Class 9 Social Science Chapter 1 ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন
প্রথম খণ্ড ইতিহাস
অধ্যায় -১
ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন
পাঠভিত্তিক প্রশ্নোত্তৰ:
অতি চমু / চমু উত্তৰৰ প্ৰশ্নঃ
১। ভাৰত আৰু পাশ্চাত্যৰ সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পর্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্রথমতে উপস্থিত হৈছিল?
উঃ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পর্তুগীজ নাবিকজন হ’ল ভাস্ক’-ডা-গামা। তেওঁ ১৪৯৮ খ্রীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।
২। জলপথেৰে পৃথিবী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল?
উঃ ফান্সিছ ড্রেক।
৩। ভাৰতভূমিত পোন প্রথমে কোন ইংৰাজ নাবিকে কেতিয়া প্ৰৱেশ কৰিছিল?
উঃ জেমছ মিলডেন হল নামৰ ইংৰাজ নাবিকে পোন প্রথমতে ভাৰত ভূমিত ১৫৯৯ চনত প্রবেশ কৰিছিল।
৪। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক’ত গঠন হৈছিল?
উ: ইংলিছ ইষ্ট ইন্ডিয়া কোম্পানী ১৬০০ খ্রীষ্টাব্দত লণ্ডনত গঠন হৈছিল।
৫। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।
উঃ ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰতত থিতাপি লোৱাৰ দুটা কাৰণ হ’ল:
(ক) বেহা-বেপাৰ কৰা আৰু
(খ) ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা কৰা।
৬। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?
উঃ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিমপট্রমত ১৬১১ চনত স্থাপিত হৈছিল।
৭। ‘ফর্ট উইলিয়াম’ কি?
উঃ ‘ফর্ট উইলিয়াম’ হ’ল ভাৰতৰ কলিকতাত স্থাপন কৰা ইংৰাজসকলৰ এটা বাণিজ্য কেন্দ্ৰৰ নাম। ইংলণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে এই নামটো ৰখা হয়।
৮। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা।
উ: পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা মূল ভাগত ভাগ কৰিব পাৰি, যেনে – (ক) মোগল সাম্রাজ্য পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে আৰু (খ) ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭খ্রীষ্টাব্দত ভাৰতীয়সকলৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।
৯। ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?
উঃ ‘ভাৰত চৰকাৰ আইন’ ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্টত ইংলণ্ডৰ চৰকাৰে পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ উদ্দেশ্যে প্রণয়ন কৰিছিল।
১০। ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?
উঃ ‘ভাৰতীয় পৰিষদ আইন’ ১৮৬১ চনত প্রণয়ন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আধুনিক প্রশাসন ব্যৱস্থাটোৰ লগত শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়া।
চমু / দীঘল উত্তৰৰ প্ৰশ্নঃ
১। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।
উঃ ইংৰাজসকলে ভাৰতৰ লগত বাণিজ্যিক চুক্তি কৰিবলৈ কেইবাটাও পদক্ষেপ গ্রহণ কৰিছিল। তলত সেই পদক্ষেপসমূহ চমুকৈ উল্লেখ কৰা হ’ল:
(ক) ইংৰাজসকলে প্রাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্রীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰে। ইংলণ্ডৰ ৰাণী এলিজাবেথে এই কোম্পানীটোক দক্ষিণ আফ্রিকাৰ উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মালাগান প্রণালীলৈকে বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ কৰিবলৈ অনুমতি দিছিল। এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগতে মালাক্কা, সুমাত্রা, জাভা আদি ঠাইৰ লগত মচলাৰ ব্যৱসায় কৰিছিল। ১৬০৮ চনত ইংলণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰিবলৈ কেপ্তেইন উইলিয়াম হকিন্স নামৰ ব্ৰিটিছ সদাগৰ এজনৰ যোগেদি মোগল সম্রাট জাহাঙ্গীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। কেপ্তেইন হকিন্সে প্রায় দুই বছৰকাল মোগল দৰবাৰত থাকি সম্ৰাটৰ পৰা বেহা-বেপাৰৰ কিছু সুবিধা আদায়ৰ চেষ্টা কৰিছিল যদিও মোগল সম্রাট জাহাঙ্গীৰে বাণিজ্য চুক্তিৰ আবেদন অগ্রাহ্য কৰিছিল।
(খ) ১৬১৫ চনত ইংলণ্ডৰ ৰজা জেমচৰ অনুমতিক্রমে ছাৰ টমাচ ৰ’ মোগল সম্রাট জাহাঙ্গীৰৰ দৰবাৰলৈ আহিছিল। টমাচ ৰ’য়ে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্রাট জাহাঙ্গীৰে ইংৰাজ বণিকসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল।
(গ) ১৭১৫ চনত জন ছাৰমান নামৰ এজন ইংৰাজ লোকৰ সজাঁতীদলে মোগল সম্রাট ফাৰুকছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্রস্তাৱ আগবঢ়াইছিল। সেই সময়ত মোগল সম্রাটজন কঠিন ৰোগত ভূগি আছিল। তেতিয়া ইংৰাজ সজাঁতী দলটোৰ লগত অহা ডাক্তৰ হেমিলটনে চিকিৎসা কৰি সম্রাটক আৰোগ্য কৰে। সম্রাটে কৃতজ্ঞতাস্বৰূপ ইষ্ট ইন্ডিয়া কোম্পানীক নির্বিঘ্নে ভাৰতত বেহা-বেপাৰ কৰিবলৈ ৰাজকীয় অনুমতি প্রদান কৰে।
২। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা।
উঃ ইষ্ট ইন্ডিয়া কোম্পানীটোৱে ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰি ভাৰতত খোপনি পুতিছিল।
(ক) ইষ্ট ইন্ডিয়া কোম্পানীটোরে ১৬১১ চনত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল। ১৬৩৬ চনত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্যিক কেন্দ্র মুকলি কৰিছিল। ১৬৩৯ খ্রীষ্টাব্দত চন্দ্ৰগিৰি ৰজাৰ লগত চুক্তি কৰি মাদ্রাজৰ কাষৰীয়া ঠাই এডোখৰ গ্ৰহণ কৰি আৰমাগাঁৱৰ বাণিজ্য কেন্দ্রটো সেই ঠাইলৈ স্থানান্তৰ কৰি নতুন নাম দিছিল ‘ফর্ট চেন্ট জর্জ’।
(খ) ১৬৬১ চনত ইংলণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পর্তুগীজ ৰাজকন্যা কেথৰিণক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰখন লাভ কৰিছিল। ৰজা চাৰ্লছে ১৬৫৮ খ্রীষ্টাব্দত পঞ্চাশ হাজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বে চহৰখন ইংৰাজ কোম্পানীৰ হাতত হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰাই বোম্বাই চহৰখন কোম্পানীৰ ব্যৱসায়-বাণিজ্যৰ প্ৰধান কার্যালয়ত পৰিণত হয়।
(গ) ১৬৯০ চনত জব চাৰ্ণক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাৰৰ লগত এখন চুক্তি কৰি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালীঘাট সূতানাটি আৰু গোবিন্দপুৰ নামৰ গাওঁৰ জমিদাৰী স্বত্ব লাভ কৰি তাত এটা বাণিজ্যিক কেন্দ্র স্থাপন কৰে। পিছলৈ সেইতিনিখন গাওঁৰ সমষ্টিয়েই কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। সিহঁতে তাত স্থাপন কৰা কেন্দ্ৰটিৰ নামকৰণ কৰিছিল ‘ফর্ট উইলয়াম’ বুলি।
এনেদৰে ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে ভাৰতৰ তিনিটা স্থানত মূল বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল।
৩। ভাৰতত ব্ৰিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উঃ ভাৰতত ব্ৰিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰা আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ’ল ৰবাৰ্ট ক্লাইব। তেওঁ গ্রহণ কৰা কৌশলবোৰ হ’ল:
(ক) কুটনৈতিক কৌশল: ক্লাইবে নিজৰ কোম্পানীৰ স্বাৰ্থত সেইসময়ত ভাৰতত থকা অন্যান্য বিদেশী কোম্পানীসমূহ বিশেষকৈ পর্তুগীজ আৰু ফৰাচীসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি গ্রহণ কৰিছিল। তেওঁ যুদ্ধ বা মিত্ৰতাৰ নীতিৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্রচেষ্টা কৰিছিল। ৰবাৰ্ট ক্লাইবে ১৭৫৭ চনৰ পলাচীৰ যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজদৌলাক চল-চাতুৰীৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি ব্ৰিটিছ সাম্রাজ্যবাদৰ পথ সুগম কৰে।
(খ) কেন্দ্রীয় শাসন: ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰতীয় ৰাজন্যবৰ্গক ক্ষমতাচ্যুত কৰি সিচৰতি হৈ থকা এলেকাসমূহ একত্ৰিত কৰি ভাৰত-ব্ৰিটিছ এলেকাত এক কেন্দ্রীয় শাসনযন্ত্র প্রতিষ্ঠা কৰিছিল।
(গ) দেশীয় ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ গ্রহণ : বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাব ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্রতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কর্তৃত্ব বিসর্জন দিব লগা হৈছিল। ফলত ইংৰাজ কোম্পানী শক্তিশালী হৈ উঠিছিল।
৪। চিপাহী বিদ্রোহৰ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উঃ ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সামৰিক আৰু তৎকালীন কাৰণ আছে। তলত এই কাৰণবোৰ সংক্ষেপে আলোচনা কৰা হ’ল।
(ক) ৰাজনৈতিক কাৰণ: চিপাহী বিদ্রোহৰ ৰাজনৈতিক কাৰণবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল লর্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা ‘স্বত্ববিলোপ নীতি’। এই নীতি প্ৰৱৰ্তনৰ ফলত বহুতো দেশীয় ৰজাই সিহঁতৰ ৰাজ্য হেৰুৱাব লগাত পৰে। তাৰ ভিতৰত মাৰাঠা ৰাজ্য, ঝান্সী, অবাধ আৰু বহুতো। ফলত ৰাজ্য হেৰুৱা দেশীয় ৰজা আৰু ৰাজকুমাৰসকলে বিক্ষুব্ধ হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিছিল।
(খ) অর্থনৈতিক কাৰণ: ইংৰাজসকলে ভাৰতীয় প্রজা সাধাৰণে বহন কৰিব নোৱাৰাকৈ নানান ধৰণৰ কৰ-কাটল বহুৱাইছিল। বহুতো জমিদাৰী উচ্ছেদ কৰিছিল। ডেলহাউচিয়ে অকল দাক্ষিণাত্যত বিশ হেজাৰ জমিদাৰক উচ্ছেদ কৰিছিল। ফলত সিহঁতে ক্ষুব্ধ হৈ চিপাহী বিদ্রোহ সংঘটিত কৰিছিল।
(গ) সামাজিক কাৰণ: ইংৰাজ সকলে উনৈশ শতিকাৰ আদি ভাগৰ পৰা ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ লয়। তাৰোপৰি সিহঁতে ভাৰতত ইংৰাজী শিক্ষাৰ বিস্তাৰ আৰু পাশ্চাত্য ৰীতি-নীতি প্ৰচাৰ আৰম্ভ কৰিছিল। আনকি ভাৰতত চলি থকা কিছুমান প্রথা, যেনে: সতীদাহ প্রথা বন্ধ, বিধৱা বিবাহৰ প্রচলন, বাল্য বিবাহ বন্ধ আদি কার্য-কলাপে নৈষ্ঠিক হিন্দুসকলক বিক্ষুব্ধ কৰি তুলিছিল। ফলত সিহঁতে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল।
(ঘ) তৎকালীন কাৰণ: চিপাহী বিদ্রোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। এনফিল্ড ৰাইফলৰ কার্টিজ ব্যৱহাৰ কৰোতে দাঁতেৰে কামুৰি ভৰাব লগা হৈছিল। কার্টিজবোৰত গৰু আৰু গাহৰিৰ চৰী মিহলি থকা বুলি জনৰৱ প্ৰচাৰ হৈছিল। মুছলমানসকলৰ বাবে গাহৰি অভক্ষ আৰু হিন্দুসকলৰ বাবে গৰু অভক্ষ। গতিকে ভাৰতীয় সেনাবাহিনীৰ মুছলমান আৰু হিন্দু সৈনিকসকলে এই এনফিল্ড ৰাইফল ব্যৱহাৰৰ দ্বাৰা সিহঁতৰ ধৰ্ম নষ্ট কৰা বুলি ভাবি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।
৫। ১৮৫৭ ৰ চনৰ চিপাহী বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্রোহত বিদ্রোহীসকলৰ পৰাজয় হৈছিল। ইয়াৰ প্ৰধান ফলাফলবোৰ হ’ল:
(ক) চিপাহী বিদ্রোহেই আছিল ইংৰাজসকলৰ বিৰুদ্ধে ভাৰতীয় সকলৰ প্ৰথম সর্বাত্মক বিদ্রোহ। এই বিদ্রোহত ইংৰাজসকলে ভাতীয়সকলৰ শক্তি, সামর্থ আৰু জাতীয় ঐক্যৰ বিষয়ে স্পষ্ট ধাৰণা লাভকৰিছিল। বৃটিছ সংসদেও গুৰুত্ব বুজি এক ঘোষণাৰ যোগেদি ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংলণ্ডৰ ৰাণীৰ হাতলৈ নিয়ে।
(খ) এই বিদ্ৰোহৰ ফলত ইংৰাজসকলে উপলব্ধি কৰিলে যে লর্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিও বিদ্ৰোহৰ অন্যতম কাৰণ আছিল। সেয়ে এই নীতি উঠাই লৈ ভাৰতীয় ৰজাসকলৰ তোলনীয়া পুত্র গ্ৰহণৰ বিষয়টো সমর্থন কৰে।
(গ) এই বিদ্ৰোহৰ পিছত বৃটিছ চৰকাৰে বিত্ত আৰু ৰাজহ নীতিৰ পৰিৱৰ্তন কৰে। বিদ্ৰোহৰ ফলত হোৱা আর্থিক ঘাটি পূৰণৰ বাবে খাজনা বৃদ্ধি কৰে আৰু আয় নতুন নতুন কৰ-কাটল ধার্য কৰে। যেনে
কৰ, লোণ কৰ ইত্যাদি।
(ঘ) এই বিদ্ৰোহৰ ফলত ইংৰাজসকলে উপলব্ধি কৰিলে যে ভাৰতীয় সকলৰ পৰম্পৰা, ধৰ্ম- বিশ্বাস, কলা-সংস্কৃতি আদি বিষয়ত হস্তক্ষেপ কৰা উচিত নহ’ব।
(ঙ) ইংৰাজসকলৰ বিৰুদ্ধে ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ উন্মেষ ঘটে।
(ঙ) ভাৰতীয় সেনাবাহিনীতো এক পৰিৱৰ্তনৰ সূচনা হয়। বৃটিছ সৈন্যৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু ভাৰতীয় ব্রাহ্মণ সৈন্যৰ প্রাধান্য নিঃশেষ কৰা হয়।
৬। ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উঃ ‘ভাৰত চৰকাৰ আইন (১৮৫৮)’ৰ জৰিয়তে হোৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ’ল:
(ক) ‘ভাৰত চৰকাৰ আইন’ অনুসৰি বৃটিছ অধিকৃত ভাৰতবৰ্ষত সর্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেলজনক ‘ভাইচৰয়’ অর্থাৎ ৰাজপ্রতিনিধি খিতাপ প্রদান কৰা হয়। তেওঁক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত থাকিব আৰু কোম্পানীৰ সামৰিক বাহিনী ব্ৰিটিছ চৰকাৰৰ তলতীয়া হ’ব।
(খ) এই আইনৰ আন এক দিশ আছিল ব্রিটিছ ভাৰত চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ দৰ্মহা, বানচ, ভাট্টা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হ’ব।
(গ) ভাৰত সচিব অর্থাৎ ভাইচৰয়জনক শাসন কাৰ্যত সহায় কৰিবলৈ ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয়। পৰিষদখনৰ মুঠ সদস্যৰ
৮ জন ইংৰাজ চৰকাৰৰ আৰু ৭ জন কোম্পানীৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হ’ল।
(গ) ভাৰত সবিচ গৰাকীয়ে বছৰত এবাৰকৈ ভাৰত শাসন সংক্রান্তীয় সকলো তথ্য-পাতি প্রতিবেদন আকাৰে ব্ৰিটিছ সংসদত জমা দিয়াৰ বাবে বাধ্য কৰোৱা হয়।
(ঘ) পৰিষদৰ সচিব গৰাকীক পৰিষদত সভাপতিত্ব কৰাৰ দায়িত্ব দি সকলো সদস্যকে ভাৰত শাসন সম্বন্ধে পৰামৰ্শ আগবঢ়োৱাৰ ক্ষমতা দিয়া হয়।
৭। লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।
উঃ ব্ৰিটিছ-ভাৰতৰ ভাইচৰয় লর্ড কেনিঙে ভাৰতত কেইবাটাও সংস্কাৰ কাৰ্য সাধন কৰিছিল। তাৰ ভিতৰত দুটা হ’লঃ
(ক) শিক্ষা সংক্রান্ত সংস্কাৰঃ লর্ড কেনিঙে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনি’ গ্রহণ কৰি প্ৰত্যেক প্রদেশত এজন সচিবৰ অধীনত শিক্ষা বিভাগ স্থাপন কৰে।
(খ) নতুন সেনাবাহিনী গঠন: লর্ড কেনিঙে সেনাবাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন সাধন কৰে। তেওঁ বিভিন্ন জাতি আৰু ধৰ্মাৱলম্বীৰ সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনা বাহিনীৰ গোট গঠন কৰিছিল। এনে গোটত ভালেমান ইউৰোপীয় সেনাক নিয়োগ কৰা হৈছিল।
৮। ‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উঃ ১৮৬১ চনত প্ৰণয়ন কৰা ভাৰত পৰিষদ আইনৰ দুটা গুণ হ’ল:
(ক) এই আইনে ভাৰতীয়সকলক কিছু পৰিমাণে বিধায়িনী ক্ষমতা প্রদান কৰিছিল।
(খ) এই আইনৰ জৰিয়তে কেন্দ্ৰ আৰু প্রাদেশিক চৰকাৰসমূহ শক্তিশালী কৰে।
ভাৰতীয় পৰিষদ আইনৰ দুটা দোষ হ’ল:
(ক) এই আইনখনে প্রাদেশিক বিধান পৰিষদসমূহক কিছু আইনী ক্ষমতা দিছিল যদিও দৰাচলতে এই ক্ষমতা নাম মাত্রহে আছিল।
(খ) ভাইচৰয়জনে তেওঁৰ পৰিষদৰ সদস্যসকলৰ সৈতে কোনো সম্পৰ্ক নৰখাকৈয়ে যিকোনো ধৰণৰ ক্ষমতা প্রয়োগ কৰিব পাৰিছিল।
৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ব শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উঃ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ব শাসনৰ জৰিয়তে হোৱা তিনিটা পৰিৱৰ্তন হ’ল:
(ক) লর্ড ৰিপনে স্থানীয় শাসন ব্যৱস্থাৰ এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য’ত প্রশাসনীয় ক্ষমতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপে গ্রহণ কৰাৰ সুবিধা থাকে। (খ) লর্ড ৰিপনে প্রত্যেক মহকুমাত একোখনকৈ লোকেল ব’র্ড (আঞ্চলিক পৰিষদ) গঠন কৰে। লোকেল ব’র্ড অধিকাংশ সদস্যক নির্বাচন কৰি সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।
(গ) লর্ড ৰিপনে স্বায়ত্ব শাসনৰ প্ৰস্তাৱসমূহ সমগ্র ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছিল। কিছুমান জিলা পৰ্যায়ত আৰু কিছুমান মহকুমা পর্যায়ত লোকেল ব’ৰ্ডসমূহ গঠন কৰিছল। লর্ড ৰিপনৰ এই পৰিৱৰ্তনসমূহ ভাৰতৰ স্থানীয় শাসনৰ বুৰঞ্জীত এক স্মৰণীয় পদক্ষেপ আছিল।
১০। ‘অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভূক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পর্কে আলোচনা কৰা।
উঃ ঊনবিংশ শতাব্দীৰ আদি ভাগৰ পৰাই ভাৰতীয়সকলে অসামৰিক লোকসেৱাত ভাৰতীয় লোকৰ নিযুক্তি দাবী কৰি আহিছিল যদিও কোম্পানীৰ সচিবসকলৰ বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। অৱশ্যে ১৮৩৩ চনত ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত ইংৰাজ চৰকাৰে সন্মতি জনাইছিল আৰু ১৮৪৩ চনত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীত ভাৰতীয় লোকক নিযুক্তি দিয়াৰ প্ৰস্তাৱ লৈছিল। কিন্তু ১৮৬৫ চনলৈকে লোকসেৱাৰ প্রতিযোগিতামূলক পৰীক্ষা ইংলণ্ডত অনুষ্ঠিত কৰা হৈছিল। সেয়ে ভাৰতীয়সকলৰ বাবে এই পৰীক্ষাত অৱতীর্ণ হোৱাটো সম্ভৱ হোৱা নাছিল। ১৮৬৫ চনলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা আছিল ২২ বছৰ। ফলত অতি কম সংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছিল। ১৮৬৪ চনত প্রথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্র নাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিছিল। ১৮৭১ চনত তিনিজন ভাৰতীয় ক্রমে সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, ৰমেশ চন্দ্ৰ দত্ত আৰু বিহাৰীলাল গুপ্তই এই পৰীক্ষাত কৃতকার্য হৈছিল।
ইয়াৰ পিছত লর্ড লিটনৰ কাৰ্যকালত ব্রিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি প্রণয়ন কৰিছিল। বিধিমতে লোকসেৱা পদবীৰ এক ষষ্ঠাংশ পদবী স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। লর্ড লিটনে উচ্চবংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নির্দেশ দিছিল। কিন্তু উচ্চ শ্রেণীভূক্ত ভাৰতীয়সকলক আকৰ্ষণ কৰিব নোৱাৰাত এই ব্যৱস্থাটো কাৰ্যকৰী কৰিব পৰা নাছিল।
মন্টেগ’ জেমছ ফর্ড প্রতিবেদন আৰু ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ব্ৰিটিছ চৰকাৰে ‘লী আয়োগ’ গঠন কৰি দিছিল। লী আয়োগে তাৎক্ষণিকভাবে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ ১৫ বছৰৰ ভিতৰত লোকসেৱা পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি পাইছিল।
আকৌ ১৯৩৫ চনত ব্রিটিছ সংসদত গৃহীত হোৱা ভাৰত চৰকাৰৰ আইনখনে ভাৰত বৰ্ষত যুক্তৰাষ্ট্ৰীয় লোকসেৱা আৰু প্রাদেশিক লোকসেৱা আয়োগ গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল।
১১। ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য উল্লেখ কৰা।
উঃ ব্রিটিছ ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা বিধি-বিধানৰ মাজত থকা তিনিটা পার্থক্য হ’ল:
(ক) ব্ৰিটিছ ভাৰতত যুক্তৰাষ্ট্ৰীয় লোকসেৱা আৰু প্রাদেশিক লোকসেৱা আয়োগ গঠন হৈছিল। কিন্তু স্বাধীন ভাৰতবৰ্ষত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্রাদেশিক লোকসেৱা আয়োগ গঠন হয়।
(খ) ব্ৰিটিছ ভাৰতত লোকসেৱা আয়োগৰ পৰীক্ষা ইংলণ্ডত অনুষ্ঠিত হৈছিল কিন্তু স্বাধীন ভাৰতত লোকসেৱা আয়োগৰ পৰীক্ষা ভাৰতত অনুষ্ঠিত হয়।
(গ) ব্ৰিটিছ ভাৰতত লোকসেৱা পদৰ এক ষষ্ঠাংশ ইংৰাজসকলৰ বাবে সংৰক্ষিত আছিল। ইয়াৰ উপৰিও এই পদবীৰ বাবে উচ্চ বংশজাত লোকক বাছনি কৰাৰ ওপৰত গুৰত্ব দিয়া হৈছিল। কিন্তু ভাৰত স্বাধীন হোৱাৰ পিছত এই পদ যোগ্যতাসম্পন্ন যিকোনে ভাৰতীয়ই পাব পাৰে।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। পর্তুগীজ নাবিক ভাস্ক’-ডা-গামাই কিমান চনত ভাৰতবৰ্ষত উপস্থিত হৈছিল?
উঃ ১৪৯৮ চনত।
২। ব্রিটিছ সংসদে ভাৰতীয় পৰিষদ আইনখন কেতিয়া প্রণয়ন কৰিছিল?
উঃ ১৮৬১ চনত।
৩। কিমান চনত চিপাহী বিদ্রোহ সংঘটিত হৈছিল?
উঃ ১৮৫৭ চনত।
৪। ১৫৯৯ চনত ইংলণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধপত্ৰ লৈ ভাৰতত উপস্থিত হোৱা ইংৰাজ নাবিকজন কোন আছিল?
উঃ জেমছ মিলডেন হল।
৫। মোগল সম্রাট ফাৰুকছিয়াৰক কোনে চিকিংসা কৰিছিল?
উঃ ডাঃ হেমিলটন।
৬। কেতিয়া ভাৰতবৰ্ষত দ্বৈত শাসন প্ৰৱৰ্তন কৰা হয়?
উঃ ১৭৬৫ চনত।
৭। কেতিয়াৰ পৰা ‘বিত্তীয় বিকেন্দ্ৰীয়কৰণ ভাৰত বৰ্ষত কাৰ্যকৰী হয়?
উঃ ১৮৭০ চনৰ পৰা।
৮। ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰা প্রথম ব্যক্তিজন কোন আছিল?
উঃ সত্যেন্দ্ৰনাথ ঠাকুৰ।
৯। ভাৰত সচিবক সহায় কৰিবৰ কাৰণে কিমানজন সদস্যৰে পৰিষদ গঠন কৰা হৈছিল?
উঃ ১৫ জন।
১০। লোকসেৱা পৰীক্ষাত অবতীর্ণ হোৱা প্রথমজন অসমীয়া কোন আছিল?
উঃ পণ্ডিত আনন্দৰাম বৰুৱা।
১১। হকিন্সে কোনখন নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল?
উঃ তাপ্তী নদীৰ মোহনাৰে।
১২। কলিকতাত স্থাপন কৰা ইংৰাজৰ বাণিজ্য কেন্দ্ৰটোৰ নাম কি আছিল?
উঃ ফ’র্ট উইলিয়াম।
১৩। কোনজন ভাইচৰয়ৰ দিনত উডৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল?
উঃ লর্ড কেনিঙৰ দিনত।
১৪। ভাৰত বৰ্ষত কোনে স্বায়ত্ব শাসনৰ ভেটি নিৰ্মাণ কৰিছিল?
উঃ লর্ড ৰিপনে।
১৫। কিমান চনত পলাচীৰ যুদ্ধ সংঘটিত হৈছিল?
উঃ ১৭৫৭ চনত।
১৬। কিমান চনত চিপাহী বিদ্রাহ সংঘটিত হৈছিল?
উঃ ১৮৫৭ চনত।
১৭। ইংলণ্ডৰ কোনজন ৰজাই পর্তুগীজ ৰাজকন্যা বিয়া কৰাই বোম্বাই চহৰখন যৌতুক হিচাপে লাভ কৰিছিল?
উঃ দ্বিতীয় চার্লচ।
১৮। কোন চনত পোনপ্ৰথমবাৰৰ বাবে কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্রাটৰ নামটো আঁতৰাই দিয়া হৈছিল।
উঃ ১৮৩৫ চনত।
১৯। লর্ড ডেলহাউচীৰ পিছত কোনে ভাৰতৰ গৱৰ্ণ জেনেৰেল হয়?
উঃ লর্ড কেনিঙ।
২০। কিমান চনত কনষ্টান্টিনোপল তুর্কী বাহিনীৰ হস্তগত হৈছিল?
উঃ ১৪৫৩ চনত।