Join WhatsApp

Join Now

Join Telegram

Join Now

সাহিত্য সমালোচনা চুটিগল্প Class 12 Advance Assamese Chapter 13 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক চুটিগল্প Class 12 Advance Assamese Chapter 13 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

সাহিত্য সমালোচনা চুটিগল্প Class 12 Advance Assamese Chapter 13 Solutions

সাহিত্য সমালোচনা চুটিগল্প Class 12 Advance Assamese Chapter 13 Solutions

গোট-৫ সাহিত্য সমালোচনা (নম্বৰ ১০)

চুটিগল্প

১। চুটিগল্প কি? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। H. S. ’15

নাইবা

চুটিগল্পৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’16

নাইবা

চুটিগল্প বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্যৰ বিষয়ে লিখা। H. S. ’17

নাইবা

চুটিগল্পৰ এটি সংজ্ঞা দিয়া। ইয়াৰ মূল উপাদানসমূহৰ বিষয়ে চমুকৈ লিখা। H. S. ’19

উত্তৰ: চুটিগল্প হৈছে মানৱ জীৱনৰ কোনো এক মুহুর্তত ঘটা ঘটনা বা বিষয়ৰ আধাৰত ৰচিত চুটি পৰিসৰৰ এক কাল্পনিক গদ্য ৰচনা। সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত চুটি গল্পই হৈছে সর্বাধুনিক সৃষ্টি। সাহিত্যৰ এক স্বতন্ত্র শাখা হিচাপে ই উনবিংশ শতাব্দীৰ দ্বিতীয় দহকটোৰ পৰা উদ্ভৱ হোৱা আৰম্ভ কৰে। ১৮১৯ চনত আমেৰিকাৰ ৱাশিংটন আৰভিং নামৰ এজন লিখকে ‘ৰিপ ভান উইংকল’ নামৰ এটি গল্প ৰচনা কৰে। আন এজন আমেৰিকাৰ লিখক নাথানিয়েল হ’ৰ্থন নামৰ লিখকে ১৮৩২ চনত ‘টুৱাইচ টুল্ড ষ্টুৰিজ’ নামৰ এখন গল্পৰ পুথি প্রনয়ণ কৰে। এই গল্পবোৰত আধুনিক চুটি গল্পৰ কিছু উপাদান পোৱা যায় যদিও চুটিগল্পক সাহিত্যৰ এক স্বাধীন শাখা হিচাপে প্রতিষ্ঠা কৰাত আন এজন আমেৰিকাৰ লিখক এডগাৰ এলেন পো নামৰ লিখকৰ নাম জড়িত হৈ আছে। তেঁবেই পোন প্রথমতে চুটিগল্পৰ তত্ত্ব আগবঢ়ায়। তেওঁৰ মতে চুটি গল্প হৈছে, “এক গদ্য ৰচনা যি পড়োতে আধাঘন্টা সময়ৰ পৰা এক বা দুঘন্টা সময় লয়।”(Short story is a prose narrative requiring from half an hour to one or two hours in its perusal.) ইয়াৰ পিছৰ পৰা চুটিগল্পই বিশেষকৈ ৰুছ আৰু ফৰাচী সাহিত্যকসকলৰ হাতত পৰিপূৰ্ণতা লাভ কৰে।

অৱশ্যে চুটি গল্পক আধুনিক যুগৰ সৃষ্টি বুলি কোৱা হয় যদিও প্রাচীন কালতো চুটি গল্পৰ দৰে গল্পৰ অস্তিত্ব আছিল। ইটালী সাহিত্যত ‘গেষ্টা ৰোমান’ৰাম’ বোক্কাচিওৰ ‘ডেকামেৰ’ন’ জেওফ্রে চচাৰৰ ‘কেন্টাৰবেৰি টেলচ’ আৰু অন্যান্য সাধু যেনে ঈচপৰ সাধু, সংস্কৃত ভাষাত ‘হিতোপদেশ’, পঞ্চতন্ত্র’, ‘কথা সৰিৎ সাগৰ’, আৰু বৌদ্ধ জাতকৰ সাধুবোৰত চুটি গল্পৰ বিভিন্ন উপাদানৰ নিদর্শন পোৱা যায়। কিন্তু সেইবোৰ গল্পৰ লগত আধুনিক যুগৰ গল্পৰ মূল প্রভেদ হ’ল আধুনিক চুটি গল্প সম্পূর্ণ বাস্তৱ মানৱ সমাজৰ ঘটনাৰ ওপৰত প্রতিষ্ঠিত। আনহাতে প্রাচীন যুগৰ গল্পবোৰ আছিল সম্পূর্ণ কল্পনা প্রসূত আৰু ৰূপকাত্মক। আধুনিক চুটিগল্পই ইয়াৰ জন্মৰ মাত্র পাঁচোটা দহকৰ ভিতৰত বিপুল জনপ্রিয়তা লাভ কৰি কিছুমান সুকীয়া বৈশিষ্ট্য পৰিগ্ৰহণ কৰি সাহিত্যৰ এক বলিষ্ঠ শাখা হিচাপে প্রতিষ্ঠা লাভ কৰে। ইয়াৰ প্রধান বৈশিষ্ট্য (উপাদান) সমূহ তলত চমুকৈ আলোচনা কৰা হ’ল হ’ল:

কাহিনী (Plot): চুটি গল্পত এটি মাথো কাহিনী থাকে। চুটিগল্পৰ পৰিসৰ যিহেতু কম সেয়ে ইয়াত একাধিক কাহিনীৰ স্থান নাই। আকৌ ইয়াৰ কাহিনীটো কাল্পনিক যদিও বাস্তৱৰ ওপৰত প্রতিষ্ঠিত। ইয়াৰ কাহিনী মানৱ জীৱনৰ কোনো এক সৰু বা খণ্ড ঘটনাৰ আধাৰত বিন্যস্ত হয়।

চৰিত্ৰ (Character): চুটিগল্প যেহেতু বাস্তৱ সমাজৰ পটভূমিৰ ওপৰত আধাৰিত গতিকে ইয়াৰ প্রধান চৰিত্ৰ হৈছে মানুহ। ইয়াত জীব-জন্তু, চৰাই-চিৰিকতি আদি চৰিত্ৰ থাকিব পাৰে যদিও সেইবোৰ কেতিয়াও প্ৰধান চৰিত্ৰ হ’ব নোৱাৰে। ইয়াৰ চৰিত্ৰ সমাজৰ লগত সম্পৰ্ক থকা ৰক্ত-মাংসৰ মানুহহে। ইয়াৰ উপৰিও চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াৰ চৰিত্ৰৰ সংখ্যাও কম। এনে গল্পত এটা বা দুটাতকৈ বেছি প্রধান চৰিত্ৰ থাকিব নোৱাৰে।

পৰিবেশ (Atmosphere): চুটি গল্পৰ আন এক উপাদান হৈছে পৰিবেশ সৃষ্টি। পৰিৱেশ হৈছে আমাৰ চাৰিওফালৰ প্রাকৃতিক আৰু মানৱ সৃষ্ট অবস্থা। পৰিৱেশে গল্পৰ নায়ক, নায়িকা বা ব্যক্তি এজনৰ দেহ ভংগী, পোছাক পৰিচ্ছদ আদিকো সামৰি লয়। চুটি গল্পৰ লিখক এজনে বৰ্ণনা কৰিবলৈ লোৱা কাহিনী এটা কি পৰিৱেশত সংঘটিত হৈছে তাৰ বৰ্ণনা চুটি গল্পত থাকিব লাগে। পৰিৱেশ অংকনে চুটি গল্প এটিক বাস্তবধর্মীতা, বিশ্বাসযোগ্যতা আৰু সজীৱতা দান কৰে।

সংলাপ (Dialogue): অন্যান্য উপাদানৰ দৰে সংলাপো চুটিগল্পৰ এক আৱশ্যকীয় উপাদান। সংলাপ বুলিলে দুই বা ততোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। কিন্তু চুটি গল্পৰ সংলাপ সংক্ষিপ্ত আৰু যথার্থ হোৱা উচিত। লিখকে সংলাপসমূহ তেওঁৰ গল্পৰ চৰিত্ৰৰ ভূমিকা, সামাজিক মর্যদা, পেশা আদিৰ লগত খাব খোৱাকৈ ৰচনা কৰিব লাগে। তাৰোপৰি সংলাপসমূহ এনে হ’ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ, স্বভাৱ আদি প্রকাশ পোৱাৰ উপৰিও গল্পটিৰ কাহিনীভাগ আগবঢ়াই নিয়াত সহায়ক হয়।

লিখকৰ জীৱন দৰ্শন (Philosophy of Life): জীবন দর্শন বুলিলে মানর জীবন, মানৱ আচৰণ বা মানৱ কাৰ্যৰ ওপৰত এক মতামত বা ধাৰণা প্রতিফলন হোৱাক বুজায়। চুটি গল্পত লিখকৰ জীৱন দর্শন কেতিয়াবা প্রত্যক্ষভাবে আৰু কেতিয়াবা পৰোক্ষভারে প্রকাশ পায়। অৱশ্যে লিখকৰ জীৱন দৰ্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্রকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীৱন দর্শনটো উহ্যও ৰাখিব পাৰে।

চুটিগল্প আৰু উপন্যাসৰ মূল উপাদানসমূহ একে যদিও এই উপাদানসমূহ ব্যৱহাৰ আৰু পৰিসৰত দুয়োৰে মাজত পার্থক্য আছে। চুটি গল্পত উক্ত উপাদনসমূহ অতি মিতব্যয়ী হিচাপে ব্যৱহাৰ কৰিব লাগে।

২। চমু টোকা লিখাঃ

উত্তৰ: (ক) চুটি গল্পৰ কলা-কৌশল: চুটিগল্প সাহিত্যৰ বহুতো শাখাৰ ভিতৰত অনুজ যদিও বর্তমান ই এক বলিষ্ঠ আৰু জনপ্রিয় শাখাত উপনীত হৈছে। চুটি গল্পৰ কলা-কৌশল সম্পর্কে কোনো নির্দিষ্ট ধৰা-বন্ধা নীতি নাই যদিও ইয়াৰ কিছুমান সাধাৰণ উপাদান আৰু বৈশিষ্ট্য আছে।

ইয়াৰ প্ৰধান উপাদান সমূহ হ’ল: (১) চুটিগল্পত এটা মাত্র কাহিনী থাকে। কাহিনীটো কাল্পনিক যদিও ই বাস্তৱ মানৱ সমাজৰ ওপৰত প্ৰতিষ্ঠিত। (২) চুটিগল্পত এটা বা সর্বাধিক দুটিতকৈ অধিক প্রধান চৰিত্ৰ থাকিব নোৱাৰে। ইয়াত কোনো জীব-জন্তু বা চৰাই-চিৰিকতি চৰিত্ৰ হ’ব পাৰে যদিও ইয়াৰ প্ৰধান চৰিত্ৰ সদায় মানুহ হ’ব লাগ। (৩) চুটিগল্পৰ তৃতীয় উপাদানটো হৈছে পৰিৱেশ অংকন। পৰিবেশত কোনো এক ঘটনা সংঘটিত হোৱাৰ চাৰিও ফালৰ অৱস্থাৰ বিৱৰণ দিয়া হয়। অৱশ্যে পৰিবেশৰ চিত্ৰ ঘটনা, স্থান আৰু চৰিত্ৰৰ লগত খাপ-খাব পৰাকৈ উপস্থাপন কৰিব লাগে। (৪) চুটিগল্পত সংলাপ এক আৱশ্যকীয় উপাদান বুলি ধৰা হয়। লিখকে সংলাপ চৰিত্ৰৰ মুখৰে প্ৰকাশ কৰিব লাগে। সংলাপসমূহ এনেভাৱে ৰচিত হ’ব লাগে যাতে চৰিত্ৰ এটিৰ উদ্দেশ্য, আচৰণ আদি প্রকাশ হোৱাৰ উপৰিও কাহিনীভাগক আগবঢ়াই নিয়ে। (৫) চুটিগল্পৰ পঞ্চম উপাদানটো হৈছে লিখকৰ জীবন দর্শন। জীবন দর্শন হৈছে মানৱ জীৱনৰ ওপৰত লিখকৰ মন্তব্য। দেখা যায় কোনো কোনো চুটি গল্পত কাহিনীয়ে প্রাধান্য পায়। কোনে কোনো গল্পত চৰিত্রাঙ্কনে প্রাধান্য পায় আৰু কোনো কোনো গল্পত পৰিবেশ অংকনে প্রাধান্য পায়। এই দিশৰ পৰা চুটি গল্পক কাহিনী প্রধান, চৰিত্ৰ প্রধান আৰু পৰিবেশ প্রধান – এই তিনি শ্ৰেণীত ভাগ কৰিব পাৰি।

চুটিগল্পত লিখকৰ এটা মাথো উদ্দেশ্য থাকে। লিখকে তেওঁৰ গল্পটোৰ কথাভাগ উপস্থাপনত সেই উদ্দেশ্যৰ ঐক্য প্রথমৰ পৰা শেষলৈ বজাই ৰাখিব লাগে।

ইয়াৰ উপৰিও চুটিগল্পৰ আৰম্ভণি আৰু সামৰণি মন কৰিবলগীয়া বিষয়। ইয়াৰ আৰম্ভণি প্রায়ে আকস্মিক হোৱা দেখা যায়। অর্থাৎ ইয়াৰ আৰম্ভণি এনেভাবে কৰিব লাগে যেন গল্পটো শেষলৈ পঢ়ি যাবলৈ পাঠকৰ মনত কৌতূহলৰ উদ্রেক হয়। চুটিগল্পৰ আৰম্ভণি আকস্মিক বা নাটকীয় হয় যদিও কিছুমান গল্প লিখকে মানৱ জীৱনৰ কোনো এটি বিষয় বা দিশৰ প্ৰতি লিখকৰ দার্শনিক মতামত ব্যক্ত কৰি পিছত এটি কাহিনীক অৱলম্বন হিচাপে লৈ সেই মতামতটো প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।

চুটিগল্পৰ সামৰণিও আৰম্ভণিৰ দৰে অভিনব বা নাটকীয় হোৱা উচিত। অর্থাৎ কাহিনীটো পঢ়ি উঠাৰ পিছত গল্পটো শেষ হ’লেও পঢ়ুৱৈৰ মনত শেষ নোহোৱা ভাব এটি যেন বৈ যায়।

(খ) চুটি গল্পত মনস্তত্ত্ব বিশ্লেষণ: চুটিগল্পত মনস্তত্ত্ব বিশ্লেষণ এটি গুৰুত্বপূর্ণ বিষয়। কচ চুটিগল্পকাৰ এন্টন চেখভৰ গল্পত পোন প্রথমতে মনস্তত্ব বিশ্লেষণৰ সচেতন প্রতিফলত ঘটে। বিংশ শতাব্দীৰ আৰম্ভণিবে পৰা মানৱ সমাজে বিভিন্ন জটিলতাৰ সন্মুখীন হোৱা আৰম্ভ কৰে। ফলত মানুহৰ মানসিক অন্তঃদ্বন্দ্বও বৃদ্ধি পায়। চুটিগল্পত সন্টালনিকৈ ইয়াৰ প্রতিফলনো ঘটি আছে। বিশেষকৈ সমসাময়িক ঘটনাৰ ওপৰত আলোকপাত কৰি ব্যক্তিমনৰ ক্ৰিয়া-প্রতিক্রিয়া গল্পত স্থান পোৱা বাবে গল্পত মনস্তাত্ত্বিক বিশ্লেষণ সম্ভব হৈছে। অসমীয়া চুটি গল্পকাৰসকলৰ ভিতৰত লক্ষ্মীনাথ ফুকন, যোগেশ দাস, হোমেন বৰগোঞি, চৈয়দ আব্দুল মালিক, লক্ষ্মী নন্দন বৰা আদিৰ গল্পবোৰত মনস্তত্ব বিশ্লেষণৰ সফল ৰূপায়ণ আছে।

(গ) চুটি গল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি (H. S. ’15, ’17): চুটিগল্পৰ আৰম্ভণি আৰু সামৰণি মন কৰিবলগীয়া বিষয়। ইয়াৰ আৰম্ভণি প্রায়ে আকস্মিক হোৱা দেখা যায়। অর্থাৎ ইয়াৰ আৰম্ভণি এনেভাৱে কৰিব লাগে যেন গল্পটো শেষলৈ পঢ়ি যাবলৈ পাঠকৰ মনত কৌতূহলৰ উদ্রেক হয়। চুটিগল্পৰ আৰম্ভণি আকস্মিক বা নাটকীয় হয় যদিও কিছুমান গল্প লিখকে মানৱ জীৱনৰ কোনো এটি বিষয় বা দিশৰ প্ৰতি লিখকৰ দাৰ্শনিক মতামত ব্যক্ত কৰি পিছত এটি কাহিনীক অৱলম্বন হিচাপে লৈ সেই মতামতটো প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। চুটিগল্পৰ সামৰিণিও আৰম্ভণিৰ দৰে অভিনৱ বা নাটকীয় হোৱা উচিত। অর্থাৎ কাহিনীটো পঢ়ি উঠাৰ পিছত গল্পটো শেষ হ’লেও পঢ়ুৱৈৰ মনত শেষ নোহোৱা ভাৱ এটি যেন ৰৈ যায়।

(ঘ) চুটি গল্পৰ দৈর্ঘ্য: চুটিগল্পৰ দৈর্ঘ্য কিমান হোৱা উচিত সেই সম্পর্কে কোনো সৰ্বসম্মত ধৰা-বন্ধা নিয়ম নাই। অবশ্যে কিছুমান লিখকে চুটি গল্পৰ দৈৰ্ঘ্যৰ ওপৰত মতামত প্রকাশ নকৰা কৈয়ো থকা নাই। চুটি গল্পৰ পিতৃস্বৰূপ এডগাৰ এলেন পোয়ে চুটি গল্পৰ সংজ্ঞাত সময়ৰ উল্লেখ কৰিছে এনেদৰে, “চুটি গল্প হৈছে এনে এক গদ্য ৰচনা যি পড়ুতে আধা ঘণ্টা সময়ৰ পৰা এক ঘণ্টা বা দুই ঘণ্টাৰ প্রয়োজন হয়।” বিশ্ব বিখ্যাত বিজ্ঞান ভিত্তিক চুটি গল্পকাৰ এইচ. জে. ওৱেলচে সময়ৰ পৰিমাণ কমাই দি কৈছে যে চুটি গল্প দহ মিনিটৰ পৰা পঞ্চাশ মিনিটৰ ভিতৰত শেষ হোৱা বাঞ্ছনীয়। আনহাতে ইংৰাজ চুটি গল্পকাৰ চমাৰচেট মমে কৈছে যে চুটি গল্প একে বহাতে শেষ কৰিব পৰা দৈৰ্ঘ্যৰ হ’ব লাগে।
মুঠতে চুটি গল্প চুটি হোৱা বাঞ্ছনীয়।

(ঘ) চুটি গল্প আৰু সাধুকথাৰ মাজৰ পাৰ্থক্য (H. S. ’15, ’16, ’17, ’18): যদিও কিছুমান উপাদানৰ ক্ষেত্ৰত চুটি গল্প আৰু সাধুকথা বা উপাখ্যানৰ মাজত মিল আছে তথাপি সাহিত্যৰ স্বতন্ত্র শাখা হিচাপে দুয়োৰে মাজত যথেষ্ট পার্থক্য আছে। যেনে

প্রথমতে সাধুকথা হৈছে প্রাচীন বস্তু। এইবোৰ প্ৰধানকৈ ৰপকাত্মক। এইবোৰত মানৱ চৰিত্ৰৰ বাহিৰেও জীৱ-জন্তু, চৰাই-চিৰিকতি আনকি কেতিয়াবা অতি প্রাকৃতিক প্রাণী বা জীৱও ইয়াৰ চৰিত্ৰ হয়। কিন্তু চুটি গল্প হৈছে বাস্তব ভিত্তিক আৰু ইয়াৰ চৰিত্ৰসমূহ সদায় মানুহ হয়। ইয়াত কোনো অপ্রাকৃতিক জীৱ বা প্রাণী প্রধান চৰিত্ৰ হিচাপে উপস্থাপন হ’ব নোৱাৰে।

দ্বিতীয়তে, প্রাচীন যুগৰ সাধুকথা বা আখ্যানমূলক কাহিনীৰ প্রধান উদ্দেশ্য আছিল মানুহক নৈতিক বা আধ্যাত্মিক শিক্ষা প্রদান কৰা। কিন্তু আধুনিক যুগৰ চুটি গল্পৰ প্রধান উদ্দেশ্য হৈছে পঢ়ুৱৈক আজৰি সময়ত বিনোদন দান কৰা।

তৃতীয়তে, সাধু কথাসমূহৰ সৰহভাগেই বেনামী ৰচকৰ দ্বাৰা মুখে মুখে ৰচিত হৈছিল আৰু সেইবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে মুখে চলি আহিছিল। কিন্তু চুটি গল্প লিখিত ৰূপত জন্ম গ্রহণ কৰে আৰু এইবোৰৰ নির্দিষ্ট লিখক থাকে।

চতুৰ্থতে আগৰ যুগৰ সাধু কথাবোৰ ৰচনাৰ কোনো নিদ্দিষ্ট বা ধৰা-বন্ধা নীতি-নিয়ম নাছিল। কিন্তু আধুনিক যুগৰ চুটি গল্প ৰচনাৰ কিছুমান নিৰ্দ্দিষ্ট ধৰা-বন্ধা নীতি-নিয়ম আছে।

মুঠতে সাধুকথা আৰু চুটিগল্প সাহিত্যৰ দুটি স্বতন্ত্র শাখা হিচাপে সিহঁতৰ নিজা নিজা বৈশিষ্ট্য আছে-যি বৈশিষ্ট্যই সাধুকথা আৰু চুটিগল্পৰ মাজত সীমাৰেখাৰ সৃষ্টি কৰিছে।

চুটিগল্পৰ চৰিত্ৰ (H. S. ’20): চুটিগল্প যেহেতু বাস্তৱ সমাজৰ পটভূমিৰ ওপৰত আধাৰিত গতিকে ইয়াৰ প্রধান চৰিত্ৰ হৈছে মানুহ। ইয়াত জীব-জন্তু, চৰাই-চিৰিকতি আদি চৰিত্ৰ থাকিব পাৰে যদিও সেইবোৰ কেতিয়াও প্ৰধান চৰিত্ৰ হ’ব নোৱাৰে। ইয়াৰ চৰিত্ৰ সমাজৰ লগত সম্পর্ক থকা ৰক্ত-মাংসৰ মানুহহে। ইয়াৰ উপৰিও চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াৰ চৰিত্ৰৰ সংখ্যাও কম। এনে গল্পত এটা বা দুটাতকৈ বেছি প্রধান চৰিত্ৰ থাকিব নোৱাৰে।

চুটিগল্পৰ সংলাপ (H. S. ’19): অন্যান্য উপাদানৰ দৰে সংলাপো চুটিগল্পৰ এক আৱশ্যকীয় উপাদান। সংলাপ বুলিলে দুই বা ততোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। কিন্তু চুটি গল্পৰ সংলাপ সংক্ষিপ্ত আৰু যথার্থ হোবা উচিত। লিখকে সংলাপসমূহ তেওঁৰ গল্পৰ চৰিত্ৰৰ ভূমিকা, সামাজিক মর্যদা, পেশা আদিৰ লগত খাব খোৱাকৈ ৰচনা কৰিব লাগে। তাৰোপৰি সংলাপসমূহ এনে হ’ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ, স্বভাৱ আদি প্ৰকাশ পোৱাৰ উপৰিও গল্পটিৰ কাহিনীভাগ আগবঢ়াই নিয়াত সহায়ক হয়।

চুটিগল্পৰ উপাদান (H. S. ’20): চুটি গল্পৰ উপাদান: চুটিগল্প হৈছে মানব জীৱনৰ কোনো এক মূহুর্তত ঘটা ঘটনা বা বিষয়ৰ আধাৰত ৰচিত চুটি পৰিসৰৰ এক কাল্পনিক গদ্য ৰচনা। ইয়াৰ প্রধান বৈশিষ্ট্য (উপাদান) সমূহ হ’ল:

(ক) কাহিনী: চুটিগল্পত এটি মাথো কাহিনী থাকে। ই কাল্পনিক যদিও বাস্তৱৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হয়।

(খ) চৰিত্ৰ: চুটিগল্প চুটি পসিৰৰ বাবে ইয়াত এটি বা দুটি মুখ্য চৰিত্ৰৰ বাহিৰে অধিক চৰিত্ৰ সমাবেশ নাথাকে। চৰিত্ৰসমূহ হৈছে সাধাৰণতে সমাজত বাস কৰা ৰক্ত-মাংহৰ মানুহ।

(গ) পৰিবেশঃ চুটিগল্পৰ বর্ণিত ঘটনা এটি যি ঠাইত সংঘটিত হয় সেই ঠাইৰ চাৰিওফালৰ বৰ্ণনা, চৰিত্ৰসমূহৰ সাজ-সজ্জা আদি চুটিগল্পৰ পৰিৱেশৰ অন্তৰ্গত।

(ঘ) সংলাপ: সংলাপ বুলিলে এক বা একাধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজোৱা হয়। চুটিগল্পৰ সংলাপ যথাযথ, পৰিমিত হোৱা উচিত যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটিৰ বিকাশ হয় আৰু গল্পটিৰ কাহিনীভাগ আগবাঢ়ি যায়।

(ঙ) লিখকৰ জীৱন দর্শন: জীবন দর্শন বুলিলে মানব জীবন, মানৰ আচৰণ বা মানৱ কাৰ্যৰ ওপৰত এক মতামত বা ধাৰণা প্রতিফলন হোৱাক বুজায়। চুটি গল্পত লিখকৰ জীৱন দর্শন কেতিয়াবা প্রত্যক্ষভাবে আৰু কেতিয়াবা পৰোক্ষভাৱে প্রকাশ পায়। অৱশ্যে লিখকৰ জীৱন দর্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্রকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীৱন দর্শনটো উহ্যও ৰাখিব পাৰে।

(ঘ) পৰিৱেশ প্রধান চুটিগল্প (H. S. ’18, ’20): যিবোৰ চুটিগল্পত কোনো এক বিশেষ স্থান বা অঞ্চলৰ প্ৰাকৃতিক বা মানবসৃষ্ট অৱস্থা বা পৰিৱেশৰ চিত্ৰ অংকিত কৰা হয় সেইবোৰ চুটিগল্পক পৰিৱেশ প্রধান চুটিগল্প বুলি কোৱা হয় পৰিৱেশ প্রধান চুটিগল্পত বিক্ষিপ্ত ঘটনা এটাৰ প্ৰসংগ থাকিব পাৰে যদিও ঘটনা বা কাহিনীটো অৱলম্বনহে মাত্র। সাধাৰণতে কোনো ধর্মীয় বা পরিত্র স্থান, সমুদ্র তট, মোহনীয় প্রাকৃতিক সৌন্দর্য থকা কোনো স্থান, বিশেষ উল্লেখযোগ্য ঠাই বা ভ্রমণযোগ্য ঐতিহাসিক গুৰুত্ব থকা কোনো ঠাইৰ চাৰিওফালৰ অৱস্থাৰ সজীৱ বৰ্ণনা দাঙি ধৰি পৰিবেশ প্রধান চুটিগল্প ৰচনা কৰা হয়। পৰিৱেশ প্রধান চুটিগল্পৰ সংখ্যা খুব তাকৰ। অসমীয়া ভাষাত বিক্ষিপ্তভাবে দুই-এখন পৰিবেশ প্রধান চুটিগল্প পোৱা যায়, যেনেঃ ত্রৈলোক্যনাথ গোস্বামীৰ ‘পতিত আৰু পতিতা’ মহেন্দ্ৰ বৰাৰ ‘অবিয়ে’ ৰাধিকা মোহন গোস্বামীৰ ‘স্টেট ট্রান্সপ’র্ট’ আদি।

(খ) বিষয়-বস্তুৰ ফালৰ পৰা চুটিগল্পৰ বিভাগ (H. S. ’18): চুটিগল্প হৈছে মানৱ জীৱনৰ কোনো এক মূহুর্তত ঘটা ঘটনা বা বিষয়ৰ আধাৰত ৰচিত চুটি পৰিসৰৰ এক কাল্পনিক গদ্য ৰচনা। সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত চুটি গল্পই হৈছে সর্বাধুনিক সৃষ্টি। বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পক সাত ভাগত ভাগ কৰিব পাৰি, যথা: সামাজিক চুটিগল্প, বাজনৈতিক চুটিগল্প, মনস্তাত্ত্বিক চুটিগল্প, অপৰাধমূলক চুটিগল্প, বিজ্ঞান ভিত্তিক চুটিগল্প, প্রতীকধর্মী চুটিগল্প, পৰিৱেশ প্রধান চুটিগল্প আদি। এই ভাগবোৰৰ ভিতৰত সামাজিক চুটিগল্পৰ সংখ্যা বেছি। অসমীয়া ভাষাত লক্ষ্মীনাথ বেজবৰুৱা, ত্রৈলোক্যনাথ গোস্বামী, হলিৰাম ডেকা, চৈয়দ আব্দুল মালিক, মামনি ৰয়চম গোস্বামী, লক্ষ্মীনন্দন বৰা, শীলভদ্র আদি গল্পকাৰসকলৰ গল্পবোৰ সামাজকি চুটিগল্প। অৱশ্যে চৈয়দ আব্দুল মালিকৰ কেইটিমান গল্প ৰাজনৈতিক পটভূমিত ৰচিত। তেওঁৰ কিছুমান গল্পত মনস্তাত্বিক বিশ্লেষণো আছে। অসমীয়া ভাষাত বিক্ষিপ্তভাবে দুই-এখন পৰিৱেশ প্রধান চুটিগল্পও পোৱা যায়, যেনেঃ ত্রৈলোক্যনাথ গোস্বামীৰ ‘পতিত আৰু পতিতা’ মহেন্দ্ৰ বৰাৰ ‘অবিয়ে’ বৰাধিকা মোহন গোস্বামীৰ ‘স্টেট ট্রান্সপ’র্ট’ আদি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment