Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 10 ভাৰতৰ ৰাজনৈতিক দল

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 10 ভাৰতৰ ৰাজনৈতিক দল

তৃতীয় খণ্ড (ক) ৰাজনীতি বিজ্ঞান

অধ্যায় – ১

ভাৰতৰ ৰাজনৈতিক দল

পাঠভিত্তিক প্রশ্নোত্তৰ:

অতি চমু উত্তৰৰ প্ৰশ্ন:

১। এক দলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।

উঃ এক দলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ’ল চীন।

২। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?

উ: আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটোৰ নাম দ্বিদলীয় ব্যৱস্থা।

৩। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।

উঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) ৰাজনৈতিক দলৰ নির্দিষ্ট কিছুমান নীতি, আদর্শ আৰু আঁচনি থাকে।

(খ) ৰাজনৈতিক দল এটাৰ ক্ষমতা লাভৰ আকাংক্ষা থাকে।

৪। ৰাজনৈতিক দলৰ এটা প্রধান কার্য উল্লেখ কৰা।

উঃ ৰাজনৈতিক দলৰ এটা প্রধান কার্য হ’ল জনগণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

৫। অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।

উঃ অসমৰ এটা আঞ্চলিক দলৰ নাম হ’ল ‘অসম গণ পৰিষদ’।

৬। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?

উঃ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটোৰ নাম ‘ঝাৰখণ্ড মুক্তি মৰ্চা’।

৭। ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অর্থ কি?

উঃ ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অৰ্থ হ’ল সংযুক্ত প্রগতিশীল মর্চা (United Progressive Alliance)।

৮। ভাৰত বৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?

উঃ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ’ল ভাৰতীয় জাতীয় কংগ্রেছ।

৯। কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ গঠন হৈছিল?

উঃ এছ, এন. বেনাৰ্জীৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’ছিয়েচন’ গঠন কৰা হৈছিল।।

১০। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?

উঃ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্র বেনার্জী।

চমু উত্তৰৰ প্ৰশ্ন:

১। ভাৰত বৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি?

উঃ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ’ল বহুদলীয় ব্যবস্থা। ভাৰতবৰ্ষত সৰ্বভাৰতীয় আৰু আঞ্চলিক দলৰ অস্তিত্ব আছে। প্রতিটো দলৰে নিজা নিজা আদর্শ আৰু লক্ষ্য আছে। দলবোৰে বিধানসভা আৰু লোকসভা উভয়তে অংশ গ্রহণ কৰিব পাৰে।

২। গণতান্ত্রিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যবস্থা বিশেষভাবে উপযোগী?

উঃ গণতান্ত্রিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বি-দলীয় ব্যৱস্থা বিশেষভাবে উপযোগী বুলি ক’ব পাৰি। কাৰণ দ্বিদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰ এখনত চৰকাৰ এখন সুস্থিৰ হয়। কাৰণ এনে চৰকাৰৰ মাত্ৰ এটাই বিৰোধী দল থাকে। সিহঁতে শক্তিশালীভাবে চৰকাৰৰ দোষ-গুণ আঙুলিয়াই দিব পাৰে। নির্বাচন প্রক্রিয়াও মিতব্যয়ী হয়।

৩। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।

উঃ ৰাজনৈতিক দলৰ চাৰিটা প্রধান বৈশিষ্ট্য হ’ল:

(ক) ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে।

(খ) ৰাজনৈতিক দল কিছুমান নীতি, আদর্শ আৰু লক্ষ্যৰ ওপৰত প্রতিষ্ঠিত।

(গ) ৰাজনৈতিক দলৰ ক্ষমতা লাভৰ আকাংক্ষা আছে।

(ঘ) ৰাজনৈতিক দলে বৃহত্বৰ জাতীয় স্বার্থত কাম কৰে।

৪। পাঁচটা আঞ্চলিক দলৰ নাম লিখা।

উঃ ভাৰতত বহুতো আঞ্চলিক দল আছে। তাৰ ভিতৰত পাঁচটা হ’ল:

(১) অসম গণ পৰিষদ (অসম)

(২) শিৱসেনা (মহাৰাষ্ট্ৰ)

(৩) ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড)

(৪) আকালি দল (পঞ্জাব)

(৫) তেলেগু দেশম (অন্ধ্রপ্রদেশ)

৫। মৰ্চা চৰকাৰ বুলিলে কি বুজা?

উঃ যেতিয়া কোনো এখন গণতান্ত্রিক দেশত নির্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভকৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একেলগ হৈ চৰকাৰ গঠন কৰে। এনেদৰে কেইবাটাও ৰাজনৈতিক দলৰ সন্মিলিত চৰকাৰক ‘মৰ্চা চৰকাৰ’ বোলে। মৰ্চা চৰকাৰ এখনত যোগদান কৰা দলবোৰে নিজৰ নিজৰ দলীয় আদর্শ অটুট ৰাখিও এক উমৈহতীয়া আদর্শ লৈ দেশৰ শাসন কাৰ্য পৰিচালনা কৰে।

দীঘল উত্তৰৰ প্ৰশ্ন:

১। সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?

উঃ কোনো ৰাজনৈতিক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি জয়লাভ কৰা কেইবাটাও ৰাজনৈতিক দল একেলগ হৈ যি চৰকাৰ গঠন কৰে, তাকে সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বোলে। সাধাৰণতে কোনো এখন গণতান্ত্রিক দেশত নির্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভকৰিবলৈ অপাৰগ হ’লে মৰ্চা চৰকাৰ গঠন কৰা হয়। মৰ্চা চৰকাৰ এখনত যোগদান কৰা দলবোৰে নিজৰ নিজৰ দলীয় আদর্শ ঠিক ৰাখিও এক উমৈহতীয়া আদর্শ লৈ দেশৰ শাসন কাৰ্য পৰিচালনা কৰে।

২। সংযুক্ত তথা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।

উঃ সংযুক্ত মৰ্চা চৰকাৰৰ দুটা গুণ হ’ল:

(ক) মৰ্চা চৰকাৰত যোগদান কৰা সকলো দলেই কম-বেছি পৰিমাণে স্বাৰ্থ পূৰণ কৰিব পাৰে আৰু সকলোবোৰ দলেই শাসনকাৰ্যৰ অভিজ্ঞতা লাভকৰিব পাৰে।

(খ) মৰ্চা চৰকাৰত শাসকবর্গই মৰ্চা চৰকাৰত যোগদান কৰা সকলো দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাব লাগে ফলত স্বেচ্ছাচাৰী হোৱাৰ ভয় নাথাকে। সংযুক্ত মৰ্চা চৰকাৰৰ দুটা দোষ হ’ল:

(ক) মৰ্চা চৰকাৰত যোগদান কৰা সকলো দলকে সন্তুষ্ট কৰিব লগা হয় বাবে চৰকাৰে কোনো কাম দৃঢ়তাৰে আৰু সন্তুষ্টচিত্তে কৰিব নোৱাৰে।

(খ) মৰ্চা চৰকাৰৰ কোনো দলে নিজৰ সমৰ্থন উঠাই ললে বা সহযোগ নকৰিলে চৰকাৰখনলৈ বিপর্যয় নামি আহে।

৩। গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।

উঃ গণতন্ত্রত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, যেনেঃ

(ক) শাসনত থকা দলে যাতে দেশৰ স্বাৰ্থৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।

(খ) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবোৰ পর্যবেক্ষণ আৰু পৰ্যালোচনা কৰি প্ৰয়োজন সাপেক্ষে সংসদৰ মজিয়াত দাঙি ধৰি সকলোৰে দৃষ্টি আকর্ষণ কৰা।

(গ) প্রয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

(ঘ) জনমত গঠন কৰা।

(ঙ) জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰি দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।

৪। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।

উঃ পৃথিৱীৰ কিছুমান গণতান্ত্রিক দেশত বিশেষকৈ ভাৰতবৰ্ষত বহুতো আঞ্চলিক ৰাজনৈতিক দলৰ অস্তিত্ব আছে। দেশ এখনত কেইবাটাও ৰাষ্ট্ৰীয় দল থকা সত্বেও আঞ্চলিক দলৰ জন্ম হয়। ইয়াৰ কাৰণ:

(ক) ৰাষ্ট্ৰীয় দলৰ বৈষম্যমূলক নীতি।

(খ) সংখ্যালঘু সম্প্রদায়বোৰৰ মাজত থকা নিৰাপত্তাহীনতাৰ অভাৱ।

(গ) দেশ এখনৰ ভিতৰত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠী, সম্প্রদায়, ধৰ্ম আদিৰ মাজত থকা নীতিগত বা আদর্শগত সংঘাত।

(ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্রবণতা।

(ঙ) ৰাষ্ট্ৰীয় দলত স্থান নোপোৱা নেতাসকলে বিকল্প হিচাপে নিজাববীয়াকৈ দলৰ সৃষ্টি কৰা।

(চ) স্থানীয় সমস্যাৰ প্ৰতি জনসাধাৰণক সচেতন কৰা আৰু সেইবোৰ ৰাজনৈতিকভাবে সমাধান কৰাত গুৰুত্ব দিয়া।

৫। গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্রয়োজনীয়তা সম্পর্কে লিখা।

উঃ গণতন্ত্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। কাৰণ:

(ক) ৰাজনৈতিক দলৰ নীতি আদৰ্শ আৰু লক্ষ্য থাকে। সেই নীতি বা আদর্শ বাস্তবত ৰূপায়িত কৰাৰ জৰিয়তে দেশ এখনক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাৰ বাবে ৰাজনৈতিক দলৰ প্রয়োজন আছে।

(খ) ৰাজনৈতিক দলে শাসক শ্ৰেণীৰ কাৰ্যকলাপৰ প্ৰতি চোকা দৃষ্টি ৰাখে, চৰকাৰক সমালোচনা কৰিব পাৰে। ফলত শাসকসকলক স্বেচ্চাচাৰী হোৱাৰ পৰা ৰক্ষা কৰে।

(গ) দেশ এখনৰ জনগণক ৰাজনৈতিক শিক্ষা প্রদান কৰিবলৈ আৰু নাগৰিকে নিজৰ দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সচেতন কৰিবলৈ ৰাজনৈতিক দলৰ প্ৰয়োজন আছে।

(ঘ) ৰাজনৈতিক দলৰ জৰিয়তে দেশৰ সাধাৰণ প্রজাই শাসনকার্যত ভাগ ল’ব পাৰে।

(ঙ) গণতন্ত্রক সুৰক্ষা দিবলৈ আৰু জনসাধাৰণৰ আশা-আকাংক্ষাৰ বুজ ল’বলৈ ৰাজনৈতিক দলৰ অতীব প্রয়োজন আছে।

৬। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা।

উঃ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্টসমূহ হ’ল:

(ক) ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে।

(খ) ৰাজনৈতিক দল কিছুমান নীতি, আদর্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত।

(গ) ৰাজনৈতিক দলৰ ক্ষমতা লাভৰ আকাংক্ষা আছে।

(ঘ) ৰাজনৈতিক দলে বৃহত্বৰ জাতীয় স্বার্থত কাম কৰে। ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ’ল:

(ক) জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰা।

(খ) জনমত গঠন কৰা।

(গ) জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্রদান কৰা।

(ঘ) দেশ এখনক প্ৰগতিৰ দিশলৈ আগবঢ়াই নিবলৈ সুচিন্তিত আঁচনি প্ৰস্তুত কৰা।

(ঙ) বিভিন্ন জাতি-গোষ্ঠী, ধর্মাবলম্বী লোকসকলৰ মাজত সমন্বয় সাধন কৰা।

৭। সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।

উঃ বর্তমান সময়ত সংযুক্ত (মৰ্চা) চৰকাৰৰ গুৰুত্ব বৃদ্ধি পাইছে। ইয়াৰ কাৰণ:

(ক) নির্বাচনত কোনো দলে প্রয়োজনীয় সংখ্যক আসন লাভ কৰিব নোৱাৰিলে মৰ্চা চৰকাৰ গঠন কৰিব পাৰি। এনেদৰে মৰ্চা চৰকাৰ গঠন হ’লে দেশখনে নতুন নির্বাচন অনুষ্ঠিত কৰাৰ খৰচৰ পৰা ৰেহাই পায়। ফলত দেশখনত অপব্যয় হ্রাস পায়।

(খ) মৰ্চা চৰকাৰত ৰাষ্ট্ৰীয় দলৰ উপৰিও আঞ্চলিক দলবোৰেও অংশ গ্রহণ কৰিব পাৰে। ফলত আঞ্চলিক দলবোৰৰ প্রত্যাশা পূৰণ হয়।

(গ) মৰ্চা চৰকাৰে ইয়াৰ লগত যোগদান কৰা সকলোবোৰ দলৰ নীতি আদৰ্শক সন্মান জনাব লাগে। ফলত দেশখনত সহনশীলতা, সহযোগিতা আৰু সমিলমিলৰে কাম কৰাৰ প্ৰৱণতা আৰু মানসিকতা বৃদ্ধি পায়।

(ঘ) মৰ্চা চৰকাৰত বিশেষ কোনো ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস পায়। ফলত কোনো দল বা শাসকবর্গ স্বেচ্ছাচাৰী হ’ব নোৱাৰে।

(ঙ) মৰ্চা চৰকাৰত যোগদান কৰা সৰু সৰু ৰাজনৈতিক দলবোৰে গুৰুত্ব পোৱাত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টি আকৰ্ষণ কৰাত সুবিধা পায়।

অতিৰিক্ত প্রশ্নোত্তৰ :

১। কোন চনত ভাৰত বৰ্ষত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন হৈছিল?

উঃ ১৯৭৭ চনত।

২। বহুদলীয় ব্যবস্থা থকা তিনিখন দেশৰ নাম লিখা।

উঃ ভাৰত, বাংলাদেশ আৰু পাকিস্থান।

৩। কোন চনত মুছলিম লীগ’ নামৰ দলটো গঠন হয়?

উঃ ১৯০৬ চনত।

৪। কিমান চনত ‘হিন্দু সভা’ নামৰ ৰাজনৈতিক দলটো গঠন হয়?

উঃ ১৯১৬ চনত।

৫। কোন চনত ‘স্বৰাজ পার্টি’ নামৰ দলটো গঠন হয়?

উঃ ১৯২২ চনত।

৬। কাৰ নেতৃত্বত ‘স্বৰাজ পার্টী’ নামৰ দলটো গঠন হয়?

উঃ দেশ বন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত।

৭। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?

উঃ বম্বেত।

৮। ডি. এম. কে. দলটো কোন ৰাজ্যৰ আঞ্চলিক দল?

উঃ তামিলনাডুৰ।

৯। ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি?

উঃ ডি. এম. কে.।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment