এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ জাতীয় আয় আৰু আনুসঙ্গিক ধাৰণা Class 12 Economics Chapter 1 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
জাতীয় আয় আৰু আনুসঙ্গিক ধাৰণা Class 12 Economics Chapter 1 Solutions
প্রথম খণ্ড
প্রথম অধ্যায়
জাতীয় আয় আৰু আনুসঙ্গিক ধাৰণা
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। মধ্যবর্তীৰ দ্রব্য বুলিলে কি বুজা? H. S. ’15, ’18
উত্তৰ : যিবিলাক দ্রব্য চূড়ান্ত উপভোগৰ বাবে যোগান ধৰা নহয়, তাক ‘মধ্যবর্তী দ্রব্য’ বুলি কাৱা হয়।
২। An Enquiry into the Nature and Cause of Wealth of Nations নাৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ: আদাম স্মিথ।
৩। চূড়ান্ত দ্রব্য কাক কয়? H. S. ’14, ’18
উত্তৰ: কোনো এক অর্থনীতিত উৎপাদিত দ্রব্যৰ যিখিনি দ্রব্য বা সেবা চূড়ান্ত উপভোগৰ বাবে ব্যৱহাৰ কৰা হয়, তাকে ‘চূড়ান্ত দ্রব্য’ বুলি কোৱা হয়।
৪। হস্তান্তৰ পৰিশোধ কি?
উত্তৰ: উৎপাদনমূলক সেৱা আহৰণ কৰাৰ বাবে যিবিলাক দেনা পৰিশোধ কৰিবলগীয়া হয়, তাকে ‘হস্তান্তৰ পৰিশোধ’ বোলা হয়।
৫। চলিত মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰ চলিত দৰ সূচীত ৰাষ্ট্ৰীয় আয়ৰ বাৰ্ষিক হিচাপেই হৈছে ‘চলিত মূল্যত ৰাষ্ট্ৰীয় আয়’।
৬। স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰ: কোনো এক ভিত্তি বছৰৰ দৰসূচীৰ আধাৰত গণনা কৰা ৰাষ্ট্ৰীয় আয়েই হৈছে ‘স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়’।
৭। ব্যয়যোগ্য ব্যক্তিগত আয় কি? H. S. ’18
উত্তৰ চৰকাৰক কৰ প্ৰদান কৰাৰ পিছত ব্যক্তিগত আয়ৰ যিখিনি অবশিষ্ট থাকে, তাকে ‘ব্যয়যোগ্য ব্যক্তিগত আয়’ বোলে।
৮। হৰণ-ভগনৰ ব্যয় বা প্রতিষ্ঠাপন ব্যয় বুলিলে কি বুজা?
উত্তৰ: মূলধনী সামগ্ৰীসমূহ মেৰামতিৰ ক্ষেত্ৰত হোৱা ব্যয়ক ‘হৰণ-ভগন ব্যয়’ বা ‘প্রতিষ্ঠাপন ব্যয়’ বুলি কোৱা হয়।
৯। সর্বমুঠ বিনিয়োগ কি?
উত্তৰ: উৎপাদন প্রতিষ্ঠান এটিত ব্যৱহৃত মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণ হ’ল ‘সৰ্বমুঠ বিনিয়োগ’।
১০। ক্ষয়-ক্ষতিৰ বানচ কি?
উত্তৰ: মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ যি পৰিমাণৰ মূল্য বাদ দিয়া হয়, সেই অংশটোকে ‘ক্ষয়-ক্ষতিৰ বানচ’ বুলি কোৱা হয়।
১১। সৰ্বমুঠ ঘৰুৱা উৎপাদন মানে কি?
উত্তৰ : বিত্তীয় বছৰ এটাৰ ভিতৰত দেশখনৰ ভিতৰত উৎপাদিত সা-সামগ্ৰীৰ মুদ্রাগত মূল্যৰ যোগফলেই হ’ল ‘সর্বমুঠ ঘৰুৱা উৎপাদন’।
১২। মূলধনী দ্ৰব্যৰ আকস্মিক ক্ষতি মূলধনৰ ক্ষয়-ক্ষতিৰ অন্তর্ভূক্ত হয়নে?
উত্তৰ: নহয়।
১৩। মুঠ ৰাষ্ট্ৰীয় উৎপাদন কি?
উত্তৰ: এখন দেশত এবছৰত উৎপাদিত হোৱা সকলো দ্রব্য-সামগ্ৰী আৰু সেৱাৰ যোগফলেই ৰাষ্ট্ৰীয় উৎপাদন।
১৪। উপাদানৰ ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰ : এখন দেশৰ উৎপাদন ক্ষেত্ৰত ব্যৱহৃত উপাদান যেনেঃ ভূমি, শ্রম, মূলধন আৰু সংগঠকে এবছৰৰ ভিতৰত যি পাৰিশ্রমিক লাভ কৰে তাৰ মুঠ যোগফলকেই ‘উপাদান ব্যয়ত ৰাষ্ট্ৰীয় আয়’ বুলি কোৱা হয়।
১৫। এখন ব্যবসায়িক প্রতিষ্ঠানৰ সংযোজিত মূল্য কি?
উত্তৰ: প্রতিষ্ঠান এখনৰ ক্ষেত্ৰত মূল্য সংযোজন বুলি ক’লে প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা উপাদানৰ মূল্যৰ পৰা মধ্যবর্তীকালীন মূল্য বাদ দিলে যি পোৱা যায়, সেয়াই ‘ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য’।
১৬। কাৰ মাজত এটা ব্যবসায়িক প্রতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয়?
উত্তৰ ভূমি, শ্রম, মূলধন আৰু উদ্যোগীৰ মাজত ব্যবসায় প্রতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয়। এই ক্ষেত্রত মূল্য সংযোজনে প্রতিষ্ঠানখনৰ প্রতিটো ভাগতে এক সক্রিয় ভূমিকা গ্রহণ কৰে।
১৭। ৰাষ্ট্ৰীয় আয় গণনা কৰাৰ সময়ত সংযোজিত মূল্য কিয় গণনা কৰা প্রয়োজন?
উত্তৰ: জাতীয় আয় হ’ল এটা নির্দিষ্ট বছৰত উৎপাদিত দ্রব্য আৰু সেৱা কাৰ্যৰ মুঠ সমষ্টি। আকৌ দেশ এখনৰ এটা বছৰত সকলো উৎপাদন প্রতিষ্ঠানৰ মূল্য সংযোজন সমষ্টিক মুঠ ঘৰৱা উৎপাদন বুলি কোৱা হয়। গতিকে জাতীয় আয় নির্ণয় কৰোতে মুঠ ঘৰুৱা উৎপাদনৰ হিচাপ লোৱাৰ বাবে সংযোজিত মূল্য গণনা কৰা হয়।
১৮। খালী ঠাই পূৰণ কৰাঃ
(ক) এটা বছৰত এটা অর্থনীতিৰ চূড়ান্ত দ্ৰব্যৰ মুঠ উৎপাদন উপভোগ বা —– ৰূপত হ’ব পাৰে।
উত্তৰ: বিনিয়োগ।
(খ) অবক্ষয় হ’ল স্থায়ী মূলধনৰ —– ।
উত্তৰ: উপভোগ।
(গ) ক্ষয়-ক্ষতিক স্থিৰ —– মূলধনৰ বুলিও কোৱা হয়।
উত্তৰ: উপভোগ।
(ঘ) মুঠ জাতীয় উৎপাদন = মুঠ ঘৰুৱা উৎপাদন+ —– ।
উত্তৰ: উপাদানৰ বিদেশৰ পৰা হোৱা নিগুটি আয়।
(ঙ) শুদ্ধ জাতীয় উৎপাদন = মুঠ জাতীয় উৎপাদন- —– ।
উত্তৰ: মূলধনৰ ক্ষয়-ক্ষতি।
১৯। শুদ্ধনে অশুদ্ধ লিখাঃ
(ক) এটা ব্যবসায় প্রতিষ্ঠানৰ সংযোজিত মূল্য হ’ল এটা প্রবাহ চলক।
উত্তৰ: শুদ্ধ।
(খ) সম্পদ তালিকা হ’ল এক মজুত চলক, কিন্তু সম্পদ তালিকাৰ পৰিবৰ্তন হ’ল এক প্রবাহ চলক।
উত্তৰ: শুদ্ধ।
(গ) সম্পদ তালিকাক মূলধন হিচাপে ধৰা হয়।
উত্তৰ: শুদ্ধ।
২০। কি অৱস্থাত এখন দেশৰ GDP, GNP ৰ সমান হ’ব পাৰে? H. S. ’19
উত্তৰ : এখন দেশৰ GDP, GNP সমান হয় যেতিয়া বিদেশৰ পৰা পোৱা উপাদানৰ নিগুট আয় শূন্য হয়।
২১। আয়ৰ চক্ৰীয় প্রবাহ উদ্ভৱ হোৱা যিকোনো দুটা সুৰুঙাৰ বিষয়ে উল্লেখ কৰা। H. S. ’19
উত্তৰ: আয়ৰ চক্ৰীয় প্রবাহ প্রক্রিয়াটো ব্যাখ্যা কৰিবলৈ কেইটামান অভিধাৰণা গ্ৰহণ কৰা হৈছে। যদি এই অভিধাৰণাসমূহ উঠাই লোৱা হয়, তেতিয়া এই প্রক্রিয়াটো ব্যাখ্যা কৰিবলৈ অসুবিধা হয়। ইয়াৰ দুটা সুৰুঙা হৈছে-
(ক) আয়ৰ পৰা সঞ্চয় হোৱা নাই।
(খ) আন্তর্জাতিক বাণিজ্য সম্পাদিত হোৱা নাই।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক ২)
১। নিগুট সংযোজিত মূল্য কি?
উত্তৰ: মুঠ বা স্থূল মূল্য সংযোজনৰ পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ বাদ দিলে যি মূল্য পোৱা যায়, তাকে ‘নিগুট সংযোজিত মূল্য’ বোলে।
২। পূর্ববর্তী দ্রব্য কি?
উত্তৰ: উৎপাদন প্রতিষ্ঠান এখনে এটা বছৰৰ পৰা আন এটা বছৰলৈ কঢ়িয়াই নিয়া বিক্রী নোহোৱা সম্পূর্ণ বা অসম্পূর্ণ দ্রব্য বা কেঁচামালৰ মজুতক ‘পূর্ববর্তী দ্রব্য’ বোলে।
৩। GDP গণনাত মধ্যবর্তী দ্ৰব্যৰ মূল্য অন্তর্ভূক্ত কৰা নহয় কিয়?
উত্তৰ: GDP গণনাত অন্তিম ব্যৱহাৰৰ সামগ্ৰীবোৰৰ মূল্য নিৰূপণ কৰোঁতে মধ্যবর্তী সামগ্ৰীবোৰৰ মূল্য অন্তর্ভুক্ত কৰা হয়। অর্থাৎ অন্তিম ব্যবহাৰ সামগ্ৰীৰ মূল্যত মধ্যবর্তী দ্রব্যৰ মূল্যও সোমাই থাকে। গতিকে মধ্যবর্তী দ্রব্যৰ মূল্য বেলেগকৈ অন্তর্ভুক্ত নহয়।
8। (I-A)+9G-T)=M-X এই সমীকৰণটোৰ M-X অংশটোরে কি বুজাইছে?
উত্তৰ: M-X ক বাণিজ্যিক ঘাটি বুজোৱা হয়। M হ’ল দেশৰ পৰা হোৱা বহিঃপ্রবাহ আৰু X হ’ল দেশলৈ অহা আন্তঃপ্রবাহ। ইয়াৰ সহায়ত ৰপ্তানি আয়ৰ তুলনাত অর্থনীতিখনে কিমান অধিক পৰিমাণৰ আমদানি ব্যয় বহন কৰিব লাগে সেইটো গণনা কৰা হয়।
৫। তলৰ সমীকৰণটোৰ কোনটো অংশই ঘাটি বাজেট সূচায়? (I-S)+(G-T)=M-X
উত্তৰ : সমীকৰণটোৰ (G-T) ৰ সহায়ত চৰকাৰে লাভ কৰা ৰাজহৰ তুলনাত চৰকাৰী ব্যয়ৰ পৰিমাণ কিমান বেছি সেইটো গণনা কৰা হয়। ইয়াক ঘাটি বাজেট বোলে।
৬। GDP সংকোচক কি?
৭। মুঠ বিনিয়োগ আৰু নিগুট বিনিয়োগৰ মাজত পাৰ্থক্য কি? লিখা। H. S. ’15
উত্তৰ: যেতিয়া মূলধন সামগ্ৰীৰ অন্তিম ব্যৱহাৰৰ উপযোগী অংশ বিনিয়োগ কার্যত ব্যৱহাৰ কৰা হয়, তেতিয়া সেই বিনিয়োগক ‘সর্বমুঠ বিনিয়োগ’ বুলি কোৱা হয়। যন্ত্রপাতি, বাস্তা-ঘাট, পদুলি, দলং, বন্দৰ, ভঁৰাল ঘৰ আদি সৰ্বমুঠ বিনিয়োগৰ অন্তৰ্ভূক্ত। কিন্তু সর্বমুঠ বিনিয়োগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আছুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণ বিয়োগ কৰিলে আমি ‘নিগুট বিনিয়োগ’ পাওঁ।
৮। সবল অর্থনীতিত আয়ৰ চক্ৰীয় প্রৱাহৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰ : এখন সবল অর্থনীতিত উৎপাদনৰ উপাদানসমূহে উৎপাদন প্রক্রিয়াত পালন কৰা দায়িত্বৰ বাবে প্রতিষ্ঠানৰ পৰা আয় অর্জন কৰে আৰু এই সমুদায় আয় উৎপাদন কৰা দ্রব্য আৰু সেবাসমূহ ক্রয় কৰাত ব্যয় কৰে। উৎপাদনৰ উপাদানসমূহৰ কোনো সঞ্চয় নাথাকে। অর্থনীতিখনৰ পৰিয়াল গোটসমূহে কৰা মুঠ উপভোগৰ ব্যয়ৰ পৰিমাণ প্রতিষ্ঠানসমূহে দ্রব্য আৰু সেৱাসমূহ উৎপাদন কৰোতে হোৱা মুঠ ব্যয়ৰ সমান হয়। বছৰৰ পিছত বছৰ ধৰি অৰ্থনীতি এখনৰ মুঠ আয়, উৎপাদন প্রতিষ্ঠানসমূহ আৰু পৰিয়ালৰ গোটসমূহ দুই খণ্ডৰ মাজেৰে চক্রীয়ভাবে প্রবাহিত হৈ থাকে।
৯। ভোগ্য সামগ্রী কাক বোলে? H. S. ’18
উত্তৰ : যিবোৰ সামগ্ৰী আৰু সেৱাকাৰ্য এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ সেইখিনি দ্রব্য আৰু সেৱাকার্য ব্যৱহাৰ কৰিব নোৱাৰি, সেইবোৰ সামগ্রীকে ‘ভোগ্য সামগ্রী’ বুলি কোৱা হয়।
১০। স্বতন্ত্র ভোগ ব্যয় মানে কি? H. S. ’18
উত্তৰ: ভোক্তা এজনে তেওঁৰ হাতত ব্যক্তিগত ব্যয়যোগ্য আয় নথকা অৱস্থাতো জীৱন নিৰ্বাহৰ বাবে প্রয়োজনীয় কিছুমান অত্যাৱশ্যকীয় সেৱা সামগ্রী ভোগ কৰিবৰ বাবে খৰচ কৰিবলগা হয়। এনে ভোগত কৰা খৰচেই ‘স্বতন্ত্র ভোগ ব্যয়’।
১১। অরক্ষনন কি? H. S. ’15
নাইবা
ৰাষ্ট্ৰীয় আয় গণনাৰ প্ৰসংগত অবক্ষয়ৰ ধাৰণাটোব্যাখ্যা কৰা। H. S. ’15, ’17
উত্তৰ : বাৰে বাৰে উৎপাদন কার্যত ব্যৱহাৰৰ ফলত মূলধনী সামগ্ৰীসমূহৰ ক্ষমতাৰ হৰণ-ভগন হয় যাৰ বাবে মেৰামতিৰ প্রয়োজন হয়। এই মেৰামতিৰ বাবে প্রয়োজন হোৱা অথবা পুৰণি সামগ্ৰীসমূহৰ ঠাইত নতুনকৈ ক্ৰয় কৰাৰ বাবে হোৱা ব্যয়কে ‘হৰণ-ভগন ব্যয়’ বা ‘অৱক্ষনন’ বুলি কোৱা হয়। এনে অৱস্থাত পুৰণি যন্ত্ৰটো আঁতৰাই নতুন যন্ত্র এটা উৎপাদন কার্যত ব্যৱহাৰ নকৰিলে উৎপাদনৰ পৰিমাণ হ্রাস পাব। এই ক্ষয়-ক্ষতিৰ পৰিমাণ পূৰণ কৰিবলৈ ক্ষয়-ক্ষতিৰ বানচ হিচাপত ধৰা হয়। এই ক্ষয়-ক্ষতিৰ পৰিমাণ জাতীয় আয় গণনাৰ সময়ত বিয়োগ কৰা হয়।
১২। বিনিয়োগ সামগ্ৰীৰ সংজ্ঞা দিয়া। H. S. ’18
উত্তৰ যিবিলাক চূড়ান্ত দ্রব্য উৎপাদন প্রক্রিয়াত ব্যৱহাৰ কৰি অন্য দ্রব্য উৎপাদন কৰিব পৰা যায়, তেনে দ্রব্যকে ‘বিনিয়োগ সামগ্রী’ বা ‘মূলধনী সামগ্রী’ বুলি কোৱা হয়।
১৩। জাতীয় আয় কি? H. S. ’16
উত্তৰ : এক নির্দিষ্ট বিত্তীয় বছৰত এখন দেশত উৎপাদিত হোৱা সৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্রাগত মূল্যই দেশখনৰ ‘জাতীয় আয়’।
১৪। বিনিয়োগ কি? H. S. ’15
উত্তৰ: এক নির্দিষ্ট সময়ত কিছুমান স্থিৰ মূলধনজাত সামগ্রী যেনে যন্ত্রপাতি, কল-কাৰখানা, দলং ঘাট-পথ আদিৰ বৃদ্ধি হোৱা অৱস্থা যিবোৰৰ দ্বাৰা উৎপাদন বৃদ্ধি পায় আৰু নতুন নিয়োগৰ সৃষ্টি হয় তাকে ‘বিনিয়োগ’ বোলে।
১৫। GDP সংকোচক কি? H. S. ’18
উত্তৰ : সাধাৰণ আৰু প্ৰকৃত GDP ৰ অনুপাতেই হ’ল GDP ব সংকোচক।
১৬। সবল অর্থনীতিত আয়ৰ চক্ৰীয় প্রবাহৰ ধাৰণাটো ব্যাখ্যা কৰা। H. S. ’18
উত্তৰ: এটা সবল অর্থনীতিত উৎপাদনৰ আহিলাসমূহে উৎপাদন প্রক্রিয়াত নিজ নিজ ভূমিকা পালন কৰাৰ বাবে প্ৰতিষ্ঠানৰ পৰা আয় অর্জন কৰে আৰু এই সমুদায় আয় উৎপদন কৰা দ্রব্য আৰু সেৱাসমূহ ক্রয় কৰাত ব্যয় কৰে। উৎপাদনৰ উপাদানসমূহৰ কোনো সঞ্চয় নাথাকে। অর্থনীতিত গৃহস্থী গোটসমূহে কৰা মুঠ উপভোগৰ ব্যয়ৰ পৰিমাণ প্রতিষ্ঠানসমূহে দ্রব্য আৰু সেৱাসমূহ উৎপাদন কৰোতে হোৱা মুঠ ব্যয়ৰ সমান। বছৰৰ পিছত বছৰ ধৰি অৰ্থনীতি এটাৰ মুঠ আয় উৎপাদন প্রতিষ্ঠানসমূহ আৰু পৰিয়ালৰ গোটসমূহ এই দুই খণ্ডৰ মাজেৰে চক্রীয়ভাবে প্রবাহিত হয়।
১৭। ধৰা বজাৰ দৰগ নিগুট উৎপাদন (NNP) এখনদেশৰ 1600 কৌটি টকা। যদি পৰোক্ষ কৰ 100 কোটি টকা সাহার্য ৪০ কোটি টকা হয়, দেশখনৰ জাতীয় আয়ৰ পৰিমাণ নিৰ্ণয় কৰা। H. S. ’16
১৮। জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা? H. S. ’16
উত্তৰ: জাতীয় আয় গণনাৰ সময়ত যেতিয়া কেতবোৰ মধ্যবর্তী সামগ্রী হিচাপত দুবাৰ বা ততোধিকবাৰ ধৰা হয়, তাকে দ্বৈত গণনা বুলি কোৱা হয়। উদাহৰণস্বৰূপে এখন ৰেচমী কাপোৰৰ মূল্য এশ টকা। এই এশ টকাৰ এটা অংশ হ’ব কাপোৰটো উৎপাদন কৰোতে ব্যৱহাৰ কৰা ৰেচমী সুতাৰ দাম। এনে ক্ষেত্রত কাপোৰটেৰ দাম আৰু সেই কাপোৰখন তৈয়াৰ কৰোতে ব্যৱহাৰ হোৱা ৰেচমী সূতাৰ দাম বেলেগে বেলেগে লৈ দুয়োটাৰ দামৰ যোগফল ল’লে বেচমী সুতাৰ দাম হিচাপত দুবাৰ ধৰা বুজাব।
এইদৰে একাধিকবাৰ গণনা কৰাৰ ফলত যি পৰিমাণৰ জাতীয় আয় পোৱা যায় সেই পৰিমাণটো প্রকৃততে উৎপাদন হোৱা সামগ্ৰীটোৰ মুঠ মূল্যতকৈ অধিক হ’ব। সেয়ে দ্বৈত হিচাপৰ ফলত মুঠ ঘৰুৱা উৎপাদন শুদ্ধকৈ পাব নোৱাৰি। গতিকে বিশুদ্ধ জাতীয় আয় পোৱাৰ ক্ষেত্ৰত দ্বৈত গণনা এক সমস্যা হিচাপে দেখা দিয়ে।
গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ৪)
১। মূল্য সংযোজন, মুঠ মূল্য সংযোজন আৰু নিগুট মূল্য সংযোজনৰ ধাৰণা ব্যাখ্যা কৰা।
উত্তৰ: এটা প্রতিষ্ঠানৰ উৎপাদনৰ মূল্যৰ পৰা উৎপাদন প্রতিষ্ঠানে ব্যৱহাৰ কৰা মধ্যবর্তী দ্রব্যৰ মূল্য বিয়োগ কৰিলে মূল্য সংযোজন পোৱা যায়। এনেদৰে পোৱা মূল্য সংযোজনখিনি খাজনা, মূলধনৰ গৰাকী, শ্রমিক আৰু সংগঠকৰ মাজত বিতৰণ কৰা হয়। মূল্য সংযোজনৰ লগত ক্ষয়-ক্ষতিৰ মূল্য অন্তর্ভুক্ত কৰিলে মুঠ মূল্য সংযোজন পোৱা যায়। আনহাতে ক্ষয়-ক্ষতিৰ মূল্য মুঠ সংযোজিত মূল্যৰ পৰা বাদ দিলে যি মূল্য সংযোজন পোৱা যায় তাক নিগুট মূল্য সংযোজন বোলা হয়।
২। এটা প্রতিষ্ঠানে প্রতি বছৰে ৫০০ টকা মূল্যৰ দ্রব্য উৎপাদন কৰে। উৎপাদন কার্যত ব্যৱহাৰ কৰা মধ্যবর্তী দ্রব্যৰ মূল্য হ’ল ২৫০ টকা। প্রতিষ্ঠাপন ব্যয় বা অবক্ষয় আছিল ২০ টকা। স্থূল মূল্য সংযোজন নিগুট মূল্য সংযোজন উলিওৱা।
৩। উৎপাদন মূল্যত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন কি?
উত্তৰ: দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আগবঢ়োৱা অৱদানৰ বাবে উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা খাজনা, মজুৰি, সুদ আৰু লাভৰ সমষ্টি অর্থাৎ এখন দেশত এবছৰত উৎপাদন কার্যত যি ব্যয় কৰা হয়, সেয়ে হৈছে উপাদান দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন। ইয়াক এনেদৰে ব্যাখ্যা কৰিব পাৰিঃ জাতীয় আয় বেতন, মজুৰি আৰু পৰিপুৰক উপাৰ্জন নিগম, অনিগম আৰু চৰকাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ মুনাফা সকলো প্ৰকাৰৰ খাজনা সকলো প্ৰকাৰৰ সুদ বিদেশৰ পৰা হোৱা উপাদানৰ পৰিশোধ। হস্তান্তৰিত পৰিশোধ।
৪। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি?
উত্তৰ : ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হ’ল বজাৰ মূল্যত নিণ্ডট জাতীয় আয় বিশ্বৰ অন্যান্য প্রান্তৰ পৰা প্রবাহিত হোৱা হস্তান্তৰযোগ্য আয়। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ৰ ধাৰণাটোৱে অর্থনীতি এখনৰ সৰ্বোচ্চ পৰিমাণৰ ব্যৱহাৰযোগ্য দ্রব্য আৰু সেৱাৰ পৰিমাণৰ বিষয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় আয়ৰ দুটা ধাৰণা আছে। যেনেঃ
(ক) স্কুল জাতীয় ব্যয়যোগ্য আয় আৰু
(খ) নিশুট ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়।
৫। মুঠ ঘৰুৱা উৎপাদনৰ পৰা কেনেদৰে মুঠ জাতীয় উৎপাদন পাব পাৰি?
উত্তৰ : এটা বিত্তীয় বছৰত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰ উপযোগী সামগ্ৰী আৰু সেৱা কাৰ্যৰ বজাৰ মূল্যই হ’ল মুঠ ঘৰুৱা উৎপাদন। আনহাতে সর্বমুঠ জাতীয় উৎপাদন হ’ল সৰ্বমুঠ ঘৰুৱা উৎপাদন+ বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ। গতিকে সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা লাভকৰা শুদ্ধ আয়ৰ পৰিমাণ যোগ দিলে মুঠ জাতীয় উৎপাদন পোৱা যায়।
৬। উপভোগ্য দ্রব্য আৰু মূলধনী দ্রব্যৰ মাজত পাৰ্থক্য নিৰূপণ কৰা। H. S. ’15
উত্তৰ: উপভোগ্য দ্রব্য আৰু মূলধনী দ্রব্যৰ মাজৰ পাৰ্থক্য হ’ল:
(ক) উপভোক্তাই অভাৱ দূৰ কৰিবৰ কাৰণে যিবিলাক সামগ্রী ক্রয় কৰে, সেইবোৰ সামগ্রীকে উপভোগ্য সামগ্রী বুলি কোৱা হয়।
আনহাতে, যিবোৰ সামগ্রী উৎপাদন কার্যত ব্যৱহাৰ কৰা হয়, তেনে সামগ্রীকে মূলধনী সামগ্রী বুলি কোৱা হয়।
(খ) উপভোগ্য সামগ্রীসমূহৰ কোনো স্থায়ীত্ব নাই। আনহাতে মূলধনী সামগ্রীসমূহ উৎপাদন কার্যত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি। এনে সামগ্ৰীৰ স্থায়ীত্ব আছে।
৭। জাতীয় আয়ৰ প্ৰসঙ্গত মজুত আৰু প্ৰবাহৰ পাৰ্থক্য লিখা।
উত্তৰ: উৎপাদন প্রতিক্ৰয়াত ব্যৱহাৰ হোৱা এনে কিছুমান উপাদান আছে যি সামগ্রীকভাবে সকলো সময়তে উৎপাদন প্রক্রিয়াত জড়িত হৈ থাকে। প্রয়োজন হোৱা মাত্রকে তেনে উপাদানক ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰি। জাতীয় আয়ৰ প্ৰসঙ্গত তেনে সামগ্রীকে মজুত বুলিব পাৰি। উদাহৰণস্বৰূপে, উৎপাদন কার্যত নিয়োজিত হৈ থকা যন্ত্র-পাতিৰ পৰিমাণ, আচবাব আদি কোনো নির্দিষ্ট সময়ৰ বাবে ব্যৱহাৰ নকৰি যিকোনো সময়তে প্রয়োজন অনুসৰি ব্যৱহাৰ কৰা হয়। আনহাতে এনে কিছুমান উপাদান আছে যিবোৰৰ এক নির্দিষ্ট সময়ৰ বাবে ব্যৱহাৰ কৰা হয়।
৮। উপভোক্তাৰ দৰ সূচাংক আৰু পাইকাৰী দৰ সূচাংকৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ: উপভোক্তাৰ দৰ সূচাংক আৰু পাইকাৰী দৰ সূচাংকৰ মাজৰ পাৰ্থক্য হ’ল:
(ক) উপভোক্তাৰ দৰ সূচাংক সামগ্ৰীৰ খুচুৰা দৰৰ ভিত্তিত সংগ্ৰহ কৰা হয়।
কিন্তু পাইকাৰী দৰ সূচাংক গঠন কৰিবলৈ সামগ্ৰীৰ পাইকাৰী দৰ সংগ্ৰহ কৰা হয়।
(গ) কেনো এক শ্ৰেণীৰ জীৱন নিৰ্বাহৰ মানদণ্ড জুখিবলৈ উপভোক্তাৰ দৰ সূচক ব্যৱহাৰ কৰা হয়। আনহাতে, দেশৰ মুদ্রা মূল্য নিৰূপণৰ বাবে পাইকাৰী দৰ সূচক ব্যৱহাৰ কৰা হয়।
(খ) দৈনন্দিন জীৱনত পাইকাৰী দৰ সূচকতকৈ উপভোক্তাৰ দৰ সূচাংকৰ গুৰুত্ব অধিক।
৯। মুঠ ঘৰুৱা উৎপাদন গণনাৰ আয় পদ্ধতিটো ব্যাখ্যা কৰা। H. S. ’15, ’17
উত্তৰ: মুঠ ঘৰুৱা উৎপাদন গণনাৰ আয় পদ্ধতি মতে উৎপাদনৰ উপাদানসমূহৰ আয়ৰ পৰিমাণ যোগ কৰা হয়। উৎপাদনৰ উপাদানবোৰ হ’ল – ভূমি, শ্রম, মূলধন আৰু সংগঠক। এই উপাদানকেইটা যথাক্রমে খাজনা, মজুৰি, সুদ আৰু লাভ হিচাপে আয় কৰে। গতিকে GDP = খাজনা + মাজুৰি + সুদ + লাভ। ধৰা হ’ল যে এখন দেশত মুঠ পৰিয়ালৰ সংখ্যা M আৰু Ri, Wi, Ini আৰু Pi হ’ল i পৰিয়ালৰ হাতলৈ অহা খাজনা (Rj)। মজুৰি (wi), সুদ আৰু লাভৰ পৰিমাণ (Pi)। গতিকে সৰ্বমুঠ ঘৰুৱা উৎপাদন হ’ব।
১০। তলত দিয়া তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় নির্ণয় কৰা। H. S. ’15
(ক) কাৰক 9000
(খ) বিদেশ পৰা সৰ্বমুঠ কাৰক আয় 150
(গ) বিতৰণ নোহোৱা লাভ 500
(ঘ) কৰ্প’ৰেটৰ কৰ 600
(ঙ) পৰিয়ালে গ্রহণ কৰা সুদ 1200
(চ) পৰিয়ালে পৰিশোধ কৰা সুদ 1000
(ছ) হস্তান্তৰ আয় 400
(জ) ব্যক্তিগত কৰ 600
ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
১। উৎপাদনৰ উপাদান চাৰিটাৰ নাম লিখি বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: উৎপাদনৰ উপাদান চাৰিটা হ’ল: ভূমি, শ্রম, মূলধন আৰু সংগঠন।
উক্ত উপাদানসমূহৰ কিছুমান বৈশিষ্ট্য আছে, যেনেঃ
(১) ভূমি: ভূমি হ’ল প্ৰকৃতিৰ মুক্ত অৱদান। ইয়াৰ যোগানৰ হ্ৰাস বা বৃদ্ধি কৰিব পৰা নাযায়। ঠাই বিশেষে ভূমিৰ গুণাগুণৰ পাৰ্থক্য দেখা যায়। ইয়াৰ ভৌগোলিক গতিশীলতা নাই। উৎপাদন কার্যত ব্যৱহাৰ কৰা বাবে ই খাজনা লাভ কৰে।
(২) শ্রম: উৎপাদনৰ এক গুৰুত্বপূর্ণ উপাদান হ’ল শ্রম। শ্রম সাঁচি ৰাখিব নোৱাৰি। শ্রমিকৰ দৰ-দাম কৰাৰ সুবিধা কম। কামৰ পৰিৱেশ, সময়, অৱসৰ-বিনোদন আদিয়ে শ্রমৰ ওপৰত প্রভাৱ পেলায়। শ্রমিকে শ্ৰমৰ বিনিময়ত মজুৰি লাভ কৰে।
(৩) মূলধন: মূলধন হৈছে মানবসৃষ্ট উপাদান। ইয়াক হ্রাস-বৃদ্ধি কৰিব পাৰি। সকলো মূলধনেই সম্পদ আৰু উৎপাদনমূলক। মূলধনক সঞ্চয় কৰাৰ উপৰিও ইয়াৰ দ্বাৰা উৎপাদন কার্যত অধিক উৎপাদন বৃদ্ধিৰ বাবে নিয়োগ কৰিব পৰা যায়। উৎপাদন কার্যত অংশ গ্রহণ কৰাৰ বাবে মূলধনে সুদ লাভ কৰে।
(৪) সংগঠক: উৎপাদন কার্যত ব্যৱহাৰ হোৱা আন এক অতি গুৰুত্বপূর্ণ উপাদান হ’ল সংগঠক। ইয়াৰ দ্বাৰা উৎপাদনৰ সকলো কার্য নিয়ন্ত্রণ কৰা হয়। সংগঠকে অনিশ্চয়তা লাভ কৰে আৰু ব্যৱাসায়ৰ লাভাংশ অর্জন কৰে।
২। এখন সৰল অৰ্থনীতিৰ পৰিয়াল আৰু উদ্যোগ প্রতিষ্ঠানৰ ক্ষেত্ৰত আয়ৰ চক্রবৎ প্রবাহৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰ: অর্থনীতিৰ দুটা খণ্ড – পৰিয়াল আৰু প্রতিষ্ঠান থাকিলে উদ্যোগ প্রতিষ্ঠানসমূহে দ্রব্য উৎপাদন কৰে। দ্রব্য উৎপাদনত ঘৰুৱা খণ্ডৰ উপাদান যেনে ভূমি, শ্রম, মূলধন, সংগঠক আদিক ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবদ উপাদানসমূহে পাৰিশ্রমিক লাভ কৰে। এইবোৰে সেই পাবিশ্রমিক দ্রব্য-সামগ্রী ক্রয় কৰোতে ব্যয় কৰে। গতিকে উৎপাদনৰ উপাদানসমূহে পাৰিশ্ৰমিক হিচাপে লাভ কৰা আয়, বস্তু আৰু সেৱাৰ মূল্য পুনৰ উৎপাদন প্রতিষ্ঠানসমূহলৈ ঘুৰি যায়। প্রতিষ্ঠানসমূহে এনেভাবে দ্রব্য সামগ্রী আৰু সেৱা বিক্ৰী কৰি পোৱা ধন পুনৰ সেৱা মূল্য হিচাপে প্রদান কৰে। গতিকে জাতীয় আয় চক্রাকাৰ গতিৰে উদ্যোগ প্রতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘুৰি থাকে। ইয়াকে ‘জাতীয় আয়ৰ চক্রবৎ প্রবাহ’ বুলি কোৱা হয়। যিহেতুকে দ্রব্য সামগ্রী আৰু সেৱাৰ মূল্য নির্দেশ কৰা একে পৰিমাণ মুদ্রাই চক্রাকাৰে ঘুৰি থাকে, গতিকে এটা বছৰত উৎপাদিত দ্রব্য সামগ্ৰীৰ মুঠ মূল্য তিনি ধৰণে জুখিব পাৰি। যেনেঃ
(ক) মুঠ ব্যয় নির্ণয়বে।
(খ) সকলোবোৰ উৎপাদন প্রতিষ্ঠানে উৎপাদন কৰা দ্রব্য আৰু সেৱাৰ মুঠ মূল্য নির্ণয় কৰি।
(গ) উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা মুঠ আয় নির্ণয়েৰে।
৩। – GDP ক এখন দেশৰ কল্যাণৰ এক সূচকৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণ কি? H. S. ’18
উত্তৰ: GDP ক এখন দেশৰ কল্যাণৰ সূচক ৰূপে গণ্য কৰিব নোৱাৰি। ইয়াৰ কাৰণ-
(ক) GDP যদি সীমিত সংখ্যক ব্যক্তি বা প্রতিষ্ঠানৰ হাতত কেন্দ্রীভূত হৈ থাকে, তেন্তে সমাজৰ বাকী মানুহৰ আয়ৰ পৰিমাণ হ্রাস পাব পাৰে। এনে ক্ষেত্রত দেশত কল্যাণৰ হাৰ বৃদ্ধি পোৱা বুলি ক’ব নোৱাৰি।
(খ) অর্থনীতিত এনে বহু কার্যপ্রণালী আছে যিবোৰ মুদ্রা ৰূপত পৰিমাপ কৰা নহয়। গতিকে GDP গণনাৰ পৰা দেশখনৰ প্ৰকৃত কল্যাণৰ হিচাপ পাব নোৱাৰি।
(গ) এজন ব্যক্তি বা উৎপাদনৰ উপাদান এটাই প্রতিষ্ঠানৰ কাৰ্যকলাপত বা উৎপাদনত প্রভাৱ পেলোৱাটোক বাহ্যিকতা বুলি কোৱা হয়। উদাহৰণেস্বৰূপে কল-কাৰখানাৰ পৰা ওলোৱা বাহ্য পদার্থ, যেনে- ধোঁৱাই পৰিৱেশে নষ্ট কৰে। কিন্তু সুন্দৰ বাগিছা এটাই মনত আনন্দ বা সন্তুষ্টি দিব পাৰে। এনে বাহ্যিকতা GDP ৰ হিচাপত ধৰা নহয়। সেয়ে GDP দেশ এখনৰ কল্যাণৰ সূচক হিচাপে ধৰিব নোৱাৰি।