Class 10 Social Science History Chapter 3 Solutions 2025

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ Class 10 Social Science History Chapter 3 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science History Chapter 3 Solutions

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ Class 10 Social Science History Chapter 3 Solutions

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। কোন আহোম ৰজাৰ ৰাজত্বকালত মায়ামৰা সত্ৰৰ চতুৰ্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাকাণ্ড সংঘটিত কৰিছিল?

উত্তৰঃ চুৰামফা ভঙা ৰজাৰ ৰাজত্বকালত।

২। গেইটৰ মতে খাচী পাহাৰত মুঠতে কিমানখন ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্য আছিল?

উত্তৰঃ ২৫ খন।

৩। শ্বিলঙৰ স্থানীয় খাচী নাম কি আছিল?

উত্তৰঃ য়েডু।

৪। লুছাই বা লুছেইসকলক বৰ্তমান কি নামেৰে জনা যায়?

উত্তৰঃ মিজো।

৫। ইংৰাজসকলে কোন চনত অসমত টিকট শুল্ক প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৮৫৮ চনত।

৬। লাখেৰাজ ভূমি কেই ভাগত বিভক্ত কৰা হৈছিল?

উত্তৰঃ তিনি ভাগত।

৭। কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল? HSLC ’19

উত্তৰঃ ১৮৪৩ চনত।

৮। শিৱসাগৰৰ প্রিন্সিপাল এছিছটেন্ট কেপ্তেইন হলৰয়দে কোন তাৰিখে চাৰিং ৰজা কন্দপেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰিছিল?

উত্তৰঃ ১৮৫৭ চনৰ চেপ্তেম্বৰ মাহত।

৯। মণিৰামক গ্ৰেপ্তাৰ কৰি আলিপুৰ জেইলত আবদ্ধ কৰি ৰখাৰ পিছত কোন জাহাজেৰে অসমলৈ আহিছিল?

উত্তৰঃ কোলাডাইন।

১০। বিভিন্ন নগা জনগোষ্ঠীৰ লোকৰ মাজত মুঠতে কিমানটা ভাষাৰ প্ৰচলন আছে?

উত্তৰঃ ৪৭ টা।

১১। ইংৰাজসকলে কোনটো ভূ-খণ্ডক ‘উত্তৰ- পূর সীমান্ত ভূ-ভাগ’ নামেৰে চিনাক্ত কৰিছিল?

উত্তৰঃ পশ্চিমৰ ভূটান সীমান্তৰ পৰা পূৱে খামটি-চিংফৌসকলৰ সমভূমি খণ্ডক।

১২। ‘খৰিকাটানা’ কি আছিল?

উত্তৰঃ ‘খৰিকাটানা’ আছিল মানসকলে তেওঁলোকৰ ৰাজত্বকালত কামৰূপৰ জনসাধাৰণৰ পৰা আদায় কৰা এবিধ কৰ।

১৩। জে. ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?

উত্তৰঃ ১৮৯১ চনত।

১৪। কোনজন আহোম ৰজাৰ ৰাজত্ব কালত ময়ামাৰা সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

উত্তৰঃ লক্ষ্মী সিংহ।

১৫। ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ওকিয়াং নংবাহ।

১৬। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰি ফাঁচি দি মাৰিছিল?

উত্তৰঃ ইংৰাজসকলে।

১৭। ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিবৰ্তন হৈছিল?

উত্তৰঃ ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত টকাৰ মাধ্যমত ৰাজহ সংগ্ৰহ কৰা হৈছিল।

১৮। কোন চনত মফট মিলচ অসমলৈ আহিছিল?

উত্তৰঃ ১৮৫৩ চনত।

১৯। কেঞাসকল কোন আছিল?

উত্তৰঃ মাৰোৱাৰীসকলক ‘কেঞাসকল’ বুলি কোৱা হৈছিল।

২০। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ মণিৰাম দেৱানে।

২১। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰঃ কন্দপেশ্বৰ সিংহক।

২২। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?

উত্তৰঃ মধুমল্লিক নামৰ বাঙালী মুক্তিয়াৰে।

২৩। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল?

উত্তৰঃ পিয়লি বৰুৱা।

২৪। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? HSLC ’18

উত্তৰঃ কেপ্তেইন হলৰইড চাহাবে।

(খ) বিদ্রোহীসকলৰ অস্ত্র-শস্ত্ৰৰ অভাৱ আছিল।

২৫। কোন কোন চনত টিকট কৰ আৰু আয় কৰ প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।

২৬। লেফটেনেন্ট ছিংগাৰ কোন আছিল?

উত্তৰঃ লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল।

২৭। ‘ফুলগুৰিৰ ধাৱা’ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৬১ চনৰ ১৮ অক্টোবৰত।

২৮। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত।

২৯। লচিমা ক’ত অৱস্থিত?

উত্তৰঃ লচিমা পুৰণি কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত এখন গাওঁ।

৩০। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৪ চনৰ ২১ জানুৱাৰীত।

৩১। ১৮৬১ চনত জয়ন্তীয়া বিদ্রোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ওকিয়াং নংবাহে।

৩২। ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্রোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ সম্বোধন কছাৰীয়ে।

৩৩। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৪ চনৰ ২১ জানুৱাৰীত।

৩৪। ট্রিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰে।

৩৫। জে. ডব্লিউ. কুইন্টক কোন চনত হত্যা কৰিছিল?

উত্তৰঃ ১৮৯১ চনত।

৩৬। অসমত ১৮৫৭ চনৰ বিদ্ৰোহত নেতৃত্ব দিছিল। (খালী ঠাই পূৰণ কৰা) HSLC ’23

উত্তৰঃ মণিৰাম দেৱানে।

৩৭। ফুলগুৰি ধাবা বিদ্রোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন আছিল । HSLC ’23

(খালী ঠাই পূৰণ কৰা)

উত্তৰঃ লেফটেনেন্ট ছিংগাৰ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে আলোচনা কৰা। HSLC ’19

উত্তৰঃ সমগ্ৰ ভাৰতবৰ্ষ লগতে অসমতো ইংৰাজ শাসনৰ বিৰুদ্ধে ১৮৫৭ চনত বিদ্রোহ হয়। এই বিদ্ৰোহৰ কাৰণ কেইবাটাও কাৰণ আছিল, যেনে-

(ক) ৰাজনৈতিক কাৰণ: ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলত অসমখন ইংৰাজৰ অধীনলৈ যায় স্বাধীনতা হেৰুৱাত অসমীয়া মানুহৰ মৰ্যদা বেয়াকৈ আঘাতপ্রাপ্ত হয়। সেয়ে ভিতৰি ভিতৰি উমি উমি জ্বলি থকা ইংৰাজ বিদ্বেষী ভাৱটো ১৮৫৭ চনত বিদ্ৰোহৰ ৰূপ লয়।

(খ) অর্থনৈতিক কাৰণ: ইংৰাজসকলে ৰাজহ বৃদ্ধিৰ কাৰণে প্ৰজাৰ ওপৰত বহুত কৰ-কাটল ধার্য কৰিছিল। মাটিৰ খাজনা বৃদ্ধি কৰিছিল। কৰ পৰিশোধ কৰিব নোৱাৰা প্ৰজাৰ ওপৰত কঠোৰ পদক্ষেপ লোৱাত প্রজাসাধাৰণ ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।

(গ) সামাজিক কাৰণ: ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰি শাসনকার্যত সহায় হোৱাকৈ বংগদেশৰ পৰা বঙালীসকলক আমদানি কৰি বিভিন্ন চৰকাৰী পদত নিয়োগ কৰিছিল। ফলত অসমীয়া লোকসকলৰ ক্ষুন্ন হৈছিল। ইংৰাজসকলে মণিৰাম দেৱানকো তেওঁৰ বিষয়ভাৱ কাঢ়ি নি ইংৰাজ বিদ্বেষী কৰি তুলিছিল। ফলত ১৮৫৭ চনতবিদ্রোহে দেখা দিছিল।

(ঘ) সামাজিক প্রথাত আঘাতঃ ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে অসমত দাস-দাসী প্রথা প্রচলিত আছিল। অসমৰ ব্ৰাহ্মণ, পুৰোহিত আৰু অভিজাত লোকসকলে চাকৰ, লগুৱা, বন্দি-বেটী আদি ৰাখিব পাৰিছিল। কিন্তু ইংৰাজসকলে এই প্রথাটো উঠাই দিয়াত উচ্চ শ্ৰেণীৰ অসমীয়া লোকসকল ইংৰাজ বিদ্বেষী হৈ বিদ্ৰোহৰ সূচনা কৰিছিল।

(ঙ) ব্রাহ্মণ আৰু সত্ৰাধিকাৰসকলৰ অসন্তুষ্টি : আহোম যুগত অসমৰ ব্ৰাহ্মণ, গোঁহাই আৰু সত্ৰাধিকাৰসকলে বিনা খাজনাত লাখেৰাজ ভূমি = লাভ কৰিছিল। কিন্তু ইংৰাজসকলৰ ভূমি নীতিয়ে – ব্রাহ্মণ আৰু সত্ৰাধিকাৰসকলৰ লাখেৰাজ ভূমি কাঢ়ি লয়। ফলত সিহঁতে ১৮৫৭ চনত মণিৰাম দেৱানৰ লগ লাগি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল। উপৰোক্ত কাৰণত অসমত ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ সূচনা হৈছিল।

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা। HSLC ’18, 24

উত্তৰঃ অসমৰ এজন প্রভাবশালী ব্যক্তি আছিল মণিৰাম দেৱান। তেওঁৰ পিতৃ ৰামদেউ আহোম ৰজা কমলেশ্বৰ সিংহৰ দোলাকাষৰী বৰুৱা আছিল। মানৰ – আক্ৰমণৰ সময়ত মণিৰাম দেৱান পৰিয়ালৰ সৈতে কলিকতাত থাকিবলৈ লৈছিল। মানসকলে অসমত অবর্ণনীয় অত্যাচাৰ আৰম্ভ কৰাত মণিৰাম দেৱান = অসমৰ পৰা মানক খেদিবলৈ কেপ্তেইন ডেভিড স্কটৰ লগত পদ-প্রদর্শক হিচাপে অসমলৈ আহিছিল।

ইংৰাজসকলে অসমত শাসনভাৰ গ্ৰহণ কৰাৰ পিছত মণিৰাম দেৱান চিৰস্তাদাৰ হিচাপে নিযুক্ত হয়। যদিও ইংৰাজৰ স্বেচ্ছাচাৰিতাই মণিৰামক ক্ষুব্ধ কৰিছিল। তেওঁ ইংৰাজৰ বিৰোধিতা কৰি অসমত পুনৰ ৰাজতন্ত্র স্থাপন কৰিবলৈ সংকল্প লৈছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত মণিৰাম দেৱান কলিকতাত আছিল। তাতেই তেওঁ বিদ্ৰোহৰ পৰিকল্পনা কৰি আহোম ৰাজকোৱঁৰ কন্দপেশ্বৰ সিংহক সিংহাসনত পুনঃস্থাপন কৰিবলৈ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। তেওঁ গোপনে চিঠিৰ যোগে বিদ্ৰোহৰ বাবে সাজু হ’বলৈ নিৰ্দেশনা দিছিল। দুর্ভাগ্যজনকভাৱে, মণিৰামৰ লিখা কেইখনমান চিঠি ইংৰাজৰ হাতত পৰাত তেওঁক কলিকতাতে গ্ৰেপ্তাৰ কৰি অসমলৈ পঠোৱা হয়। তাতেই মণিৰাম দেৱানক দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত শাস্তি প্রদান কৰা হয়। এনেদৰে মণিৰাম দেৱানে ১৮৫৭-৫৮ চনৰ বিদ্রোহত এক দুঃসাহসী ভূমিকা গ্রহণ কৰিছিল।

৩। কি কি কাৰণত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হৈছিল আলোচনা কৰা। HSLC ’14, 16, 17

উত্তৰঃ ১৮৫৭ চনত সংঘটিত হোৱা চিপাহী বিদ্রোহ ব্যর্থ বহুতো কাৰণ আছে, যেনে –

(ক) চিপাহী বিদ্রোহ সর্বাত্মক বিদ্রোহ নাছিল। ইয়াত কিছুসংখ্যক চিপাহীয়ে যোগদান কৰিছিল যদিও সাধাৰণ নাগৰিকসকলে এই বিদ্রোহত সম্পূর্ণ সহযোগ কৰা নাছিল। অসমত গোর্খা ৰেজিমেন্টৰ সৈনিকসকলে বিদ্রোহত যোগদান নকৰি চৰকাৰক সহায় কৰি বিদ্ৰোহীসকলৰ সাংগঠনিক দিশ দুৰ্বল কৰি তুলিছিল।

(খ) মণিৰাম দেৱানৰ বিদ্ৰোহী কার্যকলাপ নেতাসকলৰ মাজতে আবদ্ধ আছিল। তেওঁ জনসাধাৰণৰ আনুগত্য লাভ কৰাত সময় আৰু সুবিধা পোৱা নাছিল।

(গ) এই বিদ্রোহ মাথো শিৱসাগৰ আৰু যোৰহাটৰ দৰে অঞ্চলতে সীমাবদ্ধ আছিল। নগাওঁ, কামৰূপ, গুৱাহাটী আদি অঞ্চলত এই বিদ্ৰোহৰ কোনো প্রভাব পৰা নাছিল।

(ঘ) সময়মতে কার্যসূচী গ্ৰহণ কৰাত নেতাসকল ব্যর্থ হৈছিল। ফলত চৰকাৰে ক্ষীপ্র গতিত বিদ্রোহ দমন কৰাত সফল হৈছিল।

(ঙ) বিদ্রোহীসকলৰ বিশেষ সমূহীয়া উদ্দেশ্য নাছিল। প্ৰায়বোৰ নেতাই ব্যক্তিগত স্বার্থক আগস্থান দি বিদ্রোহত অংশ গ্রহণ কৰিছিল। ফলত এই বিদ্রোহ বিফল হৈছিল। 

৪। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। HSLC ’17, 19

উত্তৰঃ ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰিয়েই বিভন্ন কৰ-কাটল ধাৰ্য কৰাত কৃষকৰ অৱস্থা শোচনীয় হৈ পৰে। ফলত ৰাইজ অসন্তুষ্ট হৈ চৰকাৰৰ বিৰোদ্ধে বিদ্রোহ কৰিবলৈ লয়। এই বিদ্রোহ কেইবালানিত হয়। সেইবোৰৰ ভিতৰত প্রথম বিদ্রোহটোৱেই আছিল ফুলগুৰিৰ ধাৱা।

ফুলগুৰি আছিল নগাঁৱৰ ওচৰত তিৱা জনগোষ্ঠীৰ বসতিপূর্ণ এখন গাওঁ। সিহঁতে আফু খেতি কৰি জীৱন নির্বাহ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে আফু খেতি বন্ধ কৰি দিয়ে। ফলত তিৱা জনগোষ্ঠীৰ লোকসকল বিক্ষুব্ধ হৈ ১৮৬১ চনৰ ১৫ অক্টোবৰত একেৰাহে পাঁচ দিন ধৰি ফুলগুৰিত মিলিত হৈ ৰাইজ মেল পাতে। সেই সময়ত নগাঁৱৰ উপাযুক্ত আছিল লেফটেনেন্ট হার্বার্ট। তেওঁ ৰাইজৰ প্রতিবাদৰ প্ৰতি সঁহাৰি নজনাই ৰাইজ মেলৰ বিৰুদ্ধে সহকাৰী উপায়ুক্ত ছিংগাৰক ফুলগুৰিলৈকে পঠাই দিয়ে। ছিংগাৰে পুলিচ বাহিনীক ৰাইজৰ হাতৰ পৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়াত লাঠীৰ বাবে টনা-আজোঁৰা চলি থকা সময়ত বাবু কৈবর্ত নামৰ এজন লোকে ছিংগাৰৰ মূৰত লাঠীৰে কোৱাই মাটিত বগৰাই দিয়ে। লগে লগে ছিংগাৰৰ মৃত্যু হয়। ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়ত পলাই পত্রং দিয়ে। এই ঘটনাৰ পিছত বহুতো কৃষক লেফটেনেন্ট ছিংগাৰক হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ হয়। বিচাৰত লক্ষণ ডেকা, চংবৰ লালুং আৰু ৰংবং ডেকাক মৃত্যুদণ্ডেৰে দণ্ডিত কৰে। কিছু অভিযুক্তক কলিয়াপানী লৈ নির্বাসন দিয়ে।

৫।১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। HSLC ’18

উত্তৰঃ ১৮৯২ চনত চৰকাৰে ব্ৰহ্মপুত্র উপত্যকাৰ ভূমিৰ নতুন শ্রেণী বিভাজন কৰি ভূমি ৰাজহ ৩৫ শতাংশ বৃদ্ধি কৰে।
কৃষকসকলে খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰি চৰকাৰৰ ওচৰত লিখিত আবেদন দাখিল কৰে। কিন্তু কৃষকৰ তীব্র প্রতিবাদ সত্বেও চৰকাৰে খাজনা বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰি খাজনা আদায় কৰিবলৈ লোৱাত কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। এই বিদ্রোহ অসমৰ বিভিন্ন ঠাইত গা কৰি উঠিছিল। এই বিদ্রোহ প্রথমতে উত্তৰ কামৰূপত দেখা দিয়ে। কৃষকসকলে ৰাইজমেলত মিলিত হৈ বর্দ্ধিত হাৰত খাজনা নিদিবলৈ সংকল্পবদ্ধ লয়। ১৮৯৩ চনৰ ডিচেন্ত কেবাশ কৃষকে ৰঙিয়া আৰু তামোলপুৰত মিলিত হৈ তামোলপুৰৰ ইংৰাজ বিষয়া ৰাধানাথ বৰুৱাক আক্ৰমণ কৰি ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে। ইয়াৰ উপৰিও মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্ৰও লুট কৰে। ১৮৯৪ চনত নলবাৰীত হাজাৰ হাজাৰ কৃষক সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰে। চৰকাৰে ৰাইজমেলক তীব্র বাধা দিয়ে। ফলত দুয়ো পক্ষৰ মাজত সংঘর্ষ হয়। সংঘর্ষত কেইবাজনো কৃষকৰ মৃত্যু হয়। নলবাৰী জিলাৰ বৰমাতো এক শক্তিশালী প্রতিবাদী ৰাইজমেল অনুষ্ঠিত হয়। নলবাৰী অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন হৈছিল পানীগাওঁৰ চাপৰিত। ইয়াত সৰ্থেবাৰী, পাটাছাৰকুছি, ধৰ্মপুৰ, বজালী আদি নানান ঠাইৰ কৃষক সমবেত হৈছিল। চৰকাৰে এইবোৰ কৃষক বিদ্রোহ কঠোৰ হাতেৰে দমন কৰিছিল।

৬। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। HSLC ’20

উত্তৰঃ দৰং জিলাৰ পথৰুঘাট নামে ঠাইত ১৮৯৪ চনত এক শক্তিশালী কৃষক বিদ্রোহ সংঘটিত হৈছিল। চৰকাৰৰ বৰ্দ্ধিত হাৰত খাজনা ধার্য আৰু চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে এই বিদ্রোহ দেখা দিছিল। এই বিদ্রোহত কৃষকসকল ১৮৯৪ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ দৰং জিলাৰ পথৰুঘাটত মিলিত হৈছিল। সেই সময়ত দৰং জিলাৰ মহকুমাধিপতি জে. এণ্ডাৰচনে কৃষকসকলক মোকাবিলা কৰাৰ উদ্দেশ্যে সামৰিক বাহিণী প্ৰেৰণ কৰে। ফলত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। পিছত কৃষক ৰাইজৰ ওপৰত জিলাধিপতিয়ে গুলিবর্ষণ কৰিবলৈ আদেশ দিয়ে। ১৪০ জন কৃষকৰ থিতাতে মৃত্যু হয় আৰু ৭৫০ জন আহত আৰু ঘূণীয়া হয়। পাথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে নৰোত্তম দাসে ৰচিত ‘দলি পুৰাণ’ নামৰ পুথিত বিস্তাৰিত বর্ণনা আছে।

৭। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। HSLC ’19, 23

উত্তৰঃ ইংৰাজ শানৰ বিৰুদ্ধে ১৮৫৭ চনত সংঘটিত হোৱা বিদ্রোহ ব্যর্থ হৈছিল যদিও অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ যথেষ্ট গুৰুত্ব আছে।

প্রথমতে, এই বিদ্রোহতে অসম প্ৰথম বাৰৰ বাবে সৰ্বভাৰতীয় ঘটনাৰ লগত জড়িত হৈ পৰে। দ্বিতীয়তে, এই বিদ্রোহ হ’লেও সর্বাসাধাৰণ লোকে ইংৰাজৰ বিৰুদ্ধে মাত মাতিবলৈ সাহসী হৈ উঠিছিল। ইয়াৰ পিছত ১৮৬১ চনৰ পৰা অসমত সংঘটিত হোৱা কৃষক বিদ্রোহেই তাৰ প্ৰমাণ।

তৃতীয়তে, বিভিন্ন বৰ্ণ আৰু ধৰ্মৰ লোকে বিদ্রোহত যোগ দিয়াত জাতীয়তাবাদৰ বিকাশ আৰম্ভ হৈছিল। চতুৰ্থতে, মণিৰাম দেৱান, পিয়লি বৰুৱা আদি ব্যক্তিৰ ফাঁচীয়েও ভবিষ্যতত দেশৰ বাবে আত্মোৎসর্গ কৰাৰ মানসিকতা অসম বাসীৰ মনত জাগি উঠিছিল।

৮। ১৮৫০ চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। HSLC ’18, ’20

উত্তৰঃ ইংৰাজসকলে ১৮৩৫ চনত জয়ন্তীয়া পাহাৰ ইংৰাজ সাম্ৰাজ্যৰ অধীন কৰে। এই কার্যত জয়ন্তীয়াসকল বৰকৈ অসন্তুষ্ট হয়। ইয়াৰ উপৰিও ইংৰাজ চৰকাৰে ১৮৬১ চনত জয়ন্তীয়াসকলৰ ওপৰত ‘ঘৰমুৰি কৰ’ আৰু ‘আয়কৰ’ প্ৰৱৰ্তন কৰে। এই কৰ ধাৰ্যকৰণৰ বিৰুদ্ধে জয়ন্তীয়াসকলে বিদ্ৰোহৰ পাতনি মেলে। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল ওকিয়াং নংবাহ নামৰ এজন জয়ন্তীয়া মুখিয়ালে। ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে জোৱাই নামে ঠাইত থকা বৃটিছৰ চাউনীত আক্ৰমণ কৰে। বিদ্রোহীসকল আৰু চৰকাৰৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো বিদ্রোহী মৃত্যু মুখত পৰে। বিদ্রোহীহঁতেও কেইবাজনো পুলিচক হত্যা কৰে। চৰকাৰী আক্ৰমণত বিদ্রোহীসকলৰ প্ৰতাপ লাহে লাহে কমি আহে। বিদ্রোহী নেতা ওকিয়াং নংবাহ বৃটিছ সেনাৰ হাতত ধৰা পৰে। চৰকাৰে তেওঁক অপৰাধী সাব্যস্ত কৰি ফাঁচী দিয়ে। লগে লগে জয়ন্তীয়া বিদ্ৰোহৰ অন্ত পৰে।

৯। ৰবাৰ্টচন আৰু ছাৰ ফেঞ্চিছ জেনকিন্সে অসমত প্ৰৱৰ্তন কৰা ব্ৰিটিছ শাসন সংস্কাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।
HSLC ’17

উত্তৰঃ ফ্রেঞ্চিছ জেনকিন্সে ১৮৩৪ চনৰ পৰা ১৮৬১ চনলৈ সূদীর্ঘ ২১ বছৰকাল অসম তথা উত্তৰ-পূৱ সীমান্তৰ প্রশাসনিক দায়িত্ব পালন কৰিছিল। এই দীর্ঘ সময়ছোৱাত তেওঁ ভালেমান প্রশাসনিক সংস্কাৰমূলক কার্য সম্পাদন কৰিছিল। তেওঁ অসমৰ জিলাসমূহ পুনৰ গঠন কৰি কিছু সালসলনি ঘটায়। তেওঁৰ আমোলত অসমত জিলাৰ সংখ্যা হৈছিলগৈ ৬ খন। তেওঁ বিচাৰ বিভাগত আমিন আৰু মুঞ্চিফ পদৰ সৃষ্টি কৰে। ১৯৩৫ চনত অসমৰ বিভিন্ন জিলাত মুঠতে এজন মুখ্য সদৰ আমিন, ৬ জন সদৰ আমিন আৰু ১৩ জন মুঞ্চিফ আছিল। তেওঁ পুলিচ বিভাগতো ভালেমান সংস্কাৰ সাধন কৰিছিল। তেওঁ এজন দাৰোগা, এজন জামাদাৰ, এজন বা ততোধিক মহৰী লৈ পুলিচ প্রশাসনৰ থানা নামে নিম্নতম গোটটো গঠন কৰিছিল। জেনকিন্সৰ দিনত ভালেমান শিতানত নতুনকৈ কৰ-কাটল ধাৰ্য কৰা হৈছিল। নদীৰ বালিৰ পৰা সোণ কমোৱাৰ বাবে ঠিকাদাৰী ব্যৱস্থা আৰু নদীৰ পৰা মাছ মৰাৰ বাবে জলকৰ ধাৰ্য কৰিছিল। তাৰোপৰি কাঠৰ ওপৰত গোৰখাটি, খেৰ-ইকৰাৰ ওপৰত বনকৰ, আৰু চৰণীয়া পথাৰৰ ওপৰত ‘খুছাৰী কৰ’ বহুৱাইছিল। ১৮৫৮ চনত তেওঁ টিকট শুল্ক প্ৰৱৰ্তন কৰি চৰকাৰী আয়ৰ পথ মোকলাইছিল।

এনেদৰে জেনকিন্সে শাসন সম্পর্কীয় বহুতো সংস্কাৰ প্ৰৱৰ্তন কৰিছিল।

১০। ব্ৰিটিছৰ দিনত অসমৰ কৃষক আৰু কুটিৰ শিল্পৰ লগত জড়িত লোকসকলৰ দূৰৱস্থাৰ কাৰণসমূহ লিখা। HSLC ’18

উত্তৰঃ ব্ৰিটিছৰ দিনত কৃষক আৰু কুটিৰ শিল্পৰ লগত জড়িত লোকসকলৰ দূৰৱস্থাৰ কেইবাটাও কাৰণ আছে, যেনে-

(ক) ব্ৰিটিছ চৰকাৰে কৃষকৰ ওপৰত অতিৰিক্তি কৰ ধাৰ্য কৰিছিল।

(ক) ব্ৰিটিছ চৰকাৰে কৃষিৰ উন্নতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

(গ) ব্ৰিটিছৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমত সুধখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল ফলত অধিক হাৰত টকা ধাৰে লোৱা দুখীয়া কৃষকসকল শোষিত হৈছিল।

(ঘ) ব্ৰিটিছৰ যুগত ইংলণ্ডৰ পৰা প্রয়োজনীয় সামগ্রী আমদানি কৰাত অসমৰ কুটিৰ শিল্পজাত সামগ্ৰীৰ চাহিদা হ্রাস পাইছিল।

(ঙ) কুটিৰ শিল্পৰ বিকাশৰ বাবে ইংৰাজ চৰকাৰে কোনো ধৰণৰ উদ্যোগ গ্রহণ নকৰি ইয়াৰ অৱনতি হোৱাটো কামনা কৰিছিল।

১১। ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ উল্লেখ কৰা। HSLC ’20

উত্তৰঃ ভাৰতত ইংৰাজ শাসনৰ বিৰুদ্ধে আৰম্ভ হোৱা ১৮৫৭ চনৰ বিদ্রোহ অসমতো দেখা দিছিল। অসমত মণিৰাম দেৱান, গোমধৰ কোঁৱৰ, পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ আদি বহুতো নেতাৰ নেতৃত্বত অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই পুনৰ ৰাজতন্ত্র প্রতিষ্ঠাৰ উদ্দেশ্যে বিদ্রোহ আৰম্ভ হৈছিল। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কিছুমান বিদ্রোহীয়ে ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টিৰ ভাৱ বিয়পাই দি এই বিদ্ৰোহৰ উত্থান ঘটাইছিল। এই বিদ্ৰোহৰ লগত আহোম ৰাজপৰিয়ালৰ লোকো জড়িত হৈছিল। বিদ্রোহীসকলে যোৰহাটত থকা চাৰিং ৰজা কন্দৰ্পেৰ্শৰ সিংহৰ সৈতে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। কিন্তু মণিৰাম দেৱান ব্ৰিটিছ চকাৰৰ হাতত ধৰা পৰাত এই বিদ্রোহ সিমানতে অন্ত পৰে।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্নঃ মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি কাঠত ওলমাৱো হৈছিল?

(ক) পিয়লি বৰুৱাক।
(খ) গামেধৰ কোঁৱৰক
(গ) জিউৰাম দুলীয়া বৰুৱাক
(ঘ) দুতিৰাম বৰুৱাক
উত্তৰঃ (ক)

প্রশ্নঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপমতে কিমানজন কৃষকৰ মৃত্যু হৈছিল?

(ক) ১৩৫ জনৰ
(গ) ১৪৫ জনৰ
(খ) ১৪০ জন
(ঘ) ১৫০ জনৰ

উত্তৰঃ (খ)

প্রশ্নঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

(ক) শম্ভধন কাংলাছোৰ
(খ) জাফলং
(গ) উকিয়াং নবাৰ
(ঘ) মণিৰাম দেৱান।
উত্তৰঃ (গ)

প্রশ্নঃ কোনজন বিষয়াই মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

(ক) জেনকিনচে
(খ) লর্ড মিলচে
(গ) লর্ড স্কট চাহাবে।
(ঘ) কেপ্তেইন হলৰইডে
উত্তৰঃ (ঘ)

প্রশ্নঃ কেঞাসকল কোন আছিল?

(ক) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক
(খ) অসমৰ কাছাৰীসম্প্ৰদায়ৰ লোক
(গ) পশ্চিম ভাৰতৰ বঙালী লোক
(ঘ) বিহাৰৰ পৰা অহা লোক
উত্তৰঃ (ক)

প্রশ্নঃ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ বাবে ১৮৫৮ চনত কোন দুজন বিদ্রোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল?

(ক) মধুমল্লিক আৰু কমলা বৰুৱাক
(খ) দুতিৰাম বৰুৱা আৰু মায়াম নাজিক (ক) পিয়লি বৰুৱাক।
(খ) গামেধৰ কোঁৱৰক
(গ) জিউৰাম দুলীয়া বৰুৱাক
(ঘ) দুতিৰাম বৰুৱাক
উত্তৰঃ (ক)

প্রশ্নঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপমতে কিমানজন কৃষকৰ মৃত্যু হৈছিল?

(ক) ১৩৫ জনৰ
(গ) ১৪৫ জনৰ
(খ) ১৪০ জন
(ঘ) ১৫০ জনৰ

উত্তৰঃ (খ)

প্রশ্নঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

(ক) শম্ভধন কাংলাছোৰ
(খ) জাফলং
(গ) উকিয়াং নবাৰ
(ঘ) মণিৰাম দেৱান।
উত্তৰঃ (গ)

প্রশ্নঃ কোনজন বিষয়াই মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

(ক) জেনকিনচে
(খ) লর্ড মিলচে
(গ) লর্ড স্কট চাহাবে।
(ঘ) কেপ্তেইন হলৰইডে
উত্তৰঃ (ঘ)

প্রশ্নঃ কেঞাসকল কোন আছিল?

(ক) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক
(খ) অসমৰ কাছাৰীসম্প্ৰদায়ৰ লোক
(গ) পশ্চিম ভাৰতৰ বঙালী লোক
(ঘ) বিহাৰৰ পৰা অহা লোক
উত্তৰঃ (ক)

প্রশ্নঃ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ বাবে ১৮৫৮ চনত কোন দুজন বিদ্রোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল?

(ক) মধুমল্লিক আৰু কমলা বৰুৱাক
(খ) দুতিৰাম বৰুৱা আৰু মায়াম নাজিক

উত্তৰঃ (গ)

প্রশ্ন: জে. ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?

(ক) নগা বিদ্রোহীয়ে
(খ) মণিপুৰৰ বিদ্ৰোহীযে
(গ) জয়ন্তীয়া বিদ্রোহীয়ে
(ঘ) জনজাতীয় বিদ্রোহীয়ে
উত্তৰঃ (খ)

প্রশ্নঃ কোন চনত আয়কৰ প্ৰবৰ্তন কৰা হৈছিল?

(ক) ১৮২৮ চনত
(খ) ১৮৪৮ চনত
(গ) ১৮৫০ চনত
(ঘ) ১৮৬০ চনত
উত্তৰঃ (ঘ)

প্রশ্নঃ তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল? HSLC ’24

(ক) ১৮২১ চনত
(খ) ১৮৩৩ চনত
(গ) ১৮৪২ চনত
(ঘ) ১৮৪৩ চনত
উত্তৰঃ (ঘ)

প্রশ্নঃ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনো দিছিল?

(ক) বীৰ ট্রিকেন্দ্ৰজিৎ
(খ) শম্ভুধন কছাৰী
(গ) ওকিয়াং নংবাই
HSLC ’24
(ঘ)ৰজা কুলচন্দ্ৰই
উত্তৰঃ (খ)

প্রশ্নঃ অসমীয়া কৃষকৰ পৰা ভূমি-খাজনা বৃদ্ধি নির্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

(ক) মণিৰাম দেৱান
(খ) পিয়লি বৰুৱা
(গ) গোপীনাথ বৰদলৈ
(ঘ) আনন্দৰাম ঢেকিয়াল ফুকন
উত্তৰঃ (ঘ)

প্রশ্নঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনো দিছিল? HSLC ’23

(ক) ট্ৰিকেন্দ্ৰজিতে
(খ) শম্ভুধন কছাৰীয়ে
(গ) ওকিয়াং নংবাই
(ঘ) পিয়লি ফুকনে
উত্তৰঃ (গ)

Leave a Comment

" target="_blank" rel="nofollow">