Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক বুৰঞ্জীৰ দৌৰাত্ম্য Class 12 Advance Assamese Chapter 7 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
বুৰঞ্জীৰ দৌৰাত্ম্য Class 12 Advance Assamese Chapter 7 Solutions
বুৰঞ্জীৰ দৌৰাত্ম্য – লক্ষ্মীনাথ বেজবৰুৱা
গোট-২ গদ্যাংশ (নম্বৰ ১৫)
লেখক পৰিচয়ঃ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমুখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়।
লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্ৰৱাহিত কৰে। ‘জোনাকী’ৰ পাততে তেওঁৰ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্রকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্রতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, বম্য ৰচনা, প্রবন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অবদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্রেণী বিভাজন কৰিব পাৰিঃ
ধেমেলীয়া নাটক: লিতিকাই, পাচনি, নোমল আৰু চিকৰ-পতি-নিকৰপতি।
উপন্যাস: পদুম কুঁৱৰী।
কবিতা: কদমকলি।
গল্পপুথি: জোনবিৰি, সাধুকথাৰ ঝুঁকি, কেহোঁকলি আৰু সুৰভি।
সাধু কথা: বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা আৰু সাধু কথাৰ কুকি।
বুৰঞ্জীমূলক নাটক: জয়মতী, চক্রধ্বজ সিংহ, বেলিমাৰ।
হাস্য-ব্যঙ্গ ৰচনা: কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।
জীৱনী: ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।
আত্মজীৱনী: মোৰ জীৱন সোঁৱৰণ।
তত্ত্বমূলক গ্রন্থ: শ্রীকৃষ্ণ কথা আদি।
তেখেতে ‘বাঁহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। ১৯২৪ চনত গুৱাহাটীত বহা ‘অসম সাহিত্য সভা’ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।
১৯৩৮ চনত তেওঁৰ মৃত্যু হয়।
কঠিন শব্দৰ অৰ্থ আৰু টোকা:
ইতিহাস: পুৰণি কথা, পূর্ব বৃত্তান্ত।
বুৰঞ্জী: নজনা কথা জনাৰ ভঁৰাল (টাই ভাষাৰ শব্দ)।
বেদ (H. S. ’15): সংস্কৃত ‘বিদ’ ধাতুৰ পৰা নিষ্পন্ন হোৱা বেদ শব্দৰ ব্যাপক অর্থ হ’ল অখণ্ড জ্ঞানৰাশি। বেদৰ অংশ দুটা মন্ত্র আৰু ব্রাহ্মণ। মন্ত্রভাগ
পদ্যত ৰচিত আৰু ব্রাহ্মণভাগ গদ্যত ৰচিত। বেদ চাৰিখন: ঋক, যজুঃ, সাম আৰু অথর্ব।
বেদান্ত: বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম বেদান্ত বা উপনিষদ।
ষড়দর্শন: সংস্কৃত ‘দৃশ’ ধাতুৰ পৰা ‘দর্শন’ শব্দটো নিষ্পন্ন হৈছে। ই নানার্থবোধক। কাৰো কাৰো মতে, যি যুক্তি তৰ্কৰ দ্বাৰা অৱধাৰণ কৰিব পাৰি সেয়ে দর্শন। আন কাৰো মতে, সত্যৰ উপলব্ধিজাত অনুভবেই দর্শন। দৰ্শনৰ ভাগ দুটা আস্তিক আৰু নাস্তিক। আস্তিক দর্শন ছয় ভাগত বিভক্ত: ন্যায়, বৈশেষিক, সাংখ্য, পতঞ্জল, পূর্ব মীমাংসা আৰু উত্তৰ মীমাংসা। উক্ত ছয় দর্শনেই ষড়দর্শনরূপে খ্যাত।
জ্যোতির্বিদ্যা: জ্যোতিষ গ্রহ-নক্ষত্রাদিৰ উৎপত্তি, গতি, স্থিতি, প্রভৃতি বিষয়ক শাস্ত্র। পুৰণি কালত যজ্ঞকাল নিৰূপণৰ বাবে জ্যোতিষ শাস্ত্ৰৰ প্রয়োজন হৈছিল। এই শাস্ত্ৰৰ প্ৰৱৰ্তক স্বয়ং সূর্যদেৱ। পৰৱৰ্তী কালত গর্গাদি মুনিসকলে প্রনয়ণ কৰা গ্ৰন্থৰাজিয়ে বর্তমান জ্যোতিষৰ ভেটি।
আয়ুর্বিদ্যা/আয়ুর্বেদ ((H. S. ’15)): চিকিৎসা শাস্ত্র। ৰোগ নিৰ্ণয় আৰু ৰোগ উপশমৰ প্ৰয়োজনত এই শাস্ত্ৰৰ সৃষ্টি। অশ্বিনীকুমাৰদ্বয়, ধন্বন্তৰি প্রভৃতি এই শাস্ত্ৰৰ অন্যতম উপদেষ্টা। ‘চৰক সংহিতা’, ‘সুশ্রুত সংহিতা’ প্রভৃতি আয়ুবেদৰ অন্যতম প্রামাণ্য গ্রন্থ।
ধনুর্বিদ্যা: যুদ্ধবিষয়ক বিদ্যা। লোকশ্রুতিমতে ধনুর্বিদ্যা শাস্ত্র জয়জয়তে ব্রহ্মা আৰু মহাদেৱে প্ৰচাৰ কৰিছিল। পিছত ঋষি বিশ্বামিত্রাই এই বেদ ৰচনা কৰে। ‘প্রস্থানভেদ’ গ্রন্থত বিশ্বামিত্ৰাই ৰচনা কৰা ধনুৰ্বেদৰ দীক্ষা, সংগ্রহ, সিদ্ধি আৰু প্রয়োগ এই চাৰি পাদৰ উল্লেখ আছে।
ন্যায়: ন্যায় দর্শনৰ প্রণেতা মহর্ষি গৌতম। তেওঁৰ আন নাম অক্ষপাদ। ন্যায় শাস্ত্রত তর্ক বা বাক-বিতণ্ডা থাকে গুণে ইয়াক তর্ক শাস্ত্র রূপেও জনা যায়। গৌতমৰ দ্বাৰা ৰচিত ন্যায় সূত্র পাঁচটা অধ্যায়ত সম্পূর্ণ হৈছে। প্রতিটো অধ্যায়ৰে দুটাকৈ আহ্নিক। প্রতিটো আহ্নিকেই ভিন্ন প্ৰকৰণৰ অন্তর্ভুক্ত।
পুৰাণ: পুৰণি কালৰপৰা লোক পৰম্পৰাত যি ব্যক্ত হৈ আহিছে সেয়ে পুৰাণ। শ্রীমদ্ভাগৱতৰ মতে পুৰাণ দশ লক্ষণযুক্ত। সেই দশ লক্ষণ হ’ল সর্গ, বিসর্গ, স্থান, পোষণ, উতি, মন্বন্তৰ, ঈশানকথা, নিৰোধ, মুক্তি আৰু আশ্রয়। পুৰাণ ওঠৰখন: ব্রহ্ম, পদ্ম, বিষ্ণু, বায়ু, ভাগৱত পুৰাণ, নাৰদীয় পুৰাণ, মার্কণ্ডেয় পুৰাণ, অগ্নি পুৰাণ, ভবিষ্য পুৰাণ, ব্রহ্মবৈবর্ত পুৰাণ, লিংগ পুৰাণ, বৰাহ পুৰাণ, স্কন্ধ পুৰাণ, বামণ পুৰাণ, কুর্ম পুৰাণ, মৎস্য পুৰাণ, গৰুড় পুৰাণ আৰু ব্রহ্মাণ্ড পুৰাণ।
ৰামায়ণ: মহর্ষি বাল্মিকী ৰচিত সংস্কৃত মহাকাব্য। এইখনি সাত কাণ্ডত বিভাজিত: আদি, অযোধ্যা, অৰণ্য, কিন্তুন্ধ্যা, সুন্দৰ, লংকা আৰু উত্তৰাকাণ্ড। ব্রহ্মাই বাল্মিকীক আর্শীবাদ দিছিল ‘যিমান দিনলৈ পৃথিবীত পর্বত আৰু নদীসমূহ থাকিব, সিমান দিনলৈ ৰামায়ণ কথা জনসাধাৰণৰ মাজত প্ৰচাৰ হৈ থাকিব।’
ভবিষ্য পুৰাণ: এই মহাপুৰাণখনি পাঁচটা পর্বত বিভক্ত। প্রথম পর্বৰ নাম ব্রাহ্ম পর্ব। ইয়াত সূৰ্যাদিৰ চৰিত্ৰ, সৃষ্টিৰ লক্ষণ আৰু কল্প বৃত্তান্ত কথিত হৈছে। এই পর্ব ব্রহ্মা মহিমা বিষয়ক। দ্বিতীয় পর্বত ভোগৰ বিষয়ে শিব মাহাত্ম্য, তৃতীয় পর্বত মোক্ষৰ বিষয়ে বিষ্ণু মাহাত্মা, চতুর্থ পর্বত চতুৰ্বৰ্গৰ বিষয়ে সূর্য মাহাত্ম্য আৰু পঞ্চম পর্বত আছে প্রতিসর্গ।
চৌষষ্ঠি কলা: কলাবিদ্যাৰ সংখ্যা হিচাপে চৌষষ্ঠি কলাই প্রসিদ্ধি লাভ কৰিছিল। বাৎসায়নে তেওঁৰ কামসূত্রত চৌষষ্ঠি কলাৰ উল্লেখ কৰিছে। সেই চৌষষ্ঠি কলাৰ কেইবিধমান হ’ল: গীত, বাদ্য, নৃত্য, আলেখ্য, বিশেষকচ্ছেদ্য, পুষ্পাস্তৰণ, দশনবসনাংগৰাগ, মণিভূমিকা কর্ম, শয়ন ৰচনা, উদকবাদ্য, উদকাঘাত, চিত্রযোগ, মাল্য গথনবিকল্প, নেপথ্য প্রয়োগ, কর্ণ পত্র ভংগ, গন্ধযুক্তি, ভূষণ যোজন, ঐন্দ্রজাল, সূত্রক্রীড়া, বীণাডমৰুক বাদ্য, প্রহেলিকা, তক্ষণ, বাস্তুবিদ্যা আদি।
কাশীনাথ ফুকন: শিৱসাগৰৰ কাকতি বংশত জন্ম গ্রহণ কৰা পুৰন্দৰ সিংহৰ ৰাজসভাৰ বিষয়া কাশীনাথ দ্বিজ তামুলী ফুকনে ৰাধানাথ বৰবৰুৱা আৰু আহোম ভাষা জনা বাইলুং পণ্ডিতৰ সহায়ত ‘আসাম বুৰনজি পুথি’ ৰচনা কৰিছিল। ইংৰাজৰ দিনত তেওঁ শিৱসাগৰৰ কাছাৰীৰ মুন্সিফ হৈছিল।
হৰকান্ত সদৰামিন (H. S. ’16): (ইং ১৮১৫-১৯০২) হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাই নকল-নবীচ হিচাপে বৃটিছৰ কাছাৰীত সোমাই সদৰামিন ৰূপে গুৱাহাটী, মঙ্গলদৈ, তেজপুৰ, নগাওঁ আদি ঠাইত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছিল। বুৰঞ্জী চর্চাত তেওঁৰ ৰাপ আছিল গুণে কাশীনাথ তামুলী ফুকনৰ ‘অসম বুৰঞ্জী’খন বহলকৈ লিখি উলিয়াইছিল।
নিবোকা চামোন: (চামোন: চোম গছত থকা এবিধ ভূত। সি যাবে গাত লন্তে, সি মুখেৰে নমতা হয়।) চামোনে পোৱাৰ দৰে কথা নপতা মানুহ।
লেমটো: কিহবাৰ আশাত আনৰ পিছে পিছে ঘুৰি ফুৰা লোক।
কল্পতক (H. S. ’16): হিন্দু শাস্ত্র মতে স্বৰ্গৰ এজোপা গছ। সেই গছজোপাই যিয়ে যিহকে বিচাৰে, তেওঁক তাকে দান কৰে।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
১। অতীত ভাৰতবৰ্ষত আর্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাবে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা। H. S. ’16, ’17 ’20
উত্তৰ: ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ শিৰোনামাৰ প্ৰৱন্ধটিত অতীত ভাৰতবৰ্ষত আর্থ ঋষি-মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াৰ দৃষ্টিভংগী ব্যংগাত্মকভাবে তলত দিয়া ধৰণে প্রকাশ পাইছে।
জ্ঞান চর্চাত প্রাচীন যুগৰ আৰ্যসকল অতি আগবঢ়া আছিল। আর্যসকলে জ্ঞান-বিজ্ঞানৰ প্ৰায় সকলোবোৰ শাখাতেই পাৰদর্শিতা অর্জন কৰিছিল। আর্য সভ্যতাৰ জ্ঞান বিস্তাৰৰ নিদর্শন স্বরূপ বেদ, বেদান্ত, দর্শন, জ্যোতির্বিদ্যা, আয়ুবিদ্যা, ৰসায়ন, খুনর্বিদ্যা, গীত, নৃত্য, পুৰাণ, সংহিতা, মহাকাব্য আদি ৰচনা হোৱাৰ বিপৰীতে আধুনিক অৰ্থৰ ‘হিষ্টুৰী’ কিয় ৰচনা হোৱা নাছিল বেজবৰুৱাদেৱে তাৰ যথাযথ কাৰণ নিৰ্ণয় কৰিছে। বেজবৰুৱাদেৱে কৈছে যে ইমানবোৰ তত্ত্বপূর্ণ সুগভীৰ জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয়ৰ মৌলিক গ্রন্থ ৰচনা কৰা লিখকসকলৰ বুৰঞ্জী ৰচনা কৰাৰ প্ৰতিভাৰ অভাৱ নিশ্চয় হোৱা নাছিল।
পাশ্চাত্যৰ কিছুমান পণ্ডিতে ক’ব খোজে যে ভাৰতীয়সকলৰ ইতিহাস চেতনা নাই। তাৰ আধাৰত বেজবৰুৱাদেৱে কৈছে যে ভাৰতীয়সকলৰ বুৰঞ্জীতকৈ ভাৰতৰ প্রাচীন শাস্ত্ৰসমূহৰ মহত্ব অতি গভীৰ। তেওঁৰ মতে সেইবোৰ ভণ্ডুৱাৰ গল্প, কাণীয়াৰ কীৰ্তন অথবা পাগলৰ প্ৰলাপ নহয়। বৰং সেইবোৰ জীৱনজোৰা সাধনৰ অমূল্য ইতিহাস, য’ত মানুহৰ হেজাৰ হেজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ উৎকৃষ্ট সাৰখিনি সংৰক্ষিত হৈ আছে।
সাম্প্রতিক যুগত ভাৰতীয়সকলৰ ইতিহাস চেতনা আহিছে আৰু ভাৰতীয়সকলে ইতিহাস চর্চাও কৰিবলৈ লৈছে। ই অৱশ্যে ইংৰাজসকলৰ দান। আজিকালি ইতিহাস, বুৰঞ্জী আৰু হিষ্টুৰীৰ ধাৰণা প্রায় একাকাৰ হৈ গৈছে। গতিকে আধুনিক যুগৰ তথাকথিত বুৰঞ্জীবিদসকলে লাংপুং ৰচিত বুৰঞ্জী, ৰবিন্সনৰ হিষ্টুৰী, মঞ্জুপৰ ‘একচন্দ্র স্তমোহস্তি’ আদিকহে বুৰঞ্জী বুলি কয়। বেজবৰুৱাদেৱে এনে বুৰঞ্জীক সমালোচনা কৰি কৈছে যে প্রাচীন যুগৰ ভাৰতীয় গ্রন্থসমূহত উচ্চ মূল্যবোধযুক্ত আধ্যাত্মিক গুণৰাশিৰ তুলনাত আধুনিক যুগৰ বুৰঞ্জীসমূহ কেৱল বৈষয়িক আশা-আকাংক্ষাৰ মাজতে সীমাবদ্ধ। এই ইতিহাসসমূহ আধ্যাত্মিক জ্ঞানশূন্য। ই হৈছে মানুহৰ কার্যকলাপ, যুদ্ধ-বিগ্রহ, সেইবোৰৰ চন তাৰিখ আদিৰ লিপিবদ্ধ বিৱৰণ। এনে ইতিহাস পক্ষপাতমূলক দোষত দোষযুক্ত। বহু সময়ত এনে ইতিহাস বা বুৰঞ্জীত সত্যক বিকৃত কৰা হৈছে। সত্যৰ অপলাপ কৰা এনে ইতিহাস বা বুৰঞ্জীত সত্য কি, অসত্য কি তাক বিচাৰ কৰিবলৈ জ্ঞানী-সজ্জন লোকৰ ক্ষেত্রতো সমস্যা হোৱা দেখা যায়। সেয়ে বেজবৰুৱাদেৱে কৈছে যে ইতিহাসত ভুল তথ্য দাঙি ধৰি বিভ্রান্তি সৃষ্টি কৰাতকৈ প্রাচীন আর্য ঋষিমুনিসকলে ইতিহাস ৰচনা নকৰি আধ্যাত্মিক ভাবাপন্ন জ্ঞান-বিজ্ঞানৰ সুগভীৰ গ্রন্থ ৰচনা কৰি ভাল কামকে কৰিছিল।
২। ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাবধাৰা কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰা।
উত্তৰ: ওপৰৰ ১ নং প্রশ্নোত্তৰ চোৱা।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ
(ক) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত জন্ম গ্রহণ কৰিছিল?
উত্তৰ: ১৮৬৮ চনত।
(খ) লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্য জগতত কি উপাধিৰে বিভূষিত?
উত্তৰ: ৰসৰাজ।
(গ) অসমীয়া ভাষাত প্রথম চুটি গল্পৰ প্রণেতা কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।
(ঘ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন চুটিগল্পৰ পুথিৰ নাম লিখা।
উত্তৰ: ‘সুৰভি’ আৰু ‘সাধু কথাৰ ঝুঁকি’।
(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।
উত্তৰ: পদুম কুঁৱৰী।
(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নামকি?
উত্তৰ: মোৰ জীৱন সোঁৱৰণ।
(ছ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: ‘কদম কলি’ আৰু ‘পদুমকলি’।
(জ) বেজবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ: ‘বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ’।
(ঝ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।
উত্তৰ: বাঁহী।
(ঞ) বাহী আলোচনীখন কোন চনৰ পৰা প্ৰকাশ পায়? H. S. ’15
উত্তৰ: ১৯০৯ চনৰ পৰা।
(ট) লক্ষ্মীনাথ বেজবৰুৱা কোনখন অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল?
উত্তৰ: ১৯২৪ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তম অধিবেশনৰ।
(ঠ) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত মৃত্যু বৰণ কৰিছিল?
উত্তৰ: ১৯৩৮ চনত।
(ড) লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাকৰ নাম কি আছিল?
উত্তৰ: ডাঙৰীয়া দীননাথ বেজবৰুৱা।
(ঢ) লক্ষ্মীনাথ বেজবৰুৱাই ইংৰাজী ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: History of Vaishnavism in India.
(চ) ‘বুৰঞ্জী’ কি ভাষাৰ শব্দ? H. S. ’15, ’16
উত্তৰ: ‘বুৰঞ্জী’ শব্দটি টাই ভাষাৰ শব্দ।
(ছ) ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি? H. S. ’15, ’16
উত্তৰ: ‘বুৰঞ্জী’ শব্দটি টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল নজনা কথা জনাৰ ভঁৰাল।
(ছ) ‘লেমটো’ শব্দৰ অৰ্থ কি? H. S. ’16, ’18
উত্তৰ: ‘লেমটো’ শব্দৰ অৰ্থ কিহবাৰ আশাত আনৰ পিছে পিছে ঘুৰি ফুৰা লোক।
(জ) বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি? H. S. ’20
উত্তৰ: বেদিক সাহিত্যৰ অন্তিম ভাগৰ নাম ‘বেদান্ত’ বা উপনিষদ।
(ঝ) দৰ্শনৰ ভাগ কেইটা আৰু কি কি? H. S. ’19
উত্তৰ: দৰ্শনৰ ভাগ দুটা আস্তিক দর্শন আৰু নাস্তিক দর্শন।
(ঞ) পুৰাণ Secular Purpose অর্থাৎ পার্থির সম্পর্ককে মুখ্য উদ্দেশ্য কৰি লিখিত নহয়।’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। H. S. ’19
উত্তৰ: ‘বুৰঞ্জীৰ দৌৰাত্ম’ নামৰ প্ৰৱন্ধটিত লক্ষ্মীনাথ বেজবৰুৱাই ভাৰতৰ প্রাচনী ঋষি-মনিসকলে বিভিন্ন বিষয়ৰ শাস্ত্রসমূহ বিশেষকৈ পুৰাণসমূহ ৰচনা কৰাৰ উদ্দেশ্য প্রসংগত কৈছে যে পুৰাণসমূহ পার্থিব উদ্দেশ্য আগত ৰাখি ৰচনা হোৱা নাছিল। সিবিলাক ৰচনা কৰাৰ এক আধ্যাত্মিক বা পৰমার্থিক উদ্দেশ্য আছিল। সিবোৰ হৈছে আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস। মানৱ জীৱনটো কিদৰে সুন্দৰ, সৰল আৰু সৎ কৰিব পাৰি আৰু কিদৰে মায়াময় সংসাৰ বান্ধোনৰ পৰা মোক্ষ লাভ কৰিব পাৰি পুৰাণসমূহ তাৰ সন্ধান দিয়ে।
সেয়ে বেজবৰুৱাদেৱে যথার্থই কৈছে যে পুৰাণসমূহ পার্থিব উদ্দেশ্যকে মুখ্য কৰি লিখিত হোৱা নাছিল।
২। চমু টোকা লিখাঃ
বিষ্ণুপুৰাণ, কল্পতৰু, বেদ, বাঁহী, ৰামায়ণ, ইন্দ্রধ্বজ পূজা, আসাম বন্ধু
উত্তৰ: বিষ্ণু পুৰাণ (H. S. ’16, 18): পুৰণি কালৰপৰা লোক পৰম্পৰাত যি ব্যক্ত হৈ আহিছে সেয়ে পুৰাণ। পুৰাণৰ সংখ্যা শতাধিক যদিও প্রধান পুৰাণ ওঠৰখন। ইয়াৰ ভিতৰতবিষ্ণু পুৰাণ অন্যতম। বিষ্ণু পুৰাণত বিষুব মহাত্ম্য আৰু অন্যান্য দেৱতাসকলৰ বৰ্ণনা আছে।
কল্পতক (H. S. ’16): হিন্দু শাস্ত্র মতে স্বৰ্গৰ এজোপা গছ। সেই গছজোপাই যিয়ে যিহকে বিচাৰে, তেওঁক তাকে দান কৰে।
বেদ (H. S. ’18): সংস্কৃত ‘বিদ’ ধাতুৰ পৰা নিষ্পন্ন হোৱা বেদ শব্দৰ ব্যাপক অর্থ হ’ল অখণ্ড জ্ঞানৰাশি। বেদৰ অংশ দুটা মন্ত্র আৰু ব্রাহ্মণ। মন্ত্রভাগ পদ্যত ৰচিত আৰু ব্রাহ্মণভাগ গদ্যত ৰচিত। বেদ চাৰিখন: ঋক, যজুঃ, সাম আৰু অথর্ব।
বাঁহী (H. S. ’15, 17, ’18): ‘বাঁহী’ অসমীয়া ভাষাৰ এখন আলোচনী। এইখন লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ১৯০৯ চনৰ পৰা প্ৰকাশ পাবলৈ ধৰে। অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত আলোচনীখনৰ বিশেষ ভূমিকা আছে। ইয়াত সেইসময়ৰ লিখক-লিখিকাসকলে বহু পাণ্ডিত্যপূর্ণ প্রবন্ধ, ৰচনা আদি প্রকাশ কৰাৰ লগতে আধুনিক অসমীয়া কবিতা, গল্প, ৰম্য ৰচনা আদি বিকাশত আলোচনীখনে প্রভুত বঢ়ঙনি আগবঢ়াইছিল। ১৯৬৫ চনত এই আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।
ৰামায়ণ (H. S. ’20): ৰামায়ণ হৈছে মহর্ষি বাল্মিকীয়ে চনা কৰা এখন সংস্কৃত মহাকাব্য। গ্রন্থখনত অযোধ্যাৰ ৰজা দশৰথৰ জ্যৈষ্ঠ পুত্ৰ ৰামৰ জীৱন সংগ্ৰামৰ কাহিনী বর্ণিত হৈছে। ই সাতোটা কাণ্ড (খণ্ড)ত ৰচিত। কাব্যখনত ৰাম এজন পিতৃভক্তিপৰায়ণ পুত্র, ন্যায়পৰয়ণ ৰজা আৰু ঐশ্বৰিক গুণসম্পন্ন ভগৱানৰ অৱতাৰ হিচাপে অংকিত হৈছে। কাব্যখনত ন্যায় আৰু ধৰ্মৰ জয় দেখুওৱা হৈছে। গ্রন্থখন অধ্যয়ন কৰি সুন্দৰ আৰু ন্যায়পৰায়ণ জীৱন-যাপনৰ বাবে প্রয়োজীনয় শিক্ষা লাভ কৰিব পাৰি।
ইন্দ্রধ্বজ পূজা (H. S. ’20): ভাৰতৰ কিছু সংখ্যক হিন্দু সম্প্রদায়ে ইন্দ্রধ্বজ পূজা পালন কৰে। ই ভাদ মাহৰ প্ৰথম পক্ষত পালন কৰা হয়। কালিকা পুৰাণত ইন্দ্রধ্বজ পূজাৰ সবিশেষ বর্ণনা পোৱা যায়। পুৰণি কালত ৰজাসকলে বৰষুণৰ বাবে এই পূজা কৰিছিল। জনবিশ্বাস মতে এই পূজা কৰিলে দেশৰ পৰা ৰোগ নাশ হয় আৰু শস্যৰ শ্রীবৃদ্ধি হয়।
আসাম বন্ধু (H. S. ’16, ’20): ‘আসাম বন্ধু’ হৈছে এখন অসমীয়া মাহেকীয়া আলোচনীৰ নাম। ই গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ১৮৮৫ চনৰ পৰা কলিকতাৰ পৰা প্ৰকাশ পায় আৰু ই ১৮৯৪ চনলৈ প্রকাশ পাই থাকে। আলোচনীখনত বিভিন্ন বিষয়ৰ বা-বাতৰিৰ উপৰিও সাহিত্য, বুৰঞ্জী, নৈতিকতা, ধর্ম আদি বিষয়ৰ লেখনি প্রকাশ পাইছিল।
৩। চমু টোকা লিখা:
(ক) ‘অসমীয়া বুৰঞ্জী নিশ্চয় আহোমৰ দান।’- আলোচনা কৰা। H. S. ’18
উত্তৰ: আহোমসকল বুৰঞ্জী সচেতন জাতি আছিল। অসমত আহোম ৰাজবংশৰ সূচনা কৰা স্বৰ্গদেউ চুকাফাই শ্যাম দেশৰ পৰা অসমলৈ আহোতে লগত বুৰঞ্জী লিখক কেইজনমান লগত লৈ আহিছিল। সিহঁতক ‘বাইলং’ বুলি কোৱা হৈছিল। চুকাফাৰ আদেশ মতে বাইলংসকলে সিহঁত যি বস্তু যিধৰণে দেখা পাইছিল সেইবোৰ সেইধৰণেই কোনো ৰহন নলগাকৈয়ে লিখি ৰাখিছিল। এই পৰম্পৰা আহোম ৰাজত্বৰ শেষলৈকে চলি আছিল। আদিতে আহোমসকলৰ টাই ভাষাত বুৰঞ্জী লিখা হৈছিল যদিও পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা আৰম্ভ হয়। গতিকে অসমীয়া ভাষাত বহুতো বুৰঞ্জী পোৱা যায়, যেনেঃ আহোম বুৰঞ্জী, দেওধাই বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী ইত্যাদি। সেয়ে যথার্থভাৱেই কোৱা হয়, ‘অসমীয়া বুৰঞ্জী নিশ্চয় আহোমৰ দান।’