Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Social Science Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

By Rabbi Masrur

Published On:

Class 9 Social Science Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

(খ) অর্থনীতি বিজ্ঞান

অধ্যায় – ১

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

পাঠভিত্তিক প্রশ্নোত্তৰ:

অতি চমু উত্তৰৰ প্ৰশ্ন:

১। ‘অর্থনীতি’ শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?

উঃ ‘অর্থনীতি’ শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে।

২। ‘অর্থনীতি’ শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?

উঃ ‘অর্থনীতি’ শব্দটো গ্রীক শব্দ ‘Oikonomia’ ৰ পৰা লোৱা হৈছে। Oiko শব্দৰ অৰ্থ পৰিয়াল আৰু ‘nomos’ ৰ অৰ্থ হৈছে নিয়ম। গতিকে অর্থবিজ্ঞান শব্দটোৱে পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয়।

৩। অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?

উঃ এডাম স্মিথক অর্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।

৪। অর্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?

উঃ অর্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছে।

৫। অর্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?

উঃ অর্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো আলফ্রেড মাছেলে আগবঢ়াইছে।

৬। অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল।

উঃ অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো লায়’নেল ৰবিলে আগবঢ়াইছে।

৭। এডাম স্মিথে কোনখন গ্রন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?

উঃ এডাম স্মিথে’An Enquiry into the Na-ture and Causes of the Wealth of Nations’ নামৰ গ্ৰন্থত ১৭৭৬ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।

৮। আলফ্রেড মাছেলে কোনখন গ্রন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?

উঃ আলফ্রেড মাছেলে ‘Principles of Eco-nomics’ নামৰ গ্ৰন্থত ১৮৯০ চনত অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।

৯। লায়’নেল ৰবিন্সে কোনখন গ্রন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?

উঃ লায় ‘নৈল ৰবিন্সে ‘An Essay on the Nature and Significance of Economic Science’ নামৰ গ্ৰন্থত ১৯৩২ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।

১০। এডাম স্মিথৰ সংজ্ঞাটোক ‘যক্ষৰ বাণী’ বুলি কোনে কৈছিল?

উঃ এডাম স্মিথৰ সংজ্ঞাটোক কার্লাইল আৰু ৰাস্কিনে ‘যক্ষৰ বাণী’ বুলি কৈছিল।

১১। দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে?

উঃ দক্ষতাৰ ওপৰত ভিত্তি কৰি ছেমুৱেলছন আৰু নৰ্থহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।

১২। কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?

উঃ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক ‘উপযোগিতা’ বুলি কোৱা হয়।

১৩। উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?

উঃ উৎপাদনৰ উৎপাদিত আহিলাক ‘মূলধন’ বুলি কোৱা হয়।

১৪। Micro আৰু Macro শব্দ দুটা কোন শব্দৰ পৰা লোৱা হৈছে?

উঃ Micro শব্দটো গ্রীক ভাষাৰ Mikros শব্দৰ পৰা আৰু Macro শব্দটো Makros ৰ পৰা লোৱা হৈছে।

চমু উত্তৰৰ প্ৰশ্ন :

১। এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উঃ এডাম স্মিথৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল, “অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান”।

২। মাছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উঃ মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল:

“মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অর্থনীতি।” ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পার্থির কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাবে জড়িত।

৩। ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উঃ ৰবিন্সে আগবঢ়োৱা অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল:

“যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভারে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।”

৪। ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উ: ছেমুৱেলছন আৰু নৰ্দহাছে আগবঢ়োৱা অর্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল:

“দুষ্প্রাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূর্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অর্থনীতিৰ মূল বিষয়।”

৫। ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?

উঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ’ল:

(ক) মানুহৰ অভাৱ অসীম।

(খ) অভাৱ পূৰণৰ আহিলাসমূহ সীমিত।

(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

৭। ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বোলে?

উঃ ব্যক্তি বা ব্যক্তিগত প্রতিষ্ঠানৰ অর্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ অধ্যয়ন কৰাকে ব্যষ্টিবাদী অর্থনীতি বোলে।

৮। সমষ্টিবাদী অর্থবিজ্ঞান কাক বোলে?

উঃ এখন দেশৰ অৰ্থনীতিৰ সামগ্রিক আচৰণ অর্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ অধ্যয়নক সমষ্টিবাদী অর্থনীতি বোলে।

৯। আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ পার্থক্য লিখা।

উঃ আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ মাজৰ পার্থক হ’ল:

(ক) আর্থিক বস্তুৰ যোগান সীমিত। আনহাতে অনার্থিক বস্তুবিলাক প্রকৃতিৰ মুক্তদান।

(খ) আর্থিক বস্তুৰ দৰ বা দাম থাকে। কিন্তু অনার্থিক বস্তুৰ দৰ বা দাম নাথাকে।

১০। ৰাষ্ট্ৰীয় আয় কাক বোলে?

উঃ এখন দেশৰ এটা নির্দিষ্ট বিত্তীয় বর্ষত যি দ্রব্য বা সেৱা সামগ্রী উৎপাদন কৰা হয় তাৰ মুদ্রা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।

১১। জনমূৰি আয়ৰ সূত্ৰটো লিখা।

উঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ ‘জনমূৰি আয়’ বুলি কোৱা হয়। অর্থাৎ

এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায়

দীঘল উত্তৰৰ প্ৰশ্ন:

১। অর্থবিজ্ঞান অধ্যয়নৰ প্রয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা।

উঃ কেইবাটাও কাৰণত অর্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে, যেনেঃ

(ক) অর্থবিজ্ঞান অধ্যয়ন কৰি আমি জানিব পাৰোঁ কিদৰে চৰকাৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে আদি।

(খ) অর্থবিজ্ঞান অধ্যয়ন কৰি আমি দেশ এখনত থকা দৰিদ্ৰতাৰ কাৰণ জানিব পাৰি।

(গ) অর্থবিজ্ঞান অধ্যয়ন কৰি আমি বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ জানিব পাৰি।

(ঘ) অর্থবিজ্ঞান অধ্যয়নৰ জৰিয়তে আমি জানিব পাৰি গোলকীকৰণ বা বিশ্বায়ন কি, ইয়াৰ সুফল বা কুফল কি ইত্যাদি।

(ঙ) অর্থনৈতিক বিকাশ কাক কয়, পৰিবেশীয় অর্থনীতি কি আদি বহুতো গুৰুত্বপূর্ণ বিষয় অর্থবিজ্ঞান অধ্যয়ন কৰি আমি জানিব পাৰি।

২। অর্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা।

উঃ বহুতো পণ্ডিতে অর্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছে যদিও সেই সংজ্ঞাবোৰৰ ভিতৰত অধ্যাপক লায়’নেল ৰবিন্সে আগবঢ়োৱা সংজ্ঞাটো বেছি গ্রহণযোগ্য বুলি ক’ব পাৰি। কাৰণ ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰত্ব পাইছে। যেনেঃ (ক) মানুহৰ অভাৱ অসীম (খ) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত আৰু (গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

৩। অর্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।

উ: অর্থবিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ শাখা। ইয়াৰ পৰিসৰ ব্যাপক। অর্থবিজ্ঞানে তলত দিয়া বিষয়সমূহ সামৰি লয়, যেনেঃ

(ক) ভোগকার্য: অর্থবিজ্ঞানে আমাৰ অভাৱ পূৰণ কৰিব পৰা অৰ্থাৎ আমি ভোগ কৰিব লগা বস্তু বা সেৱাৰ বিষয়ে অধ্যয়ন কৰে।

(খ) উৎপাদনঃ আমাৰ ভোগৰ সামগ্ৰী বা সেৱা সামগ্রী প্রস্তুত কৰাকেই উৎপাদন বুলি কোৱা হয়। অর্থবিজ্ঞানে উৎপাদনৰ উপাদানসমূহ যেনেঃ ভূমি, শ্রম, মূলধন আৰু সংগঠনৰ লগতে উৎপাদন বিধি, আর্থিক অৱস্থা, চাহিদা আদি অধ্যয়ন কৰে।

(গ) বিতৰণঃ উৎপাদিত সামগ্ৰী কিদৰে বিতৰণ কৰা হয় আৰু বিতৰণ কৰোঁতে কি নীতি অবলম্বন কৰা হয় সেইবোৰ অৰ্থবিজ্ঞানে অধ্যয়ন কৰে।

(ঘ) বিনিময়: কোনো ব্যক্তি, অঞ্চল বা দেশ এখনে নিজৰ সকলো লাগতিয়াল সামগ্রী নিজে উৎপাদন কৰিব নোৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল বা দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। অর্থনীতিত এই বিনিময় সম্পর্কে আলোচনা কৰা হয়।

(ঙ) মুদ্রা, আয়, কল্যাণ দক্ষতা আদিঃ অর্থবিজ্ঞানে বিনিময় প্রথাৰ অসুবিধাসমূহ আঁতৰ কৰাৰ কাৰণে উদ্ভাৱন কৰা মুদ্রা ব্যৱস্থা, জনমূৰি আয়, জাতীয় আয়, ইয়াৰ বিতৰণ, সম্পদৰ দ্বাৰা লাভ কৰা কল্যাণ আদি নানা বিষয়ৰ অধ্যয়ন অর্থবিজ্ঞানে সামৰি লয়।

অতিৰিক্ত প্রশ্নোত্তৰ :

১। ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ এটা ত্রুটি উল্লেখ কৰা।

উঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোত অর্থবিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ দিশ পছন্দৰ সমস্যাৰ বিষয়ে কোনো উল্লেখ নাই।

২। উৎপাদনৰ উপাদান কেইটা আৰু কি কি?

উঃ উৎপাদনৰ উপাদান চাৰিটা যেনে: ভূমি, শ্রম, মূলধন আৰু সংগঠন।

৩। বর্তমান সময়ত বিনিময় প্রথা প্রচলিত থকা এখন বজাৰৰ নাম লিখা।

উঃ মৰিগাওঁ জিলাৰ জোনবিল মেলা।

৪। মুদ্রাৰ সৃষ্টি কিয় হৈছিল?

উঃ বিনিময় প্রথাৰ সমস্যাসমূহ আঁতৰ কৰাৰ উদ্দেশ্যে মুদ্রাৰ সৃষ্টি হৈছিল।

৫। বস্তু বা সামগ্রী কি?

উঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু সন্তুষ্টি প্ৰদান কৰিব পৰা যিকোনো সেরা কার্যকে বস্তু বা সামগ্রী বোলে।

৬। উপযোগিতা কাক বোলে?

উঃ উপযোগিতা হ’ল কোনো বস্তু বা সেৱাৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা।

৭। অভার কাক বোলে?

উঃ কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে ‘অভাব’ বোলে।

৮। কল্যাণ কেই প্ৰকাৰৰ আৰু কি কি?

উঃ কল্যাণ দুই প্ৰকাৰৰ, যেনে: অর্থনৈতিক কল্যাণ আৰু অনা-অর্থনৈতিক কল্যাণ।

৯। যোগান কি?

উঃ কোনো বস্তু বা সেৱাৰ উৎপাদনৰ যিটো অংশ বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়া হয়, সেই অংশকে বস্তুৰ যোগান বোলে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment