Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুেবাৰ

By Rabbi Masrur

Published On:

Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুেবাৰ

অধ্যায় – 1

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(1)

1. তলৰ কোনবোৰ পদার্থ?

চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাস।

উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়।

2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দশোৱা। কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ আমি জানো যে সকলো পদার্থ ক্ষুদ্র ক্ষুদ্র কণিকাৰে গঠিত আৰু এই কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰে তাপ পালে গতিশক্তি বাঢ়ি যায়। ফলত ই বহু দূৰলৈকে বিয়পি পৰে। যাৰ বাবে কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ বহু দূৰলৈ যায়।

আনহাতে, ঠাণ্ডা বস্তুৰ কণিকাবোৰে বেছি দূৰ অতিক্ৰম নকৰে বাবে ইয়াৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

3. এজন ডুৱাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব?

উত্তৰঃ পানীৰ আন্তঃআণরিক বল কম বাবে কার্যটো সম্ভব।

4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?

উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হ’ল-

(a) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।

(b) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে।

(c) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকর্ষণ আছে।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(2)

পদাৰ্থৰ প্রতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে

2. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।

(b) তলৰ বিভিন্ন বিলাকৰ ওপৰত মন্তব্য দিয়া-দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic en-ergy) আৰু ঘনত্ব (density)।

উত্তৰঃ (a)

kinetic en-ergy

3. কাৰণ দর্শোৱা-

(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।

(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।

(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

উত্তৰঃ (a) গেছত থকা কণিকাবোৰৰ মাজত আকর্ষণ বল কম হোৱা বাবে গেছৰ কণিকাবোৰে সকলোপিনে ইচ্ছামতে গতি কৰিব পাৰে। ফলত যি পাত্ৰত গেছ ৰখা হয় সেই পাত্রটো গেছে সম্পূর্ণভাৱে ভৰি পৰে।

(b) গেছৰ অণুবোৰে সকলো পিনে ইচ্ছামতে গতি কৰে। গতি কৰাৰ সময়ত কণিকাবোৰৰ মাজত পৰস্পৰে পৰস্পৰৰ মাজত সংঘর্ষ হয়। যি পাত্রত গেছ ৰখা হয় সেই পাত্ৰৰ বেৰত গেছৰ কণিকাবোৰে খুন্দামাৰে। ফলত পাত্ৰৰ বেৰত স্থিৰ বল প্রয়োগ হয়। পাত্ৰৰ বেৰত প্ৰতি একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা বলেই হ’ল চাপ।

(c) কাঠৰ কণিকাবোৰ স্থিৰ আৰু কাঠৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি আছে। সেইবাবে কাঠেৰে তৈয়াৰী টেবুল এখনক কঠিন পদার্থ বুলি ক’ব পাৰি।

(d) বায়ুৰ কণিকাবোৰৰ মাজত দূৰত্ব বেছি হোৱা বাবে আকর্ষণ বল কম হয়। সেইবাবে আমি বায়ুত ইচ্ছামতে হাত ঘূৰাব পাৰি।
কাঠৰ কণিকাবোৰৰ মাজত দূৰত্ব কম হোৱা বাবে সিহঁতৰ মাজত থকা আকর্ষণ বল বেছি। যাৰফলত কাঠ এডোখৰৰ মাজেৰে হাত ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে- বৰফ পানীত ওপড়ে; কিয় বাৰু?

উত্তৰঃ বৰফ সম আয়তনৰ, পানী অপেক্ষা পাতল। 11 ঘন চে.মি. পানীৰ ওজন 12 ঘন চে.মি বৰফৰ ওজনৰ সমান। সেয়ে 12 ঘন চে.মি. পানীৰ ওজন বৰফৰ তুলনাত বেছি হোৱাত বৰফৰ ওপৰত মুঠ উর্ধচাপ বেছি হয়। যাৰ ফলত বৰফৰ তুলনাত পানীৰ ঘনত্ব কম হোৱা সত্ত্বেও বৰফ পানীত ওপঙে।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(3)

1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্রকাশ কৰা।

(a) 300K

(b) 573K

উত্তৰঃ আমি জানো যে, 0°C = 273 K (কেলভিন)

(a) 300 K;(300 – 273) = 27°C

(b) 573 K;(573 – 273) = 300°C

2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব?

(a) 250° C

(b) 100° C

উত্তৰঃ (a) 250°C উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব।

(b) 100° C উষ্ণতাত পানী তৰল আৰু গেছীয় অৱস্থাত থাকিব।

3. কোনো এটা পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?

উত্তৰঃ কোনো এটা পদাৰ্থৰ অৱস্থাৰ স্থানান্তৰ ঘটাৰ সময়ত উষ্ণতাৰ কোনো পৰিৱৰ্তন নঘটে। এই পৰিৱৰ্তনৰ বাবে তাপ শক্তিৰ প্ৰয়োজন হয়। কিন্তু এই শোষিত তাপ আমি থার্ম’মিটাৰৰ সহায়ত ধৰিব নোৱাৰি। এই তাপ পদাৰ্থৰ স্থানান্তৰণৰ বাবে খৰচ হয়। এই তাপকে লীনতাপ বোলে। অর্থাৎ, ই কণাসমূহৰ গতিশক্তি বৃদ্ধি নকৰে আৰু কণাসমূহৰ আন্তঃ আকর্ষণ বলৰ বাবে ব্যৱহাৰ হয়। সেইবাবে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত উষ্ণতাৰ পৰিৱৰ্তন নঘটে।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।

উত্তৰঃ চাপ বৃদ্ধি কৰি বা উষ্ণতা হ্রাস কৰি বায়ুমণ্ডলীয় গেছ তৰললৈ পৰিৱৰ্তন কৰিব পাৰি।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

(4)

1. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?

উত্তৰঃ Desert Cooler এটাই গৰম আৰু শুকান সময়ত জলবায়ু ঠাণ্ডা অনুভৱ কৰাৰ বাবে উচ্চ উষ্ণতাত বাষ্পায়নৰ হাৰ বৃদ্ধি কৰে আৰু বায়ুৰ শুষ্কতাও পানীৰ বাষ্পায়নৰ হাৰ বৃদ্ধি কৰে। ফলত Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।

2. গ্রীষ্ম কালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?

উত্তৰঃ মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্র থাকে। এই ছিদ্রবোৰেৰে পানীৰ কণাবোৰ বাহিৰ হৈ আহে। ভিতৰত পানীৰ পৰা নিৰ্গত তাপে পানীৰ কণাবোৰক বাষ্পীভূত কৰে। ফলত পাত্ৰৰ ভিতৰৰৰ পানীখিনি ঠাণ্ডা হয়।

3. হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভব হয় কিয়?

উত্তৰঃ এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ হাতৰ তলুৱাত ঢালি দিলে এইবোৰৰ কণাসমূহে কৰতলৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত কৰে। ফলত তলুৱাত ঠাণ্ডা অনুভৱ হয়।

4. গমৰ চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?

উত্তৰঃ এটা কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি হোৱাৰ বাবে প্লেটত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰ কাপত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰতকৈ বেছি হয়। ফলত প্লেটত থকা চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়। সেইবাবে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ হয়।

5. গ্রীষ্ম কালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?

উত্তৰঃ কপাহী কাপোৰে আমাৰ শৰীৰৰ পৰা ওলোৱা ঘাম শোষণ কৰি লৈ বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে, যাৰ বাবে আমাৰ শৰীৰে ঠাণ্ডা অনুভৱ কৰে। সেইবাবে গ্রীষ্ম কালত কপাহী কাপোৰ পিন্ধিব লাগে।

অনুশীলনীৰ প্রশ্নোত্তৰ

1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্রকাশ কৰা।

(a) 293K

(b) 470K

উত্তৰঃ আমি জানো যে, 0°C = 273 K (কেলভিন)

(a) 293 K;(293 – 273) = 20°C

(b) 470 K;(470 – 273) = 197°C

2. তলৰ উষ্ণতাবিলাক কেলভিনত প্রকাশ কৰা।

(a) 25°C

(b) 373° C

উত্তৰঃ আমি জানো যে, 273 K = 0°C

(a) 25° C;(273 + 25) = 298K

(b) 373° C; (273 – 373) = 646K

3. কাৰণ দর্শোৱা-

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

উত্তৰঃ (a) নেফথেনি এটা উদ্বায়ী বস্তু। সেইবাবে ই সম্পূর্ণরূপে বাষ্পীভূত হয় আৰু কোনো গোটা বস্তুত এৰি দিয়ে।

(b) গোন্ধ জাতীয় পদার্থত উদ্ধায়ী দ্রাৱক থাকে আৰু ই মনোমোহা গোন্ধ বহণ কৰে। এই পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বেছি হোৱা বাবে গোন্ধ বহু দূৰলৈ বিয়পি পৰে।

4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উর্দ্ধক্রমত সজোৱা- পানী, চেনি আৰু অক্সিজেন।

উত্তৰঃ অক্সিজেন < পানী চেনি।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?

(a) 25° C

(b) 0°C

(c) 100° C

উত্তৰঃ (a) 25°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- তৰল।

(b) 0°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা-বৰফ (কঠিন)।

(c) 100° C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- গেছীয়।

6. যুক্তি দর্শাই ব্যাখ্যা কৰা।

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

উত্তৰঃ (a) সাধাৰণ উষ্ণতাত জুলীয়া পদাৰ্থৰ নির্দিষ্ট আকাৰ নাই, কিন্তু নির্দিষ্ট আয়তন আছে। সেইদৰে পানীৰ নিৰ্দিষ্ট আয়তন আছে, কিন্তু আকাৰ নাই। ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।

(b) লোৰ আলমাৰিটো কঠিন। কাৰণ-ই এটা অনমনীয় বস্তু আৰু সংকোচনশীল নহয়। ইয়াৰ নির্দিষ্ট আকাৰ আৰু আয়তন আছে।

7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়?

উত্তৰঃ কোনো এটা বস্তুৱে তাপ বৰ্জন কৰিলে, বস্তুটো ঠাণ্ডা হয়। 273 K উষ্ণতাত বৰফ মাধ্যমৰ পৰা অন্তঃতাপ গ্রহণ কৰি পানীত পৰিণত হয়। তাৰ পিছত ই উচ্চ উষ্ণতাত পানীলৈ পৰিৱৰ্তন হয়। গতিকে 273 K উষ্ণতাত বৰফৰ ভৌতিক অৱস্থাত আহে। কিন্তু 273K উষ্ণতাত পানীৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়। ফলত মাধ্যমৰ পৰা কম তাপ শক্তি শোষণ কৰে। সেইকাৰণে একে উষ্ণতাত বৰফে পানীতকৈ বেছি ঠাণ্ডা কৰে।

৪. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?

উত্তৰঃ জলীয় বাষ্পই পুৰিলে বেছি ক্ষতি কৰিব। কাৰণ-100°C উষ্ণতাত জলীয় বাষ্পৰ তাপ, 100° C উষ্ণতাত পানীৰ তাপ আৰু পানীৰ বাষ্পীভৱনৰ লীনতাপৰ সমষ্টিৰ সমান। সেয়ে উতলা পানীৰে পুৰাতকৈ জলীয় বাষ্পৰে পুৰাটো বেছি ক্ষতিকাৰক।

অতিৰিক্ত প্রশ্নোত্তৰ

1. পদার্থ কাক বোলে? ই কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ আমাৰ চাৰিওফালে আমি দেখি থকা আৰু ব্যৱহাৰৰ বস্তুবোৰ যিহেৰে তৈয়াৰী সেইবোৰক পদার্থ বোলে। পদাৰ্থবোৰ কিছুমান অনু-পৰমাণুৰ দ্বাৰা গঠিত।

2. গলনৰ আৰু বাষ্পীভৱনৰ লীনতাপ কাক বোলে?

উত্তৰঃ গলনৰ লীনতাপঃ একক ভৰৰ গোটা বস্তু এটা নির্দিষ্ট উষ্ণতাত সম্পূর্ণভাৱে গলি তৰলত পৰিণত হ’বলৈ যিখিনি তাপৰ প্রয়োজন হয় তাক গোটা পদাৰ্থৰ গলনৰ লীনতাপ বোলে।

বাষ্পীভৱনৰ লীনতাপঃ এক গ্রাম তৰল পদার্থ এটা নির্দিষ্ট উষ্ণতাত সম্পূর্ণভাৱে বাষ্পত পৰিণত হ’ৱলৈ যিখিনি তাপৰ প্ৰয়োজন হয় তাক তৰল পদাৰ্থৰ বাষ্পীভৱনৰ লীনতাপ বোলে।

3. বিগলন বুলিলে কি বুজা?

উত্তৰঃ কঠিনৰ পৰা জুলীয়া অৱস্থাপ্রাপ্ত হোৱা প্রক্রিয়াক বিগলন বোলে।

4. ব্যাপন কাক বোলে?

উত্তৰঃ এবিধ পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা ব্যৱধানৰ মাজত আন এবিধ পদাৰ্থৰ কণিকাবোৰ সোমাই পৰাকে ব্যাপন বোলে।

5. পদাৰ্থৰ গলনাংক কাক বোলে?

উত্তৰঃ এক বায়ুমণ্ডলীয় চাপত, যি উষ্ণতাত কঠিন পদার্থ গলি গৈ জুলীয়া অৱস্থাপ্রাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে।

6. উতলাংক কাক বোলে? SIপদ্ধতি ত উষ্ণতাৰ একক কি?

উত্তৰঃ বায়ুমণ্ডীয় চাপৰ যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে, সেই উষ্ণতাক তাৰ উতলাংক বোলে। SI পদ্ধতিত উষ্ণতাৰ একক হ’ল কেলভিন (K)।

7. উর্ধ স্থিৰাংক আৰু নিম্ন স্থিৰাংকৰ মান কিমান?

উত্তৰঃ উর্ধ স্থিৰাংকৰ মান 100°C আৰু নিম্ন স্থিৰাংকৰ মান 0°C।

৪. বৰফৰ গলনাংক কেলভিন স্কেলত কিমান?

উত্তৰঃ 273.16 K (273K)

9. উর্ধ্বপাতন বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰঃ জুলীয়া অৱস্থা নোহোৱাকৈ গেছীয় অৱস্থাৰ পৰা পোনে পোনে কঠিন অৱস্থালৈ বা কঠিনৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাকে উর্ধ্বপাতন বোলে। যেনে- গোটা কার্বন-ডাই-অক্সাইড।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment