Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

প্রথম খণ্ড ইতিহাস

অধ্যায় -২

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

পাঠভিত্তিক প্রশ্নোত্তৰ:

অতি চমু / চমু উত্তৰৰ প্ৰশ্নঃ

১। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।

উঃ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো হ’ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ উন্মেষণৰ সময় হ’ল ঊনবিংশ শতাব্দীৰ পঞ্চম দহকত অর্থাৎ ১৮৫৭ খ্রীষ্টাব্দত।

২। আনন্দমঠ উপন্যাসৰ ৰচিয়তা কোন?

উঃ বঙ্কিমচন্দ্র চট্টোপাধ্যায়।

৩। ‘স্যাৰে জাহাছে অচ্ছা….’ গীতৰ গীতিকাৰ কোন?

উঃ মহম্মদ ইকবাল।

৪। ভাৰতত পোন প্রথম ৰেল যাতায়তৰ কেতিয়া সূচনা হয়?

উঃ ১৮৫৩ খ্রীষ্টাব্দত, বোম্বে আৰু থানেৰ মাজত।

৫। ভাৰতত পোন প্রথম টেলিগ্রাফ ব্যৱস্থাৰ কেতিয়া সূচনা হয়?

উঃ ১৮৩৯ খ্রীষ্টাব্দত।

৬। ভাৰতত পোন প্রথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?

উঃ ১৭৯৭ চনত, শ্ৰীৰামপুৰত।

৭। কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্রথমে কি নামেৰে ক’ত প্রতিষ্ঠা হৈছিল?

উঃ হিন্দু কলেজ, কলিকতাত।

৮। লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।

উঃ (ক) সতীদাহ প্রথা বন্ধ আৰু (খ) স্ত্রী শিক্ষাৰ বিস্তাৰ।

৯। ভাৰতীয় সংবাদপত্র ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?

উঃ বেংগল গেজেট।

চমু / দীঘল উত্তৰৰ প্ৰশ্নঃ

১। চিপাহী বিদ্রোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।

উঃ ৰাজনৈতিকভাবে চিপাহী বিদ্রোহ সফল হ’ব পাৰা নাছিল যদিও এই বিদ্রোহে ভাৰতীয়সকলৰ মনত জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল।
চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতীয়সকলৰ মনত ইংৰাজসকলৰ প্ৰতি তীব্র ক্ষোভ আৰু গভীৰ আস্থাহীনতাৰ মনোভাবৰ সৃষ্টি হৈছিল। বিদ্ৰোহৰ ব্যর্থতা সিহঁতে নিজ চকুৰে দেখা পাই অনুধাবন কৰিছিল যে ভাৰতীয়সকল সংঘবদ্ধ নোহোৱা পর্যন্ত ইংৰাজ বিৰোধী জনমত আৰু বিদ্রোহ গঢ়ি তোলা সম্ভৱ নহয়। সেয়ে এই বিদ্ৰোহৰ পিছৰ পৰাই ভাৰতত বসবাস কৰা বিভিন্ন জাতি, গোষ্ঠী, সম্প্রদায়, ধর্ম বিশ্বাস আদি নির্বিশেষে সকলোবে এক ভাৰতীয় বুলি এক জাতীয় জাগৰণৰ সৃষ্টি হৈছিল।

ষষ্ঠদশ শতিকাত যেনেকৈ নৱজাগৰণে ইউৰোপত এক নতুন ইউৰোপৰ জন্ম দিছিল তেনেকৈ চিপাহী বিদ্রোহে ভাৰতত এক নতুন ভাৰত গঢ়াৰ জাগৰণ সৃষ্টি কৰিছিল।

২। ‘উদৰ প্ৰেৰণ পত্ৰ’ৰ মূল উদ্দেশ্য কি আছিল লিখা।

উঃ চার্লচ উডে ১৮৫৭ খ্ৰীষ্টাব্দত ‘উদৰ প্ৰেৰণ (এক শিক্ষা সংস্কাৰ আঁচনি) প্রস্তুত কৰিছিল। এই প্ৰেৰণ পত্ৰই ভাৰতত আধুনিক শিক্ষাৰ সূচনা কৰে।
ইয়াৰ মূল উদ্দেশ্যসমূহ আছিল:

(ক) প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পর্যায়লৈকে এক সুসংহত শিক্ষা আঁচনি নিৰ্দ্ধাৰণ কৰা। আৰু নিম্ন পর্যায়ত দেশীয় ভাষাত আৰু উচ্চ পৰ্যায়ত ইংৰাজী শিক্ষাত শিক্ষা প্রদান কৰা।

(খ) মেধাবী ছাত্র-ছাত্রীক বৃত্তি প্রদান কৰি শিক্ষাৰ প্রতি উৎসাহিত কৰা।

(গ) শিক্ষানুষ্ঠানত চৰকাৰী অনুদানৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা।

(ঘ) প্রতিখন প্রদেশতে একোটাকৈ শিক্ষা বিভাগ স্থাপন কৰা।

৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা।

উঃ নিম্নোক্ত ছয়টা কাৰকে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা গ্রহণ কৰিছিল:

(ক) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱঃ ইংৰাজসকলে প্ৰৱৰ্তন কৰা পাশ্চাত্য শিক্ষা ব্যৱস্থা প্রগতিশীল চিন্তাধাৰাৰে সমৃদ্ধ হোৱা বাবে ভাৰতীয়সকলৰ মাজত জাতীয় জাগৰণৰ বীজৰ উন্মেষ ঘটিছিল।

(খ) ধর্ম আৰু সমাজ সংস্কাৰ ভাৰতৰ কেইগৰাকীমান মহান ব্যক্তি যেনেঃ ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, এনি বেচান্ত, দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পৰম হংস, স্বামী বিবেকানন্দ আদি ব্যক্তিসকলে সমাজত চলি থকা কিছুমান অন্ধ বিশ্বাস, কুসংস্কাৰ আদিৰ বিৰোদ্ধে প্রবল জনমত গঢ়ি তুলি জাতীয় জাগৰণ সৃষ্টিত ইন্ধন যোগাইছিল।

(গ) যাতায়ত ব্যৱস্থাঃ ইংৰাজসকলে যাতায়ত ব্যৱস্থাৰ আধুনিকীকৰণত গুৰত্ব দিয়াত দেশৰ বিভিন্ন প্রান্তত থকা লোকসকলৰ মাজত সম্প্রীতি আৰু ভাতৃত্ববোধ গঢ়ি উঠি জাতীয় জাগৰণৰ সৃষ্টিত ইন্ধন যোগাইছিল।

(ঘ) বাতৰি কাকত: ইংৰাজসকলে ভাৰতত বাতৰি কাকতৰ সুভাৰম্ভ কৰাত ভাৰতীয়সকলেও বিভিন্ন ভাষাত বাতৰি কাকতৰ জন্ম দিয়ে। সেই কাকতবোৰে ভাৰতীয়সকলৰ মাজত জাতীয় ভাৱধাৰাৰ উন্মেষ ঘটাইছিল।

(ঙ) জাতীয় অনুষ্ঠানঃ সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে প্রতিষ্ঠা কৰা ইণ্ডিয়ান এছ’চিয়েছনে ভাৰতবাসীৰ মানত জাতীয় ভাৱধাৰাৰে উদ্বুদ্ধ কৰিছিল।

(চ) ভাৰতীয় জাতীয় কংগ্রেছঃ ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহণ কৰে।

৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।

উ: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:

(ক) ঊনবিংশ শতিকাৰ প্ৰথমার্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ প্রচেষ্টাত ভাৰতত বিশেষকৈ বংগদেশত আধুনিক শিক্ষাৰ উন্মেষ ঘটে। বংগদেশৰ পৰা লাহে লাহে ই ভাৰতৰ অন্যান্য ঠাইলৈকে বিস্তাৰ লাভ কৰে।

(খ) ১৮৫৪ খ্রীষ্টাব্দত উদৰ শিক্ষা আঁচনি প্রস্তুত কৰা হয়। উক্ত আঁচনিমতে প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে এক সুহংসত শিক্ষা আঁচনি নিৰ্দ্ধাৰণ কৰা হয় আৰু নিম্ন পৰ্যায়ত দেশীয় ভাষাত আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা গ্রহণ কৰা হয়।

(গ) কলিকতাত কলেজ স্থাপন হোৱাৰ পিছত ভাৰতত আধুনিক শিক্ষাৰ এক গৌৰৱময় অধ্যায়ৰ সূচনা হয়। ফলত আধুনিক শিক্ষাৰ প্ৰতি জনজাগৰণৰ সৃষ্টি হয়।

(ঘ) ইংৰাজসকলে কলিকতাতেই পোন প্রথমতে আধুনিক শিক্ষাৰ শুভাৰম্ভ কৰে আৰু তাৰ পৰাই প্রথম জাতীয় চেতনাৰ উন্মেষ ঘটে। আধুনিক চিন্তাধাৰাৰ দ্বাৰা প্রভাবিত হোৱা বঙ্কিমচন্দ্র চট্টোপাধ্যায়, মহম্মদ ইকবাল, ঈশ্বৰচন্দ্ৰ গুপ্ত আদি পণ্ডিতৰ দ্বাৰা ৰচিত স্বদেশপ্রেমমূলক কবিতাই জাতীয় জাগৰণ জাগৃত কৰাত স্পৃহা যোগাইছিল।

৫। জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়তৰ উন্নতিয়ে কেনেকৈ প্রভাব পেলাইছিল লিখা।

উত্তৰ: ইংৰাজসকলে ভাৰতত আধুনিক যোগাযোগ ব্যৱস্থাৰ সূচনা কৰে। ১৮৩৯ চনত ভাৰতত টেলিগ্রাফ ব্যৱস্থাৰ শুভাৰম্ভ হয়। ১৮৫৩ চনত ৰেল পথ নির্মাণ হয়। অন্যান্য ঘাট-পথ নিৰ্মাণৰ কাম দ্রুত গতিত আগবাঢ়ে। ফলত দেশৰ এঠাইৰ পৰা আনঠাইলৈ যোগাযোগ সহজ-সাধ্য হয়। এক অঞ্চলৰ লোকে আন এক অঞ্চলৰ লগত সহজে যোগাযোগ, ভাবৰ আদান-প্রদান আদি কৰিবলৈ লোৱাত ভাৰতীয়সকলৰ মাজত সংহতি স্থাপন হয়। এনেদৰে জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়ত ব্যৱস্থাই প্রভাৱ পেলাইছিল।

৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে আলোচনা কৰা।

উঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামাজা ৰামমোহন ৰায়ৰ এক বিশেষ অৱদান আছে। ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি। তেওঁ হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ উপৰিও সমাজ সংস্কাৰ আৰু আধুনিক শিক্ষা বিস্তাৰত মনোনিবেশ কৰিছিল। তেওঁ ডেভিদ হেয়াৰৰ লগ লাগি ভাৰতবৰ্ষত পাশ্চাত্য শিক্ষা বিস্তাৰৰ কাৰণে ১৮১৭ চনত কলিকতাত হিন্দু কলেজ প্রতিষ্ঠা কৰিছিল। এই কলেজত শিক্ষা অর্জন কৰা ছাত্রসকলে প্রগতিবাদী পাশ্চাত্য ভাৱধাৰাৰ দ্বাৰা অনুপ্রণিত হৈছিল। লাহে লাহে এই ভাৱধাৰা গোটেই ভাৰতবৰ্ষতে বিস্তাৰ লাভ কৰে।

ৰামমোহন ৰায়ে বাল্য বিবাহ ৰোধ, পর্দা প্রথা বন্ধ, বিধৱা বিবাহৰ প্ৰচলন আদি সমাজ সংস্কাৰমূলক কাৰ্যৰ মাজেদি দেশত এক নতুন চিন্তাৰ জাতীয় জাগৰণৰ সৃষ্টি কৰিছিল।

ৰাজনৈতিকভাৱেও ৰামমোহনে বহুত সংস্কাৰমূলক কাম কৰিছিল। উদাহৰণ স্বৰূপে ১৮৩৩ চনত তেওঁ ব্রিটিছ হাউচ অৱ কমন্সত বাছনি কমিটিৰ সভাত ভাৰতীয়সকলৰ বাবে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হৈছিল। তাত তেওঁ ভাৰতীয়সকলৰ বাবে নতুন চনদ বিচাৰিছিল। ৰামমোহন ৰায়ে সেই সময়ৰ প্রতিভাশালী জাতীয় নেতা কিছুমানক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। উদাহৰণ স্বৰূপে দ্বাৰকানাথ ঠাকুৰ, প্রসন্ন কুমাৰ ঠাকুৰ, হেনৰি ডেৰজিঅ’ আদিৰ লগলাগি ‘ইয়ং বেংগল’ নামৰ অনুষ্ঠানৰ জন্ম দিছিল। এনেদৰে ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অবদান আগবঢ়াইছিল।

৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।

উঃ দয়ানন্দ সৰস্বতী আছিল এজন সংস্কৃত পণ্ডিত, সমাজ আৰু ধৰ্ম সংস্কাৰক। হিন্দু ধৰ্মৰ মাজত চলি থকা কুসংস্কাৰসমূহ দূৰ কৰাৰ উদ্দেশ্যে তেওঁ ১৮৭৫ চনত ‘আর্য সমাজ’ প্রতিষ্ঠা কৰিছিল।

তেওঁ হিন্দু সমাজত চলি থকা বাল্য বিবাহ বন্ধ কৰিবলৈ আৰু বিধৱা বিবাহৰ প্ৰচলন কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছিল। তেওঁ এক ঈশ্বৰত বিশ্বাস স্থাপন কৰি দেৱ-দেৱীৰ উপাসনা, মূর্তি পূজা কৰা আদিৰ অসাৰতা জনসাধাৰণক বুজাই দিছিল। স্বামী দয়ানন্দই পোন প্রথমতে ধৰ্মান্তকৰণৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধর্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধর্ম গ্রহণত অনুমতি দিছিল। তেওঁ ভাৰতত খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ অগ্রগতি ৰোধ কৰি এখন প্রগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে চেষ্টা কৰিছিল। তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈ বহুতো লোক তেওঁ প্রতিষ্ঠা কৰা আর্য সমাজৰ সভ্য হৈছিল। ফলত ভাৰতীয় হিন্দু সকলৰ মাজত এক সমন্বয় আৰু সংহতিৰ জাগৰণৰ সৃষ্টি হৈছিল। এনেদৰে দয়ানন্দ সৰস্বতীয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অৱদান আগবঢ়াইছিল।

৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশব চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।

উঃ কেশর চন্দ্র সেন আছিল এজন হিন্দু ধর্ম সংস্কাৰক। তেওঁ মহাৰাষ্ট্ৰত ১৮৬৭ চনত ‘প্রার্থনা সমাজ’ প্রতিষ্ঠা কৰি ইয়াৰ জৰিয়তে ধৰ্ম সংস্কাৰৰ লগতে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তুলিছিল। তেওঁ প্রার্থনা সমাজৰ উপৰিও মহাদের গোবিন্দ ৰাণাডে নামৰ এজন লোকে প্রতিষ্ঠা কৰা ‘বিধৱা বিবাহ সংস্থা’ আৰু ‘দাক্ষিণাত্য শিক্ষা সমাজ’ নামৰ দুটা অনুষ্ঠানৰ লগত জড়িত হৈ বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগাইছিল। লগতে বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্পৰ প্রতিষ্ঠান গঢ়ি তুলিছিল। ‘শিক্ষা সমাজ’ৰ জৰিয়তে অনাথ শিশুসকলক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন-পালনৰ কাৰণে ঠায়ে ঠায়ে আশ্রম স্থাপন কৰিছিল। নিৰক্ষৰসকলক শিক্ষা দান কৰাৰ বাবে নৈশ স্কুল গঢ়ি তুলিছিল। এইদৰে প্ৰৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে ভাৰতীয়সকলৰ মাজত জাতীয় জাগৰণ গঢ়ি তুলিছিল।

১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।

উঃ ৰাম কৃষ্ণ পৰমহংস আছিল এজন হিন্দু ধর্ম সংস্কাৰক আৰু প্ৰচাৰক। তেওঁ মূল বৈদিক হিন্দু ধৰ্মৰ প্রকৃত সত্য দেশ-বিদেশত প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিছিল। তেওঁ সহজ সৰল জীৱন প্রণালীত বিশ্বাসী আছিল আৰু জনসাধাৰণক সুন্দৰ উপমাৰে হিন্দু ধৰ্মৰ মূল কথা আৰু নীতিবোৰ বিশ্লেষণ কৰি হিন্দু ধৰ্মৰ প্রতি জনসাধাৰণক উদ্বুদ্ধ কৰিব পাৰিছিল।

তেওঁৰ এজন প্রখ্যাত শিষ্যৰ নাম আছিল স্বামী বিবেকানন্দ। তেওঁ ৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰি ধৰ্ম প্ৰচাৰৰ লগতে ভাৰতীয়সকলৰ মাজত স্বদেশপ্রেম আৰু জাতীয় জাগৰণ গঢ়ি তুলিছিল। তেওঁ ভাৰতীয়সকলৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাৱ গঢ়ি তুলি বিশ্বৰ দৰবাৰত ভাৰতীয়সকলক পৰিচয় কৰি দিয়াত বিশেষ ভূমিকা গ্রহণ কৰিছিল। স্বামী বিবেকানন্দৰ তেজস্বী ভাষণে দেশবাসীৰ মনত জাতীয়তাবাদৰ গভীৰ চেতনা সঞ্চাৰিত কৰিবলৈ সক্ষম হৈছিল।

১১। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচান্তৰ অৱদানৰ বিষয়ে লিখা।

উঃ এনি বেচান্ত আছিল এজনী আইৰিচ মহিলা। তেওঁ ১৮৯৩ চনত ‘থিয় ‘ছফিকেল ছ’চাইটি’ৰ সদস্যা হিচাপে ভাৰতত পদার্পন কৰিছিল। তেওঁ ভাৰতলৈ আহি ভাৰতকে মাতৃ ভূমি হিচাপে গ্রহণ কৰি ভাৰতীয়সকলৰ কল্যাণৰ অৰ্থে নিজকে নিয়োজিত কৰিছিল।

তেওঁ ভাৰতীয়সকলৰ মাজত শিক্ষা বিস্তাৰৰ কাৰণে ১৮৯৮ চনত বাৰানসীত চেন্ট্রেল হিন্দু স্কুল প্রতিষ্ঠা কৰে। পিছলৈ এইখনেই বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়।

তেওঁ ভাৰতৰ স্বাধীনতাৰ হকে মাত মাতিছিল আৰু ১৯১৬ চনত ‘হোমৰুল লীগ’ প্রতিষ্ঠা কৰিছিল। তেওঁৰ প্ৰৱল প্ৰভাৱৰ বাবে ১৯১৭ চনত জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ লাভ কৰিছিল। এইদৰে এনি বেচান্তে ভাৰতত শিক্ষা আৰু ৰাজনৈতিক দিশত জাতীয়তাবাদ সৃষ্টিত অৰিহণা আগবঢ়াইছিল।

১২। আলিগড় আন্দোলন কি’? এই আন্দোলনে মুছলমানসকলক কৈনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল?

উঃ আলিগড় আন্দোলন হৈছে আলিগড় শিক্ষানুষ্ঠানৰ জৰিয়তে ভাৰতবাসীক আধুনিক শিক্ষাৰে শিক্ষিত কৰি জাতীয় জাগৰণ সৃষ্টি কৰা। এই আন্দোলনৰ লগত জড়িত প্রধান ব্যক্তিজন আছিল চাৰ চৈয়দ আহম্মদ খান। তেওঁ মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্য ১৮৬৪ চনত গাজীপুৰত এখন ইংৰাজী আদর্শ বিদ্যালয় স্থাপন কৰে। ১৮৭৫ চনত তেওঁ ‘আলিগড় মহম্মদান এংলো হিগুয়ান কলেজ’ স্থাপন কৰে। পিছলৈ ১৯২০ চনত এই কলেজখন আলিগড় বিশ্ববিদ্যালয়লৈ উন্নীত হয়। এই শিক্ষানুষ্ঠান সমূহৰ জড়িয়তে ভাৰতত মুছলমানসকলে আধুনিক শিক্ষা লাভ কৰাৰ লগতে প্রগতিবাদী চিন্তাধাৰাৰ লগত পৰিচয় হয়। ফলত মুছলমানসকলৰ মাজত জাতীয় জাগৰণৰ উন্মেষ ঘটে।

১৩। বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটাইছিল বর্ণনা কৰা।

উঃ ভাৰতত বাতৰি কাকতৰ পৰম্পৰাৰ ইতিহাস আৰম্ভ হয় জেমচ আগষ্টাছ হিকি নামৰ এজন ইংৰাজ লোকৰ দ্বাৰা। তেওঁ পোন প্রথমতে ১৭৮০ চনত কলিকতাত ‘বেংগল গেজেট’ নামৰ এখন বাতৰি কাকত প্রকাশ কৰে। এই কাকতখন ইংৰাজী ভাষাত প্রকাশ পাইছিল। ইয়াৰ পিছত তিনিটা দহক জুৰি ভাৰতত ইংৰাজী ভাষাৰ বাতৰি কাকতে প্রাধান্য বিস্তাৰ কৰি থাকে যদিও লাহে লাহে ভাৰতীয় ভাষাতো বাতৰি কাকত প্রকাশ হ’বলৈ ধৰে। বাতৰি কাকতসমূহে ভাৰতীয়সকলৰ মাজত জাতীয় ভাৱধাৰাৰ উন্মেষ ঘটোৱাৰ লগতে স্বদেশী চিন্তা চর্চা, স্বাধীনতাৰ শ্লোগান, জাতীয় চিন্তা, স্বদেশী কলা-সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকলৰ মাজত এক জাগৰণ আনিবলৈ সক্ষম হয়। স্বদেশী বাতৰি কাকতসমূহৰ প্ৰভাৱ জনসাধাৰণৰ মাজত ইমানেই প্ৰৱল আছিল যে ইংৰাজ চৰকাৰ শংকিত হৈ বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা বা নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ লয়।

দেশীয় বাতৰি কাকতসমূহে ইংৰাজসকলৰ সাম্রাজ্যবাদী কাম-কাজবোৰ কটু আৰু চোকা ভাষাৰে সমালোচনা কৰিবলৈ লয়। ফলত জনসাধাৰণ ইংৰাজসকলৰ শাসনৰ বিৰুদ্ধে মুখৰিত হৈ উঠে। বিশেষকৈ বঙালী আৰু উর্দু বাতৰি কাকত যেনেঃ বংগ দর্শন, আর্য দর্শন, সঞ্জীৱনী, অমৃত বাজাৰ পত্রিকা, আল হিলাল আদি কাকতসমূহে দেশবাসীক জাতীয় ভাৱধাৰাৰ লগতে ইংৰাজ শাসনৰ বিৰুদ্ধে প্রবল জনমত গঠনত বলিষ্ঠ ভূমিকা গ্রহণ কৰিছিল।

১৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পর্কে এটি চমু টোকা লিখা।

উঃ ১৮৮৫ চনত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ নামৰ এক ৰাজনৈতিক সংগঠনৰ জন্ম হয়। ইয়াৰ উদ্যোক্তা আছিল এলান অকটোভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত ইংৰাজ অসামৰিক বিষয়া।

এই জাতীয় সংগঠনৰ সৃষ্টিৰ এক ইতিহাস আছে। এজন ইংৰাজ ব্যক্তি হৈয়ো মিষ্টাৰ হিউম ভাৰতীয়সকলৰ কল্যাণৰ হকে মাত মাতিছিল। তেওঁ ভাৰতীয়সকলৰ স্বার্থত ১৮৮৩ চনত কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰসকলক উদ্দেশ্যি এখন মুকলি চিঠিৰে দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। তেওঁ প্রয় ৫০ জন ছাত্ৰৰ সঁহাৰিত কলিকতাত এখন বৈঠক অনুষ্ঠিত কৰিছিল। সেই বৈঠকত জাতীয় স্বার্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। এই বৈঠকত জাতীয় অনুষ্ঠান জন্ম দিয়াৰ উদ্দেশ্যে বোম্বেত এখন মহাসভাৰ আয়োজন কৰাৰ প্ৰস্তাৱ গ্রহণ কৰা হয়।

ইয়াৰ পিছত ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুলদাস তেজপাল সংস্কৃত কলেজত কলিকতা বিশ্ববিদ্যালয়ত অনুষ্ঠি হোৱা বৈঠকত লোৱা প্ৰস্তাৱ অনুসৰি এখন মহাসভা অনুষ্ঠিত হয়। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্রতিনিধিয়ে মহাসভাত যোগদান কৰিছিল। কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্র বন্দোপাধ্যায়ক সভাখনৰ সভাপতি নির্বাচন কৰা হৈছিল। সেই মহাসভাত ভাৰতীয়সকলৰ জাতীয় স্বাৰ্থত এখন সৰ্বভাৰতীয় অনুষ্ঠানৰ জন্ম দিয়ে আৰু ইয়াৰ নাম ৰাখে ভাৰতীয় জাতীয় কংগ্ৰেছ। এনেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। পিছলৈ এই ভাৰতীয় জাতীয় কংগ্ৰেছেই ভাৰতৰ স্বাধীনতা সংগ্রামত মুখ্য ভূমিকা গ্রহণ কৰিছিল।

১৫। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।

উঃ ১৮৮৫ চনত প্রতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্রেছ আছিল ভাৰত বৰ্ষত প্রথম সৰ্বভাৰতীয় অনুষ্ঠান। এই অনুষ্ঠানখনে ইয়াৰ জন্ম লগ্নৰ পৰাই বৃহৎ ভাৰতীয় জাতিৰ হকে সমাজিক আৰু ৰাজনৈতিক দিশত এক গুৰত্বপূর্ণ ভূমিকা গ্রহণ কৰে। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰা আৰু ভাৰতীয়সকলক জাতি-বর্ণ নির্বিশেষে ঐক্যবদ্ধ কৰি ভাৰতবৰ্ষক ইংৰাজসকলৰ কৱলৰ পৰা মুক্ত কৰা।

১৮৯০ চনত ৰাজনৈতিকভাবে কিছু সুবিধা আদায়ৰ উদ্দেশ্যে ভাৰতীয় জাতীয় কংগ্রেছে সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সজাতি দল ইংলগুলৈ পঠায়। কিন্তু সেই দলটোয়ে কোনো ৰাজনৈতিক সুবিধাৰ প্ৰতিশ্রুতি আদায় কৰিব নোৱাৰি নিৰাশ হৈ উভতি আহে।
ইয়াৰ পিছত ১৮৯২ চনত ভাৰত পৰিষদ আইনে ভাৰতবাসীক ৰাজনৈতিকভাৱে একো দিব নোৱাৰাত কংগ্ৰেছ কর্মীসকল হতাশ হৈ পৰে আৰু সিহঁতে ইংৰাজসকলৰ পৰা শান্তিপূর্ণ উপায়ে একো আদায় কৰিব নোৱাৰে বুলি কংগ্ৰেছৰ কিছুমান কর্মীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্র পন্থা অৱলম্বন কৰাৰ পোষকতা কৰে।

১৯০৫ চনত কংগ্ৰেছৰ বাৰানসী অধিবেশনত কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেই নৰম সুৰত ভাষণ দিয়াত কিছুসংখ্যক কংগ্রেছ কর্মীয়ে সমালোচনা কৰি ইংৰাজৰ বিৰুদ্ধে কঠোৰ কাৰ্য পন্থা গ্রহণ কৰিবলৈ মত পোষণ কৰে। ফলত কংগ্ৰেছৰ ভিতৰ চৰাত দুটা ভাগৰ সৃষ্টি হয়।
১৯০৭ চনৰ ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত চুৰাটত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিবেশনত প্রকাশ্যভাবে কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়। এটা নৰমপন্থী আৰু আনটো চৰমপন্থী। চৰমপন্থীসকলৰ শিবিত আছিল বাল গংগাধৰ তিলক, লালা লাজপট ৰয়, বিপিন চন্দ্র পাল আৰু সিহঁতৰ সমৰ্থকস্কল।

১৯১৬ চনলৈকে চৰমপন্থীসকল মূল কংগ্ৰেছৰ পৰা আঁতৰি আছিল।

এনেদৰে ভাৰতীয় জাতীয় কংগ্রেছে বিকাশ লাভ কৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। কেতিয়াৰ পৰা ভাৰতত আধুনিক শিক্ষাৰ সূচনা হয়?

উঃ ১৮৫৪ চনৰ উডৰ প্ৰেৰণ পত্ৰৰ সময়ৰ পৰা।

২। পলাচীৰ যুদ্ধৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উঃ ৰবাৰ্ট ক্লাইব।

৩। কোনে কেতিয়া টেলিগ্রাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনে?

উঃ লর্ড ডেলহাউচীয়ে, ১৮৫১ চনত।

৪। ভাৰতত জাতীয় জাগৰণৰ নায়ক কোন?

উঃ ৰাজা ৰামমোহন ৰায়।

৫। ‘ব্রাহ্ম সমাজ’ৰ প্ৰতিষ্ঠাতা কোন?

উঃ ৰাজা ৰামমোহন ৰায়।

৬। ভাৰতত সতীদাহ প্রথা কোনে বন্ধ কৰে?

উঃ লর্ড উইলিয়াম বেন্টিংকে।

৭। কলিকতাত কেতিয়া হিন্দু কলেজ প্রতিষ্ঠা হয়?

উঃ ১৮১৭ চনত।

৮। আর্য সমাজৰ প্ৰতিষ্ঠাতা কোন?

উঃ দয়ানন্দ সৰস্বতী।

৯। ‘বেদলৈ উভতি যোৱা’ এই উক্তি কাৰ আছিল?

উঃ দয়ানন্দ সৰস্বতীৰ।

১০। কোনে প্রার্থনা সমাজ প্রতিষ্ঠা কৰে?

উঃ কেশৱ চন্দ্ৰ সেন।

১১। ‘দাক্ষিণাত্য শিক্ষা সমাজ’ কোনে গঢ়ি তোলে?

উঃ মহাদেৱ গোবিন্দ ৰাণাডে।

১২। ‘ৰামকৃষ্ণ মিছন’ৰ প্রতিষ্ঠাতা কোন?

উঃ স্বামী বিবেকানন্দ।

১৩। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি?

উঃ নৰেন্দ্ৰনাথ দত্ত।

১৪। আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক কোৱা হয়?

উঃ ৰাজা ৰামমোহন ৰায়ক।

১৫। কেতিয়া ‘প্রেছ আইন’ প্ৰবৰ্তন কৰা হয়?

উঃ ১৮৯৯ চনত।

১৬। ‘অস্ত্র আইন’ কোনে জাৰি কৰিছিল?

উঃ লর্ড লিটন।

১৭। ‘স্বৰাজ প্রাপ্তিয়েই কংগ্ৰেছৰ মূল লক্ষ্য’ কোনে ঘোষণা কৰিছিল?

উঃ দাদাভাই নৌৰজী।

১৮। কেতিয়া চিকাগোত বিশ্ব ধর্মসভা অনুষ্ঠিত হৈছিল? এই সভাত কোনজন ভাৰতীয় ব্যক্তিয়ে যোগদান কৰিছিল?

উঃ ১৮৯৩ চনত, স্বামী বিবেকানন্দই।

১৯। ‘হোম ৰূল লীগ’ কোনে কেতিয়া প্রতিষ্ঠা কৰিছিল?

উঃ এনি বেচান্তই, ১৯১৭ চনত।

২০। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি কোন আছিল?

উঃ উমেশচন্দ্র বন্দোপাধ্যায়।

২১। কংগ্ৰেছৰ এজন নৰমপন্থীৰ নেতাৰ নাম লিখা।

উঃ গোপাল কৃষ্ণ গোখলে।

২২। থিওডৰ বেগ কোন আছিল?

উঃ আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজৰ অধ্যাপক।

২৩। প্রাচীন হিন্দু সমাজত পৰম্পৰাগতভাবে চলি থকা তিনিটা কুপ্রথা উল্লেখ কৰা।

উঃ (ক) বাল্য বিবাহ (খ) বহু বিবাহ (গ) সতীদাহ প্রথা।

২৪। প্রার্থনা সমাজৰ তিনিটা উদ্দেশ্য লিখা।

উঃ প্রার্থনা সমাজৰ তিনিটা উদ্দেশ্য হ’ল:

(ক) অনাথ শিশুসকলৰ বাবে অনাথ আশ্রম প্রতিষ্ঠা কৰা।

(খ) বিধৱাসকলৰ পুনৰ বিবাহৰ ব্যৱস্থা কৰা।

(গ) নৈশ বিদ্যালয় স্থাপন কৰা।

২৫। আর্য সমাজৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।

উঃ আর্য সমাজৰ তিনিটা উদ্দেশ্য হ’ল:

(ক) বিধৱা বিবাহৰ প্ৰচলন কৰা।

(খ) বাল্য বিবাহ বন্ধ কৰা।

(গ) স্ত্রী শিক্ষাৰ ব্যৱস্থা কৰা।

২৬। অসমত কেতিয়া ৰেলপথৰ সূচনা হয়?

উঃ ১৮৮৩ চনত।

২৭। ‘গ্রেণ্ড ট্রাঙ্ক ৰোড’ কেতিয়া নিৰ্মাণ কৰা হয়?

উঃ ১৮৩৯ চনত।

২৮। অসমৰ শদিয়া আৰু ডিব্ৰুগড়লৈ ৰেল যোগাযোগ কেতিয়াৰ পৰা আৰম্ভ হয়?

উঃ ১৮৮৩ চনৰ পৰা।

২৯। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ প্ৰথম কাৰণটো কি আছিল?

উঃ পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ।

৩০। কলিকতাৰ প্ৰেচিডেন্সী কলেজ প্রথমতে কি নামেৰে আৰম্ভ কৰা হৈছিল?

উঃ হিন্দু কলেজ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment