Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ

(খ) অর্থনীতি বিজ্ঞান

অধ্যায় – ২

মূল অর্থনৈতিক সমস্যাসমূহ

পাঠভিত্তিক প্রশ্নোত্তৰ :

অতি চমু / চমু উত্তৰৰ প্ৰশ্ন:

১। সংজ্ঞা লিখাঃ

(ক) দৰিদ্ৰতা

(খ) নিবনুৱা

(গ) জনসংখ্যাৰ ঘনত্ব

(ঘ) লিংগ অনুপাত

(ঙ) চৰম দৰিদ্ৰতা

(চ) আপেক্ষিক দৰিদ্ৰতা

(ছ) বহনক্ষম উন্নয়ন

(জ) সেউজ অর্থনীতি

উঃ (ক) দৰিদ্ৰতাঃ দৰিদ্ৰতা হৈছে এনে এক অৱস্থা য’ত এজন ব্যক্তিয়ে জীৱন ধাৰণৰ বাবে প্রয়োজনীয় মৌলিক প্রয়োজনসমূহ যেনে খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যর্থ হয়।

(খ) নিবনুৱাঃ কাম কৰাৰ দক্ষতা আৰু ইচ্ছা থকা সত্বেও যদি কোনোবাই উপযুক্ত কর্ম সংস্থান নাপায় তেনে অৱস্থাকে নিবনুৱা বোলে।

(গ) জনসংখ্যাৰ ঘনত্ব: কোনো এখন ঠাইত প্রতি বর্গ কিলোমিটাৰত বাস কৰা মানুহৰ সংখ্যাই হ’ল ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব।

(ঘ) লিংগ অনুপাত: এখন ঠাই, ৰাজ্য বা দেশত বাস কৰা প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাকেই ঠাইখনৰ, ৰাজ্যখনৰ বা দেশখনৰ লিঙ্গ অনুপাত বোলা হয়।

(ঙ) চৰম দৰিদ্ৰতাঃ দৰিদ্ৰ লোকসকলে দৰিদ্ৰতাৰ পাক চক্ৰত পৰি অধিক দৰিদ্ৰতাৰ মাজলৈ গতি কৰাকে ‘চৰম দৰিদ্ৰতা’ বোলে।

(চ) আপেক্ষিক দৰিদ্ৰতাঃ যেতিয়া দুজন মানুহ বা ব্যক্তিৰ মাজত দৰিদ্ৰতাৰ তুলনা কৰা হয়, তেতিয়া এজনৰ তুলনাত আন এজনক দৰিদ্ৰ বুলি কোৱা হয় আৰু এনে অৱস্থাকে আপেক্ষিক দৰিদ্ৰতা বোলে।

(ছ) বহনক্ষম উন্নয়নঃ ভৱিষ্যত প্রজন্মৰ উন্নয়ন বিঘ্নিত নকৰাকৈ বৰ্তমান প্রজন্মই যি উন্নয়ন কৰিব পাৰে তাক বহনক্ষম উন্নয়ন বোলে।

(জ) সেউজ অর্থনীতি: যি অর্থনীতিৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে পৰিবেশৰ প্ৰতি ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাসমূহ দূৰ কৰি, বহনক্ষম উন্নয়ন লাভ কৰিব পাৰি, তেনে অর্থনীতিকে ‘সেউজ অর্থনীতি’ বোলে।

২। দৰিদ্ৰতাৰ সীমাৰেখা কি? গাওঁ আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?

উঃ যি সীমাৰেখাই সমাজৰ মানুহক দুখীয়া আৰু অদুখীয়া দুটা শ্রেণীত ভাগ কৰে, সেই সীমাৰেখাক দৰিদ্ৰতাৰ সীমাৰেখা’ বুলি কোৱা হয়।
গাওঁ অঞ্চলত যিসকল লোকে গাইপতি দৈনিক ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি আহৰণ কৰিব নোৱাৰে, সেইলোকসকলক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বুলি কোৱা হয়।

৩। ২০১১ চনৰ লোকপিয়লমতে ভাৰত বৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান?

উঃ ২০১১ চনৰ লোকপিয়লমতে ভাৰতৰ জনসংখ্যা হ’ল ১২১ কোটি আৰু অসমৰ জনসংখ্যা হৈছে ৩ কোটি ১২ লাখ।

৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?

উঃ বিশ্বৰ মাটিকালিৰ ২.৪% ভাৰতবৰ্ষত আছে।

৫। ভাৰতৰ সৰ্বাধিক লিংগ অনুপাতৰ থকা ৰাজ্য কোনখন আৰু কিমান?

উঃ ভাৰতবৰ্ষত সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন হ’ল কেৰালা। ইয়াৰ লিংগ অনুপাত হল ১০৮৪।

৬। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উঃ অসমৰ জনসংখ্যাৰ ঘনত্ব হ’ল ৩৯৭ জন।

৭। ছদ্মবেশী নিবনুৱা কাক কয়?

উঃ ছদ্মবেশী নিবনুৱা হৈছে এনে ব্যক্তি যিজনক বনুৱা যেন দেখা গ’লেও উৎপাদনত তাৰ ভূমিকা শূন্য। উদাহৰণস্বৰূপে দুজন মানুহে কৰিব পৰা কামত যদি চাৰিজন লোক নিয়োজিত হৈ থাকে তেন্তে অতিৰিক্তি দুজনক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।

৮। মুদ্রাস্ফীতি কি?

উঃ মুদ্রাস্ফীতিয়ে মুদ্রামূল্য হ্রাস পোৱা আৰু দ্রব্যমূল্য বৃদ্ধি পোৱা অৱস্থাক বুজায়।

৯। মুদ্রাস্ফীতিৰ কাৰণবোৰ কি কি?

উঃ মুদ্রাস্ফীতিৰ মূল কাৰণ দুটা, যেনেঃ (ক) চাহিদাজনিত কাৰণ আৰু (খ) ব্যয়জনিত কাৰণ।

১০। দমিত মুদ্রাস্ফীতি কাক বোলে?

উঃ চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনেঃ ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নির্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত দৰ স্তৰতকৈ নিম্ন স্তৰত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস পায়। এনে মুদ্রাস্ফীতিক ‘দমিত মুদ্রাস্ফীতি’ বোলে।

১১। অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে?

উঃ অবিধিগত খণ্ডত শ্রমিকৰ সংখ্যা ১০ জনতকৈ কম থাকে।

কর্মী জনসংখ্যা- মুঠ কর্মী সংখ্যা × ১০০ সম্পূৰ্ণ কৰা। মুঠ কর্মী সংখ্য

১৩। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল?

উঃ বহনক্ষম উন্নয়নৰ সংজ্ঞা Brundtland আয়োগে ১৯৮৭ চনত আগবঢ়াইছিল।

১৪। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র কি হোৱাটো বিচাৰে?

উঃ পৰিবেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ তলত উল্লেখ কৰা হোৱাটো বিচাৰে:

“চিন্তা বিশ্বব্যাপী হওঁক, কার্যপন্থা স্থানীয় হওঁক।”

দীঘল উত্তৰৰ প্ৰশ্ন:

১। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা।

উঃ ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ’ল:

(ক) উচ্চ জন্ম হাৰঃ ভাৰতবৰ্ষত জন্মৰ হাৰ অতি উচ্চ। তাৰোপৰি আধুনিক চিকৎসা বিজ্ঞান যথেষ্ট উন্নত হোৱা বাবে মৃত্যু হাৰ হ্রাস পাই দেশখনত জনসংখ্যাৰ বৃদ্ধি ঘটাইছে।

(খ) নিৰক্ষৰতা: ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ এটি অন্যতম কাৰণ হৈছে নিৰক্ষৰতা। ভাৰতৰ অধিকাংশ লোক শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। অশিক্ষিত লোকসকলে পৰিয়াল পৰিকল্পনাৰ বিষয়ে অজ্ঞ। তাৰোপৰি ভাৰতীয় সমাজত এনে এক পৰম্পৰাগত অন্ধবিশ্বাস চলি আছে যে অধিক সন্তান পৰিয়ালৰ কাৰণে গৌৰৱ। এনে বিশ্বাসৰ বশৱৰ্তী হৈ বহুতো দম্পতীয়ে অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে।

(গ) দৰিদ্ৰতা: দৰিদ্ৰতাও দেশৰ জনসংখ্যা বৃদ্ধিৰ এক অন্যতম কাৰণ। দৰিদ্ৰ লোকসকলে পেটৰ ভাতমুঠিৰ উপাৰ্জনৰ চিন্তা কৰাৰ বাহিৰে শিক্ষা-দীক্ষাৰ কথা চিন্তা কৰিব নোৱাৰে। ফলত অজ্ঞতাৰ বশৱৰ্তী হৈ অধিক সন্তানৰ জন্মদি দেশৰ জনসংখ্যা বৃদ্ধি কৰি আছে।

(ঘ) সম্পদৰ অসমান বিতৰণঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ জনসংখ্যাও অত্যধিক লগতে ইয়াৰ প্ৰাকৃতিক সম্পদৰ ভঁৰালো যথেষ্ট। কিন্তু এই সম্পদবোৰ মুষ্ঠিমেয় কিছুসংখ্যক লোকৰ হস্তগত হৈছে। ফলত চৰকাৰী প্রচেষ্টা থকা সত্বেও সম্পদৰ সম বিতৰণ সম্ভৱ হোৱা নাই। ফলত দৰিদ্ৰসকল অধিক দৰিদ্ৰ হৈ আছে আৰু ধনী সকল ক্ৰমাৎ অধিক ধনী হৈ আছে।

(ঙ) পৰিয়াল পৰিকল্পনাৰ অভাৱঃ দেশৰ অধিকাংশ লোক অশিক্ষিত আৰু দৰিদ্ৰ হোৱা বাবে জন্ম নিয়ন্ত্ৰণৰ উপায় গ্ৰহণ কৰাৰ প্ৰতি সচেতন নহয়। ফলত জন্মৰ হাৰ অত্যধিক বৃদ্ধি পাই দেশখনত দৰিদ্রতা বৃদ্ধি পাইছে।

২। দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতা সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা।

উঃ দৰিদ্ৰতা হৈছে এনে এক অৱস্থা য’ত এজন ব্যক্তি তেওঁৰ জীৱন ধাৰণৰ বাবে মৌলিক প্রয়োজনসমূহ যেনেঃ অন্ন, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা লাভ কৰাত ব্যর্থ হয়। দৰিদ্ৰতাৰ সীমাৰেখাই এনে এক নিম্নতম সীমাৰেখাক নিৰ্দেশ কৰে যি সীমাৰেখাই এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰিছে। ভাৰতবৰ্ষত মানুহে গ্রহণ কৰা খাদ্যত থকা কেলৰিৰ ভিত্তিত দৰিদ্ৰতা নিৰূপণ কৰা হৈছে। ভাৰত বৰ্ষৰ পৰিকল্পনা আয়োগে আগবঢ়োৱা সংজ্ঞামতে গাওঁ অঞ্চলত যিসকল লোকে গাইপতি দৈনিক ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি আহৰণ কৰিব নোৱাৰে, সেইলোকসকলক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বুলি কোৱা হয়। এইদৰে দৰিদ্ৰ সীমাৰেখাই দৰিদ্ৰতা নিৰূপণ কৰে।

৩। মুদ্রাস্ফীতি কাক বোলে? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা।

উঃ মুদ্রাস্ফীতিয়ে মুদ্রামূল্য হ্রাস পোৱা আৰু দ্রব্যমূল্য বৃদ্ধি পোৱা অৱস্থাক বুজায়। মুদ্রাস্ফীতিৰ মূল কাৰণ দুটা, যেনেঃ (ক) চাহিদাজনিত কাৰণ আৰু (খ) ব্যয়জনিত কাৰণ। মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ পদ্ধতিসমূহ তলত আলোচনা কৰা হ’ল:

(ক) মৌদ্রিক নীতি: চৰকাৰে গ্ৰহণ কৰা মৌদ্রিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ বুলিলে সেই হাৰক বুজায় যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজিক বেংকক ঋণ প্ৰদান কৰে। মুদ্রাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয় যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্রহণকাৰীয়ে ঋণ গ্রহণ কৰিবলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্রাস হৈ মুদ্রাস্ফীতি নিয়ন্ত্রণ হয়।

(খ) ৰাজকোষীয় নীতি: ৰাজকোষীয় নীতি বুলিলে আয় আৰু ব্যয় নীতিক বুজোৱা হয়। এই নীতিমতে চৰকাৰী ব্যয় নিয়ন্ত্ৰণ কৰি বা কৰ্তন কৰি দেশৰ সামগ্রিক চাহিদা হ্রাস কৰি মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসধাৰাণৰ হাতত থকা অতিৰিক্ত মুদ্রা চৰকাৰৰ কোষলৈ আনি মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰা হয়।

(গ) উৎপাদন বৃদ্ধি নীতি: দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজিক সঠিকভাৱে ব্যৱহাৰ কৰি দেশৰ উৎপাদন বৃদ্ধি কৰে। ফলত সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হৈ মুদ্রাস্ফীতি নিয়ন্ত্রণ হয়।

৪। নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি?

উঃ কাম কৰাৰ দক্ষতা আৰু ইচ্ছা থকা সত্বেও যদি কোনোবাই উপযুক্ত কর্ম সংস্থান নাপায়, তেনে অৱস্থাকে নিবনুৱা বোলে। নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ, যেনেঃ (ক) গ্রাম্য নিবনুৱা আৰু (খ) চহৰীয়া নিবনুৱা।

(ক) গ্রাম্য নিবনুৱা: গাওঁ অঞ্চলত থকা নিবনুৱাক গ্রাম্য নিবুনৱা বোলে। গ্রাম্য নিবনুৱাক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। যেনেঃ ঋতুজ নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা। যিসকল লোক বছৰৰ এটা সময়ত নিবনুৱা হৈ থাকে আৰু বাকী সময়খিনি বনুৱা হৈ থাকে তেনে নিবনুৱাক ঋতুজ নিবনুৱা বোলে। উদাহৰণ স্বৰূপে ভাৰতৰ বহুতো ৰাজ্যত কৃষকসকলে বছৰৰ প্ৰায় ছয় মাহমান কৃষি কাৰ্যৰ লগত জড়িত থাকি বাকী ছয়মাহ কাম নাপাই নিবনুৱা হৈ বহি থাকে। আনহাতে ছদ্মবেশী নিবনুৱা হৈছে এনে ব্যক্তি যিজনক বনুৱা যেন দেখা গ’লেও উৎপাদনত তাৰ ভূমিকা শূন্য। উদাহৰণস্বৰূপে দুজন মানুহে কৰিব পৰা কামত যদি চাৰিজন লোক নিয়োজিত হৈ থাকে তেন্তে অতিৰিক্তি দুজনক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।

(খ) চহৰীয়া নিবনুৱা: চহৰত থকা নিবনুৱাক চহৰীয়া নিবনুৱা বোলে। চহৰীয়া নিবনুৱা দুই প্ৰকাৰৰ, যেনেঃ ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা। যিসকল লোকৰ কোনো উদ্যোগত কাম কৰাৰ দক্ষতা আৰু ইচ্ছা থকা সত্বেও কাম কৰিবলৈ সুযোগ বা সুবিধা নাপায় তেনে নিবনুৱাক ঔদ্যোগিক নিবনুৱা বোলে। আনহাতে উপযুক্ত শিক্ষাগত অর্হতা থকা সত্বেও কর্ম সংস্থান নোপোৱা লোকক শিক্ষিত নিবনুৱা বুলি কোৱা হয়।

৫। চমুটোকা লিখাঃ

(ক) ঋতুজ নিবনুৱা

(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি

(গ) বহনক্ষম উন্নয়ন

(ঘ) সেউজ অর্থনীতি

(ঙ) মুক্ত আৰু দমিত মুদ্রাস্ফীতি।

উঃ (ক) ঋতুজ নিবনুৱাঃ যিসকল লোক বছৰৰ এটা সময়ত নিবনুৱা হৈ থাকে আৰু বাকী সময়খিনি বনুৱা হৈ থাকে তেনে নিবনুৱাক ঋতুজ নিবনুৱা বোলে। উদাহৰণস্বৰূপে ভাৰতৰ বহুতো ৰাজ্যত কৃষকসকলে বছৰৰ প্ৰায় ছয় মাহমান কৃষি কাৰ্যৰ লগত জড়িত থাকি বাকী ছয়মাহ কাম কৰিব নোৱাৰি নিবনুৱা হৈ থাকে।

(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতিঃ মুদ্রাস্ফীতিৰ মূল কাৰণ দুটা, যেনেঃ চাহিদাজনিত মুদ্রাস্ফীতি আৰু ব্যয়জনিত মুদ্রাস্ফীতি।
চাহিদাজনিত মুদ্রাস্ফীতি হ’ল এনে এক অৱস্থা য’ত জনসাধাৰণৰ দ্রব্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় কিন্তু সেই অনুপাতে দ্রব্য বা সেৱাৰ যোগান বৃদ্ধি নাপায়। আনহাতে, ব্যয়জনিত মুদ্রাস্ফীতি হৈছে এনে এক অৱস্থা য’ত দ্রব্য বা সেৱাৰ উৎপাদন বৃদ্ধি পায়, কিন্তু দ্ৰব্যৰ প্ৰতি জনসাধাৰণৰ চাহিদা বৃদ্ধি নাপায়।

(গ) বহনক্ষম উন্নয়ন: ভৱিষ্যত প্রজন্মৰ উন্নয়ন বিঘ্নিত নকৰাকৈ বৰ্তমান প্রজন্মই যি উন্নয়ন কৰিব পাৰে তাক বহনক্ষম উন্নয়ন বোলে।

(ঘ) সেউজ অর্থনীতিঃ যি অর্থনীতিৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে পৰিবেশৰ প্ৰতি ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাসমূহ দূৰ কৰি, বহনক্ষম উন্নয়ন লাভ কৰিব পাৰি, তেনে অর্থনীতিকে ‘সেউজ অর্থনীতি’ বোলে।

(ঙ) মুক্ত আৰু দমিত মুদ্রাস্ফীতিঃ মুদ্রামূল্য হ্রাস পোৱা আৰু দ্রব্যমূল্য বৃদ্ধি পোৱা অৱস্থাক মুক্ত মুদ্রাস্ফীতি বোলে। আনহাতে চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে- ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্রণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত দৰ স্তৰতকৈ নিম্ন স্তৰত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস পায়। এনে মুদ্রাস্ফীতিক ‘দমিত মুদ্রাস্ফীতি’ বোলে।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ভাৰতীয় অর্থনীতিৰ অন্যতম বৈশিষ্ট্য কি?

উঃ ভাৰতীয় অর্থনীতিৰ অন্যতম বৈশিষ্ট্য হ’ল ই কৃষিভিত্তিক।

২। বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহ ভাৰতত বাস কৰে?

উঃ ১৭.৫ শতাংশ।

৩। ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি?

উঃ পশ্চিমবংগত, প্রতি বর্গকিলোমিটাৰত ১০২৯ জন।

৪। ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম?

উঃ অৰুণাচল প্রদেশত, প্রতি বর্গকিলোমিটাৰত মাত্র ১৭ জন।

৫। কাৰ্লবৰ্ণৰ মতে মুদ্রাস্ফীতি কি?

উঃ কার্লবৰ্ণৰ মতে, “যেতিয়া অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্রী ক্ৰয় কৰিব লগা হয়, তেনে অবস্থাকে মুদ্রাস্ফীতি বোলে।”

৬। ভাৰতৰ কোনখন পঞ্চবার্ষিক পৰিকল্পনাত দৰিদ্ৰতা নির্মূলকৰণক মূল লক্ষ্য হিচাপে লোৱা হয়?

উঃ পঞ্চম পঞ্চবার্ষিক পৰিকল্পনাত।

৭। মুদ্রাস্ফীতিৰ সময়ত কোনশ্ৰেণীৰ লোক অধিক ক্ষতিগ্রস্ত হয়?

উঃ স্থিৰ বেতনভোগী ব্যক্তিসকল।

৮। পৰিবেশ বিনষ্টৰ দুটা কাৰণ উল্লেখ কৰা।

উঃ পৰিবেশ বিনষ্টৰ দুটা কাৰণ হ’ল: (ক) জৈৱ-বৈচিত্র হ্রাস। (খ) গোলকীয় উষ্ণতা বৃদ্ধি।

৯। তেণ্ডুলকাৰ সমিতিৰ মতে অসমৰ কিমান শতাংশ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে?

উঃ ৩৪.৪ শতাংশ।

১০। ভাৰত বৰ্ষত নিবনুৱাৰ সংখ্যা গণনা কৰা সংস্থাটোৰ নাম কি?

উঃ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা।

১১। দৰিদ্ৰতাৰ বাবে উদ্ভৱ হোৱা কেইটামান সমস্যা উল্লেখ কৰা।

উঃ দৰিদ্ৰতাৰ বাবে উদ্ভৱ হোৱা কেইটামান সমস্যা হ’ল:

(ক) খাদ্য সংকট

(খ) পৰিবেশ বিনষ্ট

(গ) আবাস গৃহৰ অভাৱ

(ঘ) প্রব্রজন

(প্ত) সামাজিক বৈষম্য।

১২। ‘চিন্তা বিশ্বব্যাপী হওঁক আৰু কৰ্ম স্থানীয় হওঁক’: কাথাষাৰ মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র হ’ব লাগে বুলি কোনে কয়?

উঃ পৰিবেশ চিন্তাবিদসকলে।

১৩। দৰিদ্ৰতাৰ কাৰকসমূহক কি কি তিনিটা ভাগত ভগাব পাৰি?

উঃ দৰিদ্ৰতাৰ কাৰকসমূহক তলত দিয়া তিনিটা ভাগত ভাগ কৰিব পাৰি, যথাঃ

(ক) ঐতিহাসিক

(খ) অর্থনৈতিক

(গ) সামাজিক।

১৩। ‘সামাজিক অসমতা’ দৰিদ্ৰতাৰ এটা কাৰণ হ’ব পাৰেনে?

উঃ পাৰে।

১৪। বৰ্তমান বিশ্বৰ দৰিদ্ৰতা নির্মূল কৰা সম্ভবনে?

উঃ সম্ভব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment