Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 4 মানৰ অসম আক্ৰমণ

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 4 মানৰ অসম আক্ৰমণ

প্রথম খণ্ড ইতিহাস

অধ্যায় – ৪

মানৰ অসম আক্রমণ

পাঠভিত্তিক প্রশ্নোত্তৰ:

অতি চমু / চমু উত্তৰৰ প্ৰশ্ন:

১। ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল?

উঃ আৰাকান।

২। মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্রুতাৰ সৃষ্টি হৈছিল?

উঃ ১৮২৪ চনৰ পৰা।

৩। মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্রীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি?

উঃ গোবিন্দ চন্দ্র।

৪। কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতিৰ পাই পূর্ণানন্দ বুঢ়াগোহাইৰ মৃত্যু হৈছিল?

উঃ ঘিলাধাৰী যুদ্ধ।

৫। বৈশালী হুকুং কি?

উঃ ব্ৰহ্মদেশৰ পৰা বদনচন্দ্ৰ বৰফুকনৰ লগত অহা লিপিকাৰ দুজনে লিখা এটা টোকাৰ নাম আছিল ‘বৈশালী হুকুং’।

৬। বৈশালী মুন-ডুন-চুন’ কি?

উঃ বদনচন্দ্ৰৰ লগত ব্ৰহ্মদেশৰ পৰা অহা লিপিকাৰ দুজনে লিখা টোকাৰ নাম আছিল ‘বৈশালী মুং-ডুন-চুন’।

৭। বদনচন্দ্ৰৰ সৈতে মানসেনা আহোতে অসমৰ প্ৰধান মন্ত্ৰী কোন আছিল?

উঃ পূর্ণানন্দ বুঢ়াগোহাঁই।

৮। বদনচন্দ্রই কিমান মান সৈন্য লগত আনিছিল?

উঃ ৮০০০।

৯। বদনচন্দ্রক চন্দ্রকান্ত সিংহই কি উপাধিৰে প্রধানমন্ত্রী পাতিছিল?

উঃ মন্দ্ৰ বৰফুকন।

১০। মানৰ আক্রমণ কোন কোন চনত হৈছিল?

উঃ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত।

১১। বদন চন্দ্র অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?

উঃ ৮০০০।

১২। কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল?

উঃ ১৮১৭ চনত।

১। শুদ্ধ উত্তৰটো বাছি উপিওবা: ১৮১৬/১৮১৭/ ১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ বিষয়ত হস্তৰক্ষেপ কৰিছিল।

উঃ ১৮১৭ চনত।

২। জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্র বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই কচিনাথ বুঢ়াগোহাঞিৰ ভাতৃ আছিল।

উঃ জগন্নাথ ঢেকিয়াল ফুকন।

৩। বদনচন্দ্র হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬ / ১৮১৭/ ১৮১৮ চনত।

উঃ ১৮১৭ চনত।

৪। ৰাজমাও নুমলী চন্দ্রকান্ত সিংহ / পূর্ণানন্দ বুঢ়াগোহাঁই / ব্রজনাথ গোহাঁইৰ মাতৃ আছিল।

উঃ চন্দ্রকান্ত সিংহ।

৫। ইয়াণ্ডাবু সন্ধি ১৮১৪ / ১৮২৬ / ১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল?

উঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।

চমু / দীঘল উত্তৰৰ প্ৰশ্নঃ

১। মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

উঃ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা মানসকলে ব্ৰহ্মদেশৰ পশ্চিমে ৰাজ্য বিস্তাৰৰ পাতনি মেলে। মান ৰজা আলংপয়াই অষ্টাদশ শতাব্দীৰ ষষ্ঠ দহকত আৰু ১৭৫৯ চনৰ শেষৰ পিনে মণিপুৰৰ বিৰুদ্ধে দুখন সামৰিক অভিযান চলায়। ইয়াৰ পিছত ১৭৬৫ চনত মানৰজা ছিংবুছিমে মণিপুৰ আক্ৰমণ কৰি কেইবা হাজাৰ মণিপুৰীলোকক ব্ৰহ্মদেশলৈ বন্ধী কৰি লৈ যায় আৰু মণিপুৰৰ ৰজা জয়সিংহক দেশান্তৰিত কৰে।

ইয়াৰ পিছত মানৰজা বদৌপায়াৰৰ ৰাজত্ব কালত মানসকলে আৰাকান দখল কৰে। আৰাকান দখল কৰাৰ লগে লগেই মানসেনা মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্রাম সীমান্তৰ লগত বিস্তৃত সমগ্র বংগোপ সাগৰীয় উপকূল অঞ্চলত প্রধান ৰাজনৈতিক শক্তিত পৰিণত হয়।

ইয়াৰ পিছত ১৮১৯-২০ চনত মানসকলে মণিপুৰৰ ওপৰত সম্পূৰ্ণ কর্তৃত্ব স্থাপন কৰি মণিপুৰৰ তিনিজন ৰাজকুমাৰ ক্ৰমে মৰজিৎ সিং, গম্ভীৰ সিং আৰু সুৰজিৎ সিঙক দেশৰ পৰা বহিষ্কাৰ কৰে। এই মণিপুৰী ৰাজকুমাৰসকলে কাছাৰলৈ পলায়ন কৰে। ৰাজকুমাৰসকলে তাত উপদ্ৰৱ আৰম্ভ কৰাত কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই শ্রীহট্টলৈ পলায়ন কৰি ইংৰাজৰ সহায় বিচাৰে। কিন্তু ইংৰাজে সহায় নকৰাত গোবিন্দ চন্দ্ৰই অৱশেষত মানৰজাৰ শৰণাপন্ন হয়। তেতিয়া মানসকলে নিজৰ আধিপত্য স্থাপনৰ লোভত ১৮৫৩ চনত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিংহৰ বিৰুদ্ধে অভিযান চলায়।

এনেদৰে মানসকলে মণিপুৰ আৰু আৰাকানত সিহঁতৰ আধিপত্য বিস্তাৰ কৰে।

২। পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা।

উঃ পূর্ণানন্দ বুঢ়াগোহাঁই ক্ষমতালোভী আৰু স্বেচ্ছাচাৰী আছিল। তেওঁ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পৰা ৰাজকুমাৰক আহোমৰ ৰজা পাতিছিল আৰু নিজৰ বিৰোধীতা কৰা লোকসকলক নানান অত্যাচাৰ কৰিছিল আৰু বহুতক হত্যা কৰিছিল। সেয়ে প্রজাসাধাৰণ তেওঁৰ বিদ্ৰোহী হৈ পানীমুৱা নামৰ লোক এজনৰ নেতৃত্বত পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল। কিন্তু পূর্নানন্দ বুঢ়াগোহাঁইয়ে তেওঁক ধৰি আনি হত্যা কৰিছিল আৰু বহু লোকক কঠোৰ শাস্তি দিছিল।

ইয়াৰ পিছত কমলেশ্বৰ সিংহৰ দিনত সত্ৰাম চাৰিঙীয়া ফুকনে বিদ্রোহ কৰাত তেওঁক ধৰি আনি হত্যা কৰে আৰু আন ৯৭ জন বিদ্রোহীক হত্যা কৰে। ২০ জনৰ কোনোবাক চকু কাঢ়ি, কোনোবাক নাক কাটি আৰু কোনোবাক কাণ কাটি এৰি দিয়ে।

১৮১০ চনত আহোম ৰজা কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূর্নানন্দ বুঢ়াগোহাঁইয়ে অন্যান্য আহোম বিষয়াৰ সমৰ্থন নথকা সত্বেও চন্দ্রকান্ত সিংহ নামৰ কণমানি কোঁৱৰ এজনক ৰজা পাতি পূৰ্ণ দম্ভালিৰে নিজে দেশ শাসন কৰিবলৈ লয়। তেওঁৰ স্বেচ্ছাচাৰীতাত ৰজা চন্দ্রকান্ত সিংহয়ো অসন্তুষ্ট হৈ তেওঁৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ গুৱাহাটীৰ বৰফুকন বদনচন্দ্রলৈ চিঠি লিখি ইংৰাজ কোম্পানীৰ সামৰিক সাহাৰ্য্য বিচাৰিবৰ বাবে আদেশ দিয়ে।

এনেদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাৰীতাত অসমত ৰাজনৈতিক অৱনতিয়ে চৰম পর্যায় পায় যাৰ ফলশ্রুতিত অসমত মানসকলৰ আগমণ ঘটে আৰু অলপ কেইবছৰমানৰ ভিতৰতে অসমত আহোম ৰাজত্বৰ অন্ত পৰি ইংৰাজৰ প্ৰভুত্ব স্থাপন হয়।

৩। পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল?

উ: পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি অসমৰ বাবে অতিশয় ভয়ানক হৈ দেখা দিছিল। পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে মাত মতা বা বিদ্রোহ কৰা লোকৰ বহুতক পূর্ণানন্দই হত্যা কৰিছিল, কিছুমানক ঘূণীয়া কৰিছিল, কিছুমানক নির্বাসন দিছিল। আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ লগতে প্রায় প্রতিজন আহোম বিষয়া পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাৰ পৰা দেশখনক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছিল। তেওঁ গুৱাহাটীৰ বৰফুকন বদনচন্দ্রকো ধৰিবলৈ মানুহ পঠাইছিল। কিন্তু বদনচন্দ্রই আগতেই গুৱাহাটীৰ পৰা পলাযন কৰি বংগদেশৰ ৰংপুৰলৈ গৈ বৃটিছৰ সাহাৰ্য্য বিচাৰিছিল। ইয়াৰ পৰিণতিত অসমলৈ মান আৰু ইংৰাজসকলৰ আগমণ ঘটে আৰু ইংৰাজসকল অসমলৈ অহাৰ অলপ দিনৰ ভিতৰতে অসমৰ স্বাধীনতাৰ বেলি চিৰদিনলৈ অস্তমিত হয়।

এনেদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি হিচাপে অসমত আহোম ৰাজত্বৰ পতন ঘটিছিল আৰু ইংৰাজ শাসন প্রতিষ্ঠিত হৈছিল।

৪। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল?

উঃ বদনচন্দ্ৰৰ নেতৃত্বত মানে অসম আক্রমণ কৰাৰ মূল কাৰণ আছিল পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতা আৰু মইমতীয়া কার্যকলাপ। পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে মাত মতা বা বিদ্রোহ কৰা লোকৰ বহুতক পূর্ণানন্দই হত্যা কৰিছিল, কিছুমানক ঘূণীয়া কৰিছিল, কিছুমানক নির্বাসন দিছিল। আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ লগতে প্রায় প্রতিজন আহোম বিষয়া পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাৰ পৰা দেশখনক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছিল। পূর্ণানন্দই গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰকো ধৰিবলৈ মানুহ পঠাইছিল। কিন্তু বদনচন্দ্রই আগতেই গুৱাহাটীৰ পৰা পলায়ন কৰি বংগদেশৰ ৰংপুৰলৈ গৈ বৃটিছৰ সাহাৰ্য্য বিচাৰিছিল। কিন্তু ইংৰাজে সহায় কৰিবলৈ মান্তি নোহোৱাত বদনে ব্রহ্মদেশলৈ গৈ মানসকলক অসম আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ কৰি আনে। এনেদৰে বদন চন্দ্ৰৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰিছিল।

৫। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ: পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে প্রজাসাধাৰণৰ লগতে ৰাজ বিষয়াসকল বিতুষ্ট হৈ পৰিছিল। এবাৰ আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ বাল্য বন্ধু তথা চাৰিঙীয়া ফুকন সত্ৰামে স্বেচ্ছাচাৰী পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিদ্রোহ কৰে। কিন্তু চতুৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে সত্ৰামক বন্ধী কৰি তেওঁৰ অনুগামী সকলক হত্যা কৰে আৰু সৎত্ৰামক অটব্য হাবিলৈ নির্বাসন দিয়ে। এই বিদ্ৰোহৰ লগত গুৱাহাটীৰ বৰফুকন বদন জড়িত আছিল বুলি সন্দেহ কৰি পূৰ্ণানন্দই বদনক ধৰিবলৈ এক বাহিনী পঠালে। কিন্তু বদনে এই খবৰ পাই সপৰিয়ালে বংগদেত থকা ইংৰাজৰ সহায় বিচাৰিলে। ইংৰাজে সহায় কৰিবলৈ মান্তি নোহোৱাত বদন চন্দ্রই ব্রহ্মদেশলৈ যায় আৰু তাৰ ৰজা বদৌপায়াক অসম আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ কৰে। ইয়াৰ ফলশ্রুতিত মানসকলে অসম আক্রমণ কৰে।

মানসকলে মুঠতে তিনিবাৰ অসম আক্ৰমণ কৰে। প্রথম বাৰ ১৮১৭ চনত। এই আক্রমণৰ সময়ত মানসকলে প্রায় আঠ হাজাৰমান সৈন্য লগত লৈ অসমৰ ঘিলাধাৰী নামে ঠাইত আহোম সৈন্যৰ ভেটা-ভেটি হয়। যুদ্ধত পূর্ণানন্দৰ অধীনত থকা আহোম সেনাৰ পৰাজয় হয়। এই সময়তে পূর্ণানন্দ বুঢ়াগোহাঞিৰো মৃত্যু হয়। মানে ৰাজধানী দখল কৰি চন্দ্ৰকান্তক ৰজা ৰাখি আৰু বদনক বুঢ়াগোহাঁই পাতে।

বদন বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত হৈ অত্যাচাৰী হৈ উঠে। তেওঁ পূর্ণানন্দৰ ফলীয়া মানুহবোৰক হত্যা কৰিবলৈ ললে। ফলত তেওঁ প্ৰজাৰ অপ্রিয়ভাজন হয়। পিছত ৰজাঘৰৰ ষড়যন্ত্ৰত ৰূপচিং নামৰ চুবেদাৰ এজনে বদনচন্দ্রক হত্যা কৰে।

১৮১৮ চনত পুৰন্দৰ সিংহ ৰজা হয়। চন্দ্ৰকান্ত সিংহই ইয়াৰ প্রতিশোধ লবৰ বাবে বদনৰ ফলীয়া কেইজনমান লোকক মানৰজাৰ ওচৰলৈ পঠায়। সিহঁতে বদন হত্যা আৰু চন্দ্ৰকান্ত সিংহৰ দুৰৱস্থাৰ খবৰ বিৱৰি কোৱাত মান ৰজাই আলুমিঙ্গি নামৰ সেনাপতিৰ অধীনত এদল মানসৈন্য অসমলৈ পঠায়।

মানসেনাই চন্দ্রকান্ত সিংহৰ সকলো শত্রুক বধ কৰে আৰু পুৰন্দৰ সিংহৰ ঠাইত চন্দ্ৰকান্ত সিংহক পুনৰ অসমৰ ৰাজপাটত বহুৱায়। চন্দ্রকান্ত সিংহক ৰজা পতা হ’ল যদিও প্রকৃততে মানসকলে দেশখন শাসন কৰিবলৈ ললে।

মানসকল বৰ অত্যাচাৰী আছিল। মানসকলে যধে-মধে মানুহ হত্যা কৰাত দেশত অশান্তি বৃদ্ধি পালে। ৰজা চন্দ্রকান্তয়ো সিহঁতৰ অতপালিত অসন্তুষ্ট হয়। কিছুদিন পিছত মান সেনাপতি স্বদেশলৈ উভতি যোৱাত চন্দ্রকান্ত সিংহই মানসকল যাতে পুনৰ অসমলৈ আহিব নোৱাৰে তাৰ বাবে জয়পুৰত মান অহা বাটত এটা গড় বন্ধালে। ইতিমধ্যে মানৰজা বদৌপায়াৰ মৃত্যু হোৱাত তেওঁৰ নাতি বাগীদোৱা ৰজা হয়। বাগীদোৱাই আহোম ৰজাৰ কাৰ্যকলাপৰ খবৰ পাই আছিল। সেয়ে মান ৰজাই আহোম ৰজালৈ উপহাৰ পঠোৱাৰ ছলেৰে মিঙিমাহা তিলোৱাৰ অধীনত এক বিৰাট বাহিনী পঠাই দিয়ে। সিহঁতে আহোম বাহিনীক যুদ্ধত হৰুৱাই ৰাজধানী দখল কৰে। চন্দ্রকান্ত সিংহ ভয়ত ৰাজধানী এৰি পলাই গৈ ইংৰাজৰ ৰাজ্যত আশ্রয় লয়। মানসকলে যোগেশ্বৰ সিংহক ৰজা পাতি দেশ শাসন কৰি থাকিল। এনেদৰে বদন বৰফুকনৰ নেতৃত্বত অসমলৈ অহা মানসকলে অসমৰ ৰাজনীতিত হস্তক্ষেপ কৰে।

৬। মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা।

উঃ মানসকলে ১৮১৭ চনৰ পৰা ১৮২১ চনৰ ভিতৰত তিনিবাৰ অসম আক্ৰমণ কৰিছিল। ইয়াৰ প্রধান কাৰণ আছিল ৰাজনৈতিক। প্রথমবাৰ মানসকলে অসম আক্রমণ কৰাৰ প্ৰধান কাৰণ আছিল পূর্ণানন্দ বুঢ়াগোহাঁইৰ ৰাজনৈতিক প্রাধান্য। আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ দিনৰ পৰা পূর্ণানন্দ বুঢ়াগোহাঁই বৰ স্বেচ্ছাচাৰী আৰু অত্যাচাৰী হৈ উঠে। তেওঁৰ স্বেচ্ছাচাৰিতাত ৰজা চন্দ্ৰকান্ত সিংহৰ লগতে অন্যান্য ডা-ডাঙৰীয়াসকল তেওঁৰ ওপৰত অসন্তুষ্ট হয়। সত্ৰাম নামৰ চুবেদাৰ এজনে তেওঁৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। পূৰ্ণানন্দই বৰ নিষ্ঠুৰভাৱে সেই বিদ্রোহ দমন কৰে লগতে অন্যান্য ৯৭জনক হত্যা কৰে। পূর্ণানন্দৰ বিৰুদ্ধে গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰও জড়িত থকা বুলি সন্দেহ কৰি পূর্ণানন্দই বদনক ধৰিবলৈ লোক পঠাই দিয়ে। কিন্তু বদনে আগতীয়াকৈ ইয়াৰ সম্বেদ পাই সপৰিয়ালে ৰংপুৰলৈ পলাই যায় আৰু পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে আহোম ৰজাৰ হকে ইংৰাজৰ সহায় বিচাৰে। কিন্তু ইংৰাজে সহায় কৰিবলৈ অমান্তি হোৱাত তেওঁ কলিকতাত থকা ব্ৰহ্মদেশৰ ৰাজদূতৰ লগত ব্রহ্মদেশলৈ গৈ মানসকলক অসম আক্ৰমণ কৰিবলৈ আমন্ত্রণ কৰে। মানৰজাই প্রায় ৮০০০ মান সেনাৰ বাহিনী এটা পঠিয়াই ১৮১৭ চনত অসম আক্রমণ কৰে।

মানৰ আক্ৰমণৰ দ্বিতীয় কাৰণ আছিল বদন বৰফুকনক হত্যা। বদনচন্দ্র বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত হৈ অত্যাচাৰী হৈ উঠে। তেওঁ পূর্ণানন্দৰ ফলীয়া মানুহবোৰক হত্যা কৰিবলৈ ললে। ফলত তেওঁ প্ৰজাৰ অপ্রিয়ভাজন হয়। পিছত ৰজাঘৰৰ ষড়যন্ত্ৰত ৰূপচিং নামৰ চুবেদাৰ এজনে বদনচন্দ্রক হত্যা কৰে।

১৮১৮ চনত পুৰন্দৰ সিংহ ৰজা হয়। চন্দ্ৰকান্ত সিংহই ইয়াৰ প্ৰতিশোধ লবৰ বাবে বদনৰ ফলীয়া কেইজনমান লোকক মানৰজাৰ ওচৰলৈ পঠায়। সিহঁতে বদনচন্দ্ৰৰ হত্যা আৰু চন্দ্ৰকান্ত সিংহৰ দুৰৱস্থাৰ খবৰ বিৱৰি কোৱাত মান ৰজাই আলুমিঙ্গি নামৰ সেনাপতিৰ অধীনত এদল মানসৈন্য অসমলৈ পঠাই দিয়ে।

মানসেনাই চন্দ্রকান্ত সিংহৰ সকলো শত্রুক বধ কৰে আৰু পুৰন্দৰ সিংহৰ ঠাইত চন্দ্ৰকান্ত সিংহক পুনৰ অসমৰ ৰাজপাটত বহুৱায়। চন্দ্রকান্ত সিংহক ৰজা পতা হ’ল যদিও প্রকৃততে মানসকলে দেশখন শাসন কৰিবলৈ ললে।

মানসকল বৰ অত্যাচাৰী আছিল। সিহঁতে যধে-মধে মানুহ হত্যা কৰিবলৈ লোৱাত দেশত অশান্তি বৃদ্ধি পালে। ৰজা চন্দ্ৰকান্তয়ো সিহঁতৰ অতপালিত অসন্তুষ্ট হয়। কিছুদিন পিছত মান সেনাপতি স্বদেশলৈ উভতি যোৱাত চন্দ্রকান্ত সিংহই মানসকল যাতে পুনৰ অসমলৈ আহিব নোৱাৰে তাৰ বাবে জয়পুৰত মান অহা বাটত এটা গড় বন্ধালে। ইতিমধ্যে মানৰজা বদৌপায়াৰ মৃত্যু হোৱাত তেওঁৰ নাতি বাগীদোৱা ৰজা হয়। বাগীদোৱাই আহোম ৰজাৰ কাৰ্যকলাপৰ খবৰ পাই আছিল সেয়ে মান ৰজাই আহোম ৰজালৈ উপহাৰ পঠোৱাৰ ছলেৰে মিঙিমাহা তিলোৱাৰ অধীনত এক বিৰাট বাহিনী অসমলৈ পঠাই দিয়ে। সিহঁতে আহোম বাহিনীক যুদ্ধত হৰুৱাই ৰাজধানী দখল কৰে। চন্দ্ৰকান্ত সিংহ ভয়ত ৰাজধানী এৰি পলাই গৈ ইংৰাজৰ ৰাজ্যত আশ্রয় লয়। মানসকলে যোগেশ্বৰ সিংহক ৰজা পাতি দেশ শাসন কৰিবলৈ ললে।

৭। মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ আলোচনা কৰা।

উঃ অসমত আহোম ৰাজত্বৰ বাবে মানৰ আক্ৰমণ আছিল মাৰাত্মক বিষস্বৰূপ। ইয়াৰ পৰিণতিসমূহ তলত সংক্ষেপে আলোচনা কৰা হ’ল।

(ক) মানৰ আক্ৰমণৰ ফলত অসমৰ ৰাজশক্তিয়ে ইয়াৰ স্বতন্ত্রতা হেৰুৱায়। আহোম ৰজা নামতহে ৰজা হৈ থাকিল। পৰোক্ষভাবে মানসকলে দেশখন শাসন কৰিবলৈ লয়। সঘনে ৰজা ভঙা-পতা হয়। ফলত অসমখন নিশ্চিত ধ্বংসৰ গৰাহৰ পিনে দ্রুতগতিত আগবাঢ়ি যায়।

(খ) মানৰ আক্ৰমণত ফলত অসমৰ সমাজ জীবন বিপর্যস্ত হয়। মানসকলৰ অত্যাচাৰত প্রজাসাধাৰণ হাবি-বননিয়ে আশ্রয় ল’বলৈ বাধ্য হয়।

(গ) মানৰ আক্ৰমণৰ পৰিণতিস্বৰূপে অসমলৈ ইংৰাজ শক্তিৰ আগমণ হয়। সিহঁতে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে অসমখন মানৰজাৰ পৰা লাভ কৰে। ইয়াৰ লগে লগে অসমৰ স্বাধীনতাৰ সূৰ্য চিৰদিনৰ বাবে অস্তমিত হয়।

৮। কোনটো বিদ্রোহক ‘পানীমুৱা বিদ্রোহ’ বুলি কোৱা হয়?

উঃ পূর্ণানন্দ বুঢ়াগোহাঁই এজন ক্ষমতালোভী বিষয়া আছিল। তেওঁ ক্ষমতা লাভৰ এবছৰৰ ভিতৰত আহোম ৰাজ গৌৰীনাথ সিংহৰ মৃত্যু হয়। পূর্নানন্দ বুঢ়াগোহাঁইয়ে কমবয়সীয়া কমলেশ্বৰ সিংহক ৰজা পাতি পৰোক্ষভাৱে নিজে মইমতালিৰে ৰাজ্য শাসন কৰিবলৈ লয়। তেওঁৰ মইমতালি আৰু স্বেচ্ছাচাৰিতাত ৰাজ বিষয়াসকলৰ উপৰিও প্রজাসাধাৰণো অতিষ্ঠ হৈ উঠে। সেয়ে দেশৰ ভালেমান মুখীয়াল লোকে পানীমুৱা নামৰ এজন লোকৰ নেতৃত্বত আহোম ৰাজশক্তি বিশেষকৈ পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিদ্রোহ কৰে। এই বিদ্রোহক ‘পানীমুৱা বিদ্রোহ’ বুলি কোৱা হয়।

৯। ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।

উঃ ১৮১৭ চনত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল হ’ল:

(ক) এই সামৰিক হস্তক্ষেপৰ ফলত ঘিলাধাৰী নামৰ যুদ্ধত পূৰ্ণানন্দৰ নেতৃত্বত থকা আহোম সেনা বাহিনীৰ পৰাজয় হয়। যুদ্ধত পৰাজয়ৰ বাতৰি পাই পূর্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়।

(খ) অসমৰ ৰজাজন নামমাত্ৰ ৰজা হৈ থাকে।

বদন চন্দ্ৰ বৰফুকনে সৰ্বেসবা হয়। দেশখনৰ পতন ক্রমে দ্রুততৰে আগবাঢ়ি আহে।

১০। প্রথম ইংগ-বর্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক’ত সংগটিত হৈছিল?

উঃ প্রথম ইংগ-বর্মা যুদ্ধখন ১৮২৪ চনত সংঘটিত হৈছিল।

যুদ্ধখন কাছাৰ, অসম, মণিপুৰ আৰু ব্ৰহ্মদেশত সংগটিত হৈছিল।

১১। য়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা।

উঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজৰ মাজত য়াণ্ডাবু সন্ধি হয়। এই সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ হ’ল:

(ক) মানৰজাই যুদ্ধৰ ক্ষতিপূৰণ বাবদ এক কোটি টকা ইংৰাজক দিব লগা হয়।

(খ) আৰাকান আৰু তেনাছেৰিম প্রদেশ ব্রিটিছসকলৰ হাতলৈ যায়।

(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে হস্তক্ষেপ কৰিব নোৱাৰিব।

(ঘ) ব্ৰহ্মদেশৰ আভাত এজন ব্রিটিছ ৰেছিডেন্ট থাকিব।

৭। য়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পর্কে লিখা।

উঃ ১৮২৬ চনত সংঘটিত মান ৰজা আৰু ইংৰাজৰ মাজত হোৱা য়াণ্ডাবু সন্ধি অসমৰ ইতিহাস সলনি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সন্ধি বুলি ক’ব পাৰি। এই সন্ধিৰ ফলত পূব ভাৰতত ইংৰাজৰ প্ৰভুত্ব প্রতিষ্ঠিত হয়। ইয়াৰ পিছত মাত্ৰ কেইদহকমানৰ ভিতৰতে সমগ্ৰ উত্তৰ-পূৱ ভাৰত সম্পূৰ্ণৰূপে ইংৰাজৰ অধীনলৈ যায়। অসমৰ স্বাধীনতাৰ সূৰ্য চিৰতৰে মাৰ যায়।

১০। চমু টোকা লিখাঃ

(১) বদৌপায়া (২) গম্ভীৰ সিং

(৩) গোবিন্দচন্দ্র (৪) দামান গগৈ

(৫) হাও বৰা (৬) ঘিলাধাৰী যুদ্ধ

(৭) ব্রজনাথ (৮) পুৰন্দৰ সিংহ

(৯) লুকু ডেকা ফুকন (১০) আলুমিংগি

(১১) দোৱনীয়া (১২) য়াণ্ডাবু সন্ধি।

উঃ (ব) বদৌপায়া: ১৮১৭ চনত বদনচন্দ্র বৰফুকনৰ নেতৃত্বত মানসকলে অসম আক্ৰমণ কৰাৰ সময়ত ব্ৰহ্মদেশৰ ৰজা আছিল বদৌপায়া। তেওঁ আহোম ৰজাক নিজৰ জ্ঞাতীয় ৰজা বুলি ভাবিছিল। সেয়ে বদনৰ অনুৰোধত আলুমিংগি নামৰ সেনাপতি এজনক ৮০০০ সৈন্য দি অসম আক্রমণ কৰিবলৈ পঠায়। বদৌপায়াই মান সৈন্যক এইবুলি সতর্ক কৰি দিছিল যে সিহঁতে যেন বদনৰ সকলো শত্রুকে নিধন কৰে আৰু আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ যেন একো ক্ষতি নহয়।

(২) গম্ভীৰ সিং: গম্ভীৰ সিং আছিল মণিপুৰৰ ৰজা জয়সিংহৰ পুত্র। ১৭৬৫ চনত মানসকলে মণিপুৰ আক্ৰমণ কৰি মণিপুৰৰ ৰজা জয়সিংহক দেশান্তৰিত কৰে। তেওঁৰ পুত্ৰ গম্ভীৰ সিং কাছাৰলৈ পলায়ন কৰে।

(৩) গোবিন্দচন্দ্রঃ গোবিন্দচন্দ্ৰ আছিল কাছাৰৰ ৰজা। তেওঁ ১৮১৯-১৮২৩ ৰ কালছোৱাত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিংহ, সুৰজিত সিংহ আৰু মাৰজিৎ সিংহই কাছাৰ ৰাজ্যলৈ পলাই গৈ কাছাৰত দৌৰাত্ম আৰম্ভ কৰাত কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰই শ্রীহট্টলৈ পলাই গৈ ইংৰাজৰ সহায় বিচাৰে। কিন্তু ইংৰাজসকলে সহায় নকৰাত তেওঁ মানদেশৰ ৰজাৰ সহায়প্রার্থী হয়। তেতিয়া মানসকলে কাছাৰ আক্ৰমণ কৰি গোবিন্দচন্দ্ৰক পুনৰ কাছাৰত স্থাপিত কৰে।

(৪) দামান গগৈঃ পূর্ণানন্দ বুঢ়াগাহাঁইৰ অধীনত থকা এজন আহোম সেনাপতিৰ নাম দামান গগৈ। মান সৈন্য লগত লৈ বদনচন্দ্ৰ বৰফুকন অসমলৈ অহাৰ সময়ত বদনক ভেটিবলৈ পূর্ণানন্দ বুঢ়াগোহাঁইয়ে দামান গগৈৰ নেতৃত্বত এদল সৈন্য পঠিয়ায়। কিন্তু তেওঁ বদনৰ অগ্রগতি ৰোধ কৰিবলৈ অপাৰগ হয়।

(৫) হাও বৰাঃ হাও বৰা আছিল এজন আহোম সেনাপতি। মানৰ প্ৰথম আক্ৰমণৰ সময়ত পূর্ণানন্দ ঢ়াগোহাঁইয়ে হাও বৰা আৰু দামান গগৈৰ নেতৃত্বত এদল আহোম সেনা মানসকলৰ বিৰুদ্ধে পঠায়। ঘিলাধাৰী নামে ঠাইত মান সৈন্য আৰু আহোম সেনাৰ মাজত তুমুল ৰণ হয়। এই ৰণত আহোমৰ পৰাজয় হয়।

(৬) ঘিলাধাৰীৰ যুদ্ধঃ মানৰ প্ৰথম আক্ৰমণৰ সময়ত পূর্ণানন্দ বুঢ়াগোহাঁইয়ে হাও বৰা আৰু দামান গগৈৰ নেতৃত্বত এদল আহোম সেনা মানসকলৰ বিৰুদ্ধে পঠায়। ঘিলাধাৰী নামে ঠাইত মান সৈন্য আৰু আহোম সেনাৰ মাজত তুমুল ৰণ হয়। এই ৰণত আহোমৰ পৰাজয় হয়।

(৭) ব্রজনাথঃ ১৮১৭ চনত বদনচন্দ্র বৰফুকনৰ নেতৃত্বত মানসকলে অসম দখল কৰি চন্দ্ৰকান্ত সিংহক ৰজা আৰু বদনক বুঢ়াগোহাঁই পাতে। বুঢ়াগোহাঁইৰ পদ পাই বদন অতি স্বেচ্ছাচাৰী আৰু অত্যাচাৰী হৈ উঠাত ৰাজবিষয়াসকলে চক্রান্ত কৰি বদনক হত্যা কৰে। তেতিয়া বদনৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত হৈ চন্দ্রকান্ত সিংহক ৰাজসিংহাসনৰ পৰা অপসাৰিত কৰি বিজয় বৰমুৱা গোহাঁইৰ পুত্ৰ ব্ৰজনাথক ৰজা পতাৰ পৰিকল্পনা কৰে। কিন্তু এই পৰিকল্পনা ব্যর্থ হয়।

(৮) পুৰন্দৰ সিংহ: পুৰন্দৰ সিংহ আছিল ব্রজনাথ গোহাঁইৰ পুত্ৰ। তেওঁ পিতৃ ব্রজনাথৰ সৈতে ১৮০৯ চনৰ পৰা ইংৰাজ শাসিত চিমলাত আশ্রয় লৈ আছিল। ১৮১৮ চনত মানসকলে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি অসম দখল কৰি পুৰন্দৰ সিংহক অসমৰ ৰজা পাতে।

(৯) লুকু ডেকা ফুকন: আহোম ৰজা চন্দ্রকান্ত সিংহৰ এজন বিশ্বস্ত সেনাপতি আছিল লুকু ডেকা ফুকন। চন্দ্রকান্ত সিংহই ৰুচিনাথৰ বিৰুদ্ধে লুকুডেকা ফুকনক সেনাপতি পাতি যুদ্ধ কৰিবলৈ পঠায়। যুদ্ধত লুকু ডেকা ফুকনৰ পৰাজয় হয় আৰু মৃত্যু হয়।

(১০) আলুমিংগিঃ মান ৰজা বদৌপায়াৰ এজন সেনাপতিৰ নাম আছিল আলুমিংগি। ১৮১৭ চনত বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানসকলে অসম আক্ৰমণ কৰাৰ সময়ত ব্ৰহ্মদেশৰ ৰজাই আলুমিংগিক ৮০০০ সৈন্য দি অসম আক্রমণ কৰিবলৈ পঠায়। বদৌপায়াই আলুমিংগিক এইবুলি সতর্ক কৰি দিছিল যে সিহঁতে যেন বদনৰ সকলো শত্রুকে নিধন কৰে আৰু আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ যেন একো ক্ষতি নহয়।

(১১) দোৱনীয়া: মানসকলৰ অসম আক্ৰমণৰ সময়ত বহুত অৱস্থাসম্পন্ন অসমীয়াই মানৰ ছদ্মবেশত অসমীয়া লোকৰ ওপৰত অত্যাচাৰ কৰিছিল। এই ছদ্মবেশী অসমীয়া মানসকলক ‘দোৱনীয়া’ বুলি কোৱা হৈছিল। সিহঁতে জনসাধাৰণক অত্যাচাৰ কৰি ধন-সোণ সংগ্রহ কৰিছিল।

(১২) য়াণ্ডাবু সন্ধি: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজৰ মাজত য়াণ্ডাবু সন্ধি হয়। এই সন্ধিৰ ফলাফলসমূহ হ’ল:

(ক) মানৰজাই যুদ্ধৰ ক্ষতিপূৰণ বাবদ এক কোটি টকা ইংৰাজক দিব লগা হয়।

(খ) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্রিটিছসকলৰ হাতলৈ যায়।

(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে হস্তক্ষেপ কৰিব নোৱাৰিব।

(ঘ) ব্ৰহ্মদেশৰ আভাত এজন ব্রিটিছ ৰেছিডেন্ট থাকিব।

অতিৰিক্ত প্রশ্নোত্তৰ :

১। মটক ৰাজ্য বুলিলে অসমৰ কোনখন অঞ্চলক বুজায়?

উঃ ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ডক।

২। কলিয়া ভোমোৰাই দমন কৰা বিদ্ৰোহৰ নাম কি?

উঃ দন্দোবাদ্রোহ।

৩। চন্দ্রকান্ত সিংহই সৎত্ৰামক কি খিতাপ দিছিল?

উঃ চাৰিঙিয়া ফুকন।

৪। সত্ৰামক কোনে হত্যা কৰে?

উঃ নগা আততায়ীয়ে।

৫। বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰে।

উঃ ৰূপসিং চুৱেদাৰে।

৬। প্রথম ইংগ-বার্মা যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উঃ ইংৰাজ আৰু মানসকলৰ মাজত।

৭। প্রথম ইংগ-বার্মা যুদ্ধ কিমান চনত হৈছিল?

উঃ ১৮২৪ চনত।

৮। অসমৰ ইতিহাসত কোনখিনি সময়ক মানৰ দিন বুলি কোৱা হয়?

উঃ ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment