Class 9 Social Science Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ
প্রথম খণ্ড ইতিহাস
অধ্যায় – ৩
মোৱামৰীয়া গণ বিদ্রোহ
পাঠভিত্তিক প্রশ্নোত্তৰ:
অতি চমু / চমু উত্তৰৰ প্ৰশ্ন:
১। ময়ামাৰা কি?
উঃ ময়ামাৰা এখন সত্ৰৰ নাম। শংকৰ-মাধৱৰ পৰৱৰ্তী কালত এই বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল।
২। সত্র বুলিলে কি বুজা?
উঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এক শৰণ নাম ধর্ম (বৈষ্ণৱ ধর্ম) প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে গঢ়ি তোলা এক সাংস্কৃতিক অনুষ্ঠানক সত্র বোলে।
৩। সংহতি কি?
উঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ মৃত্যুৰ পিছত তেখেতৰ শিষ্য আৰু প্ৰশিষ্যসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হয়। বিতৰ্কৰ পৰিণতি হিচাপে বৈষ্ণব সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰা হয়। এই ভাগবোৰকে ‘সংহতি’ বোলা হয়।
৪। মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত আৰম্ভ হয়?
উঃ আহোম ৰজা স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত।
৫। মোৱামৰীয় বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।
৬। কোনজন আহোম ৰজাই প্রথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰা বুলি অনুমান কৰা হয়?
উঃ আহোম ৰজা চুহুংমুঙ।
৭। চুৰুমফা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উঃ গুৰু নিত্যানন্দক।
৮। ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উঃ চতুর্ভুজ মহন্তক।
৯। আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা।
উঃ ছোমদেউ।
১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উঃ মাজুলীৰ আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত।
১১। ৰুদ্ৰসিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উঃ মাজুলীৰ আউনী আটী সত্ৰৰ কেশৱ মহন্তৰ ওচৰত।
১২। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?
উঃ কৃষ্ণৰাম ভট্টাচার্য বংগদেশৰ নদীয়াৰ শাক্ত ব্রাহ্মণ আছিল।
১৩। কোনজন আহোম ৰজাৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিছিল?
উঃ আহোম ৰজা শিৱসিংহৰ দিনত।
১৪। গাগিনী কোন?
উঃ গাগিনী হ’ল মোৱামৰীয়া মহন্ত অষ্টভূজৰ পুত্র।
১৫। মোৱামৰীয়াসকলে পোন প্রথমে কাক ৰজা পাতিছিল?
উঃ নাহৰখোৱাৰ পুত্ৰ ৰামাকান্ত বা ৰমানন্দক।
১৬। কেপ্তেইন ওবেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উঃ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈকে।
১৭। অসমৰ ক’ত লোণ উৎপাদন হৈছিল?
উঃ শদিয়া আৰু নগা পাহাৰত।
১৮। অসমৰ সৰ্বসাধাৰণ মানুহে কিয় লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উঃ লোণ বৰ মূল্যবান বস্তু আছিল বাবে সৰ্বসাধাৰণ মানুহে লোণ ব্যহাৰ কৰিব পৰা নাছিল।
চমু / দীঘল উত্তৰৰ প্ৰশ্নঃ
১। মোৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভ্যুত্থান বুলি ক’ব পৰা যায়নে?
উঃ মোৱামৰীয়াসকল মহাপুৰুষীয়া বৈষ্ণৱ কাল সংহতিৰ অন্তৰ্গত ‘মায়ামৰা’ সত্ৰৰ শিষ্য আছিল। মোৱামৰীয়া বিদ্রোহক গণ অভ্যুত্থান বুলি ক’ব পাৰি। কাৰণ মোৱামৰীয়াসকল নিজ গুৰুৰ প্ৰতি গভীৰ ভক্তি পৰায়ণ আছিল। শিষ্যসকলৰ একান্ত আনুগত্য আৰু ভক্তি আদায় কৰি মোৱামৰীয়া মহন্তসকল শক্তিশালী হৈ উঠিছিল। ইয়াৰ ফলত মোৱামৰীয়া মহন্ত আৰু আহোম ৰজাসকলৰ মাজত ধৰ্মলৈ বিবাদ আৰম্ভ হয়। ধর্ম বিবাদৰ ফলশ্রুতিত অসমৰ ইতিহাসত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হয়। মোৱামৰীয়া বিদ্রোহ এৰা-ধৰাকৈ ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ প্রায় ৩৬ বছৰ ধৰি চলিছিল। এই বিদ্ৰোহৰ ভিতৰত তিনিটা বিদ্রোহ ডাঙৰ আছিল। প্রতিটো বিদ্রোহতেই মোৱামৰীয়াসকলে একগোট হৈ আহোম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। আহোম ৰজাসকলৰ বাবে এই বিদ্রোহ প্রবল ভাবুকি স্বৰূপ আছিল। সেয়ে এই বিদ্রোহক গণ বিদ্রোহ বুলি ক’ব পাৰি।
২। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উঃ মোৱামৰীয়া বিদ্রোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণো ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবোৰ তলত উল্লেখ কৰা হ’ল।
(ক) আহোম ৰজা স্বৰ্গদেউ চুৰমফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক ষড়যন্ত্ৰ কৰি বধ কৰা হৈছিল। ফলশ্রুতিত মোৱামৰীয়াসকল গুৰু হত্যাৰ প্ৰতিশোধ ল’বলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।
(খ) স্বৰ্গদেউ গদাধৰ সিংহই ল’ৰাৰজাৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ কিছুবছৰ দিহিঙে-দিপাঙে আত্মগোপন কৰি ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়ত তেওঁ মোৱামৰীয়া সত্ৰাধিকাৰসকলৰ ধন-সম্পত্তি আৰু প্ৰতিপ্ৰত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্রানুষ্ঠানসমূহক ধ্বংস কৰি সেইবোৰত থকা ধন-সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলক শাৰীৰিকভারে শ্রমদান কৰিবলৈ বাধ্য কৰোৱা হৈছিল। কিছুমানক নির্বাসন দিছিল। প্রতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাৰী কাৰ্যকলাপত মোৱামৰীয়াসকল অতিকৈ ক্ষোভিত হৈ আহোমৰাজৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।
(গ) শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি, পূজা পাতি, পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত, ভকত আৰু সত্ৰাধিকাৰক ফোট দিয়াত মোৱামৰীয়াসকল অপমানিত হৈ আহোম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। এনেদৰে মোৱামৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণে ইন্ধন যোগাইছিল।
৩। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্ত ন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা।
উঃ আহোমৰজাসকলৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক বুলি ভবাৰ থল আছে। তলত এই কাৰকৰ বিষয়ে আলোচনা কৰা হ’ল। আহোমসকল সিহঁতৰ পৰম্পৰাগত ধৰ্ম বিশ্বাসত বিশ্বাসী আছিল। সিহঁতৰ প্ৰধান উপাস্য দেৱতা আছিল ছোমদেউ। কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে সিহঁত হিন্দু ধর্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰে। আহোম ৰজা জয়ধ্বজ সিংহই ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্রতি আকৃষ্ট হৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লয় আৰু ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্রতি ৰাজ অনুগ্রহন প্রদর্শন কৰে।
পিছলৈ সত্ৰবোৰৰ মাজত ৰাজ অনুগ্রহ লাভকৰিবলৈ প্ৰতিযোগিতা চলিবলৈ ধৰে। ফলত হঠাৎ আহোম ৰজাসকলে বৈষ্ণৱ সত্ৰবোৰৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন নীতিৰ পৰিৱৰ্তন কৰি দমনমূলক নীতি গ্ৰহণ কৰে। গদাধৰ সিংহৰ দিনত এই দমনমূলক নীতিয়ে চৰম পৰ্যায় লাভ কৰে। তেওঁ মোৱামৰীয়া সত্ৰাধিকাৰসকলক ভৱিষ্যত ৰাজনৈতিক প্রতিদ্বন্ধী বুলি ভাৱি বহুত সত্ৰাধিকাৰক ধৰি অত্যাচাৰ কৰে আৰু কিছুমানক নির্বাসন দিয়ে।
গদাধৰ সিংহৰ পিছৰজন ৰজা ৰুদ্ৰসিংহই আগৰজন ৰজাৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন কৰি নির্বাসিত, নির্যাতিত বা পলাতক সত্ৰাধিকাৰকসলক ঘূৰাই আনি গড়গাঁৱৰ সমীপত থাপিত কৰে। ইয়াৰ উপৰিও তেওঁ আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ দেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মর্যদা দিয়ে ফলত শূদ্র সত্ৰাধিকাৰসকলৰ লগত মনোমালিন্যৰ সৃষ্টি হয়।
ইয়াৰ পিছত স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী বৰ প্ৰতিপত্তিশালী হৈ উঠে। তেওঁৰ দিনত শাক্ত ধর্মই গা কৰি উঠে। এবাৰ ফুলেশ্বৰীয়ে বৈষ্ণৱ মহন্তসকলক অপমানিত কৰিবলৈ শক্তি পূজা কৰি প্রসাদ খুৱাই বলিৰ তেজৰে মোৱামৰীয়া মহন্তৰ কপালত ফুট ল’বলৈ বাধ্য কৰে। ফলত মোৱামৰীয়াসকল বিদ্রোহী হৈ উঠি আহোম ৰাজশক্তিৰ বিৰুদ্ধে মূৰ দাঙি উঠে। সেয়ে ক’ব পাৰি আহোম ৰজাসকলৰ ধর্মীয় নীতিৰ সঘন পৰিৱৰ্তন আৰু ধর্মীয় অহিষুষ্ণতা মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰক।
৪। পাইক প্রথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।
উঃ আহোম ৰজাসকলৰ দিনত সম্ভ্রান্ত পৰিয়াল আৰু বিষয়াসকলৰ বাহিৰে থকা সাধাৰণ প্রজাসকলক ‘পাইক’ বুলি কোৱা হৈছিল। পাইকসকলে ৰজাঘৰত শাৰীৰিক শ্ৰম দান কৰিব লাগিছিল। এই পাইক প্রথাও মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ আছিল।
মোৱামৰীয়াসকল জাতিত শূদ্র বা নিম্ন বৰ্গৰ লোক আছিল। সিহঁতে পাইক প্ৰথাৰ জৰিয়তে ৰজাঘৰত শাৰীৰিক শ্ৰম দান কৰিব লগা হৈছিল। তাৰোপৰি সিহঁত পাকৈত কাৰিকৰ আছিল। সিহঁতে যুদ্ধৰ অস্ত্র-শস্ত্ৰ, যুদ্ধৰ নাওঁ, যুদ্ধৰ বাবে হাতীক প্রশিক্ষণ দিয়া আদি বিভিন্ন কাম কৰিব লাগিছিল। আহোম ৰজাসকলেও সিহঁতৰ এই ব্যৱহাৰিক নিপুণতাৰ সুযোগ লৈছিল। অন্যান্য জাতিৰ পাইকসকলতকৈ সিহঁতে বেছিকৈ ৰজাঘৰত খাটিব লগা হৈছিল। ইয়াৰ উপৰিও সিহঁতৰ ওপৰত অর্থনৈতিক আৰু সামাজিক শোষণো চলিছিল।
এইবোৰ কাৰণত মোৱামৰীয়া পাইকসকল আহোম ৰজাসকলৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছিল। সেই সময়ত পাইকসকল দুটা ভাগত বিভক্ত আছিল- কাড়ী পাইক আৰু চমুৱা পাইক। সাধাৰণ খেল আৰু মেলৰ অধীনত থকা পাইকসকলক কাড়ী পাইক বোলা হৈছিল। সিহঁতক গড় বন্ধা, পুখুৰী খন্দা, দৌল-দেৱালয় সজোৱা, ৰাজকাৰেং নিৰ্মাণ কৰা আদি কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। প্রতিজন কাড়ী পাইকে ৰজাঘৰত গা-খাটি দিয়া বাবে ৰজাৰ পৰা দুপুৰাকৈ খাজনাবিহীন মাটি পাইছিল।
আনহাতে আহোম ৰাজত্বকালত সম্ভ্রান্ত বিষয়াসকল আৰু চুকাফাৰ লগত অহা চল্লিশ ঘৰ আহোমৰ পৰা বাঢ়ি যোৱা ফৈদৰ লোকসকলক চমুৱা পাইক অর্থাৎ উচ্চ পাইক বোলা হৈছিল। এই চমুৱা পাইকসকলে সামান্য পৰিমাণৰ মুদ্ৰাৰ বিনিময়ত ৰজাঘৰত গা-খাটি দিয়াৰ পৰা ৰেহাই পাইছিল। কালক্ৰমত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পায় আৰু কাড়ী পাইকৰ ওপৰত কামৰ হেঁচা বহু গুণ বাঢ়ি যায়। ফলত দুয়ো শ্ৰেণীৰ পাইকৰ মাজত মনোমালিন্যৰ সৃষ্টি হয়। বিশেষকৈ মোৱামৰীয়া পাইকসকল অধিক অসন্তুষ্ট হৈ আহোমৰাজৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।
৫। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰ: মোৱামৰীয়া বিদ্রোহ আছিল আহোম ৰাজত্বকালত দেখা দিয়া এক দীর্ঘদিনীয়া মাৰাত্মক বিদ্রোহ যিয়ে আহোম ৰাজশক্তি সোলোক-ঢোলোক কৰাৰ লগতে অসমত আহোম ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোগ্য অবদান আগবঢ়াইছিল। এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অর্থনৈতিক এই দুটা ভাগত আলোচনা কৰিব পাৰিঃ
(ক) ৰাজনৈতিক ফলঃ ৰাজনৈতিক ফলাফলৰ ভিতৰত এই বিদ্ৰোহৰ সময়ৰ পৰাই আহোম ৰাজশক্তি ক্রমান্বয়ে দুর্বল হ’বলৈ আৰম্ভ কৰে। ৰজাৰ তিনিজন প্রধান বিষয়া যেনেঃ বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই শক্তিশালী হৈ উঠে। পিছলৈ আহোম ৰজাসকল সিহঁতৰ হাতৰ পুতলাত পৰিণত হয়। শাসনৰ বৰমূঢ়ীয়া তিনিজন গোহাঁইৰ মাজতো ক্ষমতাৰ বাবে অৰিয়া-অৰিৰ সৃষ্টি হয়। সিহঁতে ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লোৱাত সাধাৰণ প্ৰজাৰ দুখ-দুর্গতি বৃদ্ধি পায়। আহোম ৰাজ শক্তিৰ দৰ্বলতাৰ সুযোগ লৈ নিজ স্বাৰ্থ পূৰণৰ হকে বদনচন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশৰ পৰা মানসকলক আমন্ত্রণ কৰি আনে। মানৰ আক্ৰমণ আহোম ৰাজ শক্তিৰ ওপৰত ভূতৰ ওপৰত দানর পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহোম ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মোৱামৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ’ল এই মোৱামৰীয়া বিদ্রোহ আৰু মানৰ আক্ৰমণত ৰাজহাড় ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি চিৰদিনৰ বাবে মাৰ যায়।
(খ) অর্থনৈতিক ফলাফলঃ মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমৰ অৰ্থনৈতিক শক্তি নিশকতীয়া হৈ পৰিছিল। ৰাজভঁৰাল উদং হৈ পৰিছিল আৰু প্রজাসাধাৰণৰো অৰ্থনৈতিক শোষণৰ বলি হয়। ফলত সিহঁতৰ দুখ-দুৰ্দ্দশা বহুগণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কৰ্মপটু মোৱামৰীয়াসকলৰ বহু সংখ্যক বিদ্রোহত প্রাণ আহুতি দিব লগা হৈছিল। ফলত দেশত কাৰিকৰ আৰু কৰ্মপটু লোকৰ অভাৱ হৈ দেশখন অর্থনৈতিক দিশত ভাঙি পৰিছিল।
৬। মোৱামৰীয়া বিদ্রোহক তুমি সফল নে বিফল বুলি ভাবা? যুক্তি দিয়া।
উঃ মোৱামৰীয়া বিদ্রোহক আমি সফল বিদ্রোহ বুলি ক’ব নোৱাৰো। কাৰণ:
(ক) ১৭৮৮ চনৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মোৱামৰীয়াসকলে আহোম ৰজা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ সৈন্যবাহিনীক পৰাজিত কৰি ৰাজধানী গড়গাঁও অধিকাৰ কৰে। ৰজা গুৱাহাটীলৈ পলাই যায়। মোৱামৰীয়াসকলে ভৰত সিংহক ৰজা পাতে। মোৱামৰীয়াসকলে ৰাজক্ষমতা পাই আহোম বিষয়াসকলক হত্যা কৰিবলৈ আৰম্ভ কৰে। ৰজাঘৰীয়া সত্ৰবোৰৰ ওৰপত সন্ত্রাস চলায় আৰু সাধাৰণ প্ৰজাক মোৱামৰীয়া সত্ৰৰ শিষ্যত্ব গ্রহণ কৰিবলৈ বাধ্য কৰায়। এনেদৰে মোৱামৰীয়াসকল প্ৰজাধাৰণৰ অন্তৰ জয় কৰিব নোৱাৰি সিহঁতৰ ৰাজশাসন স্থায়ী কৰিব নোৱাৰিলে।
(খ) মোৱামৰীয়াসকলে ৰাজ্য দখল কৰি ক্ষমতাৰ বাবে সিহঁতৰ মাজত খোৱা-কামোৰা আৰম্ভকৰে। তাৰোপৰি সিহঁতৰ শাসন কার্য চলোৱাৰ কোনো পূর্ব অভিজ্ঞতাও নাছিল। ফলত সিহঁতে প্রজাসাধাৰণক ভাল শাসন দিয়াত ব্যর্থ হয়। এই সুযোগতে আহোমসকলে ছেগ বুজি মোৱামৰীয়াসকলৰ নেতা ৰাঘৱ মৰাণক হত্যা কৰে। ফলত মোৱাৰমীয়াসকলে অলপ দিনৰ ভিতৰতে ৰাজ্য হেৰুৱাব লগাত পৰে।
(গ) মোৱামৰীয়াসলে শাসনকার্যত কোনো ধৰণৰ পৰিৱৰ্তন আনিব পৰা নাছিল। ফলত প্রজাসাধাৰণে সিহঁতৰ ওপৰত কোনো আস্থা স্থাপন কৰিব পৰা নাছিল।
(ঘ) মোৱামৰীয়াসকল অন্যান্য হিন্দু ধর্মাবলম্বীকসল যেনে শাক্ত পন্থীসকল আৰু ব্রাহ্মণসকলৰ প্ৰতি অসহিষ্ণু আছিল। ফলত সিহঁতে ৰাজ্যখনত ঐক্য আৰু শান্তিৰ বাতাবৰণ ঘূৰাই অনাত বিফল হৈছিল। এইবোৰ কাৰণৰ বাবে মোৱামৰীয়সকলৰ বিদ্রোহ সফল হোৱা বুলি ক’ব নোৱাৰি।
৭। কেপ্তেইন ওবেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অবস্থাতে অভিযান সামৰি ঘূৰি গ’ল?
উঃ ১৭৮৮ চনত মোৱামৰীয়াসকলে বিদ্রোহ কৰি ৰজাঘৰীয়া সৈন্য বাহিনীক পৰাজিত কৰি ৰাজধানী দখল কৰে। আহোম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি পলাই যায়। সেয়ে মোৱামৰীয়াসকলৰ পৰা আহোমসকলে ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে। ইংৰাজসকলেও আহোম ৰজাৰ প্ৰাৰ্থনাত সঁহাৰি জনাই কেপ্তেইন ওৱেলছক অসমলৈ পঠাই দিয়ে। তেওঁৰ অসম অভিযানৰ মুখ্য উদ্দেশ্য আছিল অসম সম্পর্কে বিতং তথ্য সংগ্ৰহ কৰা আৰু আহোম ৰজাক পুনৰ আহোম ৰাজ্যৰ সিংহাসন ঘূৰাই পোৱাত সহায় কৰা। সেই সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিচৰ উত্তৰসূৰী হিচাপে ছাৰ জন ছোৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ছাৰ জন ছোৰে ‘অহস্তক্ষেপ নীতি’ গ্রহণ কৰিছিল। অর্থাৎ তেওঁ কোনো পৰৰাজ্যত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব বিচাৰিছিল। সেয়ে তেওঁ কেপ্তেইন ওরেলছক অতি সোনকালেই অসমৰ পৰা প্ৰত্যাৱৰ্তন কৰিবলৈ নির্দেশ দিয়ে। গৱৰ্ণৰ জেনেৰেলৰ নিৰ্দেশ অনুসৰি কেপ্তেইন ওরেলছে নিজৰ অভিযান সমাপ্ত নকৰাকৈয়ে অসম এৰি যাবলৈ বাধ্য হয়।
৮। মোৱামৰীয়া বিদ্রোহ দমনত ওৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা?
উঃ ১৭৮৮ চনৰ মোৱামৰীয়া বিদ্রোহ দমনত কেপ্তেইন ওরেলছৰ বিশেষ অৱদান আছে বুলি ক’ব লাগিব। কাৰণ মোৱামৰীয়া বিদ্রোহ আছিল আহোম ৰাজশক্তিৰ বাবে প্ৰচণ্ড সহিব নোৱাৰা আঘাত স্বৰূপ। এই যুদ্ধত পৰাজিত হৈ আহোম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাব লগা হয়। আহোম ৰজাই মোৱামৰীয়াসকলৰ হাতৰ পৰা নিজৰ ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে।
ইপিনে আহোম ৰজাৰ এনে দুৰ্যোগৰ সময়ত সুবিধা বুজি আহোমৰ কৰতলীয়া হিচাপে থকা দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, উত্তৰ কামৰূপৰ হৰদত্ত-বীৰদত্ত আৰু নগাঁৱত সিন্ধুৰা হাজৰিকাই আহোম ৰজাৰ বশ্যতা ওফৰাই বিদ্রোহ ঘোষণা কৰে। আনহাতে গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আশ্রয় গৃহত কৈৱৰ্ত সম্প্ৰদায়ৰ কিছুমান লোকে জুই লগাই দিয়াত ৰজাই গুৱাহাটীৰ পৰা পলাবলগীয়া হয়। ৰজাই ব্রহ্মহ্মপুত্ৰইদি ভটিয়াই যাওঁতে আধবাটতে বংগৰ পৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পায়। তেতিয়া ৰজাই ওৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ ওভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্তেইন ওৱেলছৰ বাহিনী আৰু ৰজাৰ সৈন্য বাহিনীৰ মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাওঁৰ সিন্ধুৰা হাজৰিকা আৰু উত্তৰ কামৰূপৰ হৰদত্ত-বীৰদত্ত পৰাজিত হয় আৰু বন্ধী হয়।
গুৱাহাটীৰ বিদ্রোহ দমন কৰি কেপ্তেইন ওবেলছে মোৱামৰীয়াসকলৰ হাতৰ পৰা উজনি অসম উদ্ধাৰ কৰিবলৈ ৰংপুৰ অভিমুখে যাত্রা কৰে। বৃটিছ বাহিনী আৰু পূর্ণানন্দ বুঢ়াগোহাঞিৰ মিলিত বাহিনীয়ে মোৱামৰীয়াসকলক পৰাজিত কৰি ৰংপুৰ এৰি যাবলৈ বাধ্য কৰায়। অৱশেষত প্রায় ছয় বছৰ পিছত মোৱামৰীয়াসকলৰ হাতৰ পৰা ৰাজ্য উদ্ধাৰ কৰি গৌৰীনাথ সিংহ পুনৰ ইংৰাজৰ সহায়ত সিংহাসন ঘূৰাই পায়।
সেয়ে ক’ব পাৰি মোৱামৰীয়া বিদ্রোহ দমনত কেপ্তেইন ওরেলছ সম্পূর্ণ সফল হয়।
৯। কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা।
উঃ মোৱামৰীয়া বিদ্রোহীসকলৰ হাতত ৰাজ্য হেৰুৱা আহোম ৰজা গৌৰীনাথ সিংহৰ অনুৰোধত ১৭৯২ চনত ইংৰাজ বিষয়া কেপ্তেইন ওবেলছে অসমলৈ আহে। তেওঁ অসমখন ঘূৰি-পকি চাই অসমৰ ৰাজনৈতিক, সামাজিক আৰু প্ৰাকৃতিক অৱস্থাৰ বিষয়ে এক গুৰুত্বপূৰ্ণ টোকা লিখি থৈ গৈছে।
কেপ্তেইন ওৱেলছৰ টোকামতে সেই সময়ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি বৰ অস্থিৰ আছিল। আহোম ৰজাৰ পাঁচ গৰাকী মন্ত্ৰী বৰ প্ৰতাপী আছিল আৰু সিহঁতৰ মাজত ক্ষমতাৰ বাবে অৰিয়া-অৰি চলিছিল। ৰাজনৈতিক অচলাৱস্থাৰ বাবে মূলত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাৰীতা, মোহনমালা গোহাঁইক অনৈতিকভাবে ৰাজসিংহাসনৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তক হত্যা, উচ্চ শ্ৰেণীৰ মাজত চলা ক্ষমতাৰ প্ৰতিযোগিতা আদিয়েই মূলত দায়ী বুলি কেপ্তেইন ওৱেলেছে তেওঁৰ টোকাত লিখি থৈ গৈছে।
অসমৰ প্ৰাকৃতিক সম্পদ আৰু খেতি-বাতিৰ বিষয়ে কেপ্তেইন ওরেলছে লিখিছে যে অসমত প্ৰচুৰ পৰিমাণে, ধান, কুঁহিয়াৰ, আদা, নীল, তামোল-পান আদি উৎপাদন হৈছিল। কিন্তু অসমত লোণৰ বৰ আকাল আছিল।
কেপ্তেইন ওরেলছে গুৱাহাটীৰ বিষয়ে লিখি গৈছে যে গুৱাহাটী নগৰখন বৰ আহল-বহল আৰু জনবহুল নগৰ আছিল। ই ব্ৰহ্মপুত্র নদৰ দুয়োপাৰে বিস্তৃত আছিল। নগৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত খেতি কৰা হৈছিল। সকলো মাটি ডা-ডাঙৰীয়া আৰু ৰজাৰ সম্পত্তি আছিল। বজাৰত বস্তুৰ বেচা-কিনা নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল।
টকাৰ বৰ নাটনি আছিল। তথাপি অসমখন সমৃদ্ধিশালী ৰাজ্য আছিল। গৌৰীনাথ সিংহই বৃটিছ সেনাক ভৰণ-পোষণ দিবলৈ সমর্থ হৈছিল।
১০। চমু টোকা লিখাঃ
কীৰ্তিচন্দ্ৰ বৰবৰুৱা, মায়ামৰা সত্ৰ, পূর্ণানন্দ বুঢ়াগোহাঞি, কাড়ী পাঠইক আৰু চমুৱা পাইক, ওবেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি, বৰৰজা ফুলেশ্বৰী, পৰ্বতীয়া গোসাঁই, সর্বানন্দ, ৰংপুৰ নগৰ, ভৰত সিংহ।
উঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা: কীৰ্তিচন্দ্ৰ বৰবৰুৱা ৰূপচন্দ্ৰ বৰবৰুৱাৰ পুত্ৰত্র আছিল। শিৱসিংহই তেওঁক বৰবৰুৱা পদত নিযুক্তি দিছিল। তেওঁৰ পূৰ্বপুৰুষসকল পেশাত দর্জী আছিল। পিছত তেওঁলোক কর্ম গুণত বৰবৰুৱাৰ পদ পাইছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন প্রতাপশালী বৰবৰুৱা আছিল। মোৱামৰীয়াসকলে বিদ্ৰোহৰ সময়ত তেওঁক ১৭৬৯ চনত হত্যা কৰিছিল।
কীৰ্তিচন্দ্ৰৰ চক্ৰান্তৰ বাবে ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ জেষ্ঠ্যপুত্র মোহনমালাদেউৰ বিপৰীতে ভায়েক ৰাজেশ্বৰ সিংহ আহোম ৰাজ সিংহাসন লাভ কৰে।
মায়ামৰা সত্ৰ: মায়ামাৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। শংকৰ-মাধৱৰ পৰৱৰ্তী কালত এই বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। এই সত্ৰৰ শিষ্যসকল মৰাণ সম্প্ৰদায়ৰ আছিল। ইয়াৰ উপৰিও কছাৰী, চুতীয়া, কৈৱৰ্ত, আহোম জনগোষ্ঠীৰ কিছুমান লোক এই সত্ৰৰ শিষ্যত্ব গ্রহণ কৰিছিল। এই সত্ৰৰ সত্ৰাধিকাৰসকল শূদ্র সম্প্ৰদায়ৰ আছিল। এই সত্ৰৰ সত্ৰাধিকৰজন ক্রমান্বয়ে সম্পত্তিশালী হৈ উঠিছিল। স্বৰ্গদেউ গদাধৰ সিংহই ল’ৰা ৰজাৰ ভয়ত আত্মগোপন কৰি থকা কালত এই সত্ৰৰ অৱস্থা চাই আচৰিত হৈছিল আৰু প্রতিপত্তিত আহোম ৰজাৰ প্ৰতিদ্বন্ধী বুলি ভয় খাইছিল।
পূর্ণানন্দ বুঢ়াগোহাঁঞিঃ আহোম ৰজা গৌৰীনাথ
সিংহৰ দিনত পূর্ণানন্দই বুঢ়াগাহাঁইৰ পদত অধিষ্ঠিত হয়। তেওঁ ঘনশ্যাম বুঢ়াগোহাঞিৰ পুত্ৰ আছিল। তেওঁ প্রায় ৩৫ বছৰ কাল আহোম ৰাজসভাত বুঢ়াগোহাঁাঁঞিৰ পদত অধিষ্ঠিত হৈ আছিল। তেওঁ বৰ দূৰদৰ্শী আছিল আৰু ৰজা আৰু প্ৰজাৰ মঙ্গলৰ হকে চেষ্টা কৰিছিল। ১৭৮৮ চনত মোৱামৰীয়াসকলে বিদ্রোহ কৰি আহোম ৰাজধানী ৰংপুৰ দখল কৰাৰ সময়ত পূর্নানন্দ বুঢ়াগোহাঞিয়ে বৰ সুকৌশলে আৰু বিচক্ষণতাৰে উজনি অসমত মোৱামৰীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰি বৰ্তি থাকিব পাৰিছিল। শেষত তেওঁ মোৱামৰীয়া বিদ্রোহীসকলৰ হাতত নিহত হয়।
কাড়ী পাইক আৰু চমুৱা পাইক: আহোম ৰজাসকলৰ দিনত সম্ভ্রান্ত পৰিয়াল আৰু বিষয়াসকলৰ বাহিৰে থকা সাধাৰণ প্ৰজাসকলক ‘পাইক’ বুলি কোৱা হৈছিল। পাইকসকলে ৰজাঘৰত শাৰীৰিক শ্ৰম দান কৰিব লাগিছিল।
সেই সময়ত পাইকসকল দুটা ভাগত বিভক্ত হৈছিল। কাড়ী পাইক আৰু চমুৱা পাইক। সাধাৰণ খেল আৰু মেলৰ অধীনত থকা পাইক সকলক কাড়ী পাইক বোলা হৈছিল। সিহঁতক গড়বন্ধা, পুখুৰী খন্দা, দৌল-দেৱালয় সজোৱা, ৰাজকাৰেং নিৰ্মাণ কৰা আদি কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। প্রতিজন কাড়ী পাইকে ৰজাঘৰত গা-খাটি দিয়া বাবে ৰজাৰ পৰা দুপুৰাকৈ খাজনাবিহীন মাটি পাইছিল।
আনহাতে আহোম ৰাজত্বকালত সম্ভ্রান্ত বিষয়াসকল আৰু চুকাফাৰ লগত অহা চল্লিশ ঘৰ আহোমৰ পৰা বাঢ়ি যোৱা ফৈদৰ লোকসকলক চমুৱা পাইক অর্থাৎ উচ্চ পাইক বোলা হৈছিল। এই চমুৱা পাইকসকলে সামান্য পৰিমাণৰ মুদ্ৰাৰ বিনিময়ত গা-খাটি দিয়াৰ পৰা ৰেহাই পাইছিল। কালক্ৰমত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পায় আৰু কাড়ী পাইকৰ ওপৰত কামৰ হেঁচা বহু গুণে বাঢ়ি যায়। ফলত দুয়ো শ্ৰেণীৰ পাইকৰ মাজত মনোমালিন্যৰ সৃষ্টি হয়। বিশেষকৈ মোৱামৰীয়া পাইকসকল অধিক অসন্তুষ্ট হৈ আহোমৰাজৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।
বাণিজ্যিক চুক্তি: আহোম ৰজা গৌৰীনাথ সিংহ ওবেলছ আৰু গৌৰীনাথ সিংহৰ মাজত আৰু অসমলৈ অহা ব্রিটিছ বিষয়া কেপ্তেইন ওৱেলছৰ মাজত ১৭৯৩ চনত এখন বাণিজ্যিক চুক্তি সম্পাদিত হয়। এই চুক্তিৰ চৰ্তবোৰ আছিল তলত দিয়া ধৰণৰ :
(ক) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা যিকোনো বস্তুৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হ’ব।
(খ) অসমৰ পৰা ইংৰাজৰ যিকোনো প্রান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অৰ্থাৎ ১০% কৰ ধাৰ্য কৰা হ’ব।
(গ) ধান আৰু চাউলৰ ওপৰত কোনো কৰ আৰোপ নাথাকিব।
(ঘ) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ’ব।
(ঙ) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।
বৰৰজা ফুলেশ্বৰী: আহোম স্বৰ্গদেউ শিৱসিংহৰ বৰৰাণী হ’ল বৰৰজা ফুলেশ্বৰী। এবাৰ দৈৱজ্ঞই ৰজা শিৱসিংহৰ ছত্ৰভংগ যোগ পৰা বুলি কোৱাত ৰজাই এই গ্রহদোষৰ পৰা হাত সাৰিবলৈ ব্রাহ্মণসকলক অজস্র ধন-সোণ দান দি ৰাণী ফুলেশ্বৰীক সিংহাসনত বহুৱায়। তেতিয়াৰ পৰা ফুলেশ্বৰী বৰ প্ৰতাপশালী হৈ উঠে। ৰাণীৰ প্ৰভাৱত ৰজা শিৱসিংহই পুতলা সদৃশ হৈ পৰিছিল। ফুলেশ্বৰী শাক্ত পন্থী আছিল। এবাৰ ফুলেশ্বৰীয়ে মোৱামৰীয়া মহন্তসকলক মাতি আনি বলিৰ পঠাৰ তেজেৰে কপালত ফুট ল’বলৈ বাধ্য কৰাইছিল। ফলত বৈষ্ণৱসকল আৰু অন্যান্য হিন্দুসকলকৰ মাজত ধর্মলৈ মতভেদ সৃষ্টি হৈছিল। এই কার্যত মোৱামৰীয়াসকল অপমানিত হৈ পিছলৈ আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল। অসমত ধর্মীয় অসিযুষ্ণুতা সৃষ্টিৰ আঁৰত বৰৰজা ফুলেশ্বৰীও দায়ী আছিল।
পর্বতীয়া গোসাঁই: পর্বতীয়া গোসাঁই আছিল কৃষ্ণৰাম ভট্টাচাৰ্যৰ আগৰ নাম। তেওঁ শাক্তধর্মী পৰোহিত আছিল। ৰজা শিৱসিংহই তেওঁক বংগদেশৰ নদীয়াৰ পৰা মতাই আনি তেওঁৰ ওচৰত শৰণ লৈছিল। কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈ ৰজা শিৱসিংহ ঘোৰ শাক্তপন্থী হৈ উঠিছিল আৰু বৈষ্ণৱসকলৰ বিৰোধীতা কৰিছিল। কৃষ্ণৰামক শিৱসিংহই বহুত মাটি দান কৰি নীলাচল পাহাৰৰ ওপৰৰ থকা কামাখ্যাদেৱীৰ মন্দিৰৰ অধীক্ষক পাতিছিল। সেইবাবে কৃষ্ণৰাম ভট্টাচার্য পিছলৈ পর্বতীয়া গোসাঁই নামে পৰিচিত হয়।
ৰংপুৰ নগৰঃ ৰংপুৰ নগৰ আছিল আহোম ৰজাসকলৰ ৰাজধানী। ইয়াৰ পৰিধি আছিল ২০ মাইল। আহোম ৰাজত্বৰ সময়ত ইয়াৰ চাৰিওফালে বেৰদি সুৰক্ষিত কৰা হৈছিল। বহু বছৰ ই আহোম সকলৰ ৰাজধানী হৈ আছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ১৭৮৮ চনত এই নগৰখন বিদ্রোহীসকলৰ হাতত পৰিছিল। ইয়াত ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়সাগৰ, জয়দৌল আদি অৱস্থিত।
সর্বানন্দঃ সর্বানন্দ আছিল এজন চিংফৌ নেতা। মোৱামৰীয়াসকলে কমলেশ্বৰ সিংহৰ দিনত সৰ্বানন্দৰ নেতৃত্বত আহোম ৰজাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে। এই বিদ্ৰোহৰ সময়ত আহোম বুঢ়াগোহাঁই পূর্ণানন্দই বৰ বিপাঙত পৰি সৰ্বানন্দৰ লগত এখন চুক্তি কৰে। এইচুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ডক সৰ্বানন্দক স্বতন্ত্রভাবে শাসন কৰিবলৈ দিয়ে। এই অঞ্চলখিনি পিছত মটক ৰাজ্যৰূপে গঢ়ি উঠে।
ভৰত সিংহঃ মোৱামৰীয়াসকলৰ ১৭৮৮ চনৰ বিদ্রোহত আহোম বাহিনীক পৰাজিত কৰি ৰংপুৰ দখল কৰি ভৰত সিংহক ৰজা পাতে। কিন্তু ১৭৯৩ চনত ইংৰাজ বিষয়া কেপ্তেইন ওৱেলচৰ হাতত পৰাজিত হৈ ভৰত সিংহ পলাই যায়। পিছত ১৮০২ চনত তেওঁ পুনৰ আহোম ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰাত ৰজাঘৰীয়া সৈন্যৰ হাতত তেওঁ পৰাজিত হয় আৰু মৃত্যু হয়।
অতিৰিক্ত প্রশ্নোত্তৰ :
১। ‘মায়ামৰা সত্ৰ’ কোন সংহতিৰ অন্তৰ্গত?
উঃ কাল সংহতি।
২। গদাধৰ সিংহৰ আদেশত কোনজন সত্ৰাধিাকৰক হত্যা কৰা হয়?
উঃ বৈকুণ্ঠ মহন্তক।
৩। মায়ামৰা মহন্তসকল কোন সম্প্রদায়ৰ লোক?
উঃ শুদ্র সম্প্ৰদায়ৰ।
৪। কিণাৰামৰ হিন্দু নাম কি আছিল?
উঃ কমলেশ্বৰ সিংহ।
৫। মোৱামৰীয়া বিদ্রোহ কেতিয়া অন্ত পৰিছিল?
উঃ ১৮০৫ চনত।
৬। আহোম ৰজা চুহুংমুঙৰ ৰাজত্বকালত লিখা বুৰঞ্জীখনৰ নাম কি?
উঃ শ্রী শ্রী স্বৰ্গনাৰায়ণ মহাৰজাৰ জন্ম কথা।
৭। হৰদত্তই বংগদেশৰ পৰা অনা সৈন্যসকলক কি নামেৰে জনা যায়?
উঃ বৰকান্দাজ।
৮। সৰ্বানন্দই আহোম ৰজাক বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক কি কি বস্তু দিয়াৰ প্ৰতিশ্রুতি দিছিল?
উঃ হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ।