আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 13 বিদ্যুৎ- প্ৰৱাহৰ চুম্বকীয় ক্রিয়া সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 13 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 13 বিদ্যুৎ- প্ৰৱাহৰ চুম্বকীয় ক্রিয়া
অধ্যায় – ১৩
বিদ্যুৎ- প্ৰৱাহৰ চুম্বকীয় ক্রিয়া
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া প্রথমে কোনে আৱিষ্কাৰ কৰিছিল?
(a) এম্পিয়েৰ
(b) ফাৰাডে
(c) অ’ৰষ্টেড
(d) ট’মছন
উত্তৰঃ (c) অ’ৰষ্টেড
প্রশ্নঃ বিদ্যুৎ-প্রৱাহ থকা এক সজীর প্রবাহ পৰিবাহক কিছুমান চুম্বকীয় গুণ প্রদর্শন কৰে, এইটো কি কোৱা হয়?
(a) বৈদ্যুতিক চুম্বকীয় প্রভাব
(b) চুম্বকীয় প্রবাহ
(c) চুম্বকীয় ক্রিয়া
(d) বৈদ্যুতিক ক্রিয়া
উত্তৰঃ (a) বৈদ্যুতিক চুম্বকীয় প্রভার
প্রশ্নঃ ক’ৰ পৰ Close বদ্যুৎ-প্রৱাহৰ দিশ নির্ধাৰণ কৰা হয়?
(a) ধনাত্মক পৰা ঋণাত্মক
(b) ঋণাত্মক পৰা ধনাত্মক
(c) যিকোনো দিশে
(d) নির্দিষ্ট দিশ নাথাকে
উত্তৰঃ (a) ধনাত্মক পৰা ঋণাত্মক
প্রশ্নঃ কোনো পোন প্রবাহ পৰিবাহকৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰৰ দিশ নির্ধাৰণ কৰিবলৈ কোনটো নিয়ম ব্যৱহাৰ কৰা হয়?
(a) ফাৰাডেৰ নিয়ম
(b) কুলম্বৰ নিয়ম
(c) ওমৰ নিয়ম
(d) সোঁ-হাত আঙুলি নিয়ম
উত্তৰঃ (d) সোঁ-হাত আঙুলি নিয়ম
প্রশ্নঃ বৈদ্যুতিক প্রবাহ উৎপন্ন কৰা সঁজুলিক …………..? HSLC ’25
(a) মটৰ বোলা হয়
(b) এমিটাৰ বোলা হয়
(c) গেলভেন ‘মিটাৰ বোলা হয়
(d) জেনেৰেটৰ বোলা হয়
উত্তৰঃ (d) জেনেৰেটৰ বোলা হয়
প্রশ্নঃ সোঁ-হাত আঙুলি নিয়ম কোনে উদ্ভাবন কৰিছিল?
(a) অ’ৰষ্টেড
(c) ফ্লেমিং
(b) এম্পিয়েৰ
(d) ম্যা’রেল
উত্তৰঃ (b) এম্পিয়েৰ
প্রশ্নঃ এক কুণ্ডলিত তামৰ পৰিবাহকত বিদ্যুৎ-প্রবাহ প্রবাহিত কৰিলে সেইটো কি হিচাপে কাম কৰে?
(a) সাধাৰণ তামৰ ৰড হিচাপে
(b) বৈদ্যুতিক চুম্বক হিচাপে
(c) স্থায়ী চুম্বক হিচাপে
(d) কোনো প্রভাব নাথাকে
উত্তৰঃ (b) বৈদ্যুতিক চুম্বক হিচাপে
প্রশ্নঃ বৈদ্যুতিক চুম্বক গঠনৰ মূল উপাদান কি?
(a) নাইলন
(b) প্লাষ্টিক
(c) তামৰ পৰিবাহক
(d) ৰবৰ
উত্তৰঃ (c) তামৰ পৰিবাহক
প্রশ্নঃ বৈদ্যুতিক চুম্বক ক’ত ব্যৱহাৰ কৰা হয়?
(a) বৈদ্যুতিক ঘণ্টা
(b) ইলেকট্রনিক যন্ত্র
(c) উচ্চক্ষমতাৰ লিফট
(d) সকলো
উত্তৰঃ (d) সকলো
প্রশ্নঃ বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্ৰিয়াৰ লগত নিম্নলিখিত কোনটো সম্পর্কিত?
(a) ধাৰণা শক্তি
(b) ইলেকট্র’ন ক্রিয়া
(c) এম্পিয়েৰৰ বৃত্তীয় নিয়ম
(d) কুলম্বৰ বল
উত্তৰঃ (০) এম্পিয়েৰৰ বৃত্তীয় নিয়ম
প্রশ্নঃ ক’ৰ পৰা বিদ্যুৎ-প্রৱাহ পাৰ হ’লে চুম্বকীয় ক্ষেত্র সৃষ্টি হয়?
(a) খালী স্থান
(b) ধাতুৰ ভিতৰেদি
(c) ৰবৰ ভিতৰেদি
(d) যিকোনো মাধ্যমৰ ভিতৰেদি
উত্তৰঃ (b) ধাতুৰ ভিতৰেদি
প্রশ্নঃ কোনো পৰিবাহকৰ কাষত চুম্বকীয় সূঁচ ৰাখিলে কি দেখা যায়?
(a) সূঁচটো স্থিৰ থাকে
(b) সূঁচটো প্রবাহৰ দিশত বাঁক খায়
(c) সূঁচটো ওপৰলৈ উঠি যায়
(d) সূঁচটো সৰকি যায়
উত্তৰঃ (৮) সূঁচটো প্রবাহৰ দিশত বাঁক খায়
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্ৰিয়াৰ লগত সম্পর্কিত বিষয়টো ক’ত প্রয়োগ হয়?
(a) বৈদ্যুতিক মটৰ
(b) ট্রান্সফৰ্মাৰ
(c) ইলেকট্র ‘মেগনেটিক ইনডাকশ্যন
(d) সকলো
উত্তৰঃ (d) সকলো
প্রশ্নঃ ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি-সংযোগী তাঁৰেৰে সংযোগ কৰা হয়। তাঁৰডাল ভূমি-সংযোগী কৰাৰ কাৰণ কি?
HSLC 225
(a) অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে
(b) বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে
(c) সামগ্রীলৈ অতিৰিক্ত বিদ্যুৎ প্রবাহৰ বাধাৰ বাবে
(d) সামগ্রীলৈ উচ্চ-ৰোধ প্ৰতিৰোধ কৰিবৰ বাবে
উত্তৰঃ (a) অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ পৰিবাহক শলকা এখনত অধিক প্রবাহ দিলে চুম্বকীয় ক্ষেত্ৰৰ শক্তি কিদৰে প্রভাৱিত হয়?
(a) বৃদ্ধি পায়
(b) হ্রাস পায়
(c) অটুট থাকে
(d) একো নহয়
উত্তৰঃ (a) বৃদ্ধি পায়
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া ক’ত ব্যৱহাৰ কৰা হয়?
(a) টেলিফোন
(b) বৈদ্যুতিক ঘণ্টা
(c) স্পীকাৰ
(d) সকলো
উত্তৰঃ (d) সকলো
প্রশ্নঃ প্রৱাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র-
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰফালে ক্রমে কমি যায়
(c) ইয়াৰ প্ৰান্তৰফালে ক্রমে বাঢ়ি যায়
(d) সকলো বিন্দুতে একে থাকে
উত্তৰঃ (d) সকলো বিন্দুতে একে থাকে।
প্রশ্নঃ এটা ইলেক্ট্রন এখন চৌম্বক ক্ষেত্রত তাৰ লম্বভাবে সোমাইছে। ইলেক্ট্রনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ’ব-
(a) সোঁফাললৈ
(b) বাওঁফাললৈ
(c) পৃষ্ঠৰ বাহিৰলৈ
(d) পৃষ্ঠৰ ভিতৰলৈ
উত্তৰঃ (d) পৃষ্ঠৰ ভিতৰলৈ।
প্রশ্নঃ চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে-
(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান।
(b) চৌম্বক ক্ষেত্রত্ৰখনৰ মান।
(c) পৰিবাহীৰ দৈর্ঘ্য।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
প্রশ্নঃ চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হল-
(a) চৌম্বক ক্ষেত্ৰৰ দিশ।
(b) পৰিবাহীৰ মাজেৰে চালিত প্রবাহৰ দিশ।
(c) (a) আৰু (b) দুয়োটা।
(d) (d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।
প্রশ্নঃ চ’লেনইডৰ কুণ্ডলীটোৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ-
(a) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ
(b) উত্তৰ মেৰুৰ পৰা কেন্দ্ৰলৈ
(c) দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ
(d) কেন্দ্ৰৰ পৰা দক্ষিণ মেৰুলৈ
উত্তৰঃ (a) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।
প্রশ্নঃ পশ্চিম দিশলৈ উৎক্ষেপিত ধণাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্র এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ দিশ হ’ব-
(a) দক্ষিণমুরা
(c) নিম্নমুখী
(b) উর্ধমুখী
(d) পূৱমুৱা
উত্তৰঃ (b) উর্ধমুখী।
প্রশ্নঃ চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল-
(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি
(b) ফ্লেমিঙৰ সোঁহতীয়া নীতি
(c) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
প্রশ্নঃ কাষৰ চিত্ৰত এটা আলফা কণা (ধনাত্মক আধানযুক্ত) চৌম্বক ক্ষেত্র এখনত লম্বভাবে সোমাইছে। আলফা কণাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ’ব-
(a) সোঁফাললৈ
(b) বাঁওফাললৈ
(c) পৃষ্ঠাৰ ভিতৰলৈ
(d) পৃষ্ঠাৰ বাহিৰলৈ
উত্তৰঃ (d) পৃষ্ঠাৰ বাহিৰলৈ।
প্রশ্নঃ বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে………
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আনিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া
উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আনিষ্ট প্ৰৱাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
প্রশ্নঃ বৈদ্যুতিক প্রৱাহ উৎপন্ন সঁজুলিক-
(a) জেনেৰেটৰ বোলা হয়
(b) গেলভেন ‘মিটাৰ বোলা হয়
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয়
উত্তৰঃ (a) জেনেৰেটৰ বোলা হয়।
প্রশ্নঃ প্রবাহযুক্ত দীগল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰৰ দিশ-
(a) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায়
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়
(c) শূণ্য হয়
(d) সকলো বিন্দুতে একে থাকে।
উত্তৰঃ (d) সকলো বিন্দুতে একে থাকে।
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ ফলত চুম্বকীয় ক্ষেত্র সৃষ্টি হয়, এইটো কি দ্বাৰা প্ৰতিপন্ন হৈছিল?
(a) কুলম্বৰ নিয়ম
(b) ওমৰ নিয়ম
(c) অ’ৰষ্টেডৰ পৰীক্ষা
(d) ফাৰাডেৰ নিয়ম
উত্তৰঃ (c) অ’ৰষ্টেডৰ পৰীক্ষা
প্রশ্নঃ হ্রস্ব বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্রৱাহ
(a) বুজন পৰিমাণে কমি যায়
(b) কোনো সলনি নহয়
(c) অবিৰতভাৱে সলনি হয়
(d) বুজন পৰিমাণে বৃদ্ধি পায়
উত্তৰঃ (d) বুজন পৰিমাণে বৃদ্ধি পায়।
প্রশ্নঃ বৈদ্যুতিক প্রবাহৰ উপস্থিতি নির্দেশ কৰা সঁজুলি হ’ল-
(a) ভ’ল্টমিটাৰ
(b) এমিটাৰ
(c) গেলভেন ‘মিটাৰ
(d) বেৰ’মিটাৰ
উত্তৰঃ (c) গেলভেন ‘মিটাৰ।
প্রশ্নঃ তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰৱাহৰ দিশ প্রতি-
(a) আধাপাকত সলনি হ’ব
(b) এপাকত সলনি হ’ব
(c) দুপাকত সলনি হ’ব
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব
উত্তৰঃ (a) আধাপাকত সলনি হ’ব।
প্রশ্নঃ চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হল-
(a) কুণ্ডলীৰ গতিৰ দিশ।
(b) চৌম্বক ক্ষেত্ৰৰ দিশ।
(c) (a) আৰু (b) দুয়োটা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।
প্রশ্নঃ চৌম্বক ক্ষেত্রত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্রবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল-
(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
প্রশ্নঃ বৰ্তনীত প্রবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ’ল-
(a) গেলভেন ‘মিটাৰ।
(b) এমিটাৰ।
(c) ভল্টমিটাৰ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) গেলভেন ‘মিটাৰ।
প্রশ্নঃ প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগৰ চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ’ল-
(a) কুণ্ডলীৰ মাজেৰে চালিত প্রবাহ।
(b) কুণ্ডলীৰ ব্যাসার্দ্ধ।
(c) কুণ্ডলীৰ পাকৰ সংখ্যা।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
প্রশ্নঃ এটা AC জেনেৰেটৰত ব্যৱহৃত হয়-
(a) দুটা শ্লিপ বিং।
(b) এটা ফলা আঙুঠি।
(c) (a) নাইবা (b)
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) দুটা শ্লিপ বিং।
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া কি?
উত্তৰঃ যেতিয়া কোনো বিদ্যুৎ-প্রবাহ বাহকৰে বিদ্যুৎ-প্রবাহ যায়, তেতিয়া তাৰ চাৰিওফালে চুম্বকীয় ক্ষেত্র সৃষ্টি হয়, ইয়াক বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া কয়।
প্রশ্নঃ বিদ্যুৎ-প্রৱাহৰ চুম্বকীয় ক্রিয়া কাক কয়?
উত্তৰঃ বিদ্যুৎ-প্রবাহ বাহকৰ চাৰিওফালে সৃষ্টি হোৱা চুম্বকীয় প্রভাৱক বিদ্যুৎ-প্রৱাহৰ চুম্বকীয় ক্রিয়া কয়।
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া প্রথমে কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ হান্স ক্রিশ্চিয়ান অ’স্টেডে ১৮২০ চনত বিদ্যুৎ-প্রৱাহৰ চুম্বকীয় ক্রিয়া আৱিষ্কাৰ কৰিছিল।
প্রশ্নঃ অ’স্টেডৰ পৰীক্ষা কি দেখুৱাইছিল?
উত্তৰঃ অ’স্টেডৰ পৰীক্ষাই দেখুৱাইছিল যে বিদ্যুৎ-প্রবাহে চুম্বকীয় ক্ষেত্র সৃষ্টি কৰে।
প্রশ্নঃ বিদ্যুৎ-প্রবাহ বাহকৰ কাষত কম্পাছ সূঁচ কি ক’ৰ পৰা কি ক’লৈ বগায়?
উত্তৰঃ বিদ্যুৎ-প্রবাহ বাহকৰ কাষত কম্পাছ সূঁচ বিদ্যুৎ-প্রবাহৰ দিশৰ সৈতে সংলগ্নভাৱে বগাই।
প্রশ্নঃ চুম্বকীয় ক্ষেত্র কি?
উত্তৰঃ কোনো চুম্বকে তাৰ চাৰিওফালে যি অঞ্চলত চুম্বকীয় শক্তি প্রয়োগ কৰে, তাক চুম্বকীয় ক্ষেত্র কয়।
প্রশ্নঃ হৰিয়াৰ সোঁ-মুঠিৰ নিয়ম কি?
উত্তৰঃ যদি সোঁ-মুঠি বিদ্যুৎ-প্ৰৱাহৰ দিশত ধৰা হয়, তেন্তে আঙুলিৰ ঘূৰণীয় দিশ চুম্বকীয় ক্ষেত্ৰৰ দিশ দেখুৱায়।
প্রশ্নঃকাষৰীয়া চুম্বকীয় ক্ষেত্ৰৰ শক্তি কি উপায়ে বৃদ্ধি কৰিব?
উত্তৰঃ বিদ্যুৎ-প্রবাহ বৃদ্ধিৰে আৰু কয়েলৰ চক্ৰৰ সংখ্যা বঢ়াই চুম্বকীয় ক্ষেত্ৰৰ শক্তি বৃদ্ধি কৰিব পাৰি।
প্রশ্নঃ বিদ্যুৎ-প্রৱাহ বাহকৰ চুম্বকীয় ক্ষেত্ৰৰ দিশ কেনেকৈ নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ “হৰিয়াৰ সোঁ-মুঠিৰ নিয়ম” ব্যৱহাৰ কৰি বিদ্যুৎ-প্ৰৱাহ বাহকৰ চুম্বকীয় ক্ষেত্ৰৰ দিশ নির্ধাৰণ কৰা হয়।
প্রশ্নঃ বৈদ্যুতিক চুম্বক কি?
উত্তৰঃ যি চুম্বক বিদ্যুৎ-প্রবাহে সৃষ্টি কৰে, তাক বৈদ্যুতিক চুম্বক কয়।
প্রশ্নঃ বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি কি? HSLC ’20
উত্তৰঃ এখন চুম্বক ক্ষেত্ৰত এডাল পৰিবাহীত যান্ত্রিক শক্তি প্রয়োগ কৰি ইয়াক ঘূৰাই বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়।
প্রশ্নঃ চুম্বক কি?
উত্তৰঃ চুম্বক হৈছে এনে এক পদার্থ যাৰ আকর্ষণ আৰু বিকর্ষণ উভয় বলেই থাকে।
প্রশ্নঃ চৌম্বকক্ষেত্রত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয়?
উত্তৰঃ যেতিয়া চালিত প্ৰৱাহৰ দিশ চুম্বকক্ষেত্ৰৰ লম্বদিশত হয়।
প্রশ্নঃ বৈদ্যুতিক মটৰ ব্যৱহৃত কেইটামান সঁজুলিৰ নাম লিখা।
উত্তৰঃ বৈদ্যুতিক ফেন, কাপোৰ ধোৱা মেচিন, কুলাৰ আদি।
প্রশ্নঃ বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
উত্তৰঃ বৈদ্যুতিক ফিউজ আৰু ভূমি সংলগ্ন তাঁৰ।
প্রশ্নঃ চৌম্বকক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ (ক) কোনো প্রৱাহ চালিত পৰিবাহীৰ পৰা চুম্বক ক্ষেত্র পাব পাৰি।
(খ) চ’লেনইডৰ মাজেৰে প্ৰবাহ চালিত কৰি প্রবাহ পাব পাৰি।
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্ৰিয়াৰ দৈনন্দিন প্রয়োগ ক’ত দেখা যায়?
উত্তৰঃ বৈদ্যুতিক ঘণ্টা, বৈদ্যুতিক লক, আৰু মটৰত বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া ব্যৱহৃত হয়।
প্রশ্নঃ চুম্বকীয় ক্ষেত্ৰৰ ঘনত্বক কি কয়?
উত্তৰঃ নির্দিষ্ট স্থানত চুম্বকীয় শক্তি কিমান প্রবল, তাক চুম্বকীয় ক্ষেত্ৰৰ ঘনত্ব কয়।
প্রশ্নঃ বিদ্যুৎ-প্রবাহে চুম্বকীয় ক্রিয়া কিয় সৃষ্টি কৰে?
উত্তৰঃ বৈদ্যুতিক ৰহনশীল কণাৰ গতিয়ে চুম্বকীয় ক্ষেত্র সৃষ্টি কৰে।
প্রশ্নঃ কোনো সোজা তাৰৰ চুম্বকীয় ক্ষেত্ৰৰ আকাৰ কি ধৰণৰ হয়?
উত্তৰঃ কোনো পোন তাৰৰ চুম্বকীয় ক্ষেত্র কন্দ্ৰিক আকাৰৰ হয়।
প্রশ্নঃ বিদ্যুৎ-প্রবাহ বন্ধ কৰিলে বৈদ্যুতিক চুম্মক কি হয়?
উত্তৰঃ বিদ্যুৎ-প্ৰৱাহ বন্ধ কৰিলে বৈদ্যুতিক চুম্বক চুম্বকীয় গুণ হাৰায়।
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ দিশ সলনি কৰিলে চুম্বকীয় ক্ষেত্ৰৰ দিশ কি হয়?
উত্তৰঃ বিদ্যুৎ-প্ৰৱাহৰ দিশ সলনি কৰিলে চুম্বকীয় ক্ষেত্ৰৰ দিশো বিপৰীত হয়।
প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহ আৰু চুম্বকীয় ক্ষেত্ৰৰ মাজৰ সম্পর্ক কি?
উত্তৰঃ যেতিয়া বিদ্যুৎ-প্রবাহ চলে, তেতিয়া চুম্বকীয় ক্ষেত্র সৃষ্টি হয়।
প্রশ্নঃ কোনো কয়েলত বিদ্যুৎ-প্রবাহ বৃদ্ধি কৰিলে চুম্বকীয় ক্ষেত্ৰৰ শক্তি কেনেকৈ প্রভাবিত হয়?
উত্তৰঃ বিদ্যুৎ-প্ৰৱাহ বৃদ্ধিবে চুম্বকীয় ক্ষেত্ৰৰ শক্তি বৃদ্ধি হয়।
প্রশ্নঃ বৈদ্যুতিক বর্তনী আৰু সংজউলিত সাধাৰণতে ব্যৱহাৰ কৰা দুটা নিৰাপত্তাৰ ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ বৈদ্যুতিক বর্তনী আৰু সঁজুলি সাধাৰণতে ব্যৱহাৰ কৰা দুটা নিৰাপত্তা ব্যৱস্থা হৈছে : (ক) ফিউজ আৰু (খ) ভূমি সংযোগী তাঁৰ।
প্রশ্নঃ চুম্বকৰ মেৰু কি?
উত্তৰঃ চুম্বক এডালৰ মূৰৰ যি দুটা অঞ্চলত আকর্ষণী আৰু বিকর্ষণী বল সর্বোচ্চ তাকে চুম্বকৰ মেঝ বোলে।
প্রশ্নঃ প্রত্যক্ষ প্রৱাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰঃ শুকান কোষ, গাড়ীৰ বেটাৰী, সৌৰকোষ আদি।
প্রশ্নঃ এটা অকলশৰীয়া চুম্বক মেৰু পাব পাৰিনে?
উত্তৰঃ এটা অকলশৰীয়া চুম্বক মেৰু পাব নোৱাৰি।
প্রশ্নঃ পৰিৱৰ্তী প্ৰৱাহ কোনবিলাক উৎসই উৎপাদন কৰে?
উত্তৰঃ জলবিদ্যুৎ উৎপাদক, তাপ বিদ্যুৎ প্রকল্প, তেজস্ক্রিয় শক্তি উৎপাদক আদি।
প্রশ্নঃ কুণ্ডলী এটাত আবিষ্ট প্রবাহ কেতিয়া সর্বোচ্চ হয়?
উত্তৰঃ যেতিয়া কুণ্ডলীৰ গতিৰ দিশ চৌম্বকক্ষেত্ৰৰ লম্ব হয়।
প্রশ্নঃ আমেছাৰ কাক বোলে?
উত্তৰঃ বাণিজ্যিক মটৰত ব্যৱহাৰ কৰা লোৰ মজ্জা আৰু কুণ্ডলী দুয়োটাক একেলগে আৰ্মেছাৰ বোলে।