়া হয়।

৯। পৰিশোধৰ সমতা কি?

উত্তৰ: এটা নির্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ লগত বিশ্বৰ আনবোৰ দেশৰ আৰ্থিক লেনদেনৰ পুংখানুপুংখ খতিয়ানকে ‘পৰিশোধৰ সমতা’ বোলা হয়।

১০। অদৃশ্য বাণিজ্য কি? H. S. ’17

উত্তৰ: স্পর্শ অযোগ্য আৰু হস্তান্তৰ অযোগ্য সামগ্রী লেনদেনক ‘অদৃশ্য বাণিজ্য’ বুলি কোৱা হয়।

১১। ক্রয় ক্ষমতা সাদৃশ্য কি?

উত্তৰ: মুদ্রাগত বিনিময়ৰ হাৰৰ ক্ৰয় ক্ষমতাৰ সমতাই দুখন দেশৰ মাজত হোৱা বিনিময় হাৰ এক হোৱাটোকে বুজায়। অর্থাৎ মুদ্রাৰ বিনিময়ত দুখন দেশৰ সামগ্রীসমূহ যেতিয়া পৰিমাপ কৰা হয় তেতিয়া দুয়োখন দেশৰ মুদ্রাগত ব্যয় সামগ্ৰীৰ তুলনাত একে হ’ব লাগিব।

১২। হস্তান্তৰ পৰিশোধ বা হস্তান্তৰযোগ্য ব্যয় কি? H. S. ’19

উত্তৰ: এখন দেশৰ জনসাধাৰণে যিবোৰ আয় মুক্তভাবে লাভ কৰে আৰু যাৰ বিনিময়ত বৰ্তমান আৰু ভবিষ্যতেও কোনো মূল্য প্রদান কৰা নহয়, তাকে হস্তান্তৰ পৰিশোধ বুলি কোৱা হয়। যেনে দান, উপহাৰ আদি।

১৩। টকা-ডলাৰৰ বিনিময় হাৰ হ’ল ৫৫ টকা’: এই তথ্যই কি সূচায়?

উত্তৰ: ‘টকা-ডলাৰৰ বিনিময় হাৰ ৫৫ টকা’ — এই তথ্যটোৱে সূচায় যে এক ডলাৰ ক্ৰয়ৰ বাবে প্রয়োজনীয় ব্যয় ৫৫ টকা।

১৪। বৈদেশিক বিনিময়ৰ হাৰৰ সংজ্ঞা দিয়া। H. S. ’15, ’17

উত্তৰ দুখন দেশৰ মাজত হোৱা মুদ্রাগত বিনিময়কে ‘বৈদেশিক বিনিময় হাৰ’ বুলি কোৱা হয়।

১৫। বৈদেশিক বিনিময় বজাৰৰ যিকোনো এটা প্রধান অংশগ্রহণকাৰী উল্লেখ কৰা।

উত্তৰ: বাণিজ্যিক বেংকসমূহ।

১৬। বৈদেশিক বিনিময় বজাৰ কি?

উত্তৰ: বৈদেশিক বিনিময় বজাৰ হ’ল এনে এক বজাৰ য’ত বিভিন্ন দেশৰ কাৰেন্সীৰ বিনিময় হয়।

১৭। BOP ৰ ভাৰসাম্যহীনতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ: (ক) বাণিজ্য চক্ৰৰ উত্থান-পতন আৰু (খ) ৰাজনৈতিক অস্থিৰতা।

১৮। BOP ভাৰসাম্যহীনতা বুলিলে কি বুজা?

উত্তৰ: যেতিয়া এখন দেশৰ বৈদেশিক লেনদেন পৰিশোধৰ হিচাপত দেনা আৰু পাওনা সমান নহয়, তেতিয়া BOP ৰ ভাৰসাম্যহীনতাৰ উদ্ভৱ হয়।

১৯। BOP ৰ ভাৰসাম্যতা আঁতৰ কৰাৰ দুটা উপায় উল্লেখ কৰা।

উত্তৰ: BOP ৰ ভাৰসাম্যহীনতা আঁতৰ কৰাৰ দুটা কাৰণ হ’ল:

(ক) ৰপ্তানি উন্নয়ন আৰু

(খ) দেশীয় মুদ্রাৰ অমূল্যায়ন।

২০। বৈদেশিক লেনদেন পৰিশোধৰ সমতাত দৃশ্যমান হিচাপ কি?

উত্তৰ: বৈদেশিক লেনদেনৰ পৰিশোধৰ সমতাত দৃশ্যমান হিচাপত যন্ত্রপাতি, কাপোৰ-কানি আদি আমদানিকৃত আৰু ৰপ্তানিকৃত সামগ্রী অন্তৰ্ভূক্ত কৰা হয়।

২১। বৈদেশিক বাণিজ্যৰ ভাৰসাম্যতাত কেতিয়া ঘাটিৰ উদ্ভৱ হয়?

উত্তৰ: ৰপ্তানিৰ মূল্য আমদানিৰ মূল্যতকৈ কম হ’লে।

২২। বৈদেশিক লেনদেনত চলিত হিচাপৰ এটি উদাহৰণ দিয়া।

উত্তৰ: ৰপ্তানিকৃত আৰু আমদানিকৃত দ্রব্য।

২৩। ৰুদ্ধ অর্থনীতিৰ সংজ্ঞা দিয়া।

উত্তৰ যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ লগত কোনো সম্পর্ক নাথাকে সেই আর্থিক ব্যৱস্থাকেই ‘ৰুদ্ধ অর্থনীতি’ বুলি কোৱা হয়।

২৪। বৈদেশিক বাণিজ্য লেনদেন পৰিশোধৰ মূলধন হিচাপত সন্নিবিষ্ট এটা বিষয় উল্লেখ কৰা।

উত্তৰ চৰকাৰী ঋণ আৰু পুঁজি।

২৫। মুদ্রাৰ অৱমূল্যায়নৰ অৰ্থ লিখা। H. S. ’16

উত্তৰ: দেশ এখনৰ প্ৰচলিত মুদ্রাৰ বৈদেশিক মূল্য হ্রাস হ’লে আৰু সেই মূল্যই চৰকাৰী স্বীকৃতি লাভকৰিলে তাক ‘অৱমূল্যায়ন’ বুলি কোৱা হয়।

২৬। PPP ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: Purchasing Power Parity.

২৭। REER কিহৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়?

উত্তৰ: প্রকৃত বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি।

২৮। REER ৰ সম্পূর্ণরূপ কি?

উত্তৰ: Real Effective Exchange Rate.

২৯। NEER ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: Nominal Effective Exchange Rate.

৩০। WTO ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: World Trade Organization.

৩১। আন্তঃৰাষ্ট্ৰীয় তাৰল্য বুলিলে কি বুজা?

উত্তৰ: আন্তঃৰাষ্ট্ৰীয় তাৰল্যই আন্তঃৰাষ্ট্ৰীয় বিনিময় মাধ্যমক বুজায়।

৩২। শুদ্ধনে অশুদ্ধ লিখাঃ

(ক) GDP ৰ অনুপাত হিচাপে মুঠ বৈদেশিক বাণিজ্য হ’ল এটা অৰ্থনীতিৰ মুক্ততাৰ মাত্ৰাৰ এক উমৈহতীয়া জোখ।

উত্তৰ: শুদ্ধ।

(খ) আন্তঃৰাষ্ট্ৰীয় পর্যায়ত এটা কেন্দ্রীয় প্রাদিকৰূপে প্রচলন কৰা একক মুদ্রা বর্তি আছে।

উত্তৰ: অশুদ্ধ।

(গ) ইতিবাচক Nx এ বাণিজ্য উদ্ধত্তক সূচায়।

উত্তৰ: শুদ্ধ।

(ঘ) আন্তঃর্জাতিক পর্যায়ত এটা নির্দিষ্ট কেন্দ্রীয় মুদ্রা কর্তৃপক্ষই ছপা কৰা নির্দিষ্ট মুদ্রা থাকে।

উত্তৰ: অশুদ্ধ।

(ঙ) কোনো এক অর্থনীতিত মুঠ ঘৰুৱা উৎপাদনৰ লগত সংযোজন হোৱা মুঠ বৈদেশিক পৰিমাণৰ দ্বাৰা সেই অর্থনীতিটো কিমান মুকলি তাক পৰিমাপ কৰা হয়।

উত্তৰ: অশুদ্ধ।

৩৩। বৈদেশিক লেন-দেনৰ সমতা কি? H. S. ’18

উত্তৰ যি ব্যৱস্থাৰ দ্বাৰা বৈদেশিক লেনদেনৰ ঘাটি হৈছে নে ৰাহি হৈছে তাক নিৰ্ণয় কৰিব পৰা যায় আৰু ঘাটি বা ৰাহি আঁতৰ কৰিব পৰা যায় তাকে বৈদেশিক লেনদেনৰ সমতা বুলি কোৱা হয়।

খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ২)

১। বৈদেশিক বিনিময় হাৰ নিৰ্ণয়কাৰী কাৰকসমূহ উল্লেখ কৰা।

উত্তৰ: বৈদেশিক বিনিময় হাৰ নিৰ্ণয়কাৰী কাৰকসমূহ হ’ল:

(ক) লাভৰ উদ্দেশ্য

(গ) সুতৰ হাৰ

(খ) আয়

(ঘ) দীর্ঘকালীন বিনিময় হাৰ আৰু ক্রয় ক্ষমতাৰ সমতা।

২। আমদানি চাহিদা নিৰ্ভৰ কৰা দুটা কাৰকৰ নাম উল্লেখ কৰা।

উত্তৰ: আমদানি চাহিদা নিৰ্ভৰ কৰা দুটা কাৰক হ’ল:

(ক) ঘৰুৱা আয় আৰু

(খ) প্রকৃত বিনিময় হাৰ।

৩। বৈদেশিক বাণিজ্যৰ লেনদেনত ঘাটিৰ উদ্ভৱ হ’লে সেই ঘাটি পূৰণ কৰাৰ দুটা উপায় উল্লেখ কৰা।

উত্তৰ: বৈদেশিক বাণিজ্যৰ লেনদেনত ঘাটিৰ উদ্ভৱ হ’লে সেই ঘাটি পূৰণ কৰাৰ দুটা উপায় হ’ল:

(ক) বিদেশী মুদ্রাৰ সঞ্চয় হ্রাস কৰা আৰু

(খ) আন্তর্জাতিক মুদ্রা নিধিৰ পৰা ঋণ গ্রহণ কৰা।

৪। ৰুদ্ধ অর্থনীতিত ঘৰুৱা দ্রব্যৰ প্ৰতি চাহিদাৰ উৎসসমূহ উল্লেখ কৰা।

উত্তৰ: ৰুদ্ধ অর্থনীতিত ঘৰুৱা দ্ৰব্যৰ প্ৰতি চাহিদাৰ উৎসসমূহ হ’ল:

(ক) উপভোগ

(খ) চৰকাৰী ব্যয়

(গ) ঘৰুৱা বিনিয়োগ।

৫। মুক্ত অৰ্থনীতিৰ প্ৰসঙ্গত বজাৰ সংযোগ, বিত্তীয় বজাৰ সংযোগ আৰু উৎপাদনৰ উপাদানৰ বজাৰ সংযোগৰ অর্থ দিয়া।

উত্তৰ: আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ফলত ভোক্তাসকলে আৰু প্রতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ ঘৰুৱা আৰু বৈদেশিক সামগ্ৰীৰ মাজত পছন্দ কৰাৰ সুযোগ পায়। ই হ’ল বজাৰ সংযোগ।

বিনিয়োগকাৰীসকলে ঘৰুৱা আৰু বৈদেশিক পৰিসম্পত্তিৰ মাজত পছন্দ কৰাৰ সুযোগ পায়, ইয়ে বিত্তীয় বজাৰ সংযোগৰ সৃষ্টি কৰে।
প্রতিষ্ঠানবোৰে নিজৰ পছন্দ অনুসৰি উৎপাদন প্রতিষ্ঠান ক’ত স্থাপন কৰিব আৰু শ্রমিকসকলে ক’ত কাম কৰিব সেইটো ঠিক কৰিব পাৰে। এয়ে উৎপাদনৰ উপাদানৰ বজাৰ সংযোগ।

৬। ‘ব্রিটন উড্ড যমজ’ বুলিলে কোন দুটা আন্তজার্তিক অনুষ্ঠানক বুজায়?

উত্তৰ: ‘ব্রিটন উচ্চ যমজ’ বুলিলে আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি আৰু বিশ্ব বেংকক বুজায়।

৭। লেন-দেনৰ সমতাৰ দুটা মুখ্য হিচাপ কি? H. S. ’18

উত্তৰ: লেনদেনৰ সমতাৰ দুটা মুখ্য হিচাপ হ’ল — চলিত হিচাপ আৰু মূলধনী হিচাপ।

৮। পৰিৱৰ্তনশীল ব্যয় কি? গড় পৰিৱৰ্তনশীল ব্যয় বেখা (AVC) কিয় U আকৃতি হয়? H. S. ’19

উত্তৰ: উৎপাদন ব্যৱস্থাত উৎপাদনৰ হ্রাস বৃদ্ধিৰ লগত যিবোৰ উপাদানৰ খৰচ হ্রাস-বৃদ্ধি হৈ থাকে, তাকে পৰিৱৰ্তনীয় ব্যয় বোলে। উদাৰহণ- কেঁচা মাল। কোনো উৎপাদন প্রতিষ্ঠানৰ আৰম্ভণিতে পৰিৱৰ্তনীয় উপাদানৰ নিয়োগ বৃদ্ধিৰ ফলত শ্রম বিভাজন আৰু বিশেষণীকৰণে গড় উৎপাদন বৃদ্ধি কৰে আৰু ব্যয়ৰ পৰিমাণ হ্রাস কৰে। কিন্তু এটা স্তৰৰ পিছত উৎপাদন মাত্ৰাৰ অমিতব্যয়িতাৰ উদ্ভৱ হয় আৰু শ্রম বিভাজন শেষ হয়। ফলত গড় উৎপাদন হ্রাস পায় আৰু গড় ব্যয় বৃদ্ধি পায়। সেয়ে পৰিৱৰ্তনীশীল ব্যয় ৰেখা U আকৃতিৰ হয়।

৯। স্থিৰ বনিময় হাৰৰ দুটা সুবিধা লিখা।

উত্তৰ : স্থিৰ বিনিময় হাৰৰ দুটা সুবিধা হৈছে-

(ক) স্থিৰ বৈদেশিক বিনিময় হাৰে দেশৰ আমদানি আৰু ৰপ্তানি বাণিজ্যৰ সম্প্ৰসাৰণ ঘটায়।

(খ) স্থিৰ বিনিময় হাৰে আভ্যন্তৰীণ অর্থনৈতিক স্থিৰতা বজাই ৰখাত সহায় কৰে।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। লেনদেনৰ পৰিশোধ সমতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’15 

উত্তৰ: লেনদেনৰ পৰিশোধ সমতাৰ চাৰিটা বৈশিষ্ট্য হ’ল:

(ক) লেনদেনৰ পৰিশোধ সমতা হৈছে এখন দেশৰ লগৰ বিশ্বৰ অন্যান্য দেশৰ লেনদেনৰ এক প্রণালীবদ্ধ হিচাপ।

(খ) এনে হিচাপ প্রতি বছৰ কৰা হয়।

(গ) পৰিশোধৰ সমতাৰ হিচাপ দ্বিপাক্ষিক।

(ঘ) এনে হিচাপত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দেনা আৰু পাওনা: এই দুয়োটাৰে হিচাপ অন্তর্ভুক্ত কৰা হয়।

২। বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় উল্লেখ কৰা।

উত্তৰ: বৈদেশিক বাণিজ্য লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় হ’ল:

(ক) আমদানি আৰু ৰপ্তানি পৰিবৰ্তন কৰি।

(খ) মুদ্রাৰ যোগান পৰিৱৰ্তন কৰি।

(গ) দ্রব্য মূল্য আৰু অর্থনৈতিক কাম-কাজ পৰিৱৰ্তন কৰি।

৩। পৰিৱৰ্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা উল্লেখ কৰা।

উত্তৰ: পৰিৱৰ্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা হ’ল:

(ক) এই হাবে এখন দেশৰ বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যতা নির্ণয় কৰে।

(খ) এই বিনিময় হাৰ বাহাল থাকিলে কেন্দ্রীয় বেংকে আন্তঃর্জাতিক সংৰক্ষণৰ প্ৰয়োজনীয়তা নোহোৱা কবে।

(গ) বিভিন্ন দেশৰ কাৰেন্সীৰ নাটনি আৰু বহিজনিত সমস্যা সমাধান কৰাত সহায় কৰে।

(ঘ) বাণিজ্য ব্যৱস্থা সুচাৰুৰূপে চলাত আৰু মূলধনৰ চলাচলত থকা বাধাসমূহ আঁতৰ কৰাত সহায় কৰে।

৪। বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ চলিত হিচাপত কোন বিষয় অন্তর্ভূক্ত কৰা হয়?

উত্তৰ: বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ চলিত হিচাপত অন্তর্ভুক্ত বিষয়সমূহ হ’ল:

(ক) বাণিজ্য, শিক্ষা, স্বাস্থ্য, আন্তর্জাতিক সম্মিলন আদি বিভিন্ন দিশত হোরা ভ্রমণ ব্যয়।

(খ) বীমা সম্বন্ধীয় লেনদেন।

(গ) পৰিবহন ব্যয়।

(ঘ) চৰকাৰী লেনদেন।

(ঙ) বিনিয়োগ আয় আদি।

৫। বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত কি কি বিষয় অন্তর্ভূক্ত কৰা হয়?

উত্তৰ: বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত অন্তর্ভুক্ত বিষয়সমূহ হ’ল: বৈদেশিক ঋণ, বিদেশী লোকৰ মূলধন বিনিয়োগ, বিদেশী লোকক সম্পদ বিক্রি, বিদেশী প্রতিষ্ঠানক দিয়া ঋণ, বিদেশত মূলধন বিনিয়োগ, বিদেশৰ পৰা সম্পদ ক্রয় আদি।

৬। ‘ব্রিটন উড্ড’ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰ : ব্রিটন উড্ড’ পদ্ধতি হ’ল স্থিৰ বিনিময় হাৰ পদ্ধতি যদিও ই পৰিৱৰ্তনো হ’ব পাৰে। এই পদ্ধতিৰ মূল কথাখিনি হ’ল:

(ক) বিভিন্ন দেশৰ মুদ্ৰাবোৰ আমেৰিকান ডলাৰৰ লগত সম্পর্কিত।

(খ) দুটা প্রচলিত মুদ্রাৰ মাজত সোণ চূড়ান্ত সমতাৰ একক হিচাপে গণ্য কৰা হয়।

(গ) আমেৰিকান ডলাৰক স্থিৰ মূল্যত স্বর্ণমূল্য প্রদান কৰা হয়।

(ঘ) ডলাৰ সাপেক্ষে এখন দেশৰ মুদ্রাই স্বর্ণ সাপেক্ষে সেই মুদ্রাৰ মূল্য সূচায়।

(ঙ) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি সাপেক্ষে এখন দেশৰ মুদ্রাৰ সমতা মূল্য পৰিৱৰ্তন সম্ভব হয়।

৭। অবমূল্যায়ন আৰু অৱক্ষয়ৰ মাজৰ পার্থক্য দেখুৱা।

উত্তৰ: এখন দেশৰ প্ৰচলিত মুদ্রাৰ মূল্য দেশখনৰ চৰকাৰৰ দ্বাৰা আন দেশৰ মুদ্রা বা সোণৰ তুলনাত হ্রাস কৰা প্ৰক্ৰিয়াটোক ‘অবমূল্যায়ন’ বুলি কোৱা হয়। চৰকাৰী আদেশৰ জৰিয়তে দেশীয় মুদ্রাৰ অবমূল্যায়ন কৰা হয়। এখন দেশে অবিৰতভাৱে বৈদেশিক বাণিজ্য লেনদেনৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত ঘাটিৰ সন্মুখীন হ’লে দেশীয় মুদ্রাৰ অৱমূল্যায়ন ব্যৱস্থা গ্রহণ কৰিব পাৰে। আনহাতে, এখন দেশৰ প্রতিকূল বাণিজ্যিক লেনদেনৰ ভাৰসমতা আঁতৰ কৰিবৰ কাৰণে পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত বজাৰ ব্যৱস্থাৰ দ্বাৰা দেশীয় মুদ্রাৰ বহিঃমূল্য সংকোচিত হোৱা প্ৰক্ৰিয়াটোক ‘অৱক্ষয়’ বুলি কোৱা হয়। এখন দেশৰ মুদ্রাৰ বৈদেশিক চাহিদা আৰু যোগানৰ ভিত্তিত দেশীয় মুদ্রাৰ অৱক্ষয় ঘটে। অৱমূল্যায়ন ঘটে স্থিৰ বিনিময় হাৰ ব্যৱস্থাত। কিন্তু অৱক্ষয় ঘটে পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত।

৮। প্রচলিত ভাসমান বিনিময় হাৰ কি? ব্যাখ্যা কৰা।

উত্তৰ: ১৯৭১ চনৰ পৰা প্ৰায়বোৰ দেশত পৰিচালিত ভাসমান বিনিময় হাৰ পদ্ধতিৰ প্ৰচলন হৈছে। ই হৈছে স্থিৰ বিনিময় হাৰ পদ্ধতি আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ পদ্ধতিৰ সংমিশ্রণ। এই ব্যৱস্থাক ‘লেতেৰা ভাসমান’ বুলিও কোৱা হয়। এনে পদ্ধতিক এখন দেশৰ মুদ্রাক বৈদেশিক বিনিময় বজাৰত ভাঁহিবলৈ দিয়া হয় আৰু বজাৰ শক্তি অনুসৰি বিনিময় হাৰ নিৰ্ণয় কৰা হয়। অবশ্যে এই ব্যৱস্থাত সম্পূৰ্ণৰূপে চৰকাৰী হস্তক্ষেপ নথকাটো নুবুজায়। প্রয়োজন সাপেক্ষে বিনিময় হাৰৰ উত্থান-পতন ৰোধ কৰিবলৈ দেশৰ মৌদ্রিক কর্তৃপক্ষই হস্তক্ষেপ কৰিব পাৰে। মৌদ্রিক কর্তৃপক্ষই বৈদেশিক মুদ্রাৰ ক্রয়-বিক্রয়ৰ ওপৰত হস্তক্ষেপ কৰি বিনিময় হাৰৰ গতিশীলতাক সুচল ৰাখিবলৈ চেষ্টা কৰে। সেয়ে চৰকাৰী সংৰক্ষণ লেনদেনবোৰ শূন্যৰ সমান নহয়।

৯। স্বর্ণমান ব্যৱস্থাত কিদৰে বিনিময় হাৰ নিৰ্ধাৰণ হয়?

উত্তৰ: স্বর্ণমান ব্যৱস্থা স্থিৰ বিনিময় হাৰ পদ্ধতিৰ এক আৰ্হি। স্বর্ণমান ব্যৱস্থাত সকলোবোৰ দেশৰ মুদ্রাৰ মূল্য সোণৰ মানত প্রকাশ কৰা হয়। ইয়াত অংশগ্রহণকাৰী প্ৰতিখন দেশে নিজ দেশৰ মুদ্রা এক স্থিৰ মূল্যত সোণৰ মানত প্রকাশ কৰিবলৈ প্রতিশ্রুতিবদ্ধ। বৈদেশিক বাণিজ্যত অংশগ্রহণ কৰা দেশসমূহৰ মুদ্রা সোণৰ হ’ব পাৰে বা অন্য ধাতুৰ হ’লেও ইয়াক সোণলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা থাকিব লাগে। ১৮৭০ চনৰ পৰা ১৯১৪ চনলৈ স্বর্ণমান ব্যৱস্থা বিৰাজ কৰিছিল। এনে ব্যবস্থাত বিনিময় হাৰৰ স্থিৰতা ৰক্ষা হৈছিল। দুই বিশ্ব মহাসমৰৰ অন্তৱৰ্তীৰ কালত আন্তিৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত অস্থিৰতা আৰু অনিশ্চয়তাই দেখা দিছিল। ফলত স্বর্ণমান ব্যবস্থা অচল হৈ পৰিছিল। আৰু ইয়াৰ ফলস্বৰূপে মুদ্রাস্ফীতিয়ে দেখা দিছিল।

১০। মুদ্রাৰ অবমূল্যায়ন কি?

উত্তৰ : এখন দেশৰ প্ৰচলিত মুদ্রাৰ মূল্য দেশখনৰ চৰকাৰৰ দ্বাৰা আন দেশৰ মুদ্রা বা সোণৰ তুলনাত হ্রাস কৰা প্ৰক্ৰিয়াক মুদ্রাৰ অৱমূল্যায়ন বুলি কোৱা হয়। চৰকাৰী আদেশৰ জৰিয়তে দেশীয় মুদ্রাৰ অৱমূল্যায়ন কৰা হয়। এখন দেশে অবিৰতভাৱে বৈদেশিক বাণিজ্য লেনদেনৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত ঘাটিৰ সন্মুখীন হ’ব লগা হ’লে দেশীয় মুদ্রাৰ অৱমূল্যায়নৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে। এনে অৱস্থাত অবমূল্যায়নে দেশখনৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি আৰু আমদানিৰ পৰিমাণ হ্রাস হোৱা কাৰ্য নির্দেশ কৰে। ফলত আন্তর্জাতিক লেনদেনত ঘাটিৰ পৰিমাণ কমি লাভ শূন্য হোৱাৰ সম্ভাৱনা বেছি হয়।

১০। পৰিবৰ্তনশীল বিনিময় হাৰ নিৰ্দ্ধাৰণত ফটকা ব্যৱসায়ৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰ: বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তনশীলতা ফটকা ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ বৈদেশিক মুদ্রাৰ মূল্য বৃদ্ধি হ’লে ইয়াৰ ফলত হ’ব পৰা সম্ভাব্য লাভৰ বাবেও মানুহে সেই মুদ্রাৰ চাহিদা বৃদ্ধি কৰে। উদাহৰণস্বৰূপে টকাৰ তুলনাত ডলাৰৰ মূল্য বৃদ্ধি হ’বলৈ ধৰিলে ডলাৰ জমা ৰাখিবলৈ ইচ্ছা কৰিব। এনে প্রত্যাশাত ডলাৰৰ চাহিদা বৃদ্ধি কৰিব। ডলাৰৰ এনে বৰ্দ্ধিত চাহিদাই টকা আৰু ডলাৰৰ বিনিময় হাৰ বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে বিবেচিত হ’ব। এনেদৰে ফটকা ব্যৱসায়ীসকলে ভবিষ্যতে অধিক লাভৰ আশাত প্রচলিত কোনো বিশেষ মুদ্রাৰ চাহিদা বৃদ্ধি কৰিব। এনে চাহিদা বৃদ্ধিৰ ফলত সেই মুদ্রা আৰু অন্য দেশৰ মুদ্রাৰ মাজৰ বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তন হ’ব।

১১। মুদ্রাৰ অবমূল্যায়ন আৰু মুদ্রাৰ বৰ্হিমূল্যৰ হ্ৰাসকৰণৰ মাজত পার্থক্য দেখুওৱা। H. S. ’18 

উত্তৰ: মুদ্রাৰ অৱমূল্যায়ন আৰু মুদ্রাৰ বৰ্হিমূল্যৰ হ্ৰাসকৰণৰ মাজত পাৰ্থক্য হ’ল-

(ক) মুদ্রাৰ অৱলমূল্যায়ন আৰু মুদ্রাৰ বর্হিমূল্যৰ হ্রাসকৰণ দুয়োটাই এখন দেশৰ মুদ্রাৰ মূল্যৰ হ্রাস-বৃদ্ধিৰ লগত জড়িত।

(খ) এখন দেশৰ প্ৰচলিত মুদ্রাৰ মূল্য দেশখনৰ চৰকাৰৰ দ্বাৰা আন দেশৰ মুদ্রা বা সোণৰ তুলনাত হ্রাস কৰা প্ৰক্ৰিয়াক মুদ্রাৰ অবমূল্যায়ন বুলি কোৱা হয়। চৰকাৰী আদেশৰ জৰিয়তে দেশীয় মুদ্রাৰ অৱমূল্যায়ন কৰা হয়। মুদ্রাৰ বর্হিমূল্যৰ হ্রাসকৰণ হ’ল যেতিয়া এখন দেশৰ অর্থনীতিত বিনিময়ৰ হাৰৰ অবনতি ঘটে আৰু দেশৰখনৰ মুদ্রাৰ মূল্য অন্যদেশৰ তুলনাত হ্রাস পায়।

(গ) অৱমূল্যায়ন এক স্থিৰ বিনিময় হাৰ। এই হাৰৰ পৰিমাণ অনুপাত চৰকাৰৰ সিদ্ধান্তক্রমে হ্রাস পাব পাৰে।
কিন্তু বর্হিমূল্যৰ হ্রাস হ’ল এটা ভাসমান বিনিময় হাৰ।

১২। স্থিৰ আৰু পৰিবৰ্তনীয় বিনিময় হাৰৰ মাজত পাৰ্থক্য লিখা।

উত্তৰ স্থিৰ আৰু পৰিৱৰ্তনীয় বিনিময় হাৰৰ মাজত পার্থক্য হৈছে —

(ক) স্থিৰ বিনিময় হাৰ যথেষ্ট সময়ৰ বাবে বর্তি থাকে। H. S. ’16

কিন্তু পৰিৱৰ্তনীয় বিনিয়ময় হাৰ সঘনাই পৰিৱৰ্তন হয়।

(খ) স্থিৰ বিনিময় হাৰত এখন দেশৰ মুদ্ৰাৰ বৈদেশিক বিনিময় হাৰ চৰকাৰীভাবে এটা নির্দিষ্ট হাৰত নির্ধাৰণ কৰা হয়।

আনহাতে পৰিৱৰ্তনীয় বিনিময় হাৰ বিনিময় মুদ্রাৰ চাহিদা আৰু যোগানৰ পৰিৱৰ্তনৰ ভিত্তিত নির্ধাৰণ হয়।

ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)

১। পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত কেনেদৰে বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰ: বৈদেশিক ব্যবসায় বাণিজ্যত পৰিৱৰ্তনশীল বিনিময় হাৰ যোগান আৰু চাহিদা শক্তিৰ দ্বাৰা নির্ধাৰিত হয়। এনে ব্যৱস্থাত এখন দেশৰ বিনিময় হাৰ সেই দেশৰ মুদ্রাৰ চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰে। যদি বৈদেশিক মুদ্রাৰ চাহিদা বৃদ্ধি হয় ইয়াৰ বজাৰ দৰ বৃদ্ধি হ’ব। আকৌ বৈদেশিক মুদ্রাব চাহিদা হ্রাস পালে, ইয়াৰ মূল্যও হ্রাস পাব। সাধাৰণতে বৈদেশিক মুদ্রাৰ চাহিদা নিৰ্ভৰ কৰে পৃথিৱীৰ অন্য স্থানৰ ইয়াৰ বিনিয়োগ, আন্তর্জাতিক ঋণৰ দেনা অন্য দেশসমূহলৈ দান আৰু বঢ়ঙনি আদিৰ ওপৰত। আকৌ বৈদেশিক মুদ্রাৰ যোগান নিৰ্ভৰ কৰে বৈদেশিক প্রত্যক্ষ বিনিয়োগ, লাভৰ উদ্দেশ্যে কৰা ক্ৰয় আদিৰ ওপৰত। যিটো বিন্দুত বৈদেশিক বিনিময় মুদ্রাৰ চাহিদা আৰু যোগান পৰস্পৰ সমান হয়, সেই বিন্দুতে ভাৰসাম্য বিনিময় হাৰ আৰু বৈদেশিক মুদ্রাৰ ভাৰসাম্য পৰিমাণ নির্ণীত হ’ব। তলত চিত্ৰৰ সহায়ত ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণৰ অৱস্থা দেখুৱা হ’ল:

পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত কেনেদৰে বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা

ওপৰৰ OYঅক্ষত ঘৰুৱা কাৰেণীৰ পৰিমাপ (আমেৰিকান ডলাৰ আৰু ভাৰতীয় টকা) আৰু OX আনুভূমিক ৰেখাত বৈদেশিক বিনিময় মুদ্রাৰ চাহিদা আৰু যোগান দেখুৱা হৈছে। চিত্ৰটোত চাহিদা ৰেখাডাল নিম্নগামী ঢালযুক্ত। ই বিনিময় হাৰ অধিক হ’লে বৈদেশিক বিনিময় মুদ্রাৰ পৰিমাণ কম বুলি দেখুৱাইছে। এনে অৱস্থাত আমদানিৰ পৰিমাণ কমিব। আনহাতে যোগান ৰেখা SS উর্দ্ধগামী হৈছে। ই বিনিময় হাৰ বৃদ্ধি হ’লে বৈদেশিক বিনিময় মুদ্রাৰ যোগানৰ পৰিমাণ বৃদ্ধি হোৱাটোক সূচাইছে। এনে ক্ষেত্ৰত ভাৰতীয় দ্রব্য বিদেশী দ্রব্যতকৈ অধিক সস্তা হোৱাত ভাৰতীয় দ্রব্যৰ চাদিহা বৃদ্ধি হ’ব আৰু ৰপ্তানিৰ পৰিমাণো বৃদ্ধি পাব। ওপৰৰ চিত্ৰত চাহিদা ৰেখা SS আৰু যোগান ৰেখা SS পৰস্পৰ সমতাৰ ভিত্তিত E বিন্দুত ভাৰসাম্য নির্ধাৰিত হৈছে।

এনেদৰে পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰিত হয়।

২। লেনদেনৰ সমতাৰ স্বনিৰূপিত আৰু প্ৰণোদিত লেনদেনৰ ধাৰণা দুটা ব্যাখ্যা কৰা। H. S. ’15, ’17

নাইবা

লেনদেনৰ উদ্ধৃত্তৰ স্তুতন্ত্র লেনদেন আৰু অন্তর্ভক্ত লেনদেনৰ পাৰ্থক্য লিখা।

উত্তৰ: ৰাষ্ট্ৰ এখনৰ বৈদেশিক লেনদেনৰ পৰিশোধৰ সমতাৰ অৱস্থাৰ লগত কোনো সম্পর্ক নৰখাকৈ যেতিয়া ৰাষ্ট্ৰখনে আন্তর্জাতিক অর্থনৈতিক লেনদেন সম্পন্ন কৰে, তেনে লেনদেনক স্বতন্ত্র লেনদেন বুলি কোৱা হয়। উদাৰহণ- অকল লাভ অর্জন কৰাৰ বাবে কৰা লেনদেন। আকৌ দেশ এখনৰ বৈদেশিক বাণিজ্যৰ স্বতন্ত্র প্রাপ্তিবোৰ ইয়াৰ স্বতন্ত্র প্রদানতকৈ অধিক কম হয়, তেন্তে ইয়াক পৰিশোধনৰ সমতাৰ ৰাহি বুলি কোৱা হয়।

আনহাতে ব্যৱস্থাপক লেনদেনৰ বিষয়সমূহৰ প্ৰকৃতি ফলাফলৰ দ্বাৰা নিৰ্ণয় কৰা হয়। দেশ এখনৰ আন্তর্জাতিক লেনদেনৰ পৰিণতি হিচাপে ব্যৱস্থাপক লেনদেনবোৰ সম্পাদিত হয়। উদাৰহণস্বৰূপে পাকিস্থানৰ বৈদেশিক পৰিশোধৰ সমতাই ৩০০০০০ ডলাৰৰ ঘাটি দেখুৱালে দেশখনে এই পৰিমাণ ঋণ হিচাপে বিচাৰিব লাগিব। কিন্তু এই পৰিমাণৰ ঋণ স্বতন্ত্র লেনদেনবোৰৰ পৰিণতিত সৃষ্টি হোৱা ঘাটিৰ কাৰণে উৎপত্তি হৈছে। সেয়ে ই হ’ল ব্যবস্থাপক লেনদেন।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×