Join WhatsApp

Join Now

Join Telegram

Join Now

হাতী Class 12 Advance Assamese Chapter 12 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক হাতী Class 12 Advance Assamese Chapter 12 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

হাতী Class 12 Advance Assamese Chapter 12 Solutions

হাতী Class 12 Advance Assamese Chapter 12 Solutions

হাতী – হোমেন বৰগোহাঞি

লেখক পৰিচয়ঃ হোমেন বৰগোহাঞি (১৯৩২) অসমৰ এজন আগশাৰীৰ কবি, গল্পকাৰ, ঔপন্যাসিক, কথাশিল্পী, সাংবাদিক আৰু বুদ্ধিজীবি। তেওঁৰ জন্ম হয় ঢকুৱাখানাত। ১৯৫৪ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰি কিছুদিন শিক্ষকতা কৰে আৰু ১৯৫৫ চনৰ পৰা ১৯৬৮ চনলৈ এ. চি. এচ. বিষয়া হিচাপে কার্য নির্বাহ কৰে। কিন্তু পিছলৈ তেওঁ সাংবাদিকতা আৰু লিখা-মেলাত নিজকে আত্মনিয়োগ কৰে।

তেওঁ যথেষ্ট সংখ্যক গ্রন্থ ৰচনা কৰিছে। তেওঁ ৰচনা কৰা উপন্যাসসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: সুবালা, তান্ত্রিক, কুশীলব, হালধীয়া চৰায়ে বাও ধান খায়, পিতা-পুত্র, তিমিৰ তীৰ্থ, অন্তৰাগ, সাউদৰ পুতেকে নাও মেলি যায় আদি। তেওঁৰ উল্লেখযোগ্য গল্প সংকলন কেইখনমান হ’ল: বিভিন্ন কোৰাচ, প্রেম আৰু মৃত্যুৰ কাৰণে, গল্প আৰু নক্সা আদি। তেওঁৰ একমাত্র কবিতা সংকলনটি হ’ল হৈমন্তী। আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন হ’ল তেওঁৰ আত্মজীবনীমূলক গ্রন্থ। ইয়াৰ উপৰিও তেওঁ বহু কেইখন গ্রন্থ সম্পাদনাও কৰিছে। সেইবোৰৰ ভিতৰত বিংশ শতিকাৰ অসমীয়া সাহিত্য, অসমীয়া সাহিত্যৰ বুৰঞ্জী, গদ্যৰ সাধনা আদি উল্লেখযোগ্য।

তেওঁৰ সাহিত্য সাধনাৰ স্বীকৃতি হিচপে কেইবাটাও বঁটা লাভ কৰিছে। ১৯৭৬ চনত ‘পিতা-পুত্র’ উপন্যাসব বাবে অসম প্রকাশন পৰিষদ বঁটা, ১৯৭৮ চনত সাহিত্য একাডেমী বঁটা, ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ২০০১ চনত তেওঁ অসম সাহিত্য সভাৰ আসনো শুৱনি কৰে

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

১। ‘হাতী’ গল্পত মূল্যবোধৰ অবক্ষয়ৰ চিত্ৰ কেনেদৰে অঙ্কিত হৈছে, তাৰ এটি আভাষ দিয়া।

নাইবা

হোমেন বৰগোহাঞিৰ ‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কিদৰে অংকিত হৈছে তাক বিশ্লেষণ কৰি দেখুওৱা। H. S. ’15, ’18

উত্তৰ: গল্পকাৰ হোমেন বৰগোহাঞিয়ে ‘হাতী’ নামৰ গল্পটিত প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয় সাধনত অৰিহনা যোগাইছে তাৰ এক মর্মস্পর্শী চিত্র অংকন কৰিছে। গল্পটিৰ প্ৰধান চৰিত্ৰ বলোৰাম মেধি আৰু তেওঁৰ ‘বাপধন’ নামৰ পোহনীয়া হাতীটোৰ প্ৰতি মেধিৰ পুত্ৰহঁতৰ ব্যৱহাৰ আৰু আচৰণৰ মাজেদি এই চিত্রটো ফুটি উঠিছে।

বলোৰাম মেধিৰ আৰ্থিক অবস্থা মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত গাড়ী-মটৰৰ সংখ্যা খুবেই তাকৰ আছিল। হাতী-ঘোঁৰাই আছিল সেই সময়ৰ অভিজাত বাহন। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামে চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক স্বরূপ। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি জিলাৰ ডা-ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাবিছিল।

কিন্তু বলোৰামৰ সামাজিক মূল্যবোধ বেছি দিন স্থায়ী হ’বলৈ নাপালে। তেওঁৰ সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদুলিমুখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল। সিহঁতৰ বাবে হাতী ৰখাটো এক বাজে খৰচহে। গতিকে সিহঁতৰ মনত হাতীটো বিক্রি কৰি মটৰ গাড়ী এখন কিনাৰ চিন্তাই ঠাই পালে। সিহঁতৰ বাবে আভিজাত্যৰ প্ৰতীক হিচাপে হাতী আওপুৰণি আৰু মূল্যহীন।

ইয়াতে মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰটো মর্মান্তিক আৰু হৃদয়স্পর্শী ৰূপত প্রকট হৈ উঠিছে। যি হাতী বলোৰাম বুঢ়াৰ বাবে অভিজাত্যৰ প্রতীকৰ উপৰিও তেওঁৰ জীৱনৰ সংগী, পুত্ৰসম, ঘৰৰ লক্ষ্মী সেই হাতীটো তেওঁৰ পুত্ৰসকলৰ দৃষ্টিত আওপুৰণি, মূল্যহীন। আনকি চৰকাৰী বিষয়াসকলেও আজিকালি হাতীটোৰ পৰিৱৰ্তে বৰমইনাহঁতৰ মটৰখনহে বিচাৰে। বলোৰাম মেধিয়ে এই অৱক্ষয়ৰ বাবে নিজৰ লগতে হাতীটো লাহে লাহে ঘৰখনত অবহেলিত হৈ অহাটো অনুভৱ কৰি বেদনাত হাহাকাৰ কৰি উঠিছে।

মূল্যবোধৰ অৱক্ষয়ৰ আন এক চিত্র দেখা যায় বলোৰাম বুঢ়াৰ সৰু পুতেক কনমইনাৰ বিয়াৰ দিনাখন। বলোৰামৰ যুগত সম্ভ্রান্ত ঘৰৰ দৰাই হাতীত উঠি যোৱাটোহে নিয়ম আছিল। বলোৰামেও তাকেই বিচাৰিছিল। কিন্তু তেওঁৰ পুতেকহঁতে মটৰ গাড়ীত যোৱাটোহে আভিজাত্যৰ চিন বুলি ভাবিছিল। বিয়াৰ দিনা যথা সময়ত বৰমইনাৰ কথা মতেই কনমইনাই দৰা সাজি এম্বেচেদৰ গাড়ীতহে উঠি বহিল। বলোৰাম আৰু তেওঁৰ হাতী ‘বাপধন’ সকলোৰে চকুত মূল্যহীন আৰু অৱহেলাৰ বস্তু হৈ পৰি থাকিল। এনেদৰে মূল্যবোধৰ অৱক্ষয়ৰ চিত্র ‘হাতী’ নামৰ গল্পটিত বৰ মৰ্মস্পর্শী ৰূপত অতি আন্তৰিকতাৰে অংকিত হৈছে।

২। প্ৰজন্মৰ ব্যৱধানে (Generation Gap) মূল্যবোধৰ অৱক্ষয়ত কেনেধৰণৰ অৰিহনা যোগাইছে, ‘হাতী’ গল্পৰ আধাৰত বিচাৰ কৰা।

উত্তৰ: গল্পকাৰ হোমেন বৰগোহাঞিয়ে ‘হাতী’ নামৰ গল্পটিত প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয় সাধনত অৰিহনা যোগাইছে তাৰ এক মর্মস্পর্শী চিত্র অংকন কৰিছে। গল্পটিৰ প্ৰধান চৰিত্ৰ বলোৰাম মেধি আৰু তেওঁৰ ‘বাপধন’ নামৰ হাতীটোৰ প্রতি মেধিৰ পুত্ৰহঁতৰ ব্যৱহাৰ আৰু আচৰণৰ মাজেদি এই চিত্রটো ফুটি উঠিছে।

বলোৰাম মেধিৰ আর্থিক অবস্থা মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত গাড়ী-মটৰৰ সংখ্যা খুবেই তাকৰ আছিল। হাতী-ঘোঁৰাই আছিল সেই সময়ৰ অভিজাত বাহন। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামে চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰপ্রতীক স্বৰূপ। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি জিলাৰ ডা-ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাবিছিল।

কিন্তু বলোৰামৰ সামাজিক মূল্যবোধ বেছি দিন স্থায়ী হ’বলৈ নাপালে। তেওঁৰ সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদুলিমুখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল। সিহঁতৰ বাবে হাতী ৰখাটো এক বাজে খৰচহে। গতিকে সিহঁতে হাতীটো বিক্রি কৰি মটৰ গাড়ী এখন কিনাৰ কথা ভাবিবলৈ ধৰিলে। সিহঁতৰ বাবে আভিজাত্যৰ প্রতীক হিচাপে হাতী আওপুৰণি আৰু মূল্যহীন।

ইয়াতে মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰটো মর্মান্তিক আৰু হৃদয়স্পর্শী ৰূপত প্রকট হৈ উঠিছে। যি হাতী বলোৰাম বুঢ়াৰ বাবে অভিজাত্যৰ প্রতীকৰ উপৰিও তেওঁৰ জীৱনৰ সংগী, পুত্ৰসম, ঘৰৰ লক্ষ্মী সেই হাতীটো তেওঁৰ পুত্ৰসকলৰ দৃষ্টিত আওপুৰণি, মূল্যহীন। আনকি চৰকাৰী বিষয়াসকলেও আজিকালি হাতীটোৰ পৰিৱৰ্তে বৰমইনাহঁতৰ মটৰখনহে বিচাৰে। বলোৰাম মেধিয়ে এই অৱক্ষয়ৰ বাবে নিজৰ লগতে হাতীটো লাহে লাহে ঘৰখনত অবহেলিত হৈ অহাটো অনুভৱ কৰি বেদনাত হাহাকাৰ কৰি উঠিছে।

এনেদৰে গল্পকাৰ হোমেন বৰগোহাঞিয়ে প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয়ত অৰিহণা যোগায় তাৰ চিত্ৰ হাতী’ নামৰ গল্পটিৰ জৰিয়তে মর্মস্পর্শী ৰূপত ফুটাই তুলিছে।

৩। ‘এন্ধাৰতে নিবিড় মিলন সম্ভাষণত মগ্ন অবস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে ………দুয়ো আড়ষ্ট হৈ ৰ’ল।’

:ইয়াত ‘বুঢ়া’ বুলি কাৰ কথা কোৱা হৈছে। বাপধন কোন? এই সম্পর্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বর্ণনা কৰা।

উত্তৰ: ‘এন্ধাৰতে নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্রণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে ………. দুয়ো আড়ষ্ট হৈ ৰ’ল।’

ওপৰত উদ্ধৃত কথাষাৰত ‘বুঢ়া’ বুলি বলোৰাম মেধিক বুজোৱা হৈছে। ‘বাপধন’ আছিল বলোৰাম মেধিৰ হাতীৰ নাম।

এদিনাখন আহাৰ মাহৰ গধূলি সময়ত বলোৰাম বুঢ়াই পিৰালিতে জুপুকা মাৰি বহি আছিল। তেওঁ বুঢ়া হৈ আহিছিল বাবে কাণেৰেও কম শুনিছিল আৰু চকুৰেও কম দেখিছিল। কোনোবাই কথা ক’ব লাগিলে কাণৰ ওচৰত গৈ চিঞৰি চিঞৰিহে ক’ব লাগিছিল। সেই বাবে বুঢ়াই নিজকে বৰ অৱহেলিত বুলি অনুভৱ কৰিছিল। এনেতে তেওঁ গাৰ কাষেৰে কোনোবা পাৰ হৈ যোৱা যেন গম পাই বুঢ়াই মাত লগালে, ‘কোন অ’ সেইটো? বাতিয়া নেকি?’ ৰাতিয়া আছিল হাতীৰ মাউত। তেওঁ বুঢ়াৰ কথাৰ উত্তৰ নিদি গম গমকৈ ভিতৰলৈ সোমাই গ’ল। এনেতে ‘বাপধন’ নামৰ হাতীটোৱে গুৰডাল মেলি বলোৰাম বুঢ়াৰ কপাল স্পৰ্শ কৰিলে। হাতীটোৰ স্পৰ্শত শিহৰিত হৈ বুঢ়াই শুৰডালত ধৰি মৰমেৰে হাত বুলাবলৈ ধৰিলে। ঠিক তেনেতে বুঢ়াৰ বৰপুতেক বৰমইনাৰ মটৰ গাড়ীখনৰ হেডলাইটৰ পোহৰে চোতালখন আলোকিত কৰি ঘৰৰ দুৱাৰমুখতে আহি ৰৈ গ’ল। এনে পৰিস্থিতিত বুঢ়া আৰু বাপধন এহাল প্রেমিক-প্রেমিকাই নিবিড় মিলন সম্ভাষণত হাতে লোটে ধৰা পৰাৰ দৰে কিংকর্তব্যবিমূঢ় হৈ পৰা বুলি লিখকে কৈছে।

৪। বাপধনক কেন্দ্র কৰি বাপেক-পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্রপাত হৈছিল, লিখা। H. S. ’16, ’18

উত্তৰ: গল্পকাৰ হোমেন বৰগোহাঞিয়ে ‘বাপধন’ নামৰ হাতী এটাক কেন্দ্ৰ কৰি বাপেক বলোৰাম মেধি আৰু পুতেক বৰমইনাৰ মাজত এক কাজিয়া (সংঘাত)ৰ সূত্রপাত ঘটাইছে। এই সংঘাত মূলতঃ পুৰণি আৰু নতুনৰ মাজত মূল্যবোধৰ সংঘাত।

বলোৰাম মেধিৰ ঘৰখনৰ আভিজাত্য বঢ়াবলৈ চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল আভিজাত্যৰ বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক স্বৰূপ। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাবিছিল। ইয়াত হাতীটো হৈছে পুৰণি মূল্যবোধৰ প্রতীক।

আনহাতে তেওঁৰ আধুনিক শিক্ষাৰে শিক্ষিত আৰু অর্থনৈতিকভাবে সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদুলিমুখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল। সিহঁতৰ বাবে হাতী ৰখাটো এক বাজে খৰচ। গতিকে সিহঁতে হাতীটো বিক্রি কৰি মটৰ গাড়ী এখন ক্রয় কৰাৰ কথা চিন্তা কৰিছিল। বৰমইনাহঁতৰ বাবে মটৰ-গাড়ী নতুন মূল্যেবোধৰ প্রতীক।

এই নতুন আৰু পুৰণি মূল্যবোধক কেন্দ্ৰ কৰি বাপেক-পুতেক দুয়োৰে মাজত সংঘাতৰ সূত্রপাত হৈছিল।

৫। বলোৰাম মেধি কোন? তেওঁ কিয় হাতী কিনিছিল? হাতীটো পিছত কি হ’ল? H. S. ’17

উত্তৰ: বলোৰাম মেধি হ’ল হোমেন বৰগোঞিৰ ‘হাতী নামৰ গল্পটোৰ প্ৰধান চৰিত্ৰ। তেওঁ সমাজৰ এজন প্রতিপত্তিশালী লোক। গল্পটোত লিখকে তেওঁক পুৰণিৰ প্রতিনিধি হিচাপে অংকন কৰিছে।

বলোৰাম মেধি আছিল মৌজাটোৰ ভিতৰত এজন ঐশ্বর্যশালী লোক। তেওঁৰ আভিজাত্য বঢ়াবলৈ চাৰিকুঠলীয়া ভঁৰাল এটি বিক্রি কৰি হাতী ক্ৰয় কৰিছিল। ইয়াত হাতীটো পুৰণি আভিজাত্যৰ প্রতীক হিচাপে অংকিত হৈছে।

নতুন আৰু পুৰণিৰ মাজত হোৱা মূল্যবোধৰ সংঘাতত নতুনৰ বিজয় হোৱাত বলোৰামে নিজকে পৰাজিত আৰু অসহায় ভাবি হাতীটোৰ মাউত ৰাতীয়াক হাতীটো দান কৰিছিল।

৬। ‘সিতো কেবল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনো নহয়, সি তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক।’

– ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্রসঙ্গত কোৱা হৈছে? কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা। H. S. ’17

উত্তৰ: প্রশ্নত উদ্ধৃত কথাখিনি গল্পকাৰ হোমেন বৰগোঞিয়ে ‘হাতী’ নামৰ গল্পটির প্রধান চৰিত্ৰ বলোৰাম মেধিৰ জীৱনৰ প্ৰসঙ্গত ব্যক্ত কৰিছে।

বলোৰাম মেধিৰ সময়ত হাতী-ঘোঁৰাই আছিল প্রধান অভিজাত বাহন। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামে চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন’ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক স্বরূপ। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি। জিলাৰ ডা-ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি তেওঁ ভারিছিল।

এনেতে আধুনিক শিক্ষাৰে শিক্ষিত তেওঁৰ পুতেকহঁতে বিশেষকৈ বৰমইনাই হাতীৰ সলনি মটৰগাড়ী এখন পদুলিমুখত থাকিলেহে সিহঁতৰ আভিজাত্য ৰক্ষা পৰে বুলি ভাবি হাতীটো বিক্রি কৰি গাড়ী এখন ক্ৰয় কৰিব বিচাৰিছিল। অথবা কিছু টকা উপার্জন কৰিবলৈ হাতীটো ভাৰাত দিব বিচাৰিছিল। ঠিক তেতিয়াই বলোৰামৰ মনত যি ভাৱৰ উদয় হৈছিল সেই প্রসঙ্গতে লিখক হোমেন বৰগোঞিদেৱে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

৭। ‘শূন্য বিয়া ঘৰৰ পদূলিমূখত স্তব্ধ স্তম্ভিত হৈ ৰ’ল কেৱল বলোৰাম বুঢ়া আৰু বাপধন।’ বিয়াঘৰৰ পদূলিমুখত বুঢ়া আৰু বাপধন অথৰ্ব হৈ ৰোৱাৰ কাৰণ কি? তেওঁলোকে বৰযাত্ৰী নহ’ল কিয়?

নাইবা

‘নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা, প্রাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথর্ব প্রতিনিধি’- ইয়াৰ অথব প্রতিনিধি বুলি কাৰ কথা কোৱা হৈছে। কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা। H. S. ’15

উত্তৰ: বলোৰাম মেধিৰ কনিষ্ঠ পুত্ৰ কমইনাৰ বিয়াৰ দিনাখন দৰা হাতীত উঠি যাব বুলি বাপেক বলোৰামে ৰাতিপুৱাৰে পৰাই হাতীটোক নিজ হাতেৰে গা-পা ধুৱাই অলংকাৰেৰে সজাই পদুলিমুখত সাজু কৰি ৰাখিছিল। কিন্তু কনমইনাই দৰা সাজি সজাই থোৱা হাতীত নুঠি বাপেকৰ ইচ্ছাক উপেক্ষা কৰি এম্বচেদৰ গাড়ীত উঠি গুচি যায়। এনে অৱস্থাত শোক-অপমানত ম্রিয়মান হৈ শূন্য বিয়া ঘৰৰ বলোৰাম আৰু হাতীটো পদুলিমুখত অথর্ব হৈ ৰৈ থাকিল।

বুঢ়া বলোৰাম আৰু বাপধন বিয়াখনৰ বৰযাত্রী হ’ব নোৱাৰিলে। ইয়াৰ কাৰণ হ’ল নতুন যুগৰ নতুন মূল্যবোধেৰে গঢ় লোৱা পুতেকহঁতে বুঢ়া দেউতাকৰ ইচ্ছাক আৰু আশাক উপেক্ষা কৰি হাতীত উঠি যোৱাৰ পৰিৱৰ্তে মটৰ গাড়ীত উঠি যোৱাটোকে পছন্দ কৰিলে। তেনে অৱস্থাত উপেক্ষিত অপমানিত দেউতাক বলোৰাম আৰু ‘বাপধন’ নামৰ হাতীটো বৰষাত্ৰী হ’ব নোৱাৰিলে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ‘তাৰ পিছত, তাৰ পিছত কি হ’ব? নকর কিয় তাৰ পিছত কি হ’ব?’ – কোনে এনেদৰে কৈছিল? তেওঁ এনেদৰে কোৱাৰ কাৰণ কি?

উত্তৰ: উক্ত কথাষাৰ বলোৰোম মেধিয়ে পুতেক বৰমইনাক কৈছিল।

বৰমইনাই হীতটো বিক্রি কৰি মটৰগাড়ী এখন ক্ৰয় কৰিব বুলি কোৱাত বলোৰামে এনেদৰ কৈছিল।

(খ) বাপধন আৰু ৰাতিয়া কোন?

উত্তৰ: ‘বাপধন’ হৈছে বলোৰাম মেধিৰ পোহনীয়া হাতীটোৰ নাম আৰু ‘বাতিয়া’ হৈছে হাতীটোৰ মাউত।

২। তলত দিয়া প্রশ্নবোৰৰ অতি চমু উত্তৰ দিয়াঃ

(ক) হোমেন বৰগোহাঞিয়ে ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: ঢকুৱাখানাত।

(খ) হোমেন বৰগোহাঞিৰ এখন কবিতা পুথিৰ নাম লিখা। H. S. ’15, ’16

উত্তৰ: হৈমন্তী।

(গ) হোমেন বৰগোহাঞিৰ দুখন গল্প পুথিৰ নাম লিখা। H. S. ’17

উত্তৰ: ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’ আৰু ‘গল্প আৰু নক্সা’।

(ঘ) হোমেন বৰগোহাঞিৰ দুখন উপন্যাস পুথিৰ নাম লিখা।

উত্তৰ: ‘হালধীয়া চৰায়ে বাওধান খায়’ আৰু ‘সাউদৰ পুতেকে নাও মেলি যায়’।

(ঙ) হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা দুখন বাতৰি কাকতৰ নাম লিখা।

উত্তৰ: ‘আমাৰ অসম’ আৰু ‘অসম বাণী’।

(চ) হোমেন বৰগোহাঞিৰ দুখন আত্মজীবনীমূলক গ্রন্থৰ নাম লিখা।

উত্তৰ: ‘আত্মানুসন্ধান’ আৰু ‘মোৰ সাংবাদিক জীবন’।

(ছ) হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা দুখন গ্রন্থৰ নাম লিখা।

উত্তৰ: ‘বিংশ শতিকাৰ অসমীয়া সাহিত্য’ আৰু ‘গদ্যৰ সাধনা’।

(জ) হোমেন বৰগোঞিয়ে কোনখন গ্ৰন্থৰ বাবে ‘অসম প্রকাশন পৰিষদ বঁটা’ আৰু সাহিত্য একাডেমী বঁটাও লাভ কৰে।

উত্তৰ: ‘পিতাপুত্র’ নামৰ উপন্যাসখনৰ বাবে। এই উপন্যাসৰ বাবে তেওঁ লাভ কৰা বঁটা দুটা হ’ল: ‘অসম প্রকাশন পৰিষদ বঁটা’ (১৯৭৬) আৰু ‘সাহিত্য একাডেমী বঁটা’ (১৯৭৮)।

(ঝ) বলোৰাম মেধিৰ পুত্র-কন্যাৰ সংখ্যা কিমান আছিল?

উত্তৰ: পুত্ৰৰ সংখ্যা আছিল সাত আৰু কন্যাৰ সংখ্যা আছিল তিনি।

(ঞ) বাতিয়া কোন আছিল?

উত্তৰ: ৰাতিয়া আছিল বলোৰাম মেধিৰ ‘বাপধন’ নামৰ হাতীটোৰ মাউত।

(ট) বলোৰাম মেধিয়ে বাপধনক কাৰ হাতত গতাই দিছিল? অথবা বলোৰাম মেধিয়ে হাতীটো কাক দান কৰিছিল?

উত্তৰ: ‘ৰাতিয়া’ নামৰ মাউতজনক।

(ঠ) হোমেন বৰগোহাঞিৰ ‘হাতী’ নামৰ গল্পটোত থকা ‘হাতীটোৰ নাম কি আছিল? H. S. ’12

উত্তৰ: বাপধন।

(ড) ‘ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়া উপলক্ষে।’ ইয়াত কি ঘটনাৰ কথা কোৱা হৈছে? বুঢ়া আৰু তেওঁৰ সৰু পুতেকৰ নাম কি? H. S. ’16, 18

উত্তৰঃ বলোৰাম মেধিৰ কনিষ্ঠ পুত্ৰ কণমইনাৰ বিয়াৰ দিনাখন দৰা হাতীত উঠি যাব বুলি বাপেক বলোৰামে ৰাতিপুৱাৰে পৰাই হাতীটোক নিজ হাতেৰে গা-পা ধুৱাই অলংকাৰেৰে সজাই পদুলিমুখত সাজু কৰি ৰাখিছিল। কিন্তু কণমইনাই দৰা সাজি সজাই থোৱা হাতীত মুঠি বাপেকৰ ইচ্ছাক উপেক্ষা কৰি এম্বচেদৰ গাড়ীত উঠি গুচি যায়। এনে অৱস্থাত শোক-অপমানত ম্রিয়মান হৈ শূন্য বিয়া ঘৰৰ বলোৰাম আৰু হাতীটো পদুলিমুখত অথর্ব হৈ ৰৈ থাকিল। ইয়াত এই ঘটনাটোৰ কথা কোৱা হৈছে।
বুঢ়াৰ নাম বলোৰাম মেধি আৰু সৰু পুতেকৰ নাম কণমইনা।

(ঢ) ‘গদ্যৰ সাধনা’ পুথিখনৰ ৰচক কোন? H. S. ’19

উত্তৰ: ‘গদ্যৰ সাধনা’ পুথিখনৰ ৰচক হ’ল হোমেন বৰগোহাঞি।

(ণ) বলোৰাম মেধিয়ে নিজৰ কিমান বছৰ বয়স হওঁতে এটা হাতী কিনি আনিছিল? H. S. ’20

উত্তৰঃ ২৫ বছৰ।

(ত) বিয়াঘৰৰ পদুলিমুখত বলোৰাম বুঢ়া আৰু বাপধন স্তব্ধ স্তম্ভিত হৈ ৰোৱাৰ কাৰণ কি আছিল? H. S. ’20

উত্তৰ: বলোৰাম মেধিৰ কনিষ্ঠ পুত্ৰ কণমইনাৰ বিয়াৰ দিনাখন দৰা হাতীত উঠি যাব বুলি বাপেক বলোৰামে ৰাতিপুৱাৰে পৰাই হাতীটোক নিজ হাতেৰে গা-পা ধুৱাই অলংকাৰেৰে সজাই পদুলিমুখত সাজু কৰি ৰাখিছিল। কিন্তু কণমইনাই দৰা সাজি সজাই থোৱা হাতীত মুঠি বাপেকৰ ইচ্ছাক উপেক্ষা কৰি এম্বচেদৰ গাড়ীত উঠি গুচি যায়। এনে অৱস্থাত শোক-অপমানত ম্রিয়মান হৈ শূন্য বিয়া ঘৰৰ বলোৰাম আৰু হাতীটো পদুলিমুখত স্তব্ধ হৈ ৰৈ থাকিল।

(ঠ) বলোৰাম মেধিৰ হাতীটোৰ নাম কি আছিল? শেষত তাক কাৰ হাতত আৰু কিয় অর্পণ কৰা হৈছিল? গল্পটিৰ আধাৰত চমুকৈ লিখা। H. S. ’19

উত্তৰ: বলোৰাম মেধিৰ হাতটোৰ নাম আছিল ‘বাপধন’।

বলোৰাম মেধিৰ কনিষ্ঠ পুত্র কণমইনাৰ বিয়াৰ দিনাখন দৰা হাতীত উঠি যাব বুলি বাপেক বলোৰামে ৰাতিপুৱাৰে পৰাই হাতীটোক নিজ হাতেৰে গা-পা ধুৱাই অলংকাৰেৰে সজাই পদুলিমুখত সাজু কৰি ৰাখিছিল। কিন্তু কণমইনাই দৰা সাজি সজাই থোৱা হাতীত নুঠি বাপেকৰ ইচ্ছাক উপেক্ষা কৰি এম্বচেদৰ গাড়ীত উঠি গুচি যায়। এনে অৱস্থাত শোক-অপমানত ম্রিয়মান হৈ শূন্য বিয়া ঘৰৰ বলোৰাম আৰু হাতীটো পদুলিমুখত অথর্ব হৈ ৰৈ থাকিল।

সেয়ে মনৰ দুখ আৰু ক্ষোভত বলোৰামে হাতীটো ইয়াৰ মাউত ৰাতিয়াৰ হাতত অর্পণ কৰিছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment