Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক মাধৱদেৱ Class 12 Advance Assamese Chapter 8 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
মাধৱদেৱ Class 12 Advance Assamese Chapter 8 Solutions
মাধৱদেৱ – লক্ষ্মীধৰ শৰ্মা
লেখক পৰিচয়ঃ লক্ষ্মীধৰ শৰ্মা (১৮৯৭-১৯৩৪) এজন অসমীয়া দেশপ্রেমিক, স্বাধীনতা সংগ্রামী আৰু প্রগতিশীল লিখক। তেওঁৰ জন্ম হয় শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ভীৰ গাওঁত। প্রাথমিক শিক্ষা তেজপুৰত গ্ৰহণ কৰাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজীয়েট স্কুলৰ পৰা অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি প্রৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ কটন কলেজৰ পৰা বি. এ. আৰু কলিকতাৰ পৰা ভাৰতীয় ভাষা আৰু সাহিত্য বিষযত প্রথম শ্ৰেণীৰ প্ৰথম হৈ এম. এ. পাছ কৰে। একে সময়তে তেওঁ বি. এল. পৰীক্ষাতো উত্তীর্ণ হয়। শর্মাই প্রথমে গুৱাহাটী আৰু তেজপুৰত ওকালতিৰে কৰ্ম জীৱন আৰম্ভ কৰে।
তেওঁ কার্লমার্ক্স, ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্র বিদ্যাসাগৰ, মহাত্মা গান্ধী আদি ব্যক্তিসকলৰ চিন্তা আৰু দৰ্শনৰ দ্বাৰা প্রভাবিত হয়। তেওঁ এজন প্রগতিশীল লিখক হিচাপে গল্প, নাটক, তত্ত্বগধুৰ প্ৰৱন্ধ-পাতি লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তেওঁ ‘আৱাহন’, ‘অসম হিতৈষী’, আদি কাকত আলোচনীত। গল্প, প্রবন্ধ, নাটক, জীৱনী আদি প্রকাশ কৰিছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল: ব্যর্থতাৰ দান, অনাগত অভিশাপ (গল্প পুথি); নির্মলা (নাটক); জীৱন স্মৃতি (আত্মজীবনীমূলক) আদি। সাম্প্রদায়িক সংহতি, জাতীয় চেতনা, মানবতাবাদ আদি তেওঁৰ লিখনিৰ মূল বিষয়।
কঠিন শব্দৰ অৰ্থ আৰু টোকা:
উদ্দীপনা: মনত আশাৰ ভাৱ জগাই দিয়া কার্য।
ধী-শক্তি: বুদ্ধি বা মেধাৰ ক্ষমতা।
সৃজাম্যহম: নিজক সৃষ্টি কৰোঁ। (গীতাত ভগবান শ্রীকৃষ্ণই অর্জুনক কৈছে, ‘হে অর্জুন, যেতিয়াই পৃথিৱীত ধৰ্মৰ পতন ঘটে, অধর্মই প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াই মই নিজকে সৃষ্টি কৰোঁ।’)
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
১। ‘ধর্মগ্লানি’ মানে কি?
উত্তৰ: যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে, তেনে অবস্থাক ‘ধর্ম গ্লানি’ বোলে।
২। শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য থকা বুলি লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে, বুজাই লিখা। H. S. ’15, ’17
উত্তৰ: মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা এটাও শংকৰদেৱতকৈ কম নাছিল। কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে দৰ্শনৰ মাজত পার্থক্য আছিল।
দুয়োজন ব্যক্তিয়েই জীৱৰ মুক্তি বিচাৰিছিল যদিও শংকৰদেৱে সেই মুক্তি যাত্ৰাত নিজৰ অন্যান্য আনুষঙ্গিক কার্য বিলাকক বাদ দিয়া ছিল।
সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সিও তেওঁৰ চেষ্টা আছিল। তেওঁৰ আদর্শ আছিল মানৱ সমাজৰ সর্বাঙ্গীণ উন্নতি সাধন কৰা।
কিন্তু মাধৱদেৱৰ আদর্শ আছিল গৃহ সংসাৰ ত্যাগ কৰি যি প্রকৃত সত্যৰ সন্ধান কৰা যাৰ সহায়েৰে আত্মাক মুক্তি দিব পাৰি।
শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ এয়ে দুয়োৰে মাজত পার্থক্য। মাধৱদেৱৰ প্রত্যেক কাৰ্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছ্বাস প্রকাশ হৈছিল। তেওঁ যি সত্যৰ উপলব্ধি কৰিছিল তাকে সি জীৱনত প্রতিফলিত কৰাৰ চেষ্টা কৰিছিল।
এয়ে আছিল শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনৰ মাজৰ পাৰ্থক্য।
৩। ‘মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে’ – বিশ্লেষণ কৰা। কথাষাৰৰ তাৎপর্য কৰা। H. S. ’15, ’18
নাইবা
মাধৱদেৱে অসমীয়া জাতীয় জীবনলৈ কেনে ধৰণৰ বৰঙণি আগবঢ়াইছিল, পাঠৰ আধাৰত চমুকৈ বৰ্ণনা H. S. 16, 19
উত্তৰ: অসমীয়া জাতীয় জীবনলৈ অর্থাৎ অসমীয়া সামাজিক, ধর্মীয় আৰু সাহিত্য-সংস্কৃতিৰ জগতলৈ ‘মাধৱদেৱ’ৰ বৰঙণি যথেষ্ট।
তেওঁ মহাপুৰুষ শ্রী শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰি ছাঁৰ দৰে গোটেই জীবন গুৰুৰ লগত থাকি নব-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। তেওঁ সমাজত দেখা দিয়া অধৰ্মৰ প্রভাৱ নাশ কৰি মানুহক এক সনাতন পথৰ সন্ধান দি মৃতবৎ অসমীয়া জাতিক সঞ্জীবনী দান কৰে। গুৰুৰ লগত অসমৰ বিভিন্ন ঠাইত নামঘৰ স্থাপন কৰি অসমীয়া ধর্মীয় জীৱনলৈ এক জাগৰণ আনে।
ধর্মীয় সংস্কাৰৰ উপৰিও মাধৱদেৱে অসমীয়া ভাষা আৰু সাহিত্যলৈয়ো বহুত অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰি থৈ গৈছে। তেওঁ গীত, পদ, নাট, তত্ত্বমূলক গ্রন্থ আদি ৰচনা কৰি অসমীয়া ভাষালৈ এক নতুন ধর্মীয় সাহিত্যৰ চহকী পৰম্পৰাৰ সৃষ্টি কৰে। ‘নামঘোষা’ তেওঁৰ সাহিত্য কৰ্মৰ কীর্তিস্তম্ভস্বরূপ। নামধৰ্মৰ মূলনীতি প্রকাশ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যে তেওঁৰ সাহিত্য ৰচনা কৰিছিল যদিও তেওঁৰ সাহিত্যকর্ম উন্নত সাহিত্যিকি গুণেৰে বিভূষিত। তেওঁৰ ভাষা, সহজ, সৰল আৰু অসমীয়া ঘৰুৱা সুভাষেৰে সুভাষিত।
সমাজ, ধর্ম, ভাষা- সাহিত্য, সংস্কৃতি আদি সকলো দিশতেই দি থৈ যোৱা অতুলনীয় অৱদানৰ বাবে লক্ষ্মীধৰ শৰ্মাই যথার্থই কৈছে যে অসমীয়া জাতিয়ে মাধৱদেৱৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ
(ক) লক্ষ্মীধৰ শৰ্মাই কেতিয়া জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ ১৮৯৭ চনত।
(খ) লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প পুথিৰ নাম লিখা। H. S. ’18
উত্তৰ: ব্যৰ্থতাৰ দান।
(গ) লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম লিখা।
উত্তৰ: নির্মলা।
(ঘ) লক্ষ্মীধৰ শৰ্মাই কেনে ধৰণৰ লিখক আছিল?
উত্তৰ: প্রগতিশীল চিন্তাধাৰাৰ লিখক।
(ঙ) লক্ষ্মীধৰ শৰ্মাই ক’ত জন্ম গ্রহণ কৰিছিল?
উত্তৰ: শোণিতপুৰ জিলাৰ ভীৰ গাওঁত।
(চ) ‘মাধবদের’ নামৰ প্ৰৱন্ধটিৰ ৰচক কোন?
উত্তৰ: লক্ষ্মীধৰ শৰ্মা।
(ছ) ‘সৃজম্যহম’ মানে কি?
উত্তৰ: ‘সৃজম্যহম’ মানে কোনো মহান শক্তিয়ে নিজকে সৃষ্টি কৰা। গীতাত ভগৱান শ্রীকৃষ্ণই অর্জুনক কৈছে, ‘হে অর্জুন, যেতিয়াই পৃথিৱীত ধৰ্মৰ পতন ঘটে, অধর্মই প্রভাৱ বিস্তাৰ কৰে, তেতিয়াই মই নিজকে সৃষ্টি কৰোঁ।’
(জ) লক্ষ্মীধৰ শৰ্মাৰ আত্মজীবনীমূলক গ্রন্থখনৰ নাম কি?
উত্তৰ: জীৱন-স্মৃতি।
(ঝ) ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নবযুগৰ মাজত পাৰ্থক্য কি?
উত্তৰ: ইউৰোপীয় নৱ যুগ আৰু ভাৰতীয় নৱযুগৰ মাজৰ পাৰ্থক্যটো হ’ল:
ইউৰোপীয় নবযুগত কেৱল ধৰ্মৰ পথত স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল, জীৱনৰ সকলো বিষয়কে কেন্দ্ৰ কৰি এক বিৰাট ভাৱৰ জাগৰণ হৈছিল। সিহঁতে জীৱনৰ পূৰ্ণতাৰ বাবে জ্ঞান-বিজ্ঞানৰ সকলো শাখাকেই জাগৃত কৰাৰ চেষ্টা কৰিছিল।
আনহাতে ভাৰতৰ নৱযুগ প্ৰধানকৈ ধৰ্মৰাজ্যৰ মানৱাত্মাৰ মুক্তিৰ দিশটোতে আবদ্ধ আছিল।
(ঞ) ‘ধী-শক্তি’ মানে কি? H. S. ’15, ’19
উত্তৰ: ‘ধী-শক্তি’ মানে বুদ্ধি বা মেধা শক্তি।
(ট) চমু টোকা লিখা: লক্ষ্মীধৰ শৰ্মা H. S. ’15
উত্তৰ: পাঠটিৰ প্ৰথমতে দিয়া লেখক পৰিচয় চোৱা।