Join WhatsApp

Join Now

Join Telegram

Join Now

আমাৰ ছাৰ Class 12 Advance Assamese Chapter 11 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক আমাৰ ছাৰ Class 12 Advance Assamese Chapter 11 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

আমাৰ ছাৰ Class 12 Advance Assamese Chapter 11 Solutions

আমাৰ ছাৰ Class 12 Advance Assamese Chapter 11 Solutions

গোট-৪ চুটিগল্প (নম্বৰ ১০)

আমাৰ ছাৰ – যোগেশ দাস

লেখক পৰিচয়ঃ যোগেশ দাস (১৯২৮-১৯৯৯) এজন অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় ডুমডুমাব হাঁহচৰা বাগিছাত। চাহ বাগিছাৰ বিদ্যালয়ত তেওঁ প্রাথমিক শিক্ষা লাভ কৰে। ১৯৪৯ চনত অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ডুমডুমা হাই স্কুলত শিক্ষকতা কৰিবলৈ লয়। ১৯৫৩ চনত তেওঁ গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে নিযুক্ত হয় আৰু সেই বিভাগৰ মুৰব্বী অধ্যপক ৰূপে অৱসৰ গ্ৰহণ কৰে।

অধ্যাপনা কৰাৰ লগে লেগ তেওঁ ‘নতুন অসমীয়া’, কাকতৰ উপসম্পাদক, ‘দৈনিক অসম’ৰ সহকাৰী সম্পাদক, ‘প্ৰহৰী’ আৰু ‘অধিনায়ক’ আলোচনীৰ সম্পাদক আছিল। অসম সাহিত্য সভাৰ এক-পঞ্চাশতম অধিবেশনত যোগেশ দাসে সভাপতিত্ব কৰিছিল। তেওঁ সাহিত্য চর্চাৰ স্বীকৃতি হিচাপে বহুতো বঁটা-বাহন লাভ কৰিছিল।

তেওঁ বহুতো উপন্যাস আৰু গল্প ৰচনা কৰিছিল। তেওঁৰ ‘ডাৱৰ আৰু নাই’ উপন্যাসখন বিখ্যাত সামাজিক উপন্যাস। ‘পৃথিৱীৰ অসুখ’ হৈছে তেওঁৰ এক বলিষ্ঠ গল্প সংকলন। এই গল্প সংকলনখনৰ বাবে তেওঁ সাহিত্য একাডেমীৰ বঁটা লাভ কৰে।

১৯৯৯ চনত তেওঁ ইহলীলা সম্বৰণ কৰে।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

১।’ আমাৰ ছাৰ’ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো লেখকে কেনেদৰে দাঙি ধৰিছে লিখা। H. S. ’16, ’19

উত্তৰ: ‘আমাৰ ছাৰ’ নামৰ গল্পটিত লিখক যোগেশ দাসে সমসাময়িক গ্রাম্য সমাজখনত ছাত্ৰ আৰু শিক্ষকৰ মাজত থকা মধুৰ আৰু অকপট সম্পৰ্কৰ এক বাস্তব চিত্র দাঙি ধৰিছে।

শিক্ষকজনৰ নাম আছিল ধৰণীধৰ বৰুৱা। কিন্তু সকলোৱে তেওঁক ‘ছাৰ’ বুলিয়েই সম্বোধন কৰিছিল। তেওঁ আছিল আদর্শবান, দায়িত্বশীল, কর্তব্যপৰায়ণ আৰু মৰমীয়াল। তেওঁৰ লগত অঞ্চলটোৰ সকলোৰে লগত এক সুমধুৰ আত্মিক সম্পর্ক আছিল। শিক্ষক হিচাপে তেওঁ আছিল কঠোৰ, নিয়মানুবর্তি, সংযমী, খাল আৰু একেসময়তে বৰ মৰমীয়াল। কোনো ছাত্র লিখা-পঢ়াত অমনোযোগী হ’লে, স্কুল ক্ষতি কৰিলে আৰু স্কুলৰ নীতি-নিয়ম ভংগ কৰিলে তেওঁ বৰ কঠোৰ হৈ পৰিছিল। আনহাতে ছাত্র-ছাত্রীসকলৰ লিখা-পঢ়াৰ প্ৰতি বৰ মনোযোগী আৰু দায়িত্বশীল আছিল। কোনোৱা ছাত্র দুর্বল হ’লে প্রয়োজনত অতিৰিক্ত সময়ত পড়ুৱাইছিল বা ঘৰত গৈ হ’লেও তত্বাবধান লৈছিল। কাৰোবাৰ অসুখ-বিসুখ হ’লে তাৰো খবৰ কৰিছিল। তেওঁ সকলো ছাত্রকে নিজৰ সন্তানৰ দৰে মৰম কৰিছিল যদিও কোনো ছাত্র স্কুলৰ নীতি-নিয়ম ভংগ কৰিলে তাৰ প্ৰতি কঠোৰ হৈ শাস্তিও দিছিল। কিন্তু তেওঁৰ মৰমীয়াল ব্যৱহাৰত ছাত্র-ছাত্রীয়ে তেওঁৰ কঠোৰতা পাহৰি তেওঁক শ্রদ্ধা-ভক্তি কৰিছিল।

মুঠতে এজন দায়িত্বশীল আদর্শবান শিক্ষকৰ থাকিবলগীয়া আটাইবোৰ গুণেই শিক্ষকজনৰ আছিল।

২। ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম কি? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুৱা। H. S. ’12, 18, 20

নাইবা

আমাৰ ছাৰ কোন? তেওঁৰ বিষয়ে চমুকৈ লিখা। H. S. ’14, ’15

উত্তৰ: যোগেশ দাস ৰচিত ‘আমাৰ ছাৰ’ নামৰ গল্পটিৰ প্রধান চৰিত্ৰটি হৈছে ‘আমাৰ ছাৰ’। তেওঁৰ প্রকৃত নাম ধৰণীধৰ বৰুৱা। গল্পটিত তেওঁক এজন আদর্শ শিক্ষক হিচাপে চৰিত্রাঙ্কন কৰাৰ উপৰিও এজন আদর্শ সামাজিক ব্যক্তি হিচাপে গল্পকাৰে উপস্থাপন কৰিছে।

শিক্ষক হিচাপে তেওঁ আছিল কঠোৰ, নিয়মানুবর্তি, সংযমী, খঙাল আৰু একেসময়তে বৰ মৰমীয়াল। কোনো ছাত্র লিখা-পঢ়াত অমনোযোগী হ’লে, স্কুল ক্ষতি কৰিলে আৰু স্কুলৰ নীতি-নিয়ম ভংগ কৰিলে তেওঁ বৰ কঠোৰ হৈ পৰিছিল। আনহাতে ছাত্র-ছাত্রীসকলৰ লিখা-পঢ়াৰ প্ৰতি বৰ মনোযোগী আৰু দায়িত্বশীল আছিল। কোনোৱা ছাত্র দুর্বল হ’লে প্রয়োজনত অতিৰিক্ত সময়ত পঢ়ুৱাইছিল বা ঘৰত গৈ হ’লেও তত্ত্বাবধান লৈছিল। অর্থাৎ এজন শিক্ষক হিচাপে থাকিবলগীয়া সকলোখিনি গুণেই তেওঁৰ আছিল।

ধৰণীধৰ বৰুৱা এজন আদর্শ শিক্ষক হোৱাৰ উপৰিও ব্যক্তি হিচাপে তেওঁ আছিল মহান, মানৱ দৰদী আৰু দায়িত্বশীল। সেয়ে তেওঁ পয়সত্তৰ বছৰ বয়সতো এসময়ৰ ছাত্ৰ পদ্মেশ্বৰৰ জীয়েক মিনুৰ বিয়ালৈ গৈছে। তেওঁ যে কেৱল নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সেই বিয়ালৈ গৈছে সেয়া নহয়, তেওঁ বিয়া ঘৰৰ ইটো-সিটো তদাৰকো কৰিবলৈ লৈছে। বিয়া ঘৰত লগ পোৱা তেওঁৰ পুৰণি ছাত্ৰসকলক সিহঁতৰ কুশল বার্তা সুধিছে। শিক্ষকজনক এজন মহানুভব ব্যক্তি হিচাপেও লিখকে অংকন কৰিছে। সেয়ে তেওঁ আশীষ বচনৰ সৈতে কইনাগৰাকীক এটি সোণৰ আঙঠি উপহাৰ দিছে। দৰালৈয়ো আর্শীবাদ স্বৰূপে তিনিগজ আদ্দি আগবঢ়াইছে। তেওঁ বিয়াৰ শেষলৈকে উপস্থিত থাকি বিয়াখন যাতে সুকলমে সম্পন্ন হয় তাৰো তদাৰক কৰিছে। কন্যাদানৰ সময়ত শোকত ভাঙি পৰা কইনাৰ দেউতাক পদ্মেশ্বৰক সান্ত্বনা বাণী শুনাইছে। এইদৰে লিখক যোগেশ দাসদেবে গল্পটিত শিক্ষকৰ চৰিত্ৰটি উজ্জ্বল ৰূপত অংকন কৰিছে।

৩। (ক) ‘আমাৰ ছাৰ’ গল্পটিৰ আধাৰত পদ্মেশ্বৰৰ চাৰিত্ৰিক গুণাবলীৰ বিষয়ে চমুকৈ লিখা। H. S. ’19

উত্তৰ: পদ্মেশ্বৰ হৈছে যোগেশ দাসে ৰচনা কৰা ‘আমাৰ ছাৰ’ গল্পটিৰ এটি চৰিত্র। লিখকে তেওঁৰ ছাত্র জীৱন আৰু গ্রার্হস্থ্য জীৱনৰ স্বভাৱ গল্পটিত দাঙি ধৰিছে। পদ্মেশ্বৰে ধৰণীধৰ বৰুৱাই শিক্ষকতা কৰা বিদ্যালয়খনত প্রাথমিক শিক্ষা গ্রহণ কৰিছিল। ছাত্র অবস্থাত পদ্মেশ্বৰ বৰ উৎপতীয়া স্বভাৱৰ আছিল। মাজে মাজে স্কুলৰ পৰা পলাই চিনোম চাবলৈ গৈছিল। ফলত পিছদিনা শিক্ষকৰ শাস্তি খাবলগা হৈছিল। এবাৰ বছৰেকীয়া পৰীক্ষাৰ সময় পিছুৱাই দিবৰ বাবে বিকট শব্দ কৰা ফটকা এটা ফুটাই দি হুলস্থুলৰ সৃষ্টি কৰিছিল। কিন্তু বিয়া-বাৰু কৰাৰ পিছত এই উৎপতীয়া ল’ৰাজন শান্ত, শিষ্ট আৰু ধীর-স্থিৰ হৈ পৰিছিল। তেওঁ পৰোপকাৰী আৰু আদর্শবান ব্যক্তি হিচাপেও গল্পটিত অংকিত হৈছে। তেওঁ ছাত্র অবস্থাত খেলত সুনাম অর্জন কৰিছিল। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ধৰণীধৰ বৰুৱাৰ প্ৰতি তেওঁৰ যথেষ্ট শ্রদ্ধা ভাব আছে। সেয়ে নিজৰ ছোৱালীৰ বিয়াত শিক্ষকজনক নিমন্ত্রণ জনাই তেওঁৰ বাবে বিশেষ খোৱা-লোৱাৰ ব্যৱস্থা কৰিছে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) কিমান চনত যোগেশ দাসৰ জন্ম হৈছিল?

উত্তৰ: ১৯২৮ চনত।

(খ) যোগেশ দাস ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: ডুমডুমাৰ হাঁহচৰা চাহ বাগিছাত।

(গ) যোগেশ দাস কি কি আলোচনী সম্পাদনা কৰিছিল?

উত্তৰ: ‘প্ৰহৰী’ আৰু ‘অধিনায়ক’।

(ঘ) যোগেশ দাসে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।

উত্তৰ: ডাৱৰ আৰু নাই।

(ঙ) যোগেশ দাসৰ এখন গল্প পুথিৰ নাম লিখা।

উত্তৰ: পৃথিৱীৰ অসুখ।

(চ) কোনখন গ্ৰন্থৰ বাবে যোগেশ দাসে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? H. S. ’14, ’16

উত্তৰ: পৃথিৱীৰ অসুখ।

(ছ) মনোৰঞ্জন হাজৰাক লগৰীয়াসকলে কি নামেৰে গালি পাৰিছিল?

উত্তৰ: ‘নোমটেঙৰ বঙালি’ বুলি।

(জ) দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা যোগেশ দাসৰ উপন্যাসখনৰ নাম লিখা। H. S. ’17

উত্তৰ: ‘ডাৱৰ আৰু নাই’।

(ঝ) ‘পৃথিবীৰ অসুখ’ কোন শ্ৰেণীৰ গ্ৰন্থ? H. S. ’19

উত্তৰ: ‘পৃথিৱীৰ অসুখ’ এখন গল্প পুথি।

(খ) যোগেশ দাসে কোন চনত ‘অসম উপত্যকাৰ বঁটা’ লাভ কৰিছিল? H. S. ’18

উত্তৰঃ ১৯৯৪ চনত।

২। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়াঃ

(ক) ‘চাঞ্চটো ললো, বেয়া নাপাবি।’ সংলাপফাকিৰ বক্তা কোন? তেওঁ কি চাঞ্চ লোৱাৰ কথা কৈছে? H. S. ’12

উত্তৰ: প্রশ্নত উদ্ধৃত কথাষাৰৰ বক্তা হ’ল মনোৰঞ্জন হাজৰা। পদ্মেশ্বৰৰ জীয়ৰী মিনুৰ বিয়াত ধৰণীধৰ নামৰ শিক্ষকজন যোৱাত শিক্ষকজনৰ প্ৰাক্তন ছাত্রকেইজনে শিক্ষকজনক আলপৈচান ধৰাৰ সময়ত মনোৰঞ্জন হাজৰাই এখন বিচনীৰে শিক্ষকজনক বিচি দিয়াত শিক্ষকজনে তেওঁক প্রশংসা কৰে। হাজৰাই ছাৰৰ প্ৰশংসা পোৱাত আনবোৰ ছাত্ৰই ক্ষোভিত হোৱাত হাজৰাই লগৰীয়াবোৰক তেনেদৰে কৈছিল।

(খ) ‘গালি পৰা কথাটোৰ অৰ্থ আছে।’ কি কাৰণত ছাৰে কাক গালি পাৰিছিল? H. S. ’20

উত্তৰ: পদ্মেশ্বৰে নিজৰ জীয়েকৰ বিয়ালৈ তেওঁৰ একালৰ শিক্ষক ধৰণীধৰ বৰুৱাক নিমন্ত্রণ জনাইছিল। তেওঁক আদৰি আনিবলৈ শিক্ষকজনৰ কেইজনমান ডেকা ছাত্রই বাটলৈ আগবাঢ়ি গৈছিল। চাইকেল চলাই আহি থকা ধৰণীধৰক দেখি এজন ছাত্রই শিক্ষকজনক চাইকেল চলোৱাৰ পৰা বিৰত থাকিবলৈ কৈছিল কিজানি কোনাবা গাড়ীৰ খুন্দাত শিক্ষকজনেদুখ পাব বুলি।

ছাত্ৰজনৰ কথা শুনি ধৰণীধৰ বৰুৱাই ছাত্রকেইজনক গালি পাৰিছিল। ইয়াৰ দ্বাৰা শিক্ষকজনে বুজাব বিচাৰিছিল যে তেওঁ বুঢ়া হ’লেও চাইকেল চলাবলৈ সাহস আৰু সামর্থ আছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment