Join WhatsApp

Join Now

Join Telegram

Join Now

কপিলীপৰীয়া সাধু Class 12 Advance Assamese Chapter 10 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক কপিলীপৰীয়া সাধু Class 12 Advance Assamese Chapter 10 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

কপিলীপৰীয়া সাধু Class 12 Advance Assamese Chapter 10 Solutions

কপিলীপৰীয়া সাধু Class 12 Advance Assamese Chapter 10 Solutions

গোট-৩ নাটক (নম্বৰ ২০)

কপিলীপৰীয়া সাধু – নৱকান্ত বৰুৱা

লেখক পৰিচয়ঃ নৱকান্ত বৰুৱা (১৯২৬-২০০২) বিংশ শতাব্দীৰ এজন লেখতলবলগীয়া অসমীয়া কবি, ঔপন্যাসিক আৰু শিশু সাহিত্যিক। তেওঁৰ জন্ম হয় গুৱাহাটীত। তেওঁ স্কুলীয়া শিক্ষা নগাওঁত শেষ কৰি শান্তি নিকেতনৰ পৰা বি. এ. আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। বৰুৱাই শিক্ষা সমাপ্ত কৰি জগন্নাথ মহাবিদ্যালয়ত কর্ম জীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ত সুদীর্ঘ কাল অধ্যাপনা কৰি উপাধ্যক্ষৰ পদবীৰে কৰ্মজীৱনৰ সামৰণি মাৰে।

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্রতি ঢাল খোৱা তেওঁৰ উল্লেখযোগ্য কাব্য পুথিসমূহ হ’ল হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, সম্রাট, যতি আৰু কেইটিমান স্কেচ, দলঙত তামীঘৰ আদি। তেওঁ ৰচনা কৰা উপন্যাসসমূহৰ হ’ল – কপিলীপৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ আদি। শিশু আৰু চেমনীয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজি হ’ল- আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ভত উকাৰে ভু আদি। সাহিত্য সমালোচনা আৰু গীত ৰচনাতো বৰুৱাদেৱৰ অৱদান স্মৰণীয়।

২০০২ চনত নৱকান্ত বৰুৱা স্বর্গগামী হয়।

নির্বাচিত আর্হি প্রশ্ন-উত্তৰ:

১। ‘কপিলী পৰীয়া সাধু’ উপন্যাসখনৰ মূল কথাখিনি চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰ: ‘কপিলীপৰীয়া সাধু’ উপন্যাসটো এটি নদী ভিত্তিক উপন্যাস। উপন্যাসখনৰ কাহিনীভাগৰ সময়কাল ১৯৩০ চনৰ পিছৰ ছোৱা সময়। উপন্যাসখনত লিখকে নগাওঁ জিলাৰ কপিলীপৰীয়া অঞ্চল, বিশেষকৈ ভুৰবন্ধা গাওঁৰ দুখীয়া ৰাইজৰ জীৱন-যাত্রাক কেন্দ্ৰ কৰি ৰচনা কৰিছে। উপন্যাসখনত কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত সেই অঞ্চললৰ ৰাইজে ভোগ কৰা দুখ-দুৰ্দ্দশাৰ চিত্ৰ অতি সকৰুণ কাব্যিকৰূপত উপস্থাপন কৰিছে। ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ কাহিনী থুলমূলভাবে তলত বর্ণনা কৰা হ’ল।

ৰূপাই হৈছে উপন্যাসখনৰ প্ৰধান চৰিত্ৰ। তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ পুত্র। ঔপন্যাসিকে তেওঁক উপন্যাসখনত এজন অঘাইতং ল’ৰা, বৃত্তি পৰীক্ষাত বহিব পৰা ছাত্র, এজন গোলাম, স্বাধীনতা যুদ্ধত যোগদানকাৰী, এজন মানবতাবাদী, সমাজ সচেতন আৰু অৱশেষত এজন প্রেমিক হিচাপে চিত্রিত কৰিছে।

তেওঁ নিজ গাওঁতে থকা বেথাৰাম পণ্ডিতৰ স্কুলত পঢ়িছিল। তেওঁৰ লগৰ ছাত্ৰবোৰ আছিল অঘাইতং। সিহঁতৰ লগতে ৰূপায়ো দুষ্টালি কৰি ফুৰিছিল। তেওঁ পঢ়া-শুনা কৰাতকৈ কপিলী নৈত মাজুৱৈসকলে মাছ মাৰি থকা দৃশ্য চাই আনন্দ উপভোগ কৰিছিল। কিন্তু অন্যান্য ছাত্ৰসকলৰ তুলনাত তেওঁ লিখা-পঢ়াত কিছু ভাল আছিল বাবে তেওঁ বৃত্তি পৰীক্ষা দিবলৈ চহৰলৈ গৈছিল। পৰীক্ষাৰ কেইদিন তেওঁ চহৰৰ দীনবন্ধু উকীলৰ ঘৰত আছিল। কিন্তু বৃত্তি নোপোৱাত দেউতাক ধীৰ সিঙে তেওঁক খেতিৰ কামত লগাব বিচৰাত ভৱা ভকতৰ পৰামৰ্শ মতে তেওঁক দীনবন্ধু উকীলৰ ঘৰত থৈ বাংলা স্কুলত নাম লগাই দিয়ে। উকীলৰ ঘৰত তেওঁ ইটো-সিটো ঘৰুৱা কাম কৰিব লগা হোৱাত পঢ়া-শুনা কৰিবলৈ সময় নাপাই পৰীক্ষাত ফেইল কৰে। সেই ঘৰত থকা সময়খিনিত তেওঁ উকীলনী আৰু হাৰিয়া নামৰ এজন লগুৱাৰ ডাবি- ধমকনি খাব লগা হয়।

ইয়াৰ পিছত তেওঁ গান্ধীজীৰ নেতৃত্বত চলা সৰ্বভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্রহণ কৰি ফাটেকলৈ যায়। ফাটেকত তেওঁ গান্ধীবাদী আদৰ্শৰ লগত পৰিচয় হয়। তাৰ পৰা মুক্তি পাই তেওঁ ১৯৩৪ চনৰ বলিয়া বানত ইংৰাজ বিষয়া এজনৰ লগত বানপানী বিধ্বস্ত অসহায় গাওঁবাসীক উদ্ধাৰ কৰা অভিযানত অংশ গ্রহণ কৰে। সেই অভিযানত তেওঁ সোণপাহী নামৰ এজনী গাভৰু ছোৱালীক নাঙঠ অৱস্থাত উদ্ধাৰ কৰে।
সেই একে বছৰতে ৰূপাইৰ পিতৃ ধীৰ সিঙৰ মৃত্যু হয়। তেওঁৰ দেউতাকৰ অন্তেষ্টিক্রিয়াৰ সময়ত জানিব পাৰে যে তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ তোলনীয়া পুতেকহে। তেতিয়া সেই গাওঁৰ সাতোলা নামৰ ব্যক্তি এজনে তেওঁৰ জন্ম ৰহস্য তলত দিয়া ধৰণে দাঙি ধৰে।

সাতোলাই কয় যে ধীৰ সিং নিঃসন্তান আছিল। ধীৰ সিঙৰ দেউতাকে নাতি এজনৰ মুখ চাবলৈ বহু দিন আশা পালি আছিল যদিও বহু বছৰলৈ ধীৰ সিঙৰ ঔৰষত কোনো পুত্র সন্তান জন্ম নোহোৱা বাবে নাতিৰ মুখ দেখাৰ আশা পূৰণ নোহোৱাকৈয়ে মৃত্যু মুখত পৰে। পিছলৈ এবাৰ এক প্রলয়ংকৰী বানপানীৰ সময়ত উদ্ধাৰ অভিযানত ধীৰ সিঙে এক পানী কেঁচুৱাক এটি ঘৰৰ চালত লাগি থকা দেখা পাই শিশুটিক তুলি আনি নিজ পুত্র হিচাপে পালন কৰিবলৈ লয়।

সাতোলাৰ মুখত নিজৰ জন্ম বৃত্তান্ত শুনি ৰূপাই সিং মনৰ বেজাৰত কপিলী নদীত জাপ দি আত্ম হত্যা কৰিবলৈ লোৱাত সোণপাহী আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে। পিছলৈ সোণপাহীৰ লগত তেওঁৰ প্রেম হয়। দুয়োজনৰ মিলনৰ ফলত সোণপাহী অন্তসত্ত্বা হয়। কিন্তু রূপায়ে তাইক বিয়া কৰাবলৈ মান্তি নোহোৱাত সোণপাহীয়ে কপিলীত জাপ দি আত্মহত্যা কৰে।

২। ‘কপিলীপৰীয়া সাধু’ উপন্যাসত ঔপন্যাসিক নৱকান্ত বৰুৱাই কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ চিত্ৰটো কেনেদৰে অংকন কৰিছে, তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা।

অথবা

কপিলী পৰীয়াৰ সাধু’ নামৰ উপন্যাসখনক নদী ভিত্তিক উপন্যাস বুলি ক’ব পাৰিনে? আলোচনা কৰা। H. S. ’19

অথবা

‘কপিলী দুখৰো চকুলো আনন্দৰো চকুলো।’ এই উক্তিৰ আধাৰত ‘কপিলী পৰীয়া সাধু’ উপন্যাসৰ এটি আলোচনা আগবঢ়োৱা। H. S. ’15, ’18, ’20

নাইবা

“কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীবন।” এই উক্তিৰ আধাৰত ‘কপিলীপৰীয়া সাধু’ উপন্যাসৰ এটি আলোচনা আগবঢ়োবা। H. S. ’16, ’19

নাইবা

‘কপিলীপৰীয়া সাধু’ উপন্যাসত বর্ণিত বানপানীৰ দৃশ্য তোমাৰ নিজৰ ভাষাৰে বৰ্ণনা কৰা। H. S. ’17

উত্তৰ: কপিলীপৰীয়া সাধু’ উপন্যাসটো এটি নদী ভিত্তিক উপন্যাস। উপন্যাসখনৰ কাহিনীভাগব সময়কাল ১৯৩০ চনৰ পিছৰ ছোৱা সময়। উপন্যাসখনত লিখকে নগাওঁ জিলাৰ কপিলীপৰীয়া অঞ্চল, বিশেষকৈ ভুৰবন্ধা গাওঁৰ দুখীয়া ৰাইজৰ জীৱন-যাত্রাক কেন্দ্ৰ কৰি ৰচনা কৰিছে। উপন্যাসখনত কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত সেই অঞ্চলৰ ৰাইজে ভোগ কৰা দুখ-দুর্দশাৰ চিত্ৰ অতি সকৰুণ কাব্যিকৰূপত উপস্থাপন কৰিছে।

উপন্যাসখনৰ আৰাম্ভণিৰ পৰা শেষলৈ দেখা যায় যে কপিলী নৈখন সেই অঞ্চলৰ ৰাইজৰ সুখ-দুখৰ লগৰী, ৰীতি-নীতি, সংস্কাৰ, বিশ্বাস আদিৰ কাৰক, সিহঁতৰ আশা আৰু আকাঙ্খাৰ উৎস। উপন্যাসখনত কপিলী নৈখনৰ সংহাৰী ৰূপটোহে চিত্রিত হৈছে। উপন্যাসখনৰ আৰম্ভণিতেই লেখক নৱকান্ত বৰুৱাই নদীখনৰ সম্পর্কে বর্ণনা কৰিছে, “মানুহে জানে কপিলী দুখৰো চকুলো: আনন্দৰো চকুলো। কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীবন। কপিলী জীয়া নৈ। সিহঁতৰ জীৱন আৰু মৃত্যুৰ সৈতে এই জীয়া নৈখন মিহলি হৈ আছে।”

কপিলীয়ে প্রতিবছৰেই কপিলীপৰীয়া অঞ্চলৰ ৰাইজক জীয়াতু ভোগায়। বহুতৰ অকাল মৃত্যু ঘটায়। উপন্যাসখনৰ চৰিত্ৰ ৰূপাই আৰু নায়িকা সোণপাহীক উপন্যাসিকে কপিলীৰ সন্তান বুলি কৈছে।

নদীখনৰ সংহাৰী ৰূপৰ এক অবর্ণনীয় চিত্র উপন্যাসখনত ফুটি উঠিছে। উপন্যাসখনত বর্ণিত হৈছে যে ইংৰাজ বিষয়া এজনৰ লগত ৰূপাই সিং আৰু তিলক গোসাঁয়ে বানপানীত বিধ্বস্ত গাওঁবোৰলৈ উদ্ধাৰ অভিযান চলাই সোণপাহী আৰু তাইৰ দেউতাকক গছৰ ওপৰৰ পৰা উদ্ধাৰ কৰিছে। পিছলৈ সোণপাহীৰ লগত ৰূপাইৰ প্ৰেম হৈছে আৰু সোণপাহী ৰূপাইৰ দ্বাৰা অন্তঃসত্বা হৈছে। কিন্তু ৰূপায়ে সোণপাহীক পত্নী হিচাপে গ্রহণ কৰিব নিবিচৰাত সোণপাহীয়ে কপিলী নৈত জঁপিয়াই আত্মহত্যা কৰে।

দেখা যায় উপন্যাসখনৰ মূল বক্তব্য বিষয় কপিলী নৈক কেন্দ্র কৰি আৰম্ভ হৈছে আৰু কপিলী নৈক কেন্দ্ৰ কৰিয়েই শেষ হৈছে। সেয়ে ইয়াক এক নদী ভিত্তিক উপন্যাস বুলি ক’ব পাৰি।

৩। ‘কপিলী পৰীয়া সাধু’ উপন্যাসখনত থকা গোসাই পুখুৰীটোৰ লগত জড়িত থকা জনবিশ্বাসটো চমুকৈ আলোচনা কৰা।

নাইবা

গোঁসাই পুখুৰী’ সৃষ্টিৰ নেপথ্যত থকা কিম্বদন্তিটো লিখা। H. S. ’17

উত্তৰ: ঔপন্যাসিক নৱকান্ত বৰুৱাই ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসটোত গোসাঁই পুখুৰী’ নামৰ এটি পুখুৰী আৰু ইয়াৰ লগত জড়িত জনবিশ্বাসৰ এক বর্ণনা দাঙি ধৰিছে।

গোসাঁই পুখুৰীটো ৰূপাইহঁতৰ ঘৰৰ পৰা দুমাইলমান দূৰত থকা সোণপাহীহঁতৰ গাওঁৰ বাহিৰৰ এটি অন্যতম ঐতিহ্যময় পুখুৰী। পুখুৰীটো কোনে কেতিয়া খন্দাইছিল তাৰ ইতিহাস অজ্ঞাত। পুখুৰীটোৰ দুয়োপাৰ অতি ওখ। পাৰত থকা ফল-মূলৰ গছবোৰৰ পৰা সৰি পৰা ফলবোৰ কোনেও নাখায়। সকলোবে ভয় কৰে কিবা কালিকা থকা বুলি। তাত থকা কাছবোৰৰ পিঠিত শেলুৱৈ গজিছে। খাজখাই থকা মাছবোৰো ৰাইজে নামাবে।
পুখুৰীটোৰ লগত এটি কিংবদন্তী জড়িত হৈ আছে। কিংবদন্তীটো হ’ল- গাওঁত কালীয় দমনৰ ভাওনা হ’লে গোসাঁই ঘৰৰ ল’ৰাই ভাও লোৱাটো হেনো এটি পৰম্পৰা। ভাওত কিবা ছিদ্র থাকিলে গোসাঁই অসন্তুষ্ট হয়। কুহিলাৰে সজা কালীয় নাগে হোলোকা-হোলোকে তেজ বতিয়ায়। কৃষ্ণই ফণাত উঠি থকা ঠাইডোখৰত এটা পুখুৰী হয় আৰু সাপডালৰ সৈতে কৃষ্ণৰ ভাও লোৱা ল’ৰাজন পাতাললৈ সোমাই যায়। তেনেকৈয়ে হেনো সৃষ্টি হৈছে পুখুৰীটো। এনেদৰে গোসাঁই পুখুৰীটোৱে যুগ যুগ ধৰি চুবুৰীয়া গাওঁবাসীৰ মনত ভয়, শ্রদ্ধা আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

‘কপিলীপৰীয়া সাধু’ৰ মূল চৰিত্ৰ ৰূপাই আৰু সোণপাহীৰ প্ৰেমৰ কাহিনীভাগ এই গোসাঁই পুখুৰীটোৰ লগত জড়িত। সিহঁতৰ গোপন অভিসাৰ আৰু মিলন এই গোসাই পুখুৰীটোৰ পাৰত সংঘটিত হৈছে। সোণপাহীৰ আমন্ত্রণক্রমে নির্জন জয়াল নিশা ৰূপায়ে কপিলীৰে নাও বাই এই পুখুৰীটোৰ পাৰলৈ আহে। পুখুৰীটোৰ পাৰত ৰাতি চাকি জ্বলাই সোণপাহীয়ে অপেক্ষা কৰে ৰূপাইৰ বাবে। তাতেই ৰূপাই আৰু সোণপাহীৰ দৈহিক মিলন ঘটে। সোণপাহী অন্তঃসত্ত্বা হয়।

এনেদৰে ঔপন্যাসিকে উপন্যাসটোত গোসাঁই পুখুৰীৰ লগত জড়িত জনবিশ্বাসৰ এক মায়াবী বর্ণনা দাঙি ধৰিছে।

৪। ‘কপিলী পৰীয়া সাধু’ উপন্যাসখনত থকা প্রধান চৰিত্ৰ ৰূপাইৰ জন্ম ৰহস্যৰ আঁৰত থকা সত্যটো দাঙি ধৰা। 

নাইবা

‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ৰূপাইৰ চৰিত্রাংকনৰ ওপৰত এটি টোকা লিখা।

নাইবা

ৰূপাই কোন? তেওঁৰ চাৰিত্ৰিক কাৰ্যকলাপৰ বিষয়ে চমুকৈ লিখা। H. S. ’17

উত্তৰ: ৰূপাই হৈছে নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ। তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ পুত্র। ঔপন্যাসিকে তেওঁক উপন্যাসখনত এজন অঘাইতং ল’ৰা, বৃত্তি পৰীক্ষাত বহিব পৰা ছাত্র, এজন গোলাম, স্বাধীনতা যুদ্ধত যোগদানকাৰী, এজন মানবতাবাদী, সমাজ সচেতন আৰু অৱশেষত এজন প্রেমিক হিচাপে চিত্রিত কৰিছে।

তেওঁ নিজ গাওঁতে থকা বেথাৰাম পণ্ডিতৰ স্কুলত পঢ়িছিল। তেওঁৰ লগৰ ছাত্ৰবোৰ আছিল অঘাইতং। সিহঁতৰ লগতে ৰূপায়ো দুষ্টালি কৰি ফুৰিছিল। তেওঁ পঢ়া-শুনা কৰাতকৈ কপিলী নৈত মাছুৱৈসকলে মাছ মাৰি থকা দৃশ্য চাই আনন্দ উপভোগ কৰিছিল। কিন্তু অন্যান্য ছাত্রসকলৰ তুলনাত তেওঁ লিখা-পঢ়াত কিছু ভাল আছিল বাবে তেওঁ বৃত্তি পৰীক্ষা দিবলৈ চহৰলৈ গৈছিল। পৰীক্ষাৰ কেইদিন তেওঁ চহৰৰ দীনবন্ধু উকীলৰ ঘৰত আছিল। কিন্তু বৃত্তি নোপোৱাত দেউতাক ধীৰ সিঙে তেওঁক খেতিৰ কামত লগাব বিচৰাত ভঙুৱা ভকতৰ পৰামৰ্শ মতে তেওঁক দীনবন্ধু উকীলৰ ঘৰত থৈ বাংলা স্কুলত নাম লগাই দিয়ে। উকীলৰ ঘৰত তেওঁ ইটো-সিটো ঘৰুৱা কাম কৰিব লগা হোৱাত পঢ়া-শুনা কৰিবলৈ সময় নাপাই পৰীক্ষাত ফেইল কৰে। সেই ঘৰত থকা সময়খিনিত তেওঁ উকীলনী আৰু হাৰিয়া নামৰ এজন লগুৱাৰ ডাবি-ধমকনি খাব লগা হয়।

‘ইয়াৰ পিছত তেওঁ গান্ধীজীৰ নেতৃত্বত চলা সৰ্বভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্রহণ কৰি ফাটেকলৈ যায়। ফাটেকত তেওঁ গান্ধীবাদী আদৰ্শৰ লগত পৰিচয় হয়। তাৰ পৰা মুক্তি পাই তেওঁ ১৯৩৪ চনৰ বলিয়া বানত ইংৰাজ বিষয়া এজনৰ লগত বানপানী বিধ্বস্ত অসহায় গাওঁবাসীক উদ্ধাৰ কৰা অভিযানত অংশ গ্রহণ কৰে। সেই অভিযানত তেওঁ সোণপাহী নামৰ এজনী গাভৰু ছোৱালীক নাঙঠ অৱস্থাত উদ্ধাৰ কৰে।
সেই একে বছৰতে ৰূপাইৰ পিতৃ ধীৰ সিঙৰ মৃত্যু হয়। তেওঁৰ দেউতাকৰ অন্তেষ্টিক্রিয়াৰ সময়ত জানিব পাৰে যে তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ তোলনীয়া পুতেকহে। তেতিয়া সেই গাওঁৰ সাতোলা নামৰ ব্যক্তি এজনে তেওঁৰ জন্ম ৰহস্য তলত দিয়া ধৰণে দাঙি ধৰে।

সাতোলাই কয় যে ধীৰ সিং নিসন্তান আছিল। ধীৰ সিঙৰ দেউতাকে নাতি এজনৰ মুখ চাবলৈ বহু দিন আশা পালি আছিল যদিও বহু বছৰলৈ ধীৰ সিঙৰ ঔৰষত কোনো পুত্র সন্তান জন্ম নোহোৱা বাবে নাতিৰ মুখ দেখাৰ আশা পুৰণ নোহোৱাকৈয়ে মৃত্যু মুখত পৰে। পিছলৈ এবাৰ এক প্রলয়ংকৰী বানপানীৰ সময়ত উদ্ধাৰ অভিযানত ধীৰ সিঙে এক পানী কেঁচুৱাক এটি ঘৰৰ চালত লাগি থকা দেখা পাই শিশুটিক তুলি আনি নিজ পুত্র হিচাপে পালন কৰিবলৈ লয়।

সাতোলাৰ মুখত নিজৰ জন্ম বৃত্তান্ত শুনি ৰূপাই সিং মনৰ বেজাৰত কপিলী নদীত জাপ দি আত্ম হত্যা কৰিবলৈ লোৱাত সোণপাহী আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে। পিছলৈ সোণপাহীৰ লগত তেওঁৰ প্রেম হয়। দুয়োজনৰ মিলনৰ ফলত সোণপাহী অন্তসত্ত্বা হয়। কিন্তু ৰূপায়ে তাইক বিয়া কৰাবলৈ মাস্তি নোহোৱাত সোণপাহীয়ে কপিলীত জাপ দি আত্মহত্যা কৰে।

৫। ‘মই তেওঁৰ সত্ৰত শৰণ ল’ব খোজা নাই নহয় পিতাই, তেওঁতহে শৰণ ল’ম।’ ইয়াত কোনে কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে?

উত্তৰ: ইয়াত ৰূপাইয়ে তেওঁৰ পিতাক ধীৰ সিঙক উক্ত কথাষাৰ কৈছে। তেওঁ ফাটেকত লগ পোৱা তিলক গোসাঁই নামৰ গোসাঁই এজনৰ ব্যক্তিত্বত মোহিত হৈ তেওঁৰ ওচৰত শৰণ ল’ব বুলি ইচ্ছা ব্যক্ত কৰিছে।

৬। ৰূপায়ে চুধাংচু বাবুক ক’ত লগ পাইছিল?

উত্তৰ: ৰূপায়ে চুধাংচু বাবুক গুৱাহাটীৰ জেলত লগ পাইছিল।

৭। সোণপাহী আৰু ৰূপাইৰ অন্তিম সাক্ষাৎ ক’ত আৰু কিদৰে হৈছিল লিখা।

উত্তৰ: কপিলী নৈৰ পাৰত ৰূপাই আৰু সোণপাহীৰ অন্তিম সাক্ষাৎ হৈছিল। এদিনাখন ৰাতি ৰূপায়ে চিন্তাগ্রস্ত হৈ কপিলী নৈৰ পাৰত গৈ নানা কথা ভারি বহি আছিল। এনেতে এখন টুলুঙা নাওত উঠি সোণপাহী ৰূপাইৰ ওচৰত উপস্থিত হয়। বহুদিন সিহঁতৰ দেখা-দেখি নোহোৱা বাবে সোণপাহী নিজে ৰূপাইৰ ওচৰ পাইছিলগৈ। সেই সাক্ষাতত সোণপাহীয়ে ৰূপাইক জানিবলৈ দিয়ে যে তাই তেওঁৰ দ্বাৰা অন্তঃসত্ত্বা হৈছে। কিন্তু ৰূপায়ে তাইক বিয়া কৰাবলৈ মাস্তি নোহোৱাত তাই কপিলী নৈত জাপ দি আত্মহত্যা কৰে।

৮। ‘কপিলীয়েই আমাক চিনাকী কৰিলে…… কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব।’ কোনে কাক এনেদৰে কৈছিল? H. S. ’19

উত্তৰ: কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ শেষৰ পিনে ৰূপাই আৰু সোণপাহীৰ শেষ সাক্ষাতৰ সময়ত সোণপাহীয়ে উক্ত কথাষাৰ কৈছিল।
ৰূপাই আৰু সোণপাহীৰ মাজত প্রণয় হৈছিল যদিও ৰূপাইয়ে পিছলৈ তাইৰ লগত দেখা-সাক্ষাত বন্ধ কৰি দিয়ে। বহুদিন পিছত বিৰহত ভূগি থকা সোণপাহীয়ে ৰাতি কপিলী নদীৰ পাৰত আমন-জিমনকৈ বহি থকা ৰূপাইক লগ ধৰি তেওঁৰ দ্বাৰা তাই অন্তঃসত্বা হৈছে বুলি জনায়। কিন্তু ৰূপাইয়ে তাইক গ্রহণ কৰিবলৈ অমান্তি হোৱাত সোণপাহিয়ে উক্ত কথাষাৰ কৈছিল। ইয়াৰ দ্বাৰা তাই বুজাব বিচাৰিছিল যে কপিলী নদীৰ প্ৰৱল বান পানীৰ সময়ত ৰূপাইৰ লগত তাইৰ দেখা হৈছিল আৰু পিছলৈ প্রেম হৈছিল। কিন্তু ৰূপাইয়ে তাইক গ্রহণ কৰিব নিবিচৰাত তাই যে নদীত জাপ দি আত্মহত্যা কৰিব সেয়া উদ্ধৃত কথাফাকিৰ দ্বাৰা বুজাব বিচাৰিছে।

৯। সুলভ দোকানীৰ বিষয়ে চামণ্ডৰীয়াই কি কথা কৈছিল, চমুকৈ লিখা?

উত্তৰ: ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাৰ দিনা চামগুৰীয়াই সুলভ দোকানীৰ বিষয়ে ৰূপাইক কৈছিল যে সুলভ দোকানী মানুহজন বৰ স্বাৰ্থপৰ, হিংসুক আৰু চতুৰ লোক আছিল। তেওঁ বসু গোসাঁই নামৰ লোক এজনৰ দোকান পুলিচৰ হতুৱাই ভাঙি দি নিজৰ সুবিধা কৰি লৈছিল। দোকানৰ বাকীৰ নামত তেওঁ দুৰ্বলীৰ পৰা মাটি পর্যন্ত কাঢ়ি লৈছিল। তিলক গোসাঁইৰ প্রতিও তেওঁ আখেজী আছিল।

১০। ৰূপাইহঁতৰ গাঁৱৰ দোকানীজনৰ নাম কি?

উত্তৰ: মিনাৰাম দোকানী।

১১। ধীৰচিংহঁতৰ গাওঁখনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: ধীৰচিংহঁতৰ গাওঁখনৰ নাম ভুৰবন্ধা গাওঁ। গাওঁখন বৃহত্বৰ কপিলীপৰীয়া অঞ্চলৰ অন্তৰ্গত। গাওঁখন কৃষিভিত্তিক। গাওঁৰ মানুহবোৰ দুখীয়া। নৱকান্ত বৰুৱাই এই গাওঁখনৰ পটভূমিতেই ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখন ৰচনা কৰিছে। গাওঁখনৰ ৰাইজৰ জীৱন-সম্পত্তি, সুখ-দুখ, আশা-আকাঙ্খা কপিলী নৈখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। কপিলী নৈয়ে প্রতি বছৰ গাওঁখনৰ ৰাইজক জীয়াতু ভোগায়। তথাপি গাওঁখন সিহঁতৰ অতি আপোন। উপন্যাসখনৰ নায়ক ৰূপাই সিঙ এই ভুৰবন্ধা গাওঁৰে বাসিন্দা।

১২। ‘মই শিচ ভজাবলৈ এৰিলো নহয়, এজনৰ শিচহে।’ কোনে, কাক এনেদৰে কৈছিল?

উত্তৰ: ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাত তিলক গোসাঁয়ে উক্ত কথাষাৰ ৰূপাইক কৈছিল।

১৩। ৰূপাইহঁতৰ গাওঁৰ দোকানীজনৰ নাম কি? ‘কপিলীপৰীয়া সাধ’ নামৰ উপন্যাসখনত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে কাৱৈমাছ একুৰিৰ মূল্য কিমান?

উত্তৰ: ৰূপাইহঁতৰ গাওঁৰ দোকানীজনৰ নাম মিনাৰাম দোকানী।

উপন্যাসখনত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে একুৰি কাবৈ মাছৰ মূল্য ২ আনা ৬ পাই।

১৪। বসু কোন? তেওঁৰ শিক্ষাগত অর্হতা কি? H. S. ’16

নাইবা

বসু কোন? তেওঁৰ বিষয়ে চমুকৈ লিখা। H. S. ’18

উত্তৰ: বসু হৈছে নৱকান্ত বৰুৱাই ৰচনা কৰা ‘কপিলীপৰীয়া সাধু’ উপন্যাটিৰ এটি গৌণ চৰিত্ৰ। বসু আছিল তিলক গোসাঁইৰ ভতিজা ল’ৰা। তেওঁ মেট্রিক পাছ আছিল। বেথাৰাম পণ্ডিতৰ মৃত্যুৰ পিছত তেওঁ ভুৰবন্ধা গাওঁৰ স্কুলৰ শিক্ষক হৈছিল। ঔপন্যাসিকে তেওঁৰ বিষয়ে সামান্য কৈয়ে ক্ষান্ত হৈছে।

১৫। ‘সেইগলান কি হা?’ এনেকৈ কোনে কাক কৈছিল?

উত্তৰ: উক্ত কথাখিনি হৰিয়াই ৰূপাইক কৈছিল।

১৬। ‘মোৰ কথাবোৰ বাৰু বেঁকা: তই চিথা বাট ল।’ কোনে, কাক এনেদৰে কৈছিল? H. S. ’15, ’17

উত্তৰ: উত্তক্ত কথাষাৰ সুলভ দোকীনয়ে ৰূপাইক কৈছিল।

১৭। ‘কোন? সেই কৈদী গোসাঁই?’

কোনে কাক ‘কৈদী গোসাঁই’ বুলি কৈছিল? H. S. ’15

উত্তৰ: সুলভ দোকানীয়ে গোসাঁইক ‘কৈদী গোসাঁই’ বুলি কৈছিল।

১৮। ‘তিলক গোসাই’ কোন? H. S. ’16

উত্তৰঃ তিলক গোসাঁই হৈছে ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখনৰ এজন আদর্শ গান্ধীবাদী, মানবতাবাদী, পূর্ণ বৈষ্ণৱ চৰিত্র।

১৯। কপিলী পৰীয়া সাধু’ কোনশ্রেণীৰ সাহিত্য? ইয়াৰ লেখক কোন? H. S. ’17

উত্তৰঃ ‘কপিলীপৰীয়া সাধু’ উপন্যাস শ্ৰেণীৰ সাহিত্য। ইয়াৰ লেখক হ’ল নৱকান্ত বৰুৱা।

২০। ৰূপাই কোন? তেওঁৰ বিষয়ে চমুকৈ লিখা। H. S. ’15

নাইবা

চমু টোকা লিখা: ৰূপাই H. S. ’16, ’18

উত্তৰ: ৰূপাই হৈছে নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ। তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ তোলনীয়া পুত্র। ঔপন্যাসিকে তেওঁক উপন্যাসখনত এজন অঘাইতং ল’ৰা, বৃত্তি পৰীক্ষাত বহিব পৰা ছাত্র, এজন গোলাম, স্বাধীনতা যুদ্ধত যোগদানকাৰী, এজন মানবতাবাদী, সমাজ সচেতন আৰু অৱশেষত এজন প্রেমিক হিচাপে চিত্রিত কৰিছে।

তেওঁ নিজ গাওঁতে থকা বেথাৰাম পণ্ডিতৰ স্কুলত পঢ়িছিল। তেওঁৰ লগৰ ছাত্ৰবোৰ আছিল অঘাইতং। সিহঁতৰ লগতে ৰূপায়ো দুষ্টালি কৰি ফুৰিছিল। তেওঁ পঢ়া-শুনা কৰাতকৈ কপিলী নৈত মাছুৱৈসকলে মাছ মাৰি থকা দৃশ্য চাই আনন্দ উপভোগ কৰিছিল। কিন্তু অন্যান্য ছাত্ৰসকলৰ তুলনাত তেওঁ লিখা-পঢ়াত কিছু ভাল আছিল বাবে তেওঁ বৃত্তি পৰীক্ষা দিবলৈ চহৰলৈ গৈছিল। পৰীক্ষাৰ কেইদিন তেওঁ চহৰৰ দীনবন্ধু উকীলৰ ঘৰত আছিল। কিন্তু বৃত্তি নোপোৱাত দেউতাক ধীৰ সিঙে তেওঁক খেতিৰ কামত লগাব বিচৰাত ভণ্ডুৱা ভকতৰ পৰামৰ্শ মতে তেওঁক দীনবন্ধু উকীলৰ ঘৰত থৈ বাংলা স্কুলত নাম লগাই দিয়ে। উকীলৰ ঘৰত তেওঁ ইটো-সিটো ঘৰুৱা কাম কৰিব লগা হোৱাত পঢ়া-শুনা কৰিবলৈ সময় নাপাই পৰীক্ষাত ফেইল কৰে। সেই ঘৰত থকা সময়খিনিত তেওঁ উকীলনী আৰু হাৰিয়া নামৰ এজন লগুৱাৰ ডাবি-ধমকনি খাব লগা হয়।

ইয়াৰ পিছত তেওঁ গান্ধীজীৰ নেতৃত্বত চলা সৰ্বভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্রহণ কৰি ফাটেকলৈ যায়। ফাটেকত তেওঁ গান্ধীবাদী আদর্শৰ লগত পৰিচয় হয়। তাৰ পৰা মুক্তি পাই তেওঁ ১৯৩৪ চনৰ বলিয়া বানত ইংৰাজ বিষয়া এজনৰ লগত বানপানী বিধ্বস্ত অসহায় গাওঁবাসীক উদ্ধাৰ কৰা অভিযানত অংশ গ্রহণ কৰে। সেই অভিযানত তেওঁ সোণপাহী নামৰ এজনী গাভৰু ছোৱালীক নাঙঠ অৱস্থাত উদ্ধাৰ কৰে।
সেই একে বছৰতে ৰূপাইৰ পিতৃ ধীৰ সিঙৰ মৃত্যু হয়। তেওঁৰ দেউতাকৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত জানিব পাৰে যে তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ তোলনীয়া পুতেকহে। সাতোলাৰ মুখত নিজৰ জন্ম বৃত্তান্ত শুনি ৰূপাই সিং মনৰ বেজাৰত কপিলী নদীত জাপ দি আত্ম হত্যা কৰিবলৈ লোৱাত সোণপাহী আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে। পিছলৈ সোণপাহীৰ লগত তেওঁৰ প্রেম হয়।

২১। চমু টোকা লিখাঃ

ধীৰ সিংঃ ধীৰ সিং হৈছে উপন্যাসখনৰ এটি সৰু চৰিত্ৰ। তেওঁ মান সিঙৰ পুত্র। মানৰ আক্ৰমণৰ সময়ত থান-বান হোৱা কোনোবা এটি পৰিয়ালৰ পৰা অহা মান সিং পুতেক ধীৰ সিঙৰ সৈতে কপিলী পৰীয়া ভুৰবন্ধা গাওঁত বসবাস কৰি আছিল। ধীৰ সিঙ এবাৰ ক্ষেত্ৰীৰ পিনে উঠি যাব খুজিছিল। কিন্তু কপিলীয়ে সেই গাওঁৰে ভকত ধূলি বৈৰাগীক সপোনত দেখুৱালে যে ধীৰ সিং উঠি গ’লে কপিলীয়ে তেওঁৰ পিছে পিছে যাব। সেইবাবে ধীৰ সিঙ গাওঁ এৰি গুচি নগ’ল। মান সিঙৰ পুত্ৰ ধীৰ সিং সন্তানহীন আছিল। এবাৰ তেওঁ কপিলীলৰ বানত উঠি অহা পানী কেঁচুৱা এটি পাই পত্নী ৰঙিলীক দিয়ে। ৰঙিলীয়ে সেই কেঁচুৱাকে নিজৰ বুলি লালন-পালন কৰিবলৈ লয়। ল’ৰাজনৰ নাম ৰূপাই সিং ৰজা। ১৯৩৪ চনৰ প্ৰচণ্ড বানৰ পিছত ধীৰ সিঙৰ মৃত্যু হয়।

বেথাৰাম পণ্ডিত: কপিলীপৰীয়া অঞ্চলৰ ভুৰবন্ধা গাওঁৰ পাতচেলা স্কুলৰ শিক্ষকজনৰ নাম বেথাৰাম পণ্ডিত। তেওঁ স্কুলত সোমোৱা দিনৰ পৰা ভুৰবন্ধা গাওঁতে থাকে। ৰূপাই, ভেদৌং, নোমল, কোমল আদি ল’ৰাবোৰ তেওঁৰ স্কুলৰ ছাত্ৰ। তেওঁ নিজৰ পথাৰত কাম-বন ঠিক ৰাখি স্কুলখন চলাই থাকে। ছাত্র-ছাত্রীসকল নামতহে ছাত্র। সিহঁত স্বভাৱত অঘাইতং। সিহঁতৰ চকু থাকে কপিলী নদীখনলৈহে। স্কুলৰ চৌহদত থকা জৰি গছজোপাৰ ছাঁটো নির্দিষ্ট ঠাইখনত পৰিলেই অর্থাৎ প্রায় এঘাৰ বজাতেই শিক্ষকজনে স্কুল ছুটি দিয়ে। যিয়েই নহওঁক শিক্ষকজনৰ ওচৰত শিক্ষা লাভ কৰি ছাত্ৰসকলে আখৰ কেইটাৰ লগত পৰিচয় হ’ব পাৰিছিল। গান্ধীজীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত বেথাৰাম পণ্ডিতে অংশ গ্রহণ কৰি জেললৈ গৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হয়।

মিনাৰাম দোকানী: মিনাৰাম দোকানী হৈছে ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ এটি সৰু হাস্যৰসাত্মক চৰিত্ৰ। তেওঁ হৈছে ভুৰবন্ধা গাওঁৰ এজন দোকানী। তেওঁ সৰলমনা। এদিনাখন ভৰ বাৰিষাকালত ৰূপাই ঘৰৰ পৰা নোহোৱা হোৱাত ককায়েক- দদায়েকহঁতে ৰূপাইক বিচাৰিবলৈ লেম্পৰ প্রয়োজন হোৱাত মিনাৰাম দোকানীৰ ঘৰলৈ গৈছে। মিনাৰামে সেই সময়ত সপোন দেখি আছিল। সপোনত তেওঁ দেখা পাইছিল যে তেওঁৰ আম কাঠৰ বাকচটো কপিলীৰ বানে উটুৱাই লৈ গৈছে। এনেতে ৰূপাইৰ দদাইহঁতে মতাত তেওঁ টোপনিৰ পৰা সাৰ পাই সিহঁতক লেম্পটো দি দিয়ে। তেওঁ সাধাৰণতে লেম্পটো কাৰোবাক দিলে ভাড়া লয় যদিও সিদিনাখন ভাড়া নললে।

মুঠতে তেওঁ উপন্যাসখনত এটা মাথো দৃশ্যত আবির্ভাব হ’লেও তেওঁৰ আবির্ভাবে হাস্যৰসৰ যোগান দিছে।

ভাঙুৰী ভকত (H. S. ’17, ’20): ভাঙুৰী ভকত হৈছে উপন্যাসখনৰ এক প্রধান চৰিত্ৰ। তেওঁ ভুৰবন্ধা গাওঁৰ এক চুকত ভকতনীৰ সৈতে বসবাস কৰে। তেওঁ সন্তানহীন। তেওঁ ৰূপাইক গীত-মাত শিকায়। ভাওনা সবাহৰ প্ৰতি তেওঁৰ বৰ আগ্রহ। বাৰ মাইল বাট কুৰি বাই হ’লেও তেওঁ ভাওনা চাবলৈ যায়। ৰূপাইক তেওঁ ভালকৈ জানে, মৰমো কৰে। ভাঙুৰী ভকতক ঔপন্যাসিকে এজন প্রগতিশীল মনৰ মানুহ হিচাপে অংকন কৰিছে। ৰূপায়ে বৃত্তি নোপোৱাত দেউতাক ধীৰ সিঙে তেওঁক খেতিৰ কামত লগাই দিব খোজাত ভাঙুৰী ভকতে ৰূপাইৰ মঙ্গল চিন্তা কৰি পুনৰ স্কুললৈ পঠাবলৈ ধীৰ সিঙক বুজনি দিছে। আনকি বেথাৰাম পণ্ডিতৰ মৃত্যু হোৱাত তেওঁ ৰূপাইৰ হতুৱাই পুনৰ স্কুল ঘৰটো নিৰ্মাণ কৰাইছে। তেওঁ

বানপানীৰ সময়ত ইংৰাজ বিষয়াৰ লগত সাহার্য অভিযানত সহযোগ আগবঢ়াইছে। এনেদৰে তেওঁ উপন্যাসখনত এক প্রগতিশীল মানসিকতাৰ ব্যক্তি হিচাপে অংকিত হৈছে।

হেমো গাওঁবুঢ়া: হেমো গাওঁ বুঢ়া অন্ধবিশ্বাসত বিশ্বাসী এজন আর্হিমূলক গাঁৱলীয়া চৰিত্ৰ। ৰূপাই শোৱাপাৰ্টীৰ পৰা নোহোৱা হোৱা ৰাতি তেওঁ ৰূপাইক বিচাৰি অকলে কপিলী নৈৰ পাৰলৈ গৈছে। তাত তেওঁ ৰূপাইক অকলশৰে নদীৰ পাৰত বহি থকা দেখা পাই তেওঁক লৈ আহোতে ৰূপাইক ভূত-যখিনীয়ে পালে বুলিও সন্দেহ কৰিছে আৰু তেওঁক ‘ৰাম’ নাম জপিবলৈ কৈছে। এওঁৰ চৰিত্ৰতো ঔপন্যাসিকে হাস্য ৰসৰ সমাবেশ ঘটাইছে।

দীনবন্ধু উকীল: ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ এটি আর্হিমূলক চৰিত্ৰ হৈছে দীন বন্ধু উকীল। তেওঁ জাতত বঙালী। শ্রীহট্টৰ ফালৰ মানুহ। তেওঁ একুৰি বছৰ ধৰি অসমত আছে যদিও অসমীয়া ভাষাটোকো শিকিব নোৱাৰিলে। ৰূপাইৰ দেউতাক ধীৰ সিঙে তেওঁক ভালকৈ চিনি পায়।

এবাৰ ৰূপাইৰ দেউতাকে ৰূপাইক উকীলৰ ঘৰত কিছুদিন থৈছিল। তাত থাকি তেওঁ বৃত্তি পৰীক্ষা দিছিল যদিও বৃত্তিটো নাপালে। পিছত দেউতাকে ৰূপাইক খেতিৰ কামত লগোৱাব খুজিলত ভাঙুৰী ভকতৰ বুজনিত ৰূপাইক দীন বন্ধু উকীলৰ ঘৰত থৈ বঙালী স্কুলত নাম লগাই দিয়ে। কিন্তু দীনবন্ধু উকীলে ৰূপাইক তেওঁৰ ঘৰৰ কামত লগাই দিয়াত পঢ়া-শুনা কৰিব নোৱাৰি পৰীক্ষাত ফেইল কৰে।

দীনবন্ধু উকীলক উপন্যাসিকে এজন সুবিধাবাদী আৰ্হি চৰিত্ৰ হিচাপে অংকন কৰাত সফল হৈছে।

 হাবিয়া (H. S. ’15, ’17): হাবিয়া হৈছে দীনবন্ধু উকীলৰ ঘৰত কাম কৰা লগুৱা। তেওঁ কামৰূপৰ ফালৰ মানুহ। তেওঁ হৈছে বিচিত্র অভিজ্ঞতাৰ ভঁৰাল। ৰূপায়ে উকীলৰ ঘৰত থকা সময়ছোৱাত হাৰিয়াৰ লগত একেখন কোঠালীতে শুইছিল। হাৰিয়াই ৰূপাইক নানা কাহিনী কৈ নিজৰ পাণ্ডিত্য প্রদর্শন কৰিছিল। সি ৰূপাইক মৰম কৰাৰ পৰিৱৰ্তে ডাবি-ধমক দি কামত লগাইছিল। তেওঁ ৰূপাইক আনকি বেডলেট ছিগাৰেট খাবলৈকো শিকাইছিল। এবাৰ ৰপাইক তেওঁৰ কাৰণে গান্ধী বিড়ি আনিবলৈ দিয়াত ৰূপাই ধৰা পৰি উকীলনীৰ গালি আৰু চৰ খাবলগা হৈছিল। হাৰিয়ায়ো ৰূপাইক কাণমুচুৰি দিছিল। ঔপন্যাসিকে উকীল-উকীলনীৰ লগতে হাৰিয়াৰো ভণ্ডামি আৰু অমানৱীতা উপন্যাসখনত অংকন কৰিবলৈ সমর্থ হৈছে।

তিলক গোসাই (H. S. ’15, ’18, ’20): তিলক গোসাঁই হৈছে ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখনৰ এজন আদর্শ গান্ধীবাদী, মানবতাবাদী, পূর্ণ বৈষৱ চৰিত্ৰ। ৰূপায়ে তিলক গোসাঁইক জেলত লগ পাইছে। জেলৰ ভিতৰতে তেওঁ গান্ধীবাদী আদর্শ আৰু স্বাধীনতা আন্দোলনৰ বাণী প্ৰচাৰ কৰিছে। ৰূপাইক তেওঁ গান্ধীজীৰ অহিংসা নীতিৰ মহিমা, সত্যাগ্রহীৰ ধৰ্ম, স্বাবলম্বীতাৰ তত্ত্ব আদি জটিল বিষয়বোৰ বুজাই দিছে। ৰূপায়ে তেওঁৰ ব্যক্তিত্বত ইমানেই মোহিত হৈছে যে তেওঁ তিলক গোসাইত শৰণ ল’বলৈ দৃঢ়সংকল্প লৈছে। জেলৰ পৰা বাহিৰ হৈ কিছুদিন পিছত ৰূপায়ে তিলক গোসাইত শৰণ ল’বলৈ হাবিয়াস কৰি তেওঁক বিচাৰি তেওঁৰ গাওঁখনলৈ গৈছে। কিন্তু তিলক গোসাঁইয়ে কৈছে যে তেওঁ ৰূপাইক শৰণ দিব নোৱাৰে। তেওঁ নিজে মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু আদৰ্শৰ ওচৰতহে শৰণ লৈছে। তেওঁ অন্যান্য গোসাঁইৰ দৰে শৰণ দি শৰণ দিয়াৰ নামত শিষ্যক ঠগাব নোৱাৰে। ইয়াতে তেওঁৰ মানৱতাবাদ, নৈষ্ঠিকতা, স্বদেশপ্রেম আদি গুণ প্রকাশ পাইছে।

সোণপাহী (H. S. ’16, ’19): সোণপাহী হৈছে ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসৰ এটি আকর্ষণীয় চৰিত্ৰ। তাই ক্ষণিকৰ বাবে আবির্ভাব হৈছে যদিও তেওঁ উপন্যাসখনৰ শেষাংশক পৰিণতিৰ ফালে আগবঢ়াই লৈ গৈছে।

সোণপাহীক ১৯৩৪ চনত হোৱা প্রলয়ংকৰী কপিলী নৈৰ বানত বিধ্বস্ত হৈ গছৰ ডালত আশ্রয় লোবা করুণ, অসহায় নাঙঠ অৱস্থাত ৰূপাই আৰু তিলক গোসাঁইয়ে উদ্ধাৰ কৰে।

ইয়াৰ কিছুদিন পিছত ৰবৰূপায়ে আত্মহত্যা কৰাৰ উদ্দেশ্যে কপিলী নৈত জাপ দিয়াত সোণপাহি আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে।

তেতিয়াৰ পৰা ৰূপাই আৰু সোণপাহীৰ মাজত প্রণয় হয়। সিহঁতে প্রায় প্রতি নিশাই গোসাঁই পুখুৰীৰ পাৰত লগ লাগি প্রণয় মিলন সম্ভোগ কৰাত সোণপাহী অন্তঃসত্বা হয়। পিছত সোণপাহীয়ে ৰূপাইক বিয়াৰ প্রস্তাৱ দিয়াত ৰূপায়ে অস্বীকাৰ কৰাত তাই দুখে-বেজাৰে, অপমান-অভিমানত কপিলীৰ বুকুত জাপ দি আত্মহত্যা কৰে।

এইদৰে ঔপন্যাসিক নৱকান্ত বৰুৱাই সোণপাহীক এজনী কাব্যিক আৰু কৰুণ চৰিত্ৰ হিচাপে অংকন কৰিছে।

চামণ্ডৰীয়া (H. S. ’15, ’17): চামগুৰীয়া হৈছে তিলক গোসাঁইৰ ঘৰত কাম-বন কৰা আৰু তিলক গোসহিক আলপৈচান ধৰা লগুৱা। তেওঁ ঘৰখনৰ বজাৰ-সমাৰ কৰি দিয়ে। তেওঁৰ আচাৰ-আচৰণ সন্তোষজনক। ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাত চামগুৰীয়াই ৰূপাইক থকা-খোৱাৰ যত্ন লৈছে।

উপন্যাসখনত তেওঁৰ ভূমিকা কম যদিও তেওঁক এজন ভাল চৰিত্ৰ হিচাপে ঔপন্যাসিকে অংকন কৰিছে।

সুলভ দোকানী (H. S. ’15, 16, 18): সুলভ দোকানী হৈছে নৱকান্ত বৰুৱাই ৰচনা কৰা ‘কপিলীপৰীয়া সাধু’ উপন্যাসৰ এটি নেতিবাচক চৰিত্ৰ। তেওঁ এজন বৰ স্বাৰ্থপৰ, হিংসুক আৰু চতুৰ লোক আছিল। তেওঁ বসু গোসাঁই নামৰ লোক এজনৰ দোকান পুলিচৰ হতুৱাই ভাঙি দি নিজৰ সুবিধা কৰি লৈছিল। দোকানৰ বাকীৰ নামত তেওঁ দুৰ্বলীৰ পৰা মাটি পর্যন্ত কাঢ়ি লৈছিল। তিলক গোসাঁইৰ প্ৰতিও তেওঁ আখেজী আছিল।

চুধাংচু বাবু (H. S. ’15, ’20): চুধাংচু বাবু নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়া সাধু’ উপন্যাসটিৰ এটি গৌণ চৰিত্ৰ। ৰূপায়ে তেওঁক গুৱাহাটী জেলত লগ পাইছিল। মানুহজন আছিল ওখ আৰু ক্ষীণ। তেওঁৰ গাত উদফাইৰ দোষ আছিল। তেওঁ সেহাই সেহাই কথা কৈছিল। গুৱাহাটীৰ পাণবজাৰত তেওঁৰ ‘ডি ৰেডিমণি কোম্পানী’ নামৰ কাপোৰ আৰু মণিহাৰীৰ দোকান আছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত তেওঁ নিজ দোকানৰ বিলাতী কাপোৰবোৰ জ্বলাই দি কংগ্রেছত যোগদান কৰিছিল। জেলত থকা সময়ত তেওঁ বাংলা স্বদেশপ্রেমমূলক গান গাইছিল। চুধাংচু বাবুয়ে ৰূপাইক ‘ক্ষুদীৰামহঁতৰ কাহিনী’ আৰু ‘সাতাবন্ন ছাল’ সাধু শুনাইছিল।

কপিলী (H. S. ’16): কপিলী হৈছে অসম নগাওঁ জিলাৰ ওপৰেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ ন’দৰ এখন
উপনৈ। নৈ খন সৰু যদিও প্রতিবছৰ বাৰিষাৰ সময়ত ই বলিয়া ৰূপ ধাৰণ কৰি ইয়াৰ উপকূল বান বিধ্বস্ত কৰি দুখীয়া ৰাইজক জীয়াতু ভূগায়। এই নদীৰ দুয়োপাৰৰ ৰাইজে নদীখনৰ পৰা মাছ-কাছ ধৰি জীৱিকা নির্বাহ কৰে। সেয়ে নৈখন ইয়াৰ মানুহৰ বৰ আপোন। নৱকান্ত বৰুৱাই ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখন এই কপিলী নদীক কেন্দ্ৰ কৰি ৰচনা কৰিছে। কপিলী নদীখন হৈছে ৰাইজৰ সুখ আৰু দুখৰ, জীৱন আৰু মৃত্যুৰ প্রতীক।

গোসাঁই পুখুৰী (H. S. ’17, ’18): গোসাঁই পুখুৰীটো ৰূপাইহঁতৰ ঘৰৰ পৰা দুমাইলমান দূৰত থকা সোণপাহীহঁতৰ গাওঁৰ বাহিৰৰ এটি অন্যতম ঐতিহ্যময় পুখুৰী। পুখুৰীটো কোনে কেতিয়া খন্দাইছিল তাৰ ইতিহাস অজ্ঞাত। পুখুৰীটোৰ দুয়োপাৰ অতি ওখ। পাৰত থকা ফল-মূলৰ গছবোৰৰ পৰা সৰি পৰা ফলবোৰ কোনেও নাখায়। সকলোৱে ভয় কৰে কিবা কালিকা থকা বুলি। তাত থকা কাছবোৰৰ পিঠিত শেলুৱৈ গজিছে। খাজখাই থকা মাছবোৰো ৰাইজে নামাৰে।

পুখুৰীটোৰ লগত এটি কিংবদন্তী জড়িত হৈ আছে। কিংবদন্তীটো হ’ল- গাওঁত কালীয় দমনৰ ভাওনা হ’লে গোসাঁই ঘৰৰ ল’ৰাই ভাও লোৱাটো হেনো এটি পৰম্পৰা। ভাওনাত কৃষ্ণৰ ভাও লোৱা ল’ৰাজন পাতাললৈ সোমাই যায় আৰু তাত এটি পুখুৰীৰ সৃষ্টি হয়। এনেদৰে গোসাঁই পুখুৰীটোৱে যুগ যুগ ধৰি চুবুৰীয়া গাওঁবাসীৰ মনত ভয়, শ্রদ্ধা আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

২২। বেথাৰাম পণ্ডিতৰ আচল ঘৰ ক’ত আছিল? তেওঁৰ বিষয়ে চমুকৈ লিখা। H. S. ’16, ’19

উত্তৰ: কপিলীপৰীয়া অঞ্চলৰ ভুৰবন্ধা গাওঁৰ পাতচেলা স্কুলৰ শিক্ষকজনৰ নাম বেথাৰাম পণ্ডিত। তেওঁ স্কুলত সোমোৱা দিনৰ পৰা ভুৰবন্ধা গাওঁতে থাকে। ৰূপাই, ভেদৌং, নোমল, কোমল আদি ল’ৰাবোৰ তেওঁৰ স্কুলৰ ছাত্র। তেওঁ নিজৰ পথাৰত কাম-বন ঠিক ৰাখি স্কুলখন চলাই থাকে। ছাত্র-ছাত্রীসকল নামতহে ছাত্র। সিহঁত স্বভাৱত অঘাইতং। সিহঁতৰ চকু থাকে কপিলী নদীখনলৈহে। স্কুলৰ চৌহদত থকা জৰি গছজোপাৰ ছাঁটো নির্দিষ্ট ঠাইখনত পৰিলেই অর্থাৎ প্রায় এঘাৰ বজাতেই শিক্ষকজনে স্কুল ছুটি দিয়ে। যিয়েই নহওঁক শিক্ষকজনৰ ওচৰত শিক্ষা লাভ কৰি ছাত্ৰসকলে আখৰ কেইটাৰ লগত পৰিচয় হ’ব পাৰিছিল। গান্ধীজীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত বেথাৰাম পণ্ডিতে অংশ গ্রহণ কৰি জেললৈ গৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হয়।

২৩। (ক) নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়াৰ সাধু’ উপন্যাসত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু মহাত্মা গান্ধীৰ প্ৰসংগ কেনেদৰে উত্থাপিত হৈছে আলোচনা কৰা। H. S. ’20

উত্তৰ: নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু মহাত্মা গান্ধীৰ প্ৰসংগ উত্থাপিত হৈছে।

উপন্যাসখনৰ নায়ক ৰূপায়ে ভালদৰে পঢ়া-শুনা কৰিব নোৱাৰাত দেউতা ধীৰ সিঙে তেওঁক কিছুদিন দীনবন্ধু উকিলৰ ঘৰত থৈ লিখা-পঢ়া শিকোৱাৰ ব্যৱস্থা কৰে। তাত তেওঁ উকিলনী আৰু হাৰিয়া নামৰ লগুৱাৰ ডাবি-ধমকি খাই থাকে যদিও লিখা-পঢ়াত আগুৱাব নোৱাৰি পৰীক্ষাত ফেইল কৰে। কিন্তু এই সময়ছোৱাত তেওঁ মহাত্মা গান্ধীৰ দ্বাৰা দেশত চলি থকা স্বাধীনতা আন্দোলনৰ প্ৰতি উদ্বুদ্ধ হয়। কিছুদিন পিছত তেওঁ দীনবন্ধু উকিলৰ ঘৰৰ পৰা গুচি আহে। তেওঁ স্বাধীনতা আন্দোলনকাৰীসকলৰ মুখত, ‘গান্ধী মহাৰাজৰ জয়’, কংগ্ৰেছৰ জয়’, ‘বন্দে মাতৰম’ আদি শ্লোগান শুনিবলৈ পাই স্বাধীনতা আন্দোলনত যোগ দিয়ে আৰু কাৰাবাস খাটিবলগীয়া হয়। কাৰাগাৰতে তিলক গোসাঁই নামৰ এজন গান্ধীবাদী বিপ্লবীক লগ পায়। তেওঁৰ পৰা গান্ধীজীৰ সত্যাগ্রহ, অহিংস নীতি, স্বদেশপ্রেম আদি ভালেমান বিষয়ৰ জ্ঞান লাভ কৰে।

তিলক গোসাঁইৰ ব্যক্তিত্বত ৰূপাই ইমানেই মোহিত হয় যে তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিয়েই তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ দৃঢ় সংকল্প লয়। এদিনাখন তেওঁ শৰণ লোৱাৰ উদ্দেশ্যে তিলক গোসাঁইৰ ঘৰলৈ যায় যদিও তিলক গোসাঁইয়ে তেওঁক শৰণ নিদি কয়, “.. দুয়ো হৰি ভকত। একেজনতে শৰণ লৈছে – মহাত্মা গান্ধীৰ।”

তেতিয়াৰ পৰা ৰূপাইয়ে কর্মকে ধর্ম মানি ঠিৰাং কৰে, “সি কাম কৰি যাব। নিজৰ গাঁৱৰ, দেশৰ।” এনেদৰে ‘কপিলীপৰীয়া সাধু’ উপন্যাসটিত স্বাধীনতা আন্দোলন আৰু গান্ধীজীৰ প্ৰসংগ উত্থাপিত হৈছে।

২৪। ‘ৰজা পোৱালিৰ দেশ’ বুলি ঔপন্যাসিকে কোন কেইখন ঠাই সাতে-পাঁচে বাৰঘৰ ৰজাৰ কথা উল্লেখ কৰিছে? H. S. ’20

উত্তৰ: ‘ৰজা পোৱালিৰ দেশ’ বুলি ঔপন্যাসিক নৱকান্ত বৰুৱাই বাৰপূজীয়া, গোভা, নেলী, খলা, ডিমৰুৱা এই ঠাইবোৰৰ সাতে পাঁচে বাৰঘৰ ৰজাৰ কথা উল্লেখ কৰিছে।

২৫। ৰূপচিং ৰজাই তিলক গোঁসাইলৈ লিখা চিঠিখনৰ মর্মার্থ কি আছিল? H. S. ’20

উত্তৰ: ৰূপাই বাস কৰা ভুৰবন্ধা গাওঁৰ পাতচেলাত এখন প্রাথমিক বিদ্যালয় আছিল। এই স্কুলৰ শিক্ষক বেথাৰাম পণ্ডিতৰ মৃত্যু হোৱাত বিদ্যালয়খনত শিক্ষক নোহোৱা হয়। তেতিয়া স্কুলখন জীয়াই ৰাখিবলৈ ৰূপচিং ৰজাই এজন শিক্ষক যোগাৰ কৰি দিবলৈ তিলক গোসাঁলৈ এখন চিঠি লিখে। গাওঁৰ মানুহবিলাকে ৰূপাইৰ ওপৰত বিশ্বাস ৰাখিছিল যে তেওঁ চেষ্টা কৰিলে স্কুলখনৰ বাবে এজন শিক্ষক যোগাৰ কৰিব পাৰিব। তেওঁৰ অনুৰোধত তিলক গোসাঁইয়ে স্কুলখনৰ বাবে এজন শিক্ষক যোগাৰ কৰি দিছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment