Join WhatsApp

Join Now

Join Telegram

Join Now

অলংকাৰ Class 12 Advance Assamese Chapter 15 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক অলংকাৰ Class 12 Advance Assamese Chapter 15 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

অলংকাৰ Class 12 Advance Assamese Chapter 15 Solutions

অলংকাৰ Class 12 Advance Assamese Chapter 15 Solutions

গোট-৬ অলংকাৰ (নম্বৰ ১০)

অলংকাৰ নির্বাচিত আর্হি প্রশ্নোত্তৰ

১। সাহিত্যত অলংকাৰ বুলিলে কি বুজা? সাহিত্যত অলংকাৰৰ প্ৰয়োজন কিয়? অলংকাৰ কেই প্ৰকাৰৰ আৰু কি কি? H. S. ’15, 16, 17, 18, 19, 20

নাইবা

শব্দালংকাৰ আৰু অৰ্থালংকাৰ বুলিলে কি বুজা? উদাহৰণ দি দুয়োৰে মাজত থকা পার্থক্য বুজাই লিখা। H. S. 19

উত্তৰ: ‘অলংকাৰ’ শব্দটো সংস্কৃত ‘অলম’ শব্দৰ পৰা আহিছে। ‘অলম’ শব্দৰ অর্থ দুটা: এক – যথেষ্ট ভাব, দুই – ভূষণ। অর্থাৎ অলংকাৰ বুলিলে বক্তব্য এটিক লালিত্যপূৰ্ণ আৰু ব্যঞ্জনাময় কৰিবলৈ শব্দ সম্ভাৰৰ কৌশলপূর্ণ ব্যৱহাৰক বুজায়।

সাহিত্যত অলংকাৰৰ ব্যৱহাৰ সাধাৰণতে তিনিটা, যেনেঃ

(ক) বক্তব্য বিষয় প্রভাবশালী আৰু ব্যঞ্জনাময় কৰি তোলা।

(খ) বর্ণনীয় বিষয় প্রকটভাবে দাঙি ধৰা আৰু

(গ) বর্ণনীয় বিষয়ত ৰমনীয়তা প্রদান কৰা।

অলংকাৰ প্ৰধানতঃ দুইবিধ, যেনেঃ

(১) শব্দালংকাৰ আৰু (২) অর্থালংকাৰ।

(ক) শব্দালংকাৰঃ যিবোৰ অলংকাৰ সম্পূৰ্ণৰূপে ধ্বনিৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি কৰা হয় তাকে ‘শব্দালংকাৰ’ বুলি কোৱা হয়। শব্দালংকাৰত অৰ্থৰ ভূমিকাতকৈ ধ্বনিৰ বা সুৰৰ ওপৰত গুৰুত্ব দি শব্দ প্রয়োগ কৰা হয়। এনে অলংকাৰত শব্দ নির্বাচন অতি প্রয়োজনীয় বিষয়। শব্দৰ সামান্য পৰিবৰ্তনে এনে অলংকাৰত ব্যঘাত ঘটাৰ সম্ভাৱনা থাকে। উদাহৰণঃ

‘চতুৰ চতুৰানন চিত্রিলে ভ্রুযুগল।’

-ভোলানাথ দাস।

এই উদাহৰণটোত ‘চ’ ধ্বনি পুনঃ পুনঃ প্রয়োগৰ ফলস্বৰূপে উচ্চাৰণৰ ক্ষেত্ৰত মাধুৰ্যৰ সৃষ্টি হৈছে।

(খ) অর্থালংকাৰ: যিবোৰ অলংকাৰ অৰ্থৰ বৈচিত্ৰ আৰু মাধুৰ্যৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি কৰা হয়, সেইবোৰ অলংকাৰক অৰ্থালংকাৰ বুলি কোৱা হয়। অর্থালংকাৰত ধ্বনি বা সুৰ সৃষ্টি কৰাতকৈ অৰ্থৰ বৈচিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। আন কথাত অর্থালংকাৰে বস্তু এটিৰ গুণ বা ক্রিয়াক ব্যাখ্যা কৰি পাঠক বা শ্রোতাৰ মনত বস্তুটোৰ গুৰুত্ব বা আবেদন বৃদ্ধি কৰি এক বিমল আনন্দৰ জোঁৱাৰ তোলে। উদাহৰণ:

‘চীনা বাদামৰ বাকলিৰ শুকান শব্দৰ দৰে নিৰস আবেলি এটা।’

– মহেন্দ্ৰ বৰা

উক্ত উদাহৰণটো অর্থালংকাৰৰ উদাহৰণ। কাৰণ ইয়াত কোনো ধ্বনি বা সুৰৰ ওপৰত গুৰুত্ব নিদি অৰ্থৰ লালিত্য বা বৈচিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পংক্তিটোত এটা আবেলিৰ চিত্ৰ দাঙি ধৰা হৈছে। ইয়াত আবেলিটোক চীনা বাদামৰ শুকান বাকলিৰ শব্দৰ লগত তুলনা কৰি অৰ্থত বৈচিত্র অনা হৈছে।

ওপৰৰ আলোচনাৰ পৰা শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজৰ পাৰ্থক্য স্পষ্ট হৈ পৰিছে। আকৌ
ক’বলৈ গ’লে-

শব্দালংকাৰত ধ্বনি বা সাংগীতিক সুৰৰ ওপৰত গুৰুত্ব দি শব্দ নির্বাচন আৰু প্রয়োগ কৰা হয়। এনে অলংকাৰত শব্দ নির্বাচন অতি প্রয়োজনীয় বিষয়। শব্দৰ সামান্য পৰিৱৰ্তনে এনে অলংকাৰত ব্যঘাত ঘটাৰ সম্ভবনা থাকে।

আনহাতে অর্থালংকাৰত ধ্বনি বা সুৰ সৃষ্টি কৰাতকৈ অৰ্থৰ বৈচিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। অর্থালংকাৰে ভাৱ এটিক গভীৰতা দান কৰাৰ লগতে অর্থক স্পষ্ট কৰে। আন কথাত অর্থালংকাৰে বস্তু এটিৰ গুণ বা ক্রিয়াক ব্যাখ্যা কৰি পাঠক বা শ্ৰোতাৰ মনত বস্তুটোৰ গুৰুত্ব বা আবেদন বৃদ্ধি কৰি এক বিমল আনন্দ দান কৰে।

৩। তলৰ দিয়া অলংকাৰবোৰৰ সূত্র লিখি উদাহৰণসহ বুজাই লিখা।

(ক) উপমা, ৰূপক, শ্লেষ, অনুপ্রাস, সমাসোক্তি, উৎপ্রেক্ষা, ব্যাজস্তুতি, অতিশয়োক্তি, বিৰোধভাস, নিদর্শনা, পুনৰুক্তবদাভাস, ব্যতিৰেক, যমক

উত্তৰ: (ক) উপমা (H. S. ’15, ’16, ’17, ’18, ’19): উপমা হৈছে কাব্য সাহিত্যত বহুলভারে ব্যৱহাৰ হোৱা অৰ্থালংকাৰ। যেতিয়া কোনো এক বস্তু বা ধাৰণাক অইন কোনো বিসদৃশ বস্তুৰ লগত তুলনা কৰা হয় তেতিয়া উপমা অলংকাৰ হয়। উপমা অলংকাৰত যি বস্তুটো তুলনা কৰা হয় তাক ‘উমপেয়’ আৰু যাৰ লগত তুলনা কৰা হয় তাক ‘উপমান’ বোলে। এই সাদৃশ্য গুণগত, ক্রিয়াগত বা গুণগত আৰু ক্রিয়াগত উভয়ে হ’ব পাৰে। মন কৰিবলগীয়া যে উপমা অলংকাৰত উপমানটো সদায় বিসদৃশ বস্তু হ’ব লাগিব। উপমা অলংকাৰত ‘নিচিনা’, ‘দবে’, ‘যেন’ আদি তুলনাবাচক বিশেষণ ব্যৱহাৰ কৰা হয়। উদাহৰণ:

(১) ‘তাই সাৰে থাকে আকাশৰ তৰাৰ দৰে নিমাত নিথৰ হৈ।’

– আনন্দচন্দ্র বৰুৱা।

উদাহৰণটোত ‘তাই’ হৈছে উপমেয় আৰু ‘আকাশৰ তৰা’ হৈছে উপমান। ইয়াত উপমানৰ গুণ বা ক্রিয়া ‘নিমাত নিথৰ’ উপমেয় অর্থাৎ ‘তাই’ৰ ওপৰত ন্যস্ত কৰা হৈছে।

(২) ‘সাগৰ পাৰত পৰি ৰলো আমি শামুকৰ খোলা হৈ।’

– ভূপেন হাজৰিকা।

(খ) ৰূপক: রূপক হৈছে এক অর্থালংকাৰ। যেতিয়া উপমেয়ক উপমানৰ লগত অভেদ বুলি কল্পনা কৰা হয় তেতিয়া ৰূপক অলংকাৰ হয়। ৰূপক অলংকাৰত এটা বস্তুক বিসদৃশ আন এক বস্তু বুলি কল্পনা কৰা হয়। আন কথাত উপমানৰ গুণ বা ক্রিয়া উপময়েৰ ওপৰত কোনো তুলনা নকৰাকৈ পোনাপুনি ন্যস্ত কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে, ৰূপক অলংকাৰত এটা বস্তুক বিসদৃশ আন এক বস্তু বুলি ধৰা হয়। ৰূপক অলংকাৰত উপমানে উপমেয়ক আচ্ছন্ন কৰি ৰাখে। উপমা অলংকাৰৰ লগত ৰূপকৰ পাৰ্থক্যটো হ’ল-উপমা অলংকাৰত এটা বস্তুক আন এক বিসদৃশ বস্তুৰ দৰে বুলি কল্পনা কৰা হয়। আনহাতে ৰূপক অলংকাৰত এটা বস্তুক আন এক বস্তু বুলি কল্পনা কৰা হয়। উদাহৰণ:

(ব) ‘আমি সাগৰৰ পাৰৰ শামুকৰ খোলা।’

ইয়াত ‘আমি’ হৈছে উপমেয় আৰু ‘সাগৰৰ পাৰৰ শামুকৰ খোলা’ হৈছে উপমান। ইয়াত উপমেয় ‘আমি’ক পোনাপুনি সাগৰৰ পাৰৰ শামুকৰ খোলা বুলি কল্পনা কৰা হৈছে।

(চ) ‘ৰোষৰ তেজাল আঙুৰ সৰে থোকে থোকে।’

– হীৰেণ ভট্টাচার্য।

উদাহৰণটোত ৰোষ (খঙ) ক থোকে থোকে সৰি পৰা পকা আঙুৰ বুলি কল্পনা কৰা হৈছে।

(গ) শ্লেষ (H. S. ’15, ’17): এটা শব্দক বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিলে শ্লেষ অলংকাৰ হয়। শ্লেষ অলংকাৰৰ ৰূপ দুটা। যেনে শব্দ শ্লেষ আৰু অর্থ শ্লেষ। শব্দ শ্লেষত শব্দটো পৰিৱৰ্তন কৰিলে অর্থ ব্যহত হয়। কিন্তু অর্থশ্লেষত শব্দটো পৰিৱৰ্তন কৰিলেও অলংকাৰ ব্যহত নহয়। অর্থ শ্লেষত অলংকাৰ

অর্থতহে থাকে ধ্বনিত নহয়। উহদাহৰণ:

(১) ‘বৰাই নোখোৱা কচু বৰুৱাৰ ঘৰলৈ পঠাবা।’

– অসমীয়া প্রবচন।

উক্ত উদাহৰণটোত ‘বৰা’ শব্দটোয়ে দ্ব্যর্থক অর্থ প্রকাশ কৰিছে। প্রথম অর্থটো হৈছে ‘গাহৰি’ (‘বৰা’ মানে গাহৰি) আৰু দ্বিতীয় অর্থ হৈছে ‘বৰা’ নামৰ বিষয়া।

(২) ‘হে প্রভু, মোৰ বাঞ্চিত বৰ দান কৰক।’

ইয়াত ‘বৰ’ শব্দৰ দুটা অর্থ কৰিব পাৰিঃ এক অর্থত ‘আশীর্বাদ’ আৰু আনটো অর্থত ‘দৰা’ বা ‘স্বামী’।

(৩) ‘হেমৰ কোষেৰে ওখ দল বান্ধি ভাষাক সাৰথি কৰি।’

উক্ত পংক্তিফাকি হেমকোষ’ নামৰ অভিধান প্রণেতা হেমচন্দ্ৰ বৰুৱাক উদ্দেশি কোৱা হৈছে। ইয়াত ‘হেমৰ কোষেৰে’ শব্দদ্বয়ে ‘হেমকোষ অভিধান’ আৰু ‘সোণৰ ভঁৰাল’ এই দুটা অর্থ বহন কৰিছে।

(ঘ) অনুপ্রাস (H. S. ’15, ’16, ’18): অনুপ্রাস হৈছে এক প্ৰকাৰৰ শব্দালংকাৰ। যেতিয়া এটি পংক্তি বা এটি বাক্যত এটা ব্যঞ্জন বর্ণ বা ব্যঞ্জন ধ্বনি এবাৰতকৈ অধিকবাৰ উচ্চাৰিত হয়, তেতিয়া তাক অনুপ্রাস অলংকাৰ হোৱা বুলি কোৱা হয়। অনুপ্রাস অলংকাৰত অৰ্থতকৈ শব্দ প্রয়োগৰ শ্রুতিমধুৰতাৰ ওপৰত গুৰুত্ব দিয়া হয়। মন কৰিবলগীয়া যে অনুপ্রাস অলংকাৰত স্বৰ ধ্বনিৰ স্বীকৃতি নাই, পুনঃ পুনঃ ব্যৱহাৰ হোৱা বৰ্ণবোৰ ব্যঞ্জনবর্ণহে হ’ব লাগে। উদাহৰণ:

(১) ‘বগাকৈ বগলী বহলাই বহিছে

বলুকাত বিয়লি বেলা,

বকুল বাগৰিছে ববছা বনতে

বুটলি বিলাওগৈ বলা।’

– মিত্রদের মহন্ত।

উক্ত উদাহৰণটোত ‘ব’ ধ্বনিৰ অনুপ্রাস হৈছে।

(২) ‘মন্দ মন্দ মকৰন্দ মদগন্ধে

মোদিত মাধবী কুঞ্জ

মৃদু মধুৰসে মথিত মর্দিত

মঞ্জুল মঞ্জুল পুঞ্জ।’

– ৰঘুনাথ চৌধুৰী।

(৩) ‘দেখিলোহেঁতেন পূর্ণতাৰে পৰিপূর্ণ

পৃথিৱীৰ অপৰূপ ৰূপ।’

– হীৰেণ ভট্টাচার্য।

(ঙ) সমাসোক্তি: নির্জীব পদার্থত সজীৱ পদাৰ্থৰ গুণ, স্বভাৱ, কাৰ্য আদি আৰোপ কৰিলে সমাসোক্তি অলংকাৰ হয়। আন কথাত মানুহ ভিন্ন অন্য বস্তুৰ ওপৰত মানবীয় গুণ আৰোপ কৰাকেই সমাসোক্তি অলংকাৰ বুলি কোৱা হয়। উদাহৰণ:

(১) ‘ওরা তুলসী সমিধান দিয়া

তুমি গোবিন্দৰ পৰাণ প্রিয়া।’

– শ্রী শংকৰদেৱ।

উদাহৰণটিত তুলসী গছৰ ওপৰত ব্যক্তিত্ব গুণ আৰোপ কৰা হৈছে। সেয়ে ই সমাসোক্তি অলংকাৰ হৈছে।

(২) ‘মাৰিলেহি মেঘে ঢোলত চাপৰ

জিলীয়ে বজায় কালি,

টুনী বুলবুলি নাচে ছেবে ছেবে

হেটুলুকা ওজাপালি।’

– ৰঘুনাথ চৌধুৰী।

উক্ত উদাহৰণটোত মেঘক ঢুলীয়া হিচাপে, জিলীক কালিয়া হিচাপে, টুর্নীক নাচনী হিচাপে আৰু হেটুলুকাক ওজাপালি হিচাপে কল্পনা কৰা হৈছে।

(৩) পুৱাৰ মলয়ে দুৱাৰে দুৱাৰে

নতুনৰ বাতৰি ফুৰিছে কৈ।’

– ৰঘুনাথ চৌধুৰী।

(চ) উৎপ্রেক্ষা: উৎপ্রেক্ষা হৈছে এক প্ৰকাৰৰ উপমা অলংকাৰ। যি উপমা অলংকাৰত উপমেয় আৰু উপমানৰ মাজত প্ৰৱল সাদৃশ্য থকা বাবে উপমেয়কেই উপমান বুলি সন্দেহ কৰা হয়, তেনে তুলনাকে উৎপ্রেক্ষা অলংকাৰ বুলি কোৱা হয়। ইয়াতে বিশেষ ক’বলগীয়া যে অসমীয়া অলংকাৰ শাস্ত্ৰত ‘সন্দেহ’ নামৰ এক প্ৰকাৰৰ অলংকাৰ আছে। ‘সন্দেহ’ নামৰ অলংকাৰত সন্দেহ উপমান আৰু উপমেয় দুয়োটাতে থাকে। কিন্তু উৎপ্রেক্ষা অলংকাৰত সন্দেহ কেৱল উপমানত থাকে। উদাহৰণ:

(১) ‘পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত

শুনো যেন বিননিৰ সুৰ।’

ইয়াত জুৰিৰ জিৰজিৰণি কবিৰ কাণত বিননিৰ সুৰ হৈ পৰিছে। ইয়াত উপমান অর্থাৎ জুৰিৰ জিৰজিৰণিত কবিৰ সন্দেহ উপজিছে।

(২) ‘দেখা পালোঁ আকাশৰ দুৱাৰ দলিত

পূর্ণিমা ৰাতিৰ ঘূৰণীয়া জোন,

ঠিক যেন এইমাত্র বাথৰুমৰ পৰা ওলাই অহা

এজনী ছোৱালী।’

-মহেন্দ্ৰ বৰা।

(ছ) ব্যাজস্তুতি: নিন্দাৰ ছলেৰে প্রশংসা (স্তুতি) বা প্রশংসাৰ ছলেৰে নিন্দা কৰিলে ব্যাজস্তুতি অলংকাৰ হয়। উদাহৰণ:

(১) ‘অতি বড় বৃদ্ধপতি সিদ্ধিতে নিপুণ

কোন গুণ নাই তাৰ কপালে আগুন।’

উদাহৰণটোত প্রশংসাৰ ছলেৰে নিন্দা কৰা হৈছে। ইয়াত বৃদ্ধপতি আৰু সিদ্ধিত নিপুণ বুলি প্রশংসা কৰিছে যদিও পিছত কোন গুণ নাই বুলি কৈ নিন্দা কৰিছে। সেয়ে ই ব্যাজস্তুতি অলংকাৰ হৈছে।

(২) ‘পিয়ানো বজাই পূজাৰ আৰতি, বেদীত মমৰ বাতি

জ্বলাই আনিব দেশৰ মুক্তি, পুৱাব দুখৰ ৰাতি।’

-দেৱকান্ত বৰুৱা

(৩) ‘বিদূষক: তেওঁৰ ফালে তেনেহ’লে পানী এচলু দিব লাগিব। এস্ এস্ একেটি বাপেকৰ একেটি পো, তাৰ আপুনিহে হিত চিন্তিলে।’
ৰত্নেশ্বৰ মহন্ত

(জ) অতিশয়োক্তি (H. S. ’16, 18, 19, ’20): উপমেয়ক উল্লেখ নকৰি উপমানক উপমেয় ৰূপে নির্দেশ কৰিলে অতিশয়োক্তি অলংকাৰ হয়। সহজ কথাত বুজাবলৈ গ’লে, অতিশয়োক্তি হৈছে অসম্ভব বা অতিমাত্রা বর্ণনা। উদাহৰণ:

(১) ‘যদি তুমি হোৱা হ’লে চাতক পখিটি

মই যদি জলদৰ শ্যামল মুৰুতি,

উৰি ফুৰি আকাশত ঢালি ধাৰাসাৰ

কৰালোহেঁতেন পান প্রেম পাৰাপাৰ।’

ওপৰৰ উদাহৰণটিত অসম্ভব বর্ণনা বুজাইছে সেয়ে ই অতিশয়োক্তি হৈছে।

(২) ‘পৰশমণিয়ে মোক নোৱাৰিলে কৰিব সোণালী

মোৰে কালিমাৰে মই মণিটিকে কৰিলোঁ মলিন।’

-নৱকান্ত বৰুৱা

(৩) ‘আইৰে মুখেদি মৌৱে বৰষিছে

ফুলাম গামোচাৰ পাগ।’

(ঝ) বিৰোধাভাস: যি বৰ্ণনাত দুটা বস্তুৰ মাজত আপাত দৃষ্টিত বিৰোধ দেখা যায় যদিও দুয়োটাৰ সমন্বয়ত গভীৰতৰ অৰ্থ ওলায় য’ত বিৰোধৰ অৱসান হয়, তেনে বর্ণনাক বিৰোধাভাস বুলি কোৱা হয়। উদাহৰণ:

(১) ‘অসংখ্য বন্ধন মাঝে মহানন্দময়

লভিব মুক্তিৰ স্বাদ।’

-ৰবীন্দ্ৰ নাথ ঠাকুৰ

উক্ত উদাহৰণটোত আপাত দৃষ্টিত দুটি বিৰোধী ভাব আছে’ যেনে- ‘অসংখ্য বন্ধন’ আৰু ‘মুক্তি’। কিন্তু এই সমন্বয়ৰ এক গভীৰতম অর্থ আছে। সেয়া হ’ল সংসাৰৰ অসংখ্য বন্ধন অর্থাৎ মায়ামোহৰ মাজতো সাংসাৰিক জীৱনৰ প্রতি অনাসক্ত হৈ আধ্যাত্মিক মুক্তি লভিব।

(২) ‘চকু নাই দেখিছে সকল

আকাশ পাতাল জলস্থল

কাণ নাই সকলো শুনিছে

হাত নাই সকলো ধৰিছে

ভৰি নাই সর্বত্রে কৰিছে গমন।’

– ৰত্নেশ্বৰ মহন্ত

উদাহৰণটোত চকু নাই দেখিছে, কাণ নাই শুনিছে, হাত নাই ধৰিছে, ভৰি নাই গমন কৰিছে – ইয়াৰ প্রতিটো ভাবেই বিৰোধী। কিন্তু অলপ গমি চালেই বুজিব পৰা যায় যে উক্ত কথাষাৰ ভগৱানক উদ্দেশ্যি কোৱা হৈছে আৰু তেতিয়াই বিৰোধী ভাৱৰ অৱসান ঘটিছে।

(৩) ‘জনপূর্ণ নির্জনত অকলশৰীয়া।’

-চন্দ্ৰকুমাৰ আগৰৱালা।

(ঞ) নিদর্শনা: সাদৃশ্য থকাৰ বাবে কাৰো ওপৰত অসম্ভৱ বা অবাস্তৱ কাৰ্য আৰোপ কৰিলে নিদর্শন অলংকাৰ হয়। উদাহৰণ:

(১) হাতী গুচি মাখি ভৈলো, গো-খোজত তল গৈলো

কচুত ভাঙ্গিলো মই কাঁচি….।’

(২) তিলতিল কৈ হৰিলা বিশ্ব

তিলোত্তমা হৈ কৰিলা নিঃস্ব

কাঢ়িলাঁ জোনৰ মুখ।’

-ৰত্নকান্ত বৰকাকতী

(ট) পুনৰুক্তবদাভাস: পুনৰুক্তবদাভাস হৈছে এনে এক অর্থালংকাৰ য’ত একে অর্থবোধক দুটা শব্দ প্রয়োগ কৰা হয় যি একে অৰ্থত ব্যৱহাৰ কৰা যেন লাগিলেও ভিন্ন অর্থ প্রকাশ কৰে। উদাহৰণ:

(১) ‘তনু দেহাটি সজাম তোমাৰ মোৰেই আভৰণে।’

– ৰবীন্দ্ৰনাথ ঠাকুৰ

উদাহৰণটোত ‘তনু’ আৰু ‘দেহা’ একার্থক শব্দ। কিন্তু কবিয়ে ‘তনু দেহা’ক লাহি গা অৰ্থত ব্যৱহাৰ কৰিছে।

(২) ‘কৰিবা আপুনি আত্মঘাত।’

-শ্রীশংকৰদেৱ

উদাহৰণটোত ‘আত্মঘাত’ মানেই নিজে নিজে (আপুনি) মৰা।

(৩) বসুন্ধৰা পৃথিৱীৰ তুমি মুক্তামণি।’

ইয়াত ‘বসুন্ধৰা ‘ আৰু পৃথিৱী’ একার্থক শব্দ যদিও বসুন্ধৰা’ শব্দটি সম্পদর্শীল অর্থত ব্যৱহাৰ হৈছে।

(ট) ব্যতিৰেক: উপমানক উপমেয়তকৈ উৎকৃষ্ট বা নিকৃষ্ট কৰি দেখুৱালে ব্যতিৰেক অলংকাৰ হয়। উদাহৰণ:

(১) শৰদ চান্দ কোটি বয়ন বিকশা।

মদনক চাপ জিনি ভ্ৰব পৰকাশা।।

চান্দ জ্যোতি জিনি তিলক কপালে।’

-শ্রীশংকৰদেৱ

ইয়াত কপালৰ তিলক চন্দ্ৰৰ জ্যোতিতকৈযো বেছি জ্যোতিময় বুলি দেখুওৱা হৈছে।

(২) ‘ফুলিল হিয়াত মোৰ লাখে লাখে ফুল

পৰিমল গোন্ধে বিয়াকুল।’

-ৰঘুনাথ চৌধুৰী

(৩) ‘বদনক হেৰি পাই বড়ি লাজ কন্ধন ঝম্প কমল জল মাঝ।’ শ্রীশংকৰদেৱ

(ড) যমক (H. S. ’16, 17, 18, 19): যমক হৈছে এক প্ৰকাৰৰ শব্দালংকাৰ। এনে অলংকাৰত একে উচ্চাৰণযুক্ত ভিন্ন অর্থৰ দুটা শব্দ ব্যৱহাৰ কৰা হয়। উদাহৰণ:

(১) ‘জীবনৰ লক্ষ্যহীন

জীবন অভাবে মীন

যেন কৰে ছট্‌ফট্ অন্ধকাৰ কূপে।’

-ভোলানাথ দাস

উদাহৰণটোত জীৱন’ শব্দটো যমক অলংকাৰ হৈছে। ইয়াৰ প্ৰথম ‘জীৱন’ শব্দই সাধাৰণ জীৱৰ জীৱন অৰ্থত ব্যৱহাৰ হৈছে আৰু দ্বিতীয় ‘জীবন’ শব্দই পানীক বুজাইছে।

(২) ‘ধনীৰ নিশাও দিন, দিনো নিশা হ’লে দীন’

ধনে সংসাৰত কৰে দিন-ৰাতি চিন।’

-ৰত্নেশ্বৰ মহন্ত

ইয়াত ‘দিন’ মানে দিৱস আৰু ‘দীন’ মানে দৰিদ্র।

(৩) বল থকা সবে বলী, বলহীন বলি।

ইয়াত ‘বলী’ আৰু ‘বলি’ শব্দ দুটিক লৈ যমক অলংকাৰ হৈছে। প্রথম ‘বলী’য়ে শক্তিশালী অর্থ প্রকাশ কৰিছে। দ্বিতীয় ‘বলি’ শব্দই ‘বলি’ নামৰ ৰজাক বুজাইছে।

(ঢ) অপ্রস্তুত প্রশংসা (H. S. ’15, ’17, ’19): অপ্রস্তুত বর্ণনাৰ দ্বাৰ প্ৰস্তুত অৰ্থৰ বোধ হ’লে অপ্রস্তুত প্রশংসা অলংকাৰ হয়। যেনেঃ

‘কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ কেলৈ পেলালি কলি?

গুরুতে নালাগে ভকততো নালাগে থাক তলে ভৰি সৰি।’

ইয়াত ‘ৰপহী মদাৰ’ বুলি যৌবন প্রাপ্ত ৰূপহী গাভৰুক বুজোৱা হৈছে। অপ্রস্তুত মদাৰৰ কথাৰে প্ৰস্তুত ৰূপহী গাভৰুৰ প্রশংসা বা বর্ণনা থকাত ই অপ্রস্তুত প্রশংসা অলংকাৰ হৈছে।

৪। নৱৰসত বাজেও সাহিত্যৰ জেউতি চৰোৱা আৰু এবিধ বস্তু আছে তাক অলংকাৰ বোলে।’-সাহিত্যত জেউতি চৰোৱা অলংকাৰ বুলিলে কি বুজা?

উত্তৰ: সংস্কৃত শাস্ত্রমতে সাহিত্যৰ নটা বস আছে। যেনে শৃঙ্গাৰ, করুণ, হাস্য, ৰুদ্র, বীৰ, ভয়ানক, বীভৎস, অদ্ভুদ আৰু শান্ত। এই নৱ ৰসৰ আলোচনা বিশ্ব সাহিত্য শাস্ত্রসমূহৰ ভিতৰত একমাত্র সংস্কৃত সাহিত্য শাস্ত্রতহে পোৱা যায়। পাশ্চাত্য সাহিত্যত ৰসৰ আলোচনা নাই। এই নৱ ৰসৰ বাবে সাহিত্যত এবিধ জেউতি চৰোৱা বস্তু আছে সেয়া হৈছে অলংকাৰ।

‘অলংকাৰ’ শব্দটো সংস্কৃত ‘অলম’ শব্দৰ পৰা আহিছে। ‘অলম’ শব্দৰ অৰ্থ দুটা: – এক যথেষ্ট ভাব, দুই – ভূষণ। অর্থাৎ অলংকাৰ বুলিলে বক্তব্য এটিক লালিত্যপূর্ণ আৰু ব্যঞ্জনাময় কৰিবলৈ শব্দ সম্ভাৰৰ কৌশলপূর্ণ ব্যৱহাৰক বুজায়।

সাহিত্যত অলংকাৰৰ ব্যৱহাৰ সাধাৰণতে তিনিটা, যেনেঃ

(ক) বক্তব্য বিষয় প্রভাবশালী আৰু ব্যঞ্জনাময় কৰি তোলা

(খ) বর্ণনীয় বিষয় প্রকটভাবে দাঙি ধৰা আৰু

(গ) বর্ণনীয় বিষয়ত ৰমনীয়তা প্রদান কৰা।

অলংকাৰ প্রধানতঃ দুইবিধ, যেনেঃ

(১) শব্দালংকাৰ আৰু (২) অর্থালংকাৰ।

৫। ‘বগাকৈ বগলী বহলাই বহিছে

বলুকাত বিয়লি বেলা,

বকুল বাগৰিছে ববছা বনতে

বুটলি বিলাওগৈ ব’লা।”

– এই কাব্য পংক্তিত কি অলংকাৰ প্ৰয়োগ হৈছে? অলংকাৰ বিধৰ বিষয়ে চমুকৈ লিখা। H. S. ’20

উত্তৰ: উক্ত কাব্য পংক্তিত অনুপ্রাস অলংকাৰ প্ৰয়োগ হৈছে।

অনুপ্রাস হৈছে এক প্ৰকাৰৰ শব্দালংকাৰ। যেতিয়া এটি পংক্তি বা এটি বাক্যত এটা ব্যঞ্জন বর্ণ বা ব্যঞ্জন ধ্বনি এবাৰতকৈ অধিকবাৰ উচ্চাৰিত হয়, তেতিয়া তাক অনুপ্রাস অলংকাৰ হোৱা বুলি কোৱা হয়। অনুপ্রাস অলংকাৰত অৰ্থতকৈ শব্দ প্রয়োগৰ শ্রুতিমধুৰতাৰ ওপৰত গুৰুত্ব দিয়া হয়। মন কৰিবলগীয়া যে অনুপ্রাস অলংকাৰত স্বৰ ধ্বনিৰ স্বীকৃতি নাই, পুনঃ পুনঃ ব্যৱহাৰ হোৱা বৰ্ণবোৰ ব্যঞ্জনবর্ণহে হ’ব লাগে। উদাহৰণ:
উক্ত উদাহৰণটোত ‘ব’ ধ্বনিৰ অনুপ্রাস হৈছে।

৫। ‘কাব্যম গ্রাহ্যম অলংকাৰম’ এই উক্তিৰ আধাৰেত কাব্য ৰমনীয় কৰাত অলংকাৰে কেনে ভূমিকা পালন কৰে উদাহৰণসহ লিখা। H. S. ’20

উত্তৰ: ‘কাব্যম গ্রাহাম অলংকাৰম’ অর্থাৎ কাব্য উপাদেয় হয় অলংকাৰ প্ৰয়োগৰ দ্বাৰা। উক্তিটিৰ দ্বাৰা বুজোৱা হৈছে কবিতাত অলংকাৰৰ প্ৰয়োজন আছে, কিয়নো অংলকাৰৰ প্ৰয়োগৰ দ্বাৰাহে ভাৱ বা বর্ণনা এটি ৰমণীয় হয় অর্থাৎ ইয়াৰ সৌন্দর্য বৃদ্ধি পায়।

সাহিত্যত অলংকাৰৰ ব্যৱহাৰে তিনিটা কাৰ্য সিদ্ধি কৰে, যেনেঃ

(ক) বক্তব্য বিষয় প্রভাবশালী আৰু ব্যঞ্জনাময় কৰি তোলে

(খ) বর্ণনীয় বিষয় প্রকটভাৱে দাঙি ধৰে

(গ) বর্ণনীয় বিষয়ত সৌন্দর্য প্রদান কৰে।

উদাৰহণস্বৰূপে

(১) ‘মন্দ মন্দ মকৰন্দ মদগন্ধে

মোদিত মাধবী কুঞ্জ

মৃদু মধুৰসে মথিত মর্দিত

মঞ্জুল মঞ্জুল পুঞ্জ।

-ৰঘুনাথ চৌধুৰী।

উদ্ধৃত কবিতাফাকিত ব্যবহৃত প্রায় সকলো শব্দ ‘ম’ ধ্বনিৰে আৰম্ভ হৈ শ্রুতি মধুৰতা বৃদ্ধি কৰিছে। সেয়ে ই এক অলংকাৰত পৰিণত হৈছে। এই অলংকাৰটিক ‘অনুপ্রাস অলংকাৰ’ বুলি কোৱা হয়।

(২) ‘যদি তুমি হোৱা হ’লে চাতক পখিটি

মই যদি জলদৰ শ্যামল মুৰুতি,

উৰি ফুৰি আকাশত ঢালি ধাৰাসাৰ

কৰালোহেঁতেন পান প্রেম পাৰাপাৰ।’

ওপৰৰ বক্তব্যটি এক অসম্ভর বর্ণনা। কিয়নো ব্যক্তি এজন চাতক চৰাই বা ডাৱৰ হ’ব নোৱাৰে। কিন্তু এই অসম্ভৱ বৰ্ণনাৰ দ্বাৰা কবিৰ মনৰ ভাৱটি প্রভাবশালী আৰু আবেদনময়ী হৈ উঠিছে। সেয়ে ই এক অলংকাৰ হৈছে। এনে অসম্ভৱ কল্পনাক ‘অতিশয়োক্তি অলংকাৰ বোলে।

ওপৰোদ্ধৃত কবিতা কেইফাকিত অলংকাৰ প্ৰয়োগৰ বাবে ৰমনীয় অর্থাৎ সুশ্রাব্য আৰু অৰ্থত আবেদনময়ী হৈ পৰিছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment