Join WhatsApp

Join Now

Join Telegram

Join Now

প্রকল্প Class 12 Economics Chapter 10 Solutions

By Rabbi Masrur

Published On:

Class 12 Economics Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Economics বিষয়ৰ পাঠভিত্তিক প্রকল্প Class 12 Economics Chapter 10 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

প্রকল্প Class 12 Economics Chapter 10 Solutions

প্রকল্প Class 12 Economics Chapter 10 Solutions

প্রকল্প

(ক) বাণিজ্যিক বেংক আৰু কেন্দ্রীয় বেংকৰ কার্যাবলী

উত্তৰ: বাণিজ্যিক বেংকৰ কার্যাবলীঃ

বাণিজ্যিক বেংকে সাধাৰণতে তলত দিয়া কার্যসমূহ সম্পাদন কৰে-

(১) সঞ্চয় সংগ্রহ: বাণিজ্যিক বেংকৰ প্রধান কাম হ’ল- জনসাধাৰণৰ ধন জমা ৰখা। ই ব্যক্তি, কোনো অনুষ্ঠান বা ব্যবসায়িক প্রতিষ্ঠানৰ পৰা মুদ্রা বা সঞ্চয় সংগ্ৰহ কৰি জমাকাৰীক সুদ প্রদান কৰে।

(২) ঋণৰ যোগান: বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা মুদ্রাখিনি অধিক সুদত ব্যক্তি বা কোনো ব্যৱসায়িক প্রতিষ্ঠানক ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকে সাধাৰণতে হ্রস্বকালীন ঋণৰ যোগান ধৰে যদিও কেতিয়াৱা ই দীর্ঘকালীন ঋণৰো যোগান ধবে।

(৩) ঋণ মুদ্রা বা আমানতৰ সৃষ্টি: বাণিজ্যিক বেংকে ঋণ মুদ্রা বা আমানতৰ সৃষ্টি কৰে। আমানত দুই প্ৰকাৰৰ-প্রাথমিক বা নগদ আমানত আৰু মাধ্যমিক বা উদ্ভূত আমানত। সঞ্চয়কাৰীৰ জমাক নগদ আমানত বোলে। বেংকে এই নগত আমানতৰ পৰা মাধ্যমিক বা উদ্ভুত আমানতৰ সৃষ্টি কৰে। এই উদ্ভুত আমানতৰ সৃষ্টিকেই ঋণমুদ্রা সৃষ্টি কৰা বুলি কোৱা হয়।

(৪) অন্যান্য কার্য: বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যৰ ভিতৰত আমানতকাৰীৰ টেলিফোন বিল, বিদ্যুৎ বিল পৰিশোধ, মূল্যবান অলংকাৰ-পাতি জমা ৰখা, নথি-পত্ৰ নিৰাপদে ৰখা, এঠাইৰ পৰা আন ঠাইলৈ টকা প্ৰেৰণ কৰা আদি কাম সম্পাদন কৰে।

কেন্দ্রীয় বেংক (বিজার্ভ বেংক অব ইণ্ডিয়া)ৰ প্রধান কার্যাবলীঃ

কেন্দ্রীয় বেংকে সাধাৰণতে তলত দিয়া কাৰ্যসমূহ সম্পাদন কৰে-

(১) কাগজী মুদ্রা প্রচলন: কেন্দ্রীয় বেংকে কাগজী মুদ্রাৰ প্ৰচলন কৰিব পাৰে। ই কেন্দ্রীয় বেংকৰ একচেতীয়া অধিকাৰ। বৰ্তমান নিম্নতম জমা ব্যৱস্থাৰ নীতিত মুদ্রা ছপোৱা হয়। ভাৰতৰ ৰিজার্ভ বেংকে এই নীতিত মুদ্রা ছপা কৰে। নিম্নতম জমা ব্যবস্থাৰ ক্ষেত্ৰত এক নির্দিষ্ট পৰিমাণৰ সোণ আৰু বৈদেশিক মুদ্রা জমা ৰাখিব লাগে।

(২) বেংকসমূহৰ বেংক: কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক। বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ এটা অংশ কেন্দ্রীয় বেংকত জমা ৰাখিব লাগে। কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে, ঋণ প্রদান কৰে, বাণিজ্যিক বেংকসমূহৰ পাৰস্পৰিক লেন-দেন বা হস্তান্তৰ আৰু দাবীসমূহৰ নিষ্পত্তি কৰে। সেয়ে কেন্দ্রীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম পৰ্যায়ৰ ঋণদাতা হিচাপে গণ্য কৰা হয়।

(৩) চৰকাৰৰ বেংক: বাণিজ্যিক বেংক হ’ল চৰকাৰৰ বেংক। চৰকাৰৰ বেংক হিচাপে ই চৰকাৰক বিত্তৰ যোগান ধৰে, চৰকাৰক বিত্ত সম্পৰ্কে পৰামৰ্শ দান কৰে, চৰকাৰৰ প্ৰতিনিধি হিচাপে আর্থিক কার্য সম্পাদন কৰে, চৰকাৰী ঋণৰ তদাৰক কৰে, চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ আদি কার্য সম্পাদন কৰে।

(৪) ঋণ নিয়ন্ত্রণ: কেন্দ্রীয় বেংকে দেশৰ ঋণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। কেন্দ্রীয় বেংকে নিয়ন্ত্রণমূলক ব্যবস্থাসমূহ প্রয়োগ কৰি মুদ্রাস্ফীতিৰ হাৰ হ্রাস কৰে।

(৫) উন্নয়ন কার্য: দেশৰ বেংকসমূহক উন্নয়নমুখী কৰি তোলাটো কেন্দ্রীয় বেংকৰ দায়িত্ব। দেশৰ ঋণ ব্যৱস্থাক উৎপাদনৰ লগত জড়িত কৰি কেন্দ্রীয় বেংকে অর্থনৈতিক উন্নতিৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে। ই কৃষি আৰু উদ্যোগ খণ্ডত দীর্ঘকালীন ঋণ প্রদান কৰে।

(৬) অন্যান্য কার্য: কেন্দ্রীয় বেংকৰ অন্যান্য কাৰ্যৰ ভিতৰত উল্লেখযোগ্য কার্যসমূহ হ’ল- বৈদেশিক বিনিময় মুদ্ৰাৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা, দেশৰ অৰ্থনৈতিক তথ্যপাতি সংগ্ৰহ কৰা, বিশ্ব বেংক আৰু অন্যান্য আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানসমূহত চৰকাৰৰ প্ৰতিনিধিত্ব কৰা ইত্যাদি।

(খ) চৰকাৰী বাজেট

উত্তৰ: চৰকাৰী বাজেট বুলিলে আগন্তুক বছৰটোত বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে চৰকাৰে যুগুত কৰি উলিওৱা এক বিত্তীয় বিবৃতি। চৰকাৰী বাজেটৰ উপাদান প্রধানকৈ দুটা ৰাজহ বাজেট আৰু মূলধন বাজেট। কৰ ৰাজহ আৰু অনাকৰ ৰাজহ হৈছে চৰকাৰী বাজেটৰ দুটা প্রধান ডৎস। কৰ ৰাজহে প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰ দুয়োটাকে সামৰি লয়। চৰকাৰী বাজেট ধাৰ্য কৰাৰ মূল উদ্দেশ্য হ’ল- দেশৰ দৰিদ্ৰতা দূৰ কৰা, নিবনুৱা সমস্যা আঁতৰ কৰা, সামাজিক ন্যায় প্রতিষ্ঠা কৰা, দ্রব্য মূল্যৰ সুস্থিৰতা ৰক্ষা কৰা আদি। চৰকাৰী বাজেট বিভিন্ন ধৰণৰ হ’ব পাৰে, যেনে- ৰাহি বাজেট, ঘাটি বাজেট, সুষম বাজেট আদি।

চৰকাৰী বাজেটৰ ব্যয়ৰ কেইবাটাও শিতান থাকে, যেনে-

(ক) পৰিকল্পনা ব্যয়

(খ) পৰিকল্পনা বর্হিভূত ব্যয়

(গ) ৰাজহ ব্যয় আৰু মূলধনী ব্যয়

(ঘ) উন্নয়নী ব্যয় আৰু অনা-উন্নয়নী ব্যয়।

চৰকাৰী বাজেটত যদি সৰ্বমুঠ ৰাজহ সৰ্বমুঠ ব্যয়তকৈ অধিক হয় তাক ৰাহি বাজেট বোলে।

চৰকাৰী বাজেটত সৰ্বমুঠ ব্যয় সৰ্বমুঠ ৰাজহতকৈ অধিক হ’লে তাক ঘাটি বাজেট বোলে।

কোনো এখন দেশৰ উন্নয়নৰ বাবে পৰিকল্পিত আৰু সুবিবেচিত বাজেট ধাৰ্য কৰাৰ যথেষ্ট গুরুত্ব আছে। অৱশ্যে ৰাজনৈতিক দলগত আদৰ্শৰ ওপৰতো বাজেটৰ শিতানৰ পাৰ্থক্য হয়।

(গ) ভাৰতৰ দৰিদ্ৰতা

উত্তৰ দৰিদ্ৰতা হ’ল এনেকুৱা এক আর্থিক অৱস্থা য’ত সমাজৰ এক শ্ৰেণীৰ মানুহ সিহঁতৰ কোনো দোষ নথকা সত্বেও জীয়াই থকাৰ বাবে ন্যূনতম প্রয়োজনীয় সামগ্রী ক্ৰয় কৰাৰ ক্ষমতাৰ পৰা বঞ্চিত হয়।

দৰিদ্ৰতা দুই প্ৰকাৰৰ। যেনেঃ

(ক) পৰম দৰিদ্ৰতা আৰু

(খ) তুলনামূলক দৰিদ্রতা।

ভাৰতৰ দৰিদ্ৰতা সমস্যাৰ মূল কাৰণসমূহ হ’ল:

(ক) জনসংখ্যা বিস্ফোৰণ: ভাৰতবৰ্ষত দৰিদ্ৰতাৰ এক অন্যতম কাৰণ হ’ল অত্যধিক জনসংখ্যা বৃদ্ধি। ভাৰতত জনসংখ্যা বৃদ্ধিৰ অনুপাতে খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পোৱা নাই। ফলত দৰিদ্ৰতা বৃদ্ধি পাইছে।

(খ) দৰিদ্ৰতাৰ ভয়াবহ চক্রঃ ভাৰতীয় লোকৰ নিম্ন আয়, মূলধনৰ অভাৱ আদি পুৰুষানুক্রমে প্রজন্মলৈ বাগৰি অহাত দৰিদ্ৰতা চক্রাকাৰ গতিত আৱৰ্তিত হৈ আছে।

(গ) নিবনুৱা সমস্যাঃ ভাৰতত নিবুনৱা সমস্যাই ভয়াবহ ৰূপ লৈছে। নিবনুৱাসকলে মূলধনৰ অভাৱত বা কাৰিকৰী শিক্ষাৰ অভাৱত কোনো কামত নিয়োজিত হ’ব পৰা নাই। ফলত দৰিদ্ৰতাই প্রকটৰূপ ধাৰণ কৰিছে।

(ঘ) নিম্নমানৰ উৎপাদন ক্ষমতা: ভাৰত কৃষিখণ্ডত আজিলৈকে উন্নত প্রযুক্তিৰ ব্যৱহাৰ হোৱা নাই। ফলত উৎপাদন বৃদ্ধিৰ হাৰ প্রয়োজন অনুসৰি বৃদ্ধি নোহোৱাত দৰিদ্রতা বৃদ্ধি পাইছে।

(ঙ) পৰিকল্পনাত ত্রুটি: ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়িত কৰাত বহুত ত্রুটি থাকি যায়। বহুতো উন্নয়নৰ আঁচনি কাগজে-কলমে ৰৈ যোৱাত সৰ্বসাধাৰণ লোকে পৰিকল্পনাৰ সুফলৰ পৰা বঞ্চিত হয়। তাৰ প্ৰভাৱ দেশৰ অৰ্থনীতিৰ ওপৰত পৰে। সেয়ে জনসাধাৰণ দৰিদ্ৰতাৰ পাক চক্ৰৰ পৰা ওলাই আহিব নোৱাৰে।

(চ) ক্রমবর্ধমান মূল্যস্তৰ: ভাৰতীয় অর্থনীতিত হোৱা উচ্চ হাৰত মূল্যবৃদ্ধিয়ে নিম্ন আয়ৰ মানুহৰ প্ৰকৃত আয়ক আৰু তললৈ নমাই দৰিদ্ৰতা সমস্যাটোক প্রকট কৰি তুলিছে।

দৰিদ্ৰতা দূৰীকৰণৰ বাবে ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্রহণ কৰিছে। যেনেঃ

(ক) কৰ্মৰ সলনি খাদ্য আঁচনি: ১৯৭০ দহকত এই আঁচনি আৰম্ভ হয়। এই আঁচনিত মজুৰিৰ লগত শ্রমদান কৰা বৰুৱাসকলক চৰকাৰে বিনামূলীয়াকৈ নির্দিষ্ট পৰিমাণৰ খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিছে।

(খ) ৰাষ্ট্ৰীয় গ্রাম্য নিশ্চিতকৰণ আইন: এই আইনৰ অধীনত যিসকল নিম্নতম মজুৰিত শ্রমদান কৰিবলৈ ইচ্ছুক তেওঁলোকে এই আঁচনি ৰূপায়িত হৈ থকা ক্ষেত্রত হাজিৰ হ’ব পাৰে। পৰিকল্পনাটো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত 50:50 ভাৰত ভাগ কৰা হৈছে। DRDAৰ যোগেদি এই আঁচনি ৰূপায়ন কৰি থকা হৈছে।

(গ) অন্নপূর্ণা আঁচনি: এই আঁচনি ২০০০ চনত আৰম্ভ কৰা হয়। এই আঁচনিৰ জৰিয়তে বৃদ্ধ পেঞ্চন আঁচনিৰ অন্তর্ভুক্ত নোহোৱা বৃদ্ধসকলক মাহে দহ কিলোগ্রাম খাদ্য বিনামূলীয়াকৈ যোগান ধৰা হয়।

(ঘ) নিয়োগ নিশ্চিতকৰণ আঁচনি: এই আঁচনিৰ জৰিয়তে গ্রাম্য অঞ্চলত দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক কায়িক শ্রমৰ সুবিধা প্রদান কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ চেষ্টা কৰা হৈছে।

(ঙ) জৱাহৰ গ্ৰাম্য সমৃদ্ধি যোজনা: এই আঁচনি ১৯৮৯ চনত গাওঁ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ মানুহক নিয়োগ পোৱাৰ সুবিধা দিয়া হৈছে।

(ঘ) ভাৰতত নিয়োগ আৰু অন্যান্য সমস্যা

উত্তৰ: ভাৰতবর্ষ এখন উন্নয়নশীল দেশ। ইয়াত বহুতো সমস্যা আছে যদিও সেইবোৰৰ ভিতৰত নিবনুৱা সমস্যা অন্যতম। ভাৰতবৰ্ষত বর্তমান নিবনুৱা সমস্যা এক জলন্ত সমস্যা হিচাপে দেখা দিছে। অৱশ্যে ইয়াৰ বহুতো কাৰণ আছে, যেনে-

(ক) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা: ভাৰতৰ প্ৰচলিত শিক্ষা ব্যৱস্থা অতিকৈ ত্রুটিপূর্ণ। ইয়াত গতানুগতিক শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও সেই অনুপাতে কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া নহয়। ফলত শিক্ষা লাভ কৰি যুৱক-যুৱতীসকলে কোনো কাম নাপাই নিবনুৱা হৈ বহি থাকে আৰু পৰিয়াল, সমাজ তথা দেশৰ বোজাস্বরূপ হয়।

(খ) লেহেম গতিৰ উদ্যোগিক উন্নয়ন: ভাৰতবৰ্ষ উদ্যোগিক ক্ষেত্রত সিমান আগবাঢ়িব পৰা নাই। তাৰোপৰি যিবোৰ উদ্যোগ স্থাপন কৰা হৈছে সেইবোৰো আধুনিকীকৰণৰ পৰা বঞ্চিত। ফলত উপযুক্ত নিয়োগ সৃষ্টি কৰিব পৰা নাই।

(গ) কৃষিৰ অনগ্ৰসৰতা: ভাৰতত অধিক সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি পদ্ধতিও পুৰণিকলীয়া। সেয়ে চাহিদা বাঢ়িলেও উৎপাদন বৃদ্ধি হোৱা নাই। ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।

(ঘ) জনবিস্ফোৰণ: ভাৰতত প্ৰতিবছৰে ২ শতাংশতকৈ অধিক হাৰত জনসংখ্যা বাঢ়ি আছে। সেই অনুপাতে নিয়োগ বৃদ্ধি পোৱা নাই। ফলত নিবনুৱা সমস্যাই বছৰে বছৰে প্ৰৱলতৰ ৰূপ ধাৰণ কৰিছে।

(ঙ) নিম্ন প্ৰগতিৰ হাৰ: ভাৰতৰ প্ৰগতিৰ হাৰ আশানুরূপ নহয়। নিম্ন হাৰৰ প্ৰগতিৰ বাবে কৰ্ম সংস্থাপন ব্যহত হৈছে।

ভাৰতবৰ্ষ এখন বিশাল দেশ ইয়াৰ প্রায় ৮০% শতাংশ লোক গাওঁ অঞ্চলত বাস কৰে। গাওঁঅঞ্চলৰ অর্থনৈতিক সমস্যা নগৰীয়া অর্থনৈতিক সমস্যাতকৈ অলপ ভিন্ন প্রকৃতিৰ ভাৰতৰ গাওঁ অঞ্চলত থকা সমস্যাসমূহ সমাধানৰ কাৰণে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াব পাৰি-

(ক) কৃষিৰ আধুনিকীকৰণ: ভাৰতৰ কৃষি পদ্ধতি আওপুৰণি। কৃষকসকলে পুৰণিকলীয়া নাঙলৰ জৰিয়তেই খেতি চহ কৰে। ফলত কৃষিৰ উৎপাদন বৃদ্ধি হোৱা নাই। সেয়ে উৎপাদন বৃদ্ধিৰ কাৰণে কৃষিত আধুনিক প্রযুক্তি ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ উপৰিও খাদ্য শস্য উৎপাদন কৰাৰ লগতে বাণিজ্যিক শস্য উৎপাদনতো জোৰ দিব লাগিব।

(খ) আনুষঙ্গিক খণ্ডৰ বিকাশ: কৃষি খণ্ডত আধুনিক প্রযুক্তি ব্যৱহাৰৰ লগে লগে আনুসঙ্গিক খণ্ডৰো উন্নয়ন কৰিব লাগিব। আনুসঙ্গিক খণ্ডৰ ভিতৰত হাঁহ- কুকুৰা পালন, গো পালন, মীন পালন, দুগ্ধ উৎপাদন আদিৰ উন্নয়ন সাধন কৰিব লাগিব।

(গ) ক্ষুদ্র উদ্যোগৰ উন্নয়ন: ভাৰতৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে গাঁৱে-ভুবে ক্ষুদ্র উদ্যোগ স্থাপনত গুৰুত্ব দিব লাগিব। তাৰ বাবে চৰকাৰে বিত্তীয় সাহার্য, প্রশিক্ষণ আদিৰ ব্যৱস্থা কৰিব লাগিব।

(ঘ) আত্মসহায়ক গোষ্ঠী আৰু ক্ষুদ্র বিত্তৰ ব্যৱস্থা: আত্ম নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে আত্মসহায়ক গোট গঠনত উৎসাহ উদ্দীপনা দিব লাগিব। চৰকাৰে আত্ম সহায়ক গোটসমূহক ক্ষুদ্র বিত্তৰ যোগান ধৰিব লাগিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×