Class 9 Science Chapter 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
অধ্যায় – 15
খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(1)
1. শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰোঁ?
উত্তৰঃ খাদ্যশস্য যেনে- ঘেঁহু, ধান, গোমধান আদিয়ে কাৰ্ব’হাইড্ৰেটৰ যোগেদি প্রয়োজনীয় শক্তিৰ যোগান ধৰে। মাহজাতীয় শস্য যেনে- বুট, মটৰ আদিয়ে আমাক প্ৰ’টিনৰ যোগান ধৰে। ফলমূল আৰু শাক-পাচলিয়ে আমাক খাদ্যপ্রাণ আৰু খনিজ লৱণৰ যোগান ধৰে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(2)
1. শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ কিছুমান জৈৱিক কাৰক যেনে- বীজাণু, কীট-পতংগ আৰু কৃমি আৰু কিছুমান অজৈৱিক কাৰক যেনে- খৰাং, বানপানী, উষ্ণতা আদিৰ প্ৰভাৱৰ ফলত শস্যৰ উৎপাদন হ্রাস হয়।
2. শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূর্ণ চৰিত্ৰ বিবেচনা কৰা হয়?
উত্তৰঃ শস্যৰ উৎকর্ষ সাধনত শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূর্ণ চৰিত্ৰবোৰ হ’ল-
(i) পশুধনৰ খাদ্যৰ বাবে প্রয়োজনীয় শস্যবিলাক ওখ হোৱাৰ উপৰিও জোপোহা হ’ব লাগে।
(ii) ধান জাতীয় শস্যৰ ক্ষেত্ৰত গছবোৰ চাপৰ হ’ব লাগে। ইয়াৰ ফলত এইবোৰ শস্যৰ কম পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয়।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(3)
1. মুখ্য অণুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয়?
উত্তৰঃ মুখ্য অণুপোষকবোৰ হ’ল- নাইট্ৰ’জেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। উদ্ভিদৰ বিকাশ আৰু বৃদ্ধিৰ বাবে এই ছয়বিধ অণুপোষকৰ অতিকৈ প্রয়োজন। সেইবাবে এইবোৰক মুখ্য অণুপোষক বোলে।
2. উদ্ভিদে অনুপোষক দ্রব্যবিলাক ক’ৰপৰা কেনেকৈ আহৰণ কৰে?
উত্তৰঃ উদ্ভিদে অণুপোষকবোৰ মাটি, পানী আৰু বায়ুৰ পৰা আহৰণ কৰে। উদ্ভিদৰ বাবে প্রায় 16 বিধ অণুপোষকৰ প্ৰয়োজন। বায়ুবে অক্সিজেন আৰু কাৰ্বন যোগান ধৰে। পানীয়ে হাইড্র’জেন আৰু উদ্ভিদৰ বাবে আন 13 বিধ অনুপোষক মাটিৰ পৰা আহৰণ কৰে।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(4)
1. মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্রিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা।
উত্তৰঃ জৈৱিক সাৰত থকা জৈৱ সাৰে মাটিক অনুপোষক দ্ৰব্যৰ যোগান ধৰে আৰু অনুপোষক দ্রব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। জৈৱিক সাৰত থকা জৈৱ পদার্থবিলাকে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে। ফলত বালিআঁহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে। জৈৱিক সাৰে পৰিৱেশ সুৰক্ষা প্রদানতো সহায় কৰে।
আনহাতে, কৃত্ৰিমসাৰে নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়ামৰ যোগান ধৰে। এই বিলাক ব্যৱহাৰ কৰিলে উদ্ভিদৰ গা-গছ ভালদৰে বিকাশ, বৃদ্ধি হৈ শ্রাবৃদ্ধি হোৱাটো নিশ্চিত হয়। কৃত্রিম সাৰ অতি সাৱধানেৰে উচিত পৰিমাণে আৰু নির্দিষ্ট সময়মতে ব্যৱহাৰ কৰাৰ উপৰিও ব্যৱহাৰৰ আগত আৰু পিছত ল’বলগীয়া সাৱধানতা অৱলম্বন কৰিব লাগে।
কৃত্রিম সাৰে অণুজীৱবোৰক ধ্বংস কৰা বাবে জৈৱিক পদাৰ্থবোৰ পুনৰ ওভোতাই আনিব নোৱাৰে। সেইবাবে একেডোখৰ মাটিত একেৰাহে কৃত্ৰিম সাৰ ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতা নাশ হয়।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(5)
1. তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান হ’ব পাৰি?
(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্রিম সাৰৰ প্ৰয়োগ কৰা।
(b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা।
(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্রিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্রহণ কৰা।
উত্তৰঃ (c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্রয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্রহণ কৰা।
পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
(6)
1. শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈবিক নিয়ন্ত্রণক অগ্রাধিকাৰ দিয়া হয়?
উত্তৰঃ শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰনৰ এক অপৰিসীম গুৰুত্ব আছে। কাৰণ, জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱত শস্যৰ বিভিন্ন ধৰণে ক্ষতি সাতধন হয়। উদাহৰণস্বৰূপে, শস্যৰ মানদণ্ড কমা, ওজন কমা, শস্যৰ ৰং সলনি হোৱা আদি ক্ষতিসমূহে খেতিয়ক সকলক বাণিজ্যিকভাবে ক্ষতিগ্রস্ত কৰে। যাৰবাবে শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্রণক অগ্রাধিকাৰ দিয়া হয়।
2. কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়?
উত্তৰঃ ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন কৰা জৈৱিক কাৰকবিলাক হ’ল- পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰিয়া আদি আৰু অজৈৱিক কাৰকবোৰ হ’ল ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(7)
1. গো প্রজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় কৰা হয়?
উত্তৰঃ গো প্রজাতি উন্নত কৰিবৰ বাবে অৱলম্বন কৰা পদ্ধতিটো হ’ল- বৰ্ণসংকৰণ পদ্ধতি। এই পদ্ধতিত দুটা বেলেগ গুণ সম্পন্ন প্রজাতিৰ গোৰ মাজত প্রজনন কৰোৱা হয়। উদাহৰণস্বৰূপে, দীর্ঘম্যাদী দুগ্ধকালৰ কাৰণে বিদেশী আৰু ৰোগ প্ৰতিৰোধৰ বাবে থলুৱা প্রজাতি বাছি লোৱা হয়। এই পদ্ধতিত দুয়োটা গুণবিশিষ্ট গো পাব পাৰি।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(8)
1. তলৰ উক্তিটোৰ তাৎপর্য আলোচনা কৰা-“এইটো অতি তাৎপর্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ-কুকুৰাই হ’ল কম আঁহযুক্ত (মানুহৰ অনুপযোগী) খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টিনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী।”
উত্তৰঃ ওপৰৰ উক্তিটোৰ তাৎপর্য হ’ল- ভাৰতত কৃষিৰ উপজাত দ্ৰব্যৰ পৰা কণী দিয়া হাঁহ-কুকুৰাৰ বাবে আঁহযুক্ত সস্তীয়া খাদ্য প্রস্তুত কৰা হয়। যিবোৰ আঁহ মানুহৰ বাবে অনুপযোগী। এই আঁহজাতীয় খাদ্যবোৰ হাঁহ-কুকুৰাই গ্ৰহণ কৰি যি কণী দিয়ে সেয়া অতি পুষ্টিকৰ প্ৰ’টিনেৰে ভৰপুৰ।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(9)
1. দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয়?
উত্তৰঃ দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে তলত দিয়া অনুশীলন সাধাৰণতে হাতত লোৱা হয়-
(i) পামঘৰ চাফ-চিকুণ কৰি ৰখা।
(ii) উপযুক্ত খাদ্যৰ যোগান ধৰা।
(iii) সংক্ৰামক ৰোগৰ বিৰুদ্ধে ছিটাকৰণ ব্যৱস্থা।
2. ব্ৰয়লাৰ আৰু লেয়াৰসমূহৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পার্থক্য কেনেধৰণৰ?
উত্তৰঃ (i) ব্ৰয়লাৰবোৰ মাংসৰ কাৰণে উৎপাদন কৰা হয়।
আনহাতে, লেয়াৰবোৰ কণীৰ কাৰণে উৎপাদন কৰা হয়।
(ii) ব্ৰয়লাৰৰ বাবে দৈনিক যোগান ধৰা খাদ্যত প্ৰ’টিনৰ পৰিমাণ বেছি থাকে।
আনহাতে, লেয়াৰৰ বাবে কৃষিৰ উপজাত দ্ৰব্যৰ পৰা আঁহযুক্ত খাদ্যৰ যোগান ধৰা হয়।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(10)
1. কি ধৰণে মাছ ধৰা হয়?
উত্তৰঃ সংগ্ৰহ আৰু পালন প্ৰক্ৰিয়াৰ দ্বাৰা সামুদ্রিক পৰিস্থিতিতন্ত্ৰ আৰু নিৰ্মল পানীৰ তন্ত্রত ক্রমে মাছ ধৰা হয়।
2. মিশ্রিত মীন পালনৰ সুবিধাসমূহ কি কি?
উত্তৰঃ মিশ্রিত মীন পালনত একেটা পুখুৰীতে কেইবাটাও প্ৰজাতিৰ মাছ ৰখা হয়। এই মাছবোৰৰ খাদ্য ভিন্ন হোৱা হেতুকে খাদ্যৰ বাবে প্রতিদ্বন্ধিতা কৰি নালাগে। এই পদ্ধতিত মাছবোৰৰ থকা ঠাইয়ো ভিন্ন ধৰণৰ হয় আৰু যাৰ ফলত মাছবোৰৰ উৎপাদন বৃদ্ধি হয়।
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ
(11)
1. মৌ উৎপাদনৰ বাবে বিভিন্ন মৌ প্রজাতিবোৰৰ কেনেধৰণৰ বৈশিষ্ট্য থকা প্রয়োজন?
উত্তৰঃ তলত দিয়া বৈশিষ্ট্য থকাৰ প্ৰয়োজন-
(i) মৌ চুহাৰ ক্ষমতা।
(ii) শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা ক্ষমতা।
(iii) উন্নত মানৰ কণী দিয়াৰ সক্ষমতা আদিবোৰ।
2. পেষ্টুৰেজ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ কি সম্পর্ক?
উত্তৰঃ পেষ্টুৰেজ হৈছে এবিধ শস্য গছ যাৰ পৰা মৌ মাখিয়ে মৌ চুহে আৰু মৌ উৎপাদন কৰে।
অনুশীলনীৰ প্রশ্নোত্তৰ
1. শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বর্ণনা কৰা।
উত্তৰঃ খেতিয়কে উন্নত মানদণ্ডৰ বীজৰ ব্যৱহাৰ, জলসিঞ্চনৰ ব্যৱস্থা, কৃত্রিম সাৰৰ প্ৰয়োগ আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্রহণ কৰিব লাগে। এইবোৰ কৰিলে শস্যই চাৰিওফালৰ পৰা পুষ্টি লাভকৰিব আৰু উৎপাদন বৃদ্ধি হ’ব।
2. পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্রয়োগ কৰা হয়?
উত্তৰঃ পথাৰত জৈৱিক সাৰ প্ৰয়োগ কৰিলে মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি হয় আৰু কৃত্রিম সাৰে মাটিত থকা কীট-পতঙ্গ যিবোৰে খেতিৰ অনিষ্ট সাধন কৰে সেইবোৰ ধ্বংস কৰাত সহায় কৰে। ফলত উৎপাদন বৃদ্ধি হয়।
3. অন্তৰাৱতী কৃষি পদ্ধতি আৰু শস্যাবৰ্তনৰ সুবিধাসমূহ কি কি?
উত্তৰঃ অন্তৰাৱৰ্তী কৃষি পদ্ধতিৰ সুবিধাসমূহ হ’ল-
(i) এই পদ্ধতিত এক সময়তে দুই বা ততোধিক শস্য পাব পাৰি।
(ii) এই পদ্ধতিত পোষক দ্ৰব্যৰ সঠিক ব্যৱহাৰ হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি হয়।
শস্যাৱৰ্তনৰ সুবিধাসমূহ হ’ল-
(i) শস্যৰ গুণাগুণ উন্নত হয়।
(ii) মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি হয় আৰু উৰ্বৰতাও বৃদ্ধি হয়।
4. জিনীয় সাল-সলনি কৌশল কি? ই কৃষি পদ্ধতিত কিয় উপযোগী?
উত্তৰঃ কোনো নির্দিষ্ট শস্যৰ দেহত কোনো এক চৰিত্ৰৰ জিন প্রয়োগ কৰি অধিক শস্য পাব পাৰি।
তাক জিনীয় সাল-সালনি কৌশল বোলে।
এই পদ্ধতি ব্যৱহাৰ কৰিলে অধিক পৰিমাণৰ শস্য উৎপাদন কৰিব পৰা যায়।
5. ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয়?
উত্তৰঃ ভঁৰাত মজুত কৰি ৰখা শস্যৰ ক্ষতি সাধনৰ কেইটামান কাৰক হ’ল- পোক, এন্দুৰ, ভেঁকুৰ, বেক্টেৰিয়া আদি আৰু অজৈৱিক কাৰক যেনে-ভঁৰালৰ অনুপযুক্ত উষ্ণতা, জলীয় ভাপ আদি। এই কাৰকবোৰে শস্যৰ বীজৰ গুণাগুণ হ্রাস কৰে, ওজন কমায়, শস্যৰ ৰং সলনি কৰে। ফলস্বৰূপে বাণিজ্যিকভারে ক্ষতি হয়।
6. পশু পালন (Aniamal hus-bandry) ৰ দ্বাৰা কৃষকসমূহে কেনেকৈ লাভান্বিত হয়?
উত্তৰঃ জন্তুৱে ঘাঁহ আৰু কৃষিজাত পেলনীয়া দ্রব্য খায়। এই জন্তুবোৰক বাহক হিচাপে বোজা কঢ়িয়াবলৈ আৰু মালগাড়ী টানিবলৈ ব্যৱহাৰ কৰা হয়। এই জন্তুবোৰে আমাক মাংস, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত বস্তুৰ যোগান ধৰে, যিবোৰ বিক্ৰয় কৰি লাভান্বিত হ’ব পাৰি।
7. গো-পালনৰ দ্বাৰা কি কি লাভালাভ হয়?
উত্তৰঃ গৰু আমি হালবোৱা, গাড়ী টনা আদি কামত ব্যৱহাৰ কৰো। গৰুৰ পৰা আমি গাখীৰ পাওঁ আৰু গাখীৰৰ পৰা পুষ্টিকৰ খাদ্যও প্রস্তুত কৰা হয়। গৰুৰ গোৱৰৰ পৰা পচন সাৰ প্ৰস্তুত কৰি খেতিত ব্যৱহাৰ কৰিব পাৰি।
৪. উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘পল্ট্রি পাম’, মীনপাম আৰু মৌ-মাখি পালনত কি ব্যৱস্থা লোৱা হয়?
উত্তৰঃ উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘পল্ট্রি পাম’, মীনপাম আৰু মৌ-মাখি পালনত লোৱা ব্যৱস্থাবোৰ হ’ল-
(i) পামবিলাক পৰিষ্কাৰ কৰা।
(ii) আৱশ্যকানুযায়ী আহাৰ যোগান ধৰা।
(iii) সংক্ৰামক ৰোগৰ বিৰুদ্ধে ছিটাকৰণৰ ব্যৱস্থা কৰা আদি।
9. আহৰণ মীনক্ষেত্র, ‘মেৰীকালচাৰ’, ‘একুৱাকালচাৰ’ আদিৰ মাজত কেনেকৈ পার্থক্য বাচি উলিয়াবা?
উত্তৰঃ আহৰণ মীনক্ষেত্র, ‘মেৰীকালচাৰ’, ‘একুৱাকালচাৰ’ আদিৰ মাজত কেনেকৈ পার্থক্য হ’ল-
আহৰণ মীনক্ষেত্রঃ
(i) মাছবোৰ প্ৰাকৃতিক উৎস যেনে- পুখুৰী, নদ-নদী, জান-জুৰি আদিৰ পৰা পোৱা যায়।
(ii) এইক্ষেত্রত মাছবোৰ জালৰ সহায়ত সহজতে ধৰিব পাৰি।
মেৰীকালচাৰঃ
(i) এইক্ষেত্ৰত মাছবোৰ জাহাজৰ সহায়ত সাগৰৰ পৰা ধৰা হয়।
(ii) মাছবোৰ কৃত্রিম উপগ্ৰহৰ সহায়ত বিচাৰি উলিওৱা হয় আৰু বিভিন্ন ধৰণৰ জালেৰে মাছ ধৰা হয়।
একুৱাকালচাৰঃ
(i) এই ক্ষেত্ৰত মাছবোৰ বন্ধ পুখুৰী আৰু পৰিষ্কাৰ পানীত উৎপাদন কৰা হয়।
(ii) মাছবোৰ জালৰ সহায়ত সহজে ধৰিব পাৰি।
অতিৰিক্ত প্রশ্নোত্তৰ
1. খাদ্যই আমাক কি কি পদাৰ্থৰ যোগান ধবে?
উত্তৰঃ প্ৰ’টিন, চর্বী, ভিটামিন আৰু খনিজ লবন।
2. ৰবি শস্য আৰু খাৰিফ শস্য কাক বোলে উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ শস্যৰ খেতি শীতকালত অর্থাৎ নৱেম্বৰ মাহৰ পৰা এপ্রিল মাহৰ ভিতৰত কৰা হয়; সেইবোৰ শস্যক ৰবি শস্য বোলে। যেনে- ঘেঁহু, বুট, মটৰ আদি।
যিবোৰ শস্যৰ খেতি বাৰিষাকালত অর্থাৎ জুন মাহৰ পৰা অক্টোৱৰ মাহৰ ভিতৰত কৰা হয়; সেইবোৰক খাৰিফ শস্য বোলে। যেনে-ধান, ছয়াবিন, কপাহ আদি।
3. শস্য উৎপাদনৰ উৎকৰ্ষ সাধন কৰিবলৈ লোৱা প্ৰক্ৰিয়াক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ শস্য উৎপাদনৰ উৎকৰ্ষ সাধন কৰিবলৈ লোৱা প্রক্রিয়াক তিনিটা ভাগত ভাগ কৰিব পাৰি।
যেনে-
(i) শস্যৰ সঁচৰ উৎকৰ্ষ সাধন,
(ii) শস্য উৎপাদনৰ উৎকৰ্ষ সাধন আৰু
(iii) শস্যৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাপনা।
4. বৰ্গ সংকৰণ কি?
উত্তৰঃ বৰ্গ সংকৰণ হ’ল জিনীয়ভাবে পার্থক্য থকা দুটা জীৱৰ মাজত হোৱা প্রজনন পদ্ধতি।
5. জিনীয়ভাবে ৰূপান্তৰিত শস্য কাক বোলে?
উত্তৰঃ কোনো উদ্ভিদৰ দেহত কোনো নির্দিষ্ট চৰিত্ৰৰ জিন প্ৰয়োগ কৰি উন্নত শস্যৰ সঁচ পাব পাৰি। এনেদৰে পোৱা শস্যক জিনীয়ভাৱে ৰূপান্তৰিত শস্য বোলে।
6. শস্যৰ উৎপাদন হ্রাস কৰিব পৰা জৈৱিক আৰু অজৈৱিক কাৰকসমূহ কি কি?
উত্তৰঃ জৈৱিক কাৰকবোৰ হ’ল- বেমাৰৰ বীজাণু, কীট-পতঙ্গ আৰু কৃমি।
অজৈৱিক কাৰকবোৰ হ’ল- খৰাং, অধিক লবণযুক্ত মাটি, বানপানী, উষ্ণতা, শীত আৰু হিম।
7. জৈৱ সাৰ কি?
উত্তৰঃ জৈৱ সাৰ হ’ল জীৱ-জন্তুৰ মল-মূত্র আৰু উদ্ভিদজাত পেলনীয়া অংশৰ বিয়োজন ঘটাই প্রস্তুত কৰা এবিধ জৈবিক পদার্থ।
৪. জৈৱিক সাৰৰ উপাদান দুটা কি কি?
উত্তৰঃ জৈৱিক সাৰৰ উপাদান দুটা হ’ল-জৈৱিক পদার্থ আৰু অনুপোষক।
