Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী Class 12 Advance Assamese Chapter 5 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী Class 12 Advance Assamese Chapter 5 Solutions
কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী – জ্যোতিপ্ৰসাদ আগৰৱালা
কবি পৰিচয়ঃজোতিপ্ৰসাদ আগৰৱালা (১৯০৩- ১৯৫১) হৈছে অসমৰ এজন প্রখ্যাত সংজ্ঞীতজ্ঞ, কবি, বোলছবি পৰিচালক, নাট্যকাৰ আৰু স্বাধীনতা বিপ্লবী।
জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্ম হয় ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেওঁ অসমতে হাইস্কুলীয়া শিক্ষা শেষ কৰি ১৯২৬ চনত ইংলণ্ডলৈ যায় যদিও কেনো ডিগ্রী নোলোৱাকৈ উভতি আহে। তাৰ পিছত তেওঁ জার্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্রযোজনা বিষয়ত প্রশিক্ষণ লয়। তেওঁ অসমলৈ উভতি আহি ১৯৩৫ চনত অসমৰ প্ৰথম বোলছবি ‘জয়মতী’ নির্মাণ কৰে। ১৯৪২ চনত গণ আন্দোলনত যোগদান কৰে আৰু মৃত্যু বাহিনীৰ অধিনায়ক হৈ বহুদিন আত্মগোপন কৰিবলগীয়াত পৰে। ১৯৩৯ চনত তেওঁ অসমীয়া ভাষাৰ দ্বিতীয় বোলছবি ‘ইন্দ্রমালতী’ নির্মাণ কৰে। তেওঁ অসমীয়া সংগীত জগতলৈ বহুতো সুন্দৰ সুন্দৰ গীতি কবিতা উপহাৰ দি গৈছে। তেওঁৰ গীতি কবিতাবোৰৰ মাজেদি স্বদেশপ্রেম, প্রকৃতিপ্রেম আৰু বিপ্লবী সুৰ প্ৰকাশ পাইছে। তেওঁ ৰচনা কৰা নাটকবোৰ হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। তেওঁৰ সাহিত্য কৰ্মৰ মাজেদি সুন্দৰৰ সাধনা কৰা বাবে অসমীয়া সাহিত্য-সংস্কৃতি জগতত তেওঁক ‘রূপকোঁৱৰ’ বুলি অভিহিত কৰা হৈছে।
তেওঁ ব্যস্ততাপূর্ণ জীৱনৰ মাজেদি অসমীয়া সাংস্কৃতিক জগতলৈ বহু অবদান আগবঢ়াই ১৯৫১ চনত দুৰাৰোগ্য ব্যাধিত আক্রান্ত হৈ ইহলীলা সম্বৰণ কৰে।
কঠিন শব্দৰ অৰ্থঃ
তুষাৰ: বৰফ। অভ্রভেদী: আকাশলঙ্ঘা। শৈলজা: পর্বতত জন্ম হোৱা, পার্বতী। পয়োধৰা: মেঘ, ডাবৰ, স্তন। পিযুষঃ মধু, মৌ। সলিলা: নদী। সুৰধনী: কলকল শব্দৰে প্রবাহিত নদীৰ জলধাৰা। অম্বনৃ: সম্পূর্ণ দেহ জুৰি। ৰঞ্জনঃ ৰঙ লগোৱা কার্য। দ্যুতি: উজ্জ্বলতা। কিন্নৰী: স্বৰ্গত নৃত্য কৰা অপ্সৰী। আলোক-বোধন: পোহৰক আহ্বান জনোৱা। কুটজ: গিৰিমল্লিকা ফুল আৰু তাৰ গছ। কুসুম: ফুল। সমিৰণছন্দা: মৃদু বতাহ। শৈলবালাঃ পর্বত কন্যা, পার্বতী। কস্তুৰীগন্ধাঃ মৃগনাভি, গান্ধকলাই। মানপীঃ মানৱতা, মানুহৰ গুণ।
পাঠভিত্তিক প্রশ্ন-উত্তৰ:
১। মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজঙ্ঘাত কিয় আৰোপ কৰা হৈছে?
নাইবা
‘মই কাঞ্চনজঙ্ঘা তুষাৰ শুভ্ৰ শিৰ ময়ে অভ্রভেদী বীৰ।’
-ইয়াত কাঞ্চনজঙ্ঘাত কাৰ গুণ আৰোপ কৰা হৈছে আৰু কিয় আৰোপ কৰা হৈছে? H. S. ’16
উত্তৰ: ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ প্ৰথম স্তৱকত কবিয়ে কাঞ্চনজঙ্ঘাৰ ওপৰত মহাদেব (শিব)ৰ গুণ আৰোপ কৰিছে। ইয়াৰ কাৰণ-
মহাদেৱ ভাৰতবৰ্ষৰ, বিশেষকৈ হিন্দুসকলৰ, এজন চিৰ উপাস্য দেবতা। দেৱতাসকলৰ ভিতৰত তেওঁৰ স্থান অতি উচ্চ। তেওঁ জন্মলগ্নৰে পৰা হিমালয় আৰু পবিত্র গংগা নদীৰ লগত জড়িত। জটাধাৰী বাঘৰ ছাল পৰিহিত মহাদেৱৰ দেহৰ সৌন্দৰ্যও অতি মনোৰম। মহাদেৱে গংগা নদীক নিজৰ জটাধাৰী মূৰত ধাৰণ কৰিছিল।
আনহাতে কাঞ্চনজঙ্ঘা হৈছে ভাৰতৰ এক অন্যতম সু উচ্চ পর্বত। ই হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত। গোটেই বছৰ ইয়াৰ শিখৰ শুভ্ৰ বৰফে ঢাক খাই থাকে। ইয়াৰ শিখৰৰ পৰা বৰফ গলি গলি বহুতো নদ-নদী, জান-জুৰিৰ সৃষ্টি হৈছে। ভাৰতবৰ্ষত হিন্দুসকলৰ বাবে যেনেদৰে মহাদেৱৰ উচ্চ স্থান ঠিক তেনেকৈ পৰ্বতশৃঙ্গৰ ভিতৰত ভাৰতীয়সকলৰ বাবে কাঞ্চনজঙ্ঘাৰো সেই একে উচ্চ স্থান। গতিকে কবিয়ে কাঞ্চনজঙ্ঘাৰ ওপৰত মহাদেৱৰ গুণ আৰোপ কৰিছে।
২। কাঞ্চনজঙ্ঘাক ভাৰতৰ অতীত বৰ্তমানৰ সাক্ষী কিয় কৰা হৈছে?
উত্তৰঃ কাঞ্চনজঙ্ঘা হৈছে ভাৰতৰ উত্তৰ দিশত সগৌৰৱে থিয় হৈ থকা হিমালয় পর্বতশ্রেণীৰ এটি অন্যতম সুউচ্চ শৃঙ্গ। ই অতীতৰ কোনোবা এটি যুগত সৃষ্টি হৈ বর্তমানেলৈক গৌৰৱ ধ্বজা উৰুৱাই থিয় হৈ আছে। ইয়াৰ নামনিতে থকা ভাৰতবৰ্ষৰ প্রতিটো ঘটনা চক্ৰ ইয়াৰ চকুৰ আগতে ঘটি আছে। যুগে যুগে বহুতো ৰাজবংশ, ৰজা-মহাৰজাৰ উত্থান পতনৰো ই সাক্ষী হৈ আছে। মঞ্চত যেনেকৈ মানুহে অলপ সময়ৰ বাবে ভাও দি গুচি যায় ঠিক তেনেদৰে ভাৰতবৰ্ষ নামৰ বিশাল ভূ মঞ্চখনত বহুতে বিভিন্ন ভাও দি দি গুচি গৈছে। এইখন ভাৰতবৰ্ষত যেন হাঁহি আৰু কান্দোনৰ নতুন নতুন খেলাবে নতুন নতুন অভিনয় হয়। মানুহৰ সকলো সুকীর্তি আৰু কুকীৰ্তিৰ সাক্ষী হৈ ৰয় এই সুউচ্চ সুপ্রাচীন কাঞ্চনজঙ্ঘা।
সেয়ে কবিয়ে কাঞ্চনজঙ্ঘাক ভাৰতবৰ্ষৰ অতীত আৰু বৰ্তমানৰ সাক্ষী হিচাপে কল্পনা কৰিছে।
৩। ‘মানুহক প্রকৃতিৰ অভিনয় পুতলা’ বুলি কিয় কৈছে?
নাইবা
‘প্রকৃতিৰ অভিনয় মানপী পুতলা’ ইয়াত কবিয়ে মানুহক প্রকৃতিৰ অভিনয় পুতলা। বোলাৰ কাৰণ কি? H. S. ’15, ’18
উত্তৰ: কবি জ্যোতিপ্ৰসাদ আগৰৱালাই মানুহক প্রকৃতিৰ অভিনয় পুতলা বুলি কৈছে। আধ্যাত্ম-দৰ্শনত এই কথাষাৰৰ নিশ্চয় যুক্তিযুক্ততা আছে।
নাটকত সূত্ৰধাৰে যেনেদৰে পুতলা নচুৱাই কোনো কাহিনী মঞ্চস্থ কৰে ঠিক তেনেদৰে সৃষ্টিকর্তাৰ হাতত আমি একো একোটা পুতলা সদৃশ। চামে চামে মানুহৰ জন্ম হৈছে আৰু বিশ্ব নামৰ মঞ্চটোত নানান ভাও দি দি বিশ্বৰ মানৱী জনমৰ পৰা মেলানি মাগিছে। মানৱ জীৱনটো ক্ষন্তেকীয়া। ইয়াৰ কোনো স্থায়ীত্ব নাই। এই ক্ষন্তেকীয়া জীৱনত প্রকৃতিৰ নিৰ্দেশত বিভিন্ন ভাও দিবলগা হয়। সেয়ে কবিয়ে যথার্থভারেই মানুহক প্রকৃতিৰ অভিনয় আহিলা বুলি কৈছে।
৪। প্রাচীন আৰু নতুন ভাৰতৰ ছবি কবিয়ে কেনেদৰে কবিতাটিত দাঙি ধৰিছে?
উত্তৰ: ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিত কবি জ্যোতিপ্ৰসাদ আগৰৱালাই প্রাচীন আৰু নতুন ভাৰতবৰ্ষৰ ছবি অংকন কৰিছে।
প্রথমতে কবিয়ে কাঞ্চনজঙ্ঘাক ‘মই কাঞ্চনজঙ্ঘা, তুষাৰ শুভ্ৰ শিৰ’ বুলি ভাৰতবৰ্ষৰ প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ ছবি অংকন কৰিছে। কাঞ্চনজঙ্ঘাক ৰূপাত্মকভাবে মহাদেব বা শিৱ বুলি পৰিচয় দিয়াইছে। শিৱ হৈছে ভাৰতীয়সকলৰ চিৰ উপাস্য ডাঙৰ দেৱতা। শিৱৰ লগত ভাৰতৰ প্ৰাচীন ইতিহাস জড়িত হৈছে। ভগীৰথে সূৰ্যবংশ ৰক্ষাৰ বাবে গংগাক সন্তুষ্ট কৰি স্বৰ্গৰ পৰা মর্ত্যলৈ নমাই আনোতে গংগাৰ দর্পচূর্ণকাৰী মহাদেবে গংগাক জটাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। আকৌ ভগীৰথৰ অনুৰোধ ৰক্ষা কৰি সুৰধনী গংগাক বৈ যাবলৈ দিয়ে। এইদৰে ভগীৰথ, সূর্যবংশ, গংগা, শিৱ আদিৰ কাহিনী এই কবিতাটোত পৰোক্ষভাৱে বর্ণিত হৈছে।
আনহাতে কবিয়ে কবিতাটোত নতুন ভাৰতৰ ছবিও অংকন কৰিছে। সময় পাৰ হৈ যায়। সময় আগবাঢ়ি যোৱাৰ লগে লগে মানৱ সভ্যতাৰো পৰিৱৰ্তন হয়। মানুহৰ মনৰ পৰিৱৰ্তন হয়। ভাৰতৰ ক্ষেত্ৰতো ঠিক সেয়াই ঘটিছে। পুৰণিৰ স্থানত নতুন সভ্যতা, সংস্কৃতি জন্ম হ’ল। ইতিহাস এই পৰিৱৰ্তনৰ সাক্ষী। কবিৰ ভাষাত:
‘পিন্ধি পিন্ধি সভ্যতাৰ
নতুন মেখেলা,
নাচি নাচি উৰুৱায়
সোণোৱালী ধুলা।
সেই ধূলিৰেই ঢাক খায়
ধূলিতেই জহি যায়
পুৰণি ভঙ্গা।’
এনেদৰেই কবিয়ে কবিতাটিত প্রাচীন আৰু নতুন ভাৰতৰ ছবি অংকন কৰিছে।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ অতি চমু উত্তৰ দিয়া:
(ক) জ্যোতিপ্রসাদ আগৰৱালাই ক’ত জন্ম গ্রহণ কৰিছিল? H. S. ’17
উত্তৰ: ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত।
(খ) ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ ৰচক কোন?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা।
(গ) জ্যোতিপ্ৰসাদ আগৰৱালা কোন যুগৰ কবি?
উত্তৰ: ৰমন্যাস যুগৰ কবি।
(ঘ) প্রথম অসমীয়া কথাছবিৰ নিৰ্মাতা কোন?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা।
(ঙ) প্রথম অসমীয়া কথাছবিখনৰ নাম কি? ইয়াক কোনে নির্মাণ কৰিছিল? H. S. ’16
উত্তৰ: প্ৰথম অসমীয়া কথাছবিখনৰ নাম ‘জয়মতী’। ইয়াক জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।
(চ) জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ: ‘শোণিত কুঁৱৰী’ আৰু ‘কাৰেঙৰ লিগিৰী’।
(ছ) জ্যোতিপ্রসাদ আগৰৱালাই কোন চনত ‘ইন্দ্ৰমালতী’ কথাছবিখন নিৰ্মাণ কৰে?
উত্তৰ: ১৯৩৯ চনত।
(জ) জ্যোতিপ্রসাদ আগৰৱালাক কি নামেৰে অভিহিত কৰা হৈছে?
উত্তৰ: ৰূপকোঁৱৰ।
(ঝ) জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? H. S. ’18
উত্তৰ: লুইতৰ পাৰৰ অগ্নিসুৰ।
(ঞ) জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক’ত হৈছিল? H. S. ’18
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত।
(ট) কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটিত উল্লেখ কৰা নদীখনৰ নাম কি? H. S. ’20
উত্তৰ: গংগা।
(ঠ) সুধাৰ কাৰণে কোনে সিন্ধু-মথন-গান গাইছিল? H. S. ’20
উত্তৰ: দেবতা আৰু দানৱসকলে সুধাৰ কাৰণে সিন্ধু-মথন গান গাইছিল।
(ড) শংকৰদেৱে কি মন্ত্ৰেৰে অসমক আকৌ প্রাণ দিছিল? H. S. ’20
উত্তৰ: শংকৰদেৱে অসমক ‘এক দেব, এক সেৱ, এক বিনে নাই কের’ এই মন্ত্ৰেৰে প্রাণ দিছিল।
(ঢ) শব্দার্থ লিখাঃ
অভ্রভেদী, শৈলজা, পয়োধৰা, পিযুষ, দ্যুতি, কিন্নৰী, শৈলবালা
উত্তৰঃ অভ্রভেদী: আকাশলঙ্ঘা।
শৈলজা: পর্বতত জন্ম হোৱা, পার্বতী।
পয়োধৰা: মেঘ, ডাবৰ, স্তন।
পিযুষঃ মধু, মৌ।
দ্যুতি: উজ্জ্বলতা।
কিন্নবী (H. S. ’20): স্বৰ্গত নৃত্য কৰা অপ্সবী।
শৈলবালা: পর্বত কন্যা,
২। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) ‘ৰূপান্তৰেদি আহি
বৰণ সলাই হাঁহি
মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত।’ H. S. ’20
উত্তৰ: উক্ত কবিতাফাঁকি জ্যোতিপ্রসাদ আগৰৱালাই ৰচিত ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
ভাৰতবৰ্ষই যে ইতিহাসৰ মাজেদি বৰূপান্তৰ হৈ হৈ আজিৰ গৌৰৱময় অবস্থাত উপনীত হৈছে সেই প্রসঙ্গত উক্ত পংক্তিফাঁকিৰ অৱতাৰণা কৰিছে।
কবিয়ে বিশ্বাস কৰে যে পুৰণিৰ বুকুত নতুনৰ জন্ম হয়। প্রচীনকালৰ পৰাই ভাৰতত নানান সভ্যতা গঢ়ি উঠিছে। যুগে যুগে বহুতো মহান মনীষীয়ে ভাৰত ভূমিত জন্ম গ্রহণ কৰি এই ভাৰত নামৰ মঞ্চত নানান অভিনয় কৰি বিদায় লৈছে। সিহঁতৰ অৱদান ভাৰতভূমিত ৰৈ গৈছে যাৰ বাবে ভাৰত আজি সভ্যতাৰ দিশত বহু দূৰ আগবাঢ়ি গৈছে। অর্থাৎ পুৰণিৰ বুকুত নতুনৰ জন্ম হৈ ভাৰতভূমি আজি বিশ্বৰ দৰবাৰত গৌৰৱময় স্থান লাভ কৰিবলৈ সমর্থ হৈছে।
৩। ‘অহৰহ আছে বৈ সুৰধনী গংগা
ময়ো উদাসী আছো
কাঞ্চনজঙ্ঘা।’
– ইয়াত ‘সুৰধনী গংগা’ আৰু কাঞ্চনজংঘা’ৰ কি কথা কোৱা হৈছে? H. S. ’17
উত্তৰ: কাঞ্চনজঙ্ঘা হৈছে ভাৰতৰ উত্তৰ দিশত সগৌৰৱে থিয় হৈ থকা হিমালয় পর্বতশ্রেণীৰ এটি অন্যতম সুউচ্চ শৃঙ্গ। ইয়াৰ নামনিতে থকা গংগা উপত্যকা অর্থাৎ ভাৰতবৰ্ষৰ প্রতিটো ঘটনা চক্ৰ ইয়াৰ চকুৰ আগতে ঘটি আছে। যুগে যুগে বহুতো ৰাজবংশ, ৰজা-মহাৰজাৰ উত্থান পতনৰো ই সাক্ষী হৈ আছে। এইখন ভাৰতবৰ্ষত যেন হাঁহি আৰু কান্দোনৰ নতুন নতুন খেলাৰে নতুন নতুন অভিনয় হয়।
মানুহৰ সকলো সুকীর্তি আৰু কুকীৰ্তিৰ সাক্ষী হৈ বয় এই সুউচ্চ সুপ্রাচীন কাঞ্চনজঙ্ঘা।